পদ্যাংশ
শিশুলীলা
শ্ৰীমন্ত শংকৰদেৱ
1. ‘কৃষ্ণগীত গাৱন্ত সুন্দৰী’। -কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী কোন?
উত্তৰঃ- কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী হ’ল মাতৃ যশোদা।
2. ৰামবিজয়ৰ ৰচক কোন?
উত্তৰঃ- ৰামবিজয়ৰ ৰচক হ’ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ।
3. ‘ৰুণ ঝুণ কেয়ুৰ কঙ্কণ’ -কাৰ কেয়ুৰ কঙ্কণৰ ‘ৰুণ ঋুণ’ শব্দৰ কথা কোৱা হৈছে?
উত্তৰঃ- যশোদাৰ কেয়ুৰ-কঙ্কণৰ ‘ৰুণ ঝুণ’ শব্দৰ কথা ইয়াত কোৱা হৈছে।
4. ‘কীর্তন ঘোষা’ কোনে ৰচনা কৰিছিল?
উত্তৰঃ- ‘কীর্তন ঘোষা’ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰিছিল।
5. ক্ষৌম বস্ত্র পিন্ধি দিব্য কাছে—ক্ষৌম বস্ত্র কি?
উত্তৰঃ- ক্ষৌম বস্ত্র মানে পাটৰ কাপোৰ।
6. শ্ৰীমন্ত শংকৰদেৱৰ শ্ৰেষ্ঠ তত্ত্বমূলক গ্রন্থখনৰ নাম কি? কোনখন নাটেৰে তেওঁ অসমীয়া নাট্য বুৰঞ্জীৰ পাতনি মেলিছিল?
উত্তৰঃ- ভক্তি ৰত্নাকৰ। সংলাপহীন নাট্য “চিহ্নযাত্ৰাৰে” শংকৰদেৱে তেওঁৰ অসমীয়া নাট্য বুৰঞ্জীৰ পাতনি মেলিছিল।
7. শংকৰদেৱৰ সংলাপবিহীন নাট কোনখন? কোনখন নাটেৰে তেওঁ অসমীয়া নাট্য বুৰঞ্জীৰ পাতনি মেলিছিল?
উত্তৰঃ- শংকৰদেৱৰ সংলাপবিহীন নাটখন হ’ল—চিহ্নযাত্রা।
শংকৰদেৱে সংলাপবিহীন নাট চিহ্নযাত্ৰাৰে অসমীয়া নাট্য বুৰঞ্জীৰ পাতনি মেলিছিল।
8. শংকৰদেৱে ৰচনা কৰা দুখন অংকীয়া নাটৰ নাম লিখা।
উত্তৰঃ- শংকৰদেৱে ৰচনা কৰা দুখন অংকীয়া নাটৰ নাম হ’ল- (১) পাৰিজাত হৰণ আৰু (২) ৰামবিজয়।
9. ‘মথনিত ধৰিয়া নিযেধি’ –’মথনি’ শব্দৰ অর্থ কি?
উত্তৰঃ- ‘মথনি’ শব্দৰ অৰ্থ হ’ল- গাখীৰ ঘূঁটিবলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলি।
10. পুত্ৰক দেখন্ত মহাসতী।
শ্রোণী ভৰে আক্ৰমিলা গতি।।
—ইয়াত ‘মহাসতী’ কাক কোৱা হৈছে আৰু ‘শ্রোণী’ শব্দৰ অর্থ কি?
উত্তৰঃ- ইয়াত ‘মহাসতী’ যশোদাক কোৱা হৈছে।
‘শ্রোণী’ শব্দৰ অৰ্থ হৈছে নিতম্ব বা তপিনা।
11. ‘শিশুলীলা’ কবিতাটিত ‘পুত্ৰক খেদন্ত মহাসতী’ –‘মহাসতী’ বুলি কাক কোৱা হৈছে?
উত্তৰঃ- মহাসতী বুলি যশোদাক কোৱা হৈছে।
12. শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীর্তিস্তম্ভ কি?
উত্তৰঃ- শংকৰদেৱৰ সাহত্যিক জীৱনৰ কীর্তিস্তম্ভ হ’ল- কীর্তনঘোষা।
13. কৃষ্ণই ক’ত বহি লৈ মাখন খাই আছিল?
উত্তৰঃ- কৃষ্ণই উড়লৰ ওপৰত বহি মাখন খাই আছিল।
14. শ্রীকৃষ্ণই শিকিয়াৰপৰা লৱণু চুৰ কৰি আনি কাক দিছিল?
উত্তৰঃ- শ্রীকৃষ্ণই শিকিয়াৰপৰা লৱণু চুৰ কৰি আনি বান্দৰবোৰক দিছিল।
15. নন্দ জায়া কোন?
উত্তৰঃ- নন্দ জায়া হ’ল- নন্দৰজাৰ পত্নী।
16. শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা কাব্য দুখনৰ নাম লিখা।
উত্তৰঃ- (১) ৰুক্মিনীহৰণ আৰু (২) হৰিশ্চন্দ্ৰ উপাখ্যান।
17. ‘সিঞ্চিৰাই’ নাইবা ‘ক্ষোমবস্ত্র’ মানে কি?
উত্তৰঃ- সিঞ্চিৰাই মানে ছটিয়াই বা সিঁচি দিয়া।
ক্ষৌম বস্ত্র মানে পাটৰ কাপোৰ।
18. কোনখন নাটকৰ যোগেদি মহাপুৰুষজনাই অসমীয়া নাট্য বুৰঞ্জীৰ পাতনি মেলিছিল? তেওঁ ৰচিত এখন অঙ্কীয়া নাটৰ নাম লিখা।
উত্তৰঃ- চিহ্নযাত্ৰাৰে মহাপুৰুষজনাই অসমীয়া নাট্য বুৰঞ্জীৰ পাতনি মেলিছিল।।
19. “‘শিশুলীলা’ পাঠটিত শ্রীকৃষ্ণ চৰিত্রটি এটি সাধাৰণ মানৱ শিশু হিচাপে অঙ্কিত হৈছে।।” –কথাষাৰৰ সত্যাসত্য নির্ণয় কৰা।
উত্তৰঃ- শ্ৰীমন্ত শংকৰদেৱে ভগৱান শ্ৰীকৃষ্ণৰ চৰিত্রটি এই কবিতাটিৰ জৰিয়তে এটি সাধাৰণ মানৱ শিশুৰূপে সুন্দৰকৈ উপস্থাপিত কৰিছে। এটি সাধাৰণ শিশুৱে পিয়াহ খাবৰ বাবে মাকক যিদৰে আমনি কৰে, শ্রীকৃষ্ণয়ো মাক যশোদাক ঠিক তেনেদৰেই আমনি কৰিছে। মাকক মথনি বাৰীত ধৰি গাখীৰ মথাত বাধা প্রদান কৰিছে। পিয়াহ (গাখীৰ) খাই থাকোতে মাক যশোদাই গাখীৰ উতলি অহা দেখা পাই তেওঁক কোলাৰ পৰা নমাই দিয়াত শ্ৰীকৃষ্ণৰ এটি সাধাৰণ শিশুৰদৰে খং উঠিছিল। খঙত দাঁত কামুৰি শিল দলিয়াই গাখীৰৰ পাত্ৰবোৰ ভাঙিছিল। সাধাৰণ শিশুৱে খঙতে যেনেকৈ কোঠাৰ ভিতৰত সোমাই গোটেই কোঠাটো বিশৃংখল কৰি পেলায়, শ্রীকৃষ্ণয়ো ঠিক তেনেদৰে কোঠাৰ ভিতৰত থকা লৱণুবোৰ খাই পেলাইছিল। অলপ পাছত যশোদাই গাখীৰ নমাই আহি দেখে যে গাখীৰৰ পাত্ৰবোৰ ভাঙি মাটিত পৰি আছে আৰু কৃষ্ণই উড়লৰ ওপৰত উঠি গাখীৰ খাই আছে আৰু লগতে শিকিয়াৰ পৰা লৱণু আনি বান্দৰবোৰকো দিছিল। পুতেকৰ এই কার্য দেখি মাতৃ যশোদাৰ ভীষণ খং উঠিছিল। সেইবাবে পুত্রক শাস্তি দিবলৈ বুলি তেওঁ হাতত এডাল এছাৰি তুলি লৈছিল। মাকৰ খং উঠা দেখা পাই শ্রীকৃষ্ণই উৰালৰ পৰা নামি ভয়তে দৌৰ মাৰিছিল। যিজন বিশ্ব ব্রহ্মাণ্ডৰ গৰাকীক অশেষ ধ্যান কৰিও লাভ কৰিব নোৱাৰি তেওঁ মাকৰ ভয়ত এইদৰে পলাই ফুৰিছিল। এটি মানৱ শিশুৰ দৰেই তেওঁ মাকৰ ভয়ত দৌৰ মাৰিছিল আৰু মাকৰ কষ্ট দেখি তেওঁ নিজেই মাকৰ ওচৰত ধৰা দিছিল।
মাক যশোদায়ো শ্রীকৃষ্ণক আন শিশুৰদৰে এটা উৰালত ৰছীৰে বান্ধি থৈছিল। শ্রীকৃষ্ণয়ো কোনো প্রতিবাদ নকৰাকৈ মাকৰ আদেশ মানি লৈছিল।
20. “নাহি আদি অন্ত পূর্বাপৰ।
পূর্ণ-ব্রহ্ম জগত ঈশ্বৰ।।”
—ইয়াত কবিয়ে কি প্রসঙ্গত, কাৰ বিষয়ে, কিয় এইদৰে কৈছে চমুকৈ লিখা।
উত্তৰঃ- ইয়াত কবিয়ে শ্রীকৃষ্ণৰ অপাৰ গুণ-গৰিমা আৰু তেওঁ যে পূর্ণ ব্রহ্ম জগতৰ ঈশ্বৰ এই প্ৰসংগত কবিয়ে শ্রীকৃষ্ণৰ বিষয়ে কৈছে।
‘শিশুলীলা’ শীর্ষক শ্ৰীমন্ত শংকৰদেৱ বিৰচিত ভগৱান শ্ৰীকৃষ্ণৰ অদ্ভুত লীলা সম্পর্কে বর্ণনা কৰা হৈছে। শ্ৰীকৃষ্ণৰ অদ্ভুত লীলাসমূহ স্মৰণ কৰিবলৈ কবিৰ মন ব্যাকুল হৈছে। ভগৱান শ্ৰীকৃষ্ণৰ লীলাৰ অন্ত নাই। তেওঁ কৰা বর্ণনাসমূহ কোনেও আগতে কৰা নাই। ভৱিষ্যতেও তেনেকুৱা কাৰ্য কোনেও কৰিব নোৱাৰে। যিজনৰ সমুখত মৃত্যু আৰু মায়ায়ো ভয় খায় তেওঁৰ জানো যশোদাৰ দৰে এগৰাকী সামান্য নাৰীলৈ ভয় কৰি কঁপাৰ কিবা কাৰণ থাকিব পাৰে? এনে ধৰণৰ কাৰ্যই কবিক আচৰিত কৰিছে। এই সংসাৰখন এখন মায়াজাল আৰু সেই মায়াজালৰ পৰিচালক হ’ল স্বয়ং শ্রীকৃষ্ণ আৰু সেইজনা কৃষ্ণয়েই আকৌ যশোদাৰ দ্বাৰা উড়লত বান্ধ খাইছে। শ্রীকৃষ্ণৰ আদেশমতেই পৃথিৱীত সকলো কার্য সম্পাদিত হৈ থাকে, জীৱ জগত চলি আছে তথাপিও সেই বিশ্ব ব্রহ্মাণ্ডৰ পতি শ্রীকৃষ্ণ নিজেই অন্যৰ আদেশ মানি গোৱালীৰ ঘৰত গৰখীয়া হৈ আছে। মাকৰ শাস্তিৰ ভয়ত পলাই পত্ৰং দিছে। মাকৰ দুখ দেখি তেওঁ নিজে নিজে আহি মাকৰ হাতত ধৰা দিছে। মাকৰ উগ্র মূর্তি দেখি শ্রীকৃষ্ণই ভয়ত স্তব্ধ হৈ পৰিছে।
আচলতে এই সকলোবোৰৰ মূলতেই আছে ভক্তিৰ ফল। ভক্তিৰ বলতেই এই সকলোবোৰ সম্ভৱ হৈছে। শ্রীকৃষ্ণ কাৰো বশ নহয় মাত্র তেওঁক ভকতিৰেহে বশ কৰিব পাৰি। যিয়ে প্রকৃত ভক্তিৰে তেওঁক বিচাৰিছে তেওঁ তাৰ ওপৰত কৃপা দৃষ্টি দিছে। এয়াই হৈছে প্রকৃত ৰহস্য। এইদৰে শ্ৰীমত শংকৰদেৱে “শিশুলীলা” নামৰ পাঠটিত বিপৰীত ধর্মী লীলাসমূহৰ বৰ্ণনাৰ লগতে ভক্তিৰ ৰহস্য প্রকাশ কৰিছে।
21. ‘শিশুলীলা’ৰ অন্তর্নিহিত তত্ত্বপূর্ণ কথাখিনি তোমাৰ নিজৰ কথাৰে লিখা।
(নাইবা)
“মহাকোপে কোঠা পশিলন্ত।
সিঞ্চিৰাই লৱণ ভূজন্ত।।
-কোনে অতি খঙত কোঠাত সোমাই ছিলহি? তেওঁ কিয় লৱণুবোৰ চাৰিওফালে ছটিয়াই খাইছিল বজাই লিখা।
উত্তৰঃ- এদিন যশোদাই শ্ৰীকৃষ্ণৰ গুণগান গাই গাই দধি মথি আছিল। দধি মথি থকা অৱস্থাত তেওঁৰ শৰীৰত পিন্ধি থকা অলংকাৰবোৰে বিভিন্ন ধৰণৰ শব্দ কৰিছিল। সেই সময়তে শ্রীকৃষ্ণই ক’ৰবাৰ পৰা আহি মাকক মৰমতে সাৱটি ধৰিছিল। তেতিয়া মাতৃ যশোদাই পুত্ৰক মৰমেৰে আকোৱালি ধৰি স্তন পান কৰিবলৈ দিছিল। হঠাতে গাখীৰ উতলি অহা দেখা পাই যশোদাই পুতেকক কোলাৰ পৰা মাটিত নমাই দিয়াত কৃষ্ণই অপমানবোধ কৰিছিল। তেওঁ খঙতে গাখীৰৰ পাত্ৰবোৰ ভাঙি পেলাইছিল আৰু সাঁচি ৰখা গাখীৰবোৰ মাটিত পেলাই দিছিল। ইফালে গাখীৰ নমাই থৈ আহি যশোদাই দেখিলে যে গাখীৰৰ পাত্ৰবোৰ ভাঙি আছে আৰু উড়লৰ ওপৰত বহি কৃষ্ণই গাখীৰ খাই আছে লগতে বান্দৰবোৰকো খাবলৈ দিছে। মাকলৈ অকণো ভ্ৰূক্ষেপ নকৰাত যশোদাই খঙতে কৃষ্ণক মাৰিবলৈ হাতত এছাৰি তুলি লৈছিল। এছাৰিৰ ভয়ত তেওঁ উড়লৰ পৰা নামি দৌৰ মাৰিছিল। যশোদায়ো পুত্ৰক পিছে পিছে খেদি গৈছিল। দৌৰি দৌৰি যশোদাই ভাগৰত অতীষ্ঠ হৈ পৰিছিল। তেতিয়া শ্ৰীকৃষ্ণৰ মাক যশোদাৰ কষ্ট সহিব নোৱাৰি তেওঁ মাকৰ হাতত ধৰা দিলে। তেতিয়া যশোদাই ঘৰৰ ভিতৰৰ যিমান ৰছী আছিল তাৰে কৃষ্ণক বান্ধিবলৈ ধৰিলে যদিও মাত্ৰ দুই আঙুলি জৰীৰ বাবে বান্ধিব নোৱাৰিলে। শেষত কৃষ্ণই নিজৰ মায়াৰে নিজেই বান্ধ খালে। ইয়াৰ দ্বাৰা কৃষ্ণই দেখুৱাই দিলে যে তেওঁ হ’ল ভকতৰ দাস।
যশোদাই কৃষ্ণক উড়লত বান্ধি থোৱাৰ পাছত শ্রীকৃষ্ণই আঠুকাঢ়ি উড়লটো টানি লৈ গৈছিল। কৃষ্ণই জপনা মুখত থকা যমলাৰ্জুন গছত লাগি ধৰাত দুয়োজোপা গছ উভালি পৰিছিল। তেতিয়া গছ দুজোপাৰ পৰা দুজন দিব্য পুৰুষ কুবেৰ তনয় ওলাই শাপমুক্ত হৈছিল।
এইদৰে কৃষ্ণই বৃন্দাবনত শিশুৰূপে নানা খেল-ধেমালি কৰাৰ লগতে নানান আচৰিত কার্যও সম্পাদন কৰিছিল।
22. ‘শিশুলীলা’ পাঠৰ আধাৰত শ্ৰীকৃষৰ কাৰ্য-কলাপৰ এটি বিৱৰণ যুগুত কৰা।
উত্তৰঃ- ‘শিশুলীলা’ পাঠটি শ্ৰীমন্ত শংকৰদেৱৰ এক অন্যতম সৃষ্টি। ইয়াত শিশু কৃষ্ণৰ এক আচৰিত মায়া-লীলা প্রকাশিত হৈছে। এটি সাধাৰণ শিশুৰ দৰে কৰা কার্যকলাপৰ যোগেদি ভগৱান শ্ৰীকৃষ্ণৰ মাহাত্ম্য প্রকাশ পাইছে।
নন্দৰাণী যশোদাই গাখীৰ মথি থাকোতে শ্রীকৃষ্ণ আহি মাকক গাখীৰ মথাত বাধা প্রদান কৰিছিল। তেতিয়া পুত্রক আকোৱালি ধৰি কোলাত লৈ মাতৃ যশোদাই স্তনপান কৰিবলৈ দিছিল। হঠাতে পাত্ৰত থোৱা গাখীৰ উতলি আহি পৰিবলৈ ধৰাত যশোদাই কৃষ্ণক মাটিত নমাই থৈ যোৱাত গাখীৰ পান কৰিবলৈ নাপাই কৃষ্ণই খঙত অভিমান কৰিছিল। খঙতে তেওঁ দাঁত কামুৰি শিল দলিয়াই গাখীৰ থোৱা পাত্রবোৰ ভাঙিছিল আৰু গাখীৰ থোৱা কোঠাৰ ভিতৰত সোমাই গাখীৰবোৰ চাৰিওফালে সিঁচৰিত কৰি দিছিল। উড়লৰ ওপৰত উঠি লৱণুবোৰ চুৰি কৰি খাইছিল আৰু শিকিয়াৰপৰা নমাই আনি লুৱণুবোৰ বান্দৰবোৰকো খাবলৈ দিছিল।
যশোদাৰ গাখীৰৰ পাত্ৰবোৰ ভঙা আৰু সাঁচি ৰখা দৈ, লৱণুবোৰ চাৰিওফালে পৰি থকা দেখি খং উঠিছিল। আকৌ কৃষ্ণই উড়লৰ ওপৰত উঠি গাখীৰ খাই থকা দৃশ্যই তেওঁৰ যেন জ্বলা জুইত ঘিউহে ঢালি দিলে। তেওঁৰ দুগুণে খঙ উঠিল। কৃষ্ণক মাৰিবলৈ তেওঁ এছাৰি লৈছিল। কৃষ্ণয়ো সাধাৰণ মানৱশিশুৱে মাকক ভয় কৰাৰ দৰে মাকৰ ভয়ত তেওঁ আগে আগে আৰু মাকে হাতত এছাৰি লৈ পিছে পিছে দৌৰিছিল।
যশোদাই কৃষ্ণক পিছে পিছে খেদি যোৱা দৃশ্যৰ বর্ণনা শংকৰদেৱে বৰ সুন্দৰভাৱে বৰ্ণনা কৰিছে। খেদি যোৱাৰ সময়ত যশোদাৰ বান্ধি থোৱা চুলিৰ খোপা সুলকি খোপাত থকা মালতী ফুল সৰি পৰিছিল। আকৌ তেওঁ তপিনাৰ ভৰত বেগাই খোজ দিব পৰা নাছিল। আনহাতে পুত্ৰৰ কুকার্যত অতীষ্ঠ হৈ পুত্ৰক শাস্তি দিয়াৰ বাবে যশোদাই সেইদৰে দৌৰি দৌৰি বৰ কষ্টও পাইছিল। মাতৃৰ কষ্ট সহিব নোৱাৰি কৃষ্ণই নিজে নিজে মাকক ধৰা দিছিল।
পুত্ৰৰ হাতত ধৰি যশোদাই ঘৰলৈ লৈ আহিছিল আৰু ঘৰত থকা সকলোবোৰ জৰীৰে কৃষক বান্ধিবলৈ চেষ্টা কৰিছিল। কিন্তু দুই আঙুলি জৰীৰ বাবে শ্রীকৃষ্ণক তেওঁ বান্ধিব পৰা নাছিল। ইয়াতে শ্ৰীকৃষ্ণৰ অলৌকিক শক্তিৰ পৰিচয় পোৱা যায়।
23. ব্যাখ্যা কৰাঃ-
(ক) যাক যোগী নপাৱে ধ্যানত।
হেন হৰি পলান্ত ভয়ত।।
উত্তৰঃ- উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱ বিৰচিত “শিশুলীলা” নামৰ পাঠটিৰপৰা দাঙি ধৰা হৈছে।
ইয়াত কবিয়ে মাকৰ ভয়ত কৃষ্ণই কেনেদৰে পলাই ফুৰিছিল সেই প্রসংগত উক্ত কবিতাফাঁকিৰ অৱতাৰণা কৰিছে।
লৱণু চুৰি কৰা অপৰাধত যশোদাই শ্রীকৃষ্ণক পঘাৰে বান্ধি যেতিয়া শাস্তি দিছিল তেতিয়া কৃষ্ণই মনত বৰ দুখ পাইছিল। কিয়নো তেওঁ নন্দ-যশোদাৰ ঘৰত পুত্র হৈ জন্ম লৈ তেওঁলোকৰ বহুতো উপকাৰ কৰিছিল। যশোদাৰ ‘বাঁজী’ দোষ দূৰ হৈছিল। তেওঁলোকে কৃষ্ণক প্রকৃততে বৰ মৰমহে কৰিব লাগিছিল। কিন্তু তাকে নকৰি মাকে মাটিৰ পাত্ৰ ভঙাৰ অপৰাধত তেওঁক মাৰিবলৈ খেদি ফুৰিছিল। যশোদাই মাৰিবলৈ খেদি যোৱা বাবে গকুলৰ সকলো গোপী আৰু ল’ৰা-ছোৱালীবোৰে বাটত ওলাই চাবলৈ ধৰিছিল। তথাপিও যশোদাৰ লাজ লগা নাছিল। কৃষ্ণয়ো মাকৰ ভয়ত ধৰা দিয়া নাছিল। যিজন কৃষ্ণক ঋষি, মুনি, তপত্বী, সন্ন্যাসী আৰু যোগী সকলেও গভীৰ ধ্যান কৰিও নাপায়, সেইজন শ্রীকৃষ্ণই সাধাৰণ নাৰী এগৰাকীৰ ভয়ত এইদৰে পলাই ফুৰিছিল। ৰাজপথেৰে কৃষ্ণক মাৰিবলৈ খেদি যাওঁতে গোপীসকলে মাকক লৈ ভেঙুচালি কৰা বাবে লাজ পাই কৃষ্ণই মাকক নিজে ধৰা দিছিল। ইয়াৰ দ্বাৰা কবিয়ে ইয়াকে বুজাবলৈ বিচাৰিছে যে ভগৱান সদায় ভক্তৰ অধীন। তেওঁক বলেৰে বশ কৰিব নোৱাৰি। যশোদাৰ ভক্তিত সন্তুষ্ট হৈ শ্রীকৃষ্ণই তেওঁলোকৰ ঘৰত পুত্ৰৰূপে জন্ম লাভ কৰিছিল, আৰু সেইজনা ত্ৰিজগতৰ পতিযেই আজি এগৰাকী সাধাৰণ নাৰীৰ ভয়ত সেই দৰে পলাই ফুৰিবলগীয়া হৈছিল।
23. ব্যাখ্যা কৰাঃ-
(খ) শ্রীকৃষ্ণৰ হাতত ধৰি যশোদাই এছাৰি এৰি খঙত কি কৰিব লৈছিল? মাতৃৰ এনে কার্যত কবিয়ে শ্রীকৃষ্ণক কি ৰূপত বর্ণনা কৰিছে লিখা।
(নাইবা)
তাহাঙ্ক তনয় মানি বলে।
যশোদা বান্ধন্ত উড়ুখলে।।
উত্তৰঃ- উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কবি শ্ৰীমন্ত শংকৰদেৱ বিৰচিত “শিশুলীলা” নামৰ পাঠটিৰপৰা উদ্ধৃত কৰা হৈছে।
ইয়াত কবিয়ে জগতৰ ঈশ্বৰ হৈ যে শ্রীকৃষ্ণই পুত্ৰৰূপে জন্ম লাভ কৰি যশোদাৰ হাতত বান্ধ খাবলগীয়া হৈছে সেই প্রসংগত উক্ত কবিতাফাঁকি অৱতাৰণা কৰা হৈছে।
শ্রীকৃষ্ণই মাকৰপৰা অপমান পাই ঘৰত থকা সকলো দধি-দুগ্ধ খাই পাত্ৰবোৰ ভাঙি পেলাইছিল আৰু তাৰ একাংশ বান্দৰবোৰকো খুৱাই মনৰ খং শান্ত কৰিছিল। যশোদাই কোঠালৈ আহি সকলোবোৰ গাখীৰৰ পাত্ৰ ভঙা দেখি তেওঁৰ বৰ খং উঠিছিল। খঙতে কৃষ্ণক হাতত এছাৰি লৈ খেদি গৈছিল। সাধাৰণ মানৱ-শিশুৱে মাকক ভয় কৰাৰ দৰে কৃষ্ণয়ো মাকক ভয় কৰিছিল। সেইবাবে মাকৰ ভয়ত উড়লৰপৰা নামি ৰাজপথলৈ দৌৰ মাৰিছিল। যিজন পূর্ণ ব্রহ্ম শ্রীকৃষ্ণ জগতৰ ঈশ্বৰ তেৱোঁ মাকৰ ভয়ত ত্ৰষ্টমান। ৰাজপথত দৌৰি দৌৰি অৱশেষত পুত্ৰক ধৰি টানি আনি যশোদাই কৃষক উড়ালত বান্ধি থৈছিল। ইয়াতেই মাতৃ আৰু পুত্রৰ মৰমৰ এনাজৰীডালৰ লগতে যশোদা কেনে নিদাৰুণী মাতৃ সেই কথাও কবিয়ে সুন্দৰকৈ বর্ণনা কৰিছে।
23. ব্যাখ্যা কৰাঃ-
(গ) গোবিন্দে মাৱৰ শ্ৰম দেখি,
ৰহিল কান্দন্তে মুদি আখি।।
উত্তৰঃ- উপৰোক্ত কবিতাফাঁকি আমাৰ অসমীয়া পাঠ্যপুথিৰ অন্তর্গত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত “শিশুলীলা” নামৰ কবিতাটিৰপৰা উদ্ধৃত কৰা হৈছে।
ইয়াত কবিয়ে যশোদাই কৃষক ধৰিবলৈ গৈ যি ধৰণৰ কষ্ট পাইছিল তাৰবাবে কৃষ্ণই দুখতে চকুমুদি কান্দিছিল। সেই প্রসংগত উদ্ধৃত কবিতাফাঁকিৰ অৱতাৰণা কৰা হৈছে।
মাকে কৃষ্ণক অৱজ্ঞা কৰা যেন দেখি তেওঁৰ বৰ খং উঠিছিল। খঙৰ ভমকত শিলগুটি দলিয়াই ওচৰতে থকা গাখীৰৰ পাত্ৰবোৰ ভাঙি পেলাইছিল। উড়লৰ ওপৰত উঠি লৱণু চোৰ কৰি খাইছিল আৰু বান্দৰবোৰকো খাবলৈ দিছিল। এটা সাধাৰণ শিশুৰ দৰে কৃষ্ণয়ো যশোদাৰ ঘৰত উপদ্ৰৱ কৰি যশোদাৰপৰা শাস্তিও মূৰ পাতি লৈছিল। শিশুৱে দোষ কৰিলে যিদৰে মাতৃৰপৰা শাক্তিৰ ভয়ত কম্পিত হয়, ভগৱান শ্রীকৃষ্ণয়ো ঠিক সেইদৰে মাকৰ ভয়ত কম্পিত হৈছিল। আচলতে এয়া হৈছে শ্রীকৃষ্ণৰ লীলা অন্যথা তেওঁ স্বয়ং ভগৱান হৈ এগৰাকী সাধাৰণ নাৰীৰ ভয়ত কম্পিত হ’বলগীয়া কোনো কাৰণ নাই। কাৰণ এই সংসাৰখনেই হৈছে মায়াৰ বন্ধন। আৰু এই মায়াৰ স্ৰষ্টা স্বয়ং ভগৱান শ্রীকৃষ্ণ। পুত্ৰক ধৰিবলৈ ” যশোদাই ৰাজপথত ভাগৰত জুৰুলা হৈ পৰিছিল। তেওঁৰ দেহৰ কাপোৰৰ অপৰিপাটি অৱস্থা, আউলী-বাউলী চুলি তপিনাৰ ভৰত ভৰিৰ খোজ থৰক-বৰক হোৱা আদি কাৰ্যই শ্ৰীকৃষ্ণৰ মনত বৰ দুখ উপজাইছিল। তেওঁ কান্দি কান্দি মাকৰ ওচৰত আত্মসমর্পন কৰিছিল।
24. তলত দিয়া শব্দবোৰৰ এটা বা দুটাকৈ সমার্থক লিখা।
উত্তৰঃ- কর্ণ= কাণ,
অৰুণ= সূর্য,
দধি= দৈ, গাখীৰ,
বস্ত্র= কাপোৰ
বদন= সুখ শৰীৰ,
লৱণু= মাখন,
কোপ= খং, ৰাগ,
ঈশ্বৰ= ভগৱান, আল্লা।
Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512
Leave a comment