Class IX Assamese

গীত আৰু ছবি

—দুর্গেশ্বৰ শৰ্মা 

1. দুর্গেশ্বৰ শৰ্মাৰ ৰচিত নাটককেইখন কি ছন্দত লিখা। 

উত্তৰঃ- দুর্গেশ্বৰ শৰ্মাৰ ৰচিত নাটককেইখন অমিত্রাক্ষৰ ছন্দত লিখা।

2. কবিৰ মতে কোনবোৰ বস্তু অজৰ অমৰ? 

উত্তৰঃ- কৰিব মতে কৌশলী বিদ্যা অজৰ অমৰ। কবিয়ে গীত আৰু ছবিক কৌশলী বিদ্যা বুলি কৈছে। 

3. দুৰ্গেশ্বৰ শৰ্মাৰ ৰচিত এখন কবিতাপুথি আৰু এখন নাটকৰ নাম লিখা।

উত্তৰঃ- দুৰ্গেশ্বৰ শৰ্মাৰ ৰচিত এখন কবিতাপুথি হ’ল— অঞ্জলি আৰু এখন নাটক হ’ল— পার্থ পৰাজয়। 


4. “সিহে পায় নিজে নিজে আলাসত ঠাই”— ইয়াত আলাস’ শব্দটোৰ অর্থ কি? 

উত্তৰঃ- “সিহে পায় নিজে নিজে আলাসত ঠাই”- ইয়াত ‘আলাস’ শব্দটোৰ অৰ্থ হৈছে—আকাশ। 

5. সাধাৰণ কথাটিও কিয় ভাল হৈ পৰে? 

উত্তৰঃ- সাধাৰণ কথাকেই কণ্ঠ শিল্পীয়ে নিজৰ সুৰ-তাল-লয়ৰ সহায়ত শ্রোতাৰ মন জয় কৰিব পাৰে। সেয়েহে সাধাৰণ কথাটিও ভাল হৈ পৰে। 

6. সদায় কাণেৰে শুনা সৰু কথাটিয়ে কেনেকৈ আমাৰ প্রাণ টানি ধৰে? 

উত্তৰঃ- সদায় কাণেৰে শুনা সৰু কথাটি যেতিয়া গীত হৈ পৰে তেতিয়া আমাৰ প্ৰাণ টানি ধৰে। সদায় শুনি থকা কথাটোকে গীত হিচাপে গালে আমাৰ মন-প্রাণ আকর্ষিত হৈ পৰে।

7. কেনে গীত আৰু কেনে ছবিক কোনেও ভাল নোবোলে?

উত্তৰঃ-যিটো গীত বুজাইহে বুজে, যি গীতৰ সুৰ সকলোৱে সহজে বুজি নাপায় সেই গীত কোনেও ভাল নোবোলে। আকৌ যি ছবিৰ মূল আটায়ে নুবুজে আৰু সকলোৱে প্রশংসা নকৰে তেনে ছবিক কোনেও ভাল নোবোলে।। 

8. সদায় চকুৰে দেখা গছ পাতটিও ছবিত কিয় ভাল হৈ পৰে? 

উত্তৰঃ- আমি সচৰাচৰ দেখি থকা সামান্য গছৰ পাত এখিলাও চিত্ৰত মনোমোহা হৈ পৰে। চিত্ৰকাৰৰ কৌশলী বিদ্যাৰ পৰশত এনেদৰে এখিলা গছৰ পাতেও ছবিৰৰূপ লৈ সকলোকে আকর্ষিত কৰে।

9. কেনেকুৱা গীত আৰ ছবিক সকলোৱে ভাল বুলি কয়? 

উত্তৰঃ- যি গীত বা যিখন ছবি সকলোৱে সহজে বুজি পায়। তেনেকুৱা গীত আৰু ছবিক সকলোৱে ভাল বুলি কয়। অর্থাৎ যিটো গীত শুনি বা যিখন ছবি চাই সকলোৱে ৰং পায় আৰু যাৰ দ্বাৰা জগতৰো কল্যাণ হয় তেনে গীত আৰু ছবিক সকলোৱে ভাল বুলি কয়। 

10. “গীত আৰু ছবি কবিতাটোৰ মূলভাৱ লিখা। 

উত্তৰঃ- মূলভাৱ:- ‘গীত আৰু ছবি’ কবিতাটোৰ জৰিয়তে কবিয়ে প্রকৃত গীত আৰু ছবিৰ সার্বজনীন আবেদন আৰু মহত্বৰ কথা কলাত্মক ৰূপত তুলি ধৰিছে। গীত আৰু ছবি হৈছে সুকুমাৰ কলাৰ অন্তৰ্গত দুবিধ কলা। সুকুমাৰ কলাৰ অন্তৰ্গত এই দুই কলাই শ্রেষ্ঠ হিচাপে খ্যাতি লাভ কৰিবলৈ হ’লে ই সকলো শ্রোতা বা দর্শকৰ বাবে সহজে বুজি পাব পৰা হ’ব লাগিব। যিটো গীত শুনি বা যিখন ছবি চাই সকলো শ্ৰেণীৰ শ্ৰোতা বা দর্শকে বুজি নাপায় সেইটো গীত বা সিখন ছবি ভাল বুলি কোনেও প্রশংসা নকৰে। আনহাতে যিটো গীত শুনি বা যিখন ছবি চাই সকলোৱে ৰং পায় আৰু যাৰ দ্বাৰা জগতৰো কল্যাণ সাধন হয় তেনে গীত বা ছবিক সকলোৱে আপোন বা শ্রেষ্ঠ বুলি গ্রহণ কৰি লয়। শ্রেষ্ঠ গীত বা শ্রেষ্ঠ ছবিৰ মূল ব্যক্তব্য বুজি নাপালেও সেই গীতৰ সুৰ বা সেই ছবিৰ সৌন্দর্যই শ্রোতা বা দর্শকৰ হৃদয় মন স্পর্শ কৰি যায়। আমি সচৰাচৰ দেখি থকা সামান্য গছৰ পাত এটিও চিত্ৰত মনোমোহা হৈ পৰে। সেইদৰে আমি প্রায়ে শুনিবলৈ পোৱা সামান্য এষাৰ কথায়ো গীতৰ ৰূপত সুৰৰ মাধ্যমত আমাৰ প্ৰাণত কঁপনি তুলিব পৰাকৈ ৰূপ পাই উঠে। গীতিকাৰ বা চিত্ৰকাৰৰ কৌশলী বিদ্যাৰ পৰশত কলাত্মক ৰূপত প্রকাশিত কোনো এটি সামান্য ভাৱ কোনো এটি সামান্য বস্তুও জনমানসত চিৰকালৰ বাবে অজৰ অমৰ হৈ ৰয়। শ্রেষ্ঠ কলাই সেইদৰে স্থানৰ পৰিধি ভেদ কৰি সকলো ঠাই বা দিশতে কম বেছি পৰিমাণে নিজৰ প্ৰভাৱ বিস্তাৰ কৰে। 

11. ব্যাখ্যা কৰাঃ- 

(ক) সদায় চকুৰে দেখা গছ-পাতটিও

ছবিটিত ভাল হৈ পৰে, 

সদায় কাণেৰে শুনা সৰু কথাটিও

গীত হ’লে প্রাণ টানি ধৰে। 

উত্তৰঃ- উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত দুর্গেশ্বৰ শৰ্মাদেৱৰ ৰচিত গীত আৰু ছবি নামৰ কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে।

কবিতাফাঁকিৰ জৰিয়তে কবিয়ে কৌশলী বিদ্যাৰ কথা ক’বলৈ গৈ গীত আৰু ছবিৰ কথা উল্লেখ কৰিছে।

গীত আৰু ছবি দুয়োবিধ সুকুমাৰ কলাৰ অন্তৰ্গত। আমি সদায় দেখি থকা গছ-পাত বা বিভিন্ন বস্তুৱেও আমাক আকর্ষণ কৰিব নোৱাৰিব পাৰে। কিন্তু সেই সামান্য গছৰ পাত বা বস্তুক চিত্র শিল্পীয়ে সুন্দৰকৈ উপস্থাপন কৰি সকলোকে আনন্দ দিয়ে। চিত্র শিল্পীৰ তুলিকা শক্তিৰ প্রয়োগে গছৰ পাতক সুন্দৰকৈ ছবিৰ ৰূপ দি সকলোকে আকর্ষিত কৰিব পাৰে। ঠিক তেনেদৰে আমি সদায় শুনি থকা সৰু কথাটোকে শিল্পীয়ে অনুপম সুৰেৰে গীত হিচাপে উপস্থাপন কৰিব পাৰে। তেনে গীতে মানুহৰ মন-প্রাণ টানি ধৰাৰ লগতে শ্রান্ত-ক্লান্ত পথিকৰ হৃদয়ো শাত পেলাব পাৰে। প্রকৃত শিল্পী, কলা কৌশলীৰ গীত বা ছবিয়েই সকলোকে মোহিত কৰিব পাৰে। 

11. ব্যাখ্যা কৰাঃ- 

(খ) “মিহি ভাৱ মিহি গতি কৌশলী বিদ্যাৰ

নাই মৃত্যু অজৰ অমৰ।” 

য’তে-পৰে ত’তে গজে, বিভিন্ন আকাৰ

ঠাই বুজি দীঘল-ডাঙৰ। 

উত্তৰঃ- ব্যাখেয় কবিতাৰ পংক্তিটো আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত দার্শনিক কবি দুর্গেশ্বৰ শৰ্মাদেৱ বিৰচিত ‘গীত আৰু ছবি’ নামৰ কবিতাৰ পৰা উৎকলিত কৰা হৈছে।

কবিয়ে গীত আৰু ছবিৰ স্থায়িত্বৰ প্ৰাসংগিকতা ৰক্ষা কৰি কৌশলী বিদ্যাৰ ওপৰত এটি পর্যালোচনা প্রাঞ্জল ভাষাৰে বর্ণিত কৰিছে।

গীত আৰু ছবি সুকুমাৰ কলাৰ অন্তৰ্গত। গায়ক বা চিত্ৰকাৰে ইয়াক উপস্থাপন কৰাৰ ওপৰতেই নিৰ্ভৰ কৰে জনগণৰ আকর্ষণ। যিজন কলাকাৰে মিহি ভাৱ আৰু মিহি গতিৰে তেওঁৰ সৃষ্টিক আগুৱাই লৈ যায় সেইজনেই সমাজত থিতাপি ল’ব পাৰে। অন্যাৰ্থত কৌশলী বিদ্যাযুক্ত গীত বা ছবিয়েই জগতত বিপুল সমাদৰ লাভ কৰে। গীতবোৰ যদি সৰল ভাষোৰে অনুপম সুৰেৰে আৰু সুললিত স্বৰেৰে উপস্থাপন কৰা হয়, সি শ্রান্ত ক্লান্ত পথিকৰ হৃদয়ো শাত পেলায়। সেইদৰে চিত্ৰকাৰে যদি নির্মল হাতৰ পৰশেৰে চিত্ৰপতে তুলিকা বুলাই ছবি উপস্থাপন কৰে সি অচিনা পানটোৰ ৰূপ ধৰি জনগণৰ উৰণীয়া মনো টানি ধৰে। কৌশলী বিদ্যাযুক্ত গীত বা ছবিয়েই জনসমাজত থিতাপি লৈ অজৰ অমৰ হয়। ইয়াৰ বীজ য’তে পৰে ত’তে বিভিন্ন আকাৰেৰে গজি ডাঙৰ-দীঘল হয় বা জনপ্রিয় হয়। অৱশ্যে স্থান, কাল, পাত্র ভেদে জনপ্রিয়তাৰ তাৰতম্য ঘটে। 

 Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512

Leave a comment

Trending