1. গোকুলে আজু গোপাল । Gokule aaju Gopal – Madhavdev

ৰাগ : ভাটিয়ালী বা শ্ৰী

তাল : একতাল

ধ্ৰুং।।— 

গোকুলে আজু গোপাল বিনে ভয়ো আন্ধিয়াৰি।

উগত সুৰ দূৰ গয়োৰে মুৰাৰি।।

পদ।।—

হামাৰি জীৱন দূৰ গয়োৰে গোৱিন্দ।

নয়নে নেদেখোঁ আৰ পদ অৰৱিন্দ।।

ৰবি বিনে দিন নোহে জল বিনে মীন।

হৰি বিনে গোপীৰ জীৱন ভৈল ক্ষীণ।।

ধৰণী লুটিয়া গোপী ফুকাৰে সঘন।

কহয় মাধৱ গতি নন্দেৰ নন্দন।

2. প্ৰাণ পীতাম্বৰ বজায় । Pran pitambar bojai

ৰাগ : শ্ৰী

তাল : একতাল

ধ্ৰুং।।— 

প্ৰাণ পীতাম্বৰ বজায় আৱত বেণু।

বালক বেঢ়ি খেড়ি কৌতুক শোহে তনু ধেনু ৰেণু।।

পদ।।—

চন্দন তিলক অলক চাৰু সুন্দৰ

ভ্ৰূৱ সুৱলিত চাৰু হাঁসে।

থিৰ বিজুৰী উজ্জ্বৰ ঘন যৈছন

শ্যাম শোভিত পীতবাসে।।

বেণু বিষাণ নিশান শত বাজত

ধেনু চৰাৱত ৰঙ্গে।

নিৰমল গগনে তাৰক যৈচে জলকে

ৰতন ভূষণ কালা অঙ্গে।।

কুন্দ কুসুম কেশ ভূষিত সুন্দৰ বেশ

বিনোদ বিমন ৰসসিদ্ধু।

কহয় মাধৱ ওহি জগজন জীৱন

ভকত জনেৰ নিজ বন্ধু।।

3. ভালি নাচে মদন । Bhali nachi modon

ৰাগ : শ্ৰীগৌৰী

তাল : পৰি

ধ্ৰুং।।— 

ভালি নাচে মদন গোপালা।

বজাৱে মোহন বেনু, গলে বনমালা।।

পদ।।—

অৰুণ চৰণ দুহোঁ থমকে চলায়।

ঈষত ঈষত হাঁসি পষ্ণম গায়।।

শ্যামল সুন্দৰ চান্দ বয়ন বিকাশ।

কহয় মাধৱ দীন হৰি-পদ দাস।।

4. হৰিপদ কমনে বিছুৰি । Horipad komone bichhuri

ৰাগ : শ্ৰী

তাল : একতাল

ধ্ৰুং।।— 

হৰিপদ কমনে বিছুৰি ৰহোঁ এমন পামৰা।

হৰি বিনে ঝুণ্টা ওহি সয়াল সংসাৰা।।

পদ।।—

হৰিসে আতমা নিজ হৰি বন্ধু মোই।

হৰি বিনে সুহৃদ আৱৰি নাহি কোই।।

হৰিপদ সেৱা বিনে তেজু সৱ কাম।

নিগম-নিগঢ় বিত্ত জপ হৰিনাম।।

কহয় মাধৱ মন ছোৰি ভৱ-পাশা।

ভকত-সম্পদ হৰি পদে কৰু আশা।।

5. মন ভজহু কমলাপতি । Mon vajhu komolapati 

ৰাগ : বসন্ত

তাল : পৰি

ধ্ৰুং।।— 

মন, ভজহু কমলাপতি, গতি কোই আন।

হৰি পদ সেৱা নিগম পৰমাণ।।

পদ।।—

হৰি-পদ-যুগ সেৱা ভকতি নিশ্চয়।

ওহি মুকুতি হৰিপদকো লঙঘয়।

কমন মূৰুখে দাস ভাৱকো তেজয়।

হৰি পদ লঙিঘ সুখ মুকুতি ইচ্ছয়।

জানি হামাৰি মন কৰু হৰি সেৱা।

নিত্য-নিৰঞ্জন হৰি দেৱকু-দেৱা।।

ঐকান্তিক সুখ হৰি চৰণ উপাসা।

কহয় মাধৱ হৰি দাসকু দাসা।। 

Leave a comment

Trending