বাৰ মাসে তেৰ ফুল ফোটে । Baro mase tero phool fote – Pratima Barua

বাৰ মাসে তেৰ ফুল ফোটে
বছৰে ফোটে হোলা সই
    নাযাইও যমুনাৰ জলে
তোমৰা নাযাইও নাযাইও নাযাইও সইহে
    ঐ না যমুনাৰ জলে।

যে ঘাটে ভৰিব আৰো জল
সেই ঘাটে কানাইয়া সই
নাযাইও যমুনাৰ জলে।

নন্দেৰ বেটা চিকণ আৰ কালা
কালা দিলেক বিষম জ্বালা সই
নাযাইও যমুনাৰ জলে।


(adsbygoogle = window.adsbygoogle || []).push({});

কদম গাছে হেলানিৰে দিয়া
কালা বাজায় মোহন বাঁশী সই
    নাযাইও যমুনাৰ জলে।

পদেৰ উপৰ পদ আৰো থুইয়া
ৰাধা গাঁধে ফুলেৰ মালা সই
নাযাইও যমুনাৰ জলে।
তোমাৰা নাযাইও নাযাইও সইহে
    ঐ না যমুনাৰ জলে।

 

2. ধিকো ধিকো মইষাল । Dhiko  dhiko dhiko moishal

ধিকো ধিকো ধিকো মইষাল ৰে
মইষাল ধিকো গাভুৰালি
এহেন সুন্দৰ নাৰী কেমনে যাইবেন ছাড়ি
    মইষাল ৰে

তখনি না কইচং মইষাল ৰে
মইষাল না যান গোৱালপাৰা
গোৱালপাৰাৰ চেংৰীগুলা জানে ধূলা-পড়া
মইষাল ৰে

তখনি না কইচং মইষাল ৰে
মইষাল না যান গোৱালপাৰা
কাড়িয়া নিবে হাতেৰে বাঁশী 

ছিড়িবে গলাৰ মালা
    মইষাল ৰে


তোমৰা যাইবেন মইষ বাথাৰ ৰে
মইষাল কিনিয়া আনিবেন কি
তোমাৰ পেন্দনেৰ শ্যামলাই ধুতি 
আমাৰ দাঁতেৰ মিশি
    মইষাল ৰে

আৰে ছাড়ো ছাড়ো ছাড়ো কন্যা ৰে
    কন্যা মিছা তোমাৰ মায়া
ফুলেৰ যৌৱন শুকিয়া গেইলে উড়ি যায়
ভোমৰা কন্যা ৰে।


 
3.  বন্ধুৰ বাৰীতে তাল গাছে । Bondhur barite tal gasse
 
কি বন্ধুৰ বাৰীতে তাল গাছে ঢোলে
হেচ্‌কা টানে পীৰিত খসে
মাঘ মাসি শীতে
কি যাৰে বন্ধু যা
জ্বলেয়া গেইলেন মনেৰ আগুন
নিবিয়া গেইলেন না
বন্ধু ধন ধন ৰে
এতই গোসা কি তোমাৰ শৰীৰে
দেখিতে দেখিতে গাবুৰ হনু
ৰবিবাৰেৰ দিন মাথা ধুনু
টাৰীক চেংৰা ছাৰে না
আৰো দিয়া যায় পীৰিতেৰ বায়না
বাপো মাও মোৰ হিয়া ছাড়া
বেচেয়া না খায় মোক ছোটতে
যৌৱন ঢোলে মোৰ পূৱাল বাতাসে
কি বন্ধুৰ বাৰীতে তাল গাছে ঢোলে


4. ওপাৰে কামৰাঙ্গা গাছ । Opare kamranga gachh

ওপাৰে কামৰাঙ্গা গাছ ঝিকিমিকি কৰে পাত
ঐ টা হইল মোৰ বাপো মায়েৰ দেশ
মোৰ জান কালা ৰে
বাপো মাও কি কাৰণ
বেচেয়া খাইল মোক আকাৰণ
বেচেয়া খাইল মোক মদকিয়াৰ ঘৰে
মোৰ জান কালা ৰে
মদকিয়া মদ খায়, মোৰ পৰাণটা জ্বলিয়া যায়
গোটা ৰাইত মোৰ নিন্দ বিহনে কাটে
মোৰ প্ৰাণ কালা ৰে
ওপাৰে তমবুলেৰ গাছ
ঢলো মলো কৰে পাত
এটা হইল মোৰ বুঢ়া বাবাৰ দেশ
মোৰ জান কালা ৰে
বুঢ়া বাবা কি কাৰণ
বেচেয়া খাইলমোক অকাৰণ
বেচেয়া খাইল মোক গুৱাচাটাৰ ঘৰে
মোৰ জান কালাৰে
গুৱাচাটা গুৱা খায়
মোৰ পৰাণটো জ্বলিয়া যায়
সোণাৰ হাত মোৰ কাটাইৰেতে কাটে
মোৰ জান কাল ৰে
ওপাৰে কামৰাঙ্গা গাছ ঝিকিমিকি কৰে পাত
ঐ টা হইল মোৰ বৰ ভাইয়েৰ দেশ
মোৰ জান কালাৰে
বড় ভাইৰে কি কাৰণ
বেচেয়া খাইল মোক অকাৰণ
বেচেয়া খাইল মোক মদকিয়াৰ ঘৰে
মোৰ জান কালা ৰে।

Leave a comment

Trending