সমাজ বিজ্ঞান (প্রথম খণ্ড)

(ইতিহাস)  অধ্যায় ১

বংগ বিভাজন আৰু স্বদেশী আন্দোলন
Partition of Bengal and the Swadeshi Movement

SEBA Class 10 Social Science – History Part Chapter 1

1. শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ 

(i) কাৰ কাৰ্যকালত ‘বংগ বিভাজন আঁচনিখন’ কাৰ্যকৰী কৰা হৈছিল? hslc-2023, 2017

(ক) লর্ড মাউন্টবেটেন

(খ) লর্ড উইলিয়াম বেন্টিংক

(গ) লর্ড ডেলহাউচী

(ঘ) লর্ড কার্জন

উত্তৰঃ-(ঘ) লর্ড কার্জন


(ii) এলাহাবাদ সন্ধি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল-  hslc-2023 

(ক) শ্বাহ আলম আৰু লৰ্ড কাৰ্জনৰ মাজত

(খ) বাহাদুৰ শ্বাহ আৰু লৰ্ড কাৰ্জনৰ মাজত

(গ) শাহ আলম আৰু ৰবাৰ্ট ক্লাইবৰ মাজত

(ঘ) বাহাদুৰ শ্বাহ আৰু ৰবাৰ্ট ক্লাইবৰ মাজত

উত্তৰঃ-(গ) শাহ আলম আৰু ৰবাৰ্ট ক্লাইবৰ মাজত


(iii) ১৯০৬ চনত মুচলিম লীগ গঠনত সহায় কৰা ব্ৰিটিছ প্রশাসকজন কোন আছিল? hslc-2017

(ক) লর্ড মিণ্টো

(খ) লর্ড কার্জন

(গ) লর্ড কর্নৱালিছ

(ঘ) লর্ড ৰিপন

উত্তৰঃ-(ক) লর্ড মিন্টো


(iv) প্ৰথম ভাৰতীয় উদ্যোগ সন্মিলন গঢ়ি উঠিছিল—

(ক) ভূপেন্দ্ৰনাথ দত্তৰ নেতৃত্বত

(খ) সুৰেন্দ্ৰনাথ বন্দোপাধ্যায়ৰ নেতৃত্বত

(গ) নীলৰতন চৰকাৰৰ নেতৃত্বত

(ঘ) আৰ চি দত্তৰ নেতৃত্বত

উত্তৰঃ-(ঘ) আৰ চি দত্তৰ নেতৃত্বত


(v) ‘ভাৰতী’ নামৰ পত্ৰিকাখন সম্পাদনা কৰে —

(ক) ভূপেন্দ্রনাথ দত্তই

(খ) সৰলা দেৱী চৌধুৰীণী

(গ) ভগিনী নিবেদিতাই

(ঘ) কুমুদিনী সেন

উত্তৰঃ-(খ) সৰলা দেৱী চৌধুৰীণী


(vi) ৰেগুলেটিং এক্ট প্ৰবৰ্তন কৰা হৈছিল-

(ক) ১৭৭৩ চনত

(খ) ১৬০০ চনত

(গ) ১৭৮৪ চনত

(ঘ) ১৭০০ চনত

উত্তৰঃ-(ক) ১৭৭৩ চনত


(vii) বন্দে মাতৰম গীতটোৰ ৰচক—

(ক) আচাৰ্য প্ৰফুল্ল ৰায়

(খ) বংকিমচন্দ্র চট্টোপাধ্যায়

(গ) দাদাভাই নৌৰজী

(ঘ) ভূপেন্দ্র নাথ দত্ত।

উত্তৰঃ-(খ) বংকিমচন্দ্র চট্টোপাধ্যায়


(viii) ব্ৰিটিছক “নাইটহুড” উপাধি ঘুৰাই দিয়া ব্যক্তিজন হ’ল-

(ক) লালা লাজপত ৰায়

(খ) গোপালকৃষ্ণ গোখলে

(গ) বিপিন চন্দ্র পাল

(ঘ) বাল গংগাধৰ তিলক।

উত্তৰঃ-(খ) গোপালকৃষ্ণ গোখলে


(ix) বংগৰ সৰ্বনাশ নামৰ নিবন্ধটো প্ৰকাশ পাইছিল—

(ক) সঞ্জীৱনীত

(খ) যুগান্তৰত

(গ) হিতবাদীত

(ঘ) সন্ধ্যাত

উত্তৰঃ-(ক) সঞ্জীৱনীত


(x) অসম প্ৰদেশৰ মুখ্য আয়ুক্ত আছিল—

(ক) লর্ড কার্জন

(খ) ৰবাৰ্ট ক্লাইব

(গ) অণ্ড্ৰু ফ্ৰেজাৰ

(ঘ) আৰ. এইছ. কীটিঞ্জী

উত্তৰঃ-(ঘ) আৰ. এইছ. কীটিঞ্জী


(xi) দেশ বিভাজনৰ বিৰুদ্ধে প্রথম প্রতিবাদী সভা অনুষ্ঠিত হৈছিল—

(ক) খুলনা 

(খ) ঢাকা 

(গ) কলিকতা 

(ঘ) পাবনা

উত্তৰঃ-(ক) খুলনা 


(xii) পূর্ববঙ্গ আৰু অসমৰ ৰাজধানী ক’ত স্থাপন কৰা হৈছিল?

(ক) ঢাকাত 

(খ) গুৱাহাটীত 

(গ) কলিকতাত 

(ঘ) ছিলঙত 

উত্তৰঃ-(ক) ঢাকাত 


(xiii) ‘সঞ্জীৱনী’ পত্রিকাৰ সম্পাদক আছিল—

(ক) কুমুদিনী

(খ) ভূপেন্দ্ৰ নাথ দত্ত

(গ) সুৰেন্দ্ৰ নাথ বন্দোপাধ্যায় 

(ঘ) কৃষ্ণকুমাৰ মিত্ৰ

উত্তৰঃ-(ঘ) কৃষ্ণকুমাৰ মিত্ৰ


(xiv) ‘ছিৰাজউদৌল্লা’ নাটকখন লিখিছিল—

(ক) গিৰীশ ঘোষ

(খ) ক্ষীৰোদ প্ৰসাদ

(গ) অৰবিন্দ ঘোষ

(ঘ) অমৃতলাল বসু

উত্তৰঃ-(ক) গিৰীশ ঘোষ


(xv) স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি ৰবীন্দ্ৰনাথ ঠাকুৰে গীত ৰচনা কৰে—

(ক) ২০টি

(খ) ২৩ টি 

(গ) ২৪ টি 

(ঘ) ২৫টি

উত্তৰঃ-(খ) ২৩ টি 


(xvi) বংগীয় কলা সংসদ গঢ়ি উঠিছিল—

(ক) সুৰেন্দ্ৰনাথ বন্দোপাধ্যায়ৰ নেতৃত্বত 

(খ) অৰবিন্দু ঘোষৰ নেতৃত্বত 

(গ) ৰাসবিহাৰী বসুৰ নেতৃত্বত 

(ঘ) অবনীন্দ্ৰনাথ ঠাকুৰৰ নেতৃত্বত 

উত্তৰঃ-(ঘ) অবনীন্দ্ৰনাথ ঠাকুৰৰ নেতৃত্বত


(xvii) “পলাশীৰ প্ৰায়শ্চিত্ত” নাটকৰ ৰচক- 

(ক) গিৰীশ ঘোষ 

(খ) ক্ষীৰোদ প্ৰসাদ

(গ) অমৃতলাল বসু 

(ঘ) অমৰেন্দ্ৰ নাথ দত্ত

উত্তৰঃ-(খ) ক্ষীৰোদ প্ৰসাদ


(xviii) ভূপেন্দ্র নাথ দত্তই সম্পাদনা কৰা কাকতৰ নাম কি আছিল—

(ক) যুগান্তৰ 

(খ) হিতবাদী 

(গ) ডি ডন 

(ঘ) সন্ধ্যা 

উত্তৰঃ-(ক) যুগান্তৰ 


(xix) ভগিনী নিবেদিতাৰ জন্ম হৈছিল—

(ক) আয়াৰলেণ্ডত 

(খ) ভাৰতত

(গ) ইংলেণ্ড

(ঘ) আমেৰিকাত

উত্তৰঃ-(ক) আয়াৰলেণ্ডত 


(xx) ইউনাইটেড বেংগল ষ্টোৰচ প্ৰতিষ্ঠা কৰিছিল— 

(ক) যোগেন্দ্ৰচন্দ্ৰ চৌধুৰীয়ে 

(খ) কৃষ্ণবিহাৰী সেনে 

(গ) সৰলা দেৱীয়ে 

(ঘ) আব্দুল হালিম গজনবিয়ে 

উত্তৰঃ-(ঘ) আব্দুল হালিম গজনবিয়ে 


(xxi) কলিকতা বিশ্ববিদ্যালয়ক গোলামখানা আখ্যা দিছিল—

(ক) হিতবাদী পত্রিকাই

(খ) দি ডন পত্রিকাই

(গ) সন্ধ্যা পত্রিকাই

(ঘ) যুগান্তৰ পত্ৰিকাই

উত্তৰঃ-(খ) দি ডন পত্রিকাই


3. ব্রিটিছক “নাইটহুড” উপাধি ঘূৰাই দিয়া ব্যক্তিজনৰ নাম কি? 

উত্তৰঃ- গোপালকৃষ্ণ গোখলে। 


4. বংগদেশৰ তিনিজন কৃতী সন্তানৰ নাম লিখা। 

উত্তৰঃ- (১) কবিগুৰু ৰবীন্দ্র নাথ ঠাকুৰ। 

(২) সুৰেন্দ্রনাথ বন্দ্যোপাধ্যায়। 

(৩) বিপিনচন্দ্র পাল। 


5. “স্বৰাজ আমাৰ জন্মস্বত্ব আৰু ই আমাৰ কাম্য” বুলি কোনে আৰু ক’ত কৈছিল? 

উত্তৰঃ- লোকমান্য বাল গংগাধৰ তিলকে স্বৰাজ লাভৰ হকে তেওঁৰ ‘কেশৰী’ নামৰ পত্রিকাত এই উক্তিটো কৈছিল। 


6. কোন চনত য়াণ্ডাবু সন্ধি সাক্ষৰিত হয়? 

উত্তৰঃ- ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত।


7. বংগদেশত ‘জাতীয় শিক্ষা পৰিষদ’ নামৰ অনুষ্ঠানটো কেতিয়া গঠন হৈছিল? 

উত্তৰঃ- ১৯০৬ চনৰ ১১ মার্চত বংগদেশত ‘জাতীয় শিক্ষা পৰিষদ’ নামৰ অনুষ্ঠানটো গঠন হৈছিল। 


8. কেতিয়া আৰু কাৰ পৌৰোহিত্যত প্রথম ভাৰতীয় উদ্যোগ সন্মিলন গঢ়ি উঠিছিল? 

উত্তৰঃ- ১৯০৫ চনৰ ১৭ ডিচেম্বৰত আৰ চি দত্তৰ পৌৰোহিত্যত প্রথম ভাৰতীয় উদ্যোগ সন্মিলন গঢ়ি উঠিছিল। 


9. কোনে আৰু কেতিয়া লৌহ শিল্প কাৰখানা গঢ়ি তুলিছিল? 

উত্তৰঃ- জামছেদজী টাটাই বিখ্যাত ‘লৌহ শিল্প কাৰখানা’ ১৯০৭ চনত গঢ়ি তুলিছিল। 


10. ১৯০৫ খ্রীষ্টাব্দৰ কোন তাৰিখে বংগ বিভাজন কার্যকৰী হৈছিল? 

উত্তৰঃ- ১৯০৫ খ্রীষ্টাব্দৰ ১৬ অক্টোবৰত বংগ বিভাজন কার্যকৰী হৈছিল। 


11. বিদেশী পণ্য বর্জনৰ প্ৰস্তাৱ কোনখন সভাত গ্রহণ কৰা হৈছিল?

উত্তৰঃ- কলিকতাৰ কাছিম বজাৰৰ টাউনহ’লত অনুষ্ঠিত হোৱা বিশাল সভাত বিদেশী পণ্য বর্জনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল। 


12. স্বদেশী আন্দোলনৰ সময়ছোৱাত ‘যুগান্তৰ’ নামৰ সংবাদপত্রখন সম্পাদনা কোনে কৰিছিল? 

উত্তৰঃ- ‘যুগান্তৰ’ নামৰ সংবাদপুত্ৰখন ভূপেন্দ্রনাথ দত্তই সম্পাদনা কৰিছিল। 


13. কাৰ কাৰ্যকালত ‘বংগ বিভাজন আঁচনিখন’ কার্যকৰী কৰা হৈছিল?  HSLC-2017

(ক) লর্ড মাউন্টবেটেন  (খ) লর্ড উইলিয়াম বেন্টিংক 

(গ) লর্ড ডেলহাউচী  (ঘ) লর্ড কার্জন 

উত্তৰঃ- (ঘ) লর্ড কার্জন। 


14. বংগ বিভাজনে সৃষ্টি কৰা ‘পূর্ববংগ আৰু অসম’ নামৰ প্রদেশখনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্রধান তিনিটা ভৌগোলিক সংমণ্ডল উল্লেখ কৰা।     HSLC-2017 

উত্তৰঃ- বংগ বিভাজনে সৃষ্টি কৰা ‘পূর্ববংগ আৰু অসম’ নামৰ প্রদেশখনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্রধান তিনিটা ভৌগোলিক সংমণ্ডল হ’ল— ঢাকা, চট্টগ্রাম আৰু ৰাজশাহী।  


15. ‘বেংগল কেমিকেলছ’ নামৰ উদ্যোগ প্রতিষ্ঠানটোৰ প্রধান উদ্যোক্তা কোন আছিল? 

উত্তৰঃ- ‘বেংগল কেমিকেলছ’ নামৰ উদ্যোগ প্রতিষ্ঠানটোৰ প্রধান উদ্যোক্তা আছিল– আচার্য প্রফুল্ল ৰায়। 


16. স্বদেশী আন্দোলনৰ সময়ত কিমানখন মাধ্যমিক আৰু জাতীয় বিদ্যালয় গঢ়ি উঠে? 

উত্তৰঃ- স্বদেশী আন্দোলনৰ সময়ত সৰ্বমুঠ ৬২খন মাধ্যমিক আৰু ৩,০০০ খন প্রাথমিক জাতীয় বিদ্যালয় গঢ়ি উঠে। 


17. বংগদেশৰ একত্ৰিকৰণ কেতিয়া হৈছিল? 

উত্তৰঃ- ১৯১১ চনত বংগদেশৰ একত্ৰিকৰণ হৈছিল।


18. ‘পূর্ব বংগ আৰু অসম’ নামৰ প্ৰদেশখনৰ ৰাজধানী ক’ত স্থাপন কৰা হৈছিল? 

উত্তৰঃ- ঢাকাত স্থাপন কৰা হৈছিল। 


19. বংগ বিভাজনৰ প্রতিবাদ সাব্যস্ত কৰি প্রথমে কোন কলেজে শ্রেণীকোঠা ত্যাগ কৰিছিল? 

উত্তৰঃ- ১৯০৫ চনৰ ১৮ জুলাইত ৰিপন কলেজৰ ছাত্ৰসকলে শ্ৰেণীকোঠা ত্যাগ কৰিছিল। 


20. কাৰ নেতৃত্বত “ছাত্র সংসদ” গঠন হৈছিল? 

উত্তৰঃ- সুৰেন্দ্রনাথ বন্দ্যোপাধ্যায়ৰ নেতৃত্বত। 


21. বংগ বিভাজনত লর্ড কার্জনক সহায় কৰা দুজন ইংৰাজ বিষয়াৰ নাম লিখা। 

উত্তৰঃ- (১) মধ্য প্রদেশৰ মুখ্য আয়ুক্ত এন্দ্রু ফ্রেজাৰ আৰু 

(২) অসমৰ মুখ্য আয়ুক্ত জন ব্যামফিল্ড ফুলাৰ। 


22. বংগ বিভাজন কোনগৰাকী ভাইচৰয়ৰ শাসনকালত সংঘটিত হৈছিল? স্বদেশী আন্দোলনটো কেইবছৰ চলিছিল আৰু কি কি দিশত এই আন্দোলনে প্ৰভাৱ পেলাইছিল? 

উত্তৰঃ- ভাইচৰয় লর্ড নেথানিয়েল কার্জনৰ শাসন কালত বংগ বিভাজন সংঘটিত হৈছিল।

স্বদেশী আন্দোলন ১৯০৫ চনৰ পৰা ১৯১১ চনলৈকে সাত বছৰ চলিছিল। এই আন্দোলনে ভাৰতৰ সমাজ, সাহিত্য, অর্থনীতি আৰু শিক্ষা আদি দিশত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাইছিল। 


23. লাল-বাল-পাল কোন কোন আছিল? 

উত্তৰঃ- লাল = লালা লাজপত ৰায়, 

বাল = বাল গঙ্গাধৰ তিলক, 

পাল = বিপিন চন্দ্র পাল আছিল।


24. স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত হোৱা তিনিখন নাটক আৰু তিনিখন গ্ৰন্থৰ নাম লিখা।উত্তৰঃ- স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত চাৰিখন নাটকৰ নাম হ’ল-

(১) পলাশীৰ প্রায়শ্চিত্ত 

(২) ছিৰাজদ্দৌলা আৰু 

(৩) মিৰকাছিম। 

তিনিখন গ্ৰন্থৰ নাম হ’ল— 

(১) জাপানী বীৰ 

(২) জয় সংগীত 

(৩) নব্য ভাৰত আৰু 

(৪) বংগলক্ষীৰ ব্রতকথা। 


25. স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্য বৃটিছ চৰকাৰে কি কি আন্দোলন বিৰোধী কার্যসূচী গ্রহণ কৰিছিল? HSLC-2017

উত্তৰঃ- স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্যে বৃটিছ চৰকাৰে কেইবাটাও আন্দোলন বিৰোধী কার্যসূচী গ্রহণ কৰিছিল। চৰকাৰে প্রতিবাদীলকলক আন্দোলনৰ পৰা আঁতৰি থাকিবলৈ আদেশ দিছিল আৰু চৰকাৰে নিজেও বিভিন্ন দমনমূলক ব্যৱস্থা হাতত লৈছিল। চৰকাৰে ছাত্রলকলক দমন কৰিবলৈ স্কুল কলেজ কর্তৃপক্ষলৈ টোকা জাননী জাৰি কৰিছিল। তথাপি ছাত্রসকল এই আন্দোলনৰ পৰা আঁতৰি নাহিল আৰু ‘বন্দে মাতৰম’ ধ্বনিৰে আকাশ-বতাহ নিনাদিত কৰি তুলিছিল। তেতিয়া বৃটিছ চৰকাৰে এই ‘বন্দে মাতৰম’ ধ্বনিকো বে-আইনী বুলি ঘোষণা কৰিছিল।


26. স্বদেশী আন্দোলনত মহিলাৰ ভূমিকা/অৱদানৰ বিষয়ে চমুকৈ বর্ণনা কৰা। HSLC- 2018, 2020 

উত্তৰঃ- সকলো ধৰণৰ সামাজিক বাধা অতিক্রম কৰি বংগদেশৰ মধ্যবিত্ত নগৰীয়া নাৰী সমাজে পুৰুষৰ লগতে সমানে সমানে স্বদেশী আন্দোলনত অংশ গ্রহণ কৰিছিল।

স্বদেশী আন্দোলনৰ অগ্রণী নাৰীসকলৰ ভিতৰত এগৰাকী আছিল সৰলা দেৱী চৌধুৰীণী। বিপ্লৱী ভাবাদর্শেৰে স্বদেশী আন্দোলনক আগুৱাই নিবলৈ তেওঁ মহাৰাষ্ট্রৰ শিৱাজী উৎসৱৰ অনুকৰণত বীৰষ্টমী ব্রত, প্রতাপাদিত্য উৎসৱ, উদয়াদিত্য উৎসৱ, ব্যায়াম সমিতি আদি উৎসৱ-অনুষ্ঠান বংগদেশৰ বিভিন্ন ঠাইত আয়োজন কৰি যুৱক-যুৱতীসকলক লাঠীখেল আৰু কুস্তিৰ প্রশিক্ষণ দিয়াইছিল। ‘ভাৰতী’ নামৰ পত্রিকা এখন সম্পাদনা কৰি বংগদেশৰ যুৱশক্তিক তেওঁ জাতীয় আন্দোলনত জঁপিয়াই পৰিবলৈ প্রস্তুত কৰি তুলিছিল।

নাৰী আৰু যুৱক-যুৱতীসকলৰ মাজত জাগৰণ সৃষ্টিত প্ৰচুৰ বৰঙনি যোগোৱা আন এগৰাকী নাৰী আছিল ভগিনী নিবেদিতা। কলিকতাত থকা সময়ত তেওঁ ইয়ংমেনছ হিন্দু ইউনিয়ন, বিবেকানন্দ ছ’চাইটি, ডন ছ’চাইটি আৰু অনুশীলন সমিতিৰ সৈতে প্রত্যক্ষভাৱে জড়িত হৈ নাৰী আৰু যুৱক-যুৱকীসকলক দেশীয় শিল্পৰ যোগেদি স্বনিৰ্ভৰশীল হ’বলৈ আহ্বান জনাইছিল। 


27. লর্ড কার্জনে ঘোষণা কৰা বংগভংগৰ চাৰিদফীয়া আঁচনিখনৰ প্রথম দফাৰ আঁচনিসমূহ কি কি আছিল?  HSLC- 2018

উত্তৰঃ- লর্ড কার্জনে ঘোষণা কৰা বংগভংগৰ চাৰিদফীয়া আঁচনিৰ প্রথম দফাৰ আঁচনিসমূহ হ’ল— 

(ক) ৰাজশাহী, ঢাকা আৰু চট্টগ্রাম সংমণ্ডলৰ সৈতে অসমসংলগ্ন নতুন প্রদেশখনৰ নাম ‘পূর্ব বংগ আৰু অসম’ হ’ব। 

(খ) ‘পূর্ব বংগ আৰু অসম’ প্রদেশৰ ৰাজধানী হ’ব ঢাকা। 

(গ) ‘পূর্ব বংগ আৰু অসম’ প্ৰদেশৰ শাসনৰ দায়িত্ব এজন লেফ্‌টেনেণ্ট গৱৰ্ণৰৰ হাতত অৰ্পণ কৰা হ’ব। 

(ঘ) অসমৰ ৰাজধানী শ্বিলঙৰ পৰা ঢাকালৈ স্থানান্তৰ হ’ব।


28. স্বদেশী আন্দোলন দুর্বল কৰাৰ বাবে বৃটিছ চৰকাৰে কি কি কর্মপন্থা লৈছিল? আন্দোলনৰ নেতাসকলৰ পৰা চৰকাৰে সঁহাৰি লাভ কৰিছিল নে? HSLC- 2019

উত্তৰঃ- স্বদেশী আন্দোলনে গোটেই ভাৰতবৰ্ষত গুৰুতৰ ৰূপ ধাৰণ কৰিছিল। সেয়েহে বৃটিছ চৰকাৰে এই আন্দোলন দমন কৰাৰ বাবে বিভিন্ন কর্মপন্থা লৈছিল। তলত এই বিষয়ে উল্লেখ কৰা হ’ল। 

(১) লর্ড কার্জনে উদাৰপন্থী কংগ্ৰেছ নেতাসকলক হাতৰ মুঠিত ৰখাৰ উদ্দেশ্যে তেওঁলোকৰ বহুতকে ব্রিটিছ চৰকাৰ আৰোপিত উপাধি, পদ আৰু পদক প্রদান কৰিছিল। ইয়াৰোপৰি উদাৰপন্থী কংগ্ৰেছ সদস্যক উচ্চ ন্যায়ালয়ৰ বিচাৰ পতিৰ পদ, বৃটিছ সংসদত সদস্য পদ, ভাইচৰয়ৰ পৰিষদৰ সদস্য পদ যাচি বংগ ভংগ পৰিকল্পনাত তেওঁলোক সমর্থন আশা কৰিছিল।

(২) বৃটিছ চৰকাৰে আন্দোলনটো মষিমূৰ কৰিবলৈ ছাত্র-ছাত্রীসকলক শাৰীৰিক শাস্তি বিহাৰ লগতে ৰাজহুৱা সভা-সমিতি বে-আইনী ঘোষণা কৰিছিল। তাৰোপৰি বংগদেশৰ পৰা প্রকাশিত ভালেমান আলোচনী আৰু আলোচনীৰ ওপৰত নিষেধাজ্ঞা জাপি দিয়া হৈছিল।

আন্দোলনৰ নেতাসকলৰ পৰা চৰকাৰে সঁহাৰি লাভ কৰা নাছিল। 


29. স্বদেশী আন্দোলনৰ তিনিটা অৱদান আলোচনা কৰা। 

উত্তৰঃ- স্বদেশী আন্দোলনৰ তিনিটা অৱদানৰ বিষয়ে তলত আলোচনা কৰা হ’ল-

(১) স্বদেশী আন্দোলনে ভাৰতবাসীক গণ-আন্দোলন সম্পর্কে এটা ৰাজনৈতিক শিক্ষা দি যাবলৈ সক্ষম হৈছিল। দেশৰ বেছিভাগ মানুহেই আন্দোলনত সমবেত হ’লে যে গণ-আন্দোলনত জয়যুক্ত হোৱাটো সুনিশ্চিত, সেই কথা ভাৰতীয়সকলে স্বদেশী আন্দোলনৰ যোগেদি আয়ত্ব কৰিব পাৰিছিল। 

(২) ভাৰতীয় জাতীয় কংগ্ৰেছে আৰম্ভণিৰে পৰা আবেদন-নিবেদনৰ মাজেৰে সহনশীল চিন্তাত বিশ্বাস ৰাখি বৃটিছ চৰকাৰৰ ওপৰত ভাৰতীয়ৰ উন্নতি আশা কৰিছিল। বংগ ভংগক কেন্দ্ৰ কৰি জাতীয় কংগ্ৰেছৰ চিন্তা-কর্মত পৰিৱর্তনৰ সূচনা হৈছিল। ‘একমাত্র গণ-সংগ্ৰামৰ যোগেদিহে উন্নতি সম্ভৱ’— এই ভাৱনা স্বদেশী আন্দোলনে জাতীয় কংগ্ৰেছক প্রদান কৰিছিল। 

(৩) স্বদেশী আন্দোলনৰ মাজেৰে ভাৰতবৰ্ষত সশস্ত্র বিপ্লৱৰ সূচনা হৈছিল। আগ্নেয়াস্ত্ৰৰে বিপ্লৱৰ পথ অনুসৰণ কৰি দেশক স্বাধীন কৰাৰ প্রৱণতা এচাম আন্দোলনকাৰীৰ মাজত গঢ়ি উঠিছিল।

30. কেতিয়া বংগভংগ কার্যকৰী হৈছিল? সেইদিনা বংগবাসীয়ে কি কৰিছিল? 

উত্তৰঃ- ১৯০৫ চনৰ ১৬ অক্টোবৰত বংগভংগ কার্যকৰী হৈছিল। সেইদিনা বংগবাসীয়ে “জাতীয় শোক দিৱস” পালন কৰছিল।

বংকিমচন্দ্র চট্টোপাধ্যায়ৰ ‘বন্দে মাতৰম’ গীতেৰে মুখৰিত কলিকতাৰ জনতাই দেশপ্রেমৰ শ্লোগান আৰু কবিতাৰে আকাশ-বতাহ কঁপাই তোলে। সেইদিনা আবেলি সমগ্র কলিকতাত বংগ ভংগৰ বিৰুদ্ধে হৰতাল পালন কৰা হয়। দোকান-পোহাৰ, বাছ-ট্রাম, অনুষ্ঠান-প্রতিষ্ঠান আদি বন্ধ হৈ পৰে। বংগদেশৰ জনতাই সেইদিনাৰ পৰা শোক দিৱস বছৰজোৰাকৈ পালন কৰে। 


31. সৰলা দেৱী চৌধুৰাণী কোন আছিল? তেওঁ কি প্রশিক্ষণ দিছিল? 

উত্তৰঃ- সৰলা দেৱী চৌধুৰাণী স্বদেশী আন্দোলনত অংশলোৱা অগ্রণী নাৰী আছিল।

তেওঁ লাঠীখেল আৰু কুস্তিৰ প্রশিক্ষণ দিছিল। তেওঁ ১৯০৭ চনত ‘ভাৰতী’ নামৰ পত্রিকা এখন সম্পাদনা কৰি বংগদেশৰ যুৱশক্তিক জাতীয় আন্দোলনত অংশ ল’বলৈ অনুপ্রাণিত কৰিছিল।


32. স্বদেশী আন্দোলনৰ সময়ছোৱাত বংগদেশৰ জাতীয় শিল্পৰ বিকাশ কেনেদৰে হৈছিল? HS-2018, 2020

উত্তৰঃ- স্বদেশী আন্দোলনৰ সময়ছোৱাত ভাৰতবৰ্ষৰ ব্যৱসায় আৰু জাতীয় শিল্পৰ ক্ষেত্ৰত এক নতুন যুগৰ সৃষ্টি হৈছিল। এই আন্দোলনৰ ফলত ভাৰতবাসীৰ মনত বিদেশী বস্তু বর্জন কৰি স্বদেশী বস্তু গ্ৰহণৰ মানসিকতা গঢ় লোৱাত জাতীয় শিল্পৰ বিকাশ হৈছিল। স্বদেশী পণ্যৰ চাহিদা বৃদ্ধি হোৱাৰ বাবে বিভিন্ন কুটিৰ শিল্প আৰু কেইবাটাও ডাঙৰ শিল্প প্রতিষ্ঠান গঢ়লৈ উঠিছিল। ক্ষুদ্র আৰু মজলীয়া তাঁত-শাল উদ্যোগ, সূতা কটা কল, চাবোন, চেনি, সৰিয়হৰ, তেল, বিস্কুট, জুইশলা আদি বহুতো কাৰখানা গঢ়ি উঠাৰ লগতে জাতীয় বেংক আৰু স্বদেশী বীমা কোম্পানী গঢ়ি উঠিছিল। ৰবীন্দ্রনাথ ঠাকুৰে প্রতিষ্ঠা কৰা স্বদেশী ভাণ্ডাৰ (১৮৯৭), স্বদেশী আন্দোলনৰ ফলস্বৰূপে এটা জাকতজিলিকা বস্ত্র প্রতিষ্ঠানত পৰিণত হৈছিল। স্বদেশী আন্দোলনৰ ভৰপক সময়ত কৃষ্ণবিহাৰী সেন আৰু যোগেশচন্দ্র চৌধুৰীৰ প্ৰচেষ্টাত কলিকতাৰ বউবজাৰত ‘ইণ্ডিয়ান ষ্টোৰ্‌ছ’ নামৰ প্রতিষ্ঠানটো গঢ়ি উঠিছিল। সকলো প্রকাৰৰ স্বদেশী সামগ্রী এই প্রতিষ্ঠানত বিক্ৰী কৰা হৈছিল। ঠাকুৰ পৰিয়ালৰ কন্যা সৰলা দেৱীয়ে কৰ্ণৱালিছ ষ্ট্রীটত (বর্তমান বিধান সৰণী) ‘লক্ষী ভাণ্ডাৰ’ প্রতিষ্ঠা কৰিছিল। আব্দুল হালিম গজনবিয়ে লাল বজাৰত ‘ইউনাইটেড বেংগল ষ্টোৰ্‌ছ’ প্রতিষ্ঠা কৰিছিল।

নীলৰতন চৰকাৰৰ উদ্যোগত ‘বংগলক্ষী কটন মিল’ আৰু আচার্য প্রফুল্ল ৰায়ে ‘বেংগল কেমিকেল্‌ছ’ নামৰ উদ্যোগ প্রতিষ্ঠানটো মুকলি কৰিছিল যাতে বংগবাসীৰ মনত আত্মশক্তি আৰু আত্মনির্ভশীলতাৰ বাতাৱৰণ গঢ়ি উঠে। জামছেদজী টাটাই বিখ্যাত লৌহ শিল্প কাৰখানা (১৯০৭) গঢ়ি তুলিছিল। বিদেশী বস্তু বৰ্জনৰ ফলত বিদেশী আমদানিকৃত পণ্যৰ পৰিমাণ ভাৰতবৰ্ষত উল্লেখনীয়ভাবে হ্রাস পাইছিল। বংগদেশৰ ৰাজনৈতিক আন্দোলনক কেন্দ্র কৰি ভাৰতবৰ্ষৰ বিভিন্ন প্রদেশত আধুনিক শিল্প উদ্যোগৰ বুনিয়াদ গঢ়ি উঠিছিল। 


33. বৃটিছৰ বংগ বিভাজনৰ তিনিটা অন্তর্নিহিত উদ্দেশ্য লিখা।

উত্তৰঃ- ভাইচৰয় লর্ড নেথানিয়েল কার্জনে শাসনৰ সুবিধাৰ বাবে বংগ প্ৰদেশৰ আয়তন সৰু কৰাৰ বাবে বংগবিভাজন কৰাৰ যুক্তি দিছিল যদিও ইয়াৰ অন্তর্নিহিত উদ্দেশ্য বেলেগ আছিল। 

তাৰে অন্তর্নিহিত তিনিটা উদ্দেশ্য হ’ল—

(১) হিন্দু-মুছলমানৰ মাজত একতা, ভাঙি তেওঁলোকৰ জাতীয় চেতনাৰ মনোভাৱ মষিমূৰ কৰাই বংগবিভাজনৰ অন্তর্নিহিত উদ্দেশ্য আছিল। 

(২) বংগ ভংগৰ যোগেদি লর্ড কার্জনে ভাৰতীয় জাতীয়তাবাদৰ প্রাণকেন্দ্র বংগ প্রদেশক দ্বিখণ্ডিত কৰি হিন্দু-বঙালী আৰু বুদ্ধিজীৱী সকলক দুয়োখন প্রদেশত (বংগ পদেশ, পূর্ব বংগ আৰু অসম) সংখ্যালঘুত পৰিণত কৰিব বিচাৰিছিল। 

(৩) বংগ ভংগৰ দ্বাৰা কাৰ্জনে ৰাজনৈতিক দিশত অনগ্ৰসৰ মুছলমানসকলক ইংৰাজ শাসনৰ প্রতি অনুগত কৰিব বিচাৰিছিল আৰু ভাৰতীয় সমাজত সাম্প্রদায়িকতাৰ গুটি সিঁচি দিয়াৰ পৰিকল্পনা লৈছিল। 


34. স্বদেশী আন্দোলনৰ তিনিটা ফলাফলৰ বিষয়ে লিখা।

উত্তৰঃ- স্বদেশী আন্দোলনৰ তিনিটা ফলাফল হ’ল— 

১। প্রায় সাতবছৰীয়া এই ৰাজনৈতিক আন্দোলনৰ ফলত ১৯১১ চনত ইংৰাজ চৰকাৰে বংগ বিভাজন বাতিল কৰি বংগ একত্রিতকৰণ কৰিবলৈ বাধ্য হয়। 

২। এই আন্দোলনৰ পটভূমিত বিভিন্ন সংবাদপত্র, আলোচনী, গ্রন্থ, গীত, নাটক আৰু প্ৰৱন্ধ আদি প্রকাশিত হৈছিল। সংবাদপত্র যেনে- সুৰেন্দ্রনাথ বন্দ্যোপাধ্যায় সম্পাদিত ‘বেংগলী’, ভূপেন্দ্রনাথ দত্তৰ ‘যুগান্তৰ’, অৰবিন্দ ঘোষৰ ‘বন্দে মাতৰম’ ইত্যাদি। স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত উল্লেখযোগ্য নাটকসমূহ আছিল ক্ষীৰোদ প্রসাদৰ ‘পলাশীৰ প্রায়শ্চিত্ত’, গিৰীশ ঘোষৰ ‘ছিৰাজউদ্দৌলা’ আৰু ‘মিৰ কাছিম’। স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি কবিগুৰু ৰবীন্দ্রনাথ ঠাকুৰে ৰচনা কৰা ২৩টি গীত ভাৰতীয় সংস্কৃতিৰ সম্পদ হৈ থাকিব। ‘আমাৰ সোণাৰ বাংলা আমি তোমোকে ভালবাসি’ শীর্ষক গীতটিয়ে পৰৱর্তী সময়ত স্বাধীন বাংলাদেশৰ (১৯৭২) ৰাষ্ট্রীয় সংগীতৰ মর্যাদা লাভ কৰিছিল। 

৩। স্বদেশী আন্দোলনে ভাৰতীয়সকলক শিল্প-কাৰখানা গঢ়ি তোলাৰ অনুকূল পৰিৱেশৰ সৃষ্টি কৰিছিল। স্বদেশী পণ্যৰ চাহিদা বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন কুটিৰ শিল্প আৰু কেইবাটাও ডাঙৰ শিল্প প্রতিষ্ঠান গঢ়ি উঠিছিল। সূতা কটা কল, সৰিয়হৰ তেল, ক্ষুদ্র আৰু মজলীয়া তাঁত-শাল উদ্যোগ, চাবোন, জুইশলা, চেনি বিস্কুট আদিৰ কাৰখানা গঢ়ি উঠিছিল। 


35. চমু টোকা লিখাঃ 

(ক) কবিগুৰু ৰবীন্দ্রনাথ ঠাকুৰ:- 

ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে জনতাৰ মাজত জনজাগৰণ গঢ়ি তুলিবলৈ সক্ষম হোৱা মহান ব্যক্তিসকলৰ ভিতৰত ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত ‘জণ গণ মন’ৰ স্ৰষ্টা ৰবীন্দ্রনাথ ঠাকুৰৰ নাম সদায় স্মৰণীয় হৈ আছে আৰু থাকিবও। তেখেতৰ ১৮৬১ চনৰ ৭ মে’ত জন্ম হয়। তেখেতে স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি হিন্দু-মুছলমানৰ মাজৰ সম্প্রীতি বিনষ্ট হোৱাৰ আশংকা কৰি লিখনি আৰু সভা-সমিতিৰ মাধ্যমেৰে জনতাৰ মাজত বংগ-বিভাজনৰ বিৰুদ্ধে প্রচাৰ কৰিছিল। কবিগুৰু ৰবীন্দ্রনাথ ঠাকুৰে স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি ২৩টি গীত ৰচনা কৰে। ‘আমাৰ সোনাৰ বাংলা আমি তোমাকে ভালবাসি’ শীর্ষক গীতটোৱে পৰৱৰ্তী সময়ত স্বাধীন বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীতৰ মর্যাদা লাভ কৰিছিল। ‘যদি তোৰ ডাক শুনে কেও না আসে তবে একলা চলো ৰে’ৰ দৰে তীব্র জাতীয় আৱেদনময়ী গীতে চিৰকালে জনপ্রিয়তা লাভ কৰি থাকিব। তেখেতৰ ৰচিত বিখ্যাত প্ৰৱন্ধ আছিল ‘ভাই ভাই এক ঠাই’। তেখেতে ‘গীতাঞ্জলী’ নামৰ কবিতা পুথিৰ বাবে নৱেল বঁটা লাভ কৰে (১৯১৩ চনত)। ১৯০৫ চনৰ ৬ আগষ্টত জাতীয় শিক্ষাৰ প্ৰয়োজনীয়তাৰ কথা উপলব্ধি কৰি ৰবীন্দ্রনাথ ঠাকুৰে “বংগ জাতীয় বিদ্যালয়” নামৰ জাতীয় শিক্ষানুষ্ঠানটো প্রতিষ্ঠা কৰে। ১৯৪১ চনৰ ৭ আগষ্টত এইজন মহান ব্যক্তিৰ মৃত্যু হয়। 


(খ) এলাহাবাদ সন্ধিঃ- মোগল সম্রাট শাহ আলম আৰু ৰবার্ট ক্লাইবৰ মাজত ১৭৬৫ খ্রীষ্টাব্দত এলাহাবাদ সন্ধি সম্পন্ন হৈছিল। এই সন্ধিৰ যোগেদি ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বংগৰ লগতে বিহাৰ আৰু উৰিষ্যাৰ ওপৰতো ৰাজনৈতিক কর্তৃত্ব লাভ কৰাৰ পিছত এই তিনিওটা অঞ্চল (বংগ, বিহাৰ, উৰিষ্যা) বংগ প্রদেশত অন্তর্ভুক্ত হৈছিল। 


(গ) ৰেগুলেটিং এক্টঃ- ১৭৭৩ খ্রীষ্টাব্দত ইংলেণ্ডৰ চৰকাৰে নিয়ন্ত্রণকাৰী আইন প্ৰৱৰ্তন কৰি বংগ প্রেছিডেন্সিৰ গৱৰ্ণৰ পদটো ‘গৱৰ্ণৰ জেনেৰেল’ পদলৈ উন্নীত কৰিছিল। এই ব্যৱস্থাটোৰ দ্বাৰা বোম্বাই আৰু মাদ্ৰাজৰ গৱৰ্ণৰ দুগৰাকীক ফর্ট উইলিয়ামৰ গৱৰ্ণৰ জেনেৰেলৰ তলতীয়া কৰা হৈছিল। ফর্ট উইলিয়ামৰ গৱৰ্ণৰ জেনেৰেলগৰাকীৰ শাসনৰ কর্তৃত্ব বিশাল হোৱাৰ পৰিপ্ৰেক্ষিতত বংগ প্রদেশ শাসনৰ দায়িত্ব এগৰাকী লেফটেনেণ্ট গৱৰ্ণৰৰ হাতত অর্পন কৰে যদিও উত্তৰ আৰু পূর্ব ভাৰতৰ বিশাল এলেকা আৱৰি ৰখা বংগ প্রদেশৰ সু-শাসন এজন লেফটেনেন্ট গৱৰ্ণৰৰ দ্বাৰা সম্ভৱ হৈ থকা নাছিল। 


(ঘ) মার্গাৰেট এলিজাবেথ নবোল (ভগিনী নিবেদিতা):- নাৰী আৰু যুৱক-যুৱতীসকলৰ মাজত জাগৰণ সৃষ্টিত প্ৰচুৰ বৰঙণি যোগোৱা আন এগৰাকী নাৰী আছিল ভগিনী নিবেদিতা। আয়াৰলেণ্ডত জন্মগ্রহণ কৰা এইগৰাকী মহীয়সী নাৰীৰ নাম আছিল মার্গাৰেট এলিজাবেথ নবোল। মানৱ প্রেম আৰু প্রকৃতিপ্রেমেই তেখেতৰ চৰিত্ৰৰ ভূষণ আছিল। ১৮৯৮ চনত নিৱেদিতাই ব্রহ্মচর্য ব্রত (মানুহৰ ইন্দ্রিয়সমূহ নিয়ন্ত্রণ কৰিবলৈ পালন কৰা ব্ৰত) লৈ “ভগিনী নিবেদিতা” নামেৰে জনাজাত হয়। দুখীয়া-নিছলা, অনাথ, অসহায় আৰু পীড়িত লোকৰ, কান্দোনে তেখেতৰ অন্তৰাত্মা কঁপাই তুলিছিল। চিকাগোত স্বামী বিবেকানন্দৰ মানৱবোধৰ সন্দৰ্ভত দিয়া ভাষণে তেখেতক আকৃষ্ট কৰিছিল। কলিকতাত থকা সময়ত তেওঁ ইয়ংমেন্‌ছ হিন্দু ইউনিয়ন, বিবেকানন্দ ছ’চাইটি, ডন ছ’চাইটি আৰু অনুশীলন সমিতিৰ সৈতে পৰোক্ষভাৱে জড়িত হৈ নাৰী আৰু যুৱক-যুৱতীসকলক দেশীয় শিল্পৰ দ্বাৰা স্বনিৰ্ভৰশীল হ’বলৈ আহ্বান জনাইছিল। তেখেতে জীৱনজোৰা উপার্জন নাৰী-শিক্ষা আৰু নাৰী কল্যাণৰ বাবে খৰচ কৰিবলৈ ইচ্ছা পত্ৰত লিখি থৈ যায়। স্বদেশী আন্দোলনত সক্রিয়ভাৱে অংশ গ্রহণ কৰা ভগিনী নিবেদিতাৰ জীৱনাৱসান বিশ্বৰ বাবে অপূৰণীয় ক্ষতি। 


(ঙ) নবাব ছলিমউল্লা:- লর্ড কার্জনে ১৯০৪ চনৰ ১৮ ফেব্ৰুৱাৰি তাৰিখে ঢাকাত অনুষ্ঠিত বিশাল জনসভাত পূর্ব বংগৰ ইছলাম ধর্মীয় জনগণক হিন্দুসকলৰ বিৰুদ্ধে মাৰবান্ধি থিয় হ’বলৈ আহ্বান জনাইছিল। ঢাকাৰ নবাব ছলিমউল্লা খানৰ যোগেদি পূর্ব বংগৰ মুছলমান জনতাক ওচৰ চপাই অনাৰ প্রচেষ্টা হাতত লৈছিল। এই উদ্দেশ্য আগত ৰাখি তেওঁ নবাবগৰাকীক ১৪ লাখ টকা অতি নগণ্য সুতৰ বিনিময়ত ধাৰলৈ দিছিল। ইছলাম ধর্মীয় ভূ-স্বামীসকলকো বিশেষ সা-সুবিধা দিয়াৰ প্রতিশ্রুতি প্রদান কৰিছিল। ভালেসংখ্যক মুছলমান নেতাই চৰকাৰৰ বংগ ভংগ পৰিকল্পনাক আদৰণি জনাইছিল। কার্জনৰ নীতিত বিশ্বাস ৰখা পূর্ব বংগৰ একাংশ নেতাই প্রস্তাৱিত ‘পূর্ব বংগ আৰু অসম’ নামৰ প্ৰদেশখনৰ যোগেদি মুছলমান ৰাইজৰ সকলো আশা পূর্ণ হ’ব বুলি ভাবিছিল। তেওঁলোকৰ মনত আত্মপ্রতিষ্ঠা লাভৰ বাসনা জাগ্ৰত হৈছিল। চৰকাৰে এইদৰে তেওঁলোকৰ মনত বিভেদকামী ৰাজনৈতিক চেতনা গঢ়ি তুলিছিল।

১৯০৬ চনৰ ৩০ ডিচেম্বৰ তাৰিখে ঢাকাৰ নবাব ছলিমউল্লা আহবান ক্রমে বংগদেশৰ একাংশ শিক্ষিত মুছলমান বৰমূৰীয়াই নবাব বিকৰউল মূলকৰ পৌৰোহিত্যত ঢাকা ৰাজদৰবাৰত আয়োজিত সভাত অংশগ্রহণ কৰিছিল। এই ঐতিহাসিক সভাতে ‘সর্বভাৰতীয় মুছলিম লীগ’ নামৰ ৰাজনৈতিক অনুষ্ঠানটোৰ জন্ম হৈছিল। 


36. বংগ বিভাজন কি আছিল? ইয়াৰ দুটা গুৰুত্বপূৰ্ণ ফলাফল উল্লেখ কৰা। HSLC-2020 বংগ বিভাজনবিৰোধী আন্দোলনে ‘স্বদেশী আন্দোলন’ নাম কিয় পাইছিল চমুকৈ লিখা। 

উত্তৰঃ- ১৯০৩ চনৰ ৬ ডিচেম্বৰ তাৰিখে বংগ দ্বিখণ্ডিত কৰাৰ প্রস্তাৱ উত্থাপিত হোৱাৰ পৰা ১৯০৫ চনৰ ১৯ জুলাই তাৰিখে বংগ বিভাজনৰ পৰিকল্পনাটো চৰকাৰীভাৱে প্রকাশ কৰালৈকে পূর্ব বংগ, উত্তৰ বংগ আৰু পশ্চিম বংগৰ বিভিন্ন ঠাইত অনুষ্ঠিত প্রতিবাদী সভাৰ যোগেদি প্রবল জনসংগ্ৰামৰ জোৱাৰ উঠিছিল।জাতি-বর্ণ নির্বিশেষে সকলো মানুহেই এই গণ সংগ্ৰামত জঁপিয়াই পৰিছিল। বংগচ্ছেদৰ পৰিণতি হিচাপে সংঘবদ্ধভাৱে বিদেশী বস্তু (বিদেশত প্ৰস্তুত কৰা পণ্য) বর্জন আৰু স্বদেশী বস্তু (নিজ দেশত ভাৰতীয়ৰ হাতেৰে প্ৰস্তুত কৰা) গ্ৰহণৰ সিদ্ধান্ত জনসভাত অনুমোদিত হোৱাৰ পিছত এই গণ আন্দোলন ‘স্বদেশী আন্দোলন’ নামে জনাজাত হয়।

বংগ বিভাজনৰ দুটা গুৰুত্বপূৰ্ণ ফলাফল হৈছে—

(১) বংগ ভংগৰ যোগেদি লর্ড কার্জনে ভাৰতীয় জাতীয়তাবাদৰ প্রাণকেন্দ্র বংগ প্রদেশক দ্বিখণ্ডিত কৰি হিন্দু-বঙালীসকলক দুয়োখন প্রদেশত (‘বংগ প্রদেশ’, ‘পূর্ব বংগ আৰু অসম’) সংখ্যালঘুত পৰিণত কৰিছিল। (২) বংগ ভংগৰ ফলশ্ৰুতিত অসমৰ ৰাজধানী শ্বিলঙৰপৰা ঢাকালৈ স্থানান্তৰিত হৈছিল। 


37. স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙণিৰ বিষয়ে আলোচনা কৰা। 

উত্তৰঃ- স্বদেশী আন্দোলনে কেৱল বিদেশী পণ্য বর্জনৰ মাজত সীমাবদ্ধ নাথাকি জাতীয় শিক্ষালৈকো যথেষ্ট বৰঙণি আগবঢ়াইছিল। সতীশচন্দ্র মুখোপাধ্যায়ে ৰবীন্দ্রনাথ ঠাকুৰ আৰু চাৰুদাস বন্দ্যোপাধ্যায়ে সহযোগত ‘ডন ছ’চাইটি’ নামৰ এটা জাতীয় অনুষ্ঠান গঢ় দি ছাত্র মহলৰ মাজত দেশাত্মবোধ জাগ্রত কৰাত ব্ৰতী হৈছিল। এই ছ’চাইটিয়ে কার্জনৰ বিশ্ববিদ্যালয় আইন কার্লাইল জাননীৰ সম্পূর্ণ বিৰুদ্ধাচৰণ কৰি জাতীয় শিক্ষা সক্রিয় ৰূপত গঢ়ি তোলাৰ আন্দোলন আৰম্ভ কৰিছিল। ১৯০৫ চনৰ ৫ আগষ্ট তাৰিখে ৰবীন্দ্রনাথ ঠাকুৰে কলিকতাৰ এখন জনসভাত জাতীয় শিক্ষাৰ প্রয়োজনীয়তা সম্পর্কে জ্ঞানগর্ভ বক্তৃতা দিছিল। পিছদিনা বিশাল জনতাৰ উপস্থিতিত তেওঁ ‘বংগ জাতীয় বিদ্যালয়’ নামৰ জাতীয় শিক্ষানুষ্ঠানটো প্রতিষ্ঠা কৰে। ৮ নৱেম্বৰত ৰংপুৰত দ্বিতীয় খন জাতীয় বিদ্যালয় স্থাপন হয়! চৰকাৰী বিদ্যালয় ত্যাগ কৰা ছাত্ৰৰ সংখ্যা ক্রমাৎ বৃদ্ধি পোৱাত বংগদেশৰ কেইবাখনো ঠাইত জাতীয় বিদ্যালয় গঢ়ি উঠিছিল। ৰাসবিহাৰী বসুৰ অধ্যক্ষতাত কলিকতাৰ টাউন হলত ১৯০৬ চনৰ ১১ মার্চ তাৰিখে অনুষ্ঠিত সভাত ‘জাতীয় শিক্ষা পৰিষদ’ নামৰ জাতীয় শিক্ষাৰ শীর্ষ অনুষ্ঠানটো গঠন হয়। সেই বছৰৰ ১৫ আগষ্ট তাৰিখে বংগ জাতীয় মহাবিদ্যালয় স্থাপন হয়। অৰবিন্দ ঘোষে মহাবিদ্যালয়ৰ অধ্যক্ষ পদ অলংকৃত কৰিছিল। একেটা বছৰতে ১২ ডিচেম্বৰত বংগ জাতীয় মহাবিদ্যালয়ক জাতীয় বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হয়।

স্বদেশী আন্দোলনৰ সময়খিনিত সৰ্বমুঠ ৬২খন মাধ্যমিক আৰু ৩,০০০ খন প্রাথমিক জাতীয় বিদ্যালয় গঢ়ি উঠে। খ্যাতনামা বেৰিষ্টাৰ তাৰকনাথ পালিতৰ অর্থসাহায্যত বেংগল টেকনিকেল ইন্‌ষ্টিটিউট নামৰ শিক্ষানুষ্ঠানটো গঢ়ি উঠিছিল। পিছলৈ উক্ত অনুষ্ঠানটোৱে যাদৱপুৰ বিশ্ববিদ্যালয় নামেৰে আত্মপ্রকাশ কৰিছিল। জাতীয় বিশ্ববিদ্যালয়ৰ আৰ্হিত পাটনাত ‘বিহাৰ বিদ্যাপীঠ’, মহাৰাষ্ট্ৰত ‘সমৰ্থ বিদ্যালয়’ আৰু গুজৰাটত ‘গুজৰাট বিদ্যালয়’ প্রতিষ্ঠা কৰা হৈছিল।


Dr. Ratanlal Brahma, M.A., B.Ed., M.Phil., Ph.D.
Post Graduate Teacher (Political Science)
H.N.Seminary Model HS School, Bagribari, Dhubri, Assam
Email : brahmaratan@gmail.com
Whatsapp no. : 7020477396

Leave a comment

Trending