গোপাল গোৱালীপাৰাত নাচে । Gopal gowaliparat nache

1. গোপাল গোৱালীপাৰাত নাচে

ৰাগ : ভাটিয়ালী

তাল : একতাল


ধ্ৰুং।।— 

গোপাল গোৱালীপাৰাত নাচে।

চৰণ চলাই নূপূৰ বজাই মধুৰ মধুৰ হাঁসে।।


পদ।।—

পীত ধটি কটি কাচনি কাচিয়া

আগু পাছু লাসে ছাৱে।

বালকৰ ভাৱ দেখায়া কানাই

গোপীৰ মন ভুলাৱে।।

দধি বিকি আসি শুনিল গোৱালী

হৰি নাচিবৰ কথা।

পসাৰ পেলাই লৱৰন্তে যাই

কৃষ্ণক বেৰিল তথা।।

সব গোপী মেলি বাৱে হাত তুলি

বোলে ভাল কৰি নাচা।

হাতে তাৰ খাৰু দিব চিনি লাৰু

বাপু পূৰি তোৰ বাঞ্চা।।

গোপীৰ বচনে বৰ লোভ পাই

নাচল নানান ভাৱে।

কহয় মাধৱ আন গতি নাই

ভজ গোবিন্দৰ পাৱে।


2. হৰি কৰিয়ো কৰিয়ো । hori koriyo koriyo


ৰাগ : ভাটিয়ালী

তাল : একতাল


ধ্ৰুং।।— 

এ হৰি কৰিয়ো কৰিয়ো মেৰি কৰুণা মুৰাৰি।

ছাৰবো নাহি আৰ চৰণ তোহাৰি।।


পদ।।—

তুহু নিৰঞ্জন যিটো জগত আধাৰু।

ভাৰ হৰণৰ হেতু তুহু অৱতাৰু।।

তাৰবি লোক বিনোদ পৰকাশি।

তুৱা পদ কমলে সেৱক ভৈলো আসি।।

পূৰব বাসনা দূৰ কৰিহ হামাৰি।

বচনে ৰহোক গুণ-নাম তোহাৰি।।

তুৱা কথা শ্ৰৱণে ৰহোক অবিৰাম।

কৰ মেৰি ৰহোক তুহু কয় কাম।।

তুৱা পদ সুমৰি ৰহোক মন থিৰ।

তোহাৰি চৰণ বন্দী ৰহো মোৰ শিৰ।।

তুৱা নিজ মূৰুতি ভকত সৱ ঠাই।

কহ মেৰি বদন মাধৱ গুণ গাই।। 


3. গোধন সঙ্গে ধায় । Godhan xonge dhai 


ৰাগ : শ্ৰী

তাল : একতাল


ধ্ৰুং।।— 

গোধন সঙ্গে ধায়, ৰঙ্গে পঞ্চম গায়।

ঝণকে মঞ্জীৰ পায়।

লহু লহু বেণু বায়, ব্ৰজকুল কমল মধাই ৰে।।


পদ।।—

তনু নৱ জলধৰ পীত অম্বৰ বৰ মনোহৰ অধৰ সুহাই।

পীত ধটি কটি মাজে ঝণকে কিঙ্কিণী বাজে ৰাজীৱ লোচন কানাই।।

এ নদী যমুনা কূলে খেলাৱে কদম্ব মূলে মনমথ মোহন মুৰাৰু।

কহয় মাধৱ হৰি লীলা নৰতনু ধৰি ভকতি নিদান অৱতাৰু ৰে।


4. কানাই কিনা ৰূপসিয়া । Kanai kina rupsiya


ৰাগ : বৰাড়ী

তাল : পৰি


ধ্ৰুং।।— 

কানাই কিনা ৰূপসিয়া।

গোপীৰ হৰিলা প্ৰাণ মুচুকি হাসিয়া।।


পদ।।—

কানাইৰ দেখিয়া ৰূপ হৰিল সুৰুতি।

অপমানে মনমথে নধৰে মূৰুতি।।

কানাইৰ দেখিয়া মুখ মনত বিকলে।

পূৰ্ণশশী থিৰ নোহে গগন মণ্ডলে।।

কানাইৰ দেখিয়া দুই নয়ন উজ্জ্বল।

জাম্প দিয়া জল মাজে ৰহিল কমল।।

কানাইৰ দেখিয়া ৰূপ আতি মন লাজে।

মদনা লুকায়া ৰৈল হূদয়ৰ মাজে।।

কানাইৰ ৰূপেৰ উপমাক কেবা ক্ষেম।

একপুঞ্জ হুয়া আছে গোপিনীৰ প্ৰেম।

সকলে জগতে বোলে কানাই কলীয়া।

কালা নোহে শ্যামৰূপ ধৰিছে অমিয়া।।

অনেক যতনে বিধি চাইল মনে গুণি।

আপুন ৰূপেৰ কানু উপমা আপুনি।

কানাইৰ দেখিয়া ৰূপ মোহে ত্ৰিভুৱন।

কহয় মাধৱ গতি নন্দেৰ নন্দন।।


5. কদম্ব তৰু তলে । Kadamb toru tole


ৰাগ : কেদাৰ

তাল : পৰি


ধ্ৰুং।।— 

কদম্ব তৰু তলে, নবীন-নীৰদ, ৰুচিৰ সুন্দৰ শ্যাম।

ভুৱন-মোহন, মূৰুতি মনোহৰ, কতিহো নাহি উপাম।।


পদ।।—

ভ্ৰূৱ মনোহৰ নয়ন চঞ্চল বয়ন চান্দ উজোৰ।

হাঁসিতে অমিয়া বৰিষে পেখি সখি জীৱন নাৰহে মোৰ।।

কতনা যতনে বিধি নিৰমিল সুন্দৰ কানুক ৰূপ।

পেখিতে লাৱণ্য লাজে ভয়ো পুনু কৌটি মনমথ চুপ।।

ৰতন ভূষণ যৈছে নিৰমল গগণে তাৰা শোহায়।

কহয় মাধৱ হামাৰি মজু মন নন্দকু নন্দন পায়।।

Leave a comment

Trending