সমাজ বিজ্ঞান (প্রথম খণ্ড)
(ইতিহাস)  অধ্যায় ৪

ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ

Indian Freedom Movement and National Awakening in Assam

SEBA Class 10 Social Science – History Part 1 Chapter 4

1. শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ 

(i) উত্তৰ-পূব ভাৰতৰ আটাইতকৈ পুৰণি আৰু প্ৰথমখন ৰাজহুৱা বিশ্ববিদ্যালয় হ’ল— hslc-2023

(ক) ডিব্ৰুগড় বিশ্ববিদ্যালয় 

(খ) অসম বিশ্ববিদ্যালয় 

(গ) গুৱাহাটী বিশ্ববিদ্যালয় 

(ঘ) তেজপুৰ বিশ্ববিদ্যালয় 

উত্তৰঃ- (গ) গুৱাহাটী বিশ্ববিদ্যালয় 


(ii) ১৯২১ চনৰ জুন মাহত গঠন কৰা অসম প্রদেশ কংগ্ৰেছৰ অস্থায়ী কমিটিৰ সভাপতি কোন আছিল? hslc-2022

(ক) কুলধৰ চলিহা

(খ) গোপীনাথ বৰদলৈ

(গ) নবীন চন্দ্ৰ বৰদলৈ

(ঘ) বিষ্ণুৰাম মেধি

উত্তৰঃ-(ক) কুলধৰ চলিহা


(iii) আছাম এছ’চিয়েছনৰ প্ৰথমখন অধিৱেশন ১৯০৫ চনত ক’ত অনুষ্ঠিত হৈছিল? hslc-2018

(ক) শিৱসাগৰত

(খ) যোৰহাটত

(গ) ডিব্ৰুগড়ত

(ঘ) গোলাঘাটত

উত্তৰঃ-(গ) ডিব্ৰুগড়ত


(iv) ১৯০৩ চনত কোনে আছাম এছ’চিয়েছন গঠন কৰিছিল—   hslc-2020

(ক) পদ্মনাথ গোহাঁই বৰুৱা

(খ) হেমচন্দ্ৰ গোস্বামী

(গ) নবীনচন্দ্ৰ বৰদলৈ

(ঘ) মাণিক চন্দ্ৰ বৰুৱা

উত্তৰঃ-(ঘ) মাণিক চন্দ্ৰ বৰুৱা


(v) তলৰ কোনজন ‘জোনাকী’ৰ প্ৰথম সম্পাদক আছিল? HS-2019

(ক) হেমচন্দ্ৰ বৰুৱা

(খ) হেমচন্দ্র গোস্বামী

(গ) লক্ষ্মীনাথ বেজবৰুৱা

(ঘ) চন্দ্ৰকুমাৰ আগৰৱালা 

উত্তৰঃ- (ঘ) চন্দ্ৰকুমাৰ আগৰৱালা।


(vi) পদ্মনাথ গোহাঁই বৰুৱাৰ নেতৃত্বত প্ৰতিষ্ঠা হোৱা সভাখনৰ নাম হ’ল-

ক) ৰায়ত সভা

(খ) কছাৰী সভা

(গ) আহোম সভা 

(ঘ) জনজাতীয় সভা

উত্তৰঃ-(গ) আহোম সভা


(vii) অসমকেশৰী বুলি কোৱা হয়—

(ক) ৰমাকান্ত বৰকাকতীক 

(খ) কণকলাল বৰুৱাক

(গ) চন্দ্ৰ কুমাৰ আগৰৱালাক 

(ঘ) অম্বিকাগিৰী ৰায়চৌধুৰীক

উত্তৰঃ-(ঘ) অম্বিকাগিৰী ৰায়চৌধুৰীক


(viii) ভাৰতৰ শাসন ব্ৰিটিছ ৰাজমুকুটৰ অধীন হৈছিল—

(ক) ১৯৪০ চনৰ পৰা

(খ) ১৮৫৮ চনৰ পৰা

(গ) ১৭৭৩ চনৰ পৰা

(ঘ) ১৬০০ চনৰ পৰা

উত্তৰঃ-(খ) ১৮৫৮ চনৰ পৰা


(ix) অসমীয়া লিটাৰেৰী ছ’ছাইটি গঠন হৈছিল—

(ক) ১৮৮৮ চনত 

(খ) ১৮৭৩ চনত

(গ) ১৮৭২ চনত

(ঘ) ১৮৮০ চনত

উত্তৰঃ-(গ) ১৮৭২ চনত


(x) অসমীয়া ভাষা উন্নতি সাধিনী সভা কেতিয়া গঠিত হৈছিল—

(ক) ১৮৮৮ চনত 

(খ) ১৭৭৩ চনত

(গ) ১৮৮০ চনত

(ঘ) ১৮৭২ চনত

উত্তৰঃ- (ক) ১৮৮৮ চনত 


(xi) সদৌ অসম ৰায়ত সভা গঠন হৈছিল—

(ক) ১৯৩০ চনত

(খ) ১৯৩২ চনত

(গ) ১৯৩৩ চনত

(ঘ) ১৯৩৪ চনত

উত্তৰঃ-(গ) ১৯৩৩ চনত


(xii) কেতিয়াৰ পৰা অসম ইংৰাজৰ অধীন হয়-

(ক) ১৯২৬ চনৰ পৰা

(খ) ১৮২৫ চনৰ পৰা

(গ) ১৮৫৭ চনৰ পৰা

(ঘ) ১৮৯০ চনৰ পৰা

উত্তৰঃ-(ক) ১৯২৬ চনৰ পৰা


(xiii) হেমচন্দ্ৰ বৰুৱাৰ ‘হেমকোষ’ প্রকাশৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা লোৱা অনুষ্ঠানটো আছিল- 

(ক) জ্ঞান প্রদায়িনী সভা

(খ) অসমীয়া লিটাৰেৰী ছ’চাইটি

(গ) অসমীয়া ভাষা উন্নতি সাধিনী সভা

(ঘ) অসম এছচিয়েছন

উত্তৰঃ-(গ) অসমীয়া ভাষা উন্নতি সাধিনী সভা 


2. পদ্মনাথ গোহাঁই বৰুৱাৰ নেতৃত্বত প্রতিষ্ঠা হোৱা সভাখনৰ নাম কি?

উত্তৰঃ- পদ্মনাথ গোহাঁই বৰুৱাৰ নেতৃত্বত প্রতিষ্ঠা হোৱা সভাখনৰ নাম হ’ল- আহোম সভা।


3. কোম্পানিৰ আমোল বুলিলে কোনটো সময়ক বুজোৱা হয়? 

উত্তৰঃ- ১৮২৬ চনৰ পৰা ১৮৫৮ চনলৈ এই সময়ছোৱাক কোম্পানীৰ আমোল বুলি কোৱা হয়। 


4. গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কেতিয়া আনুষ্ঠানিকভাৱে আৰম্ভ হয়? 

উত্তৰঃ- গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিকভাৱে ১৯৬০ চনৰ ২০ ছেপ্তেম্বৰত আৰম্ভ হয়। 


5. বন্দিনী ভাৰত নামৰ নাটকখনৰ ৰচক কোন? 

উত্তৰঃ- বন্দিনী ভাৰত নামৰ নাটক খনৰ ৰচক অম্বিকাগিৰী ৰায়চৌধুৰী।


6. অসমৰ প্ৰথম ৰাজহুৱা বাজনৈতিক অনুষ্ঠানটোৰ নাম কি? 

উত্তৰঃ- অসমৰ প্ৰথম ৰাজহুৱা ৰাজনৈতিক অনুষ্ঠানটোৰ নাম হ’ল- যোৰহাট সার্বজনিক সভা। 


7. ভাৰতৰ শাসন ব্রিটিছ ৰাজমুকুটৰ অধীন কেতিয়া হৈছিল? 

উত্তৰঃ- ১৮৫৮ চনত ভাৰতৰ শাসন ব্রিটিছ ৰাজমুকুটৰ অধীন হৈছিল। 


8. হেমকোষ অভিধানৰ প্রণেতা কোন? 

উত্তৰঃ- হেমকোষ অভিধানৰ প্রণেতা হ’ল- হেমচন্দ্ৰ বৰুৱা। 


9. অসম ছাত্র সন্মিলনৰ মুখপত্ৰখন কি আছিল? 

উত্তৰঃ- অসম ছাত্র সন্মিলনৰ মুখপত্রখন আছিল মিলন। 


10. সদৌ অসম ৰায়ত সভাৰ গঠন কেতিয়া হৈছিল? 

উত্তৰঃ- ১৯৩৩ চনত সদৌ অসম ৰায়ত সভাৰ গঠন হৈছিল। 


11. অসমত বাংলা ভাষাৰ প্ৰচলন কেতিয়া হৈছিল? 

উত্তৰঃ- ১৮৩৭ চনত অসমত বাংলা ভাষাৰ প্রচলন হৈছিল। 


12. বাংলা ভাষাৰ ঠাইত অসমত অসমীয়া ভাষাৰ পুনৰ প্রচলন কেতিয়া হৈছিল?

উত্তৰঃ- ১৮৭৩ চনত বাংলা ভাষাৰ ঠাইত অসমত অসমীয়া ভাষাৰ পুনৰ প্ৰচলন হৈছিল। 


13. অৰুণোদয় কাকতৰ প্রথম সম্পাদক কোন আছিল? 

উত্তৰঃ- নাথান ব্রাউন অৰুণোদয় কাকতৰ প্ৰথম সম্পাদক আছিল। 


14. ৰায়ত সভাসমূহৰ মুখ্য উদ্দেশ্য কি আছিল? 

উত্তৰঃ- ৰায়ত সভাসমূহৰ মুখ্য উদ্দেশ্য আছিল গ্রেজিং কৰ বন্ধ কৰা, মাটিৰ খজনা হ্রাস কৰা আৰু পূর্ববংগৰ পৰা হোৱা প্রব্রজন ৰোধ কৰা।


15. অসম প্রদেশ কংগ্ৰেছ কমিটির প্রথম সভাপতি আৰু সম্পাদক কোন আছিল? 

উত্তৰঃ- অসম প্রদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি আছিল কুলধৰ চলিহা আৰু সম্পাদক আছিল নবীনচন্দ্ৰ বৰদলৈ। 


16. অসম প্রদেশ কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিকভাৱে নির্বাচিত প্রথমজন সভাপতি কোন আছিল? 

উত্তৰঃ- বিষ্ণুৰাম মেধি অসম প্রদেশ কংগ্ৰেছ কমিটি আনুষ্ঠানিকভাৱে নির্বাচিত প্রথমজন সভাপতি আছিল। 


17. আহোম সভাৰ সম্পাদক কোন আছিল? 

উত্তৰঃ- পদ্মনাথ গোঁহাই বৰুৱা আহোম সভাৰ সম্পাদক আছিল।


18. কুশল কোঁৱৰক কি অপৰাধত ফাঁচী দিয়া হৈছিল? 

উত্তৰঃ- বৰপথাৰত ৰেল বগৰোৱাৰ অভিযোগত কুশল কোঁৱৰক কঁচি দিয়া হৈছিল। 


19. অসমৰ প্রথম প্রধানমন্ত্রী কোন আৰু কেতিয়া নির্বাচিত হৈছিল? 

উত্তৰঃ- অসমৰ প্রথম প্রধানমন্ত্রী (বর্তমানৰ মুখ্যমন্ত্রী) গোপীনাথ বৰদলৈ ১৯৪৬ চনত নির্বাচিত হৈছিল। 


20. জ্ঞান প্রদায়িনী সভা কেতিয়া প্রতিষ্ঠা হৈছিল? 

উত্তৰঃ- ১৮৫৭ চনত জ্ঞান প্রদায়িনী সভা প্রতিষ্ঠা হৈছিল। 


21. অসম ছাত্র সন্মিলনৰ মুখ্য উদ্দেশ্য কি আছিল? 

উত্তৰঃ- অসমীয়া ভাষাৰ উন্নতি সাধন কৰাই অসম ছাত্র সন্মিলনৰ মুখ্য উদ্দেশ্য আছিল। 


22. জোনাকী যুগৰ ত্রিমূর্তি কোন কোন? 

উত্তৰঃ- হেমচন্দ্র গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা আৰু চন্দ্ৰকুমাৰ আগৰৱালাক জোনাকী যুগৰ ত্রিমূর্তি বুলি কোৱা হয়।


23. অসমত প্রথম জাতীয় শিক্ষানুষ্ঠান কেতিয়া আৰু কাৰ স্মৃতিত প্রতিষ্ঠা হৈছিল? 

উত্তৰঃ- ১৯২১ চনৰ ফেব্ৰুৱাৰীত গুৱাহাটীত প্রথম জাতীয় শিক্ষানুষ্ঠান বাল গংগাধৰ তিলকৰ স্মৃতিত “তিলক সোঁৱৰণী স্কুল” প্রতিষ্ঠা কৰা হৈছিল। 


24. অসম এছ’চিয়েচনৰ প্ৰথমখন অধিৱেশনত নির্বাচিত হোৱা সভাপতি আৰু সাধাৰণ সম্পাদকৰ নাম লিখা। HS-2019 

উত্তৰঃ- অসম এছচিয়েচনৰ প্ৰথমখন অধিৱেশনত নির্বাচিত হোৱা সভাপতিজনৰ নাম গৌৰীপুৰৰ ৰজা প্রভাত চন্দ্র বৰুৱা আৰু সাধাৰণ সম্পাদকজনৰ নাম মাণিক চন্দ্ৰ বৰুৱা। 


25. ইংৰাজে প্ৰৱৰ্তন কৰা আধুনিক জাতীয় শিক্ষাই কেনেদৰে ভাৰতীয় সমাজত প্ৰভাৱ পেলাইছিল? 

উত্তৰঃ- ইংৰাজসকলে প্ৰৱৰ্তন কৰা আধুনিক শিক্ষাই ভাৰতীয় সমাজত দুই ধৰণে প্ৰভাৱ পেলোৱা দেখা যায়। 

(১) আধুনিক পাশ্চাত্য শিক্ষাৰে প্ৰভাৱিত ভাৰতীয় শিক্ষিত শ্ৰেণীটোক তেওঁলোকৰ পুৰুষানুক্রমে চলি অহা পৰম্পৰাসমূহক এক সমালোচনাত্মক দৃষ্টিভংগীৰে চালি-জাৰি চাবলৈ অনুপ্ৰেৰণা যোগাইছিল। 

(২) এই শিক্ষাই ১৯ শতিকাৰ শেষৰফালে ভাৰতবৰ্ষত এক জাতীয় চেতনা জাগ্রত হোৱাত অৰিহণা যোগাইছিল। 


26. কানিৰ প্ৰচলন সম্পর্কে যোৰহাট সার্বজনিক সভাৰ স্থিতি কি আছিল চমুকৈ লিখা।

উত্তৰঃ- ১৮৮৪ চনত জগন্নাথ বৰুৱাৰ নেতৃত্বত যোৰহাট সাৰ্বজনিক সভা স্থাপিত হয়। এই সভাৰ সভাপতি ৰজা নৰনাৰায়ণ সিংহ আৰু সম্পাদক জগন্নাথ বৰুৱা আছিল। এখেত সকলৰ আশাশুধীয়া প্ৰচেষ্টাত গঢ়ি উঠা এই সভাখনেই আছিল অসমৰ প্ৰথম ৰাজহুৱা ৰাজনৈতিক অনুষ্ঠান।

১৮৯৩ চনত এই সভাই অসমৰ মুখ্য সচিব জৰিয়তে ৰাজকীয় কানি আয়োগলৈ স্মাৰক-পত্রযোগে কানিৰ একাধিক উপকাৰিতাৰ লেখ দি চৰকাৰৰ কানি নীতি পৰিৱৰ্তন বা কানি নিবাৰণৰ প্ৰস্তাৱৰ বিৰোধিতা কৰিছিল। 


27. ‘অসমীয়া লিটাৰেৰী ছ’চাইটী’ৰ বিষয়ে চমুকৈ লিখা। 

উত্তৰঃ- কলিকতালৈ উচ্চ শিক্ষাৰ বাবে গৈ অসমীয়া ভাষা-সাহিত্যৰ উন্নতিৰ বাবে চেষ্টা কৰা ছাত্ৰসকলৰ মাজৰে দেৱীচৰণ বৰুৱা আৰু গুণগোবিন্দ ফুকনৰ নেতৃত্বত ১৮৭২ চনত অসমীয়া লিটাৰেৰী ছ’চাইটিৰ জন্ম হৈছিল। ইয়াৰ প্রধান উদ্দেশ্য সাহিত্য চর্চা আছিল যদিও ৰাজনৈতিক চিন্তাধাৰাৰো প্রকাশ ঘটিছিল। ১৮৭২ চনত এই সংগঠনৰ প্রসিদ্ধ সদস্য জগন্নাথ বৰুৱা আৰু মাণিক চন্দ্ৰ বৰুৱাই উক্ত ছ’চাইটিৰ তৰফৰ পৰা সেই সময়ৰ ভাইৰয় লর্ড নর্থব্রুকক এখন স্মাৰক-পত্র দাখিল কৰিছিল। সেই স্মাৰক-পত্ৰত তেওঁলোকে অসমৰ প্ৰাকৃতিক সম্পদৰ উন্নয়ন আৰু অসম আৰু বংগৰ মাজত ৰেল সংযোগ স্থাপনৰ বাবে যাৱতীয় পদক্ষেপ গ্রহণ কৰিবলৈ দাবী জনাইছিল। 


28. আছাম এছ’চিয়েছনে ব্রিটিছ চৰকাৰৰ ওচৰত উত্থাপন কৰা বিষয়সমূহ কি আছিল? 

উত্তৰঃ- আছাম এছ’চিয়েছনে ব্ৰটিছ চৰকাৰৰ ওচৰত উত্থাপন কৰা বিষয়সমূহ আছিল- 

(১) পৌৰসভাত চৰকাৰী বিষয়া আৰু লোকেল ব’র্ডৰ চাহ খেতিয়কৰ আধিপত্যৰ বিৰোধিতা কৰিছিল। 

(২) এছ’চিয়েছনে স্থানীয় সমিতিসমূহৰ গণতান্ত্রিকীকৰণৰ দাবী উত্থাপন কৰিছিল। 

(৩) বর্ধিত কৰ, চৰকাৰৰ শুল্ক ব্যৱস্থা আৰু কানিৰ প্ৰচলনৰ বিৰোধিতা কৰিছিল। 

(৪) শিক্ষাৰ দিশত অসমক আগবঢ়াই নিবলৈ চেষ্টা কৰিছিল। সেয়েহে এছ’চিয়েছনে কটন কলেজত অসমীয়া শিক্ষকৰ নিযুক্তি আৰু অসমত কাৰিকৰী শিক্ষানুষ্ঠান স্থাপনৰ হকে মাত মাতিছিল। 


29. অসমত বিদেশী বস্তু বর্জন আন্দোলনৰ কার্যাৱলী সম্পর্কে চমুকৈ লিখা। 

উত্তৰঃ- স্বদেশী আন্দোলনৰ প্রতিক্রিয়া অসমতো হৈছিল। এই আন্দোলনৰ মূল নীতি আছিল, বিদেশী বস্তু বর্জন কৰি স্বদেশী বস্তু গ্রহণ কৰা। ১৯০৫ চনত অসমৰ গৌৰীপুৰ, বৰপেটা, তেজপুৰ, ধুবুৰী, গোৱালপাৰা, গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ আদি ঠাইতো প্রতিবাদী সভাসমূহ অনুষ্ঠিত হৈছিল। বিভিন্ন সম্প্রদায়ৰ লোকে এই প্রতিবাদী সভাসমূহত অংশ গ্রহণ কৰিছিল।

বিদেশী বস্ত্ৰ আৰু সামগ্রী বর্জন কৰি স্বদেশী দোকান খোলা, জাতীয় শিক্ষানুষ্ঠান স্থাপন কৰা থলুৱা সামগ্ৰীৰ ব্যৱহাৰ কৰা এই তিনিটা স্বদেশী আন্দোলনৰ মুখ্য বিষয় হৈ পৰিছিল। সেই সময়ত অসমৰ জনসাধাৰণে নিমখৰ পৰিৱর্তে খাৰ, বিদেশী চেনীৰ সলনি বেনাৰসৰ চেনি আৰু বিদেশী বস্তুৰ বিপৰীতে থলুৱা এড়ি, মুগা, কপাহী আৰু খাদী কাপোৰ ব্যৱহাৰ কৰিছিল। 


30. জোনাকী যুগ বুলিলে কোনটো সময়ক বুজোৱা হয়। এই যুগৰ উল্লেখযোগ্য জাতীয়তাবাদী উত্তৰণৰ এটা আভাষ দিয়া। 

উত্তৰঃ- ১৮৮৯ চনৰ পিছৰ দশকটোক জোনাকী যুগ বুলি কোৱা হয়। ১৮৮৯ চনত অঃ আঃ উঃ সাঃ সভাই (অসমীয় ভাষা উন্নতি সাধিনী) নিজৰ মুখপত্র “জোনাকী” প্রকাশ কৰাৰ পৰাই এই যুগৰ আন্দোলনৰ সৃষ্টি হৈছিল। হেমচন্দ্র গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা আৰু চন্দ্ৰকুমাৰ আগৰৱালাক জোনাকী যুগৰ ত্রিমূর্তি বুলি কোৱা হয়। জোনাকীৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা।

ব্রিটিছ আগমনৰ ফলত অসমৰ থলুৱা উদ্যোগ তথা বাণিজ্যৰ প্ৰতি যি ভাবুকি সৃষ্টি হৈছিল সেই বিষয়ে জোনাকীয়ে সচেতনতা আনিবলৈ চেষ্টা কৰিছিল। এই ক্ষেত্ৰত কমলাকান্ত ভট্টাচাৰ্য আৰু কনকলাল বৰুৱাই নিয়মীয়াকৈ অসমৰ অর্থনৈতিাগক অনগ্ৰসৰতা আৰু প্ৰগতিৰ ধাৰা বিষয়ক নিবন্ধ প্রকাশ কৰিছিল। তদুপৰি লক্ষ্মীনাথ বেজবৰুৱাৰ ‘মোৰ দেশ’, ‘অসম সংগীত’, আৰু অম্বিকাগিৰি ৰায়চৌধুৰীৰ ৰচনাই দেশপ্রেমৰ জয়গান গাইছিল। জোনাকীয়ে এক সাহিত্যিক তথা সামাজিক চেতনা জগাই তুলিছিল। 


31. আহোম সভা কোনে গঠন কৰিছিল? ইয়াৰ এটা অতি গুৰুত্বপূর্ণ কাৰ্যসূচী কি আছিল? HSLC-2020 আহোম সভাৰ ৰাজনৈতিক দাবী সম্পর্কে চমুকৈ লিখা। 

উত্তৰঃ- পদ্মনাথ গোঁহাই বৰুৱাৰ নেতৃত্বত ১৮৯৩ চনত আহোম সভাৰ প্রতিষ্ঠা হৈছিল। এই সভাৰ প্ৰথম অধিৱেশন ১৮৯৩ চনত শিৱসাগৰত অনুষ্ঠিত হৈছিল। আহোম জনগোষ্ঠীৰ ৰাজনৈতিক অর্থনৈতিক, শৈক্ষিক, সাংস্কৃতিক অৱণতিৰ প্রতি লক্ষ্য ৰাখি এই সভা গঠন কৰা হৈছিল। কানি বিৰোধী আন্দোলন আহোম সভাৰ এটা গুৰুত্বপূর্ণ কাৰ্যসূচী আছিল। আহোম জনগোষ্ঠীৰ মাজৰ পৰা কানিৰ প্রচলন আঁতৰাবলৈ সভাই অহোপুৰুষাৰ্থ কৰিছিল।

১৯১০ চনত আহোম সভাক সদৌ অসম আহোম এছ’চিয়েছন নামেৰে নামাকৰণ কৰা হৈছিল। এই এছ’চিয়েছনৰে এক উল্লেখযোগ্য ৰাজনৈতিক দাবী আছিল— ‘আহোমসকলক চৰকাৰীভাৱে সংখ্যালঘু সম্প্রদায়ৰ মর্যাদা প্ৰদান কৰি তেওঁলোকৰ বাবে বিধানসভাত আসন সংৰক্ষণ কৰা আৰু পৃথক সমষ্টি গঠন কৰা। এই উদ্দেশ্যেৰে ১৯৩০ আৰু ৪০ দশক দটাত আহোম এছ’চিয়েছনে সক্রিয়ভাৱে দাবী উত্থাপন  কৰিছিল। ১৯৫০ চনৰ পিছৰপৰা এই এছ’চিয়েছন ক্ৰমাৎ দুর্বল হৈ পৰে। 


32. গোপীনাথ বৰদলৈ মন্ত্রীসভাই স্বাধীনতাৰ পিছত মুখামুখি হোৱা সমস্যা সম্পর্কে লিখা। 

উত্তৰঃ- গোপীনাথ বৰদলৈ মন্ত্রীসভাই স্বাধীনতাৰ পিছত বহুতো সমস্যাৰ মুখামখি হৈছিল। ভাৰতৰ স্বাধীনতাৰ প্ৰাক্‌মুহূর্তত অসমৰ আন্তঃগাঁথনি যথেষ্ট দুর্বল আছিল। স্বাধীনতাৰ ঠিক পিছতেই উত্তৰ পূর্বাঞ্চলে সীমান্ত সমস্যাৰ সন্মুখীন হ’ব লগা হৈছিল। ভাৰতৰ আন আন অঞ্চলৰ লগত উত্তৰ-পূব ভাৰতৰ যোগাযোগ বিঘ্নিত হৈছিল। দেশ বিভাজনৰ পিছত পশ্চিমবংগ আৰু অসমৰ মাজত ৰেলপথ আৰু নদী পৰিবহণ হঠাতে পূব পাকিস্তানৰ অন্তৰ্গত হৈছিল। ১৯৪৭ চনৰ দেশ বিভাজনে বংগ, অসম আৰু আৰাকান অঞ্চলৰ মাজত থকা জটিল অর্থনৈতিক সম্পর্ক বিঘ্নিত কৰিছিল। বিভাজনৰ পূর্বে এই অঞ্চলটোৱে কৃষি, শিল্পজাত সামগ্রী চাহ, নীল, মৰাপাট, ৰেচম আদিৰ আন্তর্জাতিক ভিত্তিত বাণিজ্য কৰিছিল। কিন্তু বিভাজনৰ পাছত এই আন্তর্জাতিক পর্যায়ৰ অৰ্থনীতিৰ বিসর্জন দি প্রত্যেকেই নিজ নিজ জাতীয় অর্থনীতি গঠনত মনোনিবেশ কৰিছিল। অর্থনৈতিক বিশৃঙ্খলাৰ মুখামুখি হোৱাৰ উপৰি উত্তৰ পূব ভাৰতে অনুপ্রৱেশকাৰীৰ সমস্যা আৰু ভৌগোলিক পুণৰ গঠনৰ সমস্যাৰ সন্মুখীন হৈছিল। 


33. কানিংহাম চাৰ্কুলাৰে অসমত আইন অমান্য আন্দোলনৰ ক্ষেত্ৰত কেনে প্ৰভাৱ পেলাইছিল? 

উত্তৰঃ- ১৯৩০ চনৰ ৬ মে’ আৰু ১৪ মে’ তাৰিখে ব্রহ্মপুত্র উপত্যকাৰ ছাত্ৰসকলে তেওঁলোকৰ শিক্ষানুষ্ঠানসমূহ বর্জন কৰি প্রতিবাদ সাব্যস্ত কৰিছিল। সেই সময়তে জে. আৰ. কানিংহামে ১৯৩০ চনত প্ৰকাশ কৰা কানিংহাম চাৰ্কুলাৰৰ বাবে পৰিস্থিতি অধিক স্পর্শকাতৰ হৈ পৰিছিল। এই চাৰ্কুলাৰ মতে ছাত্র আৰু তেওঁলোকৰ অভিভাৱকসকলে কোনো ধৰণৰ ৰাজনৈতিক কার্যকলাপত অংশ গ্রহণ নকৰাৰ লিখিত প্রতিশ্রুতি দিবলগীয়া হৈছিল। দোষী সাব্যস্ত হোৱা সকলক জৰিমনা বিহাৰ লগতে ছাত্র বৃত্তিৰপৰা বঞ্চিত কৰা হ’ব বুলি এই জাননীত প্রকাশ হৈছিল। ছাত্ৰসকলে এই অপমানজনক নির্দেশনাৰ বিৰুদ্ধে তীব্র প্রতিক্রিয়া প্রকাশ কৰিছিল যিয়ে পিছলৈ অসমত আইন অমান্য আন্দোলনৰ প্রসাৰত অৰিহণা যোগাইছিল। অসম ছাত্ৰ সন্মিলনে ইয়াৰ আঁচনি আৰু কাৰ্যপন্থাৰ বিষয়ে আলোচনা কৰিবলৈ গুৱাহাটীত এখন বিশেষ সভা অনুষ্ঠিত কৰি চৰকাৰী শিক্ষানুষ্ঠানসমূহ বৰ্জনৰ সিদ্ধান্ত লৈছিল। ১৯৩০ চনত জুলাই আৰু আগষ্ট মাহত ১৫,১৮৬ জন মুঠ ছাত্ৰৰ প্রায় ৩১১৭ জনে নিজৰ শিক্ষানুষ্ঠান এৰিছিল। 


34. অসম ছাত্ৰ সন্মিলনৰ অৱদানৰ বিষয়ে লিখা। 

উত্তৰঃ- ১৯১৬ চনত অসম ছাত্র সন্মিলন গঠন অসমৰ ইতিহাসৰ এক গুৰুত্বপূর্ণ ঘটনা। এই সন্মিলনৰ প্ৰথম অধিবেশন গুৱাহাটীত অনুষ্ঠিত হৈছিল। এই অধিবেশনৰ সভাপতি আছিল লক্ষ্মীনাথ বেজবৰুৱা। এই সন্মিলনৰ মুখ্য উদ্দেশ্য আছিল অসমীয়া ভাষাৰ উন্নতি সাধন কৰা। ছাত্র সম্মিলনে অসমৰ বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰসকলৰ লগত মত বিনিময় কৰি নতুন সম্পর্ক স্থাপন কৰিবলৈ চেষ্টা কৰিছিল। এই সন্মিলনে প্রথম অৱস্থাত যদিও ৰাজনীতিত সক্রিয়ভাৱে জড়িত হোৱা নাছিল কিন্তু পিছলৈ দেশৰ জাতীয় আন্দোলনত সক্রিয়ভাৱে অংশ লৈছিল। এই সন্মিলনৰ বার্ষিক অধিৱেশনসমূহত বিখ্যাত সাহিত্যিক, শিাক্ষাবিদ, চিন্তাবিদ আৰু ৰাজনীতিবিদসকলে অংশ গ্রহণ কৰিছিল। তেওঁলোকৰ ভিতৰত লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোঁহাই বৰুৱা, আচার্য প্রফুল্ল চন্দ্ৰ ৰায়, কৃষ্ণকান্ত সন্দিকৈ উল্লেখযোগ্য। ছাত্র সন্মিলনৰ মুখপত্র আছিল মিলন। এইদৰে অসমৰ ছাত্ৰ সন্মিলনে অসমৰ শিক্ষা, সাহিত্য, সংস্কৃতি চর্চাৰ লগতে সাম্প্রদায়িক সম্প্রীতি আৰু জাতীয় চেতনা গঢ়াত যথেষ্ট অৱদান আগবঢ়াইছিল। 


35. অসমত অসহযোগ আন্দোলনত নেতৃত্ব দিয়া অসমীয়া নেতাসকলৰ বিষয়ে উল্লেখ কৰা। 

উত্তৰঃ- ভাৰতৰ স্বাধীনতা সংগ্রামৰ ইতিহাসত অসহযোগ আন্দোলন এক গুৰুত্বপূর্ণ অধ্যায় আছিল। ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত এই আন্দোলন ১৯২০ চনৰ পৰা ১৯২২ চনলৈ চলিছিল। গান্ধীৰ সৱল নেতৃত্বত এই আন্দোলনে অহিংস পথেৰে ব্রিটিছ শাসনৰ পৰা ভাৰতবৰ্ষক মুক্ত কৰিবলৈ দৃঢ় প্রতিজ্ঞ হৈছিল।

১৯২১ চনৰ জুন মাহত অসম প্রদেশ কংগ্ৰেছ কমিটী গঠন হোৱাত এই আন্দোলনে সোনকালেই ৰাষ্ট্ৰীয় আন্দোলনৰ সৈতে একত্ৰিত হৈ পৰিছিল।

১৯২১ চনত মহাত্মা গান্ধীৰ অসম আগমনে এই আন্দোলন অধিক জনপ্রিয় কৰি তুলিছিল। গান্ধীয়ে ভাষণ প্রদান আৰু অংশগ্রহণ কৰা সভাসমূহত বৃহৎ সংখ্যক জনসাধাৰণে অংশগ্রহণ কৰিছিল। চন্দ্রনাথ শর্মা, হেমচন্দ্র বৰুৱা, অমিয় কুমাৰ দাস, মুহিবুদ্দিন আহমেদ আদিৰ নেতৃত্বত অসমৰ যুৱকসকলেও চৰকাৰী শিক্ষানুষ্ঠানসমূহ বৰ্জন কৰি এই আন্দোলনত অংশগ্রহণ কৰিছিল। সেইসকলৰ অগ্রগণ্য কেইজনমান হ’ল- লক্ষীধৰ শৰ্মা, ৰোহিণীকান্ত হাতীবৰুৱা, বিমলাকান্ত বৰুৱা, কনক চন্দ্ৰ বৰুৱা, বেণুধৰ শৰ্মা, তিলক শর্মা আদি। ছাত্ৰসকলক অনুসৰণ কৰি নবীনচন্দ্ৰ বৰদলৈ, তৰুণৰাম ফুকন, কামিনী কুমাৰ চন্দ, কুলধৰ চলিহা, বিষ্ণুৰাম মেধি আদি উকিলসকলেও ওকালতি এৰি আন্দোলনত ভাগ লৈছিল। বহুতো চৰকাৰী বিষয়া আৰু শিক্ষকেও তেওঁলোকৰ দায়িত্ব এৰি দিছিল। 


36. স্বদেশী আন্দোলনত অসমৰ ভূমিকাৰ বিষয়ে সংক্ষিপ্ত বিৱৰণ দিয়া। 

উত্তৰঃ- ১৯০৫ চনৰ ১৬ অক্টোবৰত বংগ বিভাজন কার্যকৰী হোৱাৰ লগে লগে ‘পূর্ব বংগ আৰু অসম’ এখন লেফ্‌টেনেন্ট গৱৰ্ণৰ শাসিত প্রদেশ হয়। অসমৰ তদানীন্তন মুখ্য আয়ুক্ত ফুলাৰেই ‘পূর্ব বংগ আৰু অসম’ প্রদেশৰ লেফ্‌টেনেন্ট গৱৰ্ণৰ পদত অধিষ্ঠিত হয় আৰু একে সময়তে অসমৰ ৰাজধানী শ্বিলঙৰ পৰা ঢাকালৈ স্থানান্তিৰত হয়। ইয়াৰ প্ৰতিবাদত ১৯০৫ চনৰ ৭ আগষ্টত কলিকতাৰ কাছিমবজাৰৰ টাউন হ’লত হোৱা এখন বিশাল জনসভাত বিদেশী বস্ত্র ‘বৰ্জনৰ প্রস্তাৱ’ গ্ৰহণ কৰা হৈছিল।

ব্রিটিছে অসমত প্ৰদান কৰা ইংৰাজী শিক্ষা বর্জন কৰি জাতীয় শিক্ষা গ্রহণ কৰাৰ সিদ্ধান্ত লৈছিল। এই কার্যসূচীৰ ৰূপায়ন কৰোঁতে প্রাচীন অসমীয়া শিক্ষা, সাহিত্য-সংস্কৃতি আৰু ভাষাৰ ওপৰত অধিক গুৰুত্ব প্রদান কৰা হৈছিল যাতে মানুহে অতীতক লৈ গৌৰৱবোধ কৰিব পাৰে। অসমৰ তেজপুৰ, ধুবুৰী, বৰপেটা, গৌৰীপুৰ, গুৱাহাটী আদি ঠাইত প্রতিবাদী সভাসমূহ অনুষ্ঠিত হৈছিল। তাসমৰ জনসাধাৰণে নিমখৰ পৰিৱর্তে খাৰ, বিদেশী চেনিৰ সলনি বেনাৰসৰ চেনি আৰু বিদেশী বস্ত্ৰৰ বিপৰীতে থলুৱা কাপোৰ ব্যৱহাৰ কৰিছিল। সুৰমা ভেলী এছ’চিয়েছনৰ নেতৃত্বত সুৰমা উপত্যকাত এই আন্দোলন যথেষ্ট জনপ্রিয় হৈ পৰিছিল। ইয়াৰ ফলস্বৰূপে হবিগঞ্জ, শ্রীহট্ট, শ্রীমংগল, লখাই বনিয়াচগ, শিলচৰ, কৰিমগঞ্জ আদি ঠাইত বহুতো জাতীয় বিদ্যালয় স্থাপন কৰা হৈছিল।


37. বৃটিছ শাসনাধীন অসমত আসাম এছ’চিয়েচনৰ সমাজ সংস্কাৰৰ বাবে আগবঢ়োৱা অৱদান সম্পর্কে লিখা। HSLC-2017

উত্তৰঃ- আছাম এছ’চিয়েচনে অসমৰ ৰাইজৰ মুখপত্র হিচাপে সেৱা আগবঢ়াইছিল। অৱশ্যে ই প্রত্যক্ষ বা সক্রিয়ভাৱে চৰকাৰৰ বিৰুদ্ধে কার্যপন্থা লোৱা নাছিল। ই শান্তিপূর্ণভাৱে আৰু সাংবিধানিক, প্রশাসনিক সংস্কাৰৰ মাধ্যমেৰে ৰাইজৰ সমস্যাসমূহ সমাধানৰ পোষকতা কৰিছিল। এই সংস্থাই কৰা কেইটামান কাম হ’ল-

(১) পৌৰসভাত চৰকাৰী বিষয়া আৰু লোকেল ব’ৰ্ডত চাহ খেতিয়কৰ আধিপত্যৰ বিৰোধিতা কৰা।

(২) এছ’চিয়েচনে স্থানীয় সমিতিসমূহৰ গণতান্ত্রিকীকৰণৰ দাবী উত্থাপন কৰিছিল।

(৩) বর্ধিত কৰ, চৰকাৰৰ শুল্ক ব্যৱস্থা আৰু কানিৰ প্ৰচলনৰ বিৰোধিতা কৰিছিল। 

(৪) ১৯২০ চনত অসমত বিশ্ববিদ্যালয় স্থাপনৰ বাবেও দাবী জনাইছিল। 

(৫) বিধানসভাত প্রতিনিধিত্ব কৰাৰ দাবী উত্থাপন কৰিছিল।



38. যোৰহাট সার্বজনিক সভাৰ বিষয়ে এটি খতিয়ান দাঙি ধৰা। HS-2018

উত্তৰঃ- ১৮৮৪ চনত জগন্নাথ বৰুৱাৰ নেতৃত্বত যোৰহাট সার্বজনিক সভা স্থাপিত হয়। এই সভাৰ প্ৰতিষ্ঠাপক সভাপতি আছিল ৰজা নৰনাৰায়ণ সিংহ আৰু প্ৰতিষ্ঠাপক সম্পাদক আছিল জগন্নাথ বৰুৱা। জগন্নাথ বৰুৱাৰ আশাশুধীয়া প্ৰচেষ্টাত গঢ়ি উঠা এইখনেই অসমৰ প্ৰথম ৰাজহুৱা ৰাজনৈতিক অনুষ্ঠান।

এই সভাৰ মূল উদ্দেশ্যসমূহ আছিল— 

(ক) ৰাইজৰ আশা, আকাংক্ষাৰ বিষয়ে চৰকাৰক অৱগত কৰোৱা। 

(খ) চৰকাৰৰ উদ্দেশ্য আৰু নীতি জনসাধাৰণক বুজোৱা আৰু 

(গ) জনসাধাৰণৰ অৱস্থাৰ উন্নতি সাধন কৰা।

এই সভাই চৰকাৰী কূটনীতিৰ বিৰুদ্ধে সক্রিয়ভাৱে মাত মাতিছিল। এইক্ষেত্ৰত সভাই গ্রহণ কৰা কেইটামান উল্লেখযোগ্য কার্যাৱলী হ’ল— 

(ক) ১৮৮৬ চনত চৰকাৰৰ ভূমি ৰাজহ ব্যৱস্থাৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰিছিল। 

(খ) ১৮৯২-৯৩ চনত সভাই কৃষকসমাজৰ লগত একেলগে বর্ধিত কৰৰ বিৰোধ কৰিছিল। 

(গ) ১৮৯৩ চনত সভাই ৰাজকীয় কানি আয়োগৰ ওচৰত এখন স্মাৰকপত্র দাখিল কৰি অসমৰ পৰা কানিৰ প্ৰচলন ক্রমান্বয়ে উঠাই দিয়াৰ বাবে অনুৰোধ কৰিছিল।


39. অসমৰ জনসাধাৰণে কেনেকৈ আইন অমান্য আন্দোলনত অংশ গ্রহণ কৰিছিল?  HSLC-2017

উত্তৰঃ- অসমৰ পৰা হেমচন্দ্ৰ বৰুৱা, মহম্মদ তৈবুল্লা, বিষ্ণুৰাম মেধি আদি নেতৃত্বত সকলো একত্ৰিত হৈ গান্ধীৰ লোণ সত্যাগ্রহত অংশগ্রহণ কৰিছিল। সেই সময়ত লীলাধৰ বৰুৱাই এই দাণ্ডি যাত্ৰাত অংশ গ্রহণ কৰিছিল। কিন্তু অসম কংগ্রেছৰ মতে অসম এনে এক বৃহৎ আন্দোলনত অংশগ্রহণ কৰাৰ বাবে প্রস্তুত নহয়। তৰুণৰাম ফকন, ৰোহিনী কমাৰ চৌধুৰী আদি বিভিন্ন লোকৰ বিপৰীতে বিষ্ণৰাম মেধি, হেমচন্দ্র বৰুৱা, অম্বিকাগিৰি ৰায়চৌধাৰী আদিয়ে এই আন্দোলনৰ সাংগঠনিক কাম-কাজ অব্যাহত ৰাখিছিল। আন্দোলনৰ বিভিন্ন দিশ চাবলৈ নতুন সমিতি, উপসমিতি গঠন কৰা হৈছিল। ইয়াৰ মূল উদ্দেশ্য আছিল পুঁজি বৃদ্ধি কৰা, বিদেশী বস্তু বর্জন আৰু কানি আৰু সুৰাৰ প্রচলন বন্ধ কৰা। অমিয়কুমাৰ দাসে ছাত্ৰসকলকো এই আন্দোলনত অংশগ্রহণ কৰিবলৈ আহ্বান জনাইছিল। ১৯৩০ চনত কার্নিংহাম চাৰ্কুলাৰৰ বাবে পৰিস্থিতি কিছু স্পর্শকাতৰ হৈ পৰিছিল। এই চার্কুলাৰ মতে ছাত্ৰসকলে লগতে অভিভাৱক সকলেও আন্দোলনত অংশগ্রহণ নকৰে বুলি চৰকাৰক লিখিত প্রতিশ্রুতি দিব লগা হৈছিল। যদি ছাত্রসকল দোষী বুলি সাব্যস্ত হয় তেওঁলোকক বঞ্চিত কৰা হ’ব বুলি জাননী দিয়া হৈছিল। কিন্তু ছাত্ৰসকলে এই অপমানৰ প্রতিশোধ ল’বলৈ আন্দোলনত অতি সক্রিয়ভাৱে জড়িত হৈ পৰিছিল। অসম ছাত্র সন্মিলনেও এই আন্দোলনৰ কার্যপন্থাৰ বিষয়ে আলোচনা কৰিবলৈ গুৱাহাটীত এখন সভা অনুষ্ঠিত কৰে। ইয়াৰ পিছতে কানি আৰু মদৰ দোকানসমূহ বন্ধ কৰি দিয়া হৈছিল। ঠায়ে ঠায়ে বন আইন উলংঘা কৰাৰ চেষ্টা চলিছিল। এনেদৰে এই আন্দোলন সুৰমা উপত্যকালৈ প্ৰসাৰিত হৈছিল। এনেদৰে অসমৰ জন সাধাৰণে আইন অমান্য আন্দোলনত অংশ গ্রহণ কৰিছিল।


40. অসমীয়া জাতীয়তাবাদী চেতনাৰ উত্তৰণত অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ ভূমিকা সম্পর্কে লিখা।

(নাইবা)

অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ (অঃ ভাঃ উঃ সাঃ) ভুমিকা আৰু কার্যাৱলীৰ বিষয়ে আলোচনা কৰা। 

উত্তৰঃ- অসমত জাতীয়তাবাদৰ উত্থানত অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ ভূমিকা উল্লেখযোগ্য। এই সভাই অসমীয়াসকলৰ মাজত একতা আৰু জাতীয়তাবাদৰ ভাৱ গঢ়ি তুলিবলৈ সক্ষম হৈছিল। পশ্চিমীয়া শিক্ষা বিস্তাৰে উনবিংশ শতিকাৰ মাজভাগত অসমত এক মধ্যবিত্ত শিক্ষিত শ্ৰেণীৰ জন্ম দিছিল। বাংলা ছপাশালত অসমীয়া ভাষাৰ স্বতন্ত্রতাৰ ওপৰত হোৱা আক্ৰমণৰ প্রৱণতা লক্ষ্য কৰি সেই সময়ত কলিকতাত থকা অসমৰ ছাত্ৰসকলে অসমীয়া ভাষা আৰু সাহিত্য উন্নয়নৰ হকে পুনৰ সংগঠিত হৈ ১৮৮৮ চনত অসমীয়া ভাষা উন্নতি সাধিনী সভা (অঃ আঃ উঃ সাঃ) গঠন কৰিছিল। ইয়াৰ প্ৰধানকৈ গুৰি ধৰিছিল সেই সময়ৰ প্রসিদ্ধ ছাত্র হেমচন্দ্র গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা, কণকলাল বৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু ৰামাকান্ত বৰকাকতীয়ে। এই সভাই অসমীয়া ভাষাৰ এক শক্তিশালী বিজ্ঞানসন্মত উত্তৰণৰ লগতে অসমৰ সকলো পাঠশালাত শুদ্ধ আৰু উন্নত মানৰ ব্যাকৰণৰ প্ৰয়োগৰ বাবে পদক্ষেপ গ্রহণ কৰিছিল। তদুপৰি সভাই এক সর্বাত্মক সামাজিক ইতিহাস সংকলন আৰু সংস্কৃত বা অন্যান্য ভাষাৰ উল্লেখনীয় পুথিসমূহ অসমীয়া ভাষালৈ অনুবাদ কৰাৰ কামো হাতত লৈছিল। এই সভাই হেমচন্দ্ৰ বৰুৱাৰ অভিধান ‘হেমকোষ’ প্রকাশৰ দায়িত্ব লৈছিল।

বহুতো অসমীয়া যুৱকে কলিকতাত শিক্ষা সমাপ্ত কৰি অসমলৈ ঘূৰি আহি তেজপুৰ, ডিব্ৰুগড়, শিৱসাগৰ, নগাওঁ, যোৰহাট, বৰপেটা, গোৱালপাৰা আৰু গুৱাহাটীত অঃ আঃ উঃ সাঃ সভাৰ শাখা গঠনৰ বাবে অগ্রণী ভূমিকা লৈছিল।

উল্লেখনীয় যে এই সভাৰ দ্বাৰা প্রকাশিত আলোচনী জোনাকীয়ে অসমত এক নতুন যুগৰ সূচনা কৰিছিল। জোনাকীয়ে সেই সময়ৰ বহু নতুন সাহিত্যিক, প্রতিভাবান ব্যক্তিৰ সৃষ্টি কৰিছিল। 


41. ইংৰাজসকলৰ বিৰুদ্ধে অসমৰ বিভিন্ন ঠাইত কেনেকৈ ৰায়ত সভাসমূহ গঢ়ি উঠিছিল? HSLC-2019, 2017 

(নাইবা) 

ৰায়ত সভাসমূহৰ উদ্দেশ্য আৰু ভূমিকা সম্পর্কে এটি খতিয়ান দাঙি ধৰা। 

উত্তৰঃ- অসমত ব্রিটিছ চৰকাৰৰ দ্বাৰা প্ৰৱর্তিত নতুন ভূমিনীতি আৰু ৰাজহ ব্যৱস্থাৰ বিৰোধিতা কৰাৰ বাবে ৰায়ত সভাসমূহৰ জন্ম হৈছিল। ঊনৈশ শতিকাৰ শেষৰফালে কৃষকৰ বিভিন্ন সমস্যা সমাধানৰ অৰ্থে তেজপুৰ ৰায়ত সভা আৰু নগাওঁ ৰায়ত সভাৰ জন্ম হৈছিল। তেজপুৰ ৰায়ত সভাৰ কাৰ্যসূচী ৰূপায়ণত বিশেষকৈ হৰিবিলাস আগৰৱালা, লক্ষ্মীকান্ত কাকতি, লম্বোদৰ বৰা, ভৱানীচৰণ ভট্টাচার্যকে ধৰি ভালেমান মধ্যবিত্ত শ্রেণীৰ লোকে মুখ্য ভূমিকা লৈছিল।

ৰায়ত সভাৰ মুখ্য উদ্দেশ্য আছিল গ্রেজিং কৰ বন্ধ কৰা, মাটিৰ খজনা হ্রাস কৰা আৰু পূর্ববংগৰ পৰা হোৱা প্রব্রজন ৰোধ কৰা। 

১৯৩০-৩৪ চনৰ আইন অমান্য আন্দোলনৰ সময়ছোৱাত অসম প্রাদেশিক কংগ্ৰেছ সমিতিৰ তত্ত্বাৱধানত অসমত পুনৰ ৰায়ত সভা সক্রিয় হৈ পৰিছিল। এই সময়ছোৱাতে কংগ্ৰেছ নেতাসকলে কৃষকসকলক ৰায়ত সভাৰ অধীনত সংগঠিত কৰিবলৈ চেষ্টা কৰিছিল। নদুৱাৰ আৰু ছয়দুৱাৰ ৰায়ত সভা যথেষ্ট শক্তিশালী হৈ পৰিছিল। পিছলৈ শিৱসাগৰ আৰু দৰঙতো ৰায়ত সভাৰ সংগঠন গঢ়ি উঠিছিল। আইন অমান্য আন্দোলনৰ কাৰ্যসূচীৰ আৰ্হিত অসমত ৰায়ত সভাই ৫০ শতাংশ ভুমি ৰাজহ হ্রাস কৰাৰ দাবী উত্থাপন কৰিছিল।

ৰায়ত সভাসমুহক অধিক সক্রিয় আৰু শক্তিশালী কৰিবলৈ এক উমৈহতীয়া কেন্দ্রীয় সমিতি-সদৌ অসম ৰায়ত সভা ১৯৩৩ চনত গঠন কৰা হয়। ইয়াৰ প্রথম অধিবেশন যোৰহাটৰ টিলিকি আমত ১৯৩৩ চনৰ ৮ এপ্রিল তাৰিখে কংগ্ৰেছ নেতা নবীন চন্দ্র বৰদলৈৰ সভাপতিত্বত অনুষ্টিত হৈছিল। ১৯৩৪ চনত দেৰগাঁৱত অনুষ্ঠিত হোৱা দ্বিতীয়খন অধিৱেশনত কমেও ৩০০০ কৃষকে অংশগ্রহণ কৰিছিল। এই অধিৱেশনৰ সভাপতি আছিল ডাঃ হৰেকৃষ্ণ দাস। ১৯৩৪-৩৯ চনৰ ভিতৰত অসমত প্রায় ৩০০খন ৰায়ত সভা আছিল। কংগ্রেছ মন্ত্রীসভা গঠন হোৱাৰ পিছৰ পৰা কংগ্ৰেছ সমিতিসমূহে ৰায়ত সভাসমূহন্স সামৰি লৈছিল। 


42. অসম প্রদেশ কংগ্ৰেছ কমিটি জন্ম আৰু মুখ্য ভূমিকা সম্পর্কে সংক্ষিপ্ত বিৱৰণ দিয়া। 

উত্তৰঃ- আছাম এছ’চিয়েছনক কংগ্ৰেছ সংগঠনলৈ ৰূপান্তৰিত কৰাৰ উদ্দেশ্যেৰে ছবিলাল উপাধ্যায়ৰ পৌৰোহিত্যত ১৯২১ চনৰ ১৮ এপ্রিলত যোৰহাটত এখন বিশেষ অধিৱেশন অনুষ্ঠিত হৈছিল। সেই বছৰৰে জুন মাহত নবীন চন্দ্র বৰদলৈ, ছবিলাল উপাধ্যায়, কৃষ্ণকান্ত ভট্টাচাৰ্যৰ উদ্যোগত অসম প্রদেশ কংগ্ৰেছ কমিটী গঠন কৰি আনুষ্ঠানিকভাৱে অসমত কংগ্রেছৰ ৰাজনীতিৰ পাতনি মেলে।

১৯২০ চনত নাগপুৰত অনুষ্ঠিত হোৱা জাতীয় কংগ্ৰেছৰ অধিৱেশনত ভাষাৰ ওপৰত ভিত্তি কৰি ৰাজ্য পুনগঠনৰ প্ৰস্তাৱ লোৱা হৈছিল। কংগ্ৰেছৰ এই নীতিয়ে অসমৰ জাতীয়তাবাদীসকলক বাৰুকৈয়ে উৎসাহিত কৰি কংগ্ৰেছৰ প্রতি আকর্ষিত কৰিছিল।

অসম প্রদেশ কংগ্ৰেছ কমিটিৰ প্ৰথমজন সভাপতি আছিল কুলধৰ চলিহা আৰু সম্পাদক আছিল নবীনচন্দ্র বৰদলৈ। এই কমিটিৰ তত্ত্বাৱধানত ১৯২১ চনত গান্ধীক অসমত অসহযোগ আন্দোলন প্রচাৰ কৰিবলৈ নিমন্ত্রণ কৰি অনা হৈছিল। সেই বছৰৰ আগষ্ট মাহত গান্ধীৰ অসম ভ্রমণে নৱগঠিত কংগ্রেছৰ কৰ্মীসকলক অসমত অসহযোগ আন্দোলনক সক্রিয় কৰি তোলাত সহায় কৰিছিল। অসম প্রাদেশিক কংগ্ৰেছ সমিতিয়ে ১৯২৬ চনত গুৱাহাটীৰ পাণ্ডুত জাতীয় কংগ্রেছৰ ৪১তম বার্ষিক অধিৱেশন আয়োজন কৰিছিল। বিষ্ণুৰাম মেধি, মৌলানা তৈয়বুল্লা, সিদ্ধিনাথ শর্মা, অম্বিকাগিৰী ৰায়চৌধুৰীকে ধৰি আন নেতাসকলে কংগ্রেছৰ পৰিকল্পনাসমূহ কার্যকৰী কৰিবলৈ অহোপুৰুষাৰ্থ চেষ্টা কৰিছিল।

অসমত কংগ্ৰেছ কমিটীৰ আনুষ্ঠানিকভাৱে নির্বাচিত হোৱা প্ৰথমজন সভাপতি আছিল বিষ্ণুৰাম মেধি। গোপীনাথ বৰদলৈ অসম প্ৰদেশৰ প্ৰথমজন প্রধানমন্ত্রী (পিছলৈ মুখ্যমন্ত্রী) হিচাপে নির্বাচিত হৈছিল। যেতিয়া কেবিনেট মিছনে অসম আৰু উত্তৰ পূবক পূর্ববংগৰ লগত সাঙুৰি গোট ‘গ’ ত সন্নিৱিষ্ট কৰাৰ বাবে আগবাঢ়িছিল তেতিয়া বৰদলৈৰ মন্ত্রীসভাই তাৰ তীব্র প্রতিবাদ কৰিছিল। গান্ধীৰ সমর্থন আৰু বৰদলৈৰ নেতৃত্বত হোৱা আন্দোলনৰ ফলত অসম ‘গ’ গোটত অন্তর্ভুক্ত নহ’ল। 


43. বৰদলৈ মন্ত্রীসভাৰ নেতৃত্বত অসমত স্থাপিত হোৱা শিক্ষানুষ্ঠান সমূহৰ বিষয়ে এটি সংক্ষিপ্ত বিৱৰণ দিয়া।  HS-2018

উত্তৰঃ- দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ১৯৪৬ চনত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলে অসম বিধানসভাৰ মুঠ ১০৮ খন আসনৰ ভিতৰত ৫৮ খন আসন লাভ কৰি সংখ্যাগৰিষ্ঠ দল হিচাপে পৰিগণিত হৈছিল। সংখ্যাগৰিষ্ঠ দলৰ নেতা হিচাপে গোপীনাথ বৰদলৈয়ে ১১ ফেব্ৰুৱাৰিত চৰকাৰ গঠন কৰিছিল। আন্তঃগাঁথনিৰ লগতে মানৱ সম্পদৰ বিকাশ বৰদলৈ মন্ত্রীসভাৰ এক উল্লেখযোগ্য লক্ষ্য আছিল। বৰদলৈ মন্ত্রীসভাৰ নেতৃত্বত স্থাপিত অনুষ্ঠানসমূহৰ সংক্ষিপ্ত বিৱৰণ দিয়া হ’ল-

(ক) অসম কৃষি বিশ্ববিদ্যালয় : ১৯১৩ চনত কৰিমগঞ্জত আৰু তাৰ ঠিক পিছতেই ১৯২৩ চনত তিতাবৰত অন্য এক কৃষি গৱেষণা কেন্দ্র প্রতিষ্ঠাই অসম কৃষি বিশ্ববিদ্যালয়ৰ আৰম্ভণি বুলি ক’ব পাৰি। যদিও এই কেন্দ্রসমূহে গৱেষণা আৰু প্রশিক্ষণ অবিৰতভাৱে চলাই আছিল তথাপি এখন সুকীয়া কৃষি আৰু পশু মহাবিদ্যালয় অত্যাৱশ্যকীয় হৈ পৰিছিল। সেয়েহে ১৯৪৮ চনত নগাঁৱত অসম পশু মহাবিদ্যালয় আৰু যোৰহাটত অসম কৃষি মহাবিদ্যালয় প্রতিষ্ঠা কৰা হৈছিল। এই দুয়োখন মহাবিদ্যালয় সামৰি লৈ ১৯৬৯ চনত অসম কৃষিবিশ্ববিদ্যালয় স্থাপিত হয় আৰু পশু চিকিৎসা মহাবিদ্যালয়খন নগাঁৱৰ পৰা গুৱাহাটীৰ খানাপাৰাত স্থানান্তিৰত হয়।

(খ) গুৱাহাটী বিশ্ববিদ্যালয় : গুৱাহাটী বিশ্ববিদ্যালয় হৈছে উত্তৰ-পূব ভাৰতৰ আটাইতকৈ পুৰণি আৰু প্ৰথমখন ৰাজহুৱা বিশ্ববিদ্যালয়। ১৯৪৮ চনৰ ২৬ জানুৱাৰি তাৰিখে এই বিশ্ববিদ্যালয়খন স্থাপিত হৈছিল। এই বিশ্ববিদ্যালয়খনৰ প্রথমখন আদৰণি সভাৰ দিনটোকে বিশ্ববিদ্যালয়খনৰ প্রতিষ্ঠা দিৱসৰূপে পালন কৰা হয়। প্রতিষ্ঠাকালত ইয়াৰ অধীনত ১৭ খন মহাবিদ্যালয় আৰু ৮ টি স্নাতকোত্তৰ বিভাগ আছিল। মহানগৰীৰ কেন্দ্ৰৰ পৰা কার্যকাল আৰম্ভ কৰি পিছত জালুকবাৰী চৌহদলৈ স্থানান্তৰিত কৰ হয়। বর্তমান বিশ্ববিদ্যালয় চৌহদ অঞ্চলটো গোপীনাথ বৰদলৈ নগৰ নামে জনা যায়। 

(গ) অসম চিকিৎসা মহাবিদ্যালয় : উত্তৰ-পূব ভাৰতৰ প্রথমখন চিকিৎসা মহাবিদ্যালয় স্থাপন হৈছিল ডিব্ৰুগড়ত। ১৯০০ চনতে ডিব্ৰুগড়ত ড° জন বেৰী হোৱাইটৰ ৫০,০০০ টকাৰ অনুদানৰ পুঁজিৰে ‘বেৰী হোৱাইট মেডিকেল স্কুল’ স্থাপন হৈছিল। ১৯১০ চনত এই চিকিৎসা বিদ্যালয়খনৰ ইংলেণ্ডৰ পৰা দুটা এক্স-ৰে মেচিন আমদানি কৰি আনিছিল আৰু ৰেডিঅ’লজী বিভাগ আৰম্ভ কৰিছিল। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত এই বিশ্ববিদ্যালয়খন ওচৰৰে এখন চিকিৎসালয়ৰ চৌহদলৈ স্থানান্তৰিত কৰা হৈছিল, যিখন বিশ্বযুদ্ধৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাবাহিনীয়ে ব্যৱহাৰ কৰিছিল। ১৯৪৭ চনৰ ৩ নবেম্বৰত এই বিদ্যালয়খনক আনুষ্ঠানিকভাৱে অসম চিকিৎসা মহাবিদ্যালয় নামেৰে নামকৰণ কৰা হৈছিল।


44. অসমত অসহযোগ আন্দোলনে কেনেকৈ প্ৰসাৰ লাভ কৰিছিল? HSLC-2020 অসহযোগ আন্দোলনত অসমৰ ভূমিকা সম্পর্কে এটি চমু বর্ণনা লিখা। 

উত্তৰঃ- ভাৰতৰ স্বাধীনতা সংগ্রামৰ ইতিহাসত অসহযোগ আন্দোলন এক গুৰুত্বপূর্ণ অধ্যায়। ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত এই আন্দোলন ১৯২০ চনৰ পৰা ১৯২২ চনলৈ চলিছিল। গান্ধীৰ সবল নেতৃত্বত এই আন্দোলনে অহিংস পথেৰে ব্রিটিছ শাসনৰ পৰা ভাৰতবৰ্ষক মুক্ত কৰিবলৈ দৃঢ় প্রতিজ্ঞ হৈছিল। ১৯২০ চনৰ ডিচেম্বৰত তেজপুৰত বহা আসাম এছ’চিয়েছনৰ ১৭ সংখ্যক অধিৱেশনত তীব্র বাক-বিতণ্ডাৰ অন্তত অসহযোগ আন্দোলনত অংশগ্ৰহণৰ প্ৰস্তাৱ গ্রহণ হৈছিল আৰু আন্দোলনৰ সমৰ্থনত কংগ্ৰেছৰ নীতি-নির্দেশনা মানি চলিবলৈ সিদ্ধান্ত লোৱা হৈছিল। ১৯২১ চনৰ জুন মাহত অসম প্রদেশ কংগ্ৰেছ কমিটী গঠন হোৱাত এই আন্দোলন সোনকালেই ৰাষ্ট্ৰীয় আন্দোলনৰ সৈতে জড়িত হৈ পৰিছিল।

১৯২১ চনত মহাত্মা গান্ধীৰ অসম আগমনে এই আন্দোলন অধিক জনপ্রিয় কৰি তুলিছিল। গান্ধীৰ আহ্বানক্রমে জনসাধাৰণে বিদেশী বস্ত্র বর্জন আন্দোলনত অংশগ্রহণ কৰি বিদেশী বস্তুসমূহৰ জুই লগাই দিছিল। হেমচন্দ্ৰ বৰুৱা, অমিয় কুমাৰ দাস, চন্দ্রনাথ শর্মা, মুহিবুদ্দিন আহমেদ আদিৰ নেতৃত্বত অসমৰ যুৱকসকলেও চৰকাৰী শিক্ষানুষ্ঠানসমূহ বর্জন কৰি এই আন্দোলনত অংশ লৈছিল। ছাত্ৰসকলক অনুসৰণ কৰি নবীন চন্দ্র বৰদলৈ, কুলধৰ চলিহা, তৰুণৰাম ফুকন, কামিনী কুমাৰ চন্দ, বিষ্ণুৰাম মেধি আদি উকীলসকলেও ওকালতি এৰি আন্দোলনত অংশগ্রহণ কৰিছিল। বহুতো চৰকাৰী বিষয়া আৰু শিক্ষকেও তেওঁলোকৰ দায়িত্ব এৰি দিছিল। আন্দোলনৰ বৰ্দ্ধিত প্ৰভাৱৰ ফলতেই গুৱাহাটী, নলবাৰী, যোৰহাট, তেজপুৰ, শিৱসাগৰ, নগাঁও, কৰিমগঞ্জ, মৌলবী বজাৰ আদি ঠাইত জাতীয় শিক্ষানুষ্ঠান প্রতিষ্ঠা কৰা হৈছিল। ১৯২১ চনৰ ফেব্ৰুৱাৰীত গুৱাহাটীত প্রথম জাতীয় শিক্ষানুষ্ঠান বাল গংগাধৰ তিলকৰ স্মৃতিত ‘তিলক সোঁৱৰণী স্কুল’ প্রতিষ্ঠা কৰা হৈছিল।

অসমত এই আন্দোলনৰ এক উল্লেখযোগ্য প্রভাৱ আছিল কানিৰ প্ৰচলন বন্ধ কৰা। আন্দোলনত কংগ্রেছ কর্মীসকলে সবলৰূপে কানিৰ প্রচলন বন্ধ কৰিবৰ বাবে গ্রহণ কৰা কাৰ্যপন্থাৰ পৰিপ্ৰেক্ষিততে কানিৰ ব্যৱহাৰ হ্ৰাস হৈছিল। এই আন্দোলনৰ আন এটা উল্লেখযোগ্য গঠনমূলক কাম আছিল— খাদীৰ প্ৰচলন জনপ্রিয় কৰি তোলাৰ লগতে ইয়াৰ উৎপাদন বৃদ্ধি কৰা।

চাহবাগিচাৰ বনুৱাসকলে মজুৰি বৃদ্ধিৰ দাবী জনোৱাৰ লগতে গান্ধীৰ জয় ধ্বনি দি শোষণৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰিছিল। মালিকসকলে বনুৱাসকলক বল প্রয়োগ কৰি ওভোতাই আনিবলৈ জিলা প্রশাসনক হেঁচা দিছিল। এনে বল প্রয়োগৰ ফলত বহুতো বনুৱাৰ মৃত্যু হৈছিল আৰু বাকী সকল বাগিচালৈ উভতি আহিবলৈ বাধ্য হৈছিল।


45. ভাৰত ত্যাগ আন্দোলনত অসমৰ মানুহৰ ভূমিকা সম্বন্ধে সংক্ষেপে আলোচনা কৰা। HS-2019

উত্তৰঃ- ভাৰত ত্যাগ আন্দোলনত অসমৰ মানুহৰ অনবদ্য ভূমিকা আছিল। তলত এই বিষয়ে উল্লেখ কৰা হ’ল- 

(১) ১৯৪২ চনৰ ৮ আগষ্টত সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীয়ে বোম্বাইত বিখ্যাত ‘ভাৰত ত্যাগ’ আন্দোলনৰ ঘোষণা কৰাত অসমৰ মানুহে এই আন্দোলনত উঠি পৰি লাগিছিল। ভাৰতৰ অন্যান্য প্রান্তৰ দৰে অসমতো কংগ্ৰেছৰ প্রধান নেতাসকলক গ্রেপ্তাৰ কৰাৰ লগতে অসম প্রদেশ কংগ্ৰেছ কমিটি, জিলা কংগ্ৰেছ কমিটি আৰু অন্যান্য ঐক্যমঞ্চসমূহক অবৈধ ঘোষণা কৰা হৈছিল। সকলো ধৰণৰ সভা, হৰতাল আৰু মানুহৰ সমাগম নিষিদ্ধ কৰা হৈছিল।

(২) অসমত এই আন্দোলন অহিংসা পদ্ধতিৰে হৰতাল, শোভাযাত্রা, সমাৰোহ আদিৰ জৰিয়তে আৰম্ভ হৈছিল। জেলত থকা নেতাসকলৰ ওপৰত পুলিচৰ অত্যাচাৰৰ সীমা চেৰাই যোৱাত এই আন্দোলনে হিংসাত্মক ৰূপ ধাৰণ কৰিছিল। জনসাধাৰণে চৰকাৰী ঘৰ-দুৱাৰ আক্ৰমণ কৰাৰ লগতে ৰেলপথ আৰু সামৰিক বাহিনীৰ অস্ত্র-শস্ত্ৰ সৰবৰাহৰ পথসমূহ ধ্বংস কৰি দিছিল। বিশেষকৈ নগাঁও আৰু দৰং জিলাত ঘৰ-দুৱাৰ ধ্বংস কৰাৰ লগতে চৰকাৰী বিষয়াবোক হাৰাশাস্তি কৰা হৈছিল। 

(৩) শ শ নিৰপৰাধী মানুহ পুলিচৰ লাঠিচালনাত আহত হৈছিল আৰু যুদ্ধ শেষ নোহোৱালৈকে কংগ্ৰেছ নেতাসকলৰ বহিঃবিশ্বৰ সৈতে সকলো সম্পর্ক বন্ধ কৰি ৰখা হৈছিল। সৰু পথাৰত ৰেল বগৰোৱাৰ অভিযোগত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল। বিভিন্ন ঠাইত পুলিচৰ গুলি চালনাত ন্যূনধিক ২৭ গৰাকী লোক ছহিদ হৈছিল। মৃত্যুবৰণ কৰাসকলৰ ভিতৰত গহপুৰৰ ১৪ বছৰীয়া কনকলতা বৰুৱাও আছিল। 

(৪) ভাৰত ত্যাগ আন্দোলন প্রকৃতার্থত এক গণ আন্দোলন আছিল। বহু হেজাৰ সাধাৰণ জনতাই অংশগ্রহণ কৰা এই আন্দোলনে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত হিংসাত্মক ৰূপ লৈছিল। বৃটিছ চৰকাৰে আন্দোলনৰ নেতাসকলৰ লগতে হেজাৰ হেজাৰ মানুহ গ্রেপ্তাৰ কৰি ১৯৪৫ চনলৈকে জেলত আটক কৰি ৰাখিছিল।

(৫) জেলৰ বাহিৰত থকা কিছুসংখ্যক নেতাই আত্মগোপন কৰি এই আন্দোলন অব্যাহত ৰাখিবলৈ চেষ্টা কৰিছিল। আত্মগোপনকাৰী নেতাসকলৰ অন্যতম আছিল জয় প্রকাশ নাৰায়ণ, এছ এম যযাশী আদি। অসমত আত্মগোপনকাৰী সংগঠনৰ নেতৃত্ব বহন কৰিছিল শংকৰচন্দ্ৰ বৰুৱা, মহেন্দ্রনাথ হজৰিকা, জ্যোতি প্ৰসাদ আগৰৱালা। অকল বজালীতে ১৯৪৩ চনত কমেও ৩২টা গোপন স্বেচ্ছাসেৱী কেন্দ্র গঠন হৈছিল। 

বৃটিছৰ সমান্তৰালভাৱে চৰকাৰ গঠন কৰা ভাৰত ত্যাগ আন্দোলনৰ একাংশ নেতাৰ অন্যতম কার্যসূচী আছিল। অসমৰ বজালী, ৰহা, বাঁহজানি আদি ঠাইত আন্দোলনকাৰীয়ে গাঁও পঞ্চায়ত গঠন কৰি স্থানীয় শাসন গাঁওবাসীৰ হাতত তুলি দিছিল।

এনেদৰে ‘ভাৰত ত্যাগ আন্দোলন’ত অসমৰ মানুহে ভূমিকা গ্রহণ কৰিছিল। 


Dr. Ratanlal Brahma, M.A., B.Ed., M.Phil., Ph.D.
Post Graduate Teacher (Political Science)
H.N.Seminary Model HS School, Bagribari, Dhubri, Assam
Email : brahmaratan@gmail.com
Whatsapp no. : 7020477396

Leave a comment

Trending