একাদশ শ্ৰেণীৰ পৰিবেশ শিক্ষা

অধ্যায় ৩ : জৈৱ-বৈচিত্ৰ্য আৰু ইয়াৰ সংৰক্ষণ
Class 11 Environment : Biodiversity and conservation

1. অতি চমু প্ৰশ্নোত্তৰঃ-

i. জৈৱ-বৈচিত্ৰ্যৰ অৰ্থ হ’ল—

(a) অজৈৱ কাৰক

(b) জৈৱ কাৰক

(c) জৈৱিক বিচিত্ৰতা

(d) জৈৱিক স্পন্দন

উত্তৰঃ- (c) জৈৱিক বিচিত্ৰতা


ii. জিনীয় ভিন্নতা মানে–

(a) এটা প্ৰজাতিৰ মাজত থকা জিনীয় ভিন্নতা 

(b) এটা জাতিৰ মাজত থকা জিনীয় ভিন্নতা 

(c) এটা বসতিস্থানৰ মাজত থকা জিনীয় ভিন্নতা 

(d) দুটা প্ৰজাতিৰ মাজত থকা জিনীয় ভিন্নতা 

উত্তৰঃ- (a) এটা প্ৰজাতিৰ মাজত থকা জিনীয় ভিন্নতা


iii. উচ্চ প্রজাতিগত বৈচিত্র্য পোৱা যায়- HS-2014

(a) নাতিশীতোষ্ণ অৰণ্যাঞ্চলত

(b) পর্বত শৃংগত

(c) বিষুৱীয় অৰণ্যত

(d) ৰাস্তাৰ দুয়োকাষে

উত্তৰঃ- (c) বিষুৱীয় অৰণ্যত


iv. জীৱ-বৈচিত্ৰ্যৰ গুৰুত্বপূৰ্ণ স্থানৰ ধাৰণাটো আগবঢ়াইছিল— HS-2013

(a) ডাৰউইনে

(b) মেয়াৰে

(c) ফ্লেমিঙে

(d) ডে-লিজে

উত্তৰঃ- (c) মেয়াৰে।


v. উত্তৰ-পূৰ্বাঞ্চল জীৱ-বৈচিত্ৰ্যৰ দুটা গুৰুত্বপূৰ্ণ স্থানৰ সংগমস্থলত অৱস্থিত। ই হ’ল-

(a) হিমালয় আৰু আন্দামান

(b) হিমালয় আৰু বাংলাদেশ

(c) হিমালয় আৰু ইণ্ডোবাৰ্মা

(d) হিমালয় আৰু বংগোপসাগৰ

উত্তৰঃ- (c) হিমালয় আৰু ইণ্ডোবামা।


vi. মহা জৈৱ-বিচিত্ৰতাৰ দিশৰ পৰা পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান— HS-2013

a) ১২তম

b) ১০তম

c) ১১তম

d) ৯ তম

উত্তৰঃ- c) ১০তম


vii. বন্যপ্রাণী উৎকর্ষ সাধনৰ বাবে সংৰক্ষিত এলেকা য’ত মানুহৰ কাৰ্যকলাপ নিষেধ-

a) ৰাষ্ট্ৰীয় উদ্যান

b) অভয়াৰণ্য

c) সংৰক্ষিত এলেকা

d) বনাঞ্চল

উত্তৰঃ- a) ৰাষ্ট্ৰীয় উদ্যান


viii. BOD এ সূচায়-

a) Biological Oxygen Demand

b) Botanical Oxygen Demand

c) Bio Demand of Oxygen

d) Botanical Demand of Oxygen.

উত্তৰঃ- a) Biological Oxygen Demand


ix. এটা জৈৱ সম্প্ৰদায় আৰু ইয়াৰ প্ৰাকৃতিক পৰিবেশ য’ত পদাৰ্থ আৰু শক্তিৰ আদান-প্রদান হয়-

a) খাদ্য শৃংখল

b) খাদ্য পিৰামিড

c) পৰিস্থিতিতন্ত্ৰ

d) খাদ্যজাল

উত্তৰঃ- c) পৰিস্থিতিতন্ত্র


x. পৃথিৱীৰ স্থলভাগৰ কিমান অংশ অৰণ্যৰে আবৃত— HS-2014

a) দুই ভাগৰ এক অংশ

b) তিনি ভাগৰ দুই অংশ

c) তিনি ভাগৰ এক অংশ

d) চাৰি ভাগৰ এক অংশ

উত্তৰঃ- c) তিনি ভাগৰ এক অংশ


xi. কপৌফুল এবিধ- HS-2013

a) পৰাশ্রয়ী উদ্ভিদ

b) ফুল

c) পৰজীৱী উদ্ভিদ

d) স্বভোজী উদ্ভিদ

উত্তৰঃ- a) পৰাশ্রয়ী উদ্ভিদ


2. ধৰিত্ৰী সন্মিলন কোনটো বছৰত অনুষ্ঠিত হৈছিল।

উত্তৰঃ- ধৰিত্ৰী সন্মিলন ১৯৮২ চনত অনুষ্ঠিত হৈছিল।


3. আমাৰ দেশৰ দুটা জৈৱ-বৈচিত্ৰ্য সংৰক্ষণৰ ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰা।  HS-2020

উত্তৰঃ- আমাৰ দেশৰ দুটা জৈৱ-বৈচিত্ৰ্য সংৰক্ষণৰ ব্যৱস্থা হ’ল-

(a) অন্তঃসংৰক্ষণ ব্যৱস্থাৰ ভিতৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। ইয়াত এশিঙীয়া গঁড় সংৰক্ষণ কৰা হয়।

(b) বহিঃসংৰক্ষণ ব্যৱস্থাৰ ভিতৰত হ’ল নতুন দিল্লী নেছনেল ব্যুৰ’ অৱ প্লেন্ট জেনেটিক ৰিছাৰ্ছ।


4. উৎপাদনমূলক মূল্য কি? HS-2018, 2013

উত্তৰঃ- জৈৱ-বৈচিত্ৰ্যৰ বিভিন্ন উৎসৰ পৰা বাণিজ্যিকভাবে প্রস্তুত বা উৎপাদন কৰা সামগ্ৰীবোৰেই উৎপাদনমূলক সামগ্রী। বর্তমান কালতো পৰম্পৰাগত সাদায়সমূহৰ বৃহৎ সংখ্যকেই সম্পূর্ণভাবে অথবা আংশিকভাৱে তেওঁলোকৰ দৈনিক প্রয়োজন হোৱা সা-সামগ্রী, খাদ্য, আশ্রয় স্থল, বস্তু বিশেষ, ঘৰুৱা প্ৰয়োজনৰ সা-সামগ্ৰী, ঔষধ, সাৰ আৰু বিনোদনৰ বাবে এইবোৰ উৎপাদনৰ ওপৰতে নিৰ্ভৰ কৰে। হাতীৰ দাঁত, পাটপলুৰ পৰা তৈয়াৰ কৰা পাটৰ কাপোৰ, ভেড়াৰ নোমৰ পৰা তৈয়াৰ কৰা ঊণৰ কাপোৰ, লা পোকৰ পৰা উৎপন্ন লা আদি প্ৰাণী-বৈচিত্ৰ্যৰ পৰাই আহৰণ কৰা হয়। বহু উদ্যোগ ঘাইকৈ উদ্ভিদ সামগ্ৰীৰ ওপৰতে নিৰ্ভৰশীল। যেনে– কাগজ আৰু কাগজৰ মণ্ডৰ উদ্যোগ, চেনি উদ্যোগ, প্লাইউড উদ্যোগ, ৰেলৱেৰ শিপাৰ আদি।


5. জীৱ সম্পদৰ চোৰাং বেহা (বা বায়’পাইৰেচি) কি?

উত্তৰঃ- বায়’পাইৰেচি হৈছে এখন দেশৰ পৰা জীৱজাত সম্পদক হস্তান্তৰ কৰি আন এখন ঠাইলৈ নিয়া আৰু তাৰ পৰা উৎপাদিত দ্ৰব্যৰ পেটেণ্ট বা অধিকাৰ আদায় কৰা। কিছুমান দেশৰ থলুৱা লোকসকল হৈছে জ্ঞান আৰু বিশ্বাসৰ ভঁৰাল স্বৰূপ। কিছুমান কোম্পানীৰ এজেণ্ট বা মধ্যভোগীয়ে এই পৰম্পৰাগত জ্ঞান বা মূল্যবান জীৱ পদাৰ্থ সংগ্ৰহ কৰে আৰু সেইবোৰক নিজৰ পেটেণ্ট লাভ কৰিব পৰাকৈ উপযোগী কৰি লয়৷ এইদৰে তেওঁলোকে এই দ্রব্যসমূহৰ ব্যৱসায়-বাণিজ্য কৰিবৰ বাবে অনৈতিক প্ৰক্ৰিয়াৰে অধিকাৰ আদায় কৰি লয়। বিভিন্ন দেশত এনে ধৰণৰ বহু ঘটনা ঘটিছে। কিছুমান নির্দিষ্ট মূল্যবান জীৱসম্পদৰ চোৰাং বেহা বা বায়’পাইৰেচি জৈৱ-বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি হৈ পৰিছে।


6. ৰাষ্ট্ৰীয় পৰ্যায়ত জীৱবিজ্ঞানৰ বৈচিত্ৰ্যতা কি?

উত্তৰঃ- ৰাষ্ট্ৰীয় পৰ্যায়ত জীৱবিজ্ঞানৰ বৈচিত্ৰ্যত : প্ৰত্যেক দেশৰ বিচিত্ৰতা ইয়াৰ জলবায়ুৰ ওপৰত নিৰ্ভৰ কৰি চলে। ভাৰতত গছ আৰু প্ৰাণীৰ প্ৰচুৰ বিচিত্ৰতা আছে। বিশ্বৰ মুঠ বিচিত্ৰতাৰ ৬ শতাংশ ভাৰততেই পোৱা যায়। ভাৰতৰ স্থান উদ্ভিদৰ ক্ষেত্ৰত দশম আৰু উচ্চস্তৰত মেৰুদণ্ডী endemism প্ৰজাতিৰ ক্ষেত্ৰত ইয়াৰ স্থান ১১তম আৰু বিচিত্ৰতাৰ কেন্দ্ৰৰ ওপৰত বা কৃষিজাত শস্যৰ ওপৰত ভিত্তি কৰিলেই ইয়াৰ স্থান ষষ্ঠ। আমাৰ দেশত জীৱিত প্ৰজাতি ১৫০,০০০ বিধ চিনাক্ত কৰা হৈছে, বিশ্বৰ ২৫ খন Hot spot ত দুখনেই ভাৰতত অৱস্থিত। এখন উত্তৰ-পূব অঞ্চলত আনখন পশ্চিমঘাত অঞ্চলত। ভাৰতৰ স্থান Mega Biodiversityৰ ক্ষেত্ৰত ১২তম।


7. জৈৱ বৈচিত্ৰ্য সংথলীতে আৰু বাসভূমিৰ পৰা নিলগত জৈৱ-বৈচিত্ৰ্যৰ সংৰক্ষণ কেনেকৈ কৰা হয়?

উত্তৰঃ- যেতিয়া জীৱ-জন্তুবোৰ প্ৰাকৃতিকভাৱে বিৰাজ কৰা পৰিৱেশতে জন্ম হৈ ডাঙৰ-দীঘল আৰু বিকাশ হ’বলৈ দিয়া হয় তেতিয়া সেই পদ্ধতিটোকে বাসভূমিতে কৰা সংৰক্ষণ বোলা হয়। বন্যপ্ৰাণী সংৰক্ষণৰ অভয়াৰণ্য, সংৰক্ষিত বনাঞ্চলসমূহ, আৱাসস্থল ইত্যাদি হ’ল এনে সংৰক্ষণৰ উদাহৰণ৷

আনহাতে যেতিয়া জীৱ-জন্তুবোৰক বসতি স্থলৰ পৰা আঁতৰাই বেলেগ স্থানত কৃত্ৰিমভাৱে প্ৰাকৃতিক পৰিৱেশৰ সৃষ্টি কৰি সংৰক্ষণ কৰা হয় তেতিয়া তেনে ব্যৱস্থাক বাসভূমিৰ পৰা নিলগত কৰা সংৰক্ষণ বুলি বুজা যায়। এই ব্যৱস্থাৰ জৰিয়তে লুপ্তপ্ৰায় আৰু বিপদজনক অৱস্থাত থকা প্ৰাণীৰ সংৰক্ষণ কৰা হয়। এনে সংৰক্ষণৰ উদাহৰণ হ’ল চিৰিখানাবোৰ।


8. জৈৱ-বৈচিত্ৰ্য্যৰ সংজ্ঞা লিখা।

উত্তৰঃ- জৈৱ-বৈচিত্র্য বুলিলে নিৰ্দ্দিষ্ট এটুকুৰা ঠাই বা অঞ্চলত স্বাভাবিক অৱস্থাত বাস কৰা বিভিন্ন প্ৰকাৰৰ জীৱৰ সমষ্টিকে বুজা যায়। UNESCO ই আগবঢ়োৱা সংজ্ঞা অনুসৰি, জীৱ-বৈচিত্র্য হ’ল স্থল, সমুদ্র আৰু আন বিভিন্ন পৰিস্থিতিতন্ত্ৰত থকা জীৱৰ সমষ্টিৰ ভিন্নতা, যিবোৰ জটিল জৈৱ পৰিস্থিতিৰ একো একোটা অংশ।

‘জৈৱিক বৈচিত্র্য’ ধাৰণাক সাধাৰণতে চমুকৈ জৈৱ-বৈচিত্র্য হিচাপে উল্লেখ কৰা হয়। জীৱৰ সংখ্যা, পৃথিৱীৰ সকলো ৰূপৰ প্ৰাণীৰ বিভিন্নতা আৰু পৃথকতা বুজাবলৈ এই সংজ্ঞা ব্যৱহাৰ কৰা হয়। ইয়াত কোটি কোটি উদ্ভিদ, জীৱ-জন্তু তথা অণুজীৱসমূহ, এইবোৰত থকা জিনসমূহ আৰু ইহঁত যাৰ অংশ সেই সকলোবোৰ সামৰি লোৱা হয়। জৈৱ-বৈচিত্র্যক সাধাৰণতে তিনিটা পৰ্যায়ত বৰ্ণনা কৰা হয়- জিনগত, প্ৰজাতি আৰু পৰিস্থিতিতন্ত্ৰ জৈৱ-বৈচিত্র্য।


9. ভাৰতৰ জৈৱ ভৌগোলিক শ্ৰেণীবিভাজন কেনেকৈ কৰা হৈছে? 

উত্তৰঃ- ভাৰতত ভিন ভিন প্ৰকাৰৰ জলবায়ু আৰু গ্ৰীষ্ম প্রবাহ দেশৰ বিভিন্ন অংশৰ বিৰাজমান আৰু এই ভিন্নতাৰ বাবেই ইয়াত অসংখ্য প্ৰকাৰৰ গছ-গছনিৰ আৱাসস্থল। ভাৰত এখন পৰম্পৰাগত জৈৱ-বিচিত্ৰতাত ধনী দেশ আৰু বিশ্বৰ উদ্ভিদ জগতৰ ১০ম স্থানত আমাৰ দেশ আছে।

সময় আৰু স্থানৰ ওপৰত নিৰ্ভৰ কৰি গছ আৰু প্ৰাণীৰ বিস্তৃতি, ক্ৰমবিকাশ, বিক্ষিপ্তকৰণ আৰু পৰিবেশৰ লগত ইহঁতৰ সম্পৰ্ক আদিৰ অধ্যয়নৰ খুবেই প্ৰয়োজন। জৈৱ ভৌগোলিকক আকৌ দুটা ভাগত বিভক্ত কৰিব পাৰি phytogeography (উদ্ভিদৰ লগত জড়িত) আৰু Zoo-geography (প্ৰাণীৰ লগত জড়িত)। আমাৰ দেশৰ উদ্ভিদ প্ৰাণীৰ বিস্তৃতি আৰু পৰিবেশৰ লগত কি সম্পর্ক তাক বিবেচনা কৰি ১০ খন এনে জৈৱভৌগোলিক অঞ্চলত ভাগ কৰা হৈছে। প্ৰত্যেক zone ত ইয়াৰ জলবায়ু, মাটি, গ্রীষ্মপ্ৰবাহ আৰু জৈৱ-বিচিত্ৰ্যতাৰ বেলেগ বেলেগ বৈশিষ্ট্য দেখা যায়।


10. অসমত মানুহ-বন্য জন্তুৰ সংঘাতৰ বিষয়ে এটি টোকা লিখা৷

উত্তৰঃ- জনসংখ্যা বিস্ফোৰণৰ ফলত মানুহৰ বাসস্থান সম্প্ৰসাৰণ, কৃষিকাৰ্যৰ সম্প্ৰসাৰণ, অৰণ্যৰ পৰা কাঠ, ইন্ধন লুণ্ঠন আদি কাৰ্যই মানুহ আৰু বন্য জন্তুৰ সংঘাতত অৰিহণা যোগাইছে। অসমত কৃষি ক্ষেত্ৰৰ সম্প্ৰসাৰণৰ ফলত বনৰীয়া হাতীয়ে আহি খাদ্যশস্যসমূহ নষ্ট কৰে যাৰ ফলত সৃষ্টি হৈছে হাতীৰ লগত মানুহৰ সংঘাত। এই মানুহ-হাতী সংঘাতৰ ফলত অসমত প্ৰতি বছৰে গড়ে ৪০ জনতকৈও অধিক মানুহৰ মৃত্যু হয়। যোৱা দশকত কেৱল শোণিতপুৰ জিলাত হাতী আৰু মানুহৰ সংঘাতৰ ফলত ১০০ জনৰো অধিক লোকে প্ৰাণ হেৰুওৱাৰ লগতে ৯০ টাতকৈও অধিক হাতীৰো মৃত্যু হৈছে। সেইদৰে অৰণ্য ধ্বংস কৰি বাসস্থানৰ সম্প্ৰসাৰণ কৰাৰ ফলত গুৱাহাটী মহানগৰীত নাহৰফুটুকী বাঘৰ অনুপ্ৰৱেশ ঘটিছে। ইয়াৰ ফলত বহুতো লোক বাঘৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হোৱাৰ লগতে কেইবাজনেও প্ৰাণ হেৰুৱাইছে। সেইদৰে এনে সংঘাতৰ পৰিণতিত বহু সময়ত বাঘেও প্রাণ হেৰুওৱা দেখা গৈছে।


11. জৈৱ-বৈচিত্ৰ্যৰ প্ৰতি প্ৰধান ভাবুকিসমূহ কি? HS-2019, 2014

উত্তৰঃ- প্ৰজাতিৰ অৱলুপ্তি বা নিঃচিহ্নকৰণ হৈছে বিৱৰ্তনৰ এটা প্ৰাকৃতিক প্ৰক্ৰিয়া। কিন্তু শেহতীয়াকৈ অসংখ্য প্রজাতি নাইকিয়া হৈ যোৱা বিষয়টোক বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আলোচনা কৰা হৈছে। সাধাৰণভাৱে পৰিবেশ আৰু বিশেষকৈ জৈৱ-বৈচিত্র্য সম্পর্কে মানৱ সমাজৰ পৰিৱৰ্তিত দৃষ্টিভংগীয়ে এনে এটা পর্যায় পাইছেগৈ যে জৈৱ-বৈচিত্ৰ্যৰ সংৰক্ষণ এটা বৃহৎ প্রত্যাহ্বান হৈ পৰিছে। বিভিন্ন দিশৰ পৰা জৈৱ-বৈচিত্র্যলৈ অহা ভাবুকিসমূহ হৈছে-

(a) বাসস্থান ধ্বংস

(b) পশুধনৰ অতিপাত বিচৰণ

(c) চোৰাং চিকাৰ

(d) প্রাকৃতিক দুর্যোগ

(e) জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতা বৃদ্ধি।

(f) জীৱ সম্পদৰ চোৰাং সৰবৰাহ।


12. উপভোক্তামূলক মূল্য কি? HS-2016

উত্তৰঃ- মানুহে স্মৰণাতীত কালৰে পৰা জৈৱ-বৈচিত্ৰ্যৰ উৎপাদনসমূহ, যেনে- ইন্ধন, খাদ্য, ঔষধ, তন্ত্ৰ আদি ব্যৱহাৰ কৰি আহিছে। বিশ্বৰ খাদ্যৰ ৯০ শতাংশই আহে উদ্ভিদ প্রজাতিসমূহৰ পৰা। শস্য আৰু পশুধন প্ৰজননৰ জিনগত বৈচিত্র্য অত্যন্ত গুৰুত্বপূৰ্ণ। শস্য উৎপাদক তথা পালনকাৰীসকলৰ বাবে কীট আৰু বেমাৰ প্ৰতিৰোধী নতুন প্ৰকাৰৰ শস্য প্ৰজাতিৰ জন্ম দিয়াৰ বাবে শস্য-বৈচিত্র্য অত্যন্ত প্রয়োজন। শস্য প্রজাতিসমূহৰ বৈচিত্ৰ্যৰ ক্ষতিয়ে বিশ্বজুৰি খাদ্য সুৰক্ষাৰ ক্ষেত্ৰত মাৰাত্মক বেয়া প্ৰভাৱ পেলায়। মাথোঁ এটা প্ৰজাতিৰ কীটৰ ব্যাপক আক্রমণ বা এটা বেমাৰেই বৰ্তি থকা সকলো শস্য বা এক বিশেষ প্ৰকাৰৰ পশুধনক বিলুপ্ত কৰি দিব পাৰে। উন্নয়নশীল দেশবোৰৰ প্ৰায় ৮০ শতাংশ মানুহেই প্রাথমিক চিকিৎসাৰ বাবে পৰম্পৰাগত ঔষধৰ ওপৰত নিৰ্ভৰ কৰে। এইবোৰ পৰম্পৰাগত ঔষধ ভেষজ উদ্ভিদ, কিছু জীৱ-জন্তু আৰু খনিজ উৎসৰ পৰা তৈয়াৰ কৰা হয়। এণ্টি বায়’টিক ঔষধ হিচাপে আমি যি পেনিচিলিন দৰৱ ব্যৱহাৰ কৰো সেই দৰৱ ‘পেনিচিলিয়াম’ নামৰ এবিধ ফাংগাছৰ পৰা তৈয়াৰ কৰা হয়। একেদৰে আমি টেট্ৰাছাইক্লিন দৰৱ পাওঁ ‘বেকটৰাম’ৰ পৰা, এছপিৰিন দৰৱ পাওঁ ‘ফিলিপেণ্ডুলৌমাৰিয়া’ নামৰ উদ্ভিদৰ পৰা আৰু কুইনাইন পাওঁ ‘ছিনকোনা’ গছৰ বাকলিৰ পৰা। খৰি বা ইন্ধন হিচাপে ব্যৱহৃত কাঠ, জীৱাশ্ম ইন্ধন, প্রাকৃতিক গেছ, খনিজ দ্রব্য আমি সকলোৱেই ব্যৱহাৰ কৰিছো।


13. জৈৱ-বৈচিত্ৰ্য সংৰক্ষণৰ আৱশ্যকতা সম্পর্কে লিখা। HS-2014

উত্তৰঃ- জৈৱ-বৈচিত্ৰ্য সংৰক্ষণৰ আৱশ্যকতা সম্পর্কে তলত আলোচনা কৰা হ’ল-

(a) জৈৱ-বৈচিত্ৰ্যৰ পৰাই মানুহ বা জীৱ-জন্তুৱে নিজৰ খাদ্য আহৰণ কৰিবলৈ সক্ষম হৈছে। গতিকে জৈৱ-বৈচিত্ৰ্য সংৰক্ষণৰ আৱশ্যক।

(b) জৈৱ-বৈচিত্ৰ্যৰ পৰাই মানুহে প্ৰায়বিলাক ঔষধেই যেনে-প্ৰাকৃতিক পৰিবেশৰ গছ-গছনি আৰু প্ৰাণীসমূহৰ পৰাই বৰ্তমান যুগান্তকাৰী ঔষধ, পেনিচিলিন, কুইনাইন আদি সংগ্ৰহ কৰিবলৈ আৰু তৈয়াৰ কৰিবলৈ সক্ষম হৈছে।

(c) জৈৱ-বৈচিত্ৰ্যৰ পৰাই বিভিন্ন দ্রব্য যেনে-বিভিন্ন সাজ-পোছাক, ছামৰাৰ জোতা, বেগ, ঘৰ সজাৰ সামগ্ৰী, কাঠ-বাঁহ, খেৰ, কাগজ, অন্যান্য সা-সামগ্ৰী আদি আহৰণ কৰিব পাৰে৷

(d) জৈৱ-বৈচিত্ৰ্যৰ পৰাই মানুহে বিভিন্ন ধৰ্মীয় নীতি-নিয়ম, উৎসৱ-পাৰ্বন, বিয়া-সবাহ, বিহু আদিত বিভিন্ন প্ৰাণী আৰু বিভিন্ন উদ্ভিদ আদি ব্যৱহাৰ কৰিব পাৰে।

(e) জৈৱ-বৈচিত্ৰ্যৰ পৰাই জীৱই খাদ্য, পোছাক, ঔষধ, ইন্ধন, উদ্যোগ সামগ্রী আদি সংগ্ৰহ কৰে।

(৫) Aesthetic value : বর্তমানে এই গুৰুত্ব বাঢ়ি অহা বাবেই মানুহে Eco-tourism ৰ ওপৰত গুৰুত্ব দিছে। Willingness to pay চোৱাৰ বাবেই মানুহে সময় আৰু টকা খৰচ কৰে। ইয়ে বছৰি ১২ বিলিয়ন ৰাজহ বর্তমানে সংগ্ৰহ কৰে।


14. উদাহৰণসহ ব্যাখ্যা কৰা— আনুবংশিক (বা জিনীয়) বৈচিত্র্য, প্ৰজাতিৰ বৈচিত্র্য আৰু পৰিস্থিতিতন্ত্ৰৰ বৈচিত্র্য। HS-2015

উত্তৰঃ- আনুবংশিক (বা জিনীয়) বৈচিত্র্য : একোটাকৈ প্ৰজাতিৰ শৰীৰত থকা জিনসমূহৰ বৈচিত্র্যই হৈছে জিনগত বৈচিত্র্য। এই জিনবোৰ বংশানুক্রমিকভাৱে উত্তৰ প্ৰজন্মৰ মাজত সঞ্চাৰিত হৈ গৈ থাকে। এয়া হৈছে এনে এক ধৰণৰ বৈচিত্র্য, যিয়ে প্রজাতিসমূহৰ বিভিন্নতা সৃষ্টি কৰে। ইয়াৰ এটা উদাহৰণ, বাচমতী চাউল জহা চাউলতকৈ একেবাৰেই পৃথক। কিন্তু কিছু পার্থক্য সহজেই চকুৰে দেখা যায়, যেনে, আকাৰ আৰু ৰং, সোৱাদ আৰু গোন্ধৰ জৰিয়তেও জানিব পাৰি।

প্ৰজাতিৰ বৈচিত্র্যঃ- পৃথিৱীত থকা কোটি কোটি ধৰণৰ জীৱক শ্ৰেণীবদ্ধ কৰা প্রজাতিসমুহক একো একোটা গোট হিচাপে ধৰি লোৱা হয়। প্ৰতিটো প্ৰজাতি অন্যান্য প্ৰজাতিসমূহতকৈ সম্পূৰ্ণভাৱে পৃথক। ঘোঁৰা আৰু গাধ সম্পূৰ্ণ বেলেগ ধৰণৰ প্ৰজাতি। একেদৰে সিংহ আৰু বাঘো সম্পূৰ্ণ বেলেগ বেলেগ প্ৰকাৰৰ প্ৰজাতি। একোটাকৈ প্ৰজাতিৰ সদস্যবোৰৰ জিনগতভাৱে ইমানেই সাদৃশ্য আছে যে সিহঁতে বংশবৃদ্ধিৰ বাবে প্ৰজননো কৰিব পাৰে। এই সাদৃশ্যই প্ৰজাতিবোৰক ঐক্যবদ্ধ কৰিছে। প্ৰজাতি বৈচিত্র্যক সাধাৰণতে পৰিমাপ কৰা হয় একোটা নির্দিষ্ট এলেকাত বসবাস কৰা প্রজাতিসমূহৰ মুঠ সংখ্যাৰ ভিত্তিত।

পৰিস্থিতিতন্ত্র বৈচিত্র্য : পৰিস্থিতিতন্ত্ৰ হৈছে বিভিন্ন প্ৰকাৰৰ জীৱৰ পৰস্পৰৰ সৈতে আৰু অজৈৱ উপাদানৰ সৈতে চলি থকা আন্তঃক্রিয়া। সেয়ে পৰিস্থিতিতন্ত্র হৈছে জীৱসমূহৰ বসতিস্থানৰ বৈচিত্র্য, যিয়ে এই ব্যৱস্থাৰ ভিতৰত বিভিন্ন প্ৰকাৰৰ জীৱক সামৰি লৈছে। পৰিস্থিতিতন্ত্ৰ বৈচিত্ৰ্যৰ ধাৰণা যিকোনো জৈৱ ভৌগোলিক অথবা ৰাজনৈতিক সীমাৰ ভিতৰত থকা পৰিস্থিতিতন্ত্ৰ বিচিত্ৰতাৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰা হয়।


15. জৈৱ-বৈচিত্ৰ্যৰ বহিঃ আৰু অন্তঃ সংৰক্ষণ কি? প্রত্যেকটোৰে উদাহৰণ দিয়া। HS-2016, 2019

উত্তৰঃ- বহিঃ সংৰক্ষণ :- বহিঃ সংৰক্ষণ হৈছে উদ্ভিদ আৰু প্ৰাণীক সিহঁতৰ প্ৰাকৃতিক বাসস্থানৰ পৰা আঁতৰাই আন কোনো স্থানত কৰা সংৰক্ষণ। এয়া কোনে প্রাণী উদ্যান আৰু উদ্ভিদ উদ্যান বা বন প্রতিষ্ঠান আৰু কৃষি গৱেষণা কেন্দ্র হ’ব পাৰে। শস্য, জীৱ-জন্তু, চৰাই, আৰু মৎস্য প্রজাতিৰ জিনীয় পদার্থ সংগ্রহ আৰু সংৰক্ষণৰ বাবে বহু প্রচেষ্টা হাতত লোৱা হৈছে। নেশ্বনেল ব্যুৰ’ অৱ প্লেন্ট জেনেটিক ৰিছাৰ্চ, নেশ্বনেল ব্যুৰ’ অৱ এনিমেল জেনেটিক ৰিছাৰ্চ আদি বিভিন্ন সংস্থাৰ জৰিয়তে এই কাম কৰা হৈছে।

অন্তঃসংৰক্ষণ (HS-2019, 2020) :- অন্তঃ সংৰক্ষণ হৈছে বনজ উদ্ভিদ আৰু প্ৰাণীক সেইসমূহৰ প্রাকৃতিক বাসস্থানতে কৰা সংৰক্ষণ, অর্থাৎ নিজা আৱাসস্থলতে কৰা সংৰক্ষণ। যেনে- বায়’স্ফিয়েৰ ৰিজার্ভ, ৰাষ্ট্ৰীয় উদ্যান, বন্যপ্রাণী অভয়াৰণ্য, সংৰক্ষিত বনাঞ্চল আদি। ভাৰতত এনে সংৰক্ষণৰ এটা দীঘলীয়া পৰম্পৰা আছে। সমগ্ৰ দেশত কিছুমান সংৰক্ষিত এলেকাৰ এখন জাল গঢ়ি এই সংৰক্ষণৰ কাম কৰি অহা হৈছে। এতিয়া ভাৰতত ৫৩৩ খনতকৈ অধিক ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য আছে। এই সংৰক্ষিত এলেকা হৈছে দেশৰ মুঠ ভূ-খণ্ডৰ ৪.৩ শতাংশ। এনে ব্যৱস্থাই জীৱৰ বাসস্থান আৰু সেই ঠাইসমূহৰ জৈৱ-বৈচিত্ৰ্যৰ সংৰক্ষণত সহায় কৰিছে। কিছুমান প্ৰজাতিৰ সংৰক্ষণৰ বাবে বিশেষ সংৰক্ষণ প্রচেষ্টাৰ প্ৰয়োজন বুলি চিহ্নিত হোৱাত বিশেষ প্ৰকল্প কিছুমানো আৰম্ভ কৰা হৈছে। অসমত এতিয়া ৫ খন ৰাষ্ট্ৰীয় উদ্যান আৰু ২২ খন বন্যপ্রাণী অভয়াৰণ্য আছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু পবিতৰা বন্যপ্রাণী অভয়াৰণ্যৰ জৰিয়তে এছীয় গঁড়ক সংৰক্ষণ কৰা হৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দলহৰিণ, খটীয়া পহু আৰু হাতীৰো বাসস্থান। মানাহ বায়’স্ফিয়াৰ ৰিজাৰ্ভ সোণালী বান্দৰ আৰু নলগাহৰিৰ বিচৰণভূমি।


16. জৈৱ-বৈচিত্ৰ্যৰ মূল্যসমূহ কি কি?

উত্তৰঃ- মানুহে পোনপটীয়াকৈ জৈৱ-বৈচিত্ৰ্যৰ পৰা যিবোৰ খাদ্য, ইন্ধন, ঔষধ আৰু নানা ধৰণৰ সুবিধা লাভ কৰে সেইবোৰক জৈৱ-বৈচিত্ৰ্যৰ উপভোগমূলক মূল্য শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হয়। সকলোবোৰ প্ৰাকৃতিক সম্পদৰে উপভোগমূলক মূল্য থাকে আৰু এইবোৰ কোনো বাণিজ্য বা বজাৰৰ লগত সম্পর্ক নথকা আঞ্চলিক বাসিন্দাসকলে পোনপটীয়াভাৱে ব্যৱহাৰ কৰে। অৰণ্য বাসিন্দা আৰু মাছুৱৈসকল জীৱন নিৰ্বাহৰ বাবে সম্পূৰ্ণভাৱে প্ৰাকৃতিক সম্পদৰ ওপৰত নিৰ্ভৰশীল হয়। 

উপভোক্তা মূল্যৰ বিপৰীতে সামাজিক মূল্য, নীতিগত মূল্য, সৌন্দৰ্যমূলক মূল্য, অস্তিত্বৰ মূল্য আদিক অনা-উপভোগমূলক মূল্যায়নৰ অন্তৰ্গত কৰিব পাৰি।

নীতিগত মূল্য : প্রাচীন পৰম্পৰাগত সংস্কৃতি আৰু ধৰ্মীয় বিশ্বাসৰ ফলত নন্দনকাননক বহু লোকে এতিয়াও প্রাচীন সংস্কৃতি তথা ঐতিহ্যৰ অংশ বুলি গণ্য কৰি আহিছে। এইবোৰৰ প্ৰায়েই বন্য জাতি। তেওঁলোকে কোনো এটা অঞ্চলৰ স্থানীয় আৰু দুষ্প্ৰাপ্য শ্ৰেণীৰ বিভিন্ন প্ৰজাতিৰ উদ্ভিদ আৰু প্ৰাণীক আশ্রয় প্রদান কৰে। এইদৰে স্থানীয়ভাৱে সুৰক্ষা দিয়া বন্যভূমিয়ে আর্থিক মূল্য থকা বহুসংখ্যক ঔষধ আৰু উদ্ভিদৰ সংৰক্ষণ কৰে।

সৌন্দৰ্যবোধৰ মূল্যঃ- জৈৱ-বৈচিত্র্য হ’ল প্ৰকৃতিৰ সৌন্দৰ্যৰ এটি দিশ। সাম্প্ৰতিক সময়ত জৈৱ-বৈচিত্ৰ্যৰে সমৃদ্ধ অঞ্চলসমূহত আৰম্ভ হোৱা পৰিবেশানুকূল পৰ্যটনে মানুহক যথেষ্ট আকৰ্ষিত কৰিছে।

অস্তিত্বৰ মূল্যঃ- কোনো এটা এলেকাত জৈৱ-বৈচিত্র্যক সুৰক্ষা দিয়াৰ বাবেই অস্তিত্বৰ মূল্যৰ কথা বিবেচনা কৰা হয়। কিছুমান আপুৰুগীয়া জন্তু, যেনে— গঁড়, সোণালী বান্দৰ আৰু পৰিভ্ৰমী চৰাই আদিক্ সংৰক্ষণ কৰাৰ বাবে বিভিন্ন ব্যক্তি, সংগঠন আৰু চৰকাৰে আৰ্থিক অৱদান আগবঢ়োৱা দেখা যায়।


17. বনাঞ্চল উচ্ছেদৰ কাৰণসমূহ উল্লেখ কৰি ইবিলাকৰ ৰোধ কৰাৰ বাবে উপযুক্ত পৰামৰ্শ আগবঢ়োৱা। HS-2013

উত্তৰঃ- বনাঞ্চল উচ্ছেদৰ কাৰণসমূহ তলত উল্লেখ কৰা হ’ল—

(a) ঔদ্যোগিকৰণ সম্প্ৰসাৰণৰ বাবে মানুহে গছ-গছনি কটাৰ ফলত বনাঞ্চলসমূহ ধ্বংসপ্রাপ্ত হৈছে।

(b) বৰ্ধিত জনসংখ্যাৰ ফলশ্ৰুতিত মানুহৰ বাবে বাসভূমি আৰু কৃষিভূমিৰ প্ৰয়োজন হোৱাৰ ফলত কৃষি আৰু বসতিৰ বাবে বনাঞ্চল ধ্বংস কৰি সেই ঠাই খেতি কৰিবলৈ আৰু বসবাস কৰিবলৈ লোৱাৰ ফলত বনাঞ্চলসমূহ ধ্বংসমুখত পৰিবলগীয়া হৈছে। 

(c) ব্যাপক হাৰত বৃদ্ধি পোৱা নগৰীকৰণৰ সম্প্ৰসাৰণো বনাঞ্চল উচ্ছেদৰ বাবে জগৰীয়া।

(d) মানুহৰ দৈনন্দিন অভাৱ পূৰণৰ বাবেও বনাঞ্চল ধ্বংসৰ কাৰ্য অব্যাহত আছে।

(e) চোৰাং ব্যৱসায়ী, অধিক লাভৰ আকাংক্ষাও মানুহে বনাঞ্চল উচ্ছেদৰ বাবে জগৰীয়া।

বনাঞ্চল উচ্ছেদ ৰোধ কৰাৰ বাবে তলৰ পৰামর্শসমূহ আগবঢ়োৱা হ’ল— 

(a) বনাঞ্চলৰ গছ-গছনি কটাটো নিষিদ্ধ কৰিবলৈ আইনগত ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

(b) জনসাধাৰণৰ মাজত বনাঞ্চল সংৰক্ষণৰ গুৰুত্ব সম্পর্কে সজাগতা বৃদ্ধি কৰিব লাগিব।

(c) বনজ সম্পদ সংৰক্ষণ সম্পৰ্কীয় বিধি-ব্যৱস্থা কাৰ্যকৰী কৰিব লাগিব।

(d) বনাঞ্চল উচ্ছেদ ৰোধ কৰাৰ বাবে কোনো এটা অঞ্চলৰ স্থানীয় স্বেচ্ছাসেৱী সংস্থাসমূহক দায়িত্ব আৰোপ কৰাৰ লগতে প্রয়োজনীয় সাহায্য আগবঢ়াব লাগিব। 

(e) বিভিন্ন তর্ক সভা, আলোচনা চক্র, জনপ্রিয় পুস্তিকা বিতৰণ, পাঠ্যপুথি ৰচনা ইত্যাদিৰ ব্যৱস্থা কৰিব লাগে।


18. জীৱ-বৈচিত্ৰ্যৰ প্ৰতি বিভিন্ন ভাবুকি আৰু ইয়াৰ সংৰক্ষণ সম্পৰ্ক ব্যাখ্যা কৰা। HS-2016

উত্তৰঃ- জীৱ-বৈচিত্ৰ্যৰ প্ৰতি বিভিন্ন ভাবুকি সম্পর্কে তলত আলোচনা কৰা হ’ল-

(a) বাসস্থানৰ ক্ষতি : বাসস্থানৰ ক্ষতিয়ে জীৱ-বৈচিত্ৰ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। বাসস্থান নাই মানে জীৱও নাই। জনসংখ্যা বিস্ফোৰণ আৰু মানুহৰ বিভিন্ন কার্যকলাপেই বন্যপ্ৰাণীৰ বাসস্থানৰ ক্ষতিৰ বাবে দায়ী। ইয়াৰ পৰিণতি স্বৰূপে, কিছু প্ৰজাতিৰ প্ৰাণীয়ে বাসস্থান সলনি কৰে, কিছু প্রজাতি পৰভক্ষণৰ বশৱৰ্তী হৈছে আৰু কিছু প্ৰজাতিয়ে ক্ষুধাৰ তাড়নাত পৰি মৃত্যুক সাবটি ল’ব লগা হৈছে।

(b) বন্য জীৱৰ চোৰাং চিকাৰ : মাংস, ছাল, শিং, নোম, চর্বি, খড়গ, হাড়, দাঁত আদি শৰীৰৰ বিভিন্ন অংগৰ বাবে বন্যপ্রাণীসমূহ মানুহৰ চিকাৰ হয়। ঔষধ, সুগন্ধি দ্রব্য, মাংস, গহনা আৰু বস্ত্ৰ আদিৰ দৰে নিজৰ প্ৰয়োজন পূৰাবলৈ বন্যপ্ৰাণীৰ চোৰাং চিকাৰ কৰিবলৈ লৈছে। যাৰ ফলত বহুতো জীৱ প্ৰজাতিৰ সংখ্যা উদ্বেগজনকভাৱে হাস পাবলৈ ধৰিছে।

(c) জৈৱস্বত্ব হৰণ : জৈৱস্বত্ব হৰণ হ’ল যিকোনো এখন দেশৰ বা ঠাইৰ সম্পদৰ সংগ্ৰহ কাৰ্য আৰু পৰৱৰ্তী পৰ্যায়ত এই সামগ্ৰীসমূহৰ বিজ্ঞাপন প্ৰচাৰ। পৃথিৱীৰ উন্নত দেশসমূহৰ বিজ্ঞানী আৰু ঔদ্যোগিক ব্যক্তিসকলে অনীতিগতভাৱে জৈৱ-বৈচিত্র্যত চহকী দেশৰ স্থানীয় বাসিন্দাসকলৰ পৰা জৈৱ বস্তুবোৰ আৰু তাৰ বিষয়ে থকা জ্ঞান আহৰণ কৰে আৰু শেষত এই সামগ্ৰী আৰু তথ্যৰ তেওঁলোকে বিজ্ঞাপন প্ৰচাৰ কৰি নিজৰ আৱিষ্কাৰ বুলি দাবী উত্থাপন কৰে। এইদৰে মিছা বিজ্ঞাপনেৰে তেওঁলোকে সামগ্ৰীবিধৰ ব্যৱসায় বাণিজ্য কৰাৰ সম্পূৰ্ণ অধিকাৰ লাভ কৰে।

(d) মানুহ আৰু বন্য জন্তুৰ সংঘাত : জনসংখ্যা বিস্ফোৰণ, মানুহৰ বাসস্থানৰ সম্প্ৰসাৰণ, কৃষি ভূমিৰ সম্প্ৰসাৰণ, অৰণ্যৰ পৰা কাঠ, ইন্ধন লুণ্ঠন আদি কাৰ্যসমূহে মানুহ আৰু বন্যপ্ৰাণীৰ মাজত সংঘাতৰ সৃষ্টি কৰিছে। এই সংঘাতৰ ফলত বন্যপ্ৰাণীৰ লগতে মানুহৰো ক্ষতি হৈছে। অসমত এনে হাতী আৰু মানুহৰ সংঘাতৰ ফলত যোৱা দশকত কেৱল শোণিতপুৰ জিলাতে ১০০ জনতকৈও অধিক লোকে প্ৰাণ হেৰুওৱাৰ লগতে ৯০টাতকৈ অধিক হাতীৰ মৃত্যু হৈছে।

জীৱ-বৈচিত্ৰ্যৰ সংৰক্ষণ (HS-2017) : জীৱ-বৈচিত্ৰ্যৰ সংৰক্ষণ দুই প্ৰকাৰৰ— অন্তঃস্থান সংৰক্ষণ আৰু বহিঃস্থান সংৰক্ষণ।

অন্তঃস্থান সংৰক্ষণ : জৈৱ-বৈচিত্ৰ্যৰ লগতে তাৰ বাসস্থান আৰু পৰিস্থিতিতন্ত্ৰৰ সংৰক্ষণ পদ্ধতিক অন্তঃস্থান সংৰক্ষণ বোলা হয়। একোটা ভৌগোলিক অঞ্চলৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ কৰিবলৈ এইটো আটাইতকৈ সুবিধাজনক আৰু যুক্তিগত পদ্ধতি। বিপদগ্ৰস্ত উদ্ভিদ আৰু জন্তুৰ প্ৰজাতিৰ অন্তঃস্থান সংৰক্ষণৰ বাবে সংৰক্ষিত অঞ্চলৰ ধাৰণা সৃষ্টি হৈছিল। IUCN এ বিভিন্ন ধৰণৰ পৰিচালনা নীতিৰ আধাৰত সংৰক্ষিত অঞ্চলক ৮ টা শ্ৰেণীত বিভক্ত কৰিছে। সেইবোৰ হ’ল – বৈজ্ঞানিক সংৰক্ষিতাঞ্চল, ৰাষ্ট্ৰীয় উদ্যান, ৰাষ্ট্ৰীয় প্ৰতিমূৰ্তি, বন্যজীৱ অভয়াৰণ্য, সংৰক্ষিত প্রাকৃতিক অঞ্চল, সংৰক্ষিত জীৱমণ্ডল, প্ৰাকৃতিক জৈৱাঞ্চল আৰু বহু উপযোগী পৰিচালনাৰ অঞ্চল।

বহিঃস্থান সংৰক্ষণ : বহিঃস্থান সংৰক্ষণ হ’ল স্বাভাৱিক প্ৰাকৃতিক পৰিবেশৰ পৰা আঁতৰত আন কোনো অঞ্চলত জৈৱিক সম্পদৰ পৰিচালনা আৰু নিয়ন্ত্ৰণ কৰি কিছুমান উদ্ভিদৰ সংৰক্ষণৰ বাবে উদ্ভিদ বাগিচা বা জীৱ-জন্তুৰ বাবে বন্যপ্রাণী উদ্যান গঠন কৰা কাৰ্য। প্ৰজাতিৰ বংশবৃদ্ধিৰ বাবে এই বাগিচা আৰু উদ্যানবোৰক কৃত্ৰিমভাৱে পৰিচালনা কৰা হয়। পৰ্যবেক্ষণ অৱস্থাত কোনো প্ৰজাতি জীৱৰ জিন সংৰক্ষণৰ এয়া হ’ল পৰীক্ষামূলক অনুসিদ্ধান্ত। এই ব্যৱস্থা ব্যয়বহুল যদিও ভৱিষ্যত প্ৰজনন কাৰ্যসূচীত ব্যৱহাৰ কৰিব পৰাকৈ কোনো প্ৰজাতিৰ জিনীয় ভিন্নতাক সংৰক্ষণ কৰাৰ ক্ষেত্ৰত ই সুন্দৰ সুযোগ আগবঢ়ায়।


19. আমি জৈৱবৈচিত্ৰ্যৰ কিয় সংৰক্ষণ কৰিব লাগে? বহলাই লিখা। HS-2015

উত্তৰঃ- জৈৱিক সম্পদে আমাক খাদ্য, বস্ত্ৰ, বাসস্থান, ঔষধ আৰু ইন্ধন দিয়াৰ উপৰিও আমাৰ অন্যান্য বহুতো প্রয়োজন পূৰণ কৰে। পৰিস্থিতিতান্ত্রিক পদ্ধতি, যেনে— খাদ্য তৈয়াৰ কৰাৰ পৰা ভূমি সৃষ্টি আৰু জলচ্ছেদ পৰিচালনাৰ পৰা জলবায়ু পৰিৱৰ্তনলৈকে সকলোতে জৈৱ-বিচিত্ৰতাৰ প্ৰয়োজন ব্যাপক। জৈৱ-বৈচিত্ৰ্য দেশৰ আৰ্থ-সামাজিক উন্নয়নৰ আহিলা বুলি গণ্য কৰা হয়। জৈৱ-বৈচিত্ৰ্যৰ মূল্য তলত দিয়া ধৰণে নিৰূপণ কৰিব পাৰি-

(a) উপভোগমূলক মূল্য : মানুহে খাদ্য, ঔষধ, ইন্ধন আদি বিভিন্ন ধৰণৰ সুবিধা পোনপটীয়াকৈ জৈৱ-বৈচিত্ৰ্যৰ পৰা লাভ কৰে। অৰণ্যাঞ্চলৰ লোক আৰু মাছুৱৈসকলৰ জীৱন নিৰ্বাহ প্রণালী সম্পূৰ্ণৰূপে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল।

(b) উৎপাদনমূলক মূল্য : জৈৱ-বৈচিত্র্যই বিভিন্ন ধৰণৰ ব্যৱসায়িক সামগ্রী, যেনে- ইন্ধন, মাছ, ফল, জীৱ-জন্তুৰ ছাল, নোম, হাঁড়, দাঁত, আঁহ জাতীয় দ্রব্য, মাহ, ঔষধীয়, উদ্ভিদৰ যোগান ধৰে। সেইবাবে ঔদ্যোগিক আৰু ব্যৱসায়িক বিকাশৰ বাবে জৈৱ-বৈচিত্ৰ্য সংৰক্ষণ কৰা প্ৰয়োজনীয়।

(c) নীতিগত মূল্য : প্রাচীন পৰম্পৰাগত সংস্কৃতি আৰু ধৰ্মীয় বিশ্বাসৰ ফলত নন্দনকানন এতিয়াও থলুৱা লোকসকলে প্রাচীন সংস্কৃতি তথা ঐতিহ্যৰ অংশ বুলিয়েই গণ্য কৰে। এইবোৰ প্ৰায়েই অক্ষত বন্য জাতি। তেওঁলোকে কোনো এটা অঞ্চলৰ স্থানীয় আৰু দুষ্প্ৰাপ্য শ্ৰেণীৰ বিভিন্ন প্ৰজাতিৰ উদ্ভিদ আৰু প্ৰাণীক আশ্রয় প্রদান কৰে। এইদৰেই স্থানীয়ভাৱে সুৰক্ষা দিয়া বন্যভূমিয়ে আর্থিক মূল্য থকা বহুসংখ্যক ঔষধ আৰু উদ্ভিদৰ সংৰক্ষণ কৰে।

(d) সামাজিক মূল্য : পৰম্পৰাগত সমাজৰ ব্যৱস্থা জৈৱ-বৈচিত্ৰ্যৰে সজ্জিত। সংস্কৃতিগত বৈচিত্ৰ্যৰ লগত জৈৱ-বৈচিত্ৰ্যৰ পোনপটীয়া সম্পর্ক আছে। প্রাচীনকালৰে পৰা ইতিহাস, ধৰ্ম, কলা আৰু সাহিত্যত জৈৱ-বৈচিত্ৰ্যৰ সাংস্কৃতিক আৰু সামাজিক মূল্যক গুৰুত্ব দিয়া হৈছে। উদাহৰণস্বৰূপে, হিন্দু ধর্ম ব্যৱস্থাত তুলসী গছৰ গুৰুত্ব অপৰিসীম।

(e) সৌন্দৰ্যবোধৰ মূল্য : জৈৱ-বৈচিত্র্য হ’ল প্ৰকৃতিৰ সৌন্দৰ্যৰ এটি দিশ। জৈৱ-বৈচিত্ৰ্যৰ সমৃদ্ধ অঞ্চলসমূহত পৰিবেশানুকূল পৰ্যটনৰ দ্বাৰা মানুহক আকৰ্ষিত কৰিব পাৰে, যিয়ে দেশৰ পৰ্যটন উদ্যোগত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে।

(f) বিকল্প মূল্য : পৃথিৱীৰ সকলোবোৰ প্ৰজাতিয়েই একো একোটা জিনীয় ভাণ্ডাৰ স্বৰূপ। ভৱিষ্যতে মানুহৰ আৰ্থিক লাভালাভ তথা বিভিন্ন ক্ষেত্ৰত প্ৰয়োগ কৰিব পৰা গুণ এইবোৰৰ মাজত আছে। বর্তমান বিভিন্ন উদ্ভিদ আৰু অণুজীৱৰ এনে জিনীয় চৰিত্ৰবোৰ প্ৰয়োগ কৰি প্ৰদূষণ ৰোধ কৰিবলৈ চেষ্টা কৰাৰ লগতে কেঞ্চাৰ, এইডছ আদিৰ দৰে দুৰাৰোগ্য ৰোগ ৰোধ কৰিবলৈ চেষ্টা কৰা হৈছে।

(g) অস্তিত্বৰ মূল্য : কোনো এটা অঞ্চলত জৈৱ-বৈচিত্র্যক সুৰক্ষা দিয়াৰ বাবে অস্তিত্বৰ মূল্যৰ কথা বিবেচনা কৰা হয়। আপুৰুগীয়া জন্তু যেনে— সোণালী বান্দৰ, গড় আদি দেশৰ পৰ্যটন উদ্যোগৰ উৎস হয়।

উপৰোক্ত কাৰণসমূহৰ বাবে জৈৱ-বৈচিত্ৰ্যৰ সংৰক্ষণ প্রয়োজনীয়তা আছে। 


20. জৈৱ-বিচিত্ৰতাৰ গুৰুত্ব কি? ইয়াৰ কেইটামান ভাগ আলোচনা কৰা। 

উত্তৰঃ- জৈৱ-বিচিত্ৰতাৰ গুৰুত্ব (Value of Biodiversity) : জৈৱ-বিচিত্রতাৰ বাণিজ্যিক ব্যৱহাৰ, ecological সেৱা সামাজিক প্ৰমূল্য আৰু সৌন্দৰ্যবোধ আমি বিবেচনা কৰিলে গুৰুত্ব বহু পৰিমাণে বাঢ়ি যায়। আমি অন্য জীৱৰ পৰা অসংখ্য ধৰণেৰে সহায় পাওঁ। কেতিয়াবা আমি সেই জীৱবিধৰ বিলুপ্তিৰ পিছতহে তাৰ গুৰুত্ব অনুধাৱন কৰো। সৰু সৰু বিশেষত্বহীন দেখাত অন্য ব্যৱহৃত জীৱই কেতিয়াবা পৰিস্থিতিতন্ত্ৰৰ সমতা ৰক্ষাত মুখ্য ভূমিকা লয় অথবা কেতবোৰ মৃত্যুমুখী বেমাৰ Cancer, AIDS ৰ প্ৰতিষেধকৰ কাম কৰে।

১৯৯০ চনত প্ৰকাশিত McMeely et al ত জৈৱ-বিচিত্ৰতাৰ গুৰুত্ব তলত দিয়া ধৰণে ভাগ কৰিছে-

(১) উপভোক্তাৰ গুৰুত্ব (Consumptive use value) : ইয়াত জৈৱ-বিচিত্ৰতাৰ উৎপাদনবোৰ পোনে পোনে উপভোগ কৰা বা কৃষিৰ দ্বাৰা লোৱা হয়। যেনে— ইন্ধন, খাদ্য, ঔষধ, আঁহ আদি।

(a) খাদ্য (Food) : বহুসংখ্যক বন উদ্ভিদ মানুহে খাদ্য হিচাপে ব্যৱহাৰ কৰি আহিছে। প্ৰায় ৮০,০০০ ভক্ষণীয় গছৰ প্ৰজাতি বৰ্তমান চিনাক্ত হৈছে। বৰ্তমানে ব্যৱহাৰ কৰি অহা ৯০ শতাংশ খাদ্যশস্য বনৰীয়া tropical গছৰ পৰাই আহৰণ কৰা হৈছে। বৰ্তমান কৃষিবিজ্ঞানীসকলে এই বনৰীয়া প্ৰজাতিবোৰ আৰু আমাৰ খাদ্যশস্যবোৰৰ পৰা এক নতুন সৃষ্টিৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। বন্য সম্পৰ্ক ৰক্ষা প্ৰজাতিবোৰে সচৰাচৰ সহনশীল আৰু কঠিন হয়। বহুতো বন্যপ্রাণীও মানুহৰ খাদ্য হিচাপে ব্যৱহাৰ কৰি আহিছে।

(b) প্ৰতিষেধক আৰু ঔষধ (Drugs and Medicine) : প্রায় ৭৫ শতাংশ জনসংখ্যাই গছ বা গছৰ পৰা আহৰণ কৰা ঔষধৰ ওপৰত নিৰ্ভৰশীল। penicillum নামৰ fungus ৰ পৰা আঘাত পোৱাবোৰক শুশ্রূষা কৰিবলৈ ব্যৱহাৰ কৰা ঔষধ penicillin আহৰণ কৰে। সেইদৰে Tetracylin বেক্টেৰিয়াৰ পৰা মেলেৰীয়াৰ ঔষধ কুইনাইন চিনকোনা গছৰ বাকলিৰ পৰা, হৃদৰোগীৰ ঔষধ Digitatin foxglove (Digitales) ৰ পৰা, আহৰণ কৰা হয়। বর্তমানে দুবিধ কেন্সাৰ ৰোগৰ প্ৰতিষেধক Vinblastin আৰু Vincristine periwinkle (Catharanthus) পৰা আহৰণ কৰা হৈছে, ইহঁত দুবিধ Anticancer alkaloid (উপক্ষাৰ), বহুসংখ্যক সাগৰীয় জীৱই গুণাগুণ, প্ৰকাৰ প্ৰমাণ পোৱা গৈছে। তথাপি ইহঁতৰ systematically আহৰণ হোৱা নাই।

(c) ইন্ধন (Fuel) : বহু পুৰণিকালৰ পৰাই বনাঞ্চলৰ কাঠ, ইন্ধন হিচাপে ব্যৱহাৰ হৈ আহিছে। জীৱাশ্মৰ বিচিত্ৰতাৰ পৰা কয়লা, পেট্ৰ’লিয়াম, প্রাকৃতিক গেছ আহৰণ কৰা হয়। খৰি হিচাপে গাওঁ অঞ্চলত ব্যৱহৃত গছবোৰৰ উপভোক্তাৰ গুৰুত্ব সেয়ে পোৱা যায়।

(২) উৎপাদনৰ গুৰুত্ব (Productive use value) : ইয়াত ব্যৱসায়িকভাৱে উৎপাদিত সামগ্ৰী বজাৰত বেচা-কিনা হয়। এই ক্ষেত্ৰত বনৰীয়া জিনবোৰ ধৰা হয় আৰু তাক বিজ্ঞানীবোৰে কিনি তাৰ পৰা নতুন শস্য বা জন্তুৰ ক্ষেত্ৰত ব্যৱহাৰ কৰে। এই সামগ্ৰীবোৰৰ ভিতৰত হাতীদাত, হৰিণাৰ মুখা, ৰেচম সূতা, (পাতপলু), ভেড়াৰ পৰা ঊণ বা অন্য জীৱৰ নোম আদি। এই সামগ্ৰীৰ ওপৰত নিৰ্ভৰ কৰিয়েই বহুকেইটা উদ্যোগ, কাগজ, ফল, প্লাইউদ, হাতীদাঁতৰ চামৰা, মুকুতা আদিৰ উদ্যোগ গঢ় লৈ উঠিছে।

আন্তঃৰাষ্ট্ৰীয়ভাৱে বিপন্ন জীৱৰ দেহৰ সামগ্ৰী বিক্রীত বাধা থকা সত্ত্বেও, নোম, ছাল, দাঁত আদিৰ বেহা-বেপাৰ প্ৰতি বছৰে মিলিয়ন ডলাৰলৈ হৈয়েই আছে। বিকাশ হোৱা দেশ এছিয়া, আফ্রিকা, লেটিন আমেৰিকা আদি য’ত Biodiversityৰ ধনী। এইবোৰ পশ্চিমীয়া ধনী দেশ, চীন, হংকং আদিত মেকুৰীৰ ছাল, সাপৰ ছাল আদিৰ সমাদৰ বহুত বেছি।

(৩) সামাজিক গুৰুত্ব (Social value) : ইয়াত এইবোৰ সামাজিক জীৱন, ৰীতি-নীতি, ধৰ্ম বা মনোস্তাত্ত্বিক দিশ জড়িত হৈ আছে। বহুতো প্ৰজাতিৰ মানুহে পৱিত্ৰ বুলি গণ্য কৰি আহিছে, যেনে— তুলসী, আম, পদুম, পিপল, বেল আদি। এই গছৰ পাত, ফুল আদি পূজাত ব্যৱহাৰ কৰা হয় বা ইহঁতকেই পূজা কৰা হয়। জনজাতীয় মানুহবোৰ ইয়াৰ লগত বেছিকৈ জড়িত। সিহঁতৰ সামাজিক জীৱন, গীত- মাত, নৃত্য, ৰীতি-নীতি আদি বন বা বন্যপ্ৰাণীৰ লগত জড়িত। বহু জীৱ যেনে- গৰু, সাপ, ষাঁড়, ময়ূৰ, ফেঁচা আদিৰ মনস্তাত্ত্বিক ধাৰণা আমাৰ মাজত আছে। গতিকে সমাজ অনুসৰি ইয়াৰ গুৰুত্ব ভিন ভিন।

(৪) সৌন্দৰ্যবোধৰ গুৰুত্ব (Ethical value) : ইয়াক existence value ও বোলে। “জীয়াই থাকা আৰু জীয়াই থাকিব দিয়া” বা “সকলো জীৱকে সংৰক্ষণ কৰা দৰকাৰ” আদি ধাৰণাৰ পৰা উৎপত্তি। আমি যদি মানৱ জাতিক জীয়াই থকাটো বিচাৰো তেন্তে সকলো বিচিত্ৰতাকেই সংৰক্ষণ কৰা দৰকাৰ। এই ধাৰণাৰ গুৰুত্বত আমি প্ৰকৃতিৰ পৰা এক গভীৰ আনন্দ লভিব পাৰো। বৰ্তমানে passenger pigeon বা Dodo হেৰাই গৈছে। আমি প্রতক্ষ্যভাৱে কেংগেৰু, জেব্রা বা জিৰাফৰ পৰা একো আহৰণ নকৰো। কিন্তু ইয়াৰ সৌন্দৰ্যবোধৰ কথা অনুধাৱন কৰো।

21. জৈৱ-বিচিত্ৰতাৰ সংকট কি? ইয়াৰ কাৰণ আলোচনা কৰা। HS-2020

উত্তৰঃ- জৈৱ-বিচিত্ৰতাৰ সংকট : কোনো এবিধ জীৱ বিলুপ্ত বা নিঃশেষ হৈ যোৱাটো ক্ৰমবিকাশৰ (evolution) প্রাকৃতিক ঘটনা। ভৌগোলিক কালত (geological period) ত পৃথিৱীত ভৰৰ ক্ষয় ঘটিছিল। ক্ৰমবিকাশৰ লগে লগে বহু প্ৰজাতি নোহোৱা হৈছিল আৰু তাৰ ঠাইত নতুন প্রজাতিয়ে স্থান লৈছিল। যি কি নহওক আগৰ ভৌগোলিক কালত প্ৰজাতি এটা হেৰাই যোৱাৰ হাৰ এক বৃহৎ সময়ৰ প্রয়োজন হৈছিল (৪৪৪ মিলিয়ন বছৰ) কিন্তু বর্তমানে মানৱ সভ্যতাৰ অগ্ৰগতিয়ে বিলুপ্তিৰ প্ৰক্ৰিয়া কিছু পৰিমাণে খৰতকীয়া কৰিলে, এই শতিকাত মানুহৰ প্ৰভাৱ অন্য প্ৰজাতিৰ ওপৰত ইমান আছিল যে বার্ষিক ১০০০ বিধ প্ৰজাতি আৰু প্ৰকাৰৰ জীৱৰ বিলুপ্তি হ’বলৈ ধৰিছে। প্ৰখ্যাত Ecologist E.O. Wilson য়ে এটা সমীক্ষাত আগবঢ়াইছিল যে প্ৰতি বছৰে ১০০০ বিধ প্ৰজাতি বা প্রতিদিনে ২৭ বিধ প্রজাতি বিলুপ্ত হয়। এই সমীক্ষাই জৈৱ-বিচিত্ৰতাৰ ওপৰত গভীৰ সংকটৰ আগতীয়া বাৰ্তা কঢ়িয়াই আনিছে। যোৱা ১৫০ বছৰত বিলুপ্তিৰ হাৰ নাটকীয়ভাৱে বাঢ়ি আহিছে। যদি এই ধাৰা চলি থাকে তেন্তে এই শতিকাৰ মাজভাগত ১/৩ অংশ বা ২/৩ অংশ জীৱ নোহোৱা হৈ যাব।

তলত কেতবোৰ গুৰুত্বপূৰ্ণ জৈৱ-বিচিত্ৰতাৰ ধ্বংসৰ কাৰণ আৰু ফলাফল আলোচনা কৰা হ’ল—

(১) আৱাসভূমিৰ অভাৱ / বিলুপ্তি (Loss of Habitat) : প্রাকৃতিক আৱাসভূমিৰ ধ্বংস আৰু ক্ষয়কৰণেই প্ৰধানত জৈৱ-বিচিত্ৰতাৰ বিলুপ্তিৰ মূল কাৰণ। কেবা বিলিয়ন হেক্টৰ হাবি, ঘাঁহনি যোৱা ১০ বছৰত, কৃষিভূমি, চৰণীয়া পথাৰ, সংস্থাপন এলেকা অথবা বিকাশ আঁচনিৰ নামত ধ্বংস কৰা হৈছে। এই হাবি বা ঘাঁহনিৰ কেবা হেজাৰ জীৱৰ বাসস্থান আছিল আৰু ক্ৰমে এই বাসভূমিৰ অভাৱত ইহঁতৰ বিনাশ হ’ব ধৰিছে। Severe damage য়ে জলাশয়বোৰক ব্যৱহাৰ নোহোৱা পৰিস্থিতিতন্ত্রলৈ ৰূপান্তৰ কৰিছে। জৈৱ-বিচিত্ৰতাত ধনী জলাশয়, মোহনা অঞ্চলবোৰ ভীষণ সংকটত পৰিছে। জলাশয়বোৰত নলা-নৰ্দমা ব্যৱস্থা আৰু প্ৰদূষণৰ বাবেই এক বৃহৎ পৰিমাণৰ জৈৱ-বিচিত্ৰতা ধ্বংস হৈছে।

কেতিয়াবা কেতিয়াবা Habitat Fragmentation ৰ বাবেও আৱাসভূমিৰ হৈ আহিছে।

কেতবোৰ জীৱ যেনে, হৰিণা, ডাঙৰ জাতৰ মেকুৰী আদিবোৰক জীয়াই থাকিবলৈ এক বৃহৎ অঞ্চলৰ প্ৰয়োজন। সিহঁতে সৰু হাবি এখনত পোৱালি জন্ম দিবলৈ ভয় কৰে। তদুপৰি সুৱলা গীত গোৱা বহুতো পক্ষীও এই Habitat Fragmentation দ্বাৰা বিলুপ্ত হৈছে।

বর্তমানে আমাৰ দেশত উষ্ণীয় অৰণ্যৰ ধ্বংস বেছি হৈ আহিছে। এই হাৰ প্ৰতি বছৰে ৬ শতাংশ। এই হাৰত থাকিলে বিশ্বব্যাপী ২০-২৫ শতাংশ গছ-গছনি মাত্র কেইবছৰমানতেই নিঃশেষ হৈ যাব। সাগৰীয় (Marine) জৈৱ-বিচিত্ৰতাও আজি সংকটত। Fragile Breeding ৰ ধ্বংস আৰু সাগৰীয় মাছ বা অন্য প্রজাতিবোৰ মানুহৰ হস্তক্ষেপৰ (intervention) ৰ কাৰণে বাধাগ্ৰস্ত হৈছে।

(২) চোৰাং চিকাৰ (Poaching) : বিপন্ন বহু জীৱবোৰক হত্যা কৰি তাৰ পৰা পোৱা বস্তুৰে এখন নীতিবহির্ভূত বেহা চলি আছে। ইয়াক Poaching বোলে। বৰ্তমানলৈ ইয়ো বন্যপ্ৰাণীৰ সংকটৰ কাৰণ। আন্তঃৰাষ্ট্ৰীয়ভাৱে বাধা-নিষেধ আছে যদিও চোৰাংভাৱে বন্য জীৱৰ নোম, চামৰা, শিং, দাঁত, জীৱিত specimen, ঔষধীয় উৎপাদন আদিৰ বেপাৰ বৰ্তমানে চলিয়েই আছে আৰু মিলিয়ন ডলাৰৰ সম্পদ প্রতি বছৰে বিদেশলৈ গৈ আছে। এই চোৰাং বেহা, বিকাশশীল দেশ (এছিয়া, দক্ষিণ আমেৰিকা আৰু আফ্ৰিকাৰ দেশ) বোৰত হয়; কিয়নো ইয়াত জৈৱ-বিচিত্ৰতাৰ ক্ষেত্ৰত সবাতোকৈ ধনী দেশ, অসংখ্য বন্যপ্রাণী সম্পদেৰে ভৰপূৰ। ধনী দেশ, ইউৰোপ, উত্তৰ আমেৰিকা, কেতবোৰ এছিয়াৰ ধনী দেশ যেনে জাপান, টাইৱান আৰু হংকং আদিবোৰ হ’ল এই সম্পদৰ প্ৰধান ৰপ্তানি কৰোতা দেশ।

এই ব্যৱসায়ে চোৰাং চিকাৰীবোৰক এক বৃহৎ লাভালাভ দিয়ে কিয়নো কোনো এটা বন্যপ্ৰাণী চিকাৰ কৰি আনি তাক মাফিয়াৰ দ্বাৰা অন্য দেশলৈ পঠালেই এক বৃহৎ ধন পোৱা যায়। হাতীৰ দাঁতৰ মূল্য প্রতি কেজিত ১০০ ডলাৰ, Leopard ৰ নোমৰ কোটত মূল্য ১০০,০০ ডলাৰ (জাপানত) আনহাতে ব্রাজিলৰ পৰা দেখাত ধুনীয়া বিৰল Hyacinth Macaw চৰাইবিধ ধৰি আনিলে তাৰ মূল ১০,০০০ ডলাৰ পৰ্যন্ত পোৱা যায়। আটাইতকৈ দুখ লগা কথাটো হ’ল প্ৰতিটো জীৱিত জীৱ, যিবোৰ বজাৰলৈ অনা হয় সিহঁতক ধৰিবলৈ অন্য ৫০ বিধ জীৱ ধৰা হয় বা মাৰি পেলাব লগা হয়। যদি 0িৰ.আমি আমাৰ বিৰল প্ৰজাতিৰ গছ, মাছ, চৰাই আদিক লৈ গৰ্ব কৰো, তেন্তে, আজিয়েই সংকল্পবদ্ধ হওঁ আহক যাতে আমি সেই জীৱবোৰৰ অনিষ্ট নকৰো। এই ধৰণেও আমি কিছু পৰিমাণে সেই প্ৰাণীবোৰৰ ক্ষয় ৰোধ কৰিব পাৰো। নোমৰ কোট, purse মোনা, অথবা ঘঁৰিয়ালৰ ছালেৰে তৈয়াৰী ভিন ভিন সামগ্ৰী, অজগৰৰ ছালেৰে তৈয়াৰী বিভিন্ন সামগ্ৰী আদিবোৰ নিকিনিলেও তাৰ পৰা কিছু সংগ্রহ হ’ব যেন অনুমান হয়।

(৩) মানুহ-বন্যপ্ৰাণীৰ সংঘৰ্ষ (Man Wildlife Conflict) : আমি এতিয়ালৈ জৈৱ-বিচিত্ৰতাৰ সংৰক্ষণ আৰু প্ৰতিবিধৰ বিষয়ে কৈ আহিছো। কেতিয়াবা আমিও যুদ্ধকালীন অৱস্থা এটালৈ আহিব লগাত পৰে, যদিহে বন্যপ্ৰাণীয়ে immense damage অথবা danger to man হয়। সেই সময়ত বন বিভাগে শান্তি স্থাপনত অসুবিধাৰ সন্মুখীন হ’ব লাগে আৰু আক্ৰান্ত গাওঁবাসীয়ে বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত বাধা দিয়ে।

আমাৰ দেশত মানুহ-জন্তুৰ সংঘৰ্ষৰ ঘটনা বহুতো পোহৰলৈ আহিছে। উৰিষ্যাৰ Sambalpur ত যোৱা ৫ বছৰত ১৯৫ জন মানুহ হাতীয়ে মাৰিছে, তাৰ প্ৰতিশোধত গাঁওবাসীয়ে ৯৮ টা হাতী মাৰিছে আৰু ৩০ টা বেয়াকৈ আঘাতপ্রাপ্ত হৈছে। সীমান্ত অঞ্চল Kote-Chamarjangar এলেকা (Mysore)ত বহুতো তেনেকৈ হাতী হত্যা কৰা কথা গম পোৱা গৈছে। মানুহ-হাতীৰ সংঘৰ্ষ ক্ৰমে বাঢ়ি আহিছে কাৰণ হাতীয়ে খেতিয়কৰ cotton বা কুঁহিয়াৰৰ খেতিৰ বেয়াকৈ অনিষ্ট কৰে। ভুক্তভোগী ভুবাসীয়ে সেয়ে হাতী খেদিবলৈ বিদ্যুৎ ব্যৱহাৰ কৰে আৰু কেতিয়াবা কুঁহিয়াৰ খেতিত ধ্বংসকাৰী পদাৰ্থ লুকুৱাই থয় আৰু হাতী সোমোৱাৰ লগে লগে সেইবোৰৰ বিস্ফোৰণ ঘটে।

আচলতে গাঁওবাসীয়ে হত্যা কৰাতকৈ চোৰাং চিকাৰীয়ে হত্যা কৰাৰ সংখ্যা বেছি। ২০০৪ চনৰ আগভাগত এটা নৰখাদক বাঘে ১৬ জন নেপালী মানুহ আৰু এটা ৪ বছৰীয়া শিশুক Royal Chitwan ৰাষ্ট্ৰীয় উদ্যানত (কাঠমাণ্ডুৰ পৰা ২৪০ কিলোমিটাৰ দক্ষিণ-পশ্চিমত) মাৰি পেলাইছে। বন্যপ্ৰাণী সংৰক্ষণৰ কাৰণে জনাজাত এই উদ্যানত সংৰক্ষণ ব্যবস্থাই মানুহক ভয়াবহ কৰি তুলিছে। বর্তমানে Corbet Duduwa, Palamau, Ronthambore আদি ৰাষ্ট্ৰীয় উদ্যানৰ পৰাও তেনে ধৰণৰ ঘটনা ঘটাৰ বাতৰি আহিছে। ২০০৪ চনত মুম্বাইৰ Powai ত Leopard য়ে দুজন মানুহক হত্যা কৰে। মুম্বাইৰ সঞ্জয় গান্ধী ৰাষ্ট্ৰীয় উদ্যানৰ এটা Leopard য়ে ১৪ জনক হত্যা আৰু ১৯ জনক আহত কৰিছে আৰু এই ঘটনাই স্থানীয় মানুহক আতংকগ্ৰত কৰিছে।


Dr. Ratanlal Brahma, M.A., B.Ed., M.Phil., Ph.D.
Post Graduate Teacher (Political Science)
H.N.Seminary Model HS School, Bagribari, Dhubri, Assam
Email : brahmaratan@gmail.com
Whatsapp no. : 7020477396

Leave a comment

Trending