সমাজ বিজ্ঞান (প্রথম খণ্ড)
(ইতিহাস) অধ্যায় ২
মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্রাম
Rise of Gandhi and Freedom Movement of India
SEBA Class 10 Social Science – History Part Chapter 2
1. শুদ্ধ উত্তৰটো বাছি উলিওৱা :
(i) ব্ৰিটিছ সংসদে কেতিয়া ভাৰত স্বাধীন আইনৰ অনুমোদন জনাইছিল? hslc-2022
(ক) ফেব্ৰুৱাৰী, ১৯৪৭
(খ) জুন, ১৯৪৭
(গ) জুলাই, ১৯৪৭
(ঘ) মার্চ, ১৯৪৭
উত্তৰঃ-(গ) জুলাই, ১৯৪৭
(ii) ব্ৰিটিছ চৰকাৰে কেতিয়া ভাৰতলৈ ‘কেবিনেট মিছন’ পঠিয়াইছিল? hslc-2022
(ক) ১৯৩৫ চনৰ আগষ্ট মাহত
(খ) ১৯৪৫ চনৰ জুলাই মাহত
(গ) ১৯৪৬ চনৰ মাৰ্চ মাহত
(ঘ) ১৯৪৭ চনৰ আগষ্ট মাহত
উত্তৰঃ-(গ) ১৯৪৬ চনৰ মাৰ্চ মাহত
(iii) ৰাওলাট আইন প্ৰণয়ন কৰা হৈছিল— hslc-2023
(a) 1916
(b) 1917
(c) 1918
(d) 1919
উত্তৰঃ- (d) 1919
(iv) ১৯৩২ চনত সাম্প্ৰদায়িক বাটোৱাৰা ঘোষণা কৰা বৃটিছ প্রধানমন্ত্রীজন আছিল- hslc-2019
(ক) ক্লিমেন্ট এটুলি
(খ) উইনষ্টন চার্চিল।
(গ) ৰামছে মেকডোনাল্ড
(ঘ) থেৰেচা মেই
উত্তৰঃ-(গ) ৰামছে মেকডোনাল্ড
(v) কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে ‘কৰিম কিম্বা মৰিম’ শ্লোগানটো দিছিল? hslc-2018
(ক) আইন অমান্য আন্দোলনত
(খ) অসহযোগ আন্দোলনত
(গ) ভাৰত ত্যাগ আন্দোলনত
(ঘ) খিলাফৎ আন্দোলনত
উত্তৰঃ-(গ) ভাৰত ত্যাগ আন্দোলনত
(vi) সাম্প্রদায়িক বাটোৱাৰা হৈছিল-
(ক) ১৯৩০ চনত
(খ) ১৯৩২ চনত
(গ) ১৯৩৩ চনত
(ঘ) ১৯২৯ চনত
উত্তৰঃ-(খ) ১৯৩২ চনত
(vii) মহাত্মাগান্ধীয়ে “কৰিম কিম্বা মৰিম” শ্লোগানটো দিছিল-
(ক) অসহযোগ আন্দোলনত
(খ) খিলাফৎ আন্দোলনত
(গ) আইন অমান্য আন্দোলনত
(ঘ) ভাৰত ত্যাগ আন্দোলনত
উত্তৰঃ-(ঘ) ভাৰত ত্যাগ আন্দোলনত
(viii) সত্যাগ্রহ শব্দটো প্ৰথমে ব্যৱহাৰ কৰিছিল—
(ক) সুভাষ চন্দ্ৰ বসুৱে
(খ) মৌলানা চৌকত আলিয়ে
(গ) জৱাহৰলাল নেহৰুৱে
(ঘ) মহাত্মা গান্ধীয়ে
উত্তৰঃ-(ঘ) মহাত্মা গান্ধীয়ে
(ix) মহাত্মা গান্ধীয়ে সত্যাগ্রহ নীতি পোন প্রথমে প্রয়োগ কৰিছিল—
(ক) দক্ষিণ আফ্ৰিকাৰ বৰ্ণবাদ বিৰোধী আন্দোলন (১৮৯৩)
(খ) চম্পাৰণৰ কৃষক আন্দোলনত
(গ) খেড়াৰ কৃষক আন্দোলনত
(ঘ) ১৯৯৯ চনৰ সত্যাগ্রহ আন্দোলনত
উত্তৰঃ-(ক) দক্ষিণ আফ্ৰিকাৰ বৰ্ণবাদ বিৰোধী আন্দোলন (১৮৯৩)
(x) প্রথম বিশ্বযুদ্ধ কেতিয়া আৰম্ভ হৈছিল—
(ক) ১৯৩৯ চনত
(খ) ১৯১২ চনত
(গ) ১৯১৪ চনত
(ঘ) ১৯১৮ চনত
উত্তৰঃ-(গ) ১৯১৪ চনত
(xi) ৰুছ বিপ্লৱ কিমান চনত হৈছিল—
(ক) ১৯২০ চনত
(খ) ১৯১৭ চনত
(গ) ১৯১৪ চনত
(ঘ) ১৯১৫ চনত
উত্তৰঃ-(খ) ১৯১৭ চনত
(xii) মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত বর্ণবাদৰ বিৰুদ্ধে ভাৰতীয়সকলৰ আন্দোলন আৰম্ভ কৰিছিল—
(ক) ১৮৯৩ চনত
(খ) ১৮৯২৭ চনত
(গ) ১৮৯৪ চনত
(ঘ) ১৮৯৩ চনত
উত্তৰঃ-(ঘ) ১৮৯৩ চনত
(xiii) মুছলমানৰ বাবে পৃথক গৃহভূমিৰ দাবী উত্থাপন কৰিছিল—
(ক) লিয়াকত আলিয়ে
(খ) ছালিম উল্লাই
(গ) মহম্মদ আলি জিন্নাই
(ঘ) আব্দুল গফুৰ খানে
উত্তৰঃ-(গ) মহম্মদ আলি জিন্নাই
(xiv) কোনগৰাকী ভাইচৰয়ৰ কাৰ্যকালত ভাৰতে স্বাধীনতা লাভ কৰে—
(ক) লর্ড কার্জনৰ কাৰ্যকালত
(খ) লর্ড কেনিঙৰ কাৰ্যকালত
(গ) লর্ড হেষ্টিংছৰ কাৰ্যকালত
(ঘ) লর্ড মাউন্টবেটেনৰ কাৰ্যকালত
উত্তৰঃ-(ঘ) লর্ড মাউন্টবেটেনৰ কাৰ্যকালত
(xv) চৌৰিচৌৰা সংঘৰ্ষ কেতিয়া সংঘটিত হৈছিল?
(a) ৫ ফেব্ৰুৱাৰী, ১৯২২
(c) ৮ আগষ্ট, ১৯৪২
(b) ৩১ জানুৱাৰী, ১৯৩০
(d) ৬ এপ্রিল, ১৯১৯
উত্তৰঃ-(a) ৫ ফেব্ৰুৱাৰী, ১৯২২
2. অতি চমু প্রশ্নোত্তৰ :
(i) ১৯৩১ চনৰ দ্বিতীয় ঘূৰণীয়া মেজমেলত অংশ লোৱা কংগ্ৰেছৰ প্ৰতিনিধিজনৰ নাম লিখা। hslc-2023
উত্তৰঃ- মহাত্মা গান্ধী।
(ii) চৌৰীচৌৰাৰ ঘটনা কেতিয়া সংঘটিত হৈছিল? HSLC-2020
উত্তৰঃ- ১৯২২ চনৰ ৫ ফেব্ৰুৱাৰীত চৌৰীচৌৰাৰ ঘটনা সংঘটিত হৈছিল।
(iii) চৌৰিচৌৰাৰ ঘটনাত কিমানজন পুলিচক হত্যা কৰা হৈছিল?
উত্তৰঃ- চৌৰিচৌৰাৰ ঘটনাত ২২জন পুলিচক হত্যা কৰা হৈছিল।
(iv) কেতিয়া ৰুচ বিপ্লৱ হৈছিল?
উত্তৰঃ- ১৯১৭ চনত।
(v) সত্যাগ্রহৰ কৌশল গান্ধীয়ে কোন দেশত পোনপ্ৰথমতে প্রয়োগ কৰিছিল?
উত্তৰঃ- সত্যাগ্রহৰ কৌশল গান্ধীয়ে পোনপ্ৰথমতে দক্ষিণ আফ্রিকাত প্রয়োগ কৰিছিল।
(vi) ‘মোক তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম’ উক্তিটো কাৰ আছিল?
উত্তৰঃ- সুভাষ চন্দ্র বসুৰ।
(vii) মহাত্মা গান্ধীৰ কেতিয়া জন্ম হৈছিল?
উত্তৰঃ- ১৮৬৯ চনৰ ২ অক্টোবৰত মহাত্মা গান্ধীৰ জন্ম হৈছিল।
(viii) ৰবীন্দ্রনাথ ঠাকুৰে কিয় ‘নাইট’ উপাধি ত্যাগ কৰিছিল?
উত্তৰঃ- জালিৱানৱালাবাগ হত্যাকাণ্ডৰ প্ৰতিবাদত ৰবীন্দ্রনাথ ঠাকুৰে ‘নাইট’ উপাধি ত্যাগ কৰিছিল।
(ix) সীমান্ত গান্ধী নামেৰে কাক জনা যায়?
উত্তৰঃ- খান আব্দুল গফুৰ খানক সীমান্ত গান্ধী নামেৰে জনা যায়।
10. কাৰ কাৰ নেতৃত্বত ভাৰতত খিলাফৎ আন্দোলনৰ সূচনা হৈছিল?
উত্তৰঃ- মৌলানা চৌকত আলি আৰু মহম্মদ আলিৰ নেতৃত্বত ভাৰতত খিলাফৎ আন্দোলনৰ সূচনা হৈছিল।
11. ছাইমন কমিছন কেতিয়া আৰু কাৰ নেতৃত্বত হৈছিল?
উত্তৰঃ- ১৯২৮ চনত ছাৰ জন ছাইমনৰ নেতৃত্বত হৈছিল।
12. ১৯১৭ চনত হোৱা ৰুছ বিপ্লৱে কি প্রমাণ কৰিলে?
উত্তৰঃ- ১৯১৭ চনত হোৱা ৰুছ বিপ্লৱে সাধাৰণ মানুহৰ মাজত অসীম বল আৰু শক্তি লুকাই থাকে বুলি প্রমাণ কৰিলে।
13. কোনচনত আৰু ক’ৰপৰা মহাত্মা গান্ধীয়ে ব্যৰিষ্টাৰ উপাধি লৈছিল?
উত্তৰঃ- ১৮৮৮ চনত গান্ধীয়ে আইন অধ্যয়ন কৰিবলৈ লণ্ডনলৈ গৈছিল আৰু ১৮৯১ চনত ব্যাৰিষ্টাৰ উপাধি লৈছিল।
14. গান্ধীজীয়ে দক্ষিণ আফ্রিকাত কি ৰাজনৈতিক সংগঠন গঢ়ি তোলে?
উত্তৰঃ- নাটাল ইণ্ডিয়ান কংগ্রেছ।
15. সত্যাগ্রহ শব্দটো প্রথমে কোনে আৰু ক’ত ব্যৱহাৰ কৰিছিল?
উত্তৰঃ- সত্যাগ্রহ শব্দটো মহাত্মা গান্ধীয়ে প্রথমে দক্ষিণ আফ্রিকাত ব্যৱহাৰ কৰিছিল।
16. মহাত্মা গান্ধীক কেতিয়া আৰু কোনে হত্যা কৰে?
উত্তৰঃ- মহাত্মা গান্ধীক ১৯৪৮ চনত নাথুৰাম গড্চে হত্যা কৰে।
17. কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে ‘কৰিম কিম্বা মৰিম’ শ্লোগান দিছিল?
উত্তৰঃ- ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত গান্ধীজীয়ে ‘কৰিম কিম্বা মৰিম’ শ্লোগান দিছিল।
18. প্রথম বিশ্বযুদ্ধ কেতিয়া হৈছিল?
উত্তৰঃ- প্রথম বিশ্বযুদ্ধ ১৯১৪ চনত হৈছিল।
19. আজাদ হিন্দ ফৌজৰ প্রতিষ্ঠাতা কোন?
উত্তৰঃ- নেতাজী সুভাষ চন্দ্র বসু।
20. ‘মোক তেজ দিয়া, মই তোমালোকক স্বাধীনতা দিম’ এই বিখ্যাত বাণীটো কোন ভাৰতীয় নেতাৰ আছিল?
উত্তৰঃ- ‘মোক তেজ দিয়া, মই তোমালোকক স্বাধীনতা দিম’ এই বিখ্যাত বাণীটো আছিল সুভাষ চন্দ্র বসুৰ।
21. ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখাক কি নামেৰে জনা যায়?
উত্তৰঃ- ৰেডক্লিফ ৰেখা নামেৰে জনা যায়।
22. লণ্ডনত অনুষ্ঠিত হোৱা দ্বিতীয় ঘূৰণীয়া মেজমেলত কোনে কংগ্ৰেছক এককভাবে প্রতিনিধিত্ব কৰিছিল?
উত্তৰঃ- লণ্ডনত অনুষ্ঠিত হোৱা দ্বিতীয় ঘূৰণীয়া মেজমেলত মহাত্মা গান্ধীয়ে প্রতিনিধিত্ব কৰিছিল।
23. কেতিয়া আৰু কাৰ নেতৃত্বত জালিৱানৱালাবাগৰ হত্যাকাণ্ড হৈছিল?
উত্তৰঃ- ১৯১৯ চনৰ ১৩ এপ্রিলত জেনেৰেল ডায়াৰৰ নেতৃত্বত জালিৱানৱালাবাগ হত্যাকাণ্ড হৈছিল।
24. কেতিয়া আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিবেশনত ভাৰতীয় সকলৰ মূল দাবী হিচাপে পূর্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল? HSLC-2017
উত্তৰঃ- ১৯২৯ চনত লাহোৰত জৱাহৰলাল নেহৰুৰ সভাপতিত্বত বহা কংগ্ৰেছৰ অধিৱেশনত ভাৰতীয় সকলৰ মূল দাবী হিচাপে পূর্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল।
25. গান্ধী আৰউইন চুক্তি কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল? এই চুক্তিৰ এটা পৰিণতি উল্লেখ কৰা। HSLC-2020
উত্তৰঃ- ১৯৩১ চনৰ ৫ মার্চত ভাৰতৰ ভাইৰয় লর্ড আৰউইন আৰু মহাত্মা গান্ধীৰ মাজত হৈছিল।
এই চুক্তিৰ চৰ্তমতে আইন অমান্য আন্দোলনৰ কার্যসূচী প্রত্যাহাৰ কৰা হয়।
26. মহাত্মা গান্ধীয়ে তেওঁৰ অনুগামীসকলৰ সৈতে কিমানদিনৰ পিছত দাণ্ডিত উপস্থিত হৈছিল?
উত্তৰঃ- একেৰাহে ২৫ দিনৰ যাত্ৰা কৰি প্রায় ৩৮৫ কিঃমিঃ দূৰত্ব অতিক্রম কৰাৰ পিছত মহাত্মা গান্ধী দাণ্ডিত উপস্থিত হৈছিল।
27. কেনে পৰিস্থিতিত লালা লাজপত ৰায়ৰ মৃত্যু হৈছিল?
উত্তৰঃ- লাহোৰত লালা লাজপত ৰায়ৰ নেতৃত্বত হোৱা এটা ছাইমন বিৰোধী সমদলৰ ওপৰত পুলিছে নির্দয়ভাবে লাঠি চালনা কৰাত তেওঁ বেয়াকৈ আহত হয় আৰু তাৰ ফলতেই লালা লাজপাত ৰায়ে মৃত্যুবৰণ কৰে।
28. গান্ধীজীয়ে কেতিয়া সবৰমতী আশ্রমৰ পৰা সাগৰৰ পাৰৰ দাণ্ডিলৈ লোণ আইন ভংগ কৰিবলৈ যাত্রা কৰিছিল? সবৰমতী আশ্ৰম আৰু সাগৰ পাৰৰ দাণ্ডিৰ দূৰত্ব কিমান? HS-2019
উত্তৰঃ- গান্ধীজীয়ে ১৯৩০ চনৰ ১২ মার্চত সবৰমতী আশ্ৰমৰ পৰা সাগৰৰ পাৰৰ দাণ্ডিলৈ লোণ আইন ভংগ কৰিবলৈ যাত্ৰা কৰিছিল।
সবৰমতী আশ্ৰম আৰু সাগৰৰ পাৰৰ দাণ্ডিৰ দূৰত্ব ৩৮৫ কিলোমিটাৰ।
29. ১৯৩১ চনৰ গান্ধী আৰউইন চুক্তিৰ দুটা চৰ্ত লিখা। HSLC-2018
উত্তৰঃ- (১) চৰকাৰে হিংসাত্মক ঘটনাৰ বাবে দোষী সাব্যস্ত নোহোৱা সকলো বন্দীক মুকলি কৰি দিব লগতে অসংগ্রহীত জৰিমনা মাফ কৰিব।
(২) চৰকাৰে সাগৰৰ পাৰৰ গাওঁবাসীক প্রয়োজনীয় নিমখ তৈয়াৰ কৰাৰ অনুমতি দিব।
20. ১৯৩১ চনৰ গান্ধী-আৰউইন চুক্তিৰ দুটা চৰ্ত লিখা। HSLC-2018
উত্তৰঃ- ১৯৩১ চনৰ গান্ধী-আৰউইন চুক্তিৰ দুটা চর্ত হ’ল-
(ক) চৰকাৰে হিংসাত্মক ঘটনাৰ বাবে দোষী সাব্যস্ত নোহোৱা সকলো বন্দীক মুকলি কৰি দিয়াৰ সিদ্ধান্ত লোৱাৰ লগতে অসংগৃহীত জৰিমনা মাফ কৰা।
(খ) সাগৰ পাৰৰ গাঁওবাসীক প্রয়োজনীয় নিমখখিনি তৈয়াৰ কৰাৰ অনুমতি প্রদান কৰা।
31. কেতিয়া আৰু কিয় অসহযোগ আন্দোলন হৈছিল? এই আন্দোনলৰ মুখ্য লক্ষ কি আছিল?
উত্তৰঃ- ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত ১৯২০ চনত মহাত্মা গান্ধীৰ নেতৃত্বত অসহযোগ আন্দোলন আৰম্ভ হৈছিল। গান্ধীৰ সবল নেতৃত্বত এই আন্দোলনে অহিংসা পথেৰে ব্রিটিছ শাসনৰপৰা ভাৰতবৰ্ষক মুক্ত কৰিবলৈ দৃঢ় প্রতিজ্ঞ হৈছিল।
এই আন্দোলনৰ মুখ্য লক্ষ আছিল– ভাৰতবৰ্ষৰ মর্যাদা আৰু অখণ্ডতা শান্তিপূর্ণভাৱে অটুত ৰখা।
32. ১৯৩০ চনৰ ৩১ জানুৱাৰী তাৰিখে মহাত্মা গান্ধীয়ে লর্ড আৰউইনলৈ প্ৰেৰণ কৰা পত্ৰখনত থকা দাবী পাঁচটা লিখা।
উত্তৰঃ- ১৯৩০ চনৰ ৩১ জানুৱাৰী তাৰিখে মহাত্মা গান্ধীয়ে লর্ড আৰউইনলৈ প্ৰেৰণ কৰা পত্ৰখনত থকা দাবী পাঁচটা আছিল—
১) মাদক দ্রব্যৰ প্ৰচলন বন্ধ
২) টকা আৰু ষ্টার্লিঙৰ অনুপাত সলনি
৩) মাটিৰ খাজনাৰ পৰিমাণ কম কৰা
৪) লোণ কৰ বন্ধ কৰা আৰু
৫) প্রশাসনীয় ব্যয় সংকোচন কৰা।
33. ৰাওলাট আইনৰ বিষয়ে লিখা।
উত্তৰঃ- ১৯১৭ চনত ভাৰতৰ গৱৰ্ণৰ জেনেৰেল লর্ড ছেমছফোর্ডে ন্যায়াধীশ চিডনি ৰাওলাটৰ অধ্যক্ষতাত বিদ্রোহী কার্যকলাপৰ প্রকৃতি আৰু পৰিসৰৰ বিষয়ে অনুসন্ধান কৰিবলৈ এখন আয়োগ গঠন কৰি দিছিল। প্রয়োজন সাপেক্ষে বিধান পালিকাক এই ক্ষেত্ৰত যথাযথ ব্যৱস্থা গ্ৰহণ কৰাৰ পৰামর্শ দিবলৈও আয়োগক নির্দেশ দিয়া হৈছিল। এই আয়োগৰ পৰামর্শ মতে, চৰকাৰে ১৯১৯ চনত ৰাওলাট আইন প্রণয়ন কৰিছিল। উক্ত আইনখনে যিকোনো এজন মানুহকে বিনাবিচাৰে কাৰাগাৰত নিক্ষেপ কৰিবলৈ চৰকাৰক অধিকাৰ প্ৰদান কৰিছিল। এই আইনখনে ভাৰতীয়সকলৰ মাজত ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি কৰিছিল।
34. ভাৰত স্বাধীন আইন কোনে আৰু কেতিয়া অনুমোদন কৰে? এই আইনৰ দফাকেইটা লিখা।
উত্তৰঃ- ১৯৪৭ চনৰ জুলাই মাহত ব্রিটিছ সংসদে ভাৰত স্বাধীন আইন অনুমাদন কৰে।
এই আন্দোলনৰ দফাকেইটা হ’ল-
(১) ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰত আৰু পাকিস্তানে স্বাধীনতা লাভ কৰিব।
(২) ভাৰত আৰু পাকিস্তান নায়েৰে দুখন স্ব-শাসিত দেশ গঠন কৰা হ’ব আৰু উক্ত দেশ দুখনৰ সংবিধান সভাই ব্রিটিছ কমনৱেল্থত দেশদুখনে যোগ দিব নে নিদিয়ে নিজাৱবীয়াকৈ সিদ্ধান্ত ল’ব।
(৩) প্রতিখন স্ব-শাসিত দেশতে একোজনকৈ গৱৰ্ণৰ জেনেৰেল ইংলেণ্ডৰ ৰজাই নিযুক্তি দিব।
(৪) দুয়োখন দেশৰ বিধানমণ্ডলে সম্পূর্ণ নিজাববীয়াকৈ আইন প্রণয়নৰ অধিকাৰ লাভ কৰিব।
35. ভাৰতত খিলাফৎ আন্দোলন কিয় আৰম্ভ হৈছিল?
উত্তৰঃ- প্রথম বিশ্বযুদ্ধত তুকীসকলৰ পৰাজয়ৰ ফলস্বৰূপে, খলিফাৰ গুৰুত্ব একেবাৰে কমি গৈছিল। মুছলমানসকলে তুৰস্কৰ সন্ত্রাটক খলিফা বা আধ্যাত্মিক গুৰু হিচাপে মানিছিল। কিন্তু খলিফাই নিজৰ সাম্রাজ্যৰে পৱিত্র ঠাইবোৰৰ ওপৰত অধিকাৰ হেৰুৱাত মুছলমানসকল উত্তেজিত হৈ পৰিছিল। ভাৰতীয় মুছলমানসকলে খলিফাৰ দুর্ভাগ্যত শংকিত হৈ পৰিছিল আৰু মৌলানা চৌকত আলি আৰু মহম্মদ আলিৰ নেতৃত্বত এখন খিলাফৎ সমিতি গঠন কৰিছিল। এই সমিতিৰ উদ্দেশ্য আছিল ইছলামৰ আধ্যাত্মিক গুৰু খলিফাক পূর্বৰ মর্যাদালৈ ঘূৰাই অনা। গান্ধীজীয়ে ৰাষ্ট্ৰীয় স্বার্থত ভাৰতীয় হিন্দু আৰু মুছলমানক ঐক্যবদ্ধ কৰিবলৈ ইয়াক এটা সুযোগ হিচাপে গ্রহণ কৰি খিলাফৎ আন্দোলনলৈ মুকলি সমর্থন জনোৱাৰ সিদ্ধান্ত গ্রহণ কৰিছিল। মহাত্মা গান্ধী, মতিলাল নেহৰু, মদনমোহন আদি নেতায়ো খিলাফৎ সমিতিক ৰাষ্ট্ৰীয় স্বার্থত পূর্ণ সমর্থন আগবঢ়াইছিল।
36. অসহযোগ আন্দোলনৰ দুটা ইতিবাচক আৰু দুটা নেতিবাচক দিশ লিখা।
উত্তৰঃ- অসহযোগ আন্দোলনৰ দুটা ইতিবাচক দিশ হ’ল-
(১) অসহযোগ আন্দোলনৰ ফলত হাতেৰে সূতা কটা আৰু তাঁতবোৱা শিল্পৰ উন্নতিৰ জৰিয়তে স্বদেশী আন্দোলন এটা গঢ়ি উঠিছিল।
(২) হিন্দুসকলৰ মাজত প্ৰচলিত অস্পৃশ্য দূৰীকৰণৰ প্রচেষ্টা, হিন্দু-মুছলমানৰ ঐক্য সাধন, মাদকদ্রব্য নিবাৰণ আদি কিছুমান সামাজিক উৎকর্ষ সাধন অসহযোগ আন্দোলনৰ অৱদান বুলি ক’ব পাৰি।
অসহযোগ আন্দোলনৰ দুটা নেতিবাচক দিশ হ’ল-
(১) বিধান মণ্ডল, আদালত আৰু চৰকাৰী শিক্ষানুষ্ঠান বর্জন কৰা।
(২) ব্রিটিচ চৰকাৰৰ পৰা পোৱা নানা বঁটা-বাহন আৰু উপাধি পৰিত্যাগ কৰা।
37. “সত্যাগ্রহ” বুলিলে কি বুজা? যি তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীজীয়ে সত্যাগ্রহক প্ৰথমতে প্রয়োগ কৰিছিল সেই তিনিটাৰ বিষয়ে সংক্ষিপ্ত বিৱৰণ দিয়া।
উত্তৰঃ- ‘সত্যাগ্রহ’ শব্দটো ‘সত্য আৰু ‘আগ্রহ’ শব্দ দুটা লগলাগি সৃষ্টি হৈছে, যাৰ অৰ্থ হৈছে ‘সত্যৰ প্রতি আগ্রহ অর্থাৎ সত্যনিষ্ঠ হৈ কাম কৰা।’
যি তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীজীয়ে সত্যাগ্রহক প্ৰথমতে প্রয়োগ কৰিছিল, সেই তিনিটাৰ বিষয়ে তলত উল্লেখ কৰা হ’ল—
(১) চম্পাৰণঃ- চম্পাৰণত গান্ধীজীয়ে ভূ-স্বামীসকলৰ বিপক্ষে সাধাৰণ কৃষকসকলক নেতৃত্ব প্রদান কৰিছিল।
(২) খেড়াঃ- খেড়াত কৃষকসকলৰ খেতি নষ্ট হোৱাৰ পিছতো চৰকাৰে আৰোপ কৰা অত্যধিক ৰাজহৰ বিপক্ষে মাত মাতিছিল।
(৩) আহমেদাবাদঃ- আহমেদাবাদত বঞ্চিত মিল শ্ৰমিকসকলৰ হৈ মিলৰ মালিকসকলৰ বিপক্ষে গান্ধীজীয়ে থিয় দিছিল।
38. অসহযোগ আন্দোলনত অৰিহণা যোগোৱা বিভিন্ন কাৰকৰ নাম লিখা।
উত্তৰঃ- অসহযোগ আন্দোলনত অৰিহণা যোগোৱা বিভিন্ন কাৰকবোৰ হ’ল—
(১) প্রথম বিশ্বযুদ্ধত ভাৰতীয়সকলৰ অসন্তুষ্টি; কিয়নো ইয়াৰ ফলত ভাৰতৰ অর্থনীতি আৰু ইয়াৰ মানৱ সম্পদত বিৰূপ প্ৰভাৱ পৰিছিল।
(২) ১৯১৯ চনৰ ৰাওলাট এক্টৰ জৰিয়তে ব্রিটিছৰ বৰ্দ্ধিত দমনমূলক নীতি গ্রহণ। এই আইনে সন্ত্রাসবাদৰ সন্দেহত যিকোনো লোককে দুবছৰ বিনা বিচাৰে কাৰাগাৰত নিক্ষেপ কৰাৰ কর্তৃত্ব ব্রিটিছ চৰকাৰক প্ৰদান কৰিছিল। গান্ধীৰ নেতৃত্বত এই আইনৰ বিপক্ষে এক সর্বব্যাপী প্রতিবাদী আন্দোলন গঢ়ি উঠিছিল।
(৩) ১৯১৯ চনৰ জালিয়ানৱালাবাগৰ হত্যাকাণ্ড।
(৪) ব্রিটিছসকলৰ দ্বাৰা ভাৰতবৰ্ষত অর্থনৈতিক শোষণ।
(৫) ভাৰতীয় মুছলমানসকলৰ দ্বাৰা আৰম্ভ হোৱা খিলাফৎ আন্দোলনৰ প্রতি সমর্থন।
39. মহাত্মা গান্ধীয়ে কিয় অসহযোগ আন্দোলন আৰম্ভ কৰিছিল? অসহযোগ আন্দোলনৰ পাঁচটা কাৰ্যসূচী লিখা। HSLC-2017
উত্তৰঃ- ১৯২০ চনৰ পৰা ১৯২২ চনলৈ অহিংসা পথেৰে ব্রিটিছ শাসনৰপৰা ভাৰতবৰ্ষক মুক্ত কৰিবলৈ গান্ধীজীয়ে অসহযোগ আন্দোলন আৰম্ভ কৰিছিল।
অসহযোগ আন্দোলনৰ পাঁচটা কাৰ্যসূচী হ’ল—
(১) এই আন্দোলনৰ মুখ্য লক্ষ্য আছিল ভাৰতবৰ্ষৰ মর্যাদা আৰু অখণ্ডতা শান্তিপূর্ণভাৱে অটুট ৰখা। হেজাৰ হেজাৰ সাধাৰণ মানুহ এই উদ্দেশ্যেৰে আন্দোলনত নামিছিল। এই আন্দোলনে মানুহৰ আৱেগক উজ্জীৱিত কৰি তুলিছিল।
(২) বৃহৎ সংখ্যক ছাত্র-ছাত্রীয়ে চৰকাৰী বিদ্যালয়মহাবিদ্যালয় ত্যাগ কৰিছিল।
(৩) বংগদেশৰ মেদিনীপুৰৰ কৃষকসকলে কৰ-কাটল নিদিয়াৰ সপক্ষে প্রচাৰ কাৰ্যসূচী ৰূপায়ণ কৰিছিল।
(৪) কংগ্ৰেছে সেই সময়ছোৱাত কাশী বিদ্যাপীঠ, বেনাৰস বিদ্যাপীঠৰ দৰে জাতীয় শিক্ষানুষ্ঠান গঢ়ি তুলিছিল।
(৫) জনসাধাৰণৰ মাজত জাগৰণ আনিবলৈ গান্ধীজীয়ে প্রায় গোটেই দেশখনেই ভ্ৰমণ কৰিছিল।
40. মহাত্মা গান্ধীৰ নেতৃত্বত পৰিচালিত অসহযোগ আন্দোলনৰ বিষয়ে আলোচনা কৰা আৰু এই আন্দোলন স্থগিতকৰণৰ কাৰণ উল্লেখ কৰা। HSLC-2017
উত্তৰঃ- ভাৰতীয় জাতীয় কংগ্রেছৰ নেতৃত্বত এই অসহযোগ আন্দোলন ১৯২০ চনৰ পৰা ১৯২২ চনলৈ চলিছিল। গান্ধীৰ সবল নেতৃত্বত এই আন্দোলনে অহিংস পথেৰে ব্রিটিছ শাসনৰ পৰা ভাৰতবৰ্ষক মুক্ত কৰিবলৈ দৃঢ় প্রতিজ্ঞ হৈছিল। আকৌ বিভিন্ন কাৰণতো এই আন্দোলনৰ জন্ম হৈছিল। তাৰ ভিতৰত প্রথম বিশ্বযুদ্ধৰ পিছত ভাৰতীয়সকলৰ অসন্তুষ্টি আৰু ভাৰতৰ অর্থনীতি আৰু ইয়াৰ মানৱ সম্পদৰ ওপৰত পেলোৱা বিৰূপ প্ৰভাৱ। ১৯১৯ চনত ৰাওলাট এক্টৰ জৰিয়তে ব্রিটিছৰ বৰ্দ্ধিত দমনমূলক নীতি আৰু একে সময়তে জালিৱানৱালাবাগৰ হত্যাকাণ্ড। ব্রিটিছৰ ভাৰতীয়সকলক শোষণৰ লগতে খিলাফৎ আন্দোলনৰ প্রতি সমর্থন আদি বিভিন্ন কাৰণতে গান্ধীজীয়ে এই অসহযোগ আন্দোলন আৰম্ভ কৰিছিল। এই আন্দোলনৰ কাৰ্যসূচীসমূহ আছিল গঠনমূলক আৰু প্রতিশোধমূলক। গঠনমূলক কার্যৰ ভিতৰত শিক্ষা জাতীয়কৰণ, স্বদেশী আদর্শ গ্রহণ আৰু প্ৰচাৰ, সেৱাদলত ভর্তি আদি। প্রতিশোধমূলক ব্যৱস্থা আছিল আইন-আদালত বর্জন, ব্রিটিছ শিক্ষা বর্জন, ব্রিটিছ সামগ্রী বর্জন আদি।
এনেদৰে বিভিন্ন প্রকাৰে আন্দোলন কৰা বাবে চৰকাৰে শ্ৰমিক আৰু কৃষকসকলৰ ওপৰত নির্যাতন চলাইছিল আৰু হাজাৰ হাজাৰ লোকক জেলত ভৰাই থৈছিল। পুলিচৰ অত্যাচাৰত অতিষ্ট হৈ উত্তৰ প্ৰদেশৰ কৃষকসকলে ১৯২২ চনত পুলিচ চকীত জুই জ্বলাই দিয়ে আৰু তাৰ ফলত ২২ জন পুলিচৰ মৃত্যু হয়। গান্ধীজীয়ে এই খবৰটো শুনি বৰ দুখ পাইছিল। কাৰণ তেওঁ অহিংসা পদ্ধতিৰেহে আন্দোলনটো চলাব বিচাৰিছিল। তেতিয়া গান্ধীজীয়ে ১৯২২ চনৰ ১২ ফেব্ৰুৱাৰীত আন্দোলনটো বন্ধ কৰি দিয়া বুলি ঘোষণা কৰিছিল।
41. ভাৰতীয় জাতীয় সেনা বাহিনীৰ বিষয়ে এটা চমু টোকা লিখা।
উত্তৰঃ- ভাৰতীয় জাতীয় সেনা বাহিনীৰ ধাৰণাটো প্রথমে পোষণ কৰিছিল জাপানী সৈন্যৰ ওচৰত আত্মসমর্পণ কৰা ভাৰতীয় বিষয়া কেপ্টেইন মোহন সিঙে।
সুভাষ চন্দ্র বসুৱে ১৯৪৩ চনত জাতীয়তাবাদী নেতা ৰাসবিহাৰী বসুৰ সহযোগত ভাৰতীয় জাতীয় সেনা বাহিনী নাইবা আজাদ হিন্দ ফৌজ পুনর্গঠনহে কৰে।
১৯৪২ চনৰ মাৰ্চ মাহত বিদেশবাসী ভাৰতীয়সকলক লৈ টকিঅ’ত বহা এখন সভাত ভাৰতীয় স্বতন্ত্র লীগ গঠন কৰা হৈছিল। ইয়াৰ পিছত ১৯৪২ চনৰ জুন মাহত বেংককত বহা সন্মিলনত উক্ত লীগৰ সভাপতি হিচাপে ৰাসবিহাৰী বসুক নির্বাচিত কৰা হয় আৰু তাতেই ভাৰতীয় জাতীয় সেনা বাহিনী বা আজাদ হিন্দ ফৌজ পুনৰুজ্জীৱিত কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হয়। বেংকক অধিৱেশনে সুভাষ চন্দ্র বসুকো জাপানলৈ নিমন্ত্রণ জনায়। তেওঁ জাপানত উপস্থিত হোৱাৰ পিছতে ৰাসবিহাৰী বসুৱে ভাৰতীয় স্বতন্ত্র লীগৰ সভাপতিৰ আসনখন ত্যাগ কৰি সুভাষ বসুক উক্ত পদলৈ আদৰণি জনায়। লগতে আই এন এৰ সর্বোচ্চ মুৰব্বী হিচাপে তেওঁৰ নাম ঘোষণা কৰা হয়।
১৯৪৩ চনৰ ২১ অক্টোবৰ তাৰিখে, তেওঁ ছিংগাপুৰত স্বাধীন ভাৰতৰ প্রাদেশিক চৰকাৰ (যাক আজাদ হিন্দ চৰকাৰ বুলি জনা যায়) গঠন কৰি ব্রিটিছৰ বিৰুদ্ধে যুদ্ধৰ সংকল্প গ্রহণ কৰে। ভাৰতীয় জাতীয় সেনা বাহিনীটোক পুনৰ গঠন কৰা হয় আৰু যুদ্ধবন্দীৰ লগতে সাধাৰণ মানুহকো সৈন্য বাহিনীত ভর্তি কৰাৰ ব্যৱস্থা লোৱা হয়। ইয়াৰ লগতে যুদ্ধ পুঁজি গঠন কৰা হয় আৰু ‘জান্সি ৰাণী ৰেজিমেন্ট’ নামেৰে মহিলাসকলৰ বাহিনী এটাও গঠন কৰা হয়।
ভাৰতীয় জাতীয় সেনা বাহিনীৰ মূল শ্লোগান আছিল ‘জয় হিন্দ’। ব্রিটিছ আৰু সহযোগীসকলৰ সৈন্যৰ বিপক্ষে ভাৰতীয় জাতীয় সেনা বাহিনীয়ে জাপানৰ লগ লাগি ব্রহ্মদেশ, ইম্ফল আৰু কহিমাত যুদ্ধ কৰিছিল। বসুৰ বিখ্যাত ‘মোক তেজ দিয়া আৰু মই তোমালোকক স্বাধীনতা দিম’ উক্তিয়ে তেওঁৰ সৈন্যসকলক বৰকৈ অনুপ্রাণিত কৰিছিল। কিন্তু যুদ্ধত জাপানৰ পৰাজয় আৰু আত্ম-সমর্পণে ভাৰতীয় জাতীয় সৈন্য বাহিনীকো আত্ম-সমর্পণ কৰিবলৈ বাধ্য কৰে। ভাৰতক ব্রিটিছৰ পৰা মুক্ত কৰিবলৈ নেতাজীৰ এই অভিযানে কৃতকার্য হ’ব নোৱাৰিলেও তেওঁৰ দেশপ্রেম সদায় ইতিহাসৰ পৃষ্ঠাত জিলিকি থাকিব।
42. আইন অমান্য আন্দোলন আৰম্ভ কৰাৰ প্ৰধান কাৰণসমূহ কি আছিল? গান্ধীজীয়ে এই আন্দোলন কেনেদৰে আৰম্ভ কৰিছিল, আলোচনা কৰা। HSLC-2018
(নাইবা)
আইন অমান্য আন্দোলনৰ মূল লক্ষ্য কি আছিল? এই আন্দোলনৰ কেইটামান মূল বৈশিষ্ট্য লিখা।
উত্তৰঃ- ১৯৩০ চনৰ পৰা ১৯৩৪ চনলৈকে আইন অমান্য আন্দোলনটো দুটা পর্যায়ত আৰম্ভ হৈছিল। এই আন্দোলনৰ অন্যতম প্রধান কাৰণ আছিল ব্রিটিছ চৰকাৰৰ দ্বাৰা চাইমন কমিছন গঠন। এই কমিছনত কেৱল ব্রিটিছ সংসদৰ সদস্যক অন্তর্ভুক্ত কৰা হৈছিল বাবে ইয়াক ভাৰতীয়সকলে বর্জন কৰে। ১৯২৮ চনত কলিকতাত বহা কংগ্ৰেছৰ অধিৱেশনত ব্রিটিছ চৰকাৰক সকীয়নি দিয়া হৈছিল যে যদি ভাৰতক ডমিনিয়ন ব্যৱস্থা প্ৰদান কৰা নহয় তেন্তে আইন অমান্য আন্দোলন গঢ়ি তোলা হ’ব।
১৯২৯ চনৰ লাহোৰ কংগ্ৰেছ অধিৱেশনত পূর্ণ স্বৰাজ কংগ্ৰেছৰ মূল লক্ষ্যৰূপে বিবেচিত হয়। ১৯৩০ চনৰ ২৬ জানুৱাৰীত সমগ্ৰ ভাৰততে পূর্ণ স্বৰাজদিৱস পালন কৰা হয়। ১৯৩০ চনৰ ৩১ জানুৱাৰীত ব্রিটিছ শাসনৰ অৱসান বিচাৰি মহাত্মা গান্ধীয়ে ভাইচৰয় লর্ড আৰউইনলৈ মাদকদ্রব্যৰ প্ৰচলন বন্ধ, লোণ কৰ বন্ধ কৰা, সকলো ৰাজনৈতিক বন্দীক মুক্তি দিয়া আদি কেইবাটাও দাবীৰে এখন চৰম পত্র প্রেৰণ কৰে। আৰউইনে দাবীসমূহ মানি নোলোৱাত গান্ধীয়ে ১৯৩০ চনৰ ১২ মার্চত ৩৮৫ কিঃমিঃ দূৰত্ব অতিক্রম কৰি গুজৰাটৰ দাণ্ডিত উপস্থিত হয়। দাণ্ডিত চৰকাৰী আইন ভংগ কৰি সাগৰৰ পানীৰ পৰা লোণ প্রস্তুত কৰি আইন অমান্য আন্দোলনৰ সূচনা কৰে।
এই আন্দোলনৰ মূল বৈশিষ্ট্যসমূহ হ’ল-
(১) এই আন্দোলন সর্বত্রে বিয়পি পৰিছিল। ছাত্র, মহিলা, কৃষককে ধৰি সকলো শ্ৰেণীৰ মানুহে এই আন্দোলনত অংশ লৈছিল।
(২) দেশৰ অন্যান্য প্রান্ততে লোণ আইনক প্রত্যাহ্বান জনোৱা হৈছিল।
(৩) উত্তৰ-পশ্চিম সীমান্ত প্রদেশত খান আব্দুল গফুৰ খানৰ (সীমান্ত গান্ধী নামেৰে পৰিচিত) নেতৃত্বত ‘ৰেড চার্টছ’ হিচাপে জনপ্রিয় ‘খুদাই খিটমদগাছ’ (ঈশ্বৰৰ সেৱক) সকলে আন্দোলনটো চলাই নিছিল।
(৪) এই আন্দোলনত গান্ধীজীৰ লগতে হেজাৰ হেজাৰ স্বাধীনতাপ্রেমী পুৰুষ, মহিলা আৰু ল’ৰা-ছোৱালী গ্রেপ্তাৰ হৈছিল।
(৫) আইন অমান্য আন্দোলন চলি থকাৰ বাবে লণ্ডনত অনুষ্ঠিত প্ৰথমখন ঘূৰণীয়া মেজমেল কংগ্ৰেছে বর্জন কৰিছিল।
43. গান্ধীজীৰ ভাৰত ত্যাগ আন্দোলনৰ আঁৰত কি আছিল? তেখেতে এই আন্দোলন কেনেকৈ পৰিচালিত কৰিছিল? HSLC-2020
(নাইবা)
কি পৰিস্থিতিত ভাৰত ত্যাগ আন্দোলনৰ সুচনা হৈছিল? ভাৰতৰ স্বাধীনতা সংগ্রামত এই আন্দোলনৰ কাৰ্যসূচীক তুমি মাইলৰ খুটি হিচাপে সাব্যস্ত কৰিব খোজানে? তোমাৰ মতামতৰ সমৰ্থনত যুক্তি দিয়া।
উত্তৰঃ- জাপানৰ ভাৰত আক্ৰমণৰ ভাবুকি, পূর্ববংগত সন্ত্রাস আৰু ব্ৰিটিছে দেশখনক ৰক্ষা কৰিব নোৱাৰিব বুলি ভাৰতীয়সকলৰ মনত ঠাই লোৱা নিৰাপত্তাহীনতাৰ ভাব আদিৰ পৰিস্থিতিত ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ সূচনা হৈছিল। ১৯৪২ চনত চার্চিলে তেওঁ মন্ত্রীসভাৰ এজন মন্ত্রী ছাৰ ষ্টাফর্ড ক্রিপছক ভাৰতলৈ পঠিয়াবলৈ হেঁচা দিয়া হয়। ইয়াৰ উদ্দেশ্য আছিল ভাৰতীয় ৰাজনৈতিক দলসমূহৰ লগত আলোচনা কৰি ইউৰোপত চলি থকা যুদ্ধত ব্রিটিছৰ পক্ষত ভাৰতীয়সকলৰ পৰা সহায় আৰু সমর্থন লাভ কৰা। ব্রিটিছ চৰকাৰে ক্ৰিপছ মিছন গঠন কৰে। ক্রিপছৰ প্ৰস্তাৱত যুদ্ধৰ অন্তত ভাৰতৰ বাবে ডমিনিয়ন ব্যৱস্থাৰ প্রস্তাব আগবঢ়োৱাৰ লগতে এখন সাংবিধানিক পৰিষদ আৰু প্রদেশসমূহৰ কাৰণে পৃথক সংবিধান প্রণয়নৰ অধিকাৰ প্রদান কৰা হ’ব বুলি ঘোষণা কৰা হৈছিল। অৱশেষত ক্রিপছ মিছন ব্যর্থ হৈছিল আৰু গান্ধীয়ে ব্রিটিছৰ বিৰুদ্ধে তৃতীয় বৃহৎ ‘ভাৰত ত্যাগ’ আন্দোলন আৰম্ভ কৰিবলৈ সিদ্ধান্ত লৈছিল।
১৯৪২ চনৰ আগষ্ট মাহত নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে ভাৰত ত্যাগ আন্দোলনৰ আৰম্ভণি কৰিছিল। আগষ্ট মাহত প্রস্তাৱ গৃহীত হোৱা বাবে এই আন্দোলনক আগষ্ট বিপ্লৱ নামেৰেও জনা যায়। ১৯৪২ চনৰ ৮ আগষ্ট তাৰিখে বোম্বাইত নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে তাৎক্ষণিকভাৱে ব্রিটিছ শাসনৰ অৱসান বিচাৰি প্ৰস্তাৱ গৃহীত কৰিছিল। গান্ধীজীয়ে ঐতিহাসিক আগষ্ট সভাত বোম্বাইৰ গোৱালিয়া টেংকত উদ্দাত্ত ভাষণ দিছিল, যিখন ঠাইক বর্তমান ‘আগষ্ট ক্রান্তি মৈদান’ নামেৰে জনা যায়। গান্ধীজীৰ ‘কৰিম কিম্বা মৰিম’ ধ্বনিৰ উদ্বৃদ্ধ হৈ দেশে এই আন্দোলনত জঁপিয়াই পৰিছিল।
সমগ্র দেশতে হৰতালৰ লগতে বিদেশী সামগ্রীপূর্ণ দোকান ঘৰ ভাঙি চুৰমাৰ কৰা হৈছিল। ব্রিটিছ চৰকাৰৰ প্রতিষ্ঠান হিচাপে গণ্য কৰা ৰেল ষ্টেচন, আদালত, পুলিচ থানা আদিত জনসাধাৰণে আক্রমণ কৰিছিল। ৰেল লাইন ধ্বংস কৰাৰ লগতে টেলিফোন লাইনসমূহ কাটি দিয়া হৈছিল। কিছুমান ঠাইত আনকি স্বাধীন চৰকাৰো প্রতিষ্ঠা হৈছিল। বংগদেশ, বিহাৰ, উত্তৰ প্রদেশ, বোম্বাই, উৰিষ্যা আৰু অন্ধ্রপ্রদেশত এই আন্দোলনে ব্যাপক ৰূপ ধাৰণ কৰিছিল। দৰৱাৰ, চাতাৰা, বালিয়া, বালাচোৰ, তালচেৰ আদি ঠাই ব্রিটিছ শাসনৰপৰা মুক্ত বুলি ঘোষণা কৰা হৈছিল আৰু তাত নিজাকৈ চৰকাৰ গঠন কৰা হৈছিল। যদিও এই আন্দোলন দীর্ঘম্যাদী নাছিল, ই ভাৰতীয়সকলৰ জাতীয়তাবাদী ভাৱধাৰাৰ গভীৰতা, সংগ্রাম আৰু ত্যাগৰ সামূহিক প্রদর্শনৰ এক অনন্য উদাহৰণ আছিল। স্বাধীনতাৰ জাতীয়তাবাদী সংগ্ৰামত জনসাধাৰণৰ এই স্বতঃস্ফূর্ত অংশগ্রহণে এই আন্দোলনক এক নতুন মাত্রা প্রদান কৰিছিল। ছাত্র, মহিলা, খেতিয়ক আৰু শ্ৰমিকে এই আন্দোলনত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছিল। এই ঐতিহাসিক আন্দোলনটোৱে স্বাধীনতাৰ দাবীক জাতীয়তাবাদী আন্দোলনৰ তাৎক্ষণিক কাৰ্যসূচীলৈ পৰিণত কৰিছিল। ভাৰত ত্যাগ আন্দোলনৰ পিছত ভাৰত স্বাধীন হোৱাটো একেবাৰে নিশ্চিত হৈ পৰিছিল। ব্রিটিছ চৰকাৰৰ লগত কেৱল ক্ষমতা হস্তান্তৰ কৰাটোহে বাকী আছিল। সেয়েহে ভাৰত ত্যাগ আন্দোলনৰ কাৰ্যসূচীক ভাৰতীয় স্বাধীনতা সংগ্রামৰ মাইলৰ খুঁটি হিচাপে সাব্যস্ত কৰিব পাৰি।
44. কি পৰিস্থিতিত মহাত্মা গান্ধীয়ে অহিংসা আন্দোলন আৰম্ভ কৰিছিল? ইয়াৰ কাৰ্যসূচী কি আছিল? গান্ধীজীয়ে এই আন্দোলন কিয় বন্ধ কৰিবলগীয়া হৈছিল? HSLC-2018
উত্তৰঃ- মহাত্মা গান্ধীয়ে অহিংসা নীতিৰে ব্রিটিছ শাসনৰ অৱসান ঘটাবলৈ দৃঢ়প্রতিজ্ঞ হৈছিল। জাতীয় নেতাসকলে এইটো বুজি উঠিছিল যে সাংবিধানিক সংশোধনৰ দ্বাৰা ভাৰতীসকলক ন্যার্য প্রদান কৰাটো পর্যাপ্ত নাছিল। সেই কাৰণে তেওঁলোকে ১৯২০ চনৰ ১ আগষ্টত কলিকতাত বহা ভাৰতীয় জাতীয় কংগ্ৰেছৰ এখন বিশেষ সভাত গান্ধীৰ নেতৃত্বত অসহযোগ আন্দোলন আৰম্ভ কৰিবলৈ সিদ্ধান্ত লৈছিল।
ইয়াৰ কাৰ্যসূচীসমূহ আছিল-
(ক) এই আন্দোলনৰ মূল লক্ষ্য আছিল ভাৰতবৰ্ষৰ মর্যাদা আৰু অখণ্ডতা শান্তিপূর্ণভাৱে অটুট ৰখা। হেজাৰ হেজাৰ সাধাৰণ মানুহ এই উদ্দেশ্যেৰে আন্দোলনত নামিছিল।
(খ) ১৯১৯ চনৰ ৰাওলাট এক্টৰ জৰিয়তে ব্রিটিছৰ দমনমূলক নীতিও বৃদ্ধি পাইছিল। ই অসহযোগ আন্দোলনত অৰিহণা যোগাইছিল। হিন্দু মুছলমানৰ একতা বৃদ্ধি হৈছিল আৰু একেলগে আন্দোলনত অংশগ্রহণ কৰিছিল।
(গ) বিদেশী ব্যয়-বস্তু আৰু সুৰা বিক্ৰী কৰা দোকানবোৰ বর্জন কৰা হৈছিল।
(ঘ) বৃহৎ সংখ্যক ছাত্র-ছাত্রীয়ে চৰকাৰী বিদ্যালয়-মহাবিদ্যালয় ত্যাগ কৰিছিল।
(ঙ) বংগদেশৰ মেদিনীপুৰৰ কৃষকসকলে কৰ কাটল নিদিয়াৰ সপক্ষে প্রচাৰ কাৰ্যসূচী ৰূপায়ণ কৰিছিল।
(চ) কংগ্ৰেছে কাশী বিদ্যাপীঠ, বেনাৰস বিদ্যাপীঠৰ দৰে জাতীয় শিক্ষানুষ্ঠান গঢ়ি তুলিছিল।
(ছ) শেঠ যমনলাল বাজাজে কাছাৰী ত্যাগ কৰা উকীলসকলৰ পৰিয়ালৰ ভৰণ-পোষণৰ বাবে বছৰি এক লাখকৈ টকা দিয়াৰ ঘোষণা কৰিছিল।
(জ) কংগ্ৰেছে প্রায় চল্লিশ লাখ স্বেচ্ছাসেৱকক সদস্যভুক্ত কৰিছিল, বিশ হাজাৰ চৰখা নির্মাণ কৰা হৈছিল।
(ঝ) নানান ধৰণৰ ব্যক্তিগত আৰু ৰাজহুৱা বিবাদবোৰৰ সমাধান ৰাইজৰ আদালতত কৰা হৈছিল।
(ঞ) অসহযোগ আন্দোলনৰ খৰচ-পাতিৰ বাবে গঢ়ি তোলা তিলক-স্বৰাজ পুঁজিয়ে খুব কম সময়ৰ ভিতৰতে এক কোটিতকৈয়ো অধিক টকা সংগ্রহ কৰিবলৈ সক্ষম হৈছিল।
(ট) জনসাধাৰণৰ মাজত জাগৰণ আনিবলৈ গান্ধীজীয়ে প্রায় গোটেই দেশখনেই ভ্ৰমণ কৰিছিল।
১৯২২ চনৰ ৫ ফেব্ৰুৱাৰি তাৰিখে উত্তৰ প্ৰদেশৰ গোৰখপুৰ জিলাৰ চৌৰিচৌৰাত স্থানীয় পুলিচ আৰু প্রতিবাদকাৰীৰ মাজত হিংসাত্মক সংঘর্ষ সংঘটিত হৈছিল। এই সংঘর্ষত তিনিজন প্রতিবাদকাৰী পুলিচৰ গুলীত নিহত হোৱাত উন্মত্ত জনতাই পুলিচ থানাত অগ্নিসংযোগ কৰি ২২ জন পুলিচক হত্যা কৰে। এই ঘটনাক লৈ গান্ধী মর্মাহত হোৱাৰ লগতে আন্দোলনে যে অহিংস নীতি পৰিহাৰ কৰিছে বাৰুকৈয়ে উপলব্ধি কৰিছিল। সেয়েহে তেওঁ আন্দোলন বন্ধ কৰি তিনি সপ্তাহৰ অনশনত বহিছিল।
Dr. Ratanlal Brahma, M.A., B.Ed., M.Phil., Ph.D.
Post Graduate Teacher (Political Science)
H.N.Seminary Model HS School, Bagribari, Dhubri, Assam
Email : brahmaratan@gmail.com
Whatsapp no. : 7020477396
Leave a comment