কমললোচন চিন্ত চিত্ত । Kamalalochan chinta chetto

1. কমললোচন চিন্ত চিত্ত । Kamalalochan chinta chetto-Shrimanta Shankardev


ৰাগ : গৌৰী

তাল : –


ধ্ৰুং।।— 

কমললোচন চিন্ত চিত্ত চেতন পাই।

বিনে হৰি ভকতি মুকুতি কতি পাই।।


পদ।। —

নৰ ভয়ো ভাই ভাৰতে কতিভাগা।

নকহসি ৰাম মৰসি কতিলাগা।।

ছোড়ি ৰাম নাম অমিয়া উপযোগা।

যৈচে পুৰীষ শূকৰ কয়ো ভোগা।।

অথিৰ জীৱন ধন যৌৱন জায়া।

ভকতি বিৰোধী বিষয় সৱ মায়া।।

কৃষ্ণ কিঙ্কৰ ওহি শঙ্কৰ ভাগা।

বিনে হৰি ভকতি তৰণী নাহি আনা।



2. কমনে ৰময়া মন । Komone romoya mon- Borgeet


ৰাগ : গৌৰী

তাল : –


ধ্ৰুং।।— 

কমনে ৰময়া মন : বিছুৰি ৰহু :

বৃথা মোহে ভুলায়।

ৰাম চৰণ : চিন্ত চিত্ত :

মৃত্যু তৰণ উপায়।।


পদ।। —

সাফল জীৱন : যো জন্তু* : 

নিতু জল্পতু ৰামা।

কেশৱ না সেৱি : যো জীৱয় :

বিট কীট উপামা।

যাকেৰি চাকেৰি : কৰতহু গতি :

পাতকী পায়ী।

শঙ্কৰ কহ : সোই হৰিকো :

ভকতি কতি নাকায়ী।


3. ওঝা সোজা পন্থ নাহেৰি । Ojha xoja pontha


ৰাগ : ধনশ্ৰী

তাল : –


ধ্ৰুং।।— 

ওঝা সোজা পন্থ নাহেৰি।

কোটি কৰম কায় হৰিকো নাহি পায়

পৰল ভৱ বেৰি বেৰি।।


পদ।। —

জপ-তপ-তীৰিথ কৰসি গয়া কাশী-

বাসী বয়স গোৱাই।

জানি যোগ-যুগুতি মতি মোহিত

বিনে ভকতি গতি নাই।।

ৰাম নাম মহ নিখিল পুণ্য ৰহ

ওহি নিগম তত্ত্ববাণী।

কলিকো পৰম ধৰম হৰি নাম

পঢ়ি পুনু মৰম নাজানি।।

কৃষ্ণ কিঙ্কৰ কহ ক্ষণিক দেহ ৰহ

নৰতনু পুনুহু নাপাই।

কৰম গৰৱ সৱ দূৰ কৰি হৰি

চৰণ চিন্তি চিত্ত লাই।।



4. ছিৰিৰাম মঞি অতি পাপী । Chhiriram moyi oti papi


ৰাগ : সুহাই

তাল : –


ধ্ৰুং।।— 

ছিৰিৰাম : মঞি অতি পাপী পামৰু :

তেৰি ভাৱনা নাই

জনম চিন্তামণি : কাহে গয়ো :

যৈচে কাচক লাই।


পদ।। —

দিৱসে বিষয়ে বিয়াকুল :

নিশি শয়নে গোৱাই।

মনে ধন খোজি বিয়াকুল :

তেৰি আৰতি নপাই।।

হৃদয় কমলে হৰি বৈঠহ :

চিন্তো চৰণ না তেৰি।

কৰল গৰল যচ ভোজন :

হামো অমিয়া হেৰি।।

পৰম মুৰুখ হামো মাধৱ :

একু ভকতি নজানা।

দাস দাস বুলি তাৰহু :

এহু শঙ্কৰ ভাণা।।


5. কৈছে নৰহৰি তৰণ । Kaichhe norhori toron


ৰাগ : বসন্ত

তাল : পৰি


ধ্ৰুং।।— 

কৈছে নৰহৰি তৰণ উপায়।

নাশ সকল কৈলো বিষয় লোভাই।।


পদ।। —

অথিৰ জীৱন ধন যৌৱন দেহ।

সুহৃদ সোদৰ সুত কিছু নোহে কেহ।।

পেখিতে অমিয়া ৰস বিষ পৰিণাম।

তথিয়ে মজাইলো মন মেৰি ৰাম।।

নিৰমিল বিষবিম্বু কামিনী লোহ।

তাসু পৰল মেৰি এ মন মোহ।।

তাকৰ ছোড়াইতে সখ নাহি থিক।

গৰুৱা মনোৰথ বাঢ়লি ধিক।।

জনমে জনমে হামো দাসকু দাসা।

কেশৱ অৱহু ছোড়হুঁ মোহ পাশা।

শমনক লাই জীৱ বড় ডোৰ।

শঙ্কৰ কহ হৰি সেৱক তোৰ।।


1. নাৱে নয়নক নিন্দ । NAWE NOYONOK NIND

2. গোপালে কি গতি কৈলে – Shrimanta Shankardev

3. পাৱে পৰি হৰি । Pawe pori Hori karoho

Leave a comment

Trending