সমাজ বিজ্ঞান (প্রথম খণ্ড)

(ইতিহাস)  অধ্যায় ৩

অসমত ব্রিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্রোহ

Anti-British Rising and Peasant Revolts in Assam

SEBA Class 10 Social Science – History Part Chapter 3


1. শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ 

(i) মণিৰাম দেৱানৰ লগত আৰ কাক ফাঁচিকাঠত ওলমোৱা হৈছিল? HSLC-2020, 2018 

(a) জিউৰাম দুলীয়া বৰুৱাক

(b) পিয়লি বৰুৱাক 

(c) গোমধৰ কোঁৱৰক

(d) দুতিৰাম বৰুৱাক। 

উত্তৰঃ- (b) পিয়লি বৰুৱাক।


(ii) তলৰ কোনটো চনত বৃটিছসকলে অসমত দাস প্রথাৰ বিলুপ্তি ঘটাইছিল? HSLC-2019

(a) ১৮৪৩ চনত

(b) ১৮৫৭ চনত 

(c) ১৮৬০ চনত

(d) ১৮৬৩ চনত 

উত্তৰঃ- (a) ১৮৪৩ চনত। 


(iii) অসমত সুদখোৰ মহাজন শ্ৰেণীৰ সৃষ্টি কৰিছিল- 

(ক) মুদ্রা অর্থনীতিয়ে 

(খ) ভূমি নীতিয়ে 

(গ) খজনা বৃদ্ধিয়ে

(ঘ) কৃষক শ্ৰেণীয়ে 

উত্তৰঃ- (ক) মুদ্রা অর্থনীতিয়ে। 


(iv) অসমীয়া কৃষকৰ পৰা ভূমি-খাজনা বৃদ্ধি নিৰ্ধাৰণৰ বিৰুদ্ধে কোনে মফট মিলছক আর্জি লিখিছিল? hslc-2022 

(ক) মণিৰাম দেৱান 

(খ) পিয়লি বৰুৱা

(গ) মহাত্মা গান্ধী

(ঘ) আনন্দৰাম ঢেকিয়াল ফুকন

উত্তৰঃ-(ঘ) আনন্দৰাম ঢেকিয়াল ফুকন


(v) অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ নেতৃত্ব দিছিল-

(ক) মণিৰাম দেৱানে

(খ) কন্দৰ্পেশ্বৰ সিংহই

(গ) পিয়লি বৰুৱা

(ঘ) বাহাদুৰ গাঁওবুঢ়াই

উত্তৰঃ-(ক) মণিৰাম দেৱানে


(vi) ব্ৰিটিছৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰৰ মূল নায়ক আছিল-

(ক) ভগৎ সিং

(খ) মণিৰাম দেৱান

(গ) বাহাদুৰ গাওঁ বুঢ়া

(ঘ) চেখ মহম্মদ

উত্তৰঃ-(খ) মণিৰাম দেৱান


(vii) চৰণীয়া পথাৰত গৰু-ম’হ চৰোৱাৰ বাবে লগোৱা কৰটো হ’ল-

(ক) গ্রেজিং কৰ

(খ) অনুজ্ঞা কৰ

(গ) আবকাৰী কৰ

(ঘ) টিকট কৰ

উত্তৰঃ-(ক) গ্রেজিং কৰ


(viii) বশ্যতামূলক মিত্রতা নীতি প্ৰৱৰ্তন কৰিছিল—

(ক) লর্ড ওৱেলচলিয়ে

(খ) লর্ড ডেলহাউচীয়ে

(গ) লর্ড কার্জনে

(ঘ) লর্ড মিণ্টোৱে

উত্তৰঃ-(ক) লর্ড ওৱেলচলিয়ে


(viii) চিপাহী বিদ্রোহ হৈছিল—

(ক) ১৮৫০ 

(খ) ১৮৫৭ 

(গ) ১৮৫৫ 

(ঘ) ১৮৬০

উত্তৰঃ-(খ) ১৮৫৭ 


(ix) চিপাহী বিদ্ৰোহৰ সময়ত মোগল সম্রাট আছিল—

(ক) নানাচাহেব

(খ) তাঁতিয়া টোপি

(গ) দ্বিতীয় বাহাদুৰ শ্বাহ

(ঘ) ৰাণী লক্ষ্মীবাঈ

উত্তৰঃ-(গ) দ্বিতীয় বাহাদুৰ শ্বাহ


(x) অসমৰ প্ৰথম কৃষক বিদ্রোহটো—

(ক) ফুলগুৰিৰ ধাৱা 

(খ) লচিমাৰ কৃষক বিদ্ৰোহ 

(গ) পথৰুঘাটৰ ৰণ 

(ঘ) ৰঙিয়াৰ কৃষক বিদ্রোহ 

উত্তৰঃ-(ক) ফুলগুৰিৰ ধাৱা


(xi) ফুলগুৰিত নিহত ইংৰাজ বিষয়াজনৰ নাম আছিল- 

(ক) ছিংগাৰ 

(খ) ডেভিদ 

(গ) স্কট 

(ঘ) হাবার্ট 

উত্তৰঃ-(ক) ছিংগাৰ 


(xii) অসমত কেতিয়াৰ পৰা কৃষক বিদ্ৰোহ আৰম্ভ হল—

(খ) ১৮৫৭ চনৰ পৰা

(ক) ১৮৬৫ চনৰ পৰা

(গ) ১৮৬১ চনৰ পৰা

(ঘ) ১৯৫৭ চনৰ পৰা

উত্তৰঃ-(গ) ১৮৬১ চনৰ পৰা


2. অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? 

উত্তৰঃ- অসমত মণিৰাম দেৱানে ১৮৫৭ চনৰ বিদ্ৰোহৰ নেতৃত্ব দিছিল।


3. কোনে মণিৰাম দেৱানৰ বিচাৰ কৰিছিল?

উত্তৰঃ- কেপ্তেইন হলৰইডে মণিৰাম দেৱানৰ বিচাৰ কৰিছিল। 


4. মণিৰাম দেৱানক কোন বাঙালী মুক্তিয়াৰে সহায় কৰিছিল? 

উত্তৰঃ- মণিৰাম দেৱানক মধুমল্লিকে সহায় কৰিছিল। 


5. কোন চনত আৰু ক’ত মণিৰাম দেৱানক ফাঁচী দিয়া হয়? 

উত্তৰঃ- ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত, যোৰহাটৰ কাৰাগাৰত মণিৰাম দেৱানক ফাঁচী দিয়া হয়। 


6. টিকেন্দ্রজিতক কোনে মৃত্যুদণ্ডৰে দণ্ডিত কৰিছিল?

উত্তৰঃ- ব্রিটিছ চৰকাৰে টিকেন্দ্রজিতক মৃত্যুদণ্ডৰে দণ্ডিত কৰিছিল।


7. কোন কোন চনত টিকট কৰ আৰু আয়কৰ প্ৰৱর্তন কৰা হৈছিল?

উত্তৰঃ- ১৮৫৮ চনত টিকট কৰ আৰু ১৮৬০ চনত আয়কৰ প্ৰৱৰ্তন কৰা হৈছিল। 


8. জে ডব্লিউ কুইণ্টনক কোন চনত হত্যা কৰিছিল? 

উত্তৰঃ- ১৮৯০ চনত জে ডব্লিউ কুইণ্টনক হত্যা কৰিছিল। 


9. ১৮৮১ চনত উত্তৰ কাছাৰৰ জনজাতীয় বিদ্রোহৰ নেতৃত্ব কোনে দিছিল? 

উত্তৰঃ- সম্বোধন কছাৰীয়ে ১৮৮১ চনত উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব দিছিল।


10. কেঞাসকল কোন আছিল? 

উত্তৰঃ- কেঞাসকল বহিৰাগত সুদখোৰ মহাজন আছিল। তেওঁলোকক মাৰোৱাৰী বুলিও কোৱা হয়। 


11. ১৮৫৭ চনৰ বিদ্রোহত অসমৰ বিদ্রোহীসকলে কোন আহোম ৰাজকোঁৱৰক পুনৰাই আহোম সিংহাসনত বহুৱাব খুজিছিল? 

উত্তৰঃ- ১৮৫৭ চনৰ বিদ্রোহত অসমৰ বিদ্রোহীসকলে আহোম ৰাজকোঁৱৰ কন্দৰ্পেশ্বৰ সিংহক পুনৰাই আহোম সিংহাসনত বহুৱাব খুজিছিল।


12. ব্রিটিছ শাসন প্রতিষ্ঠা হোৱাৰ পিছত অসমৰ ৰাজহ সংগ্ৰহৰ পদ্ধতিৰ কি পৰিৱৰ্তন হৈছিল? 

উত্তৰঃ- ব্রিটিছ শাসন প্রতিষ্ঠা হোৱাৰ পিছত অসমৰ ৰাজহ সংগ্ৰহৰ পদ্ধতিটো মুদ্রা অর্থনীতিলৈ পৰিৱৰ্তন হৈছিল। অর্থাৎ মুদ্ৰাৰে ৰাজহ সংগ্ৰহ কৰা হৈছিল। 


13. ব্রিটিছৰ দুটা সাম্রাজ্যবাদী নীতি লিখা।

উত্তৰঃ- ব্রিটিছৰ সাম্রাজ্যবাদী নীতি দুটা হ’ল- 

(১) লর্ড ওৱেলেচলিৰ বশ্যতামূলক মিত্ৰতা নীতি। 

(২) লর্ড ডেলহাউচীৰ স্বত্ববিলোপ নীতি। 


14. মফট মিলচ কোন আছিল? তেওঁ কেতিয়া আৰু কিয় অসমলৈ আহিছিল?

উত্তৰঃ- মফট মিলচ কলিকতা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আছিল।

১৮৫৩ চনত অসমৰ প্রশাসন ব্যৱস্থাৰ বিষয়ে অনুসন্ধান কৰিবলৈ তেওঁ অসমলৈ আহি।


15. লেফটেনেন্ট ছিংগাৰ কোন আছিল? 

উত্তৰঃ- লেফটেনেন্ট চিংগাৰ নগাঁও জিলাৰ সহকাৰী উপায়ুক্ত আছিল। তেওঁ ফুলগুৰিত হোৱা ৰাইজমেলত সমবেত হোৱা ৰাইজক বাধা দিছিল। কাহিঘৰ মৌজাৰ বাবু কৈৱৰ্ত নামৰ মাছমৰীয়া এজনৰ লাঠীৰ কোবত আঘাত প্রাপ্ত হৈ ছিংগাৰৰ মৃত্যু হৈছিল। 


16. ১৮৫৭ চনৰ চিপাহী বিদ্রোহত নেতৃত্ব লোৱা চাৰিজন বিদ্রোহী নেতাৰ নাম লিখা।

উত্তৰঃ- ১৮৫৭ চনৰ চিপাহী বিদ্রোহত নেতৃত্ব লোৱা চাৰিজন বিদ্রোহী নেতাৰ নাম হ’ল— (১) মোগল সম্রাট দ্বিতীয় বাহাদুৰ শাহ। (২) কাণপুৰৰ নানা চাহেব। (৩) মাৰাঠা নেতা তাতিয়া টোপি। (৪) ঝাঞ্চীৰ ৰাণী লক্ষ্মী বাঈ। 


17. ব্রিটিছৰ দিনত অসমৰ কৃষকৰ দুৰৱস্থাৰ দুটা কাৰণ লিখা। 

উত্তৰঃ- ব্রিটিছৰ দিনত অসমৰ কৃষকৰ দুৰৱস্থাৰ দুটা কাৰণ হ’ল- 

(১) ব্রিটিছসকলে অসমৰ কৃষকৰ ওপৰত বিভিন্ন কৰ-কাটল লগাইছিল। ফলত কৃষকসকলৰ অৱস্থা শোচনীয় হৈ পৰিছিল। 

(২) ব্রিটিছ চৰকাৰে চৰণীয়া পথাৰত গৰু-মহ চৰোৱাৰ বাবদ গ্রেজিং কৰ, আবকাৰী কৰ আদি লগোৱাৰ উপৰিও সোণ কমোৱা নৈ, মাছ ধৰা নৈ আদি ডাকত দিয়াত খেতিয়কসকল জুৰুলা হৈ পৰিছিল।


18. অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ গুৰুত্ব সম্পর্কে চমুকৈ আলোচনা কৰা। HSLC-2019

উত্তৰঃ- অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ এক বিশেষ গুৰুত্ব আছে। তলত এই বিষয়ে উল্লেখ কৰা হ’ল- 

(১) ১৮৫৭ চনৰ বিদ্রোহ যদিও বৃটিছ চৰকাৰে কঠোৰ হাতেৰে দমন কৰিবলৈ সক্ষম হৈছিল, অসমৰ ইতিহাসত প্রথমবাৰৰ বাবে এক সর্বভাৰতীয় ঐতিহাসিক ঘটনাৰ লগত অসম জড়িত হৈছিল। 

(২) ১৮৬১ চনৰ পৰা অসমত আৰম্ভ হোৱা কৃষক বিদ্রোহসমূহ ১৮৫৭ চনৰ বিদ্ৰোহৰ পৰা কিছু পৰিমাণে অনুপ্রাণিত হৈছিল। ইয়াৰ ফলত জনসাধাৰণৰ মাজত আন্দোলনৰ প্ৰৱণতা গঢ়ি উঠিছিল। 

(৩) অসমত হিন্দু আৰু মুছলমান এই দুটা প্রধান সম্প্রদায়ে একগোট হৈ বিদ্রোহত অংশ গ্রহণ কৰি জাতীয়তাবোধৰ বিকাশত ইন্ধন যোগাইছিল ১৮৫৭ চনৰ বিদ্ৰোহৰ ফলত অসমত হিন্দু আৰু মুছলমানৰ মাজত একতা বৃদ্ধি হৈছিল।


19. অসমত ১৮৫৭-৫৮ চনৰ বিদ্রোহ ব্যর্থ হোৱাৰ কাৰণোৰ আলোচনা কৰা। HSLC-2017 

উত্তৰঃ- বিভিন্ন কাৰণত অসমত ১৮৫৭-৫৮ চনৰ বিদ্রোহ ব্যর্থ হৈছিল— 

(১) প্রথমতে অসমৰ বিদ্রোহীসকলৰ সংখ্যা অতি তাকৰীয়া আছিল। ইয়াৰ সমর্থকসকল যোৰহাট আৰু শিৱসাগৰৰ বাতিৰত নাছিল। গতিকে আন ঠাইত ই বিশেষ সমর্থন লাভ কৰা নাছিল। 

(২) দ্বিতীয়তে বিদ্ৰোহৰ নেতাসকলৰ সময় জ্ঞান নাছিল, গতিকে প্রস্তুতিবোৰ কাৰ্যকৰী কৰা নাছিল। ইয়াৰ ফলত ইংৰাজ চৰকাৰে প্ৰতিৰক্ষাৰ প্রস্তুতিৰ বাবে যথেষ্ট সময় লাভ কৰিছিল। 

(৩) তৃতীয়তে মণিৰাম দেৱান বিদ্রোহস্থলীৰ পৰা দূৰৈত অৱস্থান কৰিছিল। ফলত প্রশাসনিক অভিজ্ঞতা থাকিলেও বিদ্ৰোহৰ নেতৃত্বৰ বাবে দক্ষতা দেৱানৰ নাছিল। 

(৪) চতুর্থতে বিদ্রোহীসকলে গোপনীয়তা ৰক্ষা কৰাত ব্যর্থ হৈছিল আৰু বিভিন্ন পৰিকল্পনাসমূহ আগতীয়াকৈ ধৰা পৰিছিল।

এইদৰে বিভিন্ন কাৰণত এই বিদ্রোহ ব্যৰ্থ হৈছিল। 


20. লচিমাৰ কৃষক বিদ্ৰোহৰ বিষয়ে লিখা। 

উত্তৰঃ- ১৮৯৪ চনৰ ২১ জানুৱাৰীত সৰুক্ষেত্রী মৌজাৰ লচিমাৰ ওচৰৰ কাপ্লা গাঁৱত মৌজাদাৰ-দাসোৰাম চৌধুৰী আৰু মণ্ডল-হলিৰাম মিশ্রই খাজনা সংগ্ৰহৰ বাবে যাওঁতে দুয়োকে ৰাইজে বেয়াকৈ মাৰপিট কৰাত  মৌজাদাৰৰ মৃত্যু হয়।

কাপ্লা গাঁৱৰ ঘটনাৰ সৈতে জড়িত প্রায় ৭৫ জন লোকক বৰপে টাৰ মহকুমাধিপতিয়ে আটক কৰে যদিও ৩০০০ লো কৰ ভাবুকিত পিছত মুকলি কৰি দিবলৈ বাধ্য হয়। পিছদিনা উপায়ুক্ত মেক-কেবে ঘটনাস্থলীত উপস্থিত হৈ মুঠতে ৫৯ জন বিদ্রোহী কৃষকক গ্রেপ্তাৰ কৰি অস্থায়ী জেলত ভৰাই থৈছিল। বন্দীসকলৰ মুক্তি বিচাৰি ৬০০০ লোকৰ স্বাক্ষৰিত এখন আবেদন উপায়ুক্তৰ ওচৰত দাখিল কৰে যদিও মেক কেরে সঁহাৰি নজনায় আৰু শক্তি প্রয়োগ কৰি ৰাইজক খেদি পঠিয়ায়। পুলিচে আটক কৰাসকলৰ ভিতৰত গোসাঁই দলৈ আৰু কেইবাজনো মুখীয়াল লোক আছিল। বন্দীসকলক গৰুৰদৰে কান্ধত যুৱলি দি হাল টনাই ৰাইজক দৃষ্টান্ত দেখুৱাইছিল যাতে ভৱিষ্যতে কোনেও বিদ্রোহ কৰিবলৈ সাহস কৰিব নোৱাৰে। 


21. ব্ৰটিছৰ শাসনকালত অসমত কৃষক আৰু কুটীৰশিল্পৰ লগত জড়িত লোকসকলৰ দুৰৱস্থাৰ কাৰণসমূহ লিখা। HSLC-2018

উত্তৰঃ- ব্রিটিছৰ শাসনকালত অসমত কৃষকসকলৰ দুৰৱস্থাৰ কাৰণসমূহ হ’ল- 

(ক) ব্রিটিছ চৰকাৰৰ নতুন ভূমি ৰাজহ বৃদ্ধিৰ নীতি আৰু মুদ্রা অর্থনীতিয়ে অসমীয়া সর্বসাধাৰণ মানুহৰ মনত তীব্র অসন্তুষ্টিৰ সৃষ্টি কৰিছিল। ব্রিটিছে প্রৱর্তন কৰা ভূমি ৰাজহ কৃষকে দিব পৰাতকৈ বহু বেছি আছিল। 

(খ) ইংৰাজে ঊনবিংশ শতিকাৰ আগভাগতে উজনি অসমত চাহ বাগিচা স্থাপন কৰিছিল। চাহ খেতিয়কক উৎসাহিত কৰিবলৈ চাহ-বাগিচাৰ অন্তৰ্গত ভূমিৰ ৰাজহ ৰেহাই দিয়াত আন কৃষকে দিব পৰাতকৈ বহু বেছি ৰাজহৰ ব্যৱস্থা হৈছিল। 

(গ) ১৮৫৮ চনত টিকট কৰ আৰু ১৮৬০ চনত আয়কৰ, আমদানি কৰ, গ্রেজিংকৰ, অনুজ্ঞা কৰ আদি তেওঁলোকে প্ৰৱৰ্তন কৰাত কৃষকসকলৰ অৱস্থা শোচনীয় হৈ পৰিছিল।

ব্রিটিছৰ শাসনকালত অসমৰ কুটীৰশিল্পৰ লগত জড়িত লোকসকলৰ দুৰৱস্থাৰ কাৰণ হ’ল-

ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ দৰেই অসমতে ব্রিটিচ্ছাকলৰ আগমনে কুটীৰশিল্পৰ অৱনতিত অৰিহণা যোগাইছিল। আহোম ৰাজত্বৰ দিনৰ পৰাই অসমৰ পাট-মুগাৰ ভাৰতবৰ্ষত এক বিশেষ বজাৰ আছিল। কিন্তু ব্রিটিছ শাসনে বিলাতী বস্ত্র আমদানিত পৃষ্ঠপোষকতা কৰাত অসমীয়া এই কুটীৰশিল্পৰ লগত জড়িত মানুহখিনিৰ অৱস্থা শোচনীয় হৈ পৰিছিল।


22. ৰাইজ মেলৰ বিষয়ে লিখা। 

উত্তৰঃ- উনবিংশ শতিকাত অসমত গঢ়ি উঠা ৰাইজ মেলসমূহত কোনো ৰাজনৈতিক সংগঠন নাছিল যদিও ইয়াৰ গুৰুত্ব অপৰিসীম আছিল। এই ৰাইজমেলসমূহ আহোম শাসনৰ দিনৰে পৰা ব্রিটিছ শাসনলৈকে অসমীয়া গ্রাম্য জনজীৱনৰ লগত বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত ওতঃপ্রোতভাৱে জড়িত আছিল। ব্ৰিটিছ শাসনৰ শোষণ নীতিৰ বিৰুদ্ধে এই ৰাইজমেলসমূহে কৃষকৰ মাজত জাগৰণৰ সৃষ্টি কৰি নগাঁও, কামৰূপ আৰু দৰঙৰ বিভিন্ন স্থানত ব্রিটিছ চৰকাৰক স্থানীয়ভাৱে অচল কৰি দিবলৈ সমৰ্থ হৈছিল। কৃষক তথা সর্বসাধাৰণক ৰাজনৈতিকভাৱে সচেতন কৰি তুলিবলৈ এই ৰাইজমেলসমূহে চেষ্টা কৰিছিল। ৰাইজমেলসমূহ গাওঁবুঢ়া, দলৈ গোঁসাই আদি সমাজৰ মুখীয়াল লোকসকলৰ তত্বাৱধানত গঢ়ি উঠিছিল আৰু তেওঁলোকৰ দ্বাৰাই পৰিচালিত হৈছিল। এই মেলসমূহ গাঁও পঞ্চায়তৰ দৰে মাত্ৰ একোখন গাঁৱত সীমাবদ্ধ নাথাকি কেইবাখনো গাঁও সামৰি গঠন হৈছিল। জাত-পাত আৰু সম্প্রদায় নির্বিশেষে সকলোৱেই ৰাইজমেলসমূহত অংশগ্রহণ কৰিব পাৰিছিল৷ অসমীয়াত এষাৰ কথা আছে- ৰাইজেই ৰজা, জ্ঞাতিয়েই গংগা। ৰাইজমেলসমূহে এই বাক্যশাৰীক সঠিক ৰূপত প্রতিফলিত কৰিছল। ৰাইজে লোৱা সমূহীয়া সিদ্ধান্তসমূহ কার্যকৰী কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনোৱাৰ গণতান্ত্রিক প্রশিক্ষণ এই ৰাইমেলসমূহৰ ফলশ্রুতি।


23. ইতিহাসত ফুলগুৰি ধাৱাৰ বিষয়ে এটি চমু টোকা লিখ। HSLC-2019, 2017 

উত্তৰঃ- ব্রিটিছৰ অর্থনৈতিক শোষণৰ বিৰুদ্ধে শোষিত কৃষক ৰাইজে কৰা প্রথম বিদ্রোহটোৱেই হ’ল ফুলগুৰিৰ ধাৱা। ১৮৬১ চনত ফুলগুৰি ধাৱা সংঘটিত হৈছিল। ফুলগুৰি হ’ল তিৱা জনগোষ্ঠীৰ এখন গাওঁ য’ত আফু খেতি বৃহৎ পৰিমাণত হয়। কিন্তু চৰকাৰে এই আফু খেতি বন্ধ কৰি দিছিল, কিয়নো তেওঁলোকে নিজে তৈয়াৰ কৰা কানি বিক্ৰী কৰিব। ইয়াৰ পিছতে কৃষকসকলে প্রতিবাদ আৰম্ভ কৰিছিল আৰু তেওঁলোকে ফুলগুৰিত ৰাইজমেল পাতিছিল। নগাঁৱৰ উপায়ুক্ত হার্বার্ট স্কন্সে ৰাইজক অতি বেয়া ব্যৱহাৰ কৰিছিল আৰু তাৰ ফলত ৰাইজ অধিক ক্ষোভিত হৈ পৰিছিল, তাৰ পিছতে কৃষকসকলে ফুলগুৰিত প্ৰথমতে ৰাইজমেল পাতিছিল। প্রথমদিনা সমবেত প্রায় এহেজাৰ লোক লাঠিৰে সৈতে সজ্জিত আছিল। হার্বার্ট স্কন্সে তেওঁৰ সহকাৰী উপায়ুক্ত ছিংগাৰক সভাস্থলীলৈ পঠিয়ালে। ছিংগাৰে ৰাইজৰ এই প্রতিবাদৰ উদ্দেশ্য জনাৰ পিছত, ৰাইজক সেই প্রতিবাদীস্থলী ত্যাগ কৰিবলৈ নির্দেশ দিয়ে। ছিংগাৰৰ এই কাৰ্যৰ ফলত ৰাইজ আৰু ছিংগাৰৰ মাজত লাঠি টনাটনি লাগে আৰু তেনে সময়তে বাবু কৈৱৰ্ত্ত নামৰ এজন মাছমৰীয়াই ছিংগাৰক মুৰত কোবাই। ছিংগাৰ মাটিত ঢলি পৰে আৰু থিতাতে মৃত্যুবৰণ কৰে। আন পুলিচবাহিনীবোৰ ভয়তে সেই ঠাইৰ পৰা পলাই পত্রং দিয়ে। এই ঘটনাটোকে ইতিহাসত ফুলগুৰি ধাৱা নামেৰে অভিহিত কৰা হৈছে। 


24. ৰঙিয়াৰ কৃষক বিদ্ৰোহৰ এটি চমু বিৱৰণ লিখা। HSLC-2018

উত্তৰঃ- ১৮৯৩ চনৰ ২৪ ডিচেম্বৰৰ দিনাখন ৰঙিয়া বজাৰ লুট-পাটেৰে ৰঙিয়া কৃষক বিদ্ৰোহৰ আৰম্ভণি হয়।

১৮৯৪ চনৰ ৮ জানুৱাৰিৰ দিনা পুলিচে ১৫ জন কৃষকক এখন ৰাইজমেলৰ পৰা গ্রেপ্তাৰ কৰে। এই মেলখনত তেওঁলোকে উপায়ুক্তক তেওঁলোকৰ দুখ-দুর্দশাৰ বিষয়ে কিদৰে অৱগত কৰিব সেই বিষয়ে আলোচনা কৰিবলৈ লগ হৈছিল। ১০ ডিচেম্বৰৰ দিনা ৰঙিয়া থানাৰ সমীপত প্রায় ৩০০০ কৃষক বিভিন্ন মৌজাৰপৰা আহি গোট খাইছিল। উপায়ুক্ত মেক কেবেই তেওঁলোকক আঁতৰি যাবলৈ আদেশ দিয়াটো তেওঁলোক আঁতৰা নাছিল। তেতিয়া মেক কেবেই বিষয়সমূহৰ বিষয়ে আলোচনা কৰিবলৈ কৃষকসকলৰ মাজৰ পৰা প্রতিনিধি বিচৰাত সকলো কৃষকে চিঞৰি উঠিল যে আমি বর্ধিত হাৰত খাজনা নিদিওঁ। যেতিয়া তেওঁলোকে থানাৰ ভিতৰলৈ জোৰেৰে প্ৰৱেশৰ চেষ্টা কৰিলে তেতিয়া মেক কেবে আৰক্ষীক গুলীচালনা কৰিবলৈ আদেশ দিয়ে। ফলত কৃষকসকলে প্রস্থান কৰে। মেক কেবেই ১০ জানুৱাৰিৰ দিনা এখন জাননীযোগে উপায়ুক্তৰ অনুমতি অহিবনে ৰাইজমেল অনুষ্ঠিত কৰিব নোৱাৰিব বুলি নির্দেশ জাৰি কৰে।

কিন্তু ব্রিটিছৰ এনে দমনমূলক নীতিয়ে কৃষকসকলক মেল অনুষ্ঠিত কৰাৰ পৰা বিৰত ৰাখিব পৰা নাছিল। নলবাৰী, বৰমা, বজালী আদিৰ কৃষক ৰাইজ আগৰদৰেই সক্রিয় আছিল আৰু চৰকাৰৰ ৰাজহ সংগ্ৰহতো পূর্ণ বাধা প্রয়োগ কৰিছিল। 


25. ১৮৯১ চনত মণিপুৰত টিকেন্দ্রজিতৰ নেতৃত্বত ব্রিটিছৰ বিৰুদ্ধে হোৱা বিদ্ৰোহৰ বিষয়ে লিখা। 

উত্তৰঃ- মণিপুৰ বহুবছৰৰ পূৰ্বৰ পৰাই ব্রিটিছৰ দ্বাৰা আশ্রিত আৰু স্বীকৃত দেশীয় ৰাজ্যৰূপে বর্তি আছিল। ১৮৯০ চনত মণিপুৰৰ সিংহাসনৰ বাবে ৰাজপৰিয়ালৰ সদস্যসকলৰ মাজত হোৱা কন্দলত অসমৰ চীফ কমিছনাৰে অনাহকতে হস্তক্ষেপ কৰিছিল। 

ব্রিটিছে যুৱৰাজ কুলচন্দ্রক মণিপুৰৰ ৰজা হিচাপে স্বীকৃতি দিয়ে। সেই সময়তে সেনাপতি টিকেন্দ্রজিতৰ নেতৃত্বত তলে তলে এক ব্রিটিছ বিৰোধী বিদ্রোহ গঢ়ি উঠিছিল। ব্রিটিছে টিকেন্দ্রজিতক দেশান্তৰিত কৰিবলৈ নতুন ৰজা কলচন্দ্রক হেঁচা প্রয়োগ কৰিছিল। কিন্তু দেশৰ স্বাধীনতা ৰক্ষাৰ হকে কাম কৰা জনপ্রিয় নেতাজনক ব্রিটিছৰ কথামতে দেশান্তৰিত কৰাটো কুলচন্দ্ৰৰ বাবে সহজ নাছিল।

অৱশেষত অসমৰ চীফ কমিছনাৰ জে ডব্লিউ কুইল্টন আৰু চাৰিজন ইউৰোপীয় বিষয়াই টিকেন্দ্রজিতক ধৰিবলৈ অহাত স্বাধীনতা প্রয়াসী মণিপুৰীসকলে আটাইকেহজনক হত্যা কৰে। উক্ত ঘটনাৰ প্রতিশোধ ল’বলৈ এটা শক্তিশালী সৈন্য বাহিনী মণিপুৰলৈ ইংৰাজ চৰকাৰে পঠিয়াই আৰু সেনাপতি টিকেন্দ্রজিতক ধৰিবলৈ সক্ষম হয়।

ব্ৰিটিছ বিষয়াক হত্যা কৰা, ব্রিটিছ শাসনৰ বিৰোধিতা কৰাৰ অপৰাধত টিকেন্দ্রজিতক ইংৰাজে ফাঁচী দিয়ে। ৰজা কুলচন্দ্রক নির্বাসন দণ্ড দিয়ে। মণিপুৰী কোঁৱৰ নাবালক চূড়চন্দ্ৰক ৰজা ঘোষণা কৰে। এইদৰে মণিপুৰ ৰাজ্যত ইংৰাজৰ আধিপত্য স্থাপন হৈছিল। 


26. পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ বিষয়ে এটি চমুটোকা লিখা। HSLC-2020 

উত্তৰঃ- দৰং জিলাৰ পথৰুঘাটৰ ৰাইজে ১৮৯৪ চনৰ জানুৱাৰীৰ মাজভাগৰ পৰাই ৰাইজমেলৰ যোগেদি খাজনা বৃদ্ধি প্রতিবাদ কৰাই নহয়, খাজনা সংগ্ৰহতে বাধা প্রদান কৰি আহিছিল। বর্ধিত হাৰত ভূমিৰ খাজনা নির্ধাৰণৰ পৰিপ্ৰেক্ষিতত মঙলদৈ মহকুমাৰ কলাইগাওঁ, মঙলদৈ, ছিপাঝাৰ আৰু পথৰুঘাট তহচিলৰ কৃষকসকলে ৰাইজমেলত মিলিত হৈছিল। কৃষকসকলে নিজ নিজ অঞ্চলত ৰাইজমেল অনুষ্ঠিত কৰাৰ পিছত পথৰুঘাটত ২৬ জানুৱাৰীৰ পৰা ২৮ জানুৱাৰীলৈকে ৰাইজমেল পতাৰ সিদ্ধান্ত গ্রহণ কৰে। এই কথা গম পাই জিলাধিপতি এণ্ডাৰছনে সেই সমাৱেশ বন্ধ কৰিবলৈ তাত উপস্থিত হয়।

খাজনা নিদিয়া কৃষকৰ সম্পত্তি বাজেয়াপ্ত কৰি অনা কার্যই কৃষকসকলৰ মাজত তীব্র অসন্তুষ্টিৰ সৃষ্টি কৰিছিল। প্রায় ২০০ জন লোকে সম্পত্তি ক্রোক কৰিবলৈ যোৱা বেৰিংটন চাহাবক আগুৰি ধৰাত কোনোমতে তেওঁ ৰাইজৰ পৰা সাৰি আহে। ইয়াৰ কেইঘণ্টা মানৰ পিছত ২০০০ উত্তেজিত কৃষকে হাতে হাতে লাঠি আৰু বাঁহৰ কামি লৈ প্রতিবাদ কৰে। কৃষকসকলক আঁতৰি যাবলৈ উপায়ুক্তৰ নিৰ্দেশত পুলিচ বাহিনীয়ে শক্তি প্রয়োগ কৰে। প্ৰৱল প্রতিবাদ নেওঁচি উপায়ুক্তই পুলিচ অধীক্ষকক গুলীচালনা কৰিবলৈ নির্দেশ দিয়ে। ইয়াৰ ফলত বেচৰকাৰী হিচাপ মতে ১৪০ জন কৃষকৰ মৃত্যু হয় আৰু ১৫০ জন আহত হয়।

পথৰুঘাটৰ কৃষক বিদ্রোহ ব্রিটিছ সাম্রাজ্যবাদী চৰকাৰে অতি কঠোৰ হাতেৰে দমন কৰিছিল। এই বিদ্রোহত অংশ গ্রহণ কৰাৰ অপৰাধত চৰকাৰী ভাষ্যমতে, মুঠতে ৩৭ জন কৃষকক গ্রেপ্তাৰ কৰিছিল। এই বিদ্রোহক ব্রিটিছ চৰকাৰে কঠোৰ ভাৱে দমন কৰিছিল যদিও পৰৱৰ্তী সময়ত এই বিদ্রোহে ভাৰতৰ স্বাধীনতা সংগ্ৰামত অনুপ্ৰেৰণা আগবঢ়াইছিল। 


27. ভাৰতৰ ১৮৫৭-৫৮ চনৰ বিদ্ৰোহৰ কাৰণসমূহ আৰু অসমত ইয়াৰ প্ৰভাৱ চমুকৈ আলোচনা কৰা৷ HSLC-2020, 2019

উত্তৰঃ- ভাৰতৰ ১৮৫৭-৫৮ চনৰ বিদ্রোহ আছিল ভাৰতীয়সকলৰ মাজত পুঞ্জীভূত অসন্তুষ্টিৰ বহিঃপ্রকাশ। এই বিদ্ৰোহৰ কাৰণসমূহ তলত উল্লেখ কৰা হ’ল— 

(১) বৃটিছ চৰকাৰৰ নতুন ভূমি ৰাজহ বৃদ্ধিৰ নীতি আৰু মুদ্রা অর্থনীতিয়ে সর্বসাধাৰণ মানুহৰ মনত তীব্র অসন্তুষ্টিৰ সৃষ্টি কৰিছিল। এই মুদ্রা অর্থনীতিয়ে অসমত সুদখোৰ মহাজন শ্ৰেণীৰ সৃষ্টি কৰিছিল আৰু জনসাধাৰণে এই সুদখোৰ মহাজন শ্ৰেণীৰ পৰা টকা ধাৰলৈ লৈ হ’লেও ভূমি ৰাজহ চৰকাৰক দিবলৈ বাধ্য হৈছিল। 

(২) সাধাৰণ শ্ৰেণীৰ অৱস্থাৰ বিপৰীতে অভিজাত শ্ৰেণীৰ লোকসকলৰো অৱস্থা শোচনীয় আছিল। অভিজাত শ্ৰেণীৰ কিছুসংখ্যক লোকে আৰম্ভণিৰে পৰা বৃটিছ শাসনৰ লগত জড়িত হ’বলৈ চেষ্টা কৰিছিল যদিও আধুনিক শিক্ষাৰে শিক্ষিত নোহোৱা বাবে বহুতে নতুন প্রশাসনত অংশ ল’বলৈ সক্ষম হোৱা নাছিল। ইংৰাজ শাসকেও প্রশাসন চলাবলৈ বংগদেশৰ পৰা বঙলী শিক্ষিত লোকক আমদানি কৰিবলৈ বাধ্য হৈছিল। (৩) ভাৰতবৰ্ষৰ ভিন ভিন ৰাজ্যত বৃটিছ শাসনে কুটীৰ শিল্পৰ অৱনতিত অৰিহণা যোগাইছিল। বৃটিছে ভাৰতীয় বস্তুৰ বিপৰীতে বিলাতী বস্ত্ৰৰ আমদানিত পৃষ্ঠপোষকতা কৰাত এই কুটীৰ শিল্পৰ লগত জড়িত মানুহখিনিৰ অৱস্থা শোচনীয় হৈ পৰিছিল। 

অসমত ১৮৫৭-৫৮ চনৰ প্ৰভাৱৰ বিষয়ে তলত উল্লেখ কৰা হ’ল- 

(১) বৃটিছ শাসনৰ বিৰুদ্ধে অসমীয়া জনসাধাৰণ জাগ্ৰত হৈ উঠিছিল। ১৮৫৭ চনৰ বিদ্রোহে অসমৰ অভিজাত শ্ৰেণীটোক বৃটিছ শাসন ওফৰাই পুৰণি ৰাজতন্ত্র প্রতিষ্ঠা কৰাৰ এক সোণালী সুযোগ প্রদান কৰিছিল। 

(২) ব্রহ্মপুত্র উপত্যকাত কিছুসংখ্যক লোকে অসমত অৱস্থান কৰা বৃটিছ সৈন্যবাহিনীত থকা ভাৰতীয় সেনাৰ মাজত অসন্তুষ্টি বিয়পাই অসমতো চিপাহী বিদ্রোহৰ উত্থান ঘটাই আহোম ৰাজপৰিয়ালৰ এজন কোঁৱৰক অসমৰ ৰজা হিচাপে প্রতিষ্ঠা কৰাৰ চেষ্টা কৰিছিল। 

(৩) উত্তৰ ভাৰতত যেতিয়া বিদ্রোহ আৰম্ভ হৈছিল, অসমত তেতিয়া ইংৰাজ সৈন্যৰ দুটা ৰেজিমেন্ট আছিল– ডিব্ৰুগড়ৰ প্রথম আসাম লাইট ইনফেণ্ট্ৰী আৰু গুৱাহাটীৰ দ্বিতীয় আসাম লাইট ইনফেণ্ট্ৰী। বিহাৰত চিপাহী বিদ্রোহৰ খবৰ পাই এই ৰেজিমেণ্টত থকা ছাউনীৰ মাজতো অসন্তুষ্টি বিয়পি পৰা দেখা গৈছিল। 


28. ১৮৫০ চনত ব্ৰিটিছৰ বিৰুদ্ধে জয়ন্তীয়াসকলে কিয় বিদ্রোহ কৰিছিল? এই বিদ্ৰোহৰ বিষয়ে এটি টোকা লিখা। HSLC-2017, 2020

উত্তৰঃ- জয়ন্তীয়াসকলে ব্রিটিছৰ বিৰুদ্ধে বিভিন্ন কাৰণত বিদ্রোহ কৰিছিল। ইয়াৰে মূল কাৰণসমূহ হ’ল— 

(১) জয়ন্তীয়া পাহাৰ কোম্পানী ৰাজ্যৰ সৈতে চামিল কৰাত স্বাধীনচিতীয়া জয়ন্তীয়া জনজাতিসকল বিক্ষুদ্ধ হৈ পৰিছিল। 

(২) ব্রিটিছ প্রশাসনে জনজাতিসকলে মুকলিকৈ সামূহিকভাৱে মাছ ধৰা আৰু খৰি-খেৰ সংগ্ৰহ কৰা অঞ্চলসমূহৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰি ৰাজহ সংগ্ৰহৰ বাট উলিয়াছিল। 

(৩) জয়ন্তীয়াসকলৰ ধর্মীয় আৰু সামাজিক জীৱনত হস্তক্ষেপ কৰাত তেওঁলোক ইংৰাজ বিদ্বেষী হৈ পৰিছিল। 

(৪) কোনোদিনে নগদ ধন হিচাপে কৰ-কাটল দি নোপোৱা জয়ন্তীয়াসকলৰ ওপৰত ব্রিটিছে কৰ্তৃত্ব জাহিৰ কৰিবলৈ গৃহ কৰ, আয়কৰ আদি বহুৱাইছিল। 

(৫) পূর্বৰেপৰা ব্যৱহাৰ কৰি অহা অস্ত্রৰ ওপৰত নিষেধাজ্ঞা আৰু অনুশাসনে জয়ন্তীয়াসকলক বিদ্রোহী কৰি তুলিছিল।

ব্রিটিছে গৃহকৰ প্ৰৱৰ্তন কৰাৰ সময়তে জোৱাইৰ তহচিলদাৰজনক আঁতৰাই থৈ জয়ন্তীয়াসকলে বিদ্ৰোহৰ সূচনা কৰে। এই বাতৰি বিয়পি পৰাৰ লগে লগে জয়ন্তীপুৰ, জাফলং, ছেৰা আদি অঞ্চলতো বিদ্রোহ আৰম্ভ হয়।

ব্রিটিছ চৰকাৰৰ কঠোৰ নীতিৰ বিৰুদ্ধে ১৮৬১ চনত ওকিয়াং নংবাহৰ নেতৃত্বত জয়ন্তীয়াসকলে ব্রিটিছৰ বিৰুদ্ধে বিদ্রোহ ঘোষণা কৰে। তেওঁলোক জোৱাইৰ ওচৰত এক সভাত মিলিত হৈ জয়ন্তীয়া পাহাৰৰ পৰা ব্রিটিছৰ ৰাজনৈতিক কর্তৃত্ব ওফৰাই তাত জয়ন্তীয়াসকলৰ স্বত্বাধিকাৰ প্ৰতিষ্ঠা কৰাৰ বাবে প্রতিজ্ঞাবদ্ধ হৈছিল। জয়ন্তীয়াসকলে ১৮৬২ চনৰ জানুৱাৰী মাহত জোৱাইত থকা ব্রিটিছ ছাউনীত অতর্কিতে আক্রমণ কৰে। বিদ্রোহীসকলৰ ওপৰত ব্রিটিছৰ পুলিচ-মিলিটাৰীয়ে অমানুষিক অত্যাচাৰ কৰে। বিদ্রোহীসকলেও প্রতিপক্ষৰ অসংখ্য লোকক হত্যা কৰে।

নেৰানেপেৰা চৰকাৰী আক্ৰমণৰ ফলত জয়ন্তীয়া বিদ্রোহীসকলৰ শক্তি ক্রমান্বয়ে কমি আহিছিল। ব্রিটিছ চৰকাৰেও বিদ্রোহীসকলে স্বেচ্ছাই    আত্মসমর্পণ কৰিলে সাধাৰণ ক্ষমা প্রদান প্রতিশ্রুতি দিছিল। কিন্তু তেওঁলোকৰ নেতা ওকিয়াং নংবাহক  কোনো লোকে জীৱন্তে ধৰি ব্রিটিছক গতাই দিলে তেওঁক ১০০০ টকা পুৰস্কাৰ দিয়াৰ কথা ঘোষণা কৰিছিল।

অৱশেষত ওকিয়াং নংবাহ ব্রিটিছৰ হাতত ধৰা পৰে। তেওঁক বহু লোকৰ উপস্থিতিত ব্ৰিটিছে জোৱাইত ফাচীকাঠত ওলমায়। এই ঘটনাৰ ফলত বহুতো জয়ন্তীয়া বিদ্রোহীয়ে ব্রিটিছৰ ওচৰত আত্মসমর্পণ কৰে। এনেদৰে ১৮৬৩ চনৰ ভিতৰত জয়ন্তীয়া বিদ্ৰোহৰ পৰিসমাপ্তি ঘটে। 


29. অসমত ১৮৫৭-৫৮ চনৰ বিদ্রোহত মণিৰাম দেৱানৰ ভূমিকা সম্পর্কে আলোচনা কৰা। HSLC-2018 

উত্তৰঃ- মণিৰাম দেৱানৰ আচল নাম আছিল মণিৰাম বৰভাণ্ডাৰ বৰুৱা। মণিৰাম দেৱান অসমৰ ১৮৫৭ চনৰ বিদ্ৰোহৰ মূল নায়ক আছিল। অসমৰ পৰা ব্রিটিছ শাসনৰ অৱসান ঘটাবলৈ আৰু কন্দৰ্পেশ্বৰ সিংহক সিংহাসনত বহুৱাবলৈ তেওঁ আপ্রাণ চেষ্টা কৰিছিল।

১৮২৮ চনত ব্ৰিটিছে মণিৰাম দেৱানক চিৰস্তাদাৰ (ৰাজহৰ হিচাপ ৰক্ষক) হিচাপে যোৰহাটত নিযুক্তি দিয়ে। এই পদবীত থাকোতে তেওঁ ৰাজহ বিভাগৰ বহুখিনি সংস্কাৰ কৰি নিজৰ কর্মদক্ষতা প্রদর্শন কৰিছিল।

পুৰন্দৰ সিংহক যেতিয়া উজনি অসমত ব্রিটিছ চৰকাৰে পুনৰ প্রতিষ্ঠা কৰিছিল, তেতিয়া মণিৰাম দেৱানে পুৰন্দৰ সিংহৰ অধীনত দেৱান হিচাপে যোগদান কৰিছিল। অজ্ঞাত কাৰণত মণিৰাম দেৱানে এই পদবীৰপৰা ইস্তাফা দি অসম টি কোম্পানীত (ব্রিটিছ মালিকনাধীন) যোগদান কৰে। ১৮৪৪ চনত তেওঁ এই পদবীৰপৰা ইস্তাফা দি নিজেই যোৰহাটত চাহ বাগিচা খুলিছিল। যেতিয়া মিৰাটত প্ৰথমবাৰৰ বাবে ভাৰতীয় সৈন্যই বিদ্রোহ ঘোষণা কৰিছিল, মণিৰাম দেৱানে কলিকতাত বাহৰ পাতি আছিল। এজন আহোম ৰাজকোঁৱৰৰ হাতত শাসনভাৰ প্ৰদান কৰি উজনি অসমৰ কিছু অংশত আহোম ৰাজতন্ত্র প্রতিষ্ঠা কৰাৰ উদ্দেশ্যে তেওঁ কলিকতালৈ ব্রিটিছ চৰকাৰক এখন আর্জি পেচ কৰিবলৈ গৈছিল।

কলিকতাত মণিৰাম দেৱানে মধুমল্লিক নামৰ এজন বাঙালী মুক্তিয়াৰৰ লগ লাগি অসমৰ পৰা ইংৰাজক খেদোৱাৰ ষড়যন্ত্র ৰচনা কৰিছিল। বাহাদুৰ গাঁওবুঢ়া, ফর্মুদ আলী, পিয়লি ফুকনকে ধৰি অসমৰ অভিজাত শ্ৰেণীৰ কিছু লোকে তেওঁৰ আহ্বানৰ প্রতি সঁহাৰি জনাইছিল। এইটো ঠিক হৈছিল যে আহোম কোঁৱৰ কন্দৰ্পেশ্বৰ সিংহৰ অধীনত অসমৰ চিপাহীসকলে বিদ্রোহ কৰিব আৰু মণিৰাম দেৱানে অস্ত্র-শস্ত্রসহ কলিকতাৰ পৰা আহি সহায়ৰ হাত আগবঢ়াব। ইংৰাজ চৰকাৰে এইষড়যন্ত্রৰ উমান পাই বিদ্রোহীসকলক দমন কৰিবলৈ চেষ্টা কৰিছিল।

১৮৫৭ চনৰ ছেপ্তেম্বৰত শিৱসাগৰৰ প্রিন্সিপাল এছিছটেণ্ট কেপ্তেইন হলৰইডে মণিৰাম দেৱানে লিখা ইংৰাজৰ বিৰুদ্ধে কৰা ষড়যন্ত্রৰ উল্লেখ থকা বহুকেইখন চিঠি ধৰা পেলাই। কেপ্তেইন হলৰইডৰ আহ্বানত কেপ্তেইন লউডাৰে এটি ব্রিটিছ ফৌজৰ সৈতে যোৰহাটত উপস্থিত হয়। আৰু ৭ ছেপ্তেম্বৰ তাৰিখে কন্দর্পেশ্বৰ সিংহক আটক কৰে। কন্দৰ্পেশ্বৰ সিংহৰ গ্ৰেপ্তাৰৰ পিছতেই কলিকতাত মণিৰাম। দেৱানক গ্রেপ্তাৰ কৰা হয়।

কেপ্তেইন হলৰইডে বিশেষভাৱে গঠিত বিচাৰপীঠৰ ৰা মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ইংৰাজৰ বিৰুদ্ধে কৰা ষড়যন্ত্রৰ বাবে দোষী সাব্যস্ত কৰি ফাঁচীৰ হুকুম দিয়ে। ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত যোৰহাট কাৰাগাৰত দুয়োজনকে ৰাজহুৱাকৈ ফাঁচী দিয়া হয়।


Dr. Ratanlal Brahma, M.A., B.Ed., M.Phil., Ph.D.
Post Graduate Teacher (Political Science)
H.N.Seminary Model HS School, Bagribari, Dhubri, Assam
Email : brahmaratan@gmail.com
Whatsapp no. : 7020477396

Leave a comment

Trending