মানুহে মানুহৰ বাবে । Manuhe Manuhor Babe

1. মানুহে মানুহৰ বাবে

যদিহে অকনো নাভাবে

অকণি সহানুভুতিৰে

ভাবিব কোনেনো কোৱা, সমনীয়া?


মানুহে মানুহক বেচিব খুজি

মানুহে মানুহক কিনিব খুজি

ভুল জানো নহ’ব কোৱা, সমনীয়া?


দুৰ্বল মানুহে যদি

জীৱনৰ কোবাল নদি

পাৰ হয় তোমাৰে সাহত

তুমি হেৰুৱাব নেকি?

মানুহ যদি নহয় মানুহ

দানব কাহানিও নহয় মানুহ

যদি দানৱ কাহানি বা হয়েই মানুহ

লাজ পাব কোনেনো কোৱা। 


2. কানাই পাৰ কৰা হে । Kanai par kora he

অ’ কানাই পাৰ কৰা হে বেলি পৰিল ছাঁয়া
নষ্ট হৈল দুধেৰ ভাণ্ডাৰ বাজাৰ গৈলা বইয়া।।
কাঠৰে দেশতে থাকা অ’ কাঠৰ কিবা দুখ।
ভাঙা নৌকাত পাৰ কৰি কিবা পাৱা সুখ।।
ভাঙা নহয় চিঙা নহয় গামেৰিৰ সাৰ।।
হস্থী ঘোঁৰা পাৰ কৰা ৰাধাৰ কিমান ভাৰ।।
অন্য লোকক পাৰ কৰিলা অ’ লৈয়া আনা আনা।
আমাৰ ৰাধাক পাৰ কৰিলা লৈয়া কাণৰ সোণা।। 


3. মোৰ গীতৰ হেজাৰ শ্ৰোতা । Mor geetor hejar shrota

 
মোৰ গীতৰ হেজাৰ শ্ৰোতা
তোমাক নমস্কাৰ!
গীতৰ সভাত তুমিয়েতো প্ৰধান অলঙ্কাৰ
প্ৰয়াস কৰোঁ তোমাৰ মুখত হাঁহি বিলাবলে,
প্ৰয়াস কৰোঁ তোমাৰ দুখত সঁচাই কান্দিবলে,
তোমাৰ ক্ৰোধত ক্ৰোধান্বিত হৈয়ো গীত ৰচোঁ
ব্যক্তি সমুহৰ হৈ সুৰৰ শৰাই যাছোঁ
(সেয়ে) গীতৰ কুসুমেৰে আজি জীৱন জোতিস্কাৰ
ভুল যদি হয় মোৰ, তুমি হোৱা চিন্তিত
সমালোতনাৰ অগনিৰে পুৰি মোকো কৰা উন্নত
শৈশৱতে এখন গীতৰ সভাত গাই
মন উজাৰ কৰোতেই বুকুত দিলা ঠাই
তোমাৰ বুকুৰ তপত উমৰ উদ্‌গনি পায়
জীৱনৰে দুপৰীয়াও আছো গীত গাই
গীতৰ সভাত আছিলোঁ মই তোমাৰেই আৱিস্কাৰ।


Leave a comment

Trending