কলৰে পাততে কাউৰী পৰে ।Kolore patote kauri pore
1. কাউৰী পৰে
কলৰে পাততে কাউৰী পৰে
আগলতি চিত মোৰ লৰে চৰে
ডুম ডুম ডবাতে কোনে কোব মাৰে
আহাৰৰ ডাৱৰৰ আঁৰে আঁৰে
জেউতি অ’
তোলৈ মোৰ মনত পৰে।।
পাখিত লগাই পাখি
জাকি মাৰি উৰে বগ
জাকি মাটি উৰে
উৰণীয়া মন মোৰ বান্ধিব নোৱাৰোঁ
জেউতি তোৰ কাষলে উৰা মাৰে।।
পথাৰত যদিহে উঠিছে ঢল
হেৰুৱাই নিদিবি মনৰে বল
ৰাইজে বান্ধিব ওখকৈ ভেটা
ঢলে এৰি যাব পলসৰ এঠা
বাৰিষা আহিছে ধাৰাষাৰে
মৈ দিয়া বোকাই মোৰ মন কাঢ়ে।।
চকুৰে নেদেখা দূৰণিতে
আছোঁহি পিয়নৰ চাকৰিতে
কোমল ধানৰ কঠিয়া পৰালি নে নাই
বকুল কৰাৰ জোছ ললি নে নাই
মন মোৰ উচপিচ কৰে।।
চিঠিৰ বোজা মই পিঠিত বান্ধি লৈ
পৰৰ চেনেহ কঢ়িয়াওঁ
মোৰহে চেনেহীয়ে কিনো ভাবিছে
তাৰ একো গমকে নেপাওঁ
যোৱাবেলি আঘোনতে জেউতিৰে কোলাতে
এৰি অহা পোনাটিৰ
আজি থুনুক থানাক মাতটি
ঘুনুক ঘানাক উটি আহে
দেউতা বেগতে আহিবি
আহোতে জুনুকা আনিবি
অবুজ চকুলো মোৰ সৰে সৰে।
জেউতি অ’
পোণাটি অ’
কুশলে আছনে চাগে।।
2. আই অ’ শিপিনী ।Aai o shipini – Keshav Mahanta
আই অ’ শিপিনী
কেঁচা ৰ’দৰ ৰেঙনি
এচেৰেঙা গালে মুখে পৰে
কিনো ফুল বাছিছাঁ, কিনো কথা গাঁথিছা
মন মোৰ উৰে উৰে।।
দোৰপতি ঘনেপতি গৰকাই আনে মাতি
ৰাছ চলে সাঁচ বহুৱাই
মাকো মৰমৰ সাঁকো যাওঁ-থাকো যাওঁ-থাকো
মহুৰাই মন নচুৱায়।
ববোৰে ঠেঁহ ধৰে শিপিনীৰ বুকু লৰে
কেণা লাগি আমনি কৰে
আহা, মন মোৰ মৰে মৰে।।
অ’ শিপিনী,
এই পুৰণি তাঁতখন সামৰিবৰ হ’ল
অ’ শিপিনী,
আৰু এখনি তাঁতৰ বাটি কাঢ়িবৰে হ’ল :
দীঘ দিবা গতিৰ
বাণি শান্তিৰে
প্ৰীতিৰে বাচিবা ফুল
সুতা আৰু নিছিগে আমনিও নালাগে
নলাগে আৰু আউল।।
ক,
আমি আহিছো হেজাৰ কানাই
জগত্ ঢাকিবলৈ কাপোৰ যে নাই
শিপিনী, তোমাৰ চাপিছোঁ কাষ
আমাৰ কাপোৰৰে শুনা আভাষ :
বগলী পাখি যেন বগা কপাহ
লাগি আছে মনৰ হেঁপাহ
সেই কপাহেৰে ব’বা চেলেং
গুণাৰ গাৰি দিবা কপৌফুল যেন।
সেঁ-কাষে আঁকিবা পাঁচোটি তৰা
পাঁচোখন মহাদেশ জগত্খিন জোৰা।
মাজত আঁকিবা কপৌ এযুৰি
মুখৰ ধান চিৰাৰে যাবগৈ উৰি।
বাঁও কাষে দিবা এটাঁৰি চুলি
চেনেহৰ জৰীৰে গাঁথি লও বুলি।
এইখন খহনীয়াই সমাজৰ সাজ
নঙঠা জগতৰ ঢাকিব লাজ
এই চ’ত মাহতে জাননী দিওঁ
ঘূৰি বহাগলে খনীয়া নিওঁ।
শিপিনী, আজিয়ে শালত আৰা
সমাজ সজাবলৈ মাকোটি ধৰা।।
3. ৰুণুজুনু ৰুণুজুনু । Runujunu runujunu-কেশৱ মহন্ত
ৰুণুজুনু ৰুণুজুনু ঘুংগুৰা বজাই
আঠু কাঢ়ি ৰিংগ পাৰি ফুৰে যদুৰাই
যশোৱা আইৰে আন্ধাৰ ৰাতি পোহৰাই।।
কি পূণ্য সাধি নন্দ ৰাজা নন্দ ৰাণী
তোমাক লভিলে পুত্ৰ আহে চক্ৰপানি
লাৰু হাতে গৰু চাৰি ফুৰা বেণু বাই।
বসুদেব দৈবকী দুইৰো শিকলি খহাই
পোতাশাল উজলাই তুমি আহিলা বলাই
কালৈনো কৰিলা ভয় নাজানো গোঁসাই।।

Leave a comment