উঠৰে উঠ বাপু
Uthare utha bapu
1. উঠৰে উঠ বাপু ৷ Uthare utha bapu – Madhavdev
ৰাগ:-কৌ
ধ্ৰুং:-
উঠৰে উঠ বাপু গোপাল হে নিশি পৰভাত ভৈল৷
কমল নয়ন বুলি ঘনে ঘন যশোৱা ডাকিতে লৈল৷৷
পদ:-
মোৰ প্ৰাণধন সুচান্দ বয়ন
গাাৱ চালি তেজ নিন্দ ৷
সব পুৰুষৰ শিৰৰ ভূষণ
তুমিসে বাপু গোবিন্দ ৷৷
মোৰ পুত্ৰ বুলি যশোদা গোৱালী
বুকে বান্ধি কোলে লৈলা ৷
বয়নে চুম্বন কৰি ঘনে ঘনে
আনন্দে মগন ভৈল ৷৷
সিদ্ধ মুনিগনে চিন্তিয়া নপাৱে
সো হৰি যশোৱা কোলে ৷
ত্ৰিজগত পতি ভকতি মিলিল
মুৰখ মাধৱে বোলে ৷৷
2. মঞি সেৱহু ৰাম চৰণ । Moyi xewahu Ram charan – Madhavdev
ৰাগ : আশোৱাৰী
তাল : পৰি
ধ্ৰুং—
মঞি সেৱহু ৰাম চৰণ দুজা।
কাহে কৰহুঁ হামু আৱৰি পূজা।।
পদ—
ঘটে ঘটে ৰাম বিয়াপক হোই।
আতমা ৰাম বিনে নাহি কোই।।
চৈতন্য ছোড়ি কাহে জড় সেৱা।
ৰাম বিনে নাহি আৱৰ দেৱা।।
কহয় মাধৱ শুনহ নৰ লোই।
ৰাম বিনে কতি মুকুতি নাহোই।।
3. নাৰায়ণ মায়া জ্ঞানৰ । Narayan maya gyanor – মাধৱদেৱ
ৰাগ : ধনশ্ৰী
তাল : পৰি
ধ্ৰুং—
নাৰায়ণ মায়া জ্ঞানৰ কোই।
সুৰপতি, চতুৰবয়ন, মুনি শঙ্কৰ চিন্তিতে আকুল হোই।
পদ।।—
অঘট ঘটন পটু চাতুৰী যো নিত
অনিত সমান সব হোই।
যতয়ে অনিত নিত সম ভাষত
ঐচন চাতুৰি হৰি তোই।।
কোই কোই সাঞ্চা কোই কোই মিছা
কবহুঁ নিয়ত নাহি জানি।
সাঞ্চা মিছা সমান কয় মানত
মোহ কৰত বেদবাণী।।
সাঞ্চা মিছা কিছুয়ে নাহি জানত
মূৰুখ পামৰ মতিহীনা।
যাহাঁ গতি মতি তুহুঁ কমলাপতি
কহতু মাধৱ দাস দীনা।।
4. নাৰায়ণ মঞি তেৰি দাসকু । Narayan moyi teri dasku – Madhavdev
ৰাগ : ধনশ্ৰী
তাল : পৰি
ধ্ৰুং—
নাৰায়ণ মঞি তেৰি দাসকু দাসা
ভয় ভয় তাপে তাপিত মন।
তোহাৰি চৰণে কৰহু হামু আশা।
পদ—
কামিনী কনক লুবুধমতি পামৰ
ভোলে পৰল মতি মেৰা।
ৰূপ ৰস পৰশ শৱদ গন্ধে আকুল
কবহুঁ ভকতি নাহি তেৰা।
ক্ষণিক জীৱন ধন যৌৱন জায়া
বিৰকতি তবহু নাহোই।
দংশিত কাল ভুজঙ্গম অঙ্গা
জানি শৰণ লেহু তোই।।
বৈৰী কাম-ক্ৰোধ মদ-মত্স ৰ
তা সনে ৰতি মতিহীনা।
পতিত পাৱন হৰি তুহুঁ বহি নাহি আৰ
কহতু মাধৱ দাস দীনা।
5. হৰি পদ পঙ্কজ মেৰি । Hari pod pankaj meri – মাধৱদেৱ
ৰাগ : ধনশ্ৰী
তাল : পৰি
ধ্ৰুং—
হৰি পদ পঙ্কজ মেৰি মনাই।
চিত্ত চিন্তহু হৃদি মিলাই।।
পদ—
দুখ ভজ্ঞন ভৱ তৰণী।
হৰি ভকতিৰ এ চিন্তামণি।।
হৰি চৰণ শৰণ বিনা।
গতি নাহি নাহি মতিহীনা।।
সুৰ শঙ্কৰ যা কৰু সেৱা।
দেখো সে পুনু দেৱকু দেৱা।।
দীন মাধৱ মূৰুখমতি।
কহে হৰি সে পৰম গতি।।

Leave a comment