নাৱে নয়নক নিন্দ । nawe noyonok nind
1. নাৱে নয়নক নিন্দ । nawe noyonok nind-Shrimanta Shankardev
ৰাগ : ভূপালি
তাল : খৰমান
ধ্ৰুং।।—
নাৱে নয়নক নিন্দ নাহি অন্ন পান।
হৰি বুলিতে তেজয় যৈচে প্ৰাণ।।
পদ।। —
মোহে চৰণ মনে ধৰি ঝুৰে নীৰ।
তাহেৰ দুখ শুনিচিত্ত নোহে থিৰ।।
এ উদ্ধৱ শুন গোপিনীক দুখ।
তনু মন ঝামৰ মলিন ভেলি মুখ।।
কহবি বিনয় বাণী গোপিনীক আগ।
কয়লহ বশ্য মোহে প্ৰেম অনুৰাগ।।
নাহি ছাড়হোঁ সখি তাহেক সন্নিত।
তাপ তেজহু অৱ থিৰ কৰা চিত্ত।।
2. জীৱতু জয় যশোৱা নন্দন । Jivatu joy joshowa nandan
ৰাগ : গৌৰী
তাল : –
ধ্ৰুং।।—
জীৱতু জয় যশোৱা নন্দন আনন্দ পদ পাই।
নাচতু ছানি গোপ-গোপিনী হাতে তালি বজাই।
পদ।। —
যোহি জগত জীৱন জনক
যাহে নাহি সম কোই।
সোহি পৰম পুৰুষোত্তম
ৰাখতু তনু তোই।।
বামন পহু বাহিৰে ৰহু
কৰতু বিঘিনি নাশা।
অন্তৰে তেৰি ৰাখতু হৰি
কহতু কৃষ্ণকু দাসা।।
3. নাহি সুহৃদ মোহে গোপিনী । Nahi xuhrid mohe gopini
ৰাগ : পৰিতাল বা চুটা
তাল : –
ধ্ৰুং।।—
নাহি সুহৃদ মোহে গোপিনী সমান।
তাহেৰি দুখ শুনি ছুটে মেৰি প্ৰাণ।।
পদ।। —
উদ্ধৱ এ চল গোকুলক লাই।
সুমৰিতে মোহে গোপিনীক জীৱ যাই।।
হামুক শপত শান্ত কৰু ব্ৰজনাৰী।
বোলিতে কমল নয়নে ঝুৰে বাৰি।।
4. কি কহবো উদ্ধৱ । Ki kohabo uddhav
ৰাগ : ধনশ্ৰী
তাল : একতাল
ধ্ৰুং।।—
কি কহবো উদ্ধৱ কি কহবো প্ৰাণ।
গোৱিন্দ বিনে ভয়ো গোকুল উছান।।
পদ।। —
শূন্য ভেল অঙ্গিনা বিৰিন্দা বিপিন।
না শোহে ৰজনী যৈচে চান্দবিহীন।।
নাহি চাৰব ধেনু কালিন্দী কূল।
আৰ না শুনবোঁ বেণু কদম্বক মূল।।
মথুৰা ৰহল সৱ গোপিনীক পিউ।
কেশৱ পিনে কৈছে ধৰবহোঁ জীউ।।
5. বেসায়ো ভাৰস্ত হাটে । Bexayo bharosto hate
ৰাগ : আশোৱাৰী
তাল :
ধ্ৰুং।।—
বেসায়ো ভাৰস্ত হাটে আউৰ বেলি নাটে।
চলিতে নিকটে ভয়ো ভৰা দিয়া ঝাণ্টে।।
পদ।। —
ভাৰত হাটত আছে অনেক দোকানী।
নিচিনি কিনিলে পুনু মিলিবে বিঘিনি।।
যাতে তাতে নথাকয় হৰিভক্তি ৰত্ন।
মহন্ত দোকানী ৰাখে কৰি মহাযত্ন।।
সাধু দোকানীৰ সঙ্গে কৰিয়া যতন।
যাৱে বেলি তাৱে লেহু ৰাম নাম ৰতন।
ভাৰত হাটত নৰ নাৱ পচি যাই।
হুয়ো সাৱধান কৃষ্ণ কিঙ্কৰে গায়।।
6. কহ উদ্ধৱ জীউ কৈচন । Koho uddhav jiu kaichon
ৰাগ : অহিৰ ।। মান — চোক
তাল : –
ধ্ৰুং।।—
কহ উদ্ধৱ জীউ।
কৈচন ছাড়ল গোষ্ঠ : কৃষ্ণ প্ৰাণ পিউ।
পদ।। —
পতি সুত সুহৃদ সবহু অভিলাষা।
ছোড়ি কয়লোঁ কৃষ্ণ চৰণক আশা।।
তৱহু ৰহলি মেৰি বন্ধু মধুপুৰী।
নিকৰুণ কানু নাৱে অৱহু বহুৰি।।
ব্ৰজকু জীৱন ধন ৰে নন্দকু কুমাৰ।
বিছুড়ল পুৰুবক সুনেহা হামাৰ।।
কৈছে ধৰবো অৱ ব্ৰজ বধু প্ৰাণা।
কৃষ্ণ কিঙ্কৰ ৰস শঙ্কৰে ভাণা।।
1. কমললোচন চিন্ত চিত্ত – SHRIMANTA SHANKARDEV

Leave a comment