পদ্যাংশ
হনুমন্তৰ লঙ্কাদর্শন । Hanumantar Lankadarshan
মাধৱ কন্দলী । Madhav Kandali
1. পৱন নন্দন কোন?
উত্তৰঃ- পৱন নন্দন হৈছে— হনুমান।
2. ‘কপিত্থ’ শব্দৰ অৰ্থ লিখা।
উত্তৰঃ- ‘কপিত্থ’ শব্দৰ অৰ্থ হ’ল- ঔটেঙা।
3. চটক শব্দৰ অর্থ কি?
উত্তৰঃ- চটক শব্দৰ অৰ্থ হৈছে- ঘনচিৰিকা।
4. মাধৱ কন্দলী কোন যুগৰ কবি আছিল?
উত্তৰঃ- মাধৱকন্দলী প্ৰাক্শংকৰী যুগৰ কবি আছিল।
5. ত্ৰিকূট ক’ত অৱস্থিত?
উত্তৰঃ- ত্ৰিকূট লংকা নগৰত অৱস্থিত।
6. লংকা নগৰীখন কোনখন পর্বতত অৱস্থিত?
উত্তৰঃ- লংকা নগৰীখন ত্ৰিকূট পর্বতত অৱস্থিত।
7. মাধৱ কন্দলীৰ ৰামায়ণত বর্তমানে সন্নিৱিষ্ট কোনটো কাণ্ড শংকৰদেৱে ৰচনা কৰে?
উত্তৰঃ- “উত্তৰা কাণ্ড” শংকৰদেৱে ৰচনা কৰিছিল।
8. ‘হনুমৰ লঙ্কাদশন’ — কাব্যাংশ কোনটো কাণ্ডৰপৰা লোৱা হৈছে?
উত্তৰঃ- ‘হনুমন্ত লঙ্কাদর্শন’ কাব্যাংশ ৰামায়ণৰ সুন্দৰাকাণ্ডৰ পৰা লোৱা হৈছে।
9. হনুমন্তই লংকালৈ গৈ কি পর্বতৰ ওপৰত অৱতৰণ কৰিছিল?
উত্তৰঃ- হনুমন্তই লংকালৈ গৈ ত্ৰিকূট পৰ্বতৰ ওপৰত অৱতৰণ কৰিছিল।
10. মাধৱ কন্দলীয়ে কোনখন মহাকাব্য অনুবাদ কৰিছিল?
উত্তৰঃ- মাধৱ কন্দলীয়ে বাল্মীকি ৰচিত সংস্কৃত ৰামায়ণ মহাকাব্য অনুবাদ কৰিছিল।
11. মাধৱ কন্দলীৰ ৰামায়ণত কেইটা কাণ্ড পোৱা যায়?
উত্তৰঃ- মাধৱ কন্দলীৰ ৰামায়ণত আদি আৰু উত্তৰাকাণ্ডৰ বাহিৰে পাঁচটা কাণ্ডহে পোৱা যায়।
12. মাধৱ কন্দলী কোন ৰজাৰ পৃষ্ঠপোষকতাত আছিল?
উত্তৰঃ- মাধৱ কন্দলী বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতাত আছিল।
13. মাধৱ কন্দলীৰ সপ্তকাণ্ড ৰামায়ণৰ কোন দুটা কাণ্ড মহাপুৰুষ শ্ৰীমন্ত শংকদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱে ৰচনা কৰিছিল?
উত্তৰঃ- সপ্তকাণ্ড ৰামায়ণৰ উত্তৰাকাণ্ড মহাপুৰুষ শংকৰদেৱে আৰু আদিকাণ্ড শ্ৰীশ্ৰী মাধৱদেৱে ৰচনা কৰিছিল।
14. মাধৱ কন্দলীৰ বাহিৰে শংকৰ-পূর্ব যুগৰ কবিকেইজনৰ নাম উল্লেখ কৰা।
উত্তৰঃ- মাধৱ কন্দলীৰ বাহিৰে প্ৰাক্ শংকৰীযুগৰ কবিকেইজন হ’ল— (১) কবিৰত্ন সৰস্বতী (২) ৰুদ্ৰ কন্দলী। (৩) হেম সৰস্বতী আৰু (৪) হৰিহৰ বিপ্ৰ।
15. তলত দিয়াবোৰৰ টোকা লিখাঃ-
(ক) সুগ্ৰীৱঃ- সুগ্ৰীৱ ৰামায়ণৰ কাহিনী মতে বান্দৰ ৰজা বালীৰ ভায়েক আছিল। সুগ্ৰীৱ ভগৱান ৰামচন্দ্ৰৰ মিত্ৰ আছিল। শ্ৰীৰামৰ হাতত বালীৰ মৃত্যু হোৱাত সুগ্ৰীব কিষ্কিন্ধাৰ ৰজা হয়। এওঁ সীতাক উদ্ধাৰ কৰিবৰ কাৰণে ৰামক সহায় কৰিছিল।
(খ) অম্ৰাৱতীঃ- অম্ৰাৱতী ইন্দ্ৰৰ ৰাজধানী আছিল। এই ৰাজধানীখন দেৱতাৰ খনিকৰ বিশ্বকর্মাই বৰ সুন্দৰকৈ নির্মাণ কৰিছিল। ৰাজধানীখন বৰ সুন্দৰ আছিল।
(গ) বিশ্বকর্মাঃ- বিশ্বকর্মাক দেৱতাসকলৰ বিমান আৰু অলংকাৰ নির্মাণ কৰা দেৱতা ৰূপেও জনা যায়। বিশ্বকর্মাই দেৱৰাজ ইন্দ্ৰৰ ৰাজধানী নির্মাণ কার্য সাধিত কৰে।
16. প্ৰাক শঙ্কৰী যুগৰ সর্বশ্ৰেষ্ঠ কবিজন কোন?
(নাইবা)
মাধৱ কন্দলী কোন আছিল?
উত্তৰঃ- মাধৱ কন্দলী প্ৰাক্ শংকৰী যুগৰ কবিসকলৰ ভিতৰত শ্ৰেষ্ঠ কবি আছিল। এওঁ বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতাত বাল্মীকি-ৰচিত সংস্কৃত ৰামায়ণ মহাকাব্যখন অসমীয়ালৈ অনুবাদ কৰিছিল। উত্তৰ-ভাৰতৰ আঞ্চলিক ভাষাসমূহৰ ভিতৰত প্ৰথমতে অসমীয়া ভাষাতেই মাধৱ কন্দলীয়ে সংস্কৃত ৰামায়ণখন অনুবাদ কৰে।
17. লংকা-নগৰীৰ কাষৰ বন-বননিত হনুমন্তই কি কি ফল-ফুলৰ গছ দেখিবলৈ পাইছিল?
উত্তৰঃ- লংকা-নগৰীৰ কাষৰ বন-বননিত হনুমন্তই বিভিন্ন গছ-গছনিৰে ভৰা দেখিবলৈ পাইছিল। সেইবোৰৰ ভিতৰত খেজুৰ, আঙুৰ, তেতেলি, বীজপুৰ (নেমুৰ দৰে টেঙা) বগৰী, আম, জাম, আমলখি, মধুৰিআম, নাগেশ্বৰ, নাৰিকল তেল, কর্দ্দৈ, কমলাটেঙা, পদুম ফুল, সোলং টেঙা, মিঠা অমৰাকে আদি কৰি বিভিন্ন ফলফুলবোৰ ডাল ভৰি লাগি থকা হনুমানে দেখিছিল।
18. হনুমন্তই গধুলি সময়ত দেখা লংকা নগৰীৰ বর্ণনা দিয়া।
উত্তৰঃ- সীতাৰ অন্বেষণত যোৱা হনুমানে গধুলি সময়ত লংকা নগৰীখন দেখি আঁচৰিত হৈছিল। হনুমন্তই গধূলি সময়ত দেখা লংকানগৰীখন দেখিবলৈ ইন্দ্ৰৰ ৰাজধানী অম্ৰাৱতীৰ দৰে আছিল। এই ৰাজধানীখন দেৱতাৰ খনিকৰ বিশ্বকর্মাই নির্মাণ কৰিছিল। লংকা নগৰীখনৰ চাৰিওকাষে গড় নির্মাণ কৰি সুৰক্ষিত কৰি ৰখা হৈছিল। নগৰখন বহল আৰু নানাধৰণৰ যন্ত্ৰ শাৰী শাৰীকৈ লংকা নগৰীৰ গড়ৰ কাষত থৈ দিয়া আছিল। লংকানগৰীৰ কাষৰ বন-বননিত অসংখ্য ফল-ফুলৰ গছ-গছনিয়ে তাত শোভাবর্ধন কৰি ৰাখিছিল।
19. হনুমন্তই কি ৰূপ ধৰি লংকা নগৰীত প্ৰৱেশ কৰিছিল? তেওঁ সেই ৰূপ ধৰাৰ কাৰণ কি আছিল?
উত্তৰঃ- হনুমন্তই মেকুৰীৰ ৰূপ ধাৰণ কৰি লংকা নগৰীত প্ৰৱেশ কৰিছিল।
সুবেললৈ গৈ (ত্ৰিকূটগিৰি শৃংগ) হনুমানে লংকা নগৰৰ সুৰক্ষা ব্যৱস্থা বৰ শক্তিশালী বুলি গম পাইছিল। গতিকে হনুমানে যদি নিজ ৰূপে তাত প্ৰৱেশ কৰে তেন্তে ৰখীয়াবোৰে তেওঁক ধৰি ঘৰে ঘৰে শিকলি লগাই তেওঁক ঘূৰাই লৈ ফুৰাব। সেয়েহে তেওঁ মেকুৰীৰৰূপ ধাৰণ কৰিব লগা হৈছিল।
20. সুবেল-শৃংগত বাহি হনুমন্তই কি ভাবিছিল?
উত্তৰঃ- সীতাৰ অন্বেষণত যোৱা হনুমানে বিশাল সাগৰ পাৰ হৈ ত্ৰিকূট পর্বতৰ ওপৰত অৱতাৰণ কৰিছিল। সুবেল শৃংগত বহি তেওঁ বৰ গর্ব অনুভৱ কৰে আৰু ভাবিবলৈ ধৰে যে শতেক যোজনৰ সাগৰখন পাৰ হৈ অহা কোনো গৰ্বৰ কথা নহয়। কিয়নো শতকেই নহয় কৌটি যোজন পাৰ হোৱা তেওঁৰ সাহস আছে। তেওঁ শতেক যোজনৰ সাগৰখন কোনো ভয় নকৰাকৈ পাৰ হৈ আহিল। তাৰ পৰা চাৰিওফালে চাই তেওঁ বিতোপন লংকা নগৰীলৈ দৃষ্টি নিক্ষেপ কৰিছিল।
21. ভাষা-বিষয়কঃ-
তলৰ শব্দবোৰৰ আধুনিক ৰূপ লিখা—
উত্তৰঃ- যোজন= আঠ মাইল দৈৰ্ঘ্যৰ,
তহিতে= তাত,
দেখিলন্ত= দেখিলে,
কলেৱৰ= শৰীৰ,
কণ্টকি= কাঁইটীয়া গছ,
পৱন= বায়ু,
ছাতিয়াল= ছতিয়না গছ,
নাৰঙ্গ= কমলা টেঙাৰ গছ,
গড়= দুর্গ
বিৰাল= মেকুৰী।
Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512
Leave a comment