1. পাৰৰ পাখিত গাঁথি দিলোঁ । Paror pakhit ganthi dilo-Keshav Mahanta
পাৰৰ পাথিত গাঁথি দিলোঁ
ফুলাম চিঠিখনি
জনাও বুলি জগতখনক
বিহুৰ ওলগনি।।
লিখিছোঁ তাত কি কি মাত শুনি ভাল পাওঁ
আৰু লিখিছোঁ কি কি মাত শুনি বেয়া পাওঁ
বাঘৰ গোজৰ
গুলীৰ গুৰুম
খং-শিঙাৰ ধ্বনি
বেয়া লাগিব হাই-কাজিয়া
আৰু হনাহনি।।
কোৱা যদি মানুহ আমাৰ ভাইভনী বুলি
লোৱা যদি সদৌটিকে বুকুত আকোঁৱালি
ভাল লাগিব
কৰা যদি
ৰং-শিঙাৰ ধ্বনি
পাৰৰ পাখিত
ডাঁৰৰ খবৰ
বিহুৰ ওলগনি।।
2. পাৰ হৈ গ’ল Paar hoi gol— কেশৱ মহন্ত
পাৰ হৈ গ’ল ধুমুহা এজাক
ভাঙি থৈ মোৰ পঁজা
যেন উৰি গল এৰাতি আন্ধাৰ
পোহৰ কাঢ়িব খোজা।
অচিনাকি তুমি তেনেই নতুন
তেনেই কোমল হাত
চকত তোমাৰ হাঁহিৰ নাচোন
আলফুলীয়া হাত
তুমি দেখোঁ আহি কলা হাঁহি হাঁহি
আকৌ এবাৰ সাজা।।
হয়তো তুমি মোৰ সাধনাৰ
প্ৰথম হেঙুলী পুৱা
হয়তোবা তুমি তুমিয়েই মোৰ
সূৰ্য হেৰাই যোৱা।।
তোমাৰ বলেৰে হবওতো পাৰে
এইবাৰ ঘৰ সঁজা।।
3. মা আমি শদিয়ালে যামেই । Ma aami shadiyale jamei-Keshav Mahanta
মা আমি শদিয়ালে যামেই
মা আমি সত ফুল খামেই
বান্ধিম মা বান্ধিম আমি
কেঁচা পাতত লোণ।।
সদিয়া নো কি ৰিং এটাৰ বাট
সত-ফুলবোৰ ফুলি থাকে তাত
যিহে হালে জালে নাচৰ তালে তালে
কেঁচা কোমল পাত
খান্দিম আমি খান্দিম মা
নৈৰ বালিত সোণ।।
সদিয়া নো কি আৰু উজাই যাম
গৈ গৈ গৈ চামপো নৈ পাম
মানস সৰোবৰত ৰাতিপুৱাৰ পৰত
এবাৰ গা ধুই চাম
হিমালয় বগাই তেতিয়া মা
থপিয়াই ধৰিম জোন
মা চাই থাকাঁচোন।।

Leave a comment