বিহুটি বছৰি আহিবা । Bihuti bachari aahiba । Dr. Bhupen Hazarika
(অসমীয়া জাতিটোৰ আয়ুসৰেখা বিহুটিক হাতযোৰা কৰি অনুৰোধ কৰা হৈছে— বিহুটি ঐ, বছৰি আহিবা। অসমী আইকে জগাবাচোন, বিপদৰ কালতো মাহ-হালধীৰে জাতিটোৰ দেহ মন ধুৱাবাচোন।)
বিহুটি বছৰি আহিবা
অসমী আইকে জগাবা।
বিপদৰ কালতো মাহ হালধিৰে
জাতিটোৰ দেহ-মন ধুৱাবা।।
জাতিটোৰ কথাটি এহিমানে থওঁ
মোৰ মন-গাভৰুৰু কথাকে কওঁ
গাভৰুৰ কথাকে কওঁ।
মোৰ চেনাহীৰে নাম হ’ল মামণি
তাইৰ কাহানিও নাছিলে আমনি
গোটেই জীৱনটো মোতেই সঁপিব
বুলি কথা দিছিল তাহানি।
তাহানি তাহানি তাহানি তাহানি।
কিবা কাৰণত তায়ো মোক নেমাতে
মোৰ বুকুতে জ্বলিছে অগনি
বিহুটি ঐ…
পাৰাঁ যদি তুমি
তাইকো বিহুগীত গোৱাবা
তাইকো বিহুগীত গোৱাবা
তাইকো বিহুগীত গোৱাবা
কথা : বড়ো ভাষাৰে বাৰ মানে বতাহ, দৈ মানে পানী আৰু চিখ্লা মানে হ’ল গোসাঁনীজনী।
গীত : মন-গাভৰুৰ কথা এহিমান থওঁ
বৰদৈচিলাজনীৰ মহিমা কওঁ
মহিমা কওঁ—
যেতিয়া মনবোৰ দহে
হিলদ’ল ভাঙি তাই আহে
পিছে পৃথিৱী তিওৱা আশিস বৰষাই
গোসাঁনী ৰূপেৰে নাহে
মোৰ গোসাঁনী
ম’হবোৰে যুঁজে
বিৰিণা জহে
মন-লুইতৰে সৰু বৰ গৰাবোৰ
আখেজতে যেন খহে।
বিহুটি ঐ…
কাবৌ কৰিছোঁ হাতযোৰ কৰিছোঁ
জাতিটোক শাক-ভাত খুৱাবা
এ’ হে মৰমৰ দীঘ দি হেঁপাহৰ আঁচুৰে
একতাৰ গামোচা বোৱাবা।।
একতাৰ গামোচা বোৱাবা।।
একতাৰ গামোচা বোৱাবা।।
2. আগলি বাঁহৰে । agoli banhore
আগলি বাঁহৰে, লাহৰী গণনা
বাজি উঠিল কিয়?
আগলি কলৰে এখিলানো পাত
কঁপি উঠিল কিয়?
মুকুতৰি উৰুলি শুনি।
অহঙ্কাৰী ৰজাৰ নগৰী
কঙ্কাল হ’ল কিয়?
বন্দীশালৰ শিকলিবোৰ
ছিগি পৰিল কিয়?
মুকুতিৰ উৰুলি শুনি।
ৰাজ কাৰেঙৰ ৰঙা চকু,
নেওচি আহিল কোন?
ডেকা বৰুৱাগে এইজন,
মোৰেই কেঁচা সোণ
বজ্ৰকঠোৰ ৰাজনীতিক
নেওচি ওলাল কোন?
ৰূপহী ৰাজকুঁৱৰী মোৰ
আকাশৰে জোন।
মনৰ বৰনামঘৰৰে বৰখুঁটা পুতিলোঁ
সমপ্ৰেমৰ সোণ-ৰূপৰ পাট মেৰিয়ালোঁ
আওপুৰণি নীতি-নিয়ম আমিয়ে ভাঙিলোঁ
মন সীমাক বাধা দিয়া ধন গছকিলোঁ।
নীৰসজনক জীপাল কৰা বৰদৈচিলা আমি
বিচাৰৰে তুলাচনীৰ বিচাৰকো আমি
শতিকাৰে এলান্ধুৰে সাৰোঁ-পোচোঁ আমি
সমতাৰে ৰহণ সানি নিকা কৰোঁ আমি।
মুকলি আকাশ মুকলি উশাহ
আমি দুয়ো আজি যেন
মুকলি প্ৰকাশ
দুটি দেহৰ দুটি মানুহ
একেটি মাথোন হিয়া
সমুখতে বাট আমাৰ
মৰম সেন্দুৰীয়া।।
3. আমাৰে মইনা শুইছে । amare moina xuichhe
আমাৰে মইনা শুইছে
বাৰীতে বগৰী ৰুইছে
বাৰীৰে বগৰী পকি সৰা নাই
তৰু তৃণ ধুমুহাই ভাঙিছে
নেলাগে মোক সোণৰ চপৰা
লুভীয়াই নিব তাক হৰি
দুখীয়াক ফিফেৰা কৰিলাঁ কৰুণা
তাকে যেন নিনিয়া কাঢ়ি।
4. আমাৰে ভন্টি শুব । Amare vanti shubo
আমাৰে ভন্টি শুব এ’
সপোনৰ দেশলৈ যাও এ’
শুকুলা ৰঙৰে মিঠাকৈ সপোনক
দিঠকৰ ৰূপকে দিব।
আমাৰে ভন্টি মহিলা হ’ব
আৰোগ্য নিকেতন গঢ়িব
বিজ্ঞানেৰে ৰুগীয়াজনকে
সুঠাম তেজাল কৰিৰ এ’
জীৱন মধুৰ হ’ব।
শুকুলা চিকুণ বৰকৈ ঘৰটিত
শুকুলা খটেখটী
শাৰী শাৰী আছে শুকুলা শয্যা
ইমান পৰিপাটী।
কতনা ৰোগীয়ে বাট চাই আছে
কেতিয়া আহিব আমাৰে ভন্টি?
নিৰাশ ৰোগীকে অমৃত দিবহি
দিবহি দৰৱ-পাতি
জীৱনৰ মদুম ফুলিব।
Leave a comment