বৰষুণৰ বতৰত মইনা । Barashunor botorot moina-Keshav Mahanta

1. বৰষুণৰ বতৰত মইনা নুঠে মটৰত

বৰষুণৰ বতৰত মইনা নুঠে মটৰত

পিচল বাটত সুচল লাগি 

ধুপুচ ধুপুচ পৰে মইনা

ধুপুচ ধুপুচ পৰে 

মইনাৰে মনটো বৰদৈচিলা হৈ

মেঘলৈ উৰা মাৰে

মেঘলৈ উৰা মাৰে৷

পশ্চিমৰ পৰা পূবলৈ 

মেঘ ঠেলি ঘৰঘৰকৈ

মইনাইহে পৃথিৱীত বৰষুণজাক সৰে

পিচল বাটত সুচল লাগি 

ধুপুচ ধুপুচ পৰে মইনা

ধুপুচ ধুপুচ পৰে 

মইনাৰে মনটো বৰদৈচিলা হৈ

মেঘলৈ উৰা মাৰে

মেঘলৈ উৰা মাৰে৷

বৰষুণৰ বতৰত মইনা নুঠে মটৰত

বোকাত চোলা লেটি-পেটি

পেনৰ পেটী নাই

জোতাৰ ফিটা পানীত তিতা 

মোজাৰ গতি নাই।

বোকাত চোলা লেটি-পেটি

পেনৰ পেটী নাই

জোতাৰ ফিটা পানীত তিতা 

মোজাৰ গতি নাই।

বোলোঁ লগো দেখোন নাই মইনা

খেলিবানো কাৰে

বোলোঁ লগো দেখোন নাই মইনা

খেলিবানো কাৰে

পিচল বাটত সুচল লাগি

ধুপুচ ধুপুচ পৰে মইনা

ধুপুচ ধুপুচ পৰে 

মইনাৰে মনটো বৰদৈচিলা হৈ

মেঘলৈ উৰা মাৰে

মেঘলৈ উৰা মাৰে৷

অ’ আজি হেনো

মইনাৰ লগৰ নাই দৰকাৰ

অ’ আজি হেনো

মইনাৰ লগৰ নাই দৰকাৰ

হুৰ হুৰ হুৰ বৰষুণ আছে 

হুম হুম হুম বতাহ

আৰু আছে গাজনিৰ 

কাণ তাল মৰা আটাহ

চমক চমক বিজুলীৰ 

আছে আগজাননী

চমক চমক বিজুলীৰ 

আছে আগজাননী

মইনাই ওমলিব তাৰে

পিচল বাটত সুচল লাগি 

ধুপুচ ধুপুচ পৰে মইনা

ধুপুচ ধুপুচ পৰে 

মইনাৰে মনটো বৰদৈচিলা হৈ 

মেঘলৈ উৰা মাৰে

মেঘলৈ উৰা মাৰে৷


কথা-কেশৱ মহন্ত

সুৰ-ৰুদ্ৰ বৰুৱা

কণ্ঠ-মনজ্যোৎস্না মহন্ত গোস্বামী


2. যায় অ’ কানু বায় বেণু । Jai o kanu bai benu


যায় ও কানু বায় বেণু

কোন দূৰণিৰ মথুৰালৈ যায়।

সোণৰ ৰথে ৰথে পথে সাঁচ বহুৱাই

শুদা মন বিৰিন্দাবন উঠে উচপ খাই।

উমি উমি জ্বলে হেঁপাহ

জুমি জুমি চাওঁ

দূৰে দূৰে থাকা তুমি

সুৰে সুৰে পাওঁ

অ’ গাৰ লগৰ ছাঁ এইমন

কতো নেহেৰায়।।

হিয়া জুৰি বাদে বাঁহীৰ

জুৰণীয়া মাত

উখল মাখল মন জিৰায়

কদমৰে ছাঁত

অ’ বুকুত পালোঁ এয়া তুমি

আছিলা লুকাই।।



3. ৰ’দ পাই ৰঙা হ’ল পকা । Rod pai ranga hol poka


ৰ’দ পাই ৰঙা হ’ল পকা সুমথিৰা

নিয়ৰ পাই জিলমিল কৰে

কাক পাই নাচনী হলি ৰঙাজনী

নাচোনত দেহাত ঘাম সৰে।।

গছৰে কঁকালত মেৰালি গামোচা

লিহিৰি আঙুলি লৰে

ডেকাৰে লেখীয়া দেখি বা জানোচা

মনবোৰ কেনেবা কৰে

মনে মনে ঐ

পুৰুষে নেদেখাকৈ

নাচে ৰঙে ৰহদৈ

মোক তোল মোক তোল কৰে।।

চকুৰে আঁতৰি থাবিৰ নোৱাৰি

বুকুৱে আগচি ধৰে

জেঙেৰে ভেটিবি জোঙেৰে ভেটিবি

মনে অগাডেৱা কৰে

ঘনে ঘনে কৈ

কৰে জুমাজুমি ঐ

জানো খিলখিলকৈ

হাঁহিলে মুকুতা সৰে।।

Leave a comment

Trending