1. নিশাৰ শেৱালি সৰে । Nishar shewali xore— কেশৱ মহন্ত
নিশাৰ শেৱালি সৰে
পুৱতিক কন্দুৱাই
সপোন মৰহি মৰে
পোহৰ হেৰুৱাই।।
দুবৰি বনৰ দলিছাত
দুটি ফুল এটি পাত
চকুত নপৰে কাৰো হায়
এৰি অহা সিপাৰৰ
কাৰোবাৰ চেনেহৰ
চিন আজি একো নাই।
পুৱতিৰ পোহৰত
সপোনৰ কাৰেঙত
কত যে আছিলো বাট চাই
সপোন মৰহি গ’ল
পোহৰ আঁতৰ হ’ল
কিবা যেন হেৰুৱালোঁ পাই।।
2. আকৌ এবাৰ লগ পাওঁ । Aakou abar log pao
আকৌ এবাৰ লগ পাওঁ যদি
লাগিবতো পাৰে ভাল
তোমাৰ কাষত এপলক মোৰ
হ’ব পাৰে চিৰকাল।।
এটি গধুলি সুন্দৰ কৰা
এপাহ গধূলি গোলাপ
ৰাতি পুৱাৰ শূন্য হিয়াত
হ’ব পাৰে চিৰকাল।।
নিজে ধৰা দিছে ঢাকি নেৰখিবা
হওঁক চকুৰ টোপাল
তাতে আছে মোৰ পোৱাখিনি
আৰু তোমাৰ যিখিনি হেৰাল।
3. দুখৰে এৰাতি দুখৰে দুৰাতি । Dukhare arati dukhare durati
দুখৰে এৰাতি দুখৰে দুৰাতি
দুখৰে কলীয়া ছাঁ
আগলৈ নেদেখি পিছলৈ নেদেখি
নেদেখি নিজৰে গা।।
কোনে কাঢ়ি নিলে মুখৰ হাঁহিটি
চকুৰে জেউতি তোৰ
কোনে হৰি নিলে মৌ-সনা মাত
হেঙুলীয়া দিনবোৰ
উচুপি উচুপি কান্দ কিয় তই
ৰম ৰম পোৰে মোৰ গা।।
মন যে বলীয়া মৰম উৰণীয়া
বান্ধিব নোৱাৰো মই
ঘুৰি যেন আহিব হেৰোৱা দিনবোৰ
আকৌ হাঁহিবি তই
উদুলি-মুদুলি হ’ব মোৰ পদুলি
ব’ব জুৰণীয়া বা।

Leave a comment