1. জয় জয় জগজন । Joy joy jagajan – Madhavdev
ৰাগ : কল্যাণ
তাল : যতি
ধ্ৰুং।।—
জয় জয় জগজন তাৰণ-কাৰণ
নাৰায়ণ বৰ দেৱং।
হৰ চতুৰানন আদি অমৰগণ
যাকৰ কৰু পদ সেৱং।।
পদ।।—
ৰোম বিবৰ মহ কোটি কোটি অগু
তাহুৰ সব কৰু ৰেণু।
নিজ জন ৰঞ্জন ভঞ্জন ব্ৰজ দু:খ
মোদিত বাৱচ বেণু।।
কলসী ভাঙ্গল দধি সব নাশল
কৰত ভোজন নবনীতং।
ভীতি পলাৱল জননী বান্ধল
অৰ্জ্জুন ভজ্ঞন ধৃতং।।
নাচত গাৱত ভাৱ দেখাৱত
হাসত বহু ৰস লাসে।।
হৰিকহু চৰণ কমল-মধু-আশে
কহয় মাধৱ দীন দাসে।।
2. ৰে মন সেবহু হৰিকহু । Re mon xebahu harikahu
ৰাগ : আশোৱাৰী
তাল : পৰি
ধ্ৰুং।।—
ৰে মন সেবহু হৰিকহু চৰণা
নিকটে দেখহু নিজ মৰণা।
দেখত হৰিকহু চৰণ শৰণ বিনে
নাহি ভৱভয় তৰণা।।
পদ।।—
চাৰি বেদ পুৰাণ যত ভাৰত
গীতা ভাগৱত চাই।
ওহি সাৰ বিচাৰ কয় ভাষত
হৰি বিনে তাৰক নাই।।
সনক সনাতন মুনি শুক নাৰদ
চতুৰ-বয়ন শূলপাণি।
সহস্ৰ-বয়ন আদি গাৱত হৰিগুণ
সকল নিগম তত্ত্ব জানি।।
কৃষ্ণ নাম-যশ পৰম অমিয়া ৰস
গাৱত মুকুত নি:শেষ।
পৰম মূৰুখমতি কহয় মাধৱ দীন
শঙ্কৰ গুৰু উপদেশ।।
3. আলো ভাই গোকুলে । Aalo bhai Gokule
ৰাগ : ভাটিয়ালী
তাল : একতাল
ধ্ৰুং।।—
আলো ভাই গোকুলে আনন্দ জয় জয়।
মিলিছে পৰম মহোদয়।।
পদ।।—
যিটো নিগমৰ গুপ্ত-বিত্ত।
হেন হৰি গোকুলে বিদিত।।
শুনিতে কৌতুক অনুপাম।
ব্ৰহ্মৰ বৰণ ঘনশ্যাম।।
পৰমাত্মা যিটো লক্ষ্মীপতি।
হুৱা আছে গোপৰ সঙ্গতি।।
মিলিছে বৈকুণ্ঠে মহোত্স্ৱ।
সদায়ে আনন্দ হৰি-ৰৱ।।
গোকুলেৰ ভাগ্যৰ মহিমা।
কেবা কহি কৰিবেক সীমা।।
কহয় মাধৱ মূঢ়মতি
হৰি পাদ-পদ্মে মোৰ গতি।।
4. মন মেৰো হৰি । Mon mero hor
ৰাগ : মাউৰ (মাহুৰ)
তাল : –
ধ্ৰুং।।—
মন মেৰো হৰি সঙ্গে মিতু বন্ধায়ো।
ঐচন যতন কিয়ো সৱ ছোড়ি
সন্ত সঙ্গতি ৰতি লায়ো।।
পদ।।—
সজ্জন সাথহি একু মিলন কিয়ে
অৱনিশি হৰিগুণ গায়ো।
তেজিয়া সয়ল মনোৰথ আৱৰি
হৰিপদে প্ৰেম মিলায়ো।।
পুনু পুনু আৱা গমন এড়ায়ো
মায়া ভৰম বাহুৰায়ো।
কহয় মাধৱ তৱ হৰিপদ সেৱা
পৰমানন্দ সুখ পায়ো।
5. উদ্ধৱ বন্ধু মধুপুৰী । Udhav bondhu madhupuri
ৰাগ : কল্যাণ
তাল : যতি
ধ্ৰুং।।—
উদ্ধৱ বন্ধু মধুপুৰী ৰহল মুৰাৰু
কাহে ৰহব নাহেৰি অৱ জীৱন,
বন ভয়ো ভৱন হামাৰু।।
পদ।।—
যাহে বিয়োগ আগি অঙ্গ তাৱয়
তিল একু ৰহয়ে না পাৰি।
সোহি ব্ৰজ-সুৰ দূৰ গয়ো গোবিন্দ
দিশ-দশ দিৱসে আন্ধাৰি।।
ভয়ো মৰণ ওহি সোহি হৰি চৰণকু
বিছুৰি ৰহয়ে না পাই।
দেখত কালিন্দী গিৰি বিৰিন্দাবন
তনু মন দহয়ে সদাই।।
ব্ৰজ-জন জীৱন বাহুৰি নাহি আৱত
হামাকু কৰথ অনাথা।
গোপিনী প্ৰেম পৰশি নীৰ ঝুৰয়
শঙ্কৰ কহু গুণগাথা।।

Leave a comment