1. পামৰু মনাই কমনে । Pamru monai kamane – Madhavdev

ৰাগ : ধনশ্ৰী

তাল : পৰি

ধ্ৰুং।।— 

পামৰু মনাই কমনে হৰিৰ নাম ৰহলি বিছুড়ি।

কৱহু চলিতে ৰে লাগল যমপুৰী।।

পদ।।—

কাহাঁ গয়ো মাতা পিতা কাহাঁ গৈয়ো ভাই।

ধন জন কাহাঁ গৈয়ো সুহৃদ মনাই।।

কমনে না পেখো মন আপুন মৰণা।

নিশ্চয় চলিতে লাগে যমেৰ কৰণা।

নাম সুমৰিতে ছুটে অন্তকেৰি দায়।

উত্তম অমৰ পদ ঠামহি মিলায়।।

কহয় মাধৱ দাস দীন মতিহীনা।

এ ভৱ তৰণী নাহি ৰাম নাম বিনা।।


2. মঞি পাপী কমনে । Moyi papi kamane

ৰাগ : ভাটিয়ালী বা শ্ৰী

তাল : ৰচ্ছ একতালী

ধ্ৰুং।।— 

মঞি পাপী কমনে তৰিবোঁ হৰি ৰে—

তুমি কৰুণা না কৰ মোৰে।

পাপমতি মন বাসনা নছাড়ে

মজিলোঁ সংসাৰ ঘোৰে।।

পদ।।—

নয়না কামিনী ৰূপ নছাৰয় ৰসনা এ ষড়ৰস।

গীত মধুৰ ধ্বনি শ্ৰৱণে নছাৰয় চৰমে সুখ পৰশ।।

সুগন্ধ শীতল নাসায়ে, নছাৰয় কনক কামিনী মনে।

লোভ, মোহ, কাম, ক্ৰোধ, মদ, মান ন ছাড়ে সৰ্ব্বক্ষণে।।

ঈৰিষা, অসূয়া, হিংসা, পৈশূন্য, না গুচে এ তিলে তিলে।

তনুক বেঢ়ি তিলে তিলে ধৰি কাল অজগৰে গিলে।।

ভৈলোঁ অচেতন, তোক্ষাৰ চৰণ বিনে নাহি আন গতি।

শীতল চৰণে পশিলোঁ শৰণে, মাধৱ মূৰুখ মতি।

3. কিৰিষি কৰ আলো । Kirishi kor aalo 

ৰাগ : ধনশ্ৰী বা ভাটিয়ালী

তাল : একতাল

ধ্ৰুং।।— 

কিৰিষি কৰ আলো মনাই, হৰি চৰণ সেৱা পৰম সুখে।

যতন কৰিয়া হৰিৰ নাম, সদায় ভাবিয়ো মুখে।।

পদ।।—

অৰুণ বৰণ হৰিৰ চৰণ সদায় চিন্ত মনে।

খৰে নমাৰে, বানে নেনে, ফলে ছনে বনে।।

হেন কিৰিষি তেজিয়া মনাই কোন কিৰিষি কৰ।

খৰে মাৰিব, বানে নিব, দু:খ পায়া কেনে মৰ।।

ভাল খেতখানি হৰিৰ চৰণ বতৰ বান্ধিয়া লৈয়ো।

যেমনে বুলি তেমন হয়, যতন কৰিয়া বৈয়ো।।

হৰিৰ চৰণে যি শস্য বুলি সকলে অবিনাশী।

যত বুলি তত পায় এ বৰ কিৰিষি।।

সৱ তেজিয়া লৈয়ো মনাই সন্তেৰ সঙ্গতি।

তেৱেসে কিৰিষি ফলে কহয় মাধৱ মূৰুখ মতি।।

4. হৰিগুণ গাৱত মেৰি । Harigun gaot meri

ৰাগ : ধনশ্ৰী

তাল : পৰি

ধ্ৰুং— 

হৰিগুণ গাৱত মেৰি মনাই।

সুখে ভকত সঙ্গ মিলাই।।

পদ—

পতিত পাৱন হৰিৰ নাম।

তাহে লেহু মুহে অবিৰাম।।

হৰিগুণ অমিয়া মাধুৰী ঝুৰে।

ভকত জন মনোৰথ পূৰে।।

সকল নিগম বিচাৰি বিধি।

কহল হৰি বিনে নাহি সিদ্ধি।।

কহয় মাধৱ মূৰুখ দীনা।

গতি নাহি নাহি হৰি বিনা।।


5. মোকে দেখিয়ো না । Moke dekhiyo na

ৰাগ : ভাটীয়ালী

তাল : ৰচ্চ একতালী

ধ্ৰুং।।— 

মোকে দেখিয়ো না কেনে, আহে জগন্নাথ

মঞি বৰ পাপেৰ পাপী।

সংসাৰ কূপত, পৰিয়া তোহ্মাৰ

চৰণে নধৰোঁ চাপি।

পদ।।—

কত তপসাই নৰতনু পাই

গোঁৱাইলোঁ বিষয় ভোলে।

যেন চিন্তামণি অমূল্য ৰতন

বিকাইলোঁ কাচেৰ মোলে।।

দেৱে নাহি পায় মানৱী হুইবাৰ

মঞি পাপী আসিয়া পাইলোঁ।

তোহ্মাৰ ভকতি অমিয়া তেজিয়া

বিষয় গৰল খাইলোঁ।।

লোভ মোহ কাম ক্ৰোধ মদ মান

ঐ সৱ বৈৰীৰ সঙ্গে।

আপুনি ইচ্ছায় পাপ আচৰিয়া

বেড়াইলোঁ মনত ৰঙ্গে।।

পৰ তিৰী পৰ ধনেৰ আশায়

সদায় আকুল ভৈলোঁ।

তুমি মহা ধন তোমাক নাসেৱি

জনম বিফল কৈলোঁ।।

আয়ু আলে জালে গৈল পাইলে কালে

প্ৰাণ কোন দিন পড়ে।

যমেৰ যাতনা শুনিয়া হৃদয়

কম্পিত হইলোঁ বড়ে।।

তোহ্মাৰ অভয় চৰণে শৰণ

বিনে নাহি আন গতি।

তুমি দায়াময় জানিয়া কহয়

মাধৱ মূৰুখ মতি।।

Leave a comment

Trending