There are lots of words in Assamese same with different meaning, একে উচ্চাৰণৰ ভিন্ন অৰ্থবোধক শব্দ।
উচ্চাৰণৰ ভিন্ন অৰ্থবোধক শব্দ
Same words with different meaning
একে বা সম উচ্চাৰণৰ ভিন্ন অর্থবোধক শব্দঃ-
অসমীয়া ভাষাত একে বা সম উচ্চাৰণাত্মক অথচ ভিন্ন অর্থবোধক অজস্র শব্দ আছে। মন কৰিবলগীয়া, এই শব্দবোৰৰ উচ্চাৰণহে একে কিন্তু ইবোৰৰ বানান বা আখৰ-জোঁটনি প্রায়ে সামান্য পৃথক। সেয়েহে তেনেবোৰ শব্দৰ অৰ্থৰ পার্থক্য নির্দেশ কৰিবলৈ সেই শব্দবোৰৰ আখৰ-জোঁটনিলৈ মন কৰিব লাগিব। একে উচ্চাৰণৰ ভিন্ন অর্থবোধক শব্দ কিছুমান হ’ল—
শব্দ অৰ্থ
1.
অনু = পিছত।
অণু = অতি ক্ষুদ্ৰ, ক্ষুদ্ৰতম অংশ, সৰু।
2.
অটল = স্থিৰ, লৰচৰ নোহোৱা।
অতল = অতি দ, তল পাব নোৱৰা।
3.
অঁটা = জোৰা মৰা বা প্ৰয়োজন অনুসৰি হোৱা
অতা = চাফা বা পৰিষ্কাৰ কৰা।
4.
অৱদান = সফল কাম।
অৱধান = মনোযোগ দিয়া।
5.
অন্ন = খাদ্য।
অন্য = আন।
6.
অন্তঃ = মাজত থকা।
অন্ত্য = শেষত থকা।
7.
অভিহিত = কথিত।
অবিহিত = অন্যায়।
8.
অভিনয় = ভাওনা।
অভিনৱ = নতুন।
9.
অবিজ্ঞ = মূৰ্খ।
অভিজ্ঞ = জান, জ্ঞানী।
10.
আঁট = জোৰ, টানি বান্ধি
আত = সূতাৰ মূল।
11.
আঁচল = কাপোৰৰ আগ। 2020
আচল = প্রকৃত।
12.
আভাস = ইংগিত।
আবাস = থকা ঠাই।
13.
আটা = ঘেঁহুৰ গুৰি
আতা = ককা, মান্যজন।
14.
আবৰন = ঢাকনি।
আভৰণ = ভূষণ, অলংকাৰ।
15.
আচাৰ = নিয়ম-নীতি, মুখ ৰুচিকৰ খাদ্য।
আছাৰ = ধোৱা।
16.
আঁহ = গছৰ ছাল বা ফল আদিৰ ভিতৰত থকা মিহি সূতাৰ নিচিনা বস্তু।
আহ = মতা কাৰ্য, কাষলৈ আহ।
17.
কড়ি = সাগৰীয় জীৱৰ খোলা।
কৰী = হাতী।
18.
কঠা = মাটিৰ জোখ (কুৰি লেচাই একঠা)।
কথা = শব্দ, বাক্য, আলাপ।
কঁথা = ফটা কাপোৰেৰে তৈয়াৰী গাত লোৱা কাপোৰ।
19.
কাণ = শুনা ইন্দ্ৰিয়
কান = কান্ধ, দাঁতি।
20.
কণা = চকুৰে নেদেখা
কনা = আঁটি (কুঁহিয়াৰৰ একো মুঠা)
21.
কানি = ফটা কাপোৰ, আফিং।
কাণী = কণা তিৰোতা।
22.
কাঁৰ = চাউল সেঁকীত পৰিষ্কাৰ কৰা।
কাঁড় = শৰ।
23.
কথা = বচন।
কঁথা = ফটা-কানিৰে তৈয়াৰী নিহালি।
24.
কাঁহ = এবিধ ধাতু। 2020
কাহ = এবিধ ৰোগ (কাহ মৰা)।
25.
কতীয়া = কাতি মাহত জন্ম।
কটীয়া = চাপৰ।
26.
কুট = সৰু-সৰুকৈ কাট।
কূট = মিছা, টাটক।
27.
কূল = পাৰ
কুল = বংশ
28.
কুলী = বনুৱা।
কুলি = এবিধ চৰাই।
29.
কোন = প্ৰশ্নবোধক সৰ্বনাম (কোন আহিছে?)।
কোণ = চুক, দুডাল ৰেখা কটা-কটিকৈ লগ লাগি।
30.
কাচ = কাপোৰ থুকুচি ধোৱা
কাঁচ = চিচা
31.
কাজি = মুছলমানৰ বিচাৰক
কাজী = বোৱা-কটাত পাকৈত তিৰোতা।
32.
কুন্দ = এবিধ ফুলৰ নাম
কুণ্ড = ঘূৰণীয়া গাঁত, যজ্ঞ আদি কৰা ঠাই।
33.
কেৰাহি = এফলীয়াকৈ চোৱা।
কেৰাহী = ৰন্ধাৰ পাত্ৰ।
34.
খাত = খেতিৰ পাম। 2022
খাট = শোৱাৰ বিচনা, পালেং।
35.
খাটি = কষ্ট কৰি।
খাঁটি = নির্ভেজাল।
36.
খটীয়া = এবিধ পহু।
খতীয়া = কামত উপস্থিত নথকা কাল।
37.
খালী = উদং।
খালিকল = পটুৱাৰ পাত্র।
38.
খটীয়া = এবিধ পহু।
খতীয়া = কামত উপস্থিত নথকা সময়।
39.
গঢ় = আকৃতি, নির্মাণ কৰা।
গৰ = বস্তুৰ তলত পাৰি দিয়া।
40.
গঁড় = এবিধ জন্তু (এশিঙিয়া গড়), মাটিৰ ওখ ঢাপ। 2020
গড় = দুৰ্গ, মাটিৰ ঢাপ। 2020
গৰ = বস্তুৰ তলত পাৰি দিয়া কাঠ।
41.
গিৰি = পর্বত। HS-2022, 2020
গিৰী = গৰাকী, গিৰীয়েক, স্বামী। HS-2022, 2020
42.
গাড়ী = চকা লগোৱা বাহন।
গাঁৰি = মূৰ নথকা।
43.
গাঁও = 2020
গাওঁ = 2020
44.
গোৰ = ভৰিৰ আঘাত।
গুৰ = মিঠাই।
45.
গুলি = গুলি সূতা, মেৰিয়াই থোৱা কাপোৰ চিলোৱা মিহি সূতা।
গুলী = বন্দুকৰ গুলী।
46.
ঘটি = নাকৰ ভিতৰৰ নোম।
ঘটী = পানীৰ পাত্র।
47.
ঘাটি = লোকচান, কম হোৱা বা টুটা, যান-বাহন ৰোৱা ঠাই।
ঘাতী = বধ কৰোঁতা।
48.
ঘাঁট = মঠা বা মাৰি আদিৰে লৰোৱা
ঘাঁত = গায়নৰ বাজনাৰ ঘাঁত
ঘাট = নৈৰ পানী অনা বা নাৱত উঠা-নমাৰ ঠাই।
49.
চয় = সমূহ।
ছয় = সংখ্যা ৬।
50.
চল = গতি কৰা, সুযোগ, সুবিধা।
ছল = ঠগ, ফাঁকি, প্ৰৱঞ্চনা।
51.
চকলিয়া = চকলা চকল কৰা
চকলীয়া = চেপেটা আৰু ঘূৰণীয়া আকাৰৰ।
52.
চা = চোৱা, বিবেচনা কৰা।
ছাঁ = ছায়া
53.
চুটি = সংক্ষেপ।
ছুটী = কামৰ পৰা বিৰাম (স্কুল ছুটী হ’ল)।
54.
ছাউনী = সৈন্য থকা ঠাই।
ছাউনি = ঘৰৰ ওপৰৰ চাল ঢাকা।
55.
চাল = ঘৰৰ চাল, ঘৰৰ ওপৰৰ ঢাকনি।
ছাল = গছৰ বাকলি; মানুহ, জীৱ-জন্তু, প্ৰাণী আদি গাৰ ছাল।
56.
ছাতি = ৰ’দ-বৰষুণৰ পৰা ৰক্ষা পৰা সঁজুলি
ছাটি = দূৰলৈ সিঁচৰিত কৰি দিয়া।
57.
চাই = দেখি
ছাই = ভস্ম
58.
চুৰা = জুলীয়া গুৰ।
চূড়া = শীর্ষবিন্দু।
59.
চিকাচন্দা = ভাল বেয়া বাছ-বিচাৰ কৰি খোৱা।
ছকাছন্দা = ছয়াময়া পোহৰ
60.
চুৰি = লুকুৱাই নিয়া
ছুৰী = কটাৰী
61.
চুৰা = জুলীয়া গুৰ, কোৰাণৰ অধ্যায়
চূড়া = কোনো বস্তুৰ ওপৰৰ ভাগ, টিং
62.
জান = প্রাণ, জনা, বুজি পোৱা, সৰু জুৰি।
যান = বাহন।
63.
জুটি = ফান্দ।
যুটি = সাঙুৰি।
যুতি = সোৱাদ, এবিধ সুগন্ধি লতা ফুল।
64.
জীণ = হজম হোৱা।
জিন জয় লাভ কৰা, ঘোঁৰাৰ পিঠিত পৰা গাদী
টিকা = ওখ ঠাই, তপিনা
টীকা = ব্যাখ্যা
65.
ঠান = গঢ় স্থিৰতা।
থান = সত্র, পৱিত্ৰ ঠাই।
66.
ঠৰ = ধানৰ ছয় মুঠি, লৰচৰ কৰিব নোৱাৰা।
থৰ = ধৈৰ্য, স্থিৰতা।
67.
ডঁৰ = অর্থদণ্ড।
ডৰ = ভয়।
দৰ = দাম।
68.
তলি = তলৰ অংশ
তলী = তুলা ভৰোৱা গাদী, শস্য থকা ঠাই।
69.
তুলি = শুৱনি, তুলিকা।
তুলী = বিছনাত পৰা গাদী।
70
দ্বিপ = হাতী।
দ্বীপ = পানীৰে আগুৰা ঠাই। 2022
দীপ =
71.
দীন = দুখীয়া। 2022
দিন = সময়ৰ ভাগ।
72.
দেশ = ঠাই।
দ্বেষ = হিংসা।
73.
ধনী = চহকী।
ধ্বনি = শব্দ, অনুৰণন।
74.
ধুতি = শুচি।
ধূতী = চুৰিয়া।
ধল = বাঢ়নি পানী।
ঢল = কাতি হ।
নীৰ = পানী।
নীড় = চৰাই বাহ।
75.
পটা = মচলা বটা শিলৰ পাচ, মচনা বটা পিহনা।
পতা = চকু ঢকা ছাল।
পীত = হালধীয়া বৰণ।
পিত = সাহ।
78.
পাণ = তামোলৰ লগত খোৱা লতাজাতীয় পাত
পান = পি খোৱা
79.
পিত = সাহ
পীত = হালধীয়া।
80.
পটি = কাপোৰৰ পাৰি
পতি = স্বামী
81.
প্রকৃত = আচল।
প্রাকৃত = প্রকৃতিৰ পৰা হোৱা।
82.
পাঁচ = সংখ্যা ৫।
পাছ = পিঠিফাল।
83.
পানী = জল, খোৱা পানী। HS-2024
পাণি = হাত। HS-2024
84.
প্ৰসাদ = অনুগ্রহ, পূজা বা নামৰ উপকৰণ
প্রাসাদ = অট্টালিকা
85.
পীৰা = বহা আসন।
পীড়া = ৰোগ বা কষ্ট।
পিৰা = তপিনা।
86.
পুত = পুত্ৰ
পূত = পৱিত্ৰ
87.
পুথি = কিতাপ। 2022
পুঠি = এবিধ মাছ।
88.
ফণি = চুলি আঁচোৰা সঁজুলি।
ফনি = সাপ।
89.
বাণ = শৰ, মাছ ধৰা সঁজুলিবিশেষ।
বান = বান পানী।
90.
বাকি = ঢালি।
বাকী = উঠনা।
91.
বাৰি = পানী।
বাৰী = গছ-গছনি থকা ঠাই।
বাঁৰী = বিধৱা।
92.
বাট = পথ।
বাত = এবিধ ৰোগ।
93.
বিনা = নোহোৱা, বাহিৰে।
বীণা = এবিধ বাদ্য যন্ত্র।
বাঁহ = বাঁহ গছ। HS-2024
বাহ = চৰাইৰ বাহ। HS-2024
বলি = বল থকা লোক। 2022
বলী = গোসাঁনীৰ আগত দিয়া পূজাৰ সামগ্ৰী।
বেছি = সৰহ।
বেচি = বিক্ৰী কৰি।
94.
ভৰণি = অনাহক লোকচান, অবাৱত ব্যয় হোৱা।
ভৰণী = এটা নক্ষত্ৰৰ নাম
95.
ভেটি = ঘৰৰ বাবে নির্মিত ওখ স্থান
ভেঁটী = উপঢৌকন
96.
ভাতী = কমাৰৰ জুইশাল
ভাটি = নৈৰ সোঁতৰ দিশ; পশ্চিম, শেষভাগ।
97.
ভাত = অন্ন।
ভাট = প্রশস্তিগায়ক, স্তুতি পাঠক।
98.
মিতা = বন্ধু।
মিটা = মীমাংসা।
99.
মঠ = দ’ল।
মথ = ঘোঁট।
100.
মুচী = জোতা চিলাই কৰা মনুহ।
মুচি = কঠালৰ কলি।
101.
লক্ষ্য = উদ্দেশ্য।
লক্ষ = লাখ।
102.
লুহিয়া = নৈৰ দাঁতিত হোৱা দীঘলীয়া বন।
লুহীয়া = লোৰ চৰু বা কেৰাহী।
সম = সমান।
শম = শান্তি, মনৰ স্থিৰতা।
সাৰ = শস্যত দিয়া ঔষধ।
ষাঁড় = ষাঁড় গৰু, নবন্ধোৱা দমৰা।
সুকৰ = উজু, সহজতে কৰিব পৰা।
শূকৰ = গাহৰি।
সুগঢ়ি = ধুনীয়া, গঢ়ত নিখুঁত।
সুগৰী = এবিধ পহু।
সুৰ = গানৰ সুৰ।
শুঁৰ = হাতীৰ শুঁৰ।
সোধা = প্রশ্ন সোধা।
শোধা = পৰিশোধ কৰা।
সুধা = অমৃত।
সমাজিক = সপোন
সামাজিক = সমাজ সম্বন্ধীয়।
সাপ = এবিধ সৰীসৃপ।
শাপ = শাও।
সৰ = তলত পৰ, গাখীৰ উতলালে হোৱা চামনি।
শৰ = এবিধ পহু, কাঁড়।
সূচী = বিষয় তালিকা।
শুচি = পৱিত্ৰ।
সুকীৰ্তি = সুকৰ্ম
সুকূতী = জ্ঞানী, পুণ্যৱান।
সিটা = ৰস চেপি উলিওৱা জাবৰ।
সীতা = ৰামৰ পত্নী।
স্বীকাৰ = মানি লোৱা
চিকাৰ = জন্তু মৰা কাৰ্য
শীল = আচৰণ, স্বভাৱ।
শিল = পাথৰ।
শালি = এবিধ ধান।
শালী = যুক্ত
শাপ = শাও।
সাপ = এবিধ সৰীসৃপ।
শোধা = গতাই দিয়া।
সোধা = প্ৰশ্ন কৰা।
শকত = নোদোকা, হৃষ্ট-পুষ্ট
শকট = গাড়ী
হাড় = অস্থি, মঙহৰ ভিতৰৰ টান ভাগ।
হাৰ = ডিঙিত পিন্ধা অলংকাৰ।
হাতী = এবিধ জন্তু
হাটী = শাৰী শাৰীকৈ সজা ঘৰ
হাড়ী = মাটিৰ পাত্র।
হাৰি = এটা বিশেষ সম্প্ৰদায়
হাট = বজাৰ। HS-2020, 2024
হাত = মানুহৰ শৰীৰৰ এক অংগ। HS-2020, 2024
1. ফকৰা-যোজনা, ভাব সম্প্রসাৰণ কৰা । Proverbs in Assamese
2. উচ্চাৰণৰ ভিন্ন অৰ্থবোধক শব্দ । Same words with different meaning
3. চন্দ্রবিন্দু (ঁ) ৰ ব্যৱহাৰ । Uses of Chandrabindu
5. English Grammar Correct Tense
@ Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512
Leave a comment