একাদশ শ্ৰেণী পৰিবেশ – অধ্যায়ঃ ৫ পৰিবেশ প্ৰদূষণ । Environmental Pollution


1. মুখ্য বায়ু প্ৰদূষকসমূহ কি কি? 

উত্তৰ:- মুখ্য বায়ু প্ৰদুষকসমূহ হ’ল – CO, NO, SO,


2. সেউজ গৃহ গেছসমূহ কি কি? 

উত্তৰ:- সেউজ গৃহ গেছসমূহ হ’ল– CO2, CH4, O3, NO আৰু NO2


3. কোন চনত ষ্টকহমত বিশ্ব পৰিবেশ সম্মিলন অনুষ্ঠিত হৈছিল? 

উত্তৰঃ- ১৯৭২ চনত।


4. কোনবিধ বিষাক্ত পদার্থৰ বাবে মিনামাটা ৰোগ হৈছিল? 

উত্তৰঃ- মিথাইল মার্কাৰি। 


5. পানীৰ দ্বাৰা সৃষ্টি হোৱা দুবিধ ৰোগৰ নাম লিখা। 

উত্তৰঃ- কলেৰা, হেপাটাইটিছ। 


6. চেৰ্ন’বিল পাৰমাণৱিক ৰিয়েক্টৰ ক’ত অৱস্থিত? 

উত্তৰঃ- ৰাছিয়াৰ ইউক্ৰেইনত। 


7. শব্দৰ একক বিধৰ নাম লিখা। 

উত্তৰঃ- ডেছিবেল (db)।


8. পৃথিৱীৰ উল্লেখযোগ্য সভ্যতা দুবিধৰ নাম লিখা।

উত্তৰ:- নীল নদীৰ সভ্যতা আৰু মিচৰীয় সভ্যতা। 


9. পৰিবেশৰ অৱক্ষয় কি কি কাৰণত হয়? 

উত্তৰঃ- প্ৰাকৃতিক কাৰণ আৰু আনটো মানবসৃষ্ট কাৰণত। 


10. পৰ্বতৰ শিল ভাঙিবলৈ কি বিস্ফোৰক ব্যৱহাৰ কৰা হয়? 

উত্তৰঃ- ডিনামাইট। 


12. ১৮৫০ চনত পৃথিৱীৰ জনসংখ্যা কিমান আছিল? 

উত্তৰৃঃ- এক বিলিয়ন। 


13. বর্তমান ভাৰতৰ জনসংখ্যা কিমান? 

উত্তৰঃ- এশ দহ কোটি। 


14. অসমৰ অভয়াৰণ্য দুখনৰ নাম লিখা। 

উত্তৰঃ- কাজিৰঙা আৰু মানাহ। 


15. দুবিধ খনিজ সম্পদৰ নাম লিখা। 

উত্তৰঃ- পেট্ৰ’লিয়াম আৰু কয়লা। 


16. ১৯৫০ চনত ক’ত ‘স্মগ’ সৃষ্টি হৈছিল? 

উত্তৰঃ- লণ্ডনৰ শিল্পপ্ৰধান অঞ্চলত। 


17. ভাৰতৰ ক’ত কত স্মৃগৰ সৃষ্টি হৈছে? 

উত্তৰঃ- কলকাতা আৰু মুম্বাইত। 


18. বায়ু প্ৰদূষণৰ প্ৰধান উৎসসমূহ কি কি?

উত্তৰঃ- বায়ু প্ৰদুষণৰ প্ৰধান উৎসসমূহ হ’ল— প্ৰাকৃতিক উৎস আৰু মানৱ সৃষ্ট উৎস।


19. অ’জন বিন্ধা কি?

উত্তৰঃ- ক্ল’ৰিণ অণুৱে অ’জন অণু ভাঙি দিয়াৰ ফলত অ’জন স্তৰত সুক্ষ্ম সূক্ষ্ম ছিদ্ৰ হয়। এনে ছিদ্ৰক অ’জন বিন্ধা বোলে।


20. ভাৰতবৰ্ষৰ কেইখনমান প্ৰদূষিত নদীৰ নাম লিখা।

উত্তৰঃ- (১) যমুনা (২) হুগলি (৩) গংগা (৪) দাভোদৰ (৫) গোমতি (৬) কাবেৰি।


21. পানী প্ৰদূষণৰ মুখ্য কাৰণসমূহ কি? 

উত্তৰ:- পানী প্ৰদুষণৰ মুখ্য কাৰণসমূহ হ’ল – পেলনীয়া আৱৰ্জনা, কীটনাশক দ্ৰব্য, সাৰ, তৈল নিঃসৰণ, উদ্যোগৰ পেলনীয়া দ্ৰব্য আদি। 


22. প্ৰদূষণৰ সংজ্ঞা লিখা। প্ৰদূষণকাৰী বস্তু বুলিলে কি বুজা?

উত্তৰঃ- প্ৰদূষণ (Pollution) : বায়ু, পানী আৰু মাটিৰ যি ভৌতিক, ৰাসায়নিক আৰু জৈৱক পৰিৱর্তনে মানুহ আৰু অন্যান্য প্ৰাণীৰ ওপৰত কু-প্ৰভাৱ পেলাব পাৰে তাক প্ৰদুষণ বোলে।


23. বায়ু প্ৰদূষণৰ ফলত কি কি ৰোগ হ’ব পাৰে উল্লেখ কৰা।

উত্তৰঃ- (a) SO2 গেছ কোমল পেশীত সোমাই শৰীৰ, মুখ শুকাই তোলে; ডিঙিত খচ্‌খচনি তোলে আৰু চকু জলজলীয়া কৰে।

(b) কার্বন মন’ক্সাইডে (CO) মানুহৰ স্নায়ুতন্ত্ৰ, হৃদপিণ্ড আৰু হাঁওফাওঁৰ জটিলতাৰ সৃষ্টি কৰে। 

(c) হাইড্ৰ’কার্বনৰ পৰা কৰ্কট ৰোগৰ সৃষ্টি কৰে। 

(d) নাইট্ৰ’জেনৰ অক্সাইডে চকু আৰু নাকৰ খচ্‌খচনি তোলে। 


24. অম্লবৃষ্টি কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি? 

উত্তৰঃ- অম্লবৃষ্টি নিয়ন্ত্ৰণৰ উপায়— 

(a) অম্লবৃষ্টি সৃষ্টিকাৰী গেছসমূহৰ নির্গমন নিয়ন্ত্ৰণ কৰিব লাগিব।

(b) বিভিন্ন উদ্যোগ, কল-কাৰখানা, যান-বাহনসমূহ উপযুক্ত প্ৰযুক্তিৰে বিকাশ ঘটাব লাগিব।

(c) বিশ্বৰ সকলোৱেই সচেতন হৈ সতর্কতা অৱলম্বন কৰিব লাগিব।


25. বায়ু প্ৰদূষিত কৰা প্ৰধান গেছসমূহ কি কি আৰু ইহঁতৰ উৎপত্তি স্থলসমূহ উল্লেখ কৰা।

উত্তৰ:- (a) কার্বন মন’ক্সাইড (CO) : মটৰ-গাড়ী, পেট্ৰ’লজাত আৰু কয়লা ইন্ধন হিচাপে ব্যৱহাৰ কৰা কল-কাৰখানা।

(b) ছালফাৰ-ডাই-অক্সাইড (SO2) : তাপ বিদ্যুৎ কাৰখানা আৰু কয়লা ইন্ধন হিচাপে ব্যৱহাৰ কৰা কাৰখানা।

(c) নাইট্ৰিক অক্সাইড (NO) : মটৰগাড়ী, কাৰখানা আৰু তাপবিদ্যুৎ কাৰখানা। 

(d) হাইড্ৰ’কার্বন : মটৰগাড়ী, তেল শোধনাগাৰ, পেট্ৰ’ল ব্যৱহাৰ কৰা কাৰখানা। 


26. বায়ু প্ৰদূষণ কৰা গেছবোৰ কি কি?

উত্তৰঃ- বায়ু প্ৰদূষণ কৰা গেছবোৰ হ’ল— 

(a) কার্বন-ডাই-অক্সাইড। 

(b) ছালফাৰ-ডাই-অক্সাইড 

(c) কার্বন মন’ক্সাইড। 

(d) হাইড্ৰ’কার্বন।

এই গেছবোৰে বায়ু প্ৰদূষণত অৰিহণা যোগায়। ফলত আমাৰ বিভিন্ন ক্ষয় ক্ষতি হয়।


27. সামুদ্ৰিক প্ৰদূষণ কি? ইয়াৰ ফলত কি ৰোগ হয়?

উত্তৰঃ- সামুদ্ৰিক প্ৰদূষণ ও সাগৰৰ পানী বিভিন্ন প্ৰক্ৰিয়াৰে যেনে— সাগৰীয় তৈলবাহী জাহাজৰ পৰা তেল পৰি সাগৰৰ পানীৰ প্ৰদূষণ হোৱাকে সামুদ্ৰিক প্ৰদষণ। বোলে। সাগৰৰ পানীত পাৰা, জিংক, লেড, কেডমিয়াম, আর্ঘেনিক আদি ধাতব পদার্থ থাকিলে সাগৰৰ পানী প্ৰদূষিত হয়। পাৰাৰ দ্বাৰা প্ৰদূষিত পানীয়ে মানৱ দেহত মিনামাটা (Minamata) নামৰ ৰোগৰ সৃষ্টি কৰে। সেইদৰে কেডমিয়ামৰ দ্বাৰা মানুহৰ ইটাই-ইটাই (litai-itai) নামৰ ৰোগ হয়।


28. পৰিবেশ প্ৰদূষণ কি?

উত্তৰঃ- পৰিবেশৰ মূল উপাদানসমূহ দূষিত হোৱাকে পৰিবেশ প্ৰদূষণ বুলি কোৱা হয়। পৰিবেশ প্ৰদুষণ আধুনিক যুগৰ এক ভয়াৱহ সমস্যা। পৰিবেশ প্ৰদূষণে পৰিবেশৰ মূল উপাদান বায়ু, পানী আৰু মাটিৰ প্ৰদূষণ ঘটাইছে। ফলস্বৰূপে জীৱ বৈচিত্ৰ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিছে। স্বার্থপৰ মানুহে নিজৰ অভাৱ পূৰণৰ বাবে পৰিবেশৰ মূল উপাদান বায়ু, পানী, মাটি, প্ৰাকৃতিক সম্পদ আৰু জীৱ-বৈচিত্র্যৰ অনিষ্টসাধন কৰিছে। উন্নয়নশীল দেশসমূহে উন্নতিৰ শিখৰত উঠাৰ তীব্ৰ প্ৰতিযোগিতাত অৱতীর্ণ হৈ প্ৰাকৃতিক সম্পদ লুণ্ঠনত নামি পৰিছে। ফলস্বৰূপে সমগ্ৰ পৃথিৱীকে পৰিবেশ প্ৰদূষণৰ সমস্যাই আগুৰি ধৰিছে। 


29. শব্দ প্ৰদূষণ কি? শব্দ প্ৰদূষণৰ ফলত কি কি ৰোগ হ’ব পাৰে। HS-2017

উত্তৰঃ- শব্দ প্ৰদূষণ (Noise pollution) : ঘৰত ব্যৱহাৰ কৰা বিভিন্ন যন্ত্ৰ-পাতি (যেনে- ৰেডিঅ’, টিভি, ষ্টেৰিঅ’, কাপোৰ ধোৱা মেচিন আদি) কল-কাৰখানাত ব্যৱহাৰ কৰা বিভিন্ন যন্ত্ৰপাতি আদি শব্দ প্ৰদূষণৰ উৎস। জীৱৰ স্বাভাৱিক জীৱন যাত্ৰাত চিঞৰ-বাখৰ এটা অবিচ্ছেদ্য অংগ। এই চিঞৰ-বাখৰ এটা নির্দিষ্ট সীমা অতিক্ৰম কৰি গ’লে মানুহৰ পৰিবেশ বিনষ্ট হয়, ইয়াকে শব্দ প্ৰদূষণ বোলে।

শব্দ প্ৰদূষণৰ ফলত হ’ব পৰা ৰোগ : শব্দ প্ৰাবল্য ৮৫ ডেছিবেলতকৈ বেছি হ’লে মানুহৰ শ্ৰৱণশক্তি নষ্ট হয়। তদুপৰি উচ্চ ৰক্তচাপ, স্নায়ৱিক দুর্বলতা, নিদ্ৰাহীনতা, হৃদৰোগ, মূৰ ঘূৰণি আদি ৰোগৰ সৃষ্টি হয়।


30. তেজস্ক্ৰিয় প্ৰদূষণ কি আৰু ই কেনেদৰে ঘটে? HS-2017

উত্তৰঃ তেজস্ক্ৰিয় প্ৰদূষণ (Radioactive pollution) : সৃষ্টিৰ আদিৰে পৰা সূৰ্যৰ ৰশ্মি, শিল, মাটি আদিৰ পৰা বিকিৰণ হৈ তেজস্ক্ৰিয় পদার্থ বায়ু আৰু পানীৰ মাজেদি জীৱৰ শৰীৰত প্ৰৱেশ কৰি আহিছে। পৰিবেশত তেজস্ক্ৰিয় পদাৰ্থৰ প্ৰৱেশ দুই প্ৰকাৰে ঘটে। প্ৰাকৃতিকভাৱে আৰু কৃত্ৰিমভাৱে। প্ৰাকৃতিকভাৱে শিলাখণ্ড, মাটি আদিৰ পৰা কেইবিধমান তেজস্ক্ৰিয় পদার্থ বিকিৰিত হৈ বায়ুমণ্ডলত প্ৰৱেশ কৰে। ই বৰষুণৰ পানীৰ লগত মিহলি হৈ ভূ-গর্ভৰ মাটি আৰু পানীত পৰেহি। এই বিকিৰিত তেজস্ক্ৰিয় পদার্থবিলাক বৰষুণৰ পানী আৰু মাটিৰ ওপৰেদি বাগৰি মাটি আৰু পানী দুষিত কৰে।


31. মানৱ শৰীৰত বায়ু প্ৰদূষণৰ প্ৰভাৱৰ বিষয়ে উল্লেখ কৰা।

উত্তৰঃ- গেছীয় প্ৰদূষণবোৰৰ ভিতৰত কার্বন মন’ক্সাইডে মানুহৰ স্নায়ুতন্ত্ৰ, হৃৎপিণ্ড আৰু হাওঁফাওঁত ক্ৰিয়া কৰি জটিলতাৰ সষ্টি কৰে। তেজৰ হিম’গ্ল’বিনৰ সৈতে কার্বন মন’ক্সাইড (CO) যুক্ত হৈ কার্বক্সি-হ’ম’গ্ল’বিন উৎপন্ন কৰে। এই পদার্থবিধে লোহিত ৰক্তকণিকাৰ (RBC) অক্সিজেন বহন কৰা ক্ষমতা কমাই দিয়ে। অক্সিজেন (02) গেছ পানীত দ্ৰৱীভূত হয় আৰু ই কোমল পেশীত সোমাই পৰি মুখ শুকাই তোলে; ডিঙিত খচ্‌খচনি তোলে আৰু চকু জল-জলীয়া কৰে। নাইট্ৰ’জেন অক্সাইডে চকু আৰু নাকৰ খচ্‌খচনি তোলে। কণিকা জাতীয় প্ৰদূষক কিছুমানে নাকৰ ভিতৰৰ নোমত আবদ্ধ হৈ পৰে আৰু কাহৰ সৃষ্টি কৰে।


32. পানী কেনেদৰে প্ৰদূষিত হয়? পানী প্ৰদূষণৰ কেইটামান দ্ৰব্যৰ নাম লিখা।

উত্তৰঃ- বিভিন্ন ধৰণৰ উৎসৰ পৰা অহা প্ৰদূষক পানীত মিহলি হৈ পানী প্ৰদুষিত কৰে। পানী প্ৰদূষণ কৰা দ্ৰব্যসমূহ হ’ল—

(a) নলা-নর্দমাৰ লেতেৰা পানী। 

(b) ৰাসায়নিক সাৰ। 

(c) অজৈৱ পদার্থ আৰু অন্যান্য ৰাসায়নিক দ্ৰব্য। 

(d) গেছ বা পলস। 

(e) উত্তাপ।

(f) তেজস্ক্ৰিয় পদার্থ। 

(g) কীটনাশক প্ৰদূষণ। 


33. তাপ প্ৰদূষণ কেনেদৰে হয়? HS-2014

উত্তৰঃ- তাপীয় প্ৰদূষণ (Thermal pollution) : কোনো উত্তপ্ত পদার্থৰ লগত ঠাণ্ডা পদার্থৰ বিক্ৰিয়াৰ ফলত অন্য কিছুমান প্ৰদূষিত পদার্থৰ সৃষ্টি হয়। এনেদৰে উত্তাপৰ ফলত সৃষ্টি হোৱা পদাৰ্থৰ ফলত পৰিবেশৰ যি পৰিৱর্তন হয় তাক তাপীয় প্ৰদূষণ বোলে। বিভিন্ন ইঞ্জিন আদি চলি থাকোঁতে বেছি তাপ সৃষ্টি কৰে যাৰ ফলত উষ্ণতাৰ বৃহৎ তাৰতম্য ঘটে। ইয়াৰ উপৰি নিউক্লীয় পাৱাৰ, বিদ্যুৎ শক্তি প্ৰকল্প আদিত উদ্ভৱ হোৱা তাপৰ ফলত তাত ব্যৱহাৰ কৰা পানী আদি বহু পৰিমাণে উত্তাপিত হয়। 

তাপীয় প্ৰদুষণ ৰোধ কৰিবলৈ প্ৰধানকৈ ডাঙৰ উদ্যোগসমূহ নিয়ন্ত্ৰণ কৰিব লাগে। এনে উদ্যোগসমূহৰ পৰা নির্গত হোৱা পানীসমূহ শীতলীকৰণ প্ৰক্ৰিয়াৰে শোধন কৰি উষ্ণতা হ্ৰাস কৰা হয়।


34. বায়ু প্ৰদূষণ কেনেকৈ হয়? বায়ু প্ৰদূষণৰ উৎস কেইটামান উল্লেখ কৰা।

উত্তৰঃ- বিশ্ব স্বাস্থ্য সংস্থাৰ সূত্ৰ অনুসৰি বায়ু প্ৰদূষণ হ’ল মানুহৰ বিভিন্ন ক্ৰিয়া-কলাপৰ ফলত সৃষ্টি হোৱা বিভিন্ন প্ৰকাৰৰ পদার্থ বায়ুত মিহলি হৈ মানুহকে আদি কৰি সমস্ত প্ৰাণীজগত আৰু উদ্ভিদজগতৰ ক্ষতি কৰা এক প্ৰক্ৰিয়া। বায়ুত মিহলি হোৱা নানা ধৰণৰ ক্ষতিকাৰক (জীৱ আৰু উদ্ভিদৰ) পদাৰ্থৰ উপস্থিতিয়েই বায়ু প্ৰদূষণ।

বায়ু প্ৰদূষণৰ উৎসসমূহ হ’ল- 

(a) ধুলিকণা আৰু জীৱাণু। 

(b) কার্বন-ডাই-অক্সাইড। 

(c) ছালফাৰ-ডাই-অক্সাইড। 

(d) কার্বন মন’ক্সাইড। 

(e) হাইড্ৰ’জেন অক্সাইড। 

(f) নাইট্ৰ’জেন অক্সাইড।

(g) সীহ ইত্যাদি।


35. এচিড বৰষুণ কি?     HS-2016

উত্তৰঃ- ঔদ্যোগিক কাম-কাজ আৰু জীৱাশ্ম ইন্ধন দহনৰ ফলত উৎপন্ন হোৱা ছালফাৰ আৰু নাইট্ৰ’জেনৰ অক্সাইডসমূহ হৈছে বায়ুমণ্ডলৰ গেছসমূহৰ পৰা সৃষ্টি হোৱা এচিডৰ প্ৰধান উৎস। বতাহে যেতিয়া ছালফাৰ ডাই-অক্সাইড আৰু নাইট্ৰ’জেনৰ অক্সাইডসমূহক বিভিন্ন দিশত বোৱাই নিয়ে, তেতিয়া সেইবোৰ পানীৰ বাষ্পৰ সংস্পৰ্শলৈ আহি ছালফিউৰিক এচিড, নাইট্ৰিক এচিড, ছালফেট আৰু নাইট্ৰেটৰ ক্ষুদ্ৰ কণা সৃষ্টি কৰে। এই ৰাসায়নিক পদার্থসমূহ সেমেকা (যেনে এচিড বৰষুণ, তুষাৰ, কুঁৱলী আৰু মেঘাবাষ্প আদি) আৰু শুকান (যেনে এচিড, ধূলিকণা) পদাৰ্থৰ ৰূপত ভূ-পৃষ্ঠলৈ নামি আহে। এই গোটেই প্ৰক্ৰিয়াটোত সৃষ্টি হোৱা মিশ্ৰণটোকে আম্লিক বা এচিড বৰষুণ বোলা হয়।


36. ভূ-উষ্মীকৰণ কি?     HS-2013

উত্তৰঃ- বায়ুমণ্ডলত সেউজ গৃহ গেছৰ পৰিমাণ বৃদ্ধিৰ ফলত পৃথিৱীপৃষ্ঠৰ গড় উষ্ণতা বৃদ্ধি পাইছে। পৃথিৱীৰ উষ্ণতা বৃদ্ধিৰ বাবে যদিও মূলতঃ কার্বন-ডাই-অক্সাইড গেছেই দায়ী, তাৰ লগতে মিথেন, নাইট্ৰাছ অক্সাইড, ক্ল’ৰ’ফ্ল’ৰ’ কার্বন (CFC) শ্ৰেণীৰ গেছকেইটায়ে উষ্ণতা বৃদ্ধি কৰাত বুজন পৰিমাণৰ অৰিহণা যোগাইছে।

উষ্ণতা বৃদ্ধিয়ে পাৰিপাৰ্শ্বিক ভাৰসাম্যতা বিনষ্ট কৰাই নহয়, জৈৱ-বিচিত্ৰতাৰো হাস কৰিছে। এনেদৰে জীৱ জগতৰ বহু জীৱৰ অৱলুপ্তি ঘটিব পাৰে। ভূ-উষ্মীকৰণে কুমেৰু মহাদেশৰ বৰফ গলাই পৃথিৱীত বতৰৰ আমূল পৰিৱৰ্তন ঘটোৱাটোও অস্বাভাৱিক নহ’ব বুলি ভবা হৈছে। কার্বন-ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধি হোৱাৰ ফলত পৰিস্থিতিতন্ত্ৰত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব।


37. জল প্ৰদূষণ কিদৰে নিয়ন্ত্ৰণ কৰিব পাৰি?     HS-2017

উত্তৰঃ- জল প্ৰদূষণৰ নিয়ন্ত্ৰণ (Control of water pollution) : বিভিন্ন উপায়েৰে জল প্ৰদূষণ নিয়ন্ত্ৰণ কৰিব পাৰি।

(a) পানীত মিহলি হৈ থকা প্ৰলম্বিত কণাবোৰ অৱক্ষেপণ প্ৰথাৰে আৰু কলয়দীয় কণাবোৰ আতঞ্চন প্ৰথাৰে দূৰ কৰিব পাৰি। (b) ব্লিচিং পাউডাৰ, অ’জন আদি দ্ৰব্যৰ সহায়ত পানীৰ নির্বীজকৰণ কৰিব পাৰি।

(c) উদ্যোগজাত আৱৰ্জনাৰ পানী প্ৰথমে উপযুক্ত পদ্ধতিৰ দ্বাৰা, শোধন কৰি তাৰ পাছতহে নলা-নর্দমাৰে যাবলৈ দিয়া উচিত। 

(d) কৃষি কার্যত ৰাসায়নিক সাৰ, কীটনাশক, বননাশক আদি প্ৰয়োজনতকৈ বেছি পৰিমাণে প্ৰয়োগ কৰা অনুচিত। বর্তমান কৃত্ৰিম সাৰ, কীটনাশক আদিৰ বিকল্প হিচাপে জৈৱ পদার্থ প্ৰয়োগ কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। কাৰণ এনে পদার্থই পৰিবেশ বিনষ্ট নকৰে।


38. পানী প্ৰদূষণৰ উৎসসমূহ কি কি আৰু ইয়াৰ বিষয়ে চমুকৈ লিখা। HS-2020

উত্তৰ:- পানীৰ প্ৰদূষণৰ উৎসঃ-

(a) সমূহীয়া পেলনীয়া পানী (Community Waste Water) : মানুহৰ বাসস্থান, কার্যালয়, হোটেল, ৰেষ্টোঁৰা আদিৰ পৰা পেলনীয়া পানীবোৰ নলা-নর্দমাৰে গৈ হ্ৰদ, বিল নদী আদিত পৰি পানী প্ৰদুষিত কৰে। এনে আৱৰ্জনাময় পানীত নানা প্ৰকাৰৰ ৰোগৰ বীজাণ, অপমাৰ্জক, আন জৈৱিক প্ৰদুষক আদি মিহলি হৈ থাকে।

(b) ঔদ্যোগিক পেলনীয়া পানী (Industrial Waste Water) : উদ্যোগসমূহত সৃষ্টি হোৱা বিভিন্ন পেলনীয়া বস্তুবোৰ পেলনীয়া পানীৰ সৈতে নলা-নর্দমাৰে বাহিৰ হৈ আছে। এনে পানীত জৈৱিক আৰু অজৈৱিক দুয়ো প্ৰকাৰৰ প্ৰদুষক মিহলি হয় আৰু ইহঁতে পানীৰ স্বাভাৱিক গুণ নষ্ট কৰে।

    (c) কৃষিজাত উৎস (Agricultural Sources) : শস্যৰ উৎপাদন বঢ়াবলৈ আৰু শস্যৰ ৰক্ষণাবেক্ষণৰ কাৰণে নানাবিধ ৰাসায়নিক সাৰ, কীটনাশক, বননাশক আদি ব্যৱহাৰ কৰা হয়। এই পদার্থবোৰৰ অৱশিষ্ট অংশ পানীৰ সোঁতত উটি গৈ জলাশয়, নদী আদিত পৰি সেইবোৰৰ পানী প্ৰদূষিত কৰিব পাৰে।


39. পানী প্ৰদূষণৰ প্ৰভাৱসমূহ কি কি? 

উত্তৰঃ- পানী প্ৰদূষণৰ প্ৰভাৱ (Effect of water pollution) : 

(১) পুখুৰী, নৈ, বিল আদিৰ প্ৰদূষিত পানী খালে মানুহ আৰু প্ৰাণীৰ স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে।

(২) পানীত প্ৰলম্বিত কণা আৰু কলয়ডীয় পদার্থ থাকিলে পানী ঘোলা হয় আৰু এনে পানী খাবৰ বাবে আৰু ঔদ্যোগিক কামত ব্যৱহাৰৰ অনুপযোগী হৈ পৰে।

(৩) প্ৰদূষকবোৰে পানীৰ ৰং, স্বাদ আৰু গোন্ধ নষ্ট কৰি পানীক ব্যৱহাৰৰ অনুপযোগী কৰি তোলে।

(৪) ৰাসায়নিক কীটনাশক আৰু সাৰবোৰেও জলজ উদ্ভিদ আৰু জীৱৰ ক্ষতিসাধন কৰে। 

(৫) প্ৰদূষকবোৰে পানীত থকা সূক্ষ্ম জীৱৰ শ্ৰীবৃদ্ধি ঘটাব পাৰে। এইবোৰে পানীত দ্ৰৱীভূত হৈ থকা অক্সিজেন গ্ৰহণ কৰাৰ কাৰণে মাছ আদি জীৱৰ ক্ষতিসাধন কৰে।


40. বায়ু প্ৰদূষণ কি? বায়ু প্ৰদূষণৰ উৎসসমূহ চিনাক্ত কৰা।

উত্তৰঃ- বায়ু প্ৰদূষণ : বিশ্ব স্বাস্থ্য সংস্থাৰ মতে বায়ু প্ৰদূষণ হ’ল মানুহৰ বিভিন্ন ক্ৰিয়া-কলাপৰ ফলত সৃষ্টি হোৱা বিভিন্ন প্ৰকাৰৰ পদার্থ বায়ুত মিহলি হৈ মানুহকে আদি কৰি সমস্ত প্ৰাণীজগত আৰু উদ্ভিদজগতৰ ক্ষতি কৰা এক প্ৰক্ৰিয়া। বায়ুত মিহলি হোৱা নানা ধৰণৰ ক্ষতিকাৰক (জীৱ আৰু উদ্ভিদৰ) পদাৰ্থৰ উপস্থিতিয়েই বায়ু প্ৰদূষণ। বায়ু প্ৰদূষণৰ উৎসসমূহ হল— 

(a) ধূলিকণা আৰু জীৱাণু। 

(b) কার্বন-ডাই-অক্সাইড। 

(c) হাইড্ৰ’জেন অক্সাইড। 

(d) ছালফাৰ-ডাই-অক্সাইড। 

(e) কার্বন মন’ক্সাইড।

(f) নাইট্ৰ’জেন অক্সাইড।

(g) সীহ ইত্যাদি।


41. ভূমি প্ৰদূষণ কি? ইয়াক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি?

উত্তৰঃ- ভূমি প্ৰদূষণঃ- প্ৰাকৃতিক কাৰক, মানুহৰ কু-কার্য অর্থাৎ বনাঞ্চল ধ্বংস বিভিন্ন ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ আদিৰ ফলত মাটিৰ স্বাভাৱিক গুণ নষ্ট হয়, তাকে স্থল প্ৰদূষণ বুলি কোৱা হয়।

    ভূমি প্ৰদূষণ নিয়ন্ত্ৰণৰ ব্যৱস্থাঃ-

(a) উদ্যোগৰ বৰ্জিত পদার্থসমূহক মাটিত এৰি দিয়াৰ পূর্বে সেইসমূহক ভালদৰে পৰিশোধন কৰিব লাগে।

(b) গোটা আৱৰ্জনাসমূহক উৎসতে জৈৱ বিয়োজনীয় আৰু জৈৱ অবিয়োজনীয় হিচাপে ভাগ কৰি ফলপ্ৰসূ বৈজ্ঞানিক পদ্ধতিৰে সেইসমূহৰ বিয়োজন ঘটাব লাগে।

(c) ৰাসায়নিক সাৰৰ পৰিৱর্তে জৈৱ সাৰৰ প্ৰয়োগত উদগনি যোগোৱা উচিত। 

(d) ৰাসায়নিক কীটনাশক দ্ৰব্যৰ ব্যৱহাৰ নিয়ন্ত্ৰণ কৰা উচিত।

(e) মাটিত থকা বিষাক্ত ৰাসায়নিক পদার্থসমূহ দূৰ কৰিবৰ বাবে জৈৱ পৰিচর্যা পদ্ধতি অৱলম্বন কৰিব পৰা যায়।

(f) ভূমি প্ৰদূষিত কৰাসকলৰ প্ৰতি শাস্তিমূলক ব্যৱস্থা ল’বৰ বাবে প্ৰয়োজনীয় আইন প্ৰৱৰ্তন কৰা উচিত। 

(g) মানুহৰ মাজত সজাগতা সৃষ্টি কৰা উচিত।


42. ভূমি প্ৰদূষণ কি? ইয়াক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি?

উত্তৰঃ- ভূমি প্ৰদূষণঃ- প্ৰাকৃতিক কাৰক, মানুহৰ কু-কার্য অর্থাৎ বনাঞ্চল ধ্বংস বিভিন্ন ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ আদিৰ ফলত মাটিৰ স্বাভাৱিক গুণ নষ্ট হয়, তাকে স্থল প্ৰদূষণ বুলি কোৱা হয়।

ভূমি প্ৰদূষণ নিয়ন্ত্ৰণৰ ব্যৱস্থাঃ-

(a) উদ্যোগৰ বৰ্জিত পদার্থসমূহক মাটিত এৰি দিয়াৰ পূর্বে সেইসমূহক ভালদৰে পৰিশোধন কৰিব লাগে।

(b) গোটা আৱৰ্জনাসমূহক উৎসতে জৈৱ বিয়োজনীয় আৰু জৈৱ অবিয়োজনীয় হিচাপে ভাগ কৰি ফলপ্ৰসূ বৈজ্ঞানিক পদ্ধতিৰে সেইসমূহৰ বিয়োজন ঘটাব লাগে।

(c) ৰাসায়নিক সাৰৰ পৰিৱর্তে জৈৱ সাৰৰ প্ৰয়োগত উদগনি যোগোৱা উচিত। 

(d) ৰাসায়নিক কীটনাশক দ্ৰব্যৰ ব্যৱহাৰ নিয়ন্ত্ৰণ কৰা উচিত।

(e) মাটিত থকা বিষাক্ত ৰাসায়নিক পদার্থসমূহ দূৰ কৰিবৰ বাবে জৈৱ পৰিচর্যা পদ্ধতি অৱলম্বন কৰিব পৰা যায়।

(f) ভূমি প্ৰদূষিত কৰাসকলৰ প্ৰতি শাস্তিমূলক ব্যৱস্থা ল’বৰ বাবে প্ৰয়োজনীয় আইন প্ৰৱৰ্তন কৰা উচিত। 

(g) মানুহৰ মাজত সজাগতা সৃষ্টি কৰা উচিত। 


43. প্ৰধান সেউজ গৃহ গেছসমূহ কি কি? সেউজ গৃহ প্ৰভাৱ কি?

উত্তৰঃ- প্ৰধান সেউজ গৃহ গেছসমূহ হৈছে— কার্বন ডাই-অক্সাইড(CO2), মিথেন (CH4), নাইট্ৰাছ অক্সাইড (N2O), ক্লৰ’ফ্লৰ’কার্বন (CFC), জলীয় বাষ্প আৰু অ’জন।

সেউজ গৃহ প্ৰভাৱ : সূৰ্যৰ পৰা অহা শক্তিৰ ৩০ শতাংশ আকৌ মহাকাশলৈ প্ৰতিফলিত হৈ উভতি যায় যদিও বাকীখিনি পৃথিৱীত প্ৰৱেশ কৰে। এই শক্তিয়ে। বায়ু, পানী, মাটি গৰম কৰি ৰাখে আৰু পৃথিৱীৰ উষ্ণতা গড়ে প্ৰায় ১৫0 ছেণ্টিগ্ৰেড কৰি ৰাখে। দিনৰ ভাগত সূৰ্যৰ পৰা অহা শক্তি ভূ-পৃষ্ঠই শোষণ কৰে। যদিহে সূৰ্যৰ পৰা অহা সকলোখিনি শক্তিকে পৃথিৱীয়ে শোষণ কৰি লয় তেন্তে পৃথিৱীখন লাহে লাহে অধিক উষ্ণ হৈ আহিব। কিন্তু বাস্তৱিকতে পৃথিৱীয়ে শক্তি শোষণ কৰে যদিও ইয়াৰে কিছু অংশ অৱলোহিত ৰশ্মি হিচাপে নির্গত কৰে। ইয়াৰে সকলোখিনি মহাকাশলৈ গুচি নাযায়, কিছু অংশ বায়ুমণ্ডলত অতি কম পৰিমাণে থকা সেউজ গৃহ গেছসমূহে শোষণ কৰি লয়। এই গেছসমূহে কিছু পৰিমাণৰ তাপ আকৌ ভূ-পৃষ্ঠলৈ নিক্ষেপ কৰে। যিহেতু এই প্ৰক্ৰিয়াটো উদ্যান শস্যৰ বাবে কাঁচেৰে নিৰ্মাণ কৰা গ্ৰীণ হাউছৰ ভিতৰৰ উষ্ণতাৰ প্ৰভাৱ পৰ্যবেক্ষণ কৰা প্ৰক্ৰিয়াটোৰ সৈতে একে সেয়ে ইয়াক সেউজ গৃহ প্ৰভাৱ বোলা হয়। 

কার্বন-ডাই-অক্সাইডৰ পৰিমাণ দিনক দিনে বাঢ়ি যোৱা বাবে বৈজ্ঞানিকসকলৰ মতে পৃথিৱীৰ তাপমাত্ৰা ক্ৰমশঃ বৃদ্ধি হ’ব ধৰিছে। তাপমাত্ৰা ক্ৰমশঃ বৃদ্ধি হ’লে হিমবাহবোৰ গলিব আৰু সাগৰ-মহাসাগৰৰ জলপৃষ্ঠৰ উচ্চতা বাঢ়িব। বহুত দ’ ঠাই পানীৰ তলত ডুবি যাব। সমুদ্ৰপৃষ্ঠৰ পাৰিপাৰ্শ্বিকতাৰ পৰিৱৰ্তন হ’ব। এতেকে CO2 ৰ মাত্ৰা বৃদ্ধি, দ্ৰুত শিল্পায়ন, অৰণ্য ধ্বংস আৰু জীৱাষ্মযুক্ত ইন্ধনৰ ব্যৱহাৰে পৃথিৱীৰ তাপমাত্ৰা বৃদ্ধিৰ প্ৰধান কাৰণ। গতিকে আমি Co2ৰ নির্গমন ৰোধ কৰিবলৈ ব্যৱস্থা ল’ব লাগিব।


44. জলপ্ৰদূষণ কি? মানৱ শৰীৰত জল প্ৰদূষণৰ প্ৰভাৱসমূহ কি কি?

উত্তৰঃ- জলপ্ৰদূষণ : পানীত অনিষ্টকাৰী কণা, মৌল বা বীজাণু মিহলি হৈ থাকিলে পানীখিনি প্ৰদূষিত হোৱা বুলি কোৱা হয়। ইয়াকে জল প্ৰদূষণ বোলে।

মানৱ শৰীৰত জল প্ৰদূষণৰ প্ৰভাৱসমূহ হ’ল:- 

(a) টাইফইয়ড- ছেলমনেলা টাইফি। 

(b) কলেৰা— ভিব্ৰিঅ’ কলেৰা 

(c) ডায়েৰিয়া– ক্ৰিপ্টছপৰিডিয়াম

(d) ডিচেণ্ট্ৰি— ছিজেলা। 

(e) জিয়াৰডিয়াছিছ– জিয়াৰডিয়া লেম্বলিয়া। 

(f) ডায়েৰিয়া– ই-কলি 

(g) গেষ্ট্ৰ’এণ্টাৰাইটিছ– বিভিন্ন ভাইৰাছ

(h) পলিঅ’- পলিঅ’ ভাইৰাছ।

ঘৰুৱা বর্জিত পদার্থ আৰু অন্যান্য আৱৰ্জনা বা মানুহ জীৱ-জন্তুৰ দ্বাৰা বর্জিত পদার্থ প্ৰত্যক্ষ বা পৰোক্ষভাৱে খোৱা পানীৰ লগত মিহলি হৈ দুষিত হোৱাটো বিশেষকৈ তৃতীয় বিশ্বত পানীৰ গুণাগুণৰ লগত জড়িত অতি সাধাৰণ আৰু বহুলভাৱে ব্যাপ্ত সমস্যা। বর্জিত পদাৰ্থৰ পৰা হোৱা প্ৰদূষণৰ বাবে বেক্টেৰিয়া, ভাইৰাছ, বিভিন্ন পৰজীৱীৰ দৰে আন্ত্ৰিক বীজাণুসমূহ শৰীৰলৈ আহে আৰু এইসমূহৰ পৰা সাধাৰণ গেষ্ট্ৰ’এণ্টাৰাইটিছৰ পৰা গুৰুতৰ আৰু মাৰাত্মক গ্ৰহণী, কলেৰা বা টাইফইড পর্যন্ত বিভিন্ন ৰোগ হয়। তদুপৰি ঘা, জ্বৰ, মায়’কার্ডাইটিছ, মেননজাইটিছ, শ্বাসজনিত ৰোগ আদি হ’ব পাৰে। পানীৰ উৎসত বৈ অহা ঘৰুৱা বর্জিত পদার্থ মিহলি হ’লে এমিবিয়াছিছ, জিয়াৰডিয়াছিছ আদি প্ৰট’জৱাৰ পৰা হোৱা বেমাৰ হয়।


45. পৰিবেশ প্ৰদূষণ মানে কি বুজা? বিভিন্ন প্ৰকাৰৰ প্ৰদূষণৰ বিষয়ে লিখা।

উত্তৰঃ- পৰিবেশ প্ৰদূষণঃ- পৰিবেশৰ মূল উপাদানসমূহ দূষিত হোৱাকে পৰিবেশ প্ৰদূষণ বোলা হয়। পৰিবেশ প্ৰদূষণ আধুনিক যুগৰ এক ভয়াৱহ সমস্যাৰূপে দেখা দিছে। পৰিবেশ প্ৰদূষণে পৰিবেশৰ মূল উপাদান বায়ু, পানী আৰু মাটিৰ প্ৰদূষণ ঘটাইছে। ফলস্বৰূপে জৈৱ-বৈচিত্র্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিছে। স্বার্থপৰ মানুহে নিজৰ অভাৱ পূৰণৰ বাবে পৰিবেশৰ মূল উপাদান বায়ু, পানী, মাটি, প্ৰাকৃতিক সম্পদ আৰু জৈৱ-বৈচিত্র্যৰ অনিষ্ট সাধন কৰিছে। উন্নয়নশীল দেশসমূহে উন্নতিৰ শিখৰত উঠাৰ তীব্ৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হৈ প্ৰাকৃতিক সম্পদ লুণ্ঠনত ব্ৰতী হৈছে। ফলত সমগ্ৰ পৃথিৱীখনকে পৰিবেশ প্ৰদূষণৰ সমস্যাই আগুৰি ধৰা দেখা গৈছে।

বিভিন্ন প্ৰকাৰৰ প্ৰদূষণসমূহ হ’ল—

(১) পৰিবেশ অনুসৰি- যেতিয়া পৰিবেশৰ বিভিন্ন অংশ প্ৰদুষণত আক্ৰান্ত হয়। তেতিয়া সেইবোৰক এইদৰে ভাগ কৰিব পাৰি-

(a) বায়ু প্ৰদূষণ। 

(b) ভূমি প্ৰদূষণ 

(c) জল প্ৰদূষণ 

(২) প্ৰদূষক অনুসৰি – প্ৰদূষক অনুসৰি প্ৰদূষণ নিয়োক্ত প্ৰকাৰৰ হ’ব পাৰে– 

(a) তাপ প্ৰদূষণ (b) শব্দ প্ৰদূষণ 

(c) তৈল প্ৰদূষণ 

(d) ঔদ্যোগিক প্ৰদূষণ 

(e) তেজস্ক্ৰিয় প্ৰদূষণ 

(f) গোটা আবর্জনাৰ প্ৰদূষণ 

(g) সাগৰীয় প্ৰদূষণ 


46. গোটা আৱৰ্জনাৰ পৰিবেশগত প্ৰভাৱ সম্পর্কে আলোচনা কৰা। 

উত্তৰঃ- গোটা আৱৰ্জনাৰ পৰিবেশগত প্ৰভাৱসমূহ হ’ল—

(a) জাৱৰ পেলোৱা ঠাইখিনি দুষিত হৈ পৰে, যি ঠাইত বেমাৰৰ বীজাণু কঢ়িওৱা এন্দুৰ-নিগনি আৰু মাখিয়ে বংশবৃদ্ধি কৰে।

(b) অণুজীৱৰ জৰিয়তে গোটা আৱৰ্জনাৰ পচন হোৱা বাবে চাৰিওফালৰ ঠাইখিনিত মিথেন গেছ নির্গত হয়।

(c) গোটা জাৱৰৰ পৰা ওলোৱা বা তাৰ মাজেৰে বৈ অহা গেলা পানীখিনি মূৰকত মাটি, মুকলি উৎসৰ পানী আৰু ভূ-গর্ভৰ পানীত মিহলি হয়। 

(d) গোটা আৱৰ্জনাত বিভিন্ন ধৰণৰ সামগ্ৰী মিহলি হৈ থাকে আৰু এইবোৰক কোনো পর্যায়ত পৃথক কৰা নহয়। এই আৱৰ্জনাৰ মাজত উদ্যোগ, চিকিৎসালয়, নাৰ্ছিংহোম, ঘৰুৱা কাম-কাজ আদিৰ পৰা সৃষ্টি হোৱা বিভিন্ন ধৰণৰ বৰ্জিত পদার্থ থাকে।

(e) আৱৰ্জনাৰ দ’মৰ পৰা বৈ অহা লেতেৰা পানীত বিভিন্ন ধৰণৰ ৰাসায়নিক দ্ৰব্য মিহলি হৈ থাকে আৰু এইসমূহে ভূগর্ভৰ পানী প্ৰদূষিত কৰে। 

(f) জাবৰ পেলোৱা ঠাইখিনিৰ মাটিৰ উপৰিভাগ পকী নোহোৱা বাবে বা আন কোনো আৱৰণী নথকা বাবে লেতেৰা পানী মাটিৰ তললৈ প্ৰৱেশ কৰি সমস্যা বৃদ্ধি কৰে।

(g) আৱৰ্জনা জমা কৰা ঠাইখনৰ ওচৰত বসবাস কৰা লোকসকলৰ স্বাস্থ্যৰ ক্ষতি হোৱাটো অৱধাৰিত, ইয়াক এৰাই চলিব নোৱাৰে।

(h) বর্তমান প্ৰত্যেকৰে ঘৰে ঘৰে গৈ আৱৰ্জনা সংগ্ৰহ কৰি অনাটো সময়ৰ অপচয় আৰু ইয়াৰ বাবে আৱৰ্জনা সংগ্ৰহৰ খৰচ বাঢ়ে।

(i) ট্ৰেক্টৰ বা ট্ৰাকত মুকলিকৈ আৱৰ্জনা কঢ়িয়াই নিয়াটো অস্বাস্থ্যকৰ আৰু ই চহৰৰ নান্দনিক সৌন্দর্যও নষ্ট কৰে।


47. বায়ু প্ৰদূষণ কাক বোলে? বায়ু প্ৰদূষণ হোৱাৰ কাৰণসমূহ লিখা। HS-2016

উত্তৰঃ- মানুহৰ কৃতকর্ম আৰু বিভিন্ন প্ৰাকৃতিক কাৰকৰ বাৰে ৰাসায়নিক প্ৰদূষণৰ মাত্ৰা অধিক হ’লে বায়ুৰ মূল উপাদানসমূহৰ ক্ষতি হয়, তাকে বায়ু প্ৰদূষণ বুলি কোৱা হয়। আগ্নেয়গিৰিৰ উদ্‌গীৰণ, প্ৰাকৃতিকভাৱে হোৱা বনজুই, জৈৱ আৰু অজৈৱ পদার্থৰ অৱক্ষয় আদিৰ ফলত প্ৰাকৃতিকভাৱে বায়ু প্ৰদূষিত হ’ব পাৰে।

বায়ু প্ৰদূষণ হোৱাৰ কাৰণসমূহ : মানুহে সৃষ্টি কৰা বায়ু প্ৰদূষণৰ কাৰণ তিনি ধৰণে আলোচনা কৰিব পাৰি।  (a) স্থিৰ দহন উৎস (Static source combustion) : মানুহে বিভিন্ন কাৰণত ইন্ধনৰ দহন ঘটায়। ইন্ধনৰ দহনে গেছীয় আৰু কণিকা জাতীয় প্ৰদূষকৰ সৃষ্টি কৰে। ইয়াৰ ভিতৰত কয়লা আৰু পেট্ৰ’লিয়াম প্ৰধান। এই দুই প্ৰকাৰ ইন্ধনে যথেষ্ট পৰিমাণে প্ৰদূষণৰ সৃষ্টি কৰে। কার্বনৰ উপৰিও কয়লাত কিছু পৰিমাণে ছালফাৰ, নাইট্ৰ’জেন আৰু কিছুমান অদাহ্য মণিক পদার্থ থাকে। ইন্ধনবোৰৰ দহনৰ ফলত CO, CO2, আৰু আন অক্সাইড উৎপন্ন হৈ বায়ুৰ লগত মিহলি হৈ যায়। ইন্ধনত থকা ছালফাৰৰ জাৰণৰ ফলত SO2, আৰু SO3 উৎপন্ন হয়। SO2 আৰু SO3 পানীত দ্ৰৱীভূত হৈ H2SO3 (ছালফিউৰাছ এচিড) আৰু H2SO4 (ছালফিউৰিক এচিড) উৎপন্ন কৰে। আকৌ ইন্ধনৰ নাইট্ৰ’জেনৰ জাৰণৰ ফলত NO2 আৰু NO উৎপন্ন হয়। পানীত NO2 দ্ৰৱীভূত হৈ HNO3 (নাইট্ৰিক এচিড) উৎপন্ন কৰে। বৰষুণৰ পানীত NO2, SO3 দ্ৰৱীভূত হৈ এচিড বৰষুণৰ সৃষ্টি কৰে।

(b) গতিশীল দহন উৎস (Dynamic combustion sources) : মটৰগাড়ী, ৰে’ল ইঞ্জিন, উৰাজাহাজ ইত্যাদিবোৰ হ’ল গতিশীল দহনৰ প্ৰধান উৎস। এই গাড়ীবোৰৰ ইঞ্জিনত ঘটা দহনৰ ফলত বিভিন্ন প্ৰকাৰৰ প্ৰদূষণৰ সৃষ্টি হয়। ইয়াৰ ভিতৰত CO (কার্বন মন’ক্সাইড), নাইট্ৰ’জেনৰ অক্সাইড আৰু হাইড্ৰ’কার্বনসমূহ। ইয়াৰ উপৰিও এনে ইঞ্জিনত ব্যৱহাৰ কৰা গেছ’লিনত টেট্ৰাইথাইল [Pb(C2H5)4] ৰ দৰে এণ্টিনক যৌগ মিহলি হৈ থাকে, ইহঁত বিষাক্ত পদার্থ।

(c) ঔদ্যোগিক প্ৰক্ৰিয়া আৰু অন্যান্য উৎস (Industrial process and other sources) : ৰাসায়নিক উদ্যোগসমূহে বিভিন্ন প্ৰকাৰৰ প্ৰদূষণৰ সৃষ্টি কৰে। ইয়াৰ ভিতৰত কার্বন মন’ক্সাইড ছালফাৰৰ অক্সাইডসমূহ আৰু বিভিন্ন ধৰণৰ কণিকা জাতীয় প্ৰদূষকেই প্ৰধান। ক্ল’ৰিন আৰু ফ্ল’ৰিনত থকা যৌগবোৰ যেনে— ক্ল’ৰ’ফ্ল’ৰ’ মিথেন, শীতল (refrigerant) বা এয়াৰ ষ্প্ৰে (air-spray) হিচাপে ব্যৱহাৰ কৰা হয়। এনে পদার্থবোৰ বায়ুৰ লগত মিহলি হৈ বায়ুমণ্ডলৰ ষ্ট্ৰেট’স্ফিয়াৰত অ’জন ধ্বংস কৰি বেলেগ সমস্যাৰ সৃষ্টি কৰে।


48. সেউজ গৃহ প্ৰভাৱ কি? চিত্ৰৰ সহায়ত বুজাই লিখা। HS-2020, 2016

উত্তৰ:- সেউজ গৃহ প্ৰভাৱ বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধিৰ বাবে হোৱা এক পৰিঘটনা। উদ্ভিদৰ ধ্বংস ক্ষমতা আৰু বিভিন্ন গাড়ী, মটৰ, কল-কাৰখানাৰ পৰা নিৰ্গত হোৱা CO2, ৰ পৰিমাণ বায়ুমণ্ডলত বৃদ্ধি হৈছে, যাৰ ফলত এই CO2 পৃথিৱীৰ উপৰিভাগত এক আৱৰণৰ তৰপে আগুৰি আছে। সূৰ্যৰ তাপ এই CO2 ৰ আৱৰণ ভেদ কৰি পৃথিৱীত পৰাৰ পিছত পৃথিৱীয়ে এৰি দিয়া তাপখিনি CO2 ৰ আৱৰণৰ বাবে পুনৰ মণ্ডললৈ যাব নোৱাৰে। যাৰ বাবে পৃথিৱীৰ উষ্ণতা বৃদ্ধি হৈছে। এই পৰিঘটনাকে সেউজ গৃহ পৰিণতি বোলা হয়। অর্থাৎ CO2 গেছ সূৰ্যৰ পৰা অহা পোহৰ তৰংগৰ সাবে স্বচ্ছ, কিন্তু মাটিৰ পৰা এৰি দিয়া অৱহেলিত তৰংগৰ তাপ শোষণ কৰি লয় বাবে উত্তপ্ত হৈ উঠে। ফলত এই তাপ মহাকাশলৈ ওলাই যাব নোৱাৰে বাবে বায়ুমণ্ডল উত্তপ্ত হৈ পৰে। 

গ্ৰীণ হাউছ প্ৰভাৱত CO2 গেছে উষ্ণতাৰ তাৰতম্যৰ ক্ষেত্ৰত শতকৰা ৫৫ ভাগ, ক্ল’ৰ’ফ্ল’ৰ’, কার্বনে শতকৰা ২৫ ভাগ, মিথেনে শতকৰা ১৫ ভাগ আৰু নাইট্ৰাছ অক্সাইডে শতকৰা ৫ ভাগ প্ৰভাৱ পেলায়। অ’জন গেছৰ প্ৰভাৱ কিমান এতিয়ালৈকে ঠাৱৰ কৰিব পৰা নাই। সুৰ্যৰ পৰা বিকিৰিত হোৱা সৌৰশক্তি বায়ুমণ্ডলত প্ৰৱেশ কৰোতে শতকৰা ২৬ ভাগ মেঘ আৰু অন্যান্য পদার্থ কণিকাৰ পৰা প্ৰতিফলিত হৈ সৌৰজগতলৈ ঘূৰি যায়। বায়ুমণ্ডলত থকা মেঘ, জলীয় ভাপ আৰু ক্ষুদ্ৰ পদার্থ কণিকাই শতকৰা ১৯ ভাগ শক্তি শুহি লয়, শতকৰা চাৰি ভাগ ভূপৃষ্ঠৰ পৰা প্ৰতিফলিত হৈ সৌৰজগতলৈ ঘূৰি যায়। বাকী প্ৰায় শতকৰা ৫১ ভাগ পৃথিৱী উষ্ম কৰাত, কুমেৰু মহাদেশৰ বৰফ গলোৱাত, সাগৰ-মহাসাগৰৰ পানী বাষ্পীভৱনত আৰু উদ্ভিদৰ সালোক সংশ্লেষণ প্ৰক্ৰিয়াত খৰচ হয়। সূৰ্যৰ পৰা বিকিৰিত হোৱা অতি বেঙুনী ৰশ্মি সেউজ গৃহত থকা গেছসমূহে শুহি লৈ পৃথিৱীৰ উষ্ণতা নিয়ন্ত্ৰণ কৰি আছে। কিন্তু বর্তমান যুগত ঔদ্যোগিক ক্ষেত্ৰত ব্যৱহাৰ কৰা ৰাসায়নিক দ্ৰব্য আৰু কৃষিক্ষেত্ৰত প্ৰয়োগ কৰা ৰাসায়নিক সাৰ আদিৰ ফলত পৃথিৱীৰ বায়ুমণ্ডলত কার্বন-ডাই-অক্সাইড গেছৰ পৰিমাণ প্ৰায় শতকৰা ২৫ ভাগ বৃদ্ধি হৈছে। তেনেদৰে ক্ল’ৰ’ফ্ল’ৰ’ কার্বন, মিথেন, নাইট্ৰাছ অক্সাইড আদি গেছৰ পৰিমাণো বৃদ্ধি হৈছে। ফলস্বৰূপে সেউজ গৃহ প্ৰভাৱত বিসংগতিয়ে দেখা দিছে। সেউজ গৃহ গেছৰ পৰিমাণ বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে। ইতিমধ্যে বায়ুমণ্ডলৰ গড় উষ্ণতা বৃদ্ধি হৈছে আৰু এনেদৰে উষ্ণতা বৃদ্ধি হৈ থাকিলে অহা ৫০ বছৰৰ ভিতৰত বায়ুমণ্ডলৰ গড় উষ্ণতা একৰ পৰা চাৰি ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। বায়ুমণ্ডলৰ এনে উষ্ণতা বৃদ্ধিক ভূ-উষ্মীকৰণ (Global Warming) বা গোলকীয় উষ্ণতা বৃদ্ধি বুলি কোৱা হয়। গোলকীয় উষ্ণতাই পৰিস্থিতিতন্ত্ৰ অসন্তুলিত কৰি তুলিব। সেউজ গৃহ প্ৰক্ৰিয়াৰ পৰিৱৰ্তনৰ ফলত কুমেৰু মহাদেশৰ বৰফ গলি পৃথিৱীত বতৰৰ আমূল পৰিৱৰ্তন ঘটাব। কার্বন-ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধি হোৱাৰ ফলত পৰিস্থিতিতন্ত্ৰত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব।


49. স্থল প্ৰদূষণ কিয় হয়? কাৰণসমূহ লিখা।     HS-2014

উত্তৰঃ- প্ৰাকৃতিক কাৰক, মানুহৰ কু-কার্য অর্থাৎ বনাঞ্চল ধ্বংস বিভিন্ন ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ আদিৰ ফলত মাটিৰ স্বাভাৱিক গুণ নষ্ট হয়, তাকে স্থল প্ৰদুষণ বুলি কোৱা হয়। স্থল প্ৰদুষণৰ কাৰণবোৰ এনেধৰণৰ- প্ৰাকৃতিক কাৰণ : আগ্নেয়গিৰি, ভূমিস্খলন, বানপানী, ধুমুহা, শিলাবৃষ্টি আদি প্ৰাকৃতিক দুর্ঘটনাই মাটি প্ৰদুষণত ইন্ধন যোগায়। বিভিন্ন জাবৰ জোঁথৰ, আৱৰ্জনা আদি জমা কৰি থোৱা ঠাইবোৰ প্ৰদূষিত হয়। সেই ঠাইত অসংখ্য ৰোগৰ বীজাণুৱে মাটি বিষাক্ত কৰি তোলে আৰু শাক-পাচলিৰ খেতি নষ্ট কৰে।

প্ৰাকৃতিক কাৰণতকৈ মাটি প্ৰদূষণৰ বাবে মানুহেই মূলত দায়ী। সভ্যতাৰ ৰণুৱা ঘোঁৰাই বায়ু, পানীকেই যে অকল প্ৰদূষিত কৰিছে সেইটো নহয়, জীৱন্ত সম্পদ মাটিকো প্ৰদূষিত কৰিছে।

এডোখৰ মাটিত বছৰ বছৰ ধৰি কৃষিকার্য চলাই অহাৰ ফলত অথবা শস্যাৱর্তন ব্যৱস্থাৰ অভাৱত মাটিৰ উৰ্বৰা শক্তি কমি যায়। অধিক উৎপাদনক্ষম উর্বৰ মাটিৰ সৃষ্টিৰ বাবে বিজ্ঞানৰ আৱিষ্কৃত নানাবিধ ৰাসায়নিক সাৰ মাটিত সিঁচি দিয়া হয়। কৃত্ৰিমভাৱে মাটি কিছু উৰ্বৰ হয় যদিও এই সাৰসমূহে মাটিৰ প্ৰাকৃতিক গুণ ব্যাহত কৰে। কাৰণ, সেইবোৰ ৰাসায়নিক সাৰে মাটিত থকা অণুজীৱবোৰ ধ্বংস কৰে। অণুজীৱ হ’ল, মাটিৰ জীৱন্ত ৰূপৰ স্ৰষ্টা। অণুজীৱৰ ধ্বংসই মাটিৰ উৰ্বৰতা ব্যাহত কৰি প্ৰদুষক পদার্থসমূহৰ গুণ অব্যাহত ৰাখে।

বিচাৰ-বিবেচনাহীনভাৱে বনাঞ্চল ধ্বংস কৰা, জনসংখ্যা বৃদ্ধিৰ ফলত উদ্ভৱ হোৱা অপ্ৰাকৃতিক অৱস্থা, বতৰৰ পৰিৱৰ্তন আদি মাটি প্ৰদূষণৰ কাৰণ।

মাটিৰ লগত মানুহৰ সম্পর্ক অকল কৃষিকার্য, গছ-গছনিতে সীমাবদ্ধ নহয়; বন্যপ্ৰাণী, বাসস্থান, স্থাপত্য, নগৰ-গাঁও উন্নয়নৰ লগতো মাটি প্ৰদূষিত হোৱা-নোহোৱাৰ বহু সম্পর্ক জড়িত হৈ আছে। স্থল প্ৰদূষণৰ ফলত মানুহ আৰু উদ্ভিদ সকলোৰে সমস্যা হয়। উদ্ভিদ প্ৰজাতি বিনষ্ট হয়, মানুহৰ বসতিস্থানৰ সমস্যা হয়। জনসংখ্যা বৃদ্ধিৰ লগে লগে গাঁও অঞ্চল দ্ৰুতগতিত নগৰলৈ ৰূপান্তৰিত হৈ আহিব ধৰিছে। শিল্পোদ্যোগ, কল-কাৰখানা আদি বৃদ্ধি হৈ আহিছে, কৃষিৰ বাবে পতিত মাটি আৰু পাতল বননি ভাঙি খেতিৰ উপযোগী মাটি উলিওৱা হৈছে, লগতে বিনষ্ট হৈছে স্থলভাগৰ প্ৰাকৃতিক পৰিবেশ। চহৰ আৰু শিল্পোদ্যোগৰ বাবে বর্জিত পদাৰ্থৰ পৰিমাণ বাঢ়ি গৈছে, ফলত পার্শ্বৱর্তী মাটি প্ৰদূষিত হৈছে। কল-কাৰখানাৰ বিষাক্ত বর্জিত পদার্থয়ো মাটিৰ উপৰিভাগ বিষাক্ত কৰিছে। গছ-গছনিৰ বিলুপ্তিত প্ৰাকৃতিক ভাৰসাম্য বিনষ্ট হৈছে।

কীটনাশক, অপতৃণনাশক আদিৰ বহুল প্ৰয়োগে মাটি মাৰাত্মকভাৱে প্ৰদূষিত কৰিছে। পাৰমাণৱিক আৰু আণৱিক বিস্ফোৰণৰ ফলত মাটিৰ তেজস্ক্ৰিয় প্ৰদূষণ হয়। তেজস্ক্ৰিয় আইছ’টপসমূহ বছৰৰ পিছত বছৰ ধৰি ধ্বংস নোহোৱাকৈ মাটিত থাকি যায় আৰু তাৰপৰা হোৱা বিকিৰণে মানুহ আৰু জীৱ-জন্তুৰ বিপদ ঘটায়। ৰাছিয়াৰ ইউক্ৰেনত থকা চেৰ্ন’বিল পাৰমাণৱিক ৰিয়েক্টৰত দুর্ঘটনাবশতঃ ঘটা এটা বিস্ফোৰণত ৩১ জন লোকৰ মৃত্যু হৈছিল আৰু বহুতো ক্ষতি হৈছিল। ধাতৱ প্ৰদূষকবোৰ মাটিৰ লগত মিহলি হৈ থাকে আৰু এইবোৰে উদ্ভিদ আৰু প্ৰাণীৰ বিপদ ঘটায়।


50. গোলকীয় উষ্ণায়ন (গ্ল’বেল বার্মিং) বুলিলে কি বুজা? গোলকীয় উষ্ণায়নৰ কেইটামান পৰিণতিৰ বিষয়ে উল্লেখ কৰা।     HS-2020, 2019, 2018, 2015

উত্তৰঃ- গোলকীয় উষ্ণায়ন বা উষ্ণতা বৃদ্ধি : সেউজ গৃহ প্ৰভাৱৰ বাবে ভূ-পৃষ্ঠৰ গড় উষ্ণতা প্ৰায় ১৫° ছেণ্টিগ্ৰেড হৈ আছে আৰু এই উষ্ণতাত পৃথিৱীখন বিভিন্ন ধৰণৰ জীৱৰ বাবে অনুকূল। কিন্তু যদিহে সেউজ গৃহ গেছসমূহে এই কাম নকৰে তেন্তে পৃথিৱীৰ অধিক পৰিমাণৰ তাপ পুনৰ আঁতৰি যাব। ইয়াৰ ফলত পৃথিৱীখন শীতল হৈ পৰিব আৰু ইয়াৰ পৰিবেশ হৈ পৰিব জীৱ জীয়াই থাকিব নোৱৰা। বায়ুমণ্ডলত থকা সেউজ গৃহ গেছসমুহে আমাৰ গ্ৰহটোক উষ্ণ কৰি ৰখা বাবে ইয়াত মানুহ আৰু অন্যান্য জীৱসমূহে বৰ্তি থাকিব পাৰিছে। কিন্তু মানুহৰ কার্যকলাপৰ লগতে বিভিন্ন প্ৰাকৃতিক কাৰণত যোৱা দশককেইটাত সেউজ গৃহ গেছৰ গাঢ়তা বৃদ্ধি পাইছে। বিজ্ঞানীসকলে নির্ণয় কৰিছে যে যোৱা শতিকাৰ প্ৰথম ভাগৰ পৰা এতিয়ালৈকে থিৱীৰ গড় উষ্ণতা ০.৩-০.৬২ ছেণ্টিগ্ৰেড বৃদ্ধি পাইছে। ১৫০ বছৰ পূর্বে আৰম্ভ হোৱা ঔদ্যোগিক বিপ্লৱৰ পৰা মানুহৰ বিভিন্ন কার্যকলাপে বয়ুমণ্ডলত সেউজ গৃহ গেছৰ পৰিমাণ যথেষ্ট পৰিমাণে বৃদ্ধি কৰিছে। ১৭৫০ আৰু ২০০০ চনৰ ভিতৰত কার্বন ডাই-অক্সাইড, মিথেন আৰু নাইট্ৰাছ অক্সাইডৰ বায়ুমণ্ডলীয় গাঢ়তা যথাক্ৰমে ৩১%, ১৭১% আৰু ১৭% বৃদ্ধি পাইছে (আই পি চি চি, ২০০১)। সেউজ গৃহ গেছসমূহে এখন আৱৰণীৰ সৃষ্টি কৰি উষ্ণতা বৃদ্ধি কৰা এই পৰিঘটনাটোকেই বোলা হৈছে গোলকীয় উষ্ণায়ন বা উষ্ণতা বৃদ্ধি।

ভূ-পৃষ্ঠৰ উত্তাপ বৃদ্ধি বর্তমান সমগ্ৰ মানৱ জাতিৰ বাবেই প্ৰত্যাহ্বান হিচাপে পৰিগণিত হৈছে। ইয়াৰ প্ৰধান ফলাফলসমূহ-

(a) ভূ-পৃষ্ঠৰ গড় উষ্ণতা 15 ডিগ্ৰী ছেণ্টিগ্ৰেড উষ্ণ হৈ থাকে। এই উষ্ণতা জীৱজগতৰ বাবে অনকূল।

(b) জলবায়ুৰ পৰিৱৰ্তন হ’ব। ইয়াৰ ফলত ঠায়ে ঠায়ে বৃষ্টিপাত আৰু তুষাৰপাত অনিয়মীয়া হ’ব। ইয়াৰ উপৰিও বানপানী হৈ কৃষিভিত্তিক অর্থনীতি দুর্বল হ’ব।

(c) গৱেষণাৰ পৰা দেখা গৈছে যে মেৰু অঞ্চলত প্ৰভাৱ বেছিকৈ পৰি ইয়াৰ বৰফবোৰ গলিব (অহা ৩০ ৰ পৰা ৪০ বছৰৰ ভিতৰত)। ইয়াৰ ফলত নিম্নভূমি দেশবোৰ জলমগ্ন হ’ব। সাগৰীয় পানী বিয়পি পৰি আন পানীৰ উৎসবোৰ নিমখীয়া হ’ব।

(d) সাগৰপৃষ্ঠৰ উষ্ণতা বৃদ্ধিৰ বাবে বা-মাৰলি, ঘূৰ্ণীবতাহ আদি সঘনাই হ’ব। 

(e) সাগৰীয় উপকূলীয় অঞ্চলৰ প্ৰকৃতিৰ পৰিৱৰ্তন হ’ব। 

(f) উষ্ণতা আৰু জলবায়ুৰ পৰিৱর্তনে পাৰিপাৰ্শ্বিক ভাৰসাম্য বিনষ্ট কৰিব। লগে লগে জৈৱ-বৈচিত্র্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি হ’ব।

(g) মানৱ স্বাস্থ্যৰ অৱনতি ঘটিব। উষ্ণ পৰিবেশত বহুতো বীজাণুৱে বংশবৃদ্ধি খৰতকীয়া কৰিব আৰু নতুন নতুন ৰোগৰ বৃদ্ধি হ’ব।


51. পেলনীয়া পদার্থসমূহ কেনেদৰে শ্ৰেণীবিভাগ কৰা হৈছে লিখা।     HS-2013

উত্তৰঃ- পেলনীয়া পদাৰ্থৰ বৈশিষ্ট্য আৰু পৰিমাণৰ ওপৰত ভিত্তি কৰি তলত দিয়া শ্ৰেণীত ভাগ কৰা হৈছে।

(১) নগৰ বা পৌৰ এলেকাৰ পেলনীয়া পদার্থ। 

(২) শিল্প উদ্যোগৰ পেলনীয়া পদার্থ। 

(৩) কৃষি কাৰ্যৰ পেলনীয়া পদার্থ। 

(৪) জৈৱ (অণুজীৱ) সম্বন্ধীয় প্ৰদূষণ। 

(৫) তেজস্ক্ৰিয় পদার্থৰ পেলনীয়া অংশ।

(১) নগৰ বা পৌৰ এলেকাৰ পেলনীয়া পদার্থ : নগৰ অঞ্চলত জনসংখ্যা দিনকদিনে বাঢ়ি গৈছে আৰু মানুহবিলাকে অপৰিকল্পিতভাৱে ঘৰ সাজি লৈছে। বৰষুণৰ পানী যোৱাৰ বাবে নলা-নর্দমা নাই, নাই মুকলি ঠাই যাৰ ফলত মানুহবিলাকে নিত্য ব্যৱহৃত সামগ্ৰী য’তে-ত’তে পেলাই দিয়ে। ফলত বৰষুণ এজাক দিলে সেইবিলাক য’তে-ত’তে সিচঁৰতি হৈ অতি লেতেৰা অৱস্থাৰ সৃষ্টি কৰে। পৌৰ নিগমৰ জাৱৰ পেলোৱা ডাষ্টবিনৰ সুব্যৱস্থা নাই। বর্তমান আটাইতকৈ ডাঙৰ সমস্যা হৈছে পলিথিনৰ কেৰী বেগ। এই পলিথিনৰ পচনক্ৰিয়া নাই। নলা-নর্দমা আদিত এইবোৰ পেলাই দিয়াৰ ফলত নলা-নর্দমা বন্ধ হৈ যায় আৰু বানপানীৰ সৃষ্টি কৰে।

(২) শিল্প উদ্যোগৰ পেলনীয়া পদার্থ : শিল্প উদ্যোগৰ পৰা নিৰ্গত হোৱা পেলনীয়া পানী আৰু আন পদার্থবোৰে মাটি প্ৰদূষিত কৰে। এই কল-কাৰখানাসমূহৰ পৰা নিৰ্গত হোৱা ধোঁৱা আৰু অন্যান্য পেলনীয়া পানী আৰু অন্য পদার্থবিলাকে মাটি আৰু পানী প্ৰদূষণ ঘটাই জনজীৱন দুর্বিষহ কৰি তুলিছে। 

(৩) কৃষি কাৰ্যৰ পেলনীয়া পদার্থ : ভাৰতবৰ্ষৰ জনসংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। ফলত অধিক খাদ্য শস্য উৎপাদন কৰিবৰ কাৰণে কৃষি কার্যত বিভিন্ন প্ৰকাৰৰ ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰিব লাগে। এই ৰাসায়নিক দ্ৰব্যৰ ভিতৰত ৰাসায়নিক সাৰ কীট-পতংগ নিয়ন্ত্ৰণৰ কাৰণে কীটনাশক, ৰোগ নিবাৰণৰ বাবে ৰোগনাশক আদি প্ৰধান। এই ৰাসায়নিক দ্ৰব্যবিলাকে মাটিৰ প্ৰাকৃতিক গুণাগুণ নষ্ট কৰে। জধেমধে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিলে সাৰৰ লগতে থকা মৌল আৰু মাটিত মৌলৰ লগত বিক্ৰিয়া ঘটি লৱণযুক্ত হয় আৰু অম্লতা বাঢ়ে। নাইট্ৰ’জেনযুক্ত সাৰৰ পৰা নাইট্ৰেট ৰূপত নাইট্ৰ’জেন মাটিৰ তলেদি নির্ধাৰণ প্ৰক্ৰিয়াৰে বৰষুণে উটুৱাই নি বিল, পুখুৰী আদিত পেলায়। ফলত ই পানীৰ লগত মিহলি হৈ মাৰাত্মক বেমাৰৰ সৃষ্টি কৰে।

(৪) জৈৱ সম্বন্ধীয় প্ৰদূষণ : বিভিন্ন ৰোগৰ বীজাণু মাটিৰ যোগেদি শৰীৰত প্ৰৱেশ কৰি বিভিন্ন ৰোগৰ সৃষ্টি কৰে। পেলু আদি পৰজীৱীবোৰে মানুহ, অন্যান্য পোহনীয়া বা বনৰীয়া পশু-পক্ষীৰ মাটিৰ যোগেদি শৰীৰত প্ৰৱেশ কৰে। ৰোগাক্ৰান্তই ত্যাগ কৰা মল-মূত্ৰত এই বীজাণুবিলাক মাটিত বহুদিনলৈকে জীৱিত থকা শস্য বা ঘাঁহ, বন আদিত সংক্ৰমিত হয়। শৌচাগাৰ থকা সত্ত্বেও বহুতো মানুহে পৰম্পৰাগত অভ্যাসৰ কাৰণে বাঁহনি, পথাৰ আদিত মল-মুত্ৰ ত্যাগ কৰে। বৰষুণৰ পানীয়ে সেই মল-মূত্ৰ উটুৱাই লৈ গৈ শস্যৰ পথাৰ আদিত বিয়পাই দিয়ে। পানী শুকাই যোৱাৰ পাছত সেই মলত থকা পেলুৰ কণী, অন্য বীজাণু আদি মাটিত ৰৈ যায়।


52. মাটিৰ ক্ষয়ীভৱন বুলিলে কি বুজা? ক্ষয়ীভৱনৰ ফলত সৃষ্টি হোৱা অসুবিধাবোৰ কি কি? ইয়াৰ প্ৰতিৰোধৰ বিষয়ে চমুকৈ লিখা। 

উত্তৰঃ- মাটি বুলি ক’লে সাধাৰণতে আমি সকলো ধৰণৰ কোমল, অদৃঢ়, গুড়ি জাতীয় পদার্থকে বুজো।

মাটিৰ ক্ষয়ীভৱন (Soil erosion) : বৰষুণ, হিমবাহ, বতাহ, ধুমুহা, নদীৰ গতি ইত্যাদি নানা কাৰণত উৰ্বৰ (fertile), ঊৰ্ধ্বস্থ মাটি (top soil)ৰ স্থান পৰিৱর্তন হোৱাকে মাটিৰ ক্ষয়ীভৱন বোলা হয়।

মাটিৰ ক্ষয়ীভৱনৰ প্ৰধান কাৰণসমূহ হ’ল— HS-2016

(a) বতাহ (b) বৰষুণ (c) বানপানী (d) খেতি নকৰি মাটি চন পেলাই থোৱা (e) গছ-গছনি থকা বনাঞ্চল হ্ৰাস (f) অনুপযুক্ত কৃষি পদ্ধতি।

মাটিৰ ক্ষয়ীভৱনৰ ফলত হোৱা অসুবিধাসমূহ : মাটিৰ ক্ষয়ীভৱনে আর্থ-সামাজিক আৰু পৰিবেশৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়।

(a) মাটিৰ ক্ষয়ীভৱনৰ ফলত পাহাৰ অঞ্চলত শিলাময় খণ্ডবিলাক দুর্বল হৈ পৰে আৰু ইয়াৰ ফলত ভূমিস্খলন হয়। ভূমিস্খলনৰ ফলত বহুতো ধন, জন, সম্পত্তিৰ ক্ষতিসাধন হয়।

(b) মাটিৰ ক্ষয়ীভৱনৰ ফলত হোৱা এটা প্ৰধান বিপর্যয় হ’ল আকস্মিক বানপানী। গছ-গছনিয়ে পানীৰ এক বুজন অংশ শোষণ কৰি লয়। কিন্তু ক্ষয়ীভৱনৰ দ্বাৰা বনাঞ্চলবিলাক বিলুপ্ত হ’লে অনাবৃত মাটিয়ে পানী শোষণ কৰিব নোৱৰা হয়। তেতিয়াই আকস্মিক বান আহি বহুতো ক্ষতি কৰে।

(c) ক্ষয়ীভৱনৰ ফলত সেউজীয়া বনাঞ্চলসমূহ কমি গৈ মৰুভূমিৰ সৃষ্টি হ’ব পাৰে। এইদৰে উৰ্বৰ মাটি খেতি-বাতিৰ বাবে অনুপযোগী হৈ পৰে।

(d) মাটিৰ ক্ষয়ীভৱনে পৰিবেশ নষ্ট কৰে আৰু প্ৰাকৃতিক ভাৰসাম্যতা বিনষ্ট কৰে মাটিৰ ক্ষয়ীভৱন প্ৰতিৰোধৰ ক্ষেত্ৰত কিছুমান উপায় অৱলম্বন কৰি সুফল পাব পাৰি। যেনে—

(১) প্ৰয়োজন সাপেক্ষে গছ-গছনি কাটিলেও তাৰ ঠাইত নতুন গছ ৰোপণ কৰাটো প্ৰয়োজনীয়। ইয়াৰ ফলত ক্ষয়ীভৱন ৰোধ কৰাৰ লগতে পৰিবেশৰ ভাৰসাম্যতাও অটুট থাকে।

(২) বানপানীৰ সময়ত কাষৰ পথাৰবোৰত মাটিৰ ক্ষয়ীভৱন প্ৰতিৰোধ কৰিবলৈ নদীৰ দুয়োকাষে শক্তিশালী বান্ধ নিৰ্মাণ কৰা উচিত।

(৩) মাটি এটুকুৰাত অধিক শস্য ৰোপণ কৰি সুফল পোৱা যায়। ইয়াৰ ফলত মাটি চন পৰি নাথাকে। আৰু ক্ষয়ীভৱনো হ্ৰাস পায়।

(৪) পাহাৰীয়া অঞ্চলসমূহত ঝুম খেতিৰ দ্বাৰা মাটিৰ ক্ষয়ীভৱন কিছু পৰিমাণে ৰোধ কৰিব পাৰি।


53. গোটা আৱৰ্জনা কি? সেইবোৰক কিদৰে ভাগ কৰা হয়? উদাহৰণ দিয়া। 

উত্তৰঃ- গোটা আৱৰ্জনাঃ- ঘৰুৱা, ব্যৱসায়িক, প্ৰতিষ্ঠানিক, কৃষি, খনন আৰু ঔদ্যোগিক কাম-কাজৰ ফলত গোটা আৱৰ্জনা সৃষ্টি হয়। ব্যৱহাৰৰ অনুপযোগী আৰু অনাৱশ্যকীয় বুলি পেলাই দিয়া এনে আৱৰ্জনাক গোটা আৱৰ্জনা বোলা হয়।

পেলনীয়া পদাৰ্থৰ বৈশিষ্ট্য আৰু পৰিমাণৰ ওপৰত ভিত্তি কৰি তলত দিয়া শ্ৰেণীত ভাগ কৰা হৈছে।

(১) নগৰ বা পৌৰ এলেকাৰ পেলনীয়া পদার্থ। 

(২) শিল্প উদ্যোগৰ পেলনীয়া পদার্থ। 

(৩) জৈৱ (অণুজীৱ), সম্বন্ধীয় প্ৰদূষণ। 

(৪) কৃষি কাৰ্যৰ পেলনীয়া পদার্থ। 

(৫) তেজস্ক্ৰিয় পদাৰ্থৰ পেলনীয়া অংশ। 

(১) নগৰ বা পৌৰ এলেকাৰ পেলনীয়া পদার্থ : নগৰ অঞ্চলত জনসংখ্যা। দিনকদিনে বাঢ়ি গৈ আছে আৰু মানুহে অপৰিকল্পিতভাৱে ঘৰ সাজি লৈছে। বৰষুণৰ পানী যোৱাৰ বাবে নলা-নর্দমা নাই, নাই মুকলি ঠাই যাৰ ফলত মানুহে নিত্য ব্যবহৃত সামগ্ৰী য’তে-ত’তে পেলাই দিয়ে, যাৰ ফলত বৰষুণ এজাক দিলে সেইবিলাক যতে-ত’তে সিচঁৰতি হৈ মুখ কৰিব নোৱৰা অৱস্থা হয়। পৌৰ নিগমৰ জাৱৰ পেলোৱা ডাষ্টবিনৰ সুব্যৱস্থা নাই। বর্তমান আটাইতকৈ ডাঙৰ সমস্যা হৈছে পলিথিনৰ কেৰী বেগ। এই পলিথিনৰ পচনক্ৰিয়া নাই। নলা-নর্দমা আদিত এইবোৰ পেলাই দিয়াৰ ফলত নলা-নর্দমা বন্ধ হৈ যায় আৰু বানপানীৰ সৃষ্টি কৰে।

(২) শিল্প উদ্যোগৰ পেলনীয়া পদার্থ : শিল্প উদ্যোগৰ পৰা নির্গত হোৱা পেলনীয়া পানী আৰু অন্য পদার্থবোৰেই মাটি প্ৰদূষিত কৰে। এই কল কাৰখানাসমূহৰ পৰা নির্গত হোৱা, ধোঁৱা আৰু অন্যান্য পেলনীয়া পানী আৰু অন্য পদার্থবিলাকে মাটি আৰু পানী প্ৰদূষণ ঘটাই জনজীৱন দুর্বিষহ কৰি তুলিছে।

(৩) জৈৱ সম্বন্ধীয় প্ৰদুষণ : বিভিন্ন ৰোগৰ বীজাণু মাটিৰ যোগেদি শৰীৰত প্ৰৱেশ কৰি বিভিন্ন ৰোগৰ সৃষ্টি কৰে। পেলু আদি পৰজীৱীবোৰে মানুহ, অন্যান্য পোহনীয়া বা বনৰীয়া পশু-পক্ষীৰ শৰীৰত মাটিৰ যোগেদি প্ৰৱেশ কৰে। ৰোগাক্ৰান্তই ত্যাগ কৰা মল-মূত্ৰত এই বীজাণুবিলাক মাটিত বহুদিনলৈকে জীৱিত অৱস্থাত থাকে। শস্য বা ঘাঁহ-বন আদিৰ দ্বাৰা এইবোৰ সংক্ৰমিত হয়। শৌচাগাৰ থকা সত্ত্বেও বহুতো মানুহে পৰম্পৰাগত অভ্যাসৰ কাৰণে বাঁহনি, পথাৰ আদিত মল-মূত্ৰ ত্যাগ কৰে। বৰষুণৰ, পানীয়ে সেই মল উটুৱাই লৈ গৈ শস্যৰ পথাৰ আদিত বিয়পাই দিয়ে। পানী শুকাই যোৱাৰ পাছত সেই মলত থকা পেলুৰ কণী, অন্য বীজাণু আদি মাটিত ৰৈ যায়। 

(৪) কৃষি কাৰ্যৰ পেলনীয়া পদার্থ : ভাৰতবৰ্ষৰ জনসংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। ফলত অধিক খাদ্য শস্য উৎপাদন কৰিবৰ কাৰণে কৃষি কার্যত বিভিন্ন প্ৰকাৰৰ ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰিব লাগে। এই ৰাসায়নিক দ্ৰব্যৰ ভিতৰত ৰাসায়নিক সাৰ, কীট পতংগ নিয়ন্ত্ৰণৰ কাৰণে কীটনাশক, ৰোগ নিবাৰণৰ কাৰণে ৰোগনাশকআদিয়ে প্ৰধান। এই ৰাসায়নিক দ্ৰব্যবিলাকে মাটিৰ প্ৰাকৃতিক গুণাগুণ নষ্ট কৰি পেলায়। জধেমধে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিলে সাৰ আৰু মাটিত থকা মৌলৰ বিক্ৰিয়া ঘাট মাটি লৱণযুক্ত হয় আৰু অম্লতা বৃদ্ধি হয়। নাইট্ৰ’জেনযুক্ত সাৰৰ পৰা নাইট্ৰেট ৰূপত নাইট্ৰ’জেন মাটিৰ তলেদি বৰষুণে উটুৱাই নি বিল, পুখুৰী আদিত পেলায়। ফলত ই পানীৰ লগত মিহলি হৈ মাৰাত্মক বেমাৰৰ সৃষ্টি কৰে।

Dr. Ratanlal Brahma, M.A., B.Ed., M.Phil., Ph.D.
Post Graduate Teacher (Political Science)
H.N.Seminary Model HS School, Bagribari, Dhubri, Assam
Email : brahmaratan@gmail.com
Whatsapp no. : 7020477396

Leave a comment

Trending