টুপ টুপ টুপলি । Tup tup tupali-Keshav Mahanta
1. টুপ টুপ টুপলি
পানী পালে মুকলি
সময় গ’ল উকলি
শুই থকা শিয়াল
ধৰিব নোৱাৰা হাঁহ।।
আ…
আৰে,
আম আম আম
পকা আম
ফৰমুটি মাৰিলেই
আম সৰি পৰে
কিনো জানো ফৰমুটি
আমত লাগি ধৰে
আমে বোলো নসৰোঁ
ফৰমুটি নপৰোঁ
ক’ত পাব চা চোন
লম্বা এডাল বাঁহ
সামান্য আম এটাৰ
ইমানটো সাহ।।
2. পূৰ্ণিমা ৰাতি । Poornima rati— কেশৱ মহন্ত
এই পূৰ্ণিমা ৰাতি
এই পাহাৰৰ দাঁতি
আমি ডেকা গাভৰুৱে নাচো জুম পাতি
আকাশত জোনাকৰ পাৰাবাৰ
বননিত নামে আজি ঢৌ তাৰ
বিয়াকুল মাটি
পৰাণত উছবৰ তোলপাৰ
আছি আজি মৰমৰ কোন কাৰ
লোঁৱা কথা পাতি।।
বনৰ আন্ধাৰ দূৰ কৰে জোনে
মনৰ আন্ধাৰ দূৰ কৰে জোনে
কোনে কাণে কাণে কয় আহি
গীত গাই নাচা হাঁহি হাঁহি
জাক পাতি পাতি
কোনে কয় পৃথিৱীৰ আন্ধাৰ
কৰা কৰা পোহৰেৰ শেষ তাৰ
শুনা কাণ পাতি।।
3. কিনো মৰমৰ জৰী । Kino moromor jori-Keshav Mahanta
কিনো মৰমৰ জৰী
কেনেকৈ ৰাখিবি ধৰি
ইমান যে থুনুকা
জানোচা চিঙি যায়।
পদুলিৰে সৌ বকুল জুপি
বেজাৰতে বাৰু আছেনে উচুপি
আকোঁৱালি ধৰি ৰাখিব নোৱাৰি
ফুলে তাক এৰি সৰি যায়।।
এই ভাগ লগা এই ভাল পোৱা
ফুল ফুলি যেন সৰি যোৱা
সৰেও যদি চকুলো টুপি
যাৱই লাগিব তই খুপি খুপি
মৰমৰেযে তোক ৰাখিছে ধৰি
মৰমতে থাকিবি জীয়াই।।

Leave a comment