পাখি পাখি এই মন । Pakhi pakhi ei mon

পাখি পাখি এই মন
পাথি লগা মোৰ মন
পাখি মেলি যা উৰি
উৰি পাখি মেলি যা উৰি।
জাকি মাৰি গৈ নাম
এৰি অহা পদূলিত
বুটলি আন ল’ৰালি।
দেউতাৰ হাঁহিৰে আইৰ স’তে উমলি
ৰ’দে বৰষুণে ধেমালি।
আজলি সেই আবেলি।।
দোকমোকালি মোৰ পঢ়াশালি
ইংৰাজী অংক তপিনাত এছাৰি
খিৰিকী ফাকেৰে মুকুতিৰ আবেলি
ঘৰলৈ উভতি খেলা মৰা-মৰি।
দেউতাৰ ৰঙা চকু
একেকোবে মাৰ বুকু
পঢ়া টেবুলত ভাগৰৰ টোপনি
আইৰ নিচুকনি
মৰমৰ ফুলনি
জোনমণি ৰুণজুন তেতিয়া চকুত জোন
নিভাজ আবেগত টোপাটোপে সুৰা সোণ
সাঁতুৰি-নাদুৰি এটি এটি ৰাতি দিন
খেলা লুকা-চুৰি নিজকে বিচাৰো কোন
ৰঙা-নীলা চিলা
উৰি ইৰি মনে খেলা
এতিয়া কবিতা গানৰে শনিলা
অকলে বুকুতে চকুলো বুটলি।।


2. ৰ’দ আজি কেনি পাওঁ । Rod aji keni pau-জুবিন গাৰ্গ

ৰ’দ ৰ’দ আজি কেনি পাওঁ
ৰ’দ ৰ’দ আজি কেনি চাওঁ
খিড়িকী মেলি সমুখত
এন্ধাৰ বে পাওঁ
কোঠালী এৰি বাহিৰত
পথ হেৰাওঁ
ৰ’দ ৰ’দ আজি কেনি পাওঁ
ৰ’দ ৰ’দ আজি কেনি চাওঁ

মন গ’লে মোৰ কাষলে
আহিবা এদিন অকলে
কি দৰে শোওঁ
কি দৰে খাওঁ
চাই যাবা আহি নিৰলে
স্বপ্ন য’ত নাই জীৱনো নাই
আছে মাথোঁ নিৰাশাৰ ধোঁৱা
দিন বাগৰে ৰাতি বাগৰে
শেষ নহয় এন্ধাৰক লোৱা
কবিতা হাতি আজি মায়া হ’ল
মৰিচিকা খেদি ফুৰা শেষ নহ’ল
ৰ’দ ৰ’দ আজি কেনি পাওঁ
ৰ’দ ৰ’দ আজি কেনি চাওঁ

অস্ত বেলিৰ শেষ পোহৰে
কৈছিলে মোক কথাটি
কোনো সীনা নাই কোনো শেষ নাই
উৰুঙা হ’ব যে পজাটি
অমানিশাৰ গান যিয়ে এবাৰ গাই
সৃষ্টি গুচি তাতে হব প্ৰলয়
অগ্নি বীণাৰ টান উঠিবই
প্ৰস্ত হ’ব সেই দিগ্বলয়
প্ৰভাতী পখীৰ আজি ডেউকা নাই
নিমগ্ন এন্ধাৰত আজি দিন হেৰাই
ৰ’দ ৰ’দ আজি কেনি পাওঁ
ৰ’দ ৰ’দ আজি কেনি চাওঁ
খিড়িকী মেলি সমুখত
এন্ধাৰ বে পাওঁ
কোঠালী এৰি বাহিৰত
পথ হেৰাওঁ
ৰ’দ ৰ’দ আজি কেনি পাওঁ
ৰ’দ ৰ’দ আজি কেনি চাওঁ

3. বৰষা যেতিয়া । Baroxa jetiya

বৰষা যেতিয়া নামে বুকুলে
এনে লাগে যেন সেয়া তুমিয়েই
সুৰে সুৰে দেহ-মন নাচিলে
এনে লাগে যেন তাতো তুমিয়েই
তুমিয়েই ৰচি আছা সুৰৰে এনাজৰী
মায়াবী কবিতাটো তুমিয়েই।
বৰষা…
জোনাকী দেশৰে সাধুকথা,
পালোঁ তোমাৰে ওঁঠতেবী চাৱনিৰে
বহু বেথা পাহৰালা আজি তুমিয়ে
কিদৰে পাৰ হ’ম সীমাৰ সিপাৰে
তোমাক এবাৰ চুবলে
দেহে-মনে পাবলে
ল’বলে তোমাক এবাৰ বুকুতে
আৰু যে মন নভৰে
বৰষা…
কেতিয়াবা কিয় বহু দূৰ, কেতিয়াবা কিয় বহু কাষ
কেতিয়াবা কিয় বহু পথ, কেতিয়াবা তুমি মাথোঁ দুহাত
নিজৰে মাজতে তোমাকে বিচাৰি
পাওঁ মাথোঁ শুদা হাত
অচিনাকি পৃথিৱীত নাপালো বিচাৰি সঁচা মন
তুমিহে সঁচা মন
বৰষা…।।

4. পাখি লগা মনে । Pakhi loga mone

Pakhi loga mone kio bare bare
Ture kakhole gusi jaai
Ohhoo oo o
Oo ohhoo oo o
Ture kotha bhabi uka urunga lage
Eke thire korobale saai
Ohhoo oo o
Oo ohhoo oo o

Nopore ne monote tahanire kothabur
Dhulimakotire khela luka suri roja dol
Eei tunu kar dol rojar dol
Bhangim ne nabhangim nabhangiba
Ooo harilei je pes dhora
Jikilei kirili pora
Dhapoli meli fura
Ujutit sokulu hora
Polok jopaotei hokolu holoni
Homoi pare hoi hokolu puroni
Bisarileu nupua
Ohhoo oo o
Oo ohhoo oo o

Dure dure thakibo kahaniba lagibo
Tuke eri janone nuaru je bhabibo
Rojai hukum dise edim sedim bai
Ki hukum dise edim sedim bai
Ooo roja rani khelute
Haate haat dhorute
Bhobaje nasilu jaan
Eeriboi nuarimei
Dhemalite khela roja rani hua
Mosibo hosake kahaniu nuara
Toiu bhabone etia
Ohhoo oo o
Oo ohhoo oo o

Pakhi loga mone kio bare bare
Ture kakhole gusi jaai
Ohhoo oo o
Oo ohhoo oo o
Ture kotha bhabi uka urunga lage
Eke thire korobale saai
Ohhoo oo o
Oo ohhoo oo o
Ohhoo oo o
Oo ohhoo oo o

Leave a comment

Trending