গোপালে কি গতি কৈলে । Gopale ki goti kaile-Shrimanta Shankardev
ৰাগ : শ্ৰী
তাল : একতাল
ধ্ৰুং।।—
গোপালে কি গতি কৈলে
গোৱিন্দে কি মতি দিলে।
নাথ! বিফলে জনম সৱ গেলৰে।।
পদ।। —
এ ভৱ গহন বন আতি মোহ পাশে ছন্ন
তাহে হামো হৰিণা বেড়াই।
ফন্দিলো মায়াৰ পাশে কাল ব্যাধে ধায়া আসে
কাম ক্ৰোধ কুত্তা খেদি খাই।।
হৰাইল চেতন হৰি নজানোঁ কিমতে তৰি
গুণিতে দগধ ভেল জীৱ।।
লোভ-মোহ দুহো বাঘ সততে নাছাৰে লাগ
ৰাখু ৰাখু এ সদাশিৱ।।
পলাইতে নেদেখোঁ সন্ধি দিনে দিনে দৃঢ় বন্দী
ভৈলো মন্দ মনৰ যুগুতি।
তুৱা হৰি লাগোঁ গোড় মোৰ মায়া পাশ ছোড়
শঙ্কৰ কৰয় কাকূতি।।
2. শাৰঙ্গপাণি পাহে পামৰ । Sharongapani pahe pamor
ৰাগ : তথা বা ধনশ্ৰী
তাল : পৰি
ধ্ৰুং।।— শাৰঙ্গপাণি পাহে পামৰ মতি হামি।
নিয়ৰ নিবাৰ; আৱৰি নাহি হেৰহুঁ,
বিনে চৰণ তযু স্বামী।
পদ।।—
জৰা মৰণ মোৰ মেৰি; নিকটহি আয়া,
কায়া পৰত কেতি বেৰি।
কৰতহুঁ পাপ সমাপল আৱি; ভাবি চৰণ না তেৰি।
দেখহু ক্ষীণ দিন দিন দেহা আধি ব্যাধি বিঘাত।
অন্তকালে গতি মোৰ কমলাপতি শঙ্কৰ কৰ প্ৰণিপাত।
3. মন মেৰি ৰাম চৰণহি । Mon meri Ram choronhi
ৰাগ : ধনশ্ৰী
তাল : পৰি
ধ্ৰুং।।—
মন মেৰি ৰাম চৰণহি লাগু।
তঞি দেখ না অন্তক আগু।।
পদ।। —
মন আয়ু ক্ষেণে ক্ষণে টুটে।
দেখো প্ৰাণ কোন দিনে ছুটে।।
মন কাল অজগৰে গিলে।
জান তিলেকে মৰণ মিলে।।
মন নিশ্চয় পতন কায়া।
তঞি ৰাম ভজ তেজি মায়া।।
ৰে মন ইসৱ বিষয় ধান্ধা।
কেনে দেখি নাদেখস আন্ধা।
মন সুখে পাৰ কৈচে নিন্দ।
তঞি চেতিয়া চিন্ত গোৱিন্দ।।
মন জানিয়া শঙ্কৰে কহে।
দেখ ৰাম বিনে গতি নহে।।
4. পামৰু মন ৰাম । Pamru mon Ram
ৰাগ : ধনশ্ৰী
তাল : পৰি
ধ্ৰুং।।—
পামৰু মন ৰাম চৰণে চিত্ত দেহু।
অথিৰ জীৱন ৰাম মাধৱ কেৰি নাম,
মৰণক সম্বল লেহু।।
পদ।।—
ৰয়নী দিৱসে দূৰ আৱি যাৱত
আৱত অন্তক গৰজি।
কতি তনুপাত মিলত মতি মানি
ৰাম ভজহু সৱ বৰজি।।
আশা পাশ পৰশি মানস পশু
পড়লি বন্দী বেৰি বেৰি।
ভৱ কাৰাগাৰ তাৰক নাহি আৰ
বিনে ভকতি ৰতি তেৰি।।
অৱনিশি সেৱহুঁ ৰাম পৰম পহু
ৰহু হূদি পঙ্কজ মোৰা।
কৃষ্ণ কিঙ্কৰ ভাণ ৰাম পৰম ধন
মৰণহি সঙ্গ নাছোৰা।।
5. ওৰে সখি পেখোৰে । Ore xokhi pekhore
ৰাগ : গৌৰী
তাল : –
ধ্ৰুং।।—
ওৰে সখি পেখোৰে কঞ্জলোচন
চললি নন্দ কুমাৰা।
ইন্দু বদন কোটি মদন
ৰূপে তুল নাহি যাৰা।
পদ।। —
মকৰ কুণ্ডল মণ্ডিত গণ্ড
গলে গজমতি লুলে।
তড়িতাম্বৰ শ্যাম সুন্দৰ
শিৰে শিখণ্ডক ডুলে।।
কৰ কঙ্কণ কিঙ্কিণী কনক
পঞ্চম পূৰে লম্বিত উৰে
কেলি কদম্বক মালা।
পদ পঙ্কজে মঞ্জীৰ ঝুৰে
হৰয় চিত্ত হামাৰু।
শঙ্কৰ কহ ছাড় বিৰহ
ওই জগ আধাৰু।।
6. বিৰহে আকুল গোপী । Birohe aakul Gopi
ৰাগ : ধনশ্ৰী
তাল : –
ধ্ৰুং।।—
বিৰহে আকুল গোপী হামাকু নিমিত্ত।
ঝৰে নয়নক নীৰ থিৰ নোহে চিত্ত।।
পদ।। —
মাধৱ কহয় উদ্ধৱক ধৰি হাত।
কহ মোহে গোপিনীক সন্দেশ বাত।।
জানয়ে নাহি গোপী মোহো বিনে আন।
দেহু বোধ উদ্ধৱ গোপীক ৰহু প্ৰাণ।।
1. কমললোচন চিন্ত চিত্ত – SHRIMANTA SHANKARDEV

Leave a comment