1. সেৱহু মন মাধৱ । xevahu mon Madhav – Madhavdev

ৰাগ : গৌৰী

তাল : বিষম

ধ্ৰুং।।— 

সেৱহু মন মাধৱ অব বিছুৰি বিষয় পাশা।

ভাৰতে পুনু মানৱী তনু আৱৰি নাহি আশা।।

পদ।।—

দেখতু দিন জীৱন ক্ষীণ,

নিকট ভয়ো মৰণা।

গোবিন্দ পদ পঙ্কজ বিনু

তাৰক নাহি আনা।।                                                                                                

মাধৱ দাস কহয় শুন

পামৰু মন আন্ধা।

ৰামক নাম লেহু সদায়

ছাৰহো সব ধান্ধা।।

2. ব্ৰজ জীৱন দয়াল । Broj jivan Dayal

ৰাগ : গৌৰী

তাল : পৰি

ধ্ৰুং।।— 

ব্ৰজ-জীৱন দয়াল দীন-দয়ালু এ

নন্দ-কুমাৰ মনোমোহনু।

কোমল কেলি-কলাৰস নাগৰ

মনোহৰ শ্যাম-কাম-দোহনু।।

পদ।।—

নীল মৃণাল ললিত ভুজ কোমল

কঙ্কণ কনক-ভূষণ ৰঞ্জনু।

শৰত-সুজাত কমল-কোষ-গঞ্জনু

পদযুগ-ভকত-ভীতি ভজ্ঞনু।।

শাৰদ ইন্দু কোটি ৰুচিৰানন

সুন্দৰ তিলক ৰাজীৱ-লোচনু।

মজ্ঞুল মধুৰ মূৰুতি সুখ সাগৰ

মাধৱ কহ-প্ৰভু ভৱ-মোচনু।।

3. আজু গোপীনাথ পেখলো । Aaju Gopinath pekhalo

ৰাগ : কামোদ

তাল : পৰি

ধ্ৰুং।।— 

আজু গোপীনাথ পেখলো আঁখি।

যমুনাতীৰে ফিৰে ধেনু ৰাখি।।

পদ।।—

শ্যাম শৰীৰে পীতাম্বৰ শোহে।

লাৱণ্য কোটি মনমথ্ মোহে।।

সুচান্দ বয়নে ঈষত হাসি।

নয়ন ৰাতা উত্প ল পাসি।।

কপোলে চন্দন তিলক সাজে।

শোভন অলকাপান্তি বিৰাজে।

মাথে জলমল ময়ুৰ চুড়া।

কুসুমে ৰজ্ঞয় মোহন জুড়া।।

কদম্ব কুসুম শ্ৰৱণ মূলে।

কম্ব কণ্ঠে মণি কৌস্তুভ লুলে।।

গলে গুজ্ঞামণি মুকুতা মালা।

কনক ভুষণে ভূষিত কালা।।

গোপদ ৰেণু বিৰাজিত অঙ্গে।

বেণু বজাৱত অঙ্গ ত্ৰিভঙ্গে।।

সুস্বৰ উচ্ছায়া পঞ্চম গাৱে।

বঙ্কিম নয়নে ভ্ৰৱ দুলাৱে।।

নবীন পীত ধটি কটি মাজে।

কনক মেখলা কিঙ্কিণী বাজে।।

নূপুৰ বাজে পদ অৰবিন্দে।

কহয় মাধৱ গতি গোৱিন্দে।।

4. জয়তি পৰমানন্দ এ । Joyoti Paramananda a 

ৰাগ : শ্ৰী

তাল : একতাল

ধ্ৰুং।।— 

জয়তি পৰমানন্দ এ নন্দকুমাৰ।

নিগম-নিগূঢ় হৰি ভয়ো অৱতাৰ।।

পদ।।—

তেজিয়া বৈকুণ্ঠপুৰী এ চিদ্‌বিলাস।

কি লাগি কমলাপতি ব্ৰজে কৈলা বাস।।

শঙ্খ-চক্ৰ-গদা-পদ্ম তেজি অস্ত্ৰ চাৰি।

কি লাগি ভইয়া শিঙা বেত-বেণুধাৰী।।

কোটি কোটি ব্ৰহ্মাণ্ডৰ তেজিয়া বিভূতি।

কি লাগি হইলা প্ৰভু গোপেৰ মূৰুতি।।

যাৰ আজ্ঞা-বাণী ব্ৰহ্মা হৰে শিৰে ধৰে।

সোহি আজ্ঞা পালা কেনে গোৱালীৰ ঘৰে।।

যাৰ পদৰেণু শিৰে ধিৰে দিগপাল।

সোহি প্ৰভু ভৈলা কেনে ব্ৰজে ৰাখোৱাল।।

কহয় মাধৱদাস দিন মতিহীনা।

সহজে দয়ালু হৰি ভকতি অধীনা।।

5. মজি ৰহু মেৰি মন । Moji rahu meri mon

ৰাগ : আশোৱাৰী

তাল : একতাল

ধ্ৰুং।।— 

মজি ৰহু মেৰি মন হৰিগুণ অপাৰ 

আনন্দ-সিন্ধু-ৰস মাজে।

হৰি বিনে আন আশা

কৰসি কমন কাজে।।

পদ।।—

যোহি তনু আপুন, মানস মন ভাই।

অন্তকালে সোহি সঙ্গহি নাযায়।।

সৱ বাটোআৰা সুহৃদ নাম হোই।

ইহ পৰলোক হৰত বিত্ত সোই।।

যত দেখো আৱৰি তনয়, বিত্ত, জায়া।

আৱা গমন কাৰণ সব মায়া।।

কহয় মাধৱ শুন মেৰি মন আন্ধা।

হৰি বিনে আৱৰি ছোড়হু সব ধান্ধা।।

Leave a comment

Trending