Environment chapter 6 : Social Issues and Environment
অধ্যায়:- ৬ সামাজিক বিষয় আৰু পৰিবেশ


1. পৃথিৱীৰ জনবহুল মহানগৰীখনৰ নাম লিখা। HS-2013

উত্তৰঃ- টকিঅ’ (জাপান)। 


2. ব্যক্তিয়ে মূল্যবোধ কিহৰ পৰা আয়ত্ত কৰে? HS-2013

উত্তৰঃ- ব্যক্তিয়ে মূল্যবোধ সমাজৰ পৰা আয়ত্ত কৰে। 


3. নৈতিক শব্দটোৰ ইংৰাজী প্ৰতিশব্দ কি? 

উত্তৰঃ- নৈতিক শব্দটোৰ ইংৰাজী প্ৰতিশব্দ হ’ল– ম’ৰেল (Moral)।


4. ১৯৭২ চনৰ সংযুক্ত ৰাষ্ট্ৰ সন্মিলনৰ মানৱ পৰিবেশ সন্মিলনখন কত অনুষ্ঠিত হৈছিল? 

উত্তৰঃ- ছুইডেনৰ ষ্টকহ’মত। 


5. ভাৰতবৰ্ষৰ পৰিবেশ (সংৰক্ষণ) আইন কেতিয়া বলৱৎ হয়? 

উত্তৰঃ- ১৯৮৬ চনত।


6. জল প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্ৰণ আইনৰ সপ্তম অধ্যায়ত সন্নিৱিষ্ট আটাইতকৈ গুৰুত্বপূৰ্ণ ধাৰাকেইটা উল্লেখ কৰা। 

উত্তৰঃ- ২৪, ২৫, ২৬ নং ধাৰা।


7. ২০০১ চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ গ্ৰাম্য জনসংখ্যা?

উত্তৰঃ- ৮৭.৫ শতাংশ। 


8. পৃথিৱীৰ সর্বাধিক জনসংখ্যা থকা দেশখনৰ নাম উল্লেখ কৰা। 

উত্তৰঃ- চীন দেশ। 


9. ঘনবসতি অঞ্চলত অৱস্থিত এছিয়াৰ দুখন দেশৰ নাম লিখা। 

উত্তৰঃ- (a) চীন আৰু (b) ভাৰতবর্ষ। 


10. পানী প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্ৰণৰ বাবে ১৯৭৫ চনত বলৱৎ কৰা আইনখন কেতিয়া সংশোধন কৰা হয়?

উত্তৰঃ- ১৯৭৮ চনত। 


11. ‘জল প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্ৰণ শুল্ক আইন ১৯৭৭’ কেতিয়া বলৱৎ কৰা হয়?

উত্তৰঃ- ১৯৭৮ চনৰ ১ এপ্ৰিলৰ পৰা।


12. জনবসতিৰ ভাগ দুটা কি কি? 

উত্তৰঃ- (a) গ্ৰাম্য বসতি (b) পৌৰ বসতি।


13. ২০০১ চনৰ লোক পিয়ল অনুসৰি অসমৰ জনসংখ্যা কিমান? 

উত্তৰঃ- ২৬৬,৩৪,৪০৭ জন বা ২.৬৬ কোটি।


14. ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা পৰিষদে কিমানটা মূল্যবোধ চিনাক্ত কৰিছে? 

উত্তৰঃ- ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা পৰিষদে ৮৪ টা মূল্যবোধ চিনাক্ত কৰিছে।


15. মূল্যবোধৰ ছটা প্ৰকাৰৰ নাম লিখা। HS-2014

উত্তৰঃ- নৈতিক মূল্যবোধ, আধ্যাত্মিক মূল্যবোধ, নান্দনিক মূল্যবোধ, অর্থনৈতিক মূল্যবোধ, সাংস্কৃতিক মূল্যবোধ, ৰাজনৈতিক মূল্যবোধ। 


16. জলবায়ু বুলিলে কি বুজা?

উত্তৰঃ- কোনা এটা অঞ্চলৰ উষ্ণতা, বৰষুণ, বতাহ আৰু ইয়াৰ দিশ, আদ্ৰর্তা, বায়ুমণ্ডলৰ চাপ, পোহৰ, ডাৱৰ আৰু ইয়াৰ অৱস্থান ইত্যাদি কাৰকবোৰৰ এটা দীর্ঘ সময়ত (অতি কমেও বিশ বছৰ) দেখুওৱা গড় স্বভাৱক (Average behaviour) জলবায়ু বোলে।


17. প্ৰাকৃতিক দুর্যোগ বুলিলে কি বুজা? ইয়াক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পৰা যায়?  HS-2017, 2018

উত্তৰঃ- প্ৰাকৃতিক দুর্যোগ (Natural calamities) : প্ৰাকৃতিক দুর্যোগ বুলি ক’লে ই বিভিন্ন প্ৰকাৰৰ হ’ব পাৰে, যেনে— প্ৰাকৃতিক বা মানৱসৃষ্ট দুর্যোগ। ভূমিকম্প, ঘূর্ণীবতাহ (cyclone) আদি সম্পূর্ণ প্ৰাকৃতিকভাৱে সৃষ্ট আৰু হঠাৎ সংঘটিত হোৱা দুৰ্যোগ। ইয়াক ৰোধ কৰাটো সহজ নহয়। আনহাতে শুষ্কতা (drought) মানৱসৃষ্ট বা প্ৰকৃতিগত দীৰ্ঘদিনীয়া কাৰকৰ প্ৰভাৱত হোৱা দুৰ্যোগ। ইয়াক কিছু পৰিমাণে ৰোধ কৰিব পৰা যায়। সাধাৰণতে সংঘটিত হৈ থকা দুর্যোগসমূহ হ’ল ভূমিকম্প, সাগৰীয় ঢৌ, বানপানী, ধুমুহা, ঘূৰ্ণীবতাহ। মানৱসৃষ্টসমূহৰ ভিতৰত ভূমিস্খলন (Landslide), আগ্নেয়গিৰি, উদ্‌গীৰণ, মহামাৰী, শুষ্কতা আদি।

দুর্যোগ ব্যৱস্থাপনাৰ (Disaster management) দ্বাৰা শৃংখলাবদ্ধভাৱে অধ্যয়ন আৰু বিশ্লেষণৰ দ্বাৰা এই দুৰ্যোগসমূহৰ পৰা কিছু পৰিমাণে ক্ষয়-ক্ষতিৰ পৰিমাণ হ্ৰাস কৰিব পৰা যায়।


18. নবীকৰণযোগ্য আৰু নবীকৰণ অযোগ্য শক্তিৰ উৎসসমূহ কি কি? উদাহৰণ দিয়া।

উত্তৰঃ- নৰীকৰণযোগ্য বা অপ্ৰচলিত শক্তিৰ উৎস : এই শক্তিৰ উৎসসমূহ প্ৰকৃতিত একেৰাহে সৃষ্টি হৈ থাকে আৰু ই অফুৰন্ত। যেনে— সৌৰ শক্তি, বায়ু শক্তি, জলবিদ্যুৎ শক্তি, ভূ-তাপবিদ্যুৎ শক্তি, সাগৰীয় তাপ শক্তি, জোৱাৰ শক্তি, কাঠ, জৈৱ পচন শক্তি, জৈৱ ইন্ধন, হাইড্ৰ’জেন আদি। এইসমূহ শক্তিক বাৰে বাৰে ব্যৱহাৰ কৰি থাকিব পাৰি। এই শক্তিসমূহ অপ্ৰচলিত আৰু শক্তিৰ বিকল্প উৎস।

নবীকৰণ অযোগ্য বা প্ৰচলিত শক্তিৰ উৎস : এই শক্তিৰ উৎসসমূহ প্ৰকৃতিৰ মাজতে আছে, দীর্ঘদিন ধৰি ব্যৱহাৰ কৰি থকা হৈছে আৰু ইয়াৰ উৎস অফুৰন্ত ভাণ্ডাৰ নহয়। যদিহে এবাৰ এই শক্তিৰ ভাণ্ডাৰ শেষ হৈ যায় তেন্তে সহজে সেইসমূহক পূৰণ কৰিব নোৱাৰি। জীৱাশ্ম ইন্ধন (কয়লা, প্ৰেট্ৰ’লিয়াম, প্ৰাকৃতিক গেছ), পাৰমাণৱিক ইন্ধন যেনে ইউৰেনিয়াম, থ’ৰিয়াম আদি হৈছে নবীকৰণ অযোগ্য শক্তিৰ উৎস। মানৱ সমাজৰ শক্তিৰ চাহিদা পূৰণ কৰিবৰ বাবে এইসমূহ প্ৰচলিত শক্তিৰ উৎস হিচাপে ব্যৱহাৰ হৈ আহিছে।


19. দুর্যোগসমূহ কি?

উত্তৰঃ- দুর্যোগ হৈছে স্বাভাৱিক জীৱন-প্ৰবাহক বাধাগ্ৰস্ত কৰা বিধ্বংসী পৰিস্থিতি, যাৰ বাবে সৃষ্টি হয় বিশৃংখলা, জীৱন আৰু সম্পত্তিৰ বিস্তৰ ক্ষতি, পৰিবেশৰ অৱক্ষয়। এনে পৰিস্থিতিত জীৱন-প্ৰবাহ আৰু জীৱিকা স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিবৰ বাবে ব্যাপক উদ্ধাৰ অভিযান, স্থানান্তৰকৰণ আৰু সাহায্য প্ৰচেষ্টা প্ৰয়োজন। দুর্যোগক বহলভাৱে তলত দিয়া ধৰণে বিভক্ত কৰিব পাৰি-

(a) প্ৰাকৃতিক দুর্যোগ (HS-2015) : ভূমিকম্প, আগ্নেয়গিৰিৰ উদ্‌গীৰণ, ধুমুহা, বা-মাৰলি, বানপানী, ভূমিস্থলন, বনজুই, ছুনামী, খৰাং, দুর্ভিক্ষ আদিৰ ফলত হোৱা দুর্যোগসমূহ এই শ্ৰেণীৰ অন্তর্ভুক্ত। 

(b) কৃত্ৰিম দুর্যোগ (HS-2015) : সশস্ত্ৰ সংঘর্ষ, চক্ৰান্ত, ঔদ্যোগিক দুর্ঘটনা, তেল আৰু গেছৰ বিস্ফোৰণ, কাৰখানাত হোৱা অগ্নিকাণ্ড, তেল নির্গমন, নির্মাণ স্খলন, বোমা বিস্ফোৰণ, পথ দুর্ঘটনা আদি মানুহৰ কার্যকলাপৰ ফলত হোৱা দুর্যোগসমূহ এই শ্ৰেণীৰ অন্তর্ভুক্ত।


20. ভূ-পৃষ্ঠৰ উত্তাপ বৃদ্ধিৰ পৰিমাণসমূহ লিখা।

উত্তৰঃ- ভূ-পৃষ্ঠৰ উত্তাপ বৃদ্ধি বর্তমান সমগ্ৰ মানৱ জাতিৰ বাবেই প্ৰত্যাহ্বান হিচাপে পৰিগণতি হৈছে। ইয়াৰ প্ৰধান ফলাফলসমূহ-

(a) ভূ-পৃষ্ঠৰ গড় উষ্ণতা 15 ডিগ্ৰী ছেণ্টিগ্ৰেড উষ্ণ হৈ থাকে। এই উষ্ণতা জীৱজগতৰ বাবে অনকুল।

(b) জলবায়ুৰ পৰিৱৰ্তন হ’ব। ইয়াৰ ফলত ঠায়ে ঠায়ে বৃষ্টিপাত আৰু তুষাৰপাত অনিয়মীয়া হ’ব। ইয়াৰ উপৰিও বানপানী হৈ কৃষিভিত্তিক অর্থনীতি দুৰ্বল হ’ব। 

(c) গৱেষণাৰ পৰা দেখা গৈছে যে মেৰু অঞ্চলত প্ৰভাৱ বেছিকৈ পৰি ইয়াৰ বৰফবোৰ গলিব (অহা ৩০ ৰ পৰা ৪০ বছৰৰ ভিতৰত)। ইয়াৰ ফলত নিম্নভূমি দেশবোৰ জলমগ্ন হ’ব। সাগৰীয় পানী বিয়পি পৰি আন পানীৰ উৎসবোৰ নিমখীয়া হ’ব।

(d) সাগৰীয় উপকূলীয় অঞ্চলৰ প্ৰকৃতিৰ পৰিৱৰ্তন হ’ব।

(c) উষ্ণতা আৰু জলবায়ুৰ পৰিৱৰ্তনত পাৰিপাৰ্শ্বিক ভাৰসাম্যতা বিনষ্ট হ’ব। লগে লগে জৈৱ-বিচিত্ৰতাৰ ভাবুকি হ’ব।

(f) সাগৰপৃষ্ঠৰ উষ্ণতা বৃদ্ধিৰ বাবে বা-মাৰলি, ঘূর্ণীবতাহ আদি সঘনাই হ’ব। 

(g) মানৱ স্বাস্থ্যৰ অৱনতি ঘটিব। উষ্ণ পৰিবেশত বহুতো বীজাণুৱে বংশবৃদ্ধি খৰতকীয়া কৰিব আৰু নতুন নতুন ৰোগৰ বৃদ্ধি হ’ব।


21. বহনক্ষম উন্নয়ন মানে কি বুজা?

উত্তৰঃ- বহনক্ষম উন্নয়ন বা ধাৰণক্ষম উন্নয়ন বিশ্ব আজি সকলোৱে কামনা কৰে। অনন্তকালৰ বাবে যদি বিশ্বই সকলো ক্ষেত্ৰতে জনগণক উন্নত মানদণ্ডৰে নিজৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰি জীয়াই থকাৰ সমল যোগায়, সেয়ে হ’ব ধাৰণক্ষম বা বহনক্ষম বিশ্ব। আজি বিশ্ববাসীয়ে উন্নতিৰ শিখৰত আৰহণ কৰিবলৈ সমৰ্থ হৈছে, কিন্তু এই উন্নয়ন ধাৰণক্ষম হৈ থাকিব, যদিহে ই মানৱ সমাজৰ চাহিদা পূৰণ কৰি আর্থ-সামাজিক উন্নতিৰ লগতে সম্পদৰো ভৱিষ্যতৰ বাবে সংৰক্ষিত কৰিব পাৰে। কিন্তু, বাস্তৱিকতে বর্তমান বিশ্ব বহনক্ষম অৱস্থাৰ পৰা ক্ৰমান্বয়ে অবহনক্ষম হোৱাৰ পর্যায়ত উপনীত হৈছে। দ্ৰুতগতিত বৃদ্ধি পোৱা জনসংখ্যা আৰু দ্ৰুত উন্নয়নৰ ফলত আজি পৃথিৱীৰ মাটি, পানী, বায়ু, খনিজ পদার্থ আৰু গছ-গছনিৰ মাত্ৰাধিক ব্যৱহাৰে পৃথিৱীখনক অবহনক্ষম কৰি তোলাৰ প্ৰয়াস কৰিছে। প্ৰাকৃতিক সম্পদবোৰৰ ক্ৰমাগতভাৱে আহৰণ আৰু ব্যৱহাৰ অব্যাহত থাকিলে ভৱিষ্যতৰ উন্নয়নৰ গতি স্তব্ধ হ’ব। এই কথাবোৰৰ গুৰুত্ব অনুধাৱন কৰি বিশ্বৰ উন্নয়নক এটা স্থিৰ মাত্ৰাত ৰাখি বিশ্বক বহনক্ষম উন্নয়নলৈ নিবলৈ হ’লে নানা পদক্ষেপ লোৱাৰ প্ৰয়োজন।

বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক তথা নৰৱে’ৰ প্ৰধানমন্ত্ৰী জি. এই ব্ৰান্টলেণ্ডৰ মতে, ভবিষ্যৎ প্ৰজন্মসকলৰ প্ৰয়োজনীয়তাৰ সামৰ্থক বিঘ্নিত নকৰাকৈ বৰ্তমানৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰাই হ’ল বহনক্ষম বা ধাৰণক্ষম উন্নয়ন। 


22. ঘূৰ্ণীবতাহৰ আগজাননী কেনেদৰে দিয়া হয়?

উত্তৰঃ- ভাৰতবৰ্ষত ঘূৰ্ণীবতাহৰ সাৱধানবাণী জনোৱা বাবে মুঠ ছটা কেন্দ্ৰ আছে। এইকেইটা কলকাতা, ভুৱনেশ্বৰ, বিশাখাপট্টনম, চেন্নাই, মুম্বাই আৰু আহমেদাবাদত অৱস্থিত। এইকেইটা কেন্দ্ৰই ভাৰতৰ সকলো অংশকে সামৰি লয়৷ আগজাননী আৰু সাৱধানতা অৱলম্বনৰ বাবে ৰেডিঅ’ আৰু টেলিভিছনৰ যোগেদি প্ৰচাৰ কৰে। তদুপৰি ইয়াৰ খবৰ নিয়ন্ত্ৰণ কক্ষ আৰু ভাৰত চৰকাৰৰ কৃষি মন্ত্ৰণালয়ক দিয়া হয়। ইনছাট উপগ্ৰহ, ঘূৰ্ণীবতাহ চিনাক্তকৰণ ৰাডাৰ আৰু গতানুগতিক বতৰ বিজ্ঞান বিভাগৰ যোগেৰে ঘূৰ্ণীবতাহৰ উৎপত্তি, পৰিৱৰ্তন আৰু প্ৰবলতাৰ বিষয়ে জানিব পাৰি৷ ঘূৰ্ণীবতাহ উৎপত্তি হোৱাৰ পৰা আৰম্ভ কৰি ই কোনো অঞ্চল ঢুকি পোৱাৰ আগলৈকে মুঠ চাৰিবাৰ আগজাননী দিয়া হয়। বন্দৰ অঞ্চলত আগজাননী তথা সাৱধানতা অৱলম্বনৰ বাবে বিশেষ ব্যৱস্থা লোৱা হয়। জনসাধাৰণক সতৰ্ক কৰি দিয়াৰ বাবে তলত উল্লেখ কৰা মাধ্যমসমূহৰ সহায় লোৱা হয়-

(a) সৰ্বাধিক গুৰুত্ব প্ৰদান কৰা টেলিগ্ৰাম।

(b) ৰেডিঅ’ আৰু দূৰদৰ্শনৰ যোগেৰে প্ৰচাৰ। 

(c) বাতৰিকাকত, টেলিফোন আদিৰ যোগেদি।

(d) ইনছাট ভিত্তিক দুৰ্যোগ সাৱধান ব্যৱস্থাৰ যোগেৰে।

(e) কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰৰ আৰু আন আন সংশ্লিষ্ট নিকায়সমূহৰ মাজত প্ৰতিটো পৰিৱৰ্তনৰ খবৰ বিনিময় আদি।


23. ভূমিকম্প কি? ইয়াৰ কাৰণ আৰু ফলাফলসমূহৰ বিষয়ে চমুকৈ লিখা৷ HS-2018

উত্তৰঃ- ভূমিকম্প হ’ল পৃথিৱীৰ এবিধ ডাঙৰ প্ৰাকৃতিক দুৰ্যোগ। পৃথিৱীৰ কোনো অংশ কোনো কাৰণত কঁপি উঠাকে ভূমিকম্প বুলি কোৱা হয়। ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ (Richter) নামৰ স্কেলৰ সহায়ত জোখা হয়।

ভূমিকম্পৰ সময়ত বৃহৎ পৰিমাণৰ শক্তি ঢৌৰ আকাৰত পৃথিৱীপৃষ্ঠত মুক্ত হয় বাবেই কম্পনৰ সৃষ্টি হয়।

ভূমিকম্প হোৱাৰ কাৰণ বহুতো আছে। আধুনিক ভূ-বিজ্ঞানে ভূ-পৃষ্ঠৰ ‘ফলক বিৱৰ্তন’ (Plate Tectonics) পৰিঘটনাকে ভূমিকম্পৰ মুখ্য কাৰণ হিচাপে চিনাক্ত কৰিছে। পৃথিৱীৰ বিভিন্ন ভূখণ্ড আৰু জলখণ্ড কিছুমান বৃহৎ ফলকৰ (Plate) ওপৰত অৱস্থিত। এই ফলকসমূহ ইয়াৰ তলতে থকা গলিত আৰু উচ্চ স্থিতিস্থাপকতা বিশিষ্ট স্তৰটোৰ ওপৰত (asthenosphere) ওপঙি থাকে আৰু গতিশীল অৱস্থাত থাকে। দুখন ফলকৰ মাজত হোৱা ঘৰ্ষণ আৰু সংঘৰ্ষৰ ফলত ভূমিকম্পৰ সৃষ্টি হয়। ভূমিকম্পৰ অন্যান্য কিছুমান কাৰণো আছে। সেইবিলাক হ’ল – আগ্নেয়গিৰি উদ্‌গীৰণ, সাগৰীয় ঢৌৱে উপকূল অঞ্চল খুন্দিওৱাৰ ফলত, ভূ-খণ্ড তললৈ খহি পৰাৰ ফলত, দুর্বল ভূ-তাত্ত্বিক অঞ্চলত বৃহৎ নিৰ্মাণ কাৰ্য কৰাৰ কাৰণে।

ভূমিকম্পৰ ফলাফলসমূহ : ভূমিকম্পৰ ফলত পৃথিৱীত বহুতো অনিষ্ট হয়। সহস্ৰজনৰ মৃত্যু হোৱাৰ লগতে বহুতো সা-সম্পত্তি ধ্বংস হয়। একোটা ভূমিকম্পই এটা অঞ্চলত অর্থনৈতিক আন্তঃগাঁথনি ধ্বংস কৰি অৰ্থনৈতিক অস্থিৰতাৰ সৃষ্টি কৰে।


24. ভূমিকম্প হৈ যোৱাৰ পিছত কি কৰিব লাগে?

উত্তৰঃ- ভূমিকম্প হৈ যোৱাৰ পিছতো সাৱধানতা অৱলম্বন কৰিব লাগে। তলত এই বিষয়ে উল্লেখ কৰা হ’ল—

(a) অধৈৰ্য নহৈ সুস্থিৰে থাকিব লাগে।

(b) ঠাই চাবলৈ ওলাই যোৱা অনুচিত।

(c) ট্ৰেনজিষ্টৰ বা ৰেডিঅ’যোগে শেহতীয়া পৰিস্থিতি সম্পৰ্কে বুজ ল’ব লাগে। 

(d) বেয়াকৈ ধ্বংসপ্ৰাপ্ত হোৱা ঘৰৰ পৰা আঁতৰত থাকিব। ডাঙৰ ভূমিকম্পৰ পিছত অহা কম্পনৰ ফলত এনে ঘৰবোৰ সম্পূৰ্ণৰূপে ভাঙি পৰিব পাৰে।

(e) নিৰাপদ বুলি নোকোৱা পৰ্যন্ত ঘৰৰ ভিতৰত সোমাব নালাগে। 

(f) ঘৰৰ পানী, বিজুলী, গেছ আদিৰ লাইন পৰীক্ষা কৰিহে ব্যৱহাৰ কৰা উচিত। 

(g) জৰুৰী কাৰণতহে টেলিফোন ব্যৱহাৰ কৰিব লাগে।

(h) উৰা বাতৰিত বিশ্বাস বা তেনে বাতৰি প্ৰচাৰ কৰিব নালাগে।

(i) জুই লাগিলে বাহিৰৰ পৰা সাহায্য অহালৈ অপেক্ষা নকৰি পানী আৰু বালি, বোকাৰ সহায়ত জুই নুমুৱাবলৈ চেষ্টা কৰিব লাগে। জুই নুমুৱাব নোৱাৰিলে ওচৰৰ অগ্নিনির্বাপক বাহিনীক খবৰ দিয়া উচিত।

(j) কাৰোবাৰ গাত জুই লাগিলে কোনো কর্তব্য নাই বুলি ভবা অনুচিত। যৎপৰোনাস্তি সাহায্য আগবঢ়াব লাগে।

(j) ৰন্ধন গেছ কেনেবাকৈ ওলোৱা (লিক হোৱা) গম পালে খিৰিকী খুলি দিব লাগে। গেছ সৰবৰাহৰ মেইন ছুইচটো বন্ধ কৰি বাহিৰলৈ ওলাই অহা উচিত। গেছ বিতৰক বা অসামৰিক প্ৰতিৰক্ষাৰ সহায় লৈ পুনৰ ঘৰত সোমাব লাগে৷


25. অ’জন স্তৰৰ অৱক্ষয় বুলিলে কি বুজা? কি কি কাৰণৰ বাবে এনে ক্ৰিয়া হয়? ইয়াৰ পৰিণামসমূহ আলোচনা কৰা৷ HS-2018

উত্তৰঃ- অ’জন গেছ হ’ল অক্সিজেনৰ বহুৰূপ। বায়ুমণ্ডলৰ ষ্ট্ৰেট’স্ফিয়াৰ তৰপত আৰু পৃথিৱীৰ পৰা 25-26 কিলোমিটাৰ উচ্চতাত অ’জন গেছৰ স্তৰটো অৱস্থিত। এই স্তৰটোৱে সৌৰজগতৰ পৰা অহা জীৱজগতৰ অনিষ্টকাৰী ৰশ্মি যেনে— অতি বেঙুনীয়া ৰশ্মি, গামা ৰশ্মি ইত্যাদিক শোষণ কৰি আমাক নিৰাপদে ৰাখিছে। অ’জন তৰপটো বিষুৱ অঞ্চলত পাতল আৰু মেৰু অঞ্চলত তুলনামূলকভাৱে ডাঠ। কিন্তু পৃথিৱীৰ উপৰিভাগত উদ্যোগজাত ৰাসায়নিক দ্ৰব্যৰ (যেনে— ফ্ল’ৰ’ফ্ল’ৰ কাৰ্বন, মিথেন আৰু নাইট্ৰাছ অক্সাইড) সৃষ্টি আৰু বায়ুমণ্ডলত হোৱা নিক্ষেপণৰ বাবে ওপৰৰ অ’জন গেছ স্তৰটোৰ ক্ষতি সাধন কৰি এই স্তৰটো ক্ৰমান্বয়ে পাতল হৈছে। ইয়াকেই অ’জন স্তৰৰ অৱক্ষয় বোলে।

কাৰণ : (a) ৰেফ্ৰিজাৰেটৰ, বাতানুকুল, উৰাজাহাজ, পৰিষ্কাৰকৰণত ব্যৱহৃত দ্ৰব্য ইত্যাদিত ক্ল’ৰ’ফ্ল’ৰ কাৰ্বন (CFC) ৰ বহুল ব্যৱহাৰৰ ফলস্বৰূপে এই গেছৰ সৃষ্টি হয়।

(b) উত্তৰ মেৰু অঞ্চলত একপ্ৰকাৰৰ ঘূৰ্ণী বতাহৰ বাবে অ’জন স্তৰৰ ক্ষতি সাধন হয়।

পৰিণাম : অ’জন স্তৰৰ অৱক্ষয়ৰ ফলত হোৱা পৰিণামসমূহ তলত উল্লেখ কৰা হ’ল।

(a) অতি বেঙুনীয়া ৰশ্মিৰ প্ৰৱেশৰ ফলত মানুহৰ চৰ্ম কেন্সাৰ ৰোগ বাঢ়িব। 

(b) চকুৱে সহজে অতি বেঙুনীয়া ৰশ্মি শোষণ কৰাৰ ফলত চকুৰ কেটেৰেক্ বেমাৰ হ’ব।

(c) জলজ প্ৰাণীৰ হ্ৰাস আৰু খাদ্য শৃঙ্খলত আঘাত হানিব।

(d) ধান, চয়াবিন, কঁপাহ, হিন, মটৰ ইত্যাদিৰ উৎপাদন কমিব। 


26. পৰিবেশৰ পৰা স্বাস্থ্য কিদৰে প্ৰভাৱান্বিত হ’ব পাৰে? HS-2020

উত্তৰঃ- বিশ্ব স্বাস্থ্য সংস্থাৰ মতে স্বাস্থ্য হৈছে মানুহ শাৰীৰিক, মানসিক আৰু সামাজিক কল্যাণৰ এটা পূর্ণ অৱস্থা। কেৱল ৰোগমুক্ত আৰু সুস্থ অৱস্থাটোকেই স্বাস্থ্য বুলিব নোৱাৰি। নিজৰ পৰিবেশৰ পৰাই মানুহৰ স্বাস্থ্য প্ৰভাৱিত হয়। পৰিপুষ্টি, ৰাসায়নিক, ভৌতিক, জীৱবৈজ্ঞানিক, মানসিক, শোচনীয় জীৱন-ধাৰণৰ অৱস্থা আদি সকলোৰে মাজত আন্তঃসম্পর্ক আছে। খোৱা পানীৰ যোগান স্বাস্থ্যৰ বাবে অপৰিহার্য। আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় নীতি নির্ধাৰণৰ বিভিন্ন মঞ্চত দীর্ঘদিন ধৰি পানী, অনাময় আৰু পৰিচ্ছন্নতাৰ গুৰুত্ব প্ৰতিফলিত হৈছে।

টাইফয়দ, কলেৰা, হেপাটাইটিছ, পলিঅ’, গেষ্ট্ৰো-এণ্টাৰাইটিছ, এমিবিয়াছিছ, জিয়াৰয়াছিছ আদিকে ধৰি ভাৰতৰ ৮০ শতাংশতকৈ বেছি ভাগ ৰোগ হৈছে পানীৰ পৰা হোৱা ৰোগ। পানীৰ পৰা আটাইতকৈ বেছিকৈ দেখা দিয়া আৰু বেছি মানুহক আক্ৰমণ কৰা বেমাৰ হৈছে অণুজীৱৰ সংক্ৰমণ। বহু বিষাক্ত ৰাসায়নিক দ্ৰব্য, কীটনাশক দ্ৰব্য, গধুৰ মৌল (পাৰা, কেডমিয়াম, সীহ আদি) বিভিন্ন ধৰণে পানী আৰু মাটিত মিহলি হয়। এই দ্ৰব্যসমূহ খাদ্যশৃংখলৰ মাজেৰে মূৰকত মানুহৰ শৰীৰলৈ আহে আৰু শৰীৰত বিৰূপ প্ৰভাৱ পেলায়।

আকৌ বিভিন্ন উদ্যোগ আৰু পৰিবহণ ব্যৱস্থাই বায়ুমণ্ডলত বিভিন্ন গেছ এৰি দিয়ে। ইয়াৰে কিছুমান গেছে (যেনে- ছালফাৰ ডাই অক্সাইড, কার্বন মন’ক্সাইড, নাইট্ৰাছ অক্সাইড, হাইড্ৰ’কার্বন আৰু বতাহত ওপঙি ফুৰা ধূলিকণা) বিভিন্ন পর্যায়ত বিভিন্ন ধৰণে স্বাস্থ্যৰ ক্ষতি কৰে। গোটা আৱৰ্জনাই বায়ু, পানী আৰু মাটিৰ গুণাগুণ নষ্ট কৰে। ইয়াৰ পৰা স্বাস্থ্য আৰু পৰিবেশৰ প্ৰতি ভাবুকিৰ সৃষ্টি হয়। কেতিয়াবা শোচনীয় লেতেৰা অৱস্থাৰ মাজত থকা ঘৰ-বাৰীয়েও স্বাস্থ্যৰ গুৰুতৰ ক্ষতি কৰে। সাধাৰণতে নগৰাঞ্চলৰ বস্তিৰ বাসিন্দাসকলৰ মাজত এনে অৱস্থা দেখা যায়। নিৰক্ষৰতা, নিজৰ স্বাস্থ্য আৰু পৰিবেশ সম্পর্কে সজাগতাৰ অভাৱ, দৰিদ্ৰতা, পৰিয়ালৰ বৃহৎ আকাৰ, শোচনীয় নলা-নর্দমা আৰু অনাময় ব্যৱস্থা আৰু উপযুক্ত চিকিৎসাৰ সুবিধাৰ অভাৱ হৈছে মানুহৰ স্বাস্থ্যৰ শোচনীয় অৱস্থাৰ কাৰণ।


27. বহনক্ষম উন্নয়ন কি? অ-বহনক্ষম অৱস্থাৰ পৰা কেনেকৈ বহনক্ষম অৱস্থালৈ উত্তৰণ ঘটাব পাৰি? 

উত্তৰঃ- পৰিবেশ অধোগমনে সম্প্ৰতি পৃথিৱীৰ অর্থনৈতিক উত্তৰণক অ-বহনক্ষম কৰি তুলিছে। বিশ্বৰ সকলোবোৰ দেশে মূলতঃ সর্বাধিক কৰাৰ আদর্শ অনুসৰণ কৰি অর্থনৈতিক উন্নতি সর্বাধিক কৰাৰ চেষ্টা চলাইছে। অন্য অর্থত পৃথিৱীৰ প্ৰতিখন দেশে, অর্থনৈতিক প্ৰগতি সাধন কৰিবলৈ যাওঁতে প্ৰাকৃতিক সম্পদসমূহ এনেদৰে ব্যৱহাৰ কৰিছে যে ভৱিষ্যৎ পুৰুষে ইয়াৰ সুবিধাৰ পৰা বঞ্চিত হ’ব। বর্তমান সুখ ভোগ কৰা আদৰ্শৰ অনুকৰণে পৰিবেশৰ ওপৰত নেতিবাচক পৰিণামৰ সূচনা কৰিছে। পৰিবেশৰ অৱনতিৰ বিনিময়ত যি অর্থনৈতিক উন্নতি সাধন হৈছে তাক অবহনক্ষম অর্থনৈতিক উন্নয়ন বোলা হয়।

অ-বহনক্ষমতাই বর্তমানৰ অৱস্থাত অক্ষতভাৱে ভৱিষ্যতলৈ বর্তি নথকাটো সূচায়। গতিকে আজিৰ অর্থনৈতিক উন্নয়নক ভৱিষ্যতলৈকে অব্যাহত ৰাখিবলৈ এই বিশ্বক বিপদমুক্ত কৰি ৰাখিব লাগিব। বিশ্বক বিপদমুক্ত কৰি ৰখাৰ প্ৰধান কৰণীয় হয় পৰিবেশ অধোগমন ৰোধ কৰাটো। ইয়াৰ বাবে প্ৰাকৃতিক সম্পদসমূহৰ ব্যৱহাৰত মিতব্যয়িতা অৱলম্বন কৰিব লাগিব আৰু পৰিবেশ প্ৰদূষিত হোৱা কাৰকবোৰ চিনাক্ত কৰি সেইবোৰ ৰোধ কৰিব লাগিব। এনেবোৰ ব্যৱস্থাৰ যোগেদি পৰিবেশক যদি ভবিষ্যৎ উন্নয়নৰ অনুকুল কৰি তুলিব পৰা যায় তেতিয়া বৰ্তমানৰ অবহনক্ষম উন্নয়নৰ পৰা বহনক্ষম উন্নয়নলৈ গতি কৰাৰ বাবে ল’বলগীয়া ব্যৱস্থাসমূহ হ’ল- 

(১) পৰিবেশীয় অধোগমন ৰোধ কৰিব লাগিব। 

(২) প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ মিতব্যয়ী কৰি তুলিব লাগিব। 

(৩) আন্তঃপুৰুষ, আন্তঃআঞ্চলিক আৰু ব্যক্তিভিত্তিক অসমতা দূৰ কৰিব লাগিব। 

(৪) ভোগ, দৰিদ্ৰতাৰ পৰিৱর্তে বৌদ্ধিক উত্তৰণ ঘটিব লাগিব। 

(৫) এক মিতব্যয়ী সৰল জীৱনৰ আদর্শ প্ৰতিষ্ঠা হ’ব লাগিব। 

(৬) উন্নত কৌশলৰ জৰিয়তে প্ৰাকৃতিক সম্পদৰ অপচয় কমাব লাগিব বা প্ৰাকৃতিক সম্পদৰ পৰা অধিক লাভ কৰাৰ ব্যৱস্থা কৰিব লাগিব।

(৭) জনসংখ্যাৰ অনুপযুক্ত বৃদ্ধি ৰোধ কৰিব লাগিব।


28. শক্তিৰ সংৰক্ষণ কি? শক্তিৰ সংৰক্ষণৰ বাবে লোৱা কিছুমান ব্যৱস্থা উল্লেখ কৰা। HS-2016, 2017

উত্তৰ:- শক্তিৰ সংৰক্ষণ : সাম্প্ৰতিক কালত শক্তি ব্যয়ৰ হাৰক সভ্যতাৰ বেৰোমিটাৰ বুলি ধৰা হয়। এখন ৰাষ্ট্ৰৰ শক্তিৰ সম্ভাৱনা দেশখনৰ অর্থনৈতিক বৃদ্ধি আৰু উন্নতিৰ লগত প্ৰত্যক্ষভাৱে জড়িত। কিন্তু শক্তিৰ সংকট হোৱা বাবে শক্তিৰ নীতিৰ আধাৰ প্ৰস্তুত কৰিব লগা হৈছে। ইয়াৰ জৰিয়তে শক্তি খৰচৰ মাত্ৰা বৃদ্ধি আৰু ইয়াৰ ধৰণ নিয়ন্ত্ৰণ কৰিব পৰা যায়। ইয়াৰ বাবে শক্তি সংৰক্ষণৰ কৌশলো গ্ৰহণ কৰা উচিত। 

শক্তি সংৰক্ষণৰ অৰ্থ হৈছে শক্তিৰ খৰচ হ্ৰাস কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰা। শক্তিৰ বর্ধিত দক্ষতাপূর্ণ ব্যৱহাৰ, হ্ৰাস পোৱা শক্তিৰ ব্যৱহাৰ একলগ কৰা আৰু প্ৰচলিত শক্তিৰ উৎসৰ পৰা শক্তিৰ সংৰক্ষণ কৰিব পৰা যায়। বিত্তীয় মূলধনৰ বুদ্ধি, পৰিবেশৰ গুণমান, ৰাষ্ট্ৰীয় নিৰাপত্তা, ব্যক্তিগত সুৰক্ষা আৰু মানুহৰ সুখ-শান্তিৰ মাজেৰে শক্তি সংৰক্ষণৰ সাফল্য প্ৰকাশ পায়। শক্তিৰ খৰচ কম কৰিবলৈ আৰু অর্থনৈতিক নিৰাপত্তা বৃদ্ধি কৰিবৰ বাবে শক্তি সংৰক্ষণ কৰাৰ ক্ষেত্ৰত ব্যক্তি আৰু সংস্থাসমূহ শক্তিৰ প্ৰত্যক্ষ গ্ৰাহক। লাভ বঢ়াবৰ বাবে ঔদ্যোগিক আৰু বাণিজ্যিক উপভোক্তাসকলে শক্তিৰ কার্য দক্ষতা বৃদ্ধি কৰিব পাৰে। যিসমূহ শক্তিয়ে ধন ৰাহি কৰাৰ লগতে পৰিবেশ ৰক্ষা কৰে তেনে শক্তি যোগান ধৰাৰ লগতে পৰিবেশ অনুকূল জীৱন-শৈলী ৰচনা, শক্তিৰ সংৰক্ষণৰ ক্ষেত্ৰত সহায়ক। যেতিয়া আমি শক্তিৰ পৰিমাণ হ্ৰাস কৰো তেতিয়া স্বয়ংক্ৰিয়ভাৱে গোলকীয় উষ্ণতা বৃদ্ধি প্ৰতিৰোধৰ বাবে চেষ্টা কৰো।

প্ৰাথমিক পদক্ষেপ হিচাপে নিম্ন উল্লেখিত ব্যৱস্থাসমূহক শক্তি সংৰক্ষণৰ বাবে অৱলম্বন কৰিব পাৰি—

(a) পেট্ৰ’লিয়াম, কয়লা, প্ৰাকৃতিক গেছ, ইউৰেনিয়াম আদি জীৱাশ্ম ইন্ধন আৰু নবীকৰণ অযোগ্য শক্তি সম্পদৰ পৰিৱর্তে সৌৰ শক্তি, বায়ু শক্তি, জৈৱ গেছ আদি পুনৰ নবীকৰণ যোগ্য শক্তি সম্পদৰ ব্যৱহাৰ।

(b) যথেষ্টভাৱে শক্তি সংৰক্ষণ কৰিব পৰা অধিক কার্যক্ষ প্ৰযুক্তি উদ্ভাৱন।

(c) বিদ্যুতৰ অপ্ৰয়োজনীয় ব্যৱহাৰ নিষিদ্ধ কৰা উচিত। নিচেই পুৱাতে ষ্ট্ৰিট লাইট নুমুৱাই দিব লাগে।

(d) ঘৰত ব্যৱহাৰ কৰা বিভিন্ন কাম-কাজত উপভোক্তাই শক্তিৰ খৰচ কমাব পাৰে। 

(e) উদ্যোগসমূহে নিজৰ কেঁচামালৰ সঠিক হিচাপত ব্যৱহাৰ হোৱাৰ বাবে কাৰিকৰী কৌশল উদ্ভাৱন কৰা উচিত।


29. পৰিবেশ সুৰক্ষাৰ বেলিকা মূল্যবোধৰ শিক্ষাই কেনে ভূমিকা গ্ৰহণ কৰিব পাৰে লিখা৷HS-2020

উত্তৰঃ- পৰিবেশ অধ্যয়নৰ প্ৰসংগত মূল্যবোধৰ শিক্ষাৰ গুৰুত্ব আছে। কাৰণ এক নিকা পৰিবেশ ৰক্ষা হোৱা ধাৰণাটো আমাৰ মূল্যবোধৰ অন্তৰ্গত হোৱা উচিত। এনে কৰাটো উচিত; তেনে কৰাটো অনুচিত আদি কথাবোৰৰ ভেটি হ’ল সমাজ এখনত সদ্যহতে প্ৰতিষ্ঠা লাভ কৰা মূল্যবোধ। প্ৰতিষ্ঠিত মূল্যবোধে শিশুকালৰ পৰাই ব্যক্তিৰ মনত চাপ বহুৱায়; মনত ৰৈ যোৱা এই চাপেই আঁৰত থাকি সচেতন বা অসচেতন অৱস্থাত ব্যক্তিৰ কাৰ্যকলাপত নিয়ন্ত্ৰণ আৰোপ কৰে। শৈশৱ অৱস্থাত প্ৰচলিত শিক্ষা ব্যৱস্থাৰ মাধ্যমত মূল্যবোধ সম্পর্কে এই মানসিক চাপৰ সূচনা কৰা উচিত আৰু ইয়েই জীৱনজুৰি ব্যক্তি সঠিক দিশত নিজৰ আৰু পৰিণাম বিচাৰ কৰাত সহায় কৰিব।

এজন ব্যক্তিৰ বা এখন সমাজৰ বাবে যিবিলাক গুণ ভাল, প্ৰয়োজনীয়, তাৎপর্যপূর্ণ আৰু মূল্যৱান বুলি গণ্য কৰা হয় সেইবিলাক গুণ আহৰণ কৰোৱাবলৈ চলোৱা প্ৰচেষ্টাকে মূল্যবোধৰ শিক্ষা বা মূল্যশিক্ষা বুলি কোৱা হয়। সত্য, নিষ্ঠা, অহিংসা, মৈত্ৰী, কৰুণা, প্ৰেম, সোৱা, ত্যাগ আদি গুণক বিশ্বজনীন আৰু সাৰ্বজননীন বুলি গ্ৰহণ কৰিব পাৰি আৰু এইবিলাক মূল্য আহৰণ কৰোৱাৰ বাবে নির্বিবাদে উচিত পন্থা হাতত ল’ব পাৰি।

ইয়াৰ পৰা দেখা গ’ল দেশ, সমাজ আৰু জাতিৰ বৰ্তমান আৰু ভবিষ্যতৰ মংগলৰ বাবে যিবোৰ কথা ভাল সেইবোৰেই হ’ল মূল্যবোধ আৰু সেই সম্পৰ্কে প্ৰদান কৰা শিক্ষাই হ’ল মূল্যবোধ শিক্ষা। মানৱীয়তা, ভ্ৰাতৃত্ববোধ, বদান্যতা, ইত্যাদি গুণবোৰৰ ওপৰত লাভ কৰা শিক্ষাই মূল্যবোধৰ ভেঁটি ৰচনা কৰে। পৰিৱেশৰ দিশৰ পৰা এই মুল্যবোধৰ শিক্ষাক অধিক বহল অৰ্থত প্ৰকাশ কৰিব পাৰি। গতিকে ক’ব পাৰি যে দেশ, জাতি, সমাজ আৰু পাৰিপাৰ্শ্বিক সাম্য ৰক্ষাৰ দিশৰ পৰা যিবোৰ কথা ভাল সেইবোৰেই হ’ল মূল্যবোধ আৰু সেই সম্পৰ্কে লাভ কৰা শিক্ষাই হ’ল মূল্যবাধ শিক্ষা

এই কথা শিক্ষাৰ্থীয়ে মনত ৰখা উচিত যে আজি পৰিবেশ বিনষ্ট কৰা মানে অহা কালি আমাৰ প্ৰগতিৰ পথ ৰূদ্ধ হোৱা; আজিৰ সুখ ভোগ সৰ্বাধিক কৰিবলৈ পৰিবেশ বিনষ্ট কৰা মানে আমাৰ ভৱিষ্যৎ জীৱন ধাৰণৰ পথ ৰুদ্ধ কৰা। গতিকে যিমান পাৰি কমকৈ পৰিবেশৰ ওপৰত আঘাত হানি জীয়াই থকাৰ পথ গ্ৰহণ কৰা উচিত আৰু সেইমতেই আমাৰ কাৰ্যাৱলী নিৰ্ধাৰণ কৰা উচিত। এক মিতব্যয়ী জীৱনধাৰাই এক সাম্য (Balanced) পৰিবেশ লাভ কৰাত সহায় কৰিব পাৰে। এনেবোৰ মূল্যবোধ আজিৰ শিক্ষা ব্যৱস্থাই প্ৰদান কৰা উচিত আৰু তেতিয়াহে পৰিবেশ সংৰক্ষণৰ কাৰ্যসূচীসমূহৰ সফল ৰূপায়ণ সম্ভৱ হ’ব।

মনত ৰখা উচিত যে মূল্যবোধৰ শিক্ষা এক স্থবিৰ বিষয় নহয়। সময় আৰু স্থান সাপেক্ষেই সাল-সলনি হ’ব পাৰে। এসময়ত পাৰিপাৰ্শ্বিকতা ৰক্ষা কৰা কথাটোৱে গুৰুত্ব পোৱা নাছিল আৰু পৰিবেশ সংৰক্ষণৰ নিচিনা গুৰুত্বপূৰ্ণ কথাও মূল্যবোধৰ ভিতৰুৱা হোৱা নাছিল৷ সম্প্ৰতি পৰিবেশ সংৰক্ষণৰ কথাটোৱে আলোচনা-বিলোচনাত আগস্থান লাভ কৰিছে আৰু সেয়েহে পৰিবেশ সংৰক্ষণৰ ধাৰণাটো মূল্যবোধ শিক্ষাৰ অন্তৰ্গত হোৱা উচিত।


30. বৰষুণৰ পানী (বৰ্ষাজল) সংৰক্ষণত জড়িত বিভিন্ন পর্যায়সমূহ কি? HS-2015

উত্তৰ:- বৰষুণৰ পানী (বৰ্ষাজল) সংৰক্ষণত জড়িত প্ৰক্ৰিয়াটো চাৰিটা আধাৰ উপাদানেৰে গঠিত- 

(a) এটা সংগ্ৰহৰ এলেকা বা এটা আপতিত স্থান। 

(b) এটা বোৱাই নিয়া ব্যৱস্থা। 

(c) জমা কৰা সুবিধা বা আধাৰ (পানী টেংক)। 

(d) পানী উলিয়াই নিব পৰা বা বিতৰণ ব্যৱস্থা।

(a) আপতিত স্থান : যি ঠাইত বৰষুণ পৰে সেই ঠাইত টেংকী আদিত জমা হোৱা পানীৰ পৰিমাণ আৰু কিছু পৰিমাণে পানীৰ গুণাগুণ নির্ণয় কৰে। আপতিত স্থান দুই প্ৰকাৰৰ- 

(i) চাল : ঘৰুৱা কাম-কাজত ব্যৱহাৰ কৰা পানীৰ বাবে এটা ঘৰৰ চাল বা অট্টালিকাৰ ওপৰৰ ছাদখন আটাইতকৈ গুৰুত্বপূৰ্ণ আপতিত স্থান। পানী শোষণ কৰি নোলোৱা এখন চালে ঘৰুৱা কাম-কাজত ব্যৱহাৰ কৰা ভাল গুণৰ পানী দিয়ে। পকী ছাদ, জি আই শ্বিট, এছবেষ্টছ, টাইলছ আদি বিভিন্ন ধৰণৰ ঘৰৰ চাল থাকে। 

(i) ভূমি সংগ্ৰহ এলেকা : এখন কঠিন চালতকৈ ভূমিৰ ওপৰ স্তৰৰ পানী জমা কৰিব পৰা ক্ষমতা কম। যি কি নহওক, ভূমিৰ পৰিমাণ বেছি আৰু বিশাল হোৱা বাবে, বহুখিনি পানী ইয়াৰ পৰা বোবাই নি জমা কৰিব পাৰি। মাটিত জমা হোৱা পানী মানুহৰ বৰ্জিত দ্ৰব্য, জীৱ-জন্তুৰ মল-মূত্ৰ, গেলি-পচি যোৱা বয়-বস্তু আদিকে ধৰি বিভিন্ন ঠাইৰ পৰা মিহলি হোৱা বীজাণুৰে দূষিত হ’ব পাৰে। সেয়ে এনে সংগ্ৰহ এলেকাৰ পৰা আহি জমা কৰা পানীৰ মান বৰ উন্নত নহয়। অৱশ্যে এইসমূহক বাগিচা পতা, চাফাই কৰা আদি কামত ব্যৱহাৰ কৰিব পৰা যায়।

(b) বোৱাই নিয়া ব্যৱস্থা : বৰষুণ পৰা স্থানৰ পানী কিছুমান ব্যৱস্থাৰে বোৱাই নি কোনো কোনো ঠাইত জমা কৰিব পাৰি। আপতিত বৰষুণৰ পানী, জমা কৰা টেংকলৈ বোৱাই নিয়া ব্যৱস্থাটোকে বোলা হয় প্ৰবাহী ব্যৱস্থা। এই ব্যৱস্থাটো সাধাৰণতে নলা বা পাইপেৰে নিৰ্মাণ কৰা হয়। নেওৰা বা মাটিত থকা মুকলি নলাৰে এই কাম সমাধা কৰা হয় যদিও বাহিৰৰ লেতেৰা দ্ৰব্য বা দূষিত পানী মিহলি হোৱাৰ সম্ভাৱনা বেছি বাবে এই ব্যৱস্থাটো খুউব বেছিকৈ ব্যৱহাৰ নহয়।

(c) পানী জমা কৰা টেংক : বৰষুণৰ পৰা সংগ্ৰহ কৰা পানী অৱশেষত এটা টেংকত ৰখা হয়। পানী শোষিত বা ভেদ হৈ যাব নোৱৰা কংক্ৰিট, ফাইবাৰ গ্লাছ বা নিষ্কলংক তীখা আদিৰ দৰে পদাৰ্থৰে টেংকসমূহ নির্মিত হোৱা উচিত। পানীৰ টেংক এটাতো বৰষুণৰ পানী আপতিত হ’বলৈ দি ইয়াক বৰষুণৰ পানী ধৰা স্থান হিচাপে ব্যৱহাৰ কৰিব পাৰি বা ইয়াক এটা সুকীয়া গোট হিচাপে নির্মাণ কৰিব পাৰি। প্ৰয়োজনীয় সামগ্ৰী হিচাপে-

(i) এখন কঠিন ঢাকনি 

(ii) এটা জাবৰ-জোঁথৰ বা লেতেৰা পদার্থ-ছেকিব পৰা ফিল্টাৰ 

(iii) এডাল অতিৰিক্ত পানী ওলাই যাব পৰা পাইপ (অভাৰফ্ল’ পাইপ)

(iv) পৰিষ্কাৰ কৰিবৰ বাবে সুবিধা হোৱাকৈ এটা নলা– এই ব্যৱস্থাৰ লগত থকা উচিত।

(d) বিতৰণ ব্যৱস্থা : পানী জমা কৰা টেংকৰ পৰা ব্যৱহাৰৰ বাবে উলিয়াই নিয়া সূচল প্ৰক্ৰিয়াটোৱেই হৈছে বিতৰণ ব্যৱস্থা। এই ব্যৱস্থাটোৰ জৰিয়তে উলিয়াই নিয়া পানীক ঘৰুৱা কাম-কাজ বা খেতি-বাতিৰ কৰ্মত অথবা ক্ষুদ্ৰ উদ্যোগত ব্যৱহাৰ কৰা হয়। পানীত মিহলি হোৱা দূষিত দ্ৰব্যক বাধা দিবৰ বাবে ইয়াত এটা শোধন ব্যৱস্থা থকা উচিত। বৰষুণৰ পানী ধৰা স্থানৰ পৰা, বোৱাই অনা নলা-নলী, জমা কৰা টেংক আৰু বিতৰণ ব্যৱস্থা নির্মাণত ব্যৱহাৰ হোৱা পদার্থসমূহ অবিষাক্ত আৰু পানীত মিহলি হ’ব নোৱৰা হোৱা উচিত। যথাসম্ভৱ ৰং কৰা ৰং লগাই থোৱা পদার্থ এৰাই চলিব লাগে। সীহ ক্ৰমিয়াম আৰু জিংকেৰে প্ৰস্তুত কৰা ৰং ব্যৱহাৰ কৰা অনুচিত। 


31. পৰিবেশ অৱক্ষয়ৰ কাৰণসমূহ বর্ণনা কৰা। HS-2019

উত্তৰ:- পৰিবেশ অৱক্ষয়ৰ কাৰণ প্ৰধানকৈ দুটা-

(a) প্ৰাকৃতিক কাৰণ আৰু (b) মানৱসৃষ্ট কাৰণ। 

(a) প্ৰাকৃতিক কাৰণঃ- প্ৰকৃতিৰ নিজা কাৰণত প্ৰদুষণ উদ্ভৱ হ’ব পাৰে। যেনে— জীৱ-জন্তু আৰু গছ-বন গেলি-পচি বিষাক্ত গেছৰ উদ্ভৱ হয়, এই গেছে আকৌ বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি হোৱাত সহায় কৰে। আগ্নেয়গিৰিৰ উদ্‌গীৰণৰ ফলত বিষাক্ত গেছ নিগৰিত হয়। সাগৰৰ জোৱাৰভাটা প্ৰক্ৰিয়াই উপকূলীয় ভূমিভাগৰ খনিজ লৱণৰ মাত্ৰা বৃদ্ধি কৰি খেতিৰ অনুপযোগী কৰি তোলে ইত্যাদি। আগ্নেয়গিৰি উদ্‌গীৰণৰ সময়ত ওলোৱা উত্তপ্ত ধোৱা আৰু ছায়ে একোটা বিশাল অঞ্চলৰ পৰিস্থিতিতন্ত্ৰত ব্যাঘাত জন্মায়। হাবি-বননি ধ্বংস হোৱাৰ উপৰিও মানুহৰ বাসস্থান, জীৱৰ বাসস্থান খেতি পথাৰ, পানীৰ উৎস আদি নষ্ট কৰে। বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধি কৰি প্ৰাণী আৰু উদ্ভিদৰ জীৱন ধাৰণ প্ৰণালীত ব্যাঘাত জন্মায়। কিছুমান আগ্নেয়গিৰি সমুদ্ৰ গৰ্ভৰ পৰাও উদ্‌গীৰণ হয় আৰু সমুদ্ৰৰ পানী উত্তপ্ত কৰি তোলে। সমুদ্ৰৰ পানীৰ উত্তাপ বুদ্ধি হোৱাৰ ফলত সামুদ্ৰিক জীৱ আৰু উদ্ভিদ ধ্বংস হয়। পানীৰ তলত থকা অক্সিজেনৰ পৰিমাণ কমি যায়। আগ্নেয়গিৰিৰ মুখেদি ওলোৱা গলিত লাভা চাৰিওফালে সিঁচৰতি হৈ পৰি সমুদ্ৰৰ মাজত দ্বীপৰ সৃষ্টি কৰে। আগ্নেয়গিৰিৰ উদ্‌গীৰণৰ ফলত ইমানেই উত্তপ্ত গলিত পদার্থ বাহিৰ হয় যে সেইবোৰে পৰিবেশৰ মূল উপাদানসমূহ দূষিত কৰে।

(b) মানৱসৃষ্ট কাৰণ : জনসংখ্যাৰ বৃদ্ধি আৰু উপস্থিতিৰ জৰিয়তে ভোগ আৰু উৎপাদনমূলক কার্য-কলাপ বৃদ্ধি হৈ আৰু উচ্ছিষ্ট নিঃসৰণৰ যোগেদি পৰিবেশৰ অৱনতি ঘটে। এনেবোৰ কাৰকক মানৱ কার্য-কলাপ সৃষ্ট প্ৰদূষণ শ্ৰেণীৰ অন্তর্ভুক্ত কৰা হয়। পৰিবেশ অৱক্ষয়ৰ ক্ষেত্ৰত মানুহে সৃষ্টি কৰা সমস্যাসমূহ তিনিটা ভাগত ভাগ কৰিব পাৰি। 

(১) জনসংখ্যা বৃদ্ধি (২) প্ৰাকৃতিক সম্পদ লুণ্ঠন (৩) পৰিবেশ প্ৰদূষণ। 

(১) জনসংখ্যা বৃদ্ধি : জনসংখ্যা বৃদ্ধিৰ লগে লগে (বর্তমান যুগত) অধিক খাদ্য-সামগ্ৰী, বাসস্থান আৰু অন্যান্য সা-সুবিধাৰ প্ৰয়োজন হৈছে। খাদ্য সামগ্ৰী অধিক উত্‍পাদন কৰাৰ বাবে অধিক শস্য উৎপাদন কৰিবলগীয়া হৈছে। বাসস্থান নির্মাণৰ বাবে ঠাই মুকলি কৰিবলগীয়া হৈছে। ফলস্বৰূপে পৰিবেশৰ ভাৰসাম্য নষ্ট হৈছে। অধিক শস্য উৎপাদন কৰাৰ বাবে খেতিপথাৰত উন্নত প্ৰযুক্তি কৌশল ব্যৱহাৰ কৰা হৈছে। কৃত্ৰিম ৰাসায়নিক সাৰ, কীটনাশক দ্ৰব্য আদি ছটিওৱাৰ ফলত সেইবোৰ পদার্থই পৰিবেশৰ মূল উপাদান পানী আৰু মাটিত বিৰূপ প্ৰভাৱ পেলাইছে। বর্ধিত জনসংখ্যাৰ বাবে বাসগৃহৰ অভাৱ হৈছে। বাসগৃহ নির্মাণৰ বাবে হাবি-বননি কাটি ঠাই মুকলি কৰা হৈছে। ফলস্বৰূপে পৃথিৱীত বনাঞ্চলৰ ঘনত্ব কমি গৈছে। বৰ্ধিত জনসংখ্যাৰ অভাৱ-অভিযোগ পূৰণ আৰু অন্যান্য প্ৰয়োজনৰ বাবে পৰিবেশৰ ওপৰত মানুহৰ লুণ্ঠন দ্ৰুতগতিত বৃদ্ধি হৈছে। ফলস্বৰূপে পৰিস্থিতিতন্ত্ৰত প্ৰচণ্ড আঘাত পৰিছে।

(২) প্ৰাকৃতিক সম্পদ লুণ্ঠন : ঔদ্যোগিক উন্নয়নৰ বাবে মানুহে অৰণ্যৰ সম্পদ ধ্বংস কৰি আছে। কাগজ উদ্যোগৰ বাবে বাঁহ আৰু কাঠ কটা হৈছে। বনৌষধি গছ ঔষধ প্ৰস্তুত কৰাৰ বাবে কটা হৈছে। কাঠকল, প্লাইউড, ভিনাৰ আদিৰ বাবে বিভিন্ন প্ৰজাতিৰ গছ কটা হৈছে। খয়ৰ, ৰবৰ আদিৰ বাবেও হাবিৰ গছ কটা হৈছে। এনেদৰে গছ-গছনি কটাৰ ফলত বনাঞ্চলৰ মাটিকালি কমি গৈছে। বিশ্বৰ পৰিসংখ্যা মতে প্ৰতি বছৰে পৃথিৱীৰ পৰা ৬.১ নিযুত হেক্টৰ বনাঞ্চল ধ্বংস হৈ আছে। এনেদৰে বনাঞ্চল ধ্বংস হোৱাৰ ফলত কেতবোৰ বিৰল প্ৰজাতিৰ জীৱ-জন্তু, চৰাই-চিৰিকতি আৰু উদ্ভিদ প্ৰজাতি বিলুপ্ত হৈছে। চোৰাং চিকাৰীয়ে হাবিৰ মূল্যবান জীৱ-জন্তু চিকাৰ কৰি বধ কৰে। খড়গৰ বাবে গঁড় বধ কৰে, হাতী দাঁতৰ বাবে হাতী বধ কৰে।

(৩) পৰিবেশ প্ৰদূষণ : দ্ৰুত জনসংখ্যা বৃদ্ধিয়ে পৰিবেশ প্ৰদূষণৰ মূল কাৰণ। মানুহে স্বার্থৰ বাবেই পৰিবেশৰ মূল উপাদান বায়ু, পানী আৰু মাটি, প্ৰাকৃতিক সম্পদ আৰু জীৱ-বৈচিত্র্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাইছে।


32. দুর্যোগ ব্যৱস্থাপনাৰ মূল উপাদানসমূহ কি কি? এইবিলাকৰ এটি চমু বিৱৰণ দিয়া।

উত্তৰঃ- দুর্যোগ ব্যৱস্থাপনাৰ মূল উপাদানসমূহ হ’ল—

(a) সম্ভাৱ্য বিপদ-ব্যৱস্থাপনা

(b) ক্ষয়-ক্ষতি হ্ৰাস

(c) দুর্যোগ নিয়ন্ত্ৰণ

(d) সম-সাহায্য বিতৰণ

(e) সম্পদ আহৰণ ব্যৱস্থা আৰু

(f) প্ৰভাৱ দূৰীকৰণ

এইবিলাকৰ চমু বিৱৰণ তলত দিয়া হ’ল—

(a) সম্ভাব্য বিপদ ব্যৱস্থাপনা : ইয়াৰ অধীনত আছে সম্ভাৱ্য ভাবুকি বা সংঘটিত হ’ব পৰা বিপদসমূহ চিহ্নিত আৰু সম্ভাৱনীয়তা স্থিৰকৰণ, এনে বিপদৰ পৰা জনসাধাৰণৰ ওপৰত কেনেকুৱা প্ৰভাৱ পৰিব পাৰে তাক নিৰ্ধাৰণ কৰা। লগতে কি ব্যৱস্থা ল’লে বিপদ লাঘৱ কৰিব পৰা যাব সেইমতে কার্যপন্থা গ্ৰহণ। বিপদসংকুলতাৰ লগতে স্পৰ্শকাতৰ অঞ্চলৰ মানচিত্ৰ অংকন কৰি ল’ব লাগে। তদুপৰি সম্ভাৱ্য ক্ষয়-ক্ষতিৰ খতিয়ান লোৱা, যেনে— ঘৰ-দুৱাৰ, অন্যান্য গাঁথনিৰ ধ্বংস, খেতি-বাতি নষ্ট আদি কথাবোৰৰ পৰ্যালোচনা কৰিব লাগে।

(b) ক্ষতিৰোধ ব্যৱস্থাপনা (HS-2017) : দুৰ্যোগৰ ফলত জন-জীৱন, আন্তঃগাঁথনি আৰু আৰ্থিক অৱস্থা বিধ্বস্ত হৈ অশেষ ক্ষতি সাধন কৰে। দুৰ্যোগৰ পূৰ্বে আৰু পৰৱৰ্তী সময়ত ক্ষতিৰোধ ব্যৱস্থাপনা লোৱা হয় যাতে ক্ষয়-ক্ষতি অতি নগণ্য হয়। এই ক্ষেত্ৰত দুৰ্যোগৰ পূৰ্বে লোৱা ব্যৱস্থাই উৎকৃষ্ট কার্যপন্থা বুলি বিবেচিত। এই কাৰ্যপন্থাবোৰৰ ভিতৰত পৰে—

(১) ঘৰ-বাৰী, নিৰ্মাণ গাঁথনি আদি দুর্যোগ প্ৰতিৰোধ কৰি সজা৷

(২) ঘৰৰ বাসিন্দাসকলক আৰু সংকটজনক স্থানত অৱস্থিত বসতি অঞ্চলৰ কাৰণে উন্নত ধৰণৰ নিৰাপত্তা প্ৰদান।

(c) দুর্যোগ নিয়ন্ত্ৰণ : দুৰ্যোগৰ সময়ত বা জৰুৰীকালীন পৰিস্থিতিৰ পিছত দুর্যোগ ব্যৱস্থাপনা লোৱাতকৈ দুৰ্যোগৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাহে দৰকাৰ। তাৰ কাৰণে ল’ব লগা পদ্ধতিসমূহ হ’ল—

(১) হ’ব পৰা দুৰ্যোগ, তাৰ কাৰণ আৰু প্ৰভাৱৰ সম্বন্ধ নিৰ্ণয় কৰা।

(২) দুৰ্যোগৰ সন্মুখীন হ’ব পৰাকৈ পৰিকল্পনা তথা আঁচনি প্ৰস্তুত কৰা যাতে যথা সয়ত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব পাৰি।

(৩) দুৰ্যোগ ব্যৱস্থাপনাৰ প্ৰতি সজাগতা বৃদ্ধিৰ বাবে সংশ্লিষ্ট সংগঠন তথা সাহায্য, ব্যৱস্থাপনাৰ সৈতে জড়িত দায়িত্ববাহী বিষয়াই এই পদ্ধতিগত, নিৰ্দিষ্ট আৰু শৃংখলাবদ্ধভাৱে আগবাঢ়িব লাগিব।

(d) সম্পদ-সাহায্য বিতৰণ : সকলো দুর্যোগ সাহায্য নিৰপেক্ষভাৱে আৰু যথোচিতভাৱে উপলব্ধ হ’ব লাগে। বিপদগ্ৰস্ত লোকক সমভাৱে আৰু ভালদৰে আচৰণ কৰাটো নিশ্চিত কৰা দুৰ্যোগ ব্যৱস্থাপনাৰ এক গুৰুত্বপূৰ্ণ উপাদান। 

যথোচিত সাহায্য আৰু পুনৰ্নিৰ্মাণ সাহায্য বিতৰণৰ মূলনীতি হ’ব লাগে যাতে দুর্দশাগ্ৰস্ত লোকে সাহায্যকাৰী দলৰ পৰা যথোচিত আচৰণ লাভ কৰে আৰু সম্পদ উপলব্ধ সহজ হয়৷

(e) সম্পদ ব্যৱস্থাপনা : দুৰ্যোগৰ পিছত প্ৰতিকূল পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ বিভিন্ন প্ৰকাৰৰ সম্পদৰ প্ৰয়োজন হয়। যেনে— এখন ক্ৰেইন, এচকাভেটৰ, এম্বুলেন্স, ডাক্তৰ আদিৰ খুব প্ৰয়োজন। কিন্তু এইবিলাক সামগ্ৰী সাধাৰণতে মজুত নাথাকে। সেয়ে সম্পদ ব্যৱস্থাপনা দুৰ্যোগকালীন সঁহাৰিৰ ক্ষেত্ৰত এক জটিল বিষয়। সম্পদসমূহ যাতে সততে উপলব্ধ হয় তাৰ বাবে পূৰ্ব পৰিকল্পনাৰ দৰকাৰ।

(f) প্ৰভাৱ সীমিতকৰণ : দুর্যোগে মানুহ, আন্তঃগাঁথনি আৰু আৰ্থিক অৱস্থাৰ ওপৰত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাই থৈ যায়। ই সমাজখনকেই দুৰ্বল কৰি পেলায়৷ দুর্যোগে এখন দেশৰ সামূহিক উন্নয়ন প্ৰক্ৰিয়াকো বেয়াকৈ ক্ষতিগ্ৰস্ত কৰিব পাৰে। সেয়ে দুৰ্যোগৰ প্ৰভাৱ যাতে কম হয় তালৈ লক্ষ্য কৰা উচিত।

দুৰ্যোগৰ দ্বাৰা আক্ৰান্ত এখন দেশৰ কাৰণে দুৰ্যোগ ব্যৱস্থাপনাৰ প্ৰক্ৰিয়া এনেদৰে সমাধান কৰিব লাগে যাতে পুনৰ উদ্ধাৰ ক্ষিপ্ৰগতিৰে কৰি দেশৰ সামগ্ৰিক উন্নয়নত অৰিহণা যোগায়৷


33. চমুটোকা লিখাঃ-

(A) বায়ু প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্ৰণ নিয়মাৱলী।

উত্তৰঃ- অসম চৰকাৰে বায়ু প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্ৰণ আইনৰ অধীনত বায়ু প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্ৰণ অসম নিয়মাৱলী ১৯৯১ প্ৰণয়ন কৰে আৰু সমগ্ৰ ৰাজ্যতে প্ৰযোজ্য হোৱাকৈ বলৱৎ কৰে। এই নিয়মাৱলী পুনৰ ১৯৯৫ চনত সংশোধন কৰি বলৱৎ‍ কৰে। বায়ু প্ৰদূষণ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত কেতবোৰ মান নিৰ্ধাৰণ কৰি দিয়ে। উদ্যোগ আৰু যান-বাহনৰ পৰা ওলোৱা প্ৰদূষকৰ পৰিমাণ নিয়ন্ত্ৰিত সীমাৰ ভিতৰত ৰাখি বায়ু প্ৰদূষণ ৰোধ কৰাৰ পদক্ষেপ গ্ৰহণ কৰে।


(B) ধাৰণক্ষম উন্নয়ন। HS-2016

উত্তৰঃ- ধাৰণক্ষম বা বহনক্ষম বিশ্ব আজি সকলোৰে কাম্য। অনন্তকালৰ বাবে যদি বিশ্বই সকলো ক্ষেত্ৰতে বিশ্বৰ জনগণক উন্নত মানদণ্ডৰে নিজৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰি জীয়াই থকাৰ সমল যোগায়, সেয়ে হ’ব ধাৰণক্ষম বা বহনক্ষম বিশ্ব। আজি বিশ্ববাসীয়ে উন্নতিৰ শিখৰত আৰোহণ কৰিবলৈ সমৰ্থ হৈছে, কিন্তু এই উন্নয়ন ধাৰণক্ষম হৈ থাকিব, যদিহে ই মানৱ সমাজৰ চাহিদা পূৰণ কৰি আৰ্থ-সামাজিক উন্নতিৰ লগতে সম্পদৰো ভৱিষ্যৰ বাবে সংৰক্ষিত কৰিব পাৰে। কিন্তু, বাস্তৱিকতে বর্তমান বিশ্ব বহনক্ষম অৱস্থাৰ পৰা ক্ৰমান্বয়ে অবহনক্ষম হোৱাৰ পৰ্যায়ত উপনীত হৈছে। বিশ্বৰ দ্ৰুতগতিত বৰ্ধিত জনসংখ্যা আৰু দ্ৰুত উন্নয়নৰ ফলত আজি পৃথিৱীৰ মাটি, পানী, বায়ু, খনিজ পদাৰ্থ আৰু গছ-গছনিৰ মাত্ৰাধিক ব্যৱহাৰে পৃথিৱীখনক অবহনক্ষম কৰি তোলাৰ প্ৰয়াস কৰিছে। প্ৰাকৃতিক সম্পদবোৰৰ ক্ৰমাগতভাৱে আহৰণ আৰু ব্যৱহাৰ অব্যাহত থাকিলে ভৱিষ্যতৰ উন্নয়নৰ গতি স্তব্ধ হ’ব। এই কথাবোৰৰ গুৰুত্ব অনুধাৱন কৰি বিশ্বৰ এই উন্নয়নক এটা স্থিৰ মাত্ৰাত ৰাখি বিশ্বক বহনক্ষম উন্নয়নলৈ লৈ যাবলৈ হ’লে নানা পদক্ষেপৰ প্ৰয়োজন৷

বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক তথা নৰৱে’ৰ প্ৰধানমন্ত্ৰী জি. এই ব্ৰাণ্টলেণ্ডৰ মতে, “ভৱিষ্যৎ প্ৰজন্মসকলৰ প্ৰয়োজনীয়তাৰ সামৰ্থক বিঘ্নিত নকৰাকৈ বৰ্তমানৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰাই হ’ল বহনক্ষম বা ধাৰণক্ষম উন্নয়ন।”

ধাৰণক্ষম উন্নয়নৰ দিশসমূহ হ’ল-

(১) প্ৰাকৃতিক সম্পদৰ সৎ ব্যৱহাৰ আৰু কম সম্পদ ব্যৱহাৰ কৰি চলিব পৰা প্ৰয়োজনীয় কাৰিকৰী কৌশলৰ ব্যৱহাৰ।

(২) পৰিবেশীয় অধোগমন ৰোধ কৰি ভৱিষ্যত প্ৰজন্মৰ বাবে সুস্থ আৰু সম্পদশালী পৰিবেশ গঢ়িব লাগে।

(৩) জনবিস্ফোৰণৰ হাৰ ৰোধ কৰা।

(8) আন্তঃদেশীয় আৰু আন্তঃৰাষ্ট্ৰীয় সম্পদৰ ব্যৱধান কমাই ধাৰণক্ষম উন্নয়নৰ বাবে পদক্ষেপ গ্ৰহণ কৰা উচিত।

অবহনক্ষমৰ পৰা বহনক্ষম উন্নয়নলৈ গতি কৰাৰ কিছুমান উপায়- 

(১) প্ৰাকৃতিক সম্পদ ব্যৱহাৰ কৰোতে সাৱধানতা, মিতব্যয়িতা আৰু উপযুক্ত কাৰিকৰী প্ৰযুক্তি প্ৰয়োগ কৰিব লাগে। আভ্যন্তৰীণ প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰহে গ্ৰহণীয় আৰু ব্যয়বহুল নহয়।

(২) সম্পদৰ ব্যৱহাৰ তিনি ধৰণে কৰিব লাগে৷ সীমিত ব্যৱহাৰ, ব্যৱহৃত সম্পদৰ পুনৰ ব্যৱহাৰ আৰু পেলনীয়া সম্পদৰ পুনৰাৱৰ্তন।

(৩) ধাৰণক্ষম সামৰ্থলৈহে সম্পদ আহৰণ কৰা উচিত।


(C) জলবায়ু চক্ৰৰ পৰিৱৰ্তন।

উত্তৰঃ- কোনো এক অঞ্চলৰ বতৰৰ সামগ্ৰিক অৱস্থাকে জলবায়ু বোলে। কোনো এক অঞ্চলৰ জলবায়ু আৰু বতৰ বিভিন্ন কাৰকৰ ওপৰত নিৰ্ভৰশীল।

এই কাৰকসমূহ হ’ল—

(১) সূৰ্যৰ ৰশ্মিৰ দিশ (Attitude) (২) উচ্চতা (৩) পর্বতমালাৰ অৱস্থান দিশ (৪) উষ্ণতা, (৫) বায়ুপ্ৰবাহ আৰু মহাসাগৰী সোঁত (৬) দিনৰ পোহৰৰ দৈৰ্ঘ্য (Length of the day) (৭) স্থলভাগ আৰু জলভাগৰ অৱস্থান।

ওপৰত উল্লেখ কৰা কাৰকসমূহ বহু কাৰণত সাল-সলনি ঘটিব পাৰে। এই সাল-সলনিৰ ফলত কোনো এক অঞ্চলৰ জলবায়ুৰ পৰিৱৰ্তন হ’ব পাৰে। আনহাতে মানুহৰ বিভিন্ন কামৰ দ্বাৰা কাৰকসমূহৰ পৰিৱৰ্তন হ’ব পাৰে। সেই কাৰকবোৰ হ’ল—

লাভ।

(১) হাবি-জংঘল কাটি ভূ-পৃষ্ঠ অনাবৃত কৰা।

(২) বিভিন্ন খনিজ ইন্ধনৰ দহনৰ ফলত সৃষ্টি হোৱা CO2 ৰ বায়ুমণ্ডলত মুক্তি লাভ।

(৩) শক্তি-উৎপাদন গোটসমূহৰ পৰা তাপ নির্গমন।

(৪) ভূ-গৰ্ভৰ পানীৰ (বৃহৎ পৰিমাণৰ) উত্তোলন। 

(৫) বিভিন্ন গেছৰ কণাবোৰ বায়ুমণ্ডললৈ মিহলি হৈ যোৱা।

(৬) যান-বাহনৰ প্ৰদূষণৰ ফলত বায়ুমণ্ডলত হোৱা প্ৰতিক্ৰিয়া।

জলবায়ুৰ পৰিৱৰ্তনে মানুহকে ধৰি সকলো প্ৰাণী আৰু উদ্ভিদৰ ওপৰত প্ৰত্যক্ষ বা পৰোক্ষভাৱে প্ৰভাৱ পেলায়; আনকি কিছুমান ঠাইত বিৰল প্ৰাণী জলবায়ুৰ পৰিৱৰ্তনে বিলুপ্ত কৰাৰো আশংকা থাকে। পৰিবেশীয় অধোগমনে জলবায়ুৰো পৰিৱৰ্তন ঘটাইছে। বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধিয়ে বতৰ চক্ৰৰ পৰিৱৰ্তন ঘটাই ঠায়ে ঠায়ে অতিবৃষ্টি আৰু অনাবৃষ্টিৰ সূচনা কৰিছে। গছ-গছনি ধ্বংস কৰাৰ ফলত কিছুমান ঠাইত বৰষুণৰ পৰিমাণ কমি মৰুভূমিপ্ৰায় হৈ পৰিছে। বতৰ চক্ৰৰ এই পৰিৱৰ্তনে আকৌ কোনো ঠাইত জনবসতিৰ গঠন সলনি কৰি দিব পাৰে৷


(D) ভূ-পৃষ্ঠৰ উত্তাপ বৃদ্ধি

উত্তৰঃ- বায়ুমণ্ডলত সেউজগৃহ গেছৰ পৰিমাণ বৃদ্ধিৰ ফলতেই আজি পৃথিৱীপৃষ্ঠৰ গড় উত্তাপ বৃদ্ধি পাইছে। পৃথিৱীৰ উষ্ণতা বৃদ্ধিৰ বাবে যদিও মূলতঃ বায়ুমণ্ডলৰ কাৰ্বন ডাই-অক্সাইড আৰু ক্ল’ৰফ্ল’ৰ কাৰ্বন শ্ৰেণীৰ গেছকেইটায়ো উত্তাপৰ বৃদ্ধি কৰাত বুজন পৰিমাণৰ অৰিহণা যোগাইছে। মূলতে জীৱাশ্ম ইন্ধন দহন কৰাৰ ফলত সর্বাধিক কার্বন ডাই-অক্সাইড বায়ুমণ্ডললৈ নির্গত হয় যদিও, যান-বাহন, বিভিন্ন উদ্যোগ আদিৰ পৰা কাৰ্বন ডাই-অক্সাইড, নাইট্ৰাছ অক্সাইড, ছালফাৰ-ডাই-অক্সাইড আদি নিৰ্গত কৰে। এইবিলাক গেছৰ দ্বাৰা সাধাৰণতে পৃথিৱীৰ উপৰিভাগৰ উত্তাপ বৃদ্ধি পায়। উষ্ণতা আৰু জলবায়ুৰ পৰিৱৰ্তনে পাৰিপাৰ্শ্বিক ভাৰসাম্যতা বিনষ্ট কৰাই নহয়, জৈৱ-বিচিত্ৰতাৰো হ্ৰাস কৰিব। এনেদৰেই জীৱজগতৰ পৰা বহুতো জীৱৰ অৱলুপ্তি ঘটিব বুলি আশংকা কৰা হৈছে।

বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধিৰ লগে লগে মাটিত থকা পানীৰ পৰিমাণ কমি যাব আৰু মাটিত সঞ্চিত প্ৰাকৃতিক সাৰ আৰু অন্যান্য খনিজ পদার্থসমূহ ভিন ভিন ৰাসায়নিক পদাৰ্থলৈ ৰূপান্তৰিত হ’ব। তেতিয়া পানী আৰু খাদ্যপ্ৰাণৰ অভাৱত খাদ্যশস্যৰ উৎপাদন, হ্ৰাস পাব যাৰ বাবে খাদ্য সংকতে দেখা দিব। উষ্ণতা বৃদ্ধিয়ে পৃথিৱীৰ জলবায়ুৰ প্ৰকোপ সাল-সলনি কৰিব। যাৰ ফলত পৃথিৱীত খৰাং বা অতিবৃষ্টি, বা-মাৰলি, ঘূৰ্ণীবতাহ আদিৰ সৃষ্টি হ’ব আৰু ইয়াৰ ফলত প্ৰাণী ভূ-মণ্ডলৰ উত্তাপ বৃদ্ধিয়ে মানৱ স্বাস্থ্যৰ ওপৰতো অনিষ্ট সাধন কৰিব। উষ্ণ পৰিবেশত বহুতো বীজাণুৱে বংশবৃদ্ধি কৰায় আৰু নতুন নতুন ৰোগৰ প্ৰাদুৰ্ভাৱ হ’ব। উত্থাপিত সাগৰপৃষ্ঠই সৃষ্টি কৰা বানপানীয়ে উপকূল অঞ্চলত বিভিন্ন ৰোগ বিয়পাব পাৰে বুলি আশংকা কৰা হৈছে।


(E) নিউক্লীয় দুর্ঘটনা

উত্তৰঃ- নিউক্লীয় বিক্ৰিয়াৰ আৱিষ্কাৰৰ পিছত ইয়াৰ পৰা উৎপাদিত অফুৰন্ত শক্তিক মানৱ কল্যাণৰ বাবে সঠিকভাৱে ব্যৱহাৰ কৰাত গুৰুত্ব আৰোপ কৰা হৈছে যদিও ইয়াৰ পৰা উৎপাদিত অনিয়ন্ত্ৰিত শক্তিৰে ধ্বংসাত্মক কার্যত পোনপটীয়াকৈ ব্যৱহাৰ কৰাও হৈছে। ১৯৪৫ চনত জাপানৰ নাগাচাকি আৰু হিৰোছিমাত নিউক্লীয় বোমাৰ বিস্ফোৰণ ঘটাই নগৰ দুখন ধ্বংস কৰাৰ উপৰিও ২০,০০০ জন মানুহৰ মৃত্যু হৈছিল।

নিউক্লীয় বিক্ৰিয়া নিয়ন্ত্ৰণত ৰাখি শক্তি উৎপাদন কৰা নিউক্লীয় ৰিয়েক্টৰসমূহে দেখাত পোনপটীয়াকৈ কোনো অনিষ্ট সাধন নকৰে যদিও ইয়াত উৎপাদিত তেজস্ক্ৰিয় মৌলসমূহ আমাৰ তথা জীৱজগতৰ বাবে অতি অপকাৰী। যদি এনে নিউক্লীয় ৰিয়েক্টৰসমূহ নিয়ন্ত্ৰণৰ বাহিৰ হয় তেন্তে ইয়াত উৎপাদিত অফুৰন্ত তাপ-শক্তিয়ে ৰিয়েক্টৰটোৰ নিৰ্মাণশৈলীটো বিস্ফোৰিত কৰাই নহয়, ইয়াৰ ওচৰৰ ঘৰ-দুৱাৰ ধ্বংস কৰিব। ইয়াত উৎপাদিত তেজষ্ক্ৰিয় ধ্বংসাৱশেষসমূহ বায়ুমণ্ডলত মিহলি হোৱাৰ উপৰিও হেজাৰ হেজাৰ কিলোমিটাৰ দূৰত্বলৈ বিয়পি পৰিব। ইয়াৰ পৰা নিৰ্গত হোৱা শক্তিশালী আলফা, বিটা, গামা বিকিৰণে মানুহ, জীৱ-জন্তু, গছ-গছনি আদি সকলোকে আক্ৰান্ত কৰিব। মুঠৰ ওপৰত নিউক্লীয় দুৰ্ঘটনাৰ ফলত মানুহৰ লগতে অন্যান্য জীৱ-জন্তু তথা উদ্ভিদজগত বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হয়।


Dr. Ratanlal Brahma, M.A., B.Ed., M.Phil., Ph.D.
Post Graduate Teacher (Political Science)
H.N.Seminary Model HS School, Bagribari, Dhubri, Assam
Email : brahmaratan@gmail.com
Whatsapp no. : 7020477396

Leave a comment

Trending