সমাজ বিজ্ঞান (প্রথম খণ্ড)
(ইতিহাস) অধ্যায় ৫
ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য
Cultural Heritage of Indian and North East Region
SEBA Class 10 Social Science – History Part 1 Chapter 5
1. শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ-
(i) আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়- hslc-2023
(ক) ২২ জুন
(খ) ১২ এপ্রিল
(গ) ১৮ মে’
(ঘ) ২২ জুন
উত্তৰঃ-(ক) ২২ জুন
(ii) কোনজন আহোম ৰজাই কেবামহলীয়া তলাতল ঘৰৰ নিৰ্মাণ আৰম্ভ কৰিছিল?
hslc-2022
(ক) ৰাজেশ্বৰ সিংহ
(খ) চক্ৰধ্বজ সিংহ
(গ) চন্দ্ৰকান্ত সিংহ
(ঘ) ৰুদ্ৰসিংহ
উত্তৰঃ-(ঘ) ৰুদ্ৰসিংহ
(iii) অসমৰ প্ৰথম বাৰ্তালোচনী ‘অৰুণোদয়’ প্রকাশ হৈছিল- HSLC-2020
(ক) ১৮৪৬ চনত
(খ) ১৮৪০ চনত
(গ) ১৮২০ চনত
(ঘ) ১৮৩৯ চনত
উত্তৰঃ- (ক) ১৮৪৬ চনত।
(iv) তলত দিয়া জনগোষ্ঠীৰ কোনটো বৌদ্ধধর্মালম্বী? HSLC-2020
(ক) খাছী
(খ) খাম্তি
(গ) আদি
(ঘ) কার্বি
উত্তৰঃ-(খ) খাম্তি।
(v) ভাৰতৰ স্থাপত্যশিল্পৰ ভিতৰত মধ্যমণিস্বৰূপ স্থাপত্যটো হ’ল- HSLC-2020
(ক) সাঁচীৰ স্তূপ
(খ) অজন্তাৰ গুহা মন্দিৰসমূহ
(গ) আগ্রাৰ তাজমহল
(ঘ) অশোক স্তম্ভ
উত্তৰঃ-(গ) আগ্রাৰ তাজমহল।
(vi) তলৰ কোনবিধ ভাৰতীয় ধ্রুপদী নৃত্য অন্ধ্রপ্রদেশৰ- HS-2019
(ক) কথাকলি
(খ) কুচিপুড়ী
(গ) ভাৰতনাট্যম
(ঘ) অ’ডিছি।
উত্তৰঃ-(ঘ) কুচিপুড়ী।
(vii) কুঁহিয়াৰৰ পৰা গুৰ তৈয়াৰ কৰা কৌশল ভাৰতীয় সভ্যতা-সংস্কৃতিলৈ আগবঢ়োৱা অৱদান সমূহৰ এবিধ অৱদান— HS-2018
(ক) অষ্ট্ৰিকসকলৰ
(খ) নিগ্রোসকলৰ
(গ) দ্রাবিৰসকলৰ
(ঘ) মংগোলীয়সকলৰ
উত্তৰঃ- (ক) অষ্ট্রিককলৰ৷
(viii) ভাৰতত বিকশিত প্রাচীনতম সভ্যতাৰ নিদৰ্শন হ’ল—
(ক) মায়া সভ্যতা
(খ) নীলনদীৰ সভ্যতা
(গ) ইছলামীয় সভ্যতা
(ঘ) সিন্ধু সভ্যতা
উত্তৰঃ-(ঘ) সিন্ধু সভ্যতা
(ix) সিন্ধু সভ্যতাৰ পতন হৈছিল—
(ক) খ্রীষ্টপূর্ব ২৫০০ চনত
(খ) খ্রীষ্টপূর্ব ১৫০০ চনত
(গ) খ্রীষ্টপূর্ব ১০০০ চনত
(ঘ) খ্রীষ্টপূর্ব ২০০০ চনত
উত্তৰঃ-(খ) খ্রীষ্টপূর্ব ১৫০০ চনত
(x) ৰাজ তৰংগিনীৰ ৰচক–
(ক) কৌটিল্য
(খ) কলহন
(গ) বাণভট্ট
(ঘ) আর্যভট্ট
উত্তৰঃ-(খ) কলহন
(xi) ‘সত্যমেব জয়তে’ কথাষাৰ ক’ৰপৰা অনা হৈছে—
(ক) মুণ্ডক উপনিষদ
(খ) মহাভাৰত
(গ) ৰামায়ণ
(ঘ) সংহিতা
উত্তৰঃ-(ক) মুণ্ডক উপনিষদ
(xii) ‘অহিংসা পৰম ধৰ্ম’ কথাষাৰ আহিছে-
(ক) বেদ
(খ) মুণ্ডক উপনিষদ
(গ) ৰামায়ণ
(ঘ) মহাভাৰত
উত্তৰঃ-(ঘ) মহাভাৰত
(xiii) চৰকাৰে ধ্ৰুপদী নৃত্যক স্বীকৃতি দিছে—
(ক) আঠবিধ
(খ) চাৰিবিধ
(গ) পাঁচবিধ
(ঘ) সাতবিধ
উত্তৰঃ-(ক) আঠবিধ
(xiv) ভাৰত সম্ভেদ (Discovery of India) ৰ ৰচক-
(ক) আবুল কালাম আজাদ
(গ) সুভাষচন্দ্র বসু
(খ) জৱাহৰলাল নেহৰু
(ঘ) মহাত্মা গান্ধী
উত্তৰঃ- (খ) জৱাহৰলাল নেহৰু
2. অতি চমু প্রশ্নোত্তৰ :
(i) তামিলনাডুৰ চৰকাৰী স্বীকৃতিপ্রাপ্ত ধ্রুপদী নৃত্যবিধৰ নাম লিখা। hslc-2023
উত্তৰঃ-কুচিপুড়ী
(ii) ‘অর্থশাস্ত্র’ কোনে ৰচনা কৰিছিল? hslc-2023
উত্তৰঃ-কৌটিল্যই ৰচনা কৰিছিল।
(iii) কথাগীতাৰ ৰচক কোন?
উত্তৰঃ- ভট্টদেৱ।
(iv) মোগল যুগৰ স্থাপত্য ৰাজিৰ ভিতৰত বিশ্ববন্দিত কি?
উত্তৰঃ-তাজমহল।
(v) কামাখ্যা দেৱীৰ মন্দিৰ পুনৰ নির্মাণ কোনে কৰিছিল?
উত্তৰঃ- চিলাৰায়ে।
(vi) ভৰতৰ নাট্যশাস্ত্ৰত কিমানটা শ্লোক আছে?
উত্তৰঃ- ভৰতৰ নাট্যশাস্ত্ৰত ৬০০০ টা শ্লোক আছে।
(vii) মিজো শব্দৰ অর্থ কি?
উত্তৰঃ- মিজো শব্দৰ অৰ্থ হ’ল- পাহাৰৰ বাসিন্দা।
(viii) অসমৰ প্রথম বার্তালোচনীখনৰ নাম কি?
উত্তৰঃ- অসমৰ প্রথম বার্তালোচনীখনৰ নাম- অৰুণোদয়।
3. শুদ্ধ নে অশুদ্ধ লিখাঃ
(i) “হস্তীবিদ্যাৰ্ণৱ” পুথিখন মহাপুৰুষ শংকদেৱে ৰচনা কৰিছিল। hslc-2023
উত্তৰঃ- অশুদ্ধ।
8. হস্তীবিদ্যার্ণৱ পুথিখনৰ লিখক কোন?
উওৰঃ- হস্তীবিদ্যার্ণৱ পুথিখনৰ লিখক– সুকুমাৰ বৰকাইথ।
9. ৰাজতৰংগিণীৰ লিখক কোন?
উত্তৰঃ- ৰাজতৰংগিণীৰ লিখক হ’ল- কলহন।
10. মহাপুৰুষ শংকৰদেৱৰ প্রথম নাটকখনৰ নাম কি?
উত্তৰঃ- চিহ্নযাত্রা।
11. নামঘোষাৰ ৰচক কোন?
উত্তৰঃ- নামঘোষাৰ ৰচক শ্রীশ্রীমাধৱদেৱ।
12. চ’ত মাহৰ শেষৰ দিনটোক কি বোলে?
উত্তৰঃ- সংক্রান্তি বা দোমাহী বোলে।
13. কামাখ্যা মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছিল?
উত্তৰঃ- কামাখ্যা মন্দিৰ চিলাৰায়ে পুনৰ নিৰ্মাণ কৰিছিল।
14. ভাৰতৰ প্রাচীনতম সভ্যতাটোৰ নাম কি?
উত্তৰঃ-সিন্ধু সভ্যতা।
15. ‘চপছৰ কূট’ কোন ৰাজ্যৰ পৰম্পৰাগত উৎসৱ?
উত্তৰঃ- ‘চপছৰ কুট’ মিজোসকলৰ পৰম্পৰাগত উৎসৱ।
16. অসমৰ প্রাচীন নাম কি আছিল?
উত্তৰঃ- অসমৰ প্রাচীন নাম- প্রাগজ্যোতিষপুৰ আৰু কামৰূপ আছিল।
17. নগালেণ্ডৰ ‘হৰ্ণবিল’ উৎসৱ কি জীৱৰ নামত উৎসর্গিত?
উত্তৰঃ- হর্ণবিল উৎসৱ ‘ধনেশ পক্ষী’ৰ নামত উৎসর্গিত।
18. আজানপীৰ কেতিয়া অসমলৈ আহিছিল?
উত্তৰঃ- আহোম স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত আজানপীৰ অসমলৈ আহিছিল।
19. মণিপুৰী নৃত্য কি মূল বিষয়বস্তুক আলম কৰি গঢ়ি উঠিছে?
উত্তৰঃ- চৈতন্য মহাপ্রভূৰ শৈশৱ, কৃষ্ণলীলা আদিৰ আলম কৰি মণিপুৰী নৃত্য গঢ়ি উঠিছে।
20. কি বড়োমূলীয় শব্দৰপৰা অসম নামটোৰ উৎপত্তি হোৱা বুলি অনুমান কৰা হয়?
উত্তৰঃ- বড়োসকলৰ হা-চোম শব্দৰ পৰা অসম নামটোৰ উৎপত্তি হোৱা বুলি অনুমান কৰা হয়।
21. সিন্ধু সভ্যতাৰ দুখন অত্যাধুনিক নগৰৰ নাম লিখা।
উত্তৰঃ- সিন্ধু সভ্যতাৰ দুখন অত্যাধুনিক নগৰৰ নাম হল– (১) হৰপ্পা আৰু (২) মহেঞ্জোদাৰো।
22. উত্তৰ-পূৰ্বাঞ্চলৰ অষ্ট্রিক জনগোষ্ঠীৰ অন্তর্ভুক্ত জনজাতিটো কি?
উত্তৰঃ- উত্তৰ-পূৰ্বাঞ্চলৰ অষ্ট্রিক জনগোষ্ঠীৰ অন্তর্ভুক্ত জনজাতিটো হ’ল মেঘালয়ৰ খাছীয়া লোকসকল।
23. প্রাচীন ভাৰতবৰ্ষৰ দুগৰাকী দার্শনিকৰ নাম লিখা।
উত্তৰঃ- প্রাচীন ভাৰতবৰ্ষৰ দুগৰাকী দার্শনিক হ’ল-
(১) কণাদ আৰু (২) ৰামানুজ।
24. বিহুৰ সমধর্মী হিচাপে নামনি অসমত উদ্যাপিত হোৱা দুটা স্থানীয় উৎসৱ উল্লেখ কৰা।
উত্তৰঃ- (১) পুৰণি কামৰূপৰ ভঠেলী উৎসৱ আৰু
(২) দৰং জিলাৰ দেউল উৎসৱ।
25. প্রাচীন ভাৰতৰ দুজন দার্শনিকৰ নাম লিখা।
উত্তৰঃ- প্রাচীন ভাৰতৰ দুজন দার্শনিক হ’ল— ৰামানুজ আৰু জৈমিনি।
26. প্রাচীন ভাৰতত ৰচিত ৰাজনীতি বিজ্ঞান বিষয়ক বিখ্যাত গ্রন্থখনৰ নাম কি?
উত্তৰঃ- প্রাচীন ভাৰতৰ ৰাজনীতি বিজ্ঞান বিষয়ক বিখ্যাত গ্ৰন্থখন হ’ল কৌটিল্যৰ ‘অর্থশাস্ত্র’।
27. অসমৰ গদ্য সাহিত্যৰ সূচনা কোনে কৰিছিল?
উত্তৰঃ- অসমৰ গদ্য সাহিত্যৰ সূচনা ভট্টদেৱে কৰিছিল।
28. সিন্ধু সভ্যতাৰ পূব সীমা গাংগেয় উপত্যকাৰ কোন ঠাইলৈ বিস্তৃত আছিল?
উত্তৰঃ- সিন্ধু উপত্যকাৰ পূব সীমা গাংগেয় উপত্যকাৰ মীৰাটলৈ বিস্তৃত আছিল।
29. সিন্ধু সভ্যতাত নাগৰিক সংস্কৃতিৰ বিকাশ কেতিয়া হৈছিল?
উত্তৰঃ-সিন্ধু সভ্যতাৰ নাগৰিক সংস্কৃতিৰ বিকাশ খ্রীষ্টপূর্ব চতুর্থ সহস্রাব্দত হৈছিল।
30. ৰাষ্ট্ৰসংঘৰ শিক্ষা, বিজ্ঞান আৰু সাংস্কৃতিক সন্থাৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে তালিকাভুক্ত হোৱা ভাৰতৰ দুটা স্থাপত্যৰ নাম লিখা। HS-2018
উত্তৰঃ- ৰাষ্ট্ৰসংঘৰ শিক্ষা, বিজ্ঞান আৰু সাংস্কৃতিক সংস্থাৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে তালিকাভুক্ত হোৱা ভাৰতৰ দুটা স্থাপত্যৰ নাম হ’ল— (ক) সাঁচীৰ স্তুপ (খ) তাজমহল।
31. আজানপীৰ কোন?
উত্তৰঃ- আজানপীৰ অসমলৈ অহা এজন চুফী সাধক আছিল। তেওঁ অসমত প্রচলিত জিকিৰ ৰচনা কৰিছিল।
32. লোক সংগীতত আগবঢ়োৱা অৱদানৰ বাবে অসমৰ কোন শিল্পীক পদ্মশ্রী সম্মান প্রদান কৰা হৈছিল?
উত্তৰঃ- প্রতিমা পাণ্ডে বৰুৱাক পদ্মশ্রী সম্মান প্রদান কৰা হৈছিল।
33. ঋকবেদৰ আনুমানিক ৰচনা কাল কি?
উত্তৰঃ- ঋকবেদৰ আনুমানিক ৰচনা কাল হ’ল খ্রীষ্টপূর্ব ১৫০০ চনৰ পৰা খ্রীষ্টপূর্ব ১০০০ চন।
34. ‘বিবিধতাৰ মাজত একতা’ (Unity in Diversity) এই বাক্যাংশ কোনখন গ্ৰন্থৰ জৰিয়তে স্থায়িত্ব লাভ কৰিলে?
উত্তৰঃ- জৱাহৰলাল নেহৰুৰ ‘ভাৰত সম্ভেদ’ (discovery of India) গ্রন্থৰ জৰিয়তে।
35. উত্তৰ-পূৰ্বাঞ্চলৰ কোন ৰাজ্যত মাতৃতান্ত্রিক সমাজৰ ব্যৱস্থা প্রচলিত?
উত্তৰঃ- মেঘালয়ত মাতৃতান্ত্রিক সমাজ ব্যৱস্থা প্রচলিত।
36. ভৰত মুনিৰ নাট্যশাস্ত্র কেতিয়া ৰচিত হৈছিল?
উত্তৰঃ- খ্রীষ্টপূর্ব ২০০ৰ পৰা খ্রীষ্টীয় ২০০ মানৰ ভিতৰত ভৰত মুনিৰ নাট্যশাস্ত্র ৰচিত হৈছিল।
37. দ-পৰ্বতীয়াৰ শিলৰ তোৰণখন কেতিয়া নিৰ্মিত হৈছিল?
উত্তৰঃ- দ-পৰ্বতীয়াৰ শিলৰ তোৰণখন খ্রীষ্টীয় ষষ্ঠ শতিকাত নির্মিত হৈছিল।
38. ভাৰতীয় সংবিধানত কেইটা ভাষাক চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়া হৈছে?
উত্তৰঃ- ভাৰতীয় সংবিধানত ২২টা ভাষাক চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়া হৈছে।
39. আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস কেতিয়া পালন কৰা হয়?
উত্তৰঃ- আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ২১ জুনত পালন কৰা হয়।
40. সিন্ধু উপত্যকাত আবিষ্কৃত হোৱা ধর্মীয় উদ্দেশ্যত ব্যৱহৃত হোৱা দুটা মূর্তিৰ নাম লিখা?
উত্তৰঃ- (১) মাতৃদেৱীৰ মূর্তি আৰ (২) ষাড়গৰুৰ মূর্তি।
41. খ্রীষ্টিয় ষষ্ঠ শতিকাৰ পিছত ভাৰতলৈ অহা দুটা বিদেশী জাতিৰ নাম লিখা?
উত্তৰঃ- খ্রীষ্টিয় ষষ্ঠ শতিকাৰ পিছত ভাৰতলৈ অহা দুটা বিদেশী জাতিৰ নাম হ’ল– (১) গ্রীক আৰু (২) শক।
42. ভাৰতৰ প্রাচীন যুগৰ দুগৰাকী বিজ্ঞানীৰ নাম লিখা। HSLC-2018
উত্তৰঃ- প্রাচীন ভাৰতৰ দুগৰাকী বিজ্ঞানীৰ নাম হ’ল-
(১) আর্যভট্ট (২) বৰাহ মিহিৰ।
43. প্ৰাচীন ভাৰতৰ দুখন চিকিৎসা-শাস্ত্ৰৰ নাম লিখা।
উত্তৰঃ- প্রাচীন ভাৰতৰ দুখন চিকিৎসা-শাস্ত্ৰৰ নাম হ’ল-
(১) চৰক সংহিতা (২) সুশ্রুত সংহিতা
44. চিত্রকলাৰ প্রতি পৃষ্ঠপোষকতা আগবঢ়োৱা দুগৰাকী মোগল বাদছাহৰ নাম লিখা।
উত্তৰঃ- চিত্রকলাৰ প্রতি পৃষ্ঠপোষকতা আগবঢ়োৱা দুগৰাকী মোগল বাদছাহৰ নাম হ’ল-
(১) জাহাংগীৰ (২) ছাহজাহান।
45. আহোম ৰাজত্ব কালত ৰচিত দুখন বুৰঞ্জীৰ নাম লিখা।
উত্তৰঃ- আহোম ৰাজত্ব কালত ৰচিত দুখন বুৰঞ্জী হ’ল-
(১) দেওধাই বুৰঞ্জী আৰু (২) তুংখুঙ্গীয়া বুৰঞ্জী
46. ভাৰতীয় সাংস্কৃতিৰ দটা বিশেষ বৈশিষ্ট্যৰ নাম লিখা?
উত্তৰঃ- ভাৰতীয় সাংস্কৃতিৰ দুটা বিশেষ বৈশিষ্ট্যৰ নাম হ’ল-
(১) সাংস্কৃতিক বহুত্ববাদ (২) বৈছিত্ৰৰ মাজত একতা।
47. বহাগ বিহুত সহধৰ্মী হিচাপে কি কি উদ্যাপন কৰা হয়?
উত্তৰঃ- দৰং জিলাৰ দেউল, পুৰণি কামৰূপৰ ভঠেলি, গোৱালপাৰা জিলাৰ বাঁসপূজা আদি।
48. ভাৰতত থকা মূল নৃ-গোষ্ঠী কেইটা কি কি?
উত্তৰঃ- ভাৰতত থকা মূল নৃ-গোষ্ঠীকেইটা হ’ল- নিগ্রোগোষ্ঠী, প্রট’ অষ্ট্ৰলয়ড বা অষ্ট্রিক, মংগোলীয় গোষ্ঠী, আদি।
49. পোৱামক্কা কি? আৰু ক’ত অৱস্থিত?
উত্তৰঃ- পোৱামক্কা অসমৰ ইছলাম ধর্মালম্বীসকলৰ এখন পৱিত্র তীর্থস্থান। ই হাজোত অৱস্থিত।
50. লোকসংস্কৃতিৰ দ্বাৰা কি প্রতিফলিত হয়?
উত্তৰঃ- এটা জাতি বা এখন সমাজৰ স্বাভৱিক ৰূপ-ৰং, সুখ-দুখ, শ্রম-বিনোদন আদি লোকসংস্কৃতিৰ দ্বাৰা প্রতিফলিত হয়।
51. চাংৰুং ফুকন কি দায়িত্বত ন্যস্ত আছিল?
উত্তৰঃ- চাংৰুং ফুকন আহোম শাসন ব্যৱস্থাত মঠ-মন্দিৰ, ৰাস্তা-ঘাট, প্রাসাদ, ঘৰ-দুৱাৰ আদিৰ নিৰ্মাণ কাৰ্য, জোখ-মাখ আদি চোৱা-চিতা কৰাৰ দায়িত্বত ন্যাস্ত আছিল।
52. হেৰাকা আন্দোলন কি?
উত্তৰঃ- নগালেণ্ডৰ স্বাধীনতা সংগ্রামী ৰাণী গাইডালুৱে নগালেণ্ডৰ পৰম্পৰাগত ধর্ম বিশ্বাস তথা সংস্কৃতি সংৰক্ষণ আৰু পুনৰ প্ৰৱর্তনৰ উদ্দেশ্যে এটা আন্দোলন গঢ়ি তুলিছিল। ইয়াকে হেৰাকা আন্দোলন বোলা হয়।
53. চুলতানী আৰু বাদছাহী যুগৰ চাৰিবিধ স্থাপত্যৰ নাম লিখা।
উত্তৰঃ- চুলতানী আৰু বাদছাহী যুগৰ চাৰিবিধ স্থাপত্যৰ নাম হ’ল— (১) মছজিদ (২) মঞ্জিল (ৰাজপ্রাসাদ) (ত) মাকোৱাৰা (মৃতকৰ সৌধ) (৪) মিনাৰ (গম্বুজ বা কির্তীস্তম্ভ)।
54. দেৱাল চিত্ৰৰ নিদর্শন থকা ভাৰতৰ তিনিখন ঠাইৰ নাম উল্লেখ কৰা।
উত্তৰঃ- দেৱাল চিত্ৰৰ নিদর্শন থকা ভাৰতৰ তিনিখন ঠাই হ’ল-
(১) বাঘ (মধ্যপ্রদেশ)
(২) অজন্তা (মহাৰাষ্ট্র) আৰু
(৩) চিত্তনাৱাচল (তামিলনাড়ু)।
55. মোগল যুগৰ ক্ষুদ্ৰাকাৰ চিত্র সম্বলিত তিনিখন গ্ৰন্থৰ নাম লিখা।
উত্তৰঃ- মোগল যুগৰ ক্ষুদ্রাকাৰ চিত্র সম্বলিত তিনিখন গ্রন্থ হ’ল-
(১) পাছাহনামা
(২) জাহাংগীৰ নামা আৰু
(৩) তুতিনামা।
56. চর্যাপদ মানে কি আৰু কেতিয়া ৰচিত হৈছিল?
উত্তৰঃ- চর্যাপদ মানে হ’ল- কেইটামান সহজযান পন্থীয়ে ৰচনা কৰা গীত।
খ্রীষ্টীয় দশম শতিকাৰ পৰা চতুর্দশ শতিকাৰ ভিতৰত চর্যাপদসমূহ ৰচিত হৈছিল।
57. ভাৰতৰ ৰাষ্ট্ৰীয় প্রতীকত থকা ‘সত্যমেৱ জয়তে’ এই বাক্যশাৰী মুলতঃ কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে?
উত্তৰঃ- ভাৰতৰ ৰাষ্ট্ৰীয় প্রতীকত থকা ‘সত্যমেৱ জয়তে’ বাক্যংশ ‘মুণ্ডক উপনিষদ’ৰ পৰা লোৱা হৈছে।
58. ভাৰতৰ ভাস্কর্য শিল্পকলাৰ কোনটো শৈলীত গ্রীক-ৰোমান কলা-কৌশলৰ প্ৰয়োগ হৈছিল?
উত্তৰঃ- ভাৰতৰ ভাস্কর্য-শিল্পকলাৰ গান্ধাৰ শৈলীত গ্রীক-ৰোমান কলা-কৌশল প্রয়োগ হৈছিল।
59. মাধৱ কন্দলিয়ে কাৰ পৃষ্ঠপোষকতা লাভ কৰি সপ্তকাণ্ড ৰামায়ণ অনুবাদ কৰিছিল?
উত্তৰঃ- বৰাহী ৰজা মহামাণিক্যৰ পৃষ্টপোষকতাত মাধৱ কন্দলীয়ে ‘সপ্তকাণ্ড ৰামায়ণ’ অনুবাদ কৰিছিল।
60. জেং বিহু মানে কি?
উত্তৰঃ- জেং বিহু হ’ল উজনি অসমৰ মহিলাসকলে নির্জন ঠাইত পুৰুষে নেদেখাকৈ ব’হাগ বিহুৰ সময়ত পতা বিহু।
61. দৰঙৰ দুবিধ লোক নৃত্যৰ নাম উল্লেখ কৰা। HSLC-2020
উত্তৰঃ- দৰঙৰ দুবিধ লোক নৃত্য হ’ল-
(১) দেওধনী নৃত্য (২) বৰঢুলীয়া নৃত্য।
62. ক্ষুদ্রাকাৰ চিত্রযুক্ত অসমৰ দুখন ‘সাঁচিপতীয়া পুথিৰ নাম লিখা। HS-2018
উত্তৰঃ- ক্ষুদ্রাকাৰ চিত্রযুক্ত অসমৰ দুখন সাঁচিপতীয়া পুথিৰ নাম হ’ল—
(ক) গীত গোবিন্দ আৰু
(খ) আনন্দলহৰী।
63. অসমৰ প্রাচীন নাম কামৰূপ আৰু প্ৰাগজ্যোতিষৰ উল্লেখ থকা তিনিখন গ্ৰন্থৰ নাম লিখা।
উত্তৰঃ- অসমৰ প্রাচীন নাম কামৰূপ আৰু প্ৰাগজ্যোতিষৰ উল্লেখ থকা তিনিখন গ্রন্থ হ’ল-
(১) কালিকা পুৰাণ
(২) বিষ্ণু পুৰাণ
(৩) যোগিনী তন্ত্র।
64. অসমত প্রচলিত চাৰিবিধ লোকগীতৰ নাম লিখা।
উত্তৰঃ- (১) নিচুকনি গীত (২) কামৰূপী লোকগীত (৩) বিয়ানাম (৪) আইনাম।
65. ৰঙালি বিহুৰ সাতদিনক কি কি নামেৰে জনা যায়?
উত্তৰঃ- (১) গৰু বিহু (২) মানুহ বিহু (3) গোঁসাই বিহু (৪) কুটুম বিহু (৫) চেনেহী বিহু (৬) মেলা বিহু আৰু (৭) চেৰা বিহু।
66. চৰকাৰী স্বীকৃতিপ্রাপ্ত আঠবিধ ধ্রুপদী নৃত্যৰ নাম লিখা।
উত্তৰঃ- (১) কথাকলি (২) মোহিনী আট্রম (৩) ভৰত নাট্রম (৪) কুচিপুড়ী (৫) অ’ডিছী (৬) কথক (৭) সত্ৰীয়া (৮) মণিপুৰি।
67. ভাৰতৰ ভাস্কর্য শিল্পত কি কি মূর্তি নির্মাণ কৰা হৈছিল?
উত্তৰঃ- ভাৰতৰ ভাস্কর্য শিল্পত নির্মাণ কৰা মূর্তিসমূহ হ’ল- যেনে- মহাবীৰ, গৌতম বুদ্ধ, হিন্দু দেৱ-দেৱী, যক্ষ-যক্ষিণী, অপেশ্বৰী, হিন্দু তথা বৌদ্ধ ধর্মৰ লগত জড়িত বিভিন্ন জীৱ-জন্তুৰ মূর্তি।
68. ভাৰতৰ ভাস্কর্য শিল্পকলাৰ তিনিটা প্রধান শৈলী কি কি? HS-2018
উত্তৰঃ- ভাৰতৰ ভাস্কর্য শিল্পকলাৰ তিনিটা প্রধান শৈলী হ’ল-
(ক) গান্ধাৰ শিল্পকলা
(খ) মথুৰা শিল্পকলা আৰু
(গ) অমৰাৱতী শিল্পকলা।
69. বেদৰ চাৰিখন সংহিতাৰ নাম লিখা।
উত্তৰঃ- বেদৰ চাৰিখন সংহিতা হ’ল-
(১) ঋক বেদ সংহিতা
(২) যজুঃ বেদ সংহিতা
(৩) সাম বেদ সংহিতা
(৪) অথর্ব বেদ সংহিতা।
70. ওজাপালিৰ দুটা ভাগৰ নাম লিখা আৰু উদাহৰণ দিয়া। HS-2019
উত্তৰঃ- ওজাপালিৰ দুটা ভাগৰ নাম হ’ল—
(১) ব্যাসৰ ওজা পালি আৰু (২) সুকনান্নী ওজাপালি।
ব্যাসৰ ওজাপালিৰ উদাহৰণ হ’ল– ৰামায়ণী ওজাপালি।
সুকনান্নী ওজাপালিৰ উদাহৰণ হ’ল— দেওধনি নৃত্য।
71. ভাৰতীয় সংস্কৃতিত অনৈক্যৰ মাজত একতা সৃষ্টিকাৰী তিনিটা কাৰক উল্লেখ কৰা।
উত্তৰঃ- ভাৰতীয় সংস্কৃতিক অনৈক্যৰ মাজত ঐকৰ এক অভূতপূর্ব সংমিশ্রণ বুলিব পাৰি। ইয়াৰ তিনিটা কাৰক হ’ল-
(১) হিন্দুধৰ্মৰ স্বকীয় বহুত্ববাদীতা তথা উদাৰতা।
(২) বিভিন্ন সময়ত গঢ়ি উঠা সাম্রাজ্যসমূহে সৃষ্টি কৰা ৰাজনৈতিক একতাৰ ইতিহাস।
(3) বিভিন্ন যুগৰ শাসকসকলৰ ধৰ্মীয় তথা সাংস্কৃতিক উদাৰতা।
72. চিত্রকলাৰ যড়াংগ মানে কি বুজা?
উত্তৰঃ- খ্রীষ্টপূর্ব প্রথম শতিকাত চিত্র অংকনৰ বাবে প্রয়োজনীয় কৌশল ছটাকে যড়াংগ বোলা হৈছিল। এইকেইটা হ’ল-
(১) আকৃতি (২) জোখ-মাখ (৩) আৱেগ-অনুভূতি প্রকাশক কৌশল (৪) কলাত্মক উপস্থাপন (৫) সাদৃশ্যজ্ঞান আৰু (৬) তুলিকা ব্যৱহাৰৰ নিয়ম। দেৱাল চিত্ৰত এইবোৰৰ প্রয়োগ হৈছিল।
73. কামৰূপী লোকগীত আৰু গোৱালপৰীয়া লোকগীতৰ মূল বিষয়বস্তু কি?
উত্তৰঃ- কামৰূপী লোকগীত আৰু গোৱালপৰীয়া লোকগীতত ঘাইকৈ জীৱনৰ সুখ-দুখ, দেহৰ ক্ষণভংগুৰতা, জীৱনত ঈশ্বৰ চিন্তাৰ গুৰুত্ব, দেৱ-দেৱীৰ প্রশান্তি আদি প্রকাশ পায়। ইয়াৰ উপৰি গোৱালপৰীয়া লোকগীতত স্থানীয় কিংবদন্তী তথা হাতী ধৰা আৰু পোহ মনোৱা বিষয়ক মূল বিষয়বস্তু হিচাপে প্রকাশ পায়।
74. অষ্ট্রিক সকলে ভাৰতীয় সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদান উল্লেখ কৰা। HS-2017
উত্তৰঃ- অষ্ট্রিক সকলে ভাৰতীয় সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদান হ’ল-
(১) অষ্ট্রিকসকলে ধান খেতি, কুঁহিয়াৰৰ পৰা গুৰ তৈয়াৰ কৰা কৌশল, কপাহৰ পৰা সূতা উলিয়াই কাপোৰ বোৱা আদি কৌশলৰ সূচনা কৰিছিল।
(২) তেওঁলোকে ধর্মীয় পৰম্পৰাগত সেন্দুৰৰ ব্যৱহাৰ, হালধিৰ ব্যৱহাৰ আৰু হাতী পোহমনোৱা কাৰ্যৰ উদ্ভাৱন কৰিছিল।
75. সাংস্কৃতিক বহুত্ববাদ মানে কি?
উত্তৰঃ- সাংস্কৃতিক বহুত্ববাদ মানে কোনো এখন সমাজৰ সাংস্কৃতিক বিবিধতা আৰু ইয়াৰ প্ৰতি থকা শ্ৰদ্ধাৰ মনোভাৱক বুজায়। সামাজিক ৰীতি-নীতি, লোক বিশ্বাস ধর্মীয় ৰীতি-নীতি আৰু ভাষাগত সংমিশ্রণ ঘটি অজস্র পৃথক পৃথক সাংস্কৃতিক তত্বসমূহক সাংস্কৃতিক বহুত্ববাদ বুলি কোৱা হয়।
76. প্রাচীন ভাৰতৰ স্থাপত্য নিদর্শন সমূহক ঘাইকৈ কি কি ভাগত ভগোৱা হৈছে। HS-2018
উত্তৰঃ- প্রাচীন ভাৰতৰ স্থাপত্য শিল্পৰ নিদর্শন ঘাইকৈ মঠ-মন্দিৰ, স্তূপ আদি ধর্মীয় উপাসনাৰ কেন্দ্রস্থল আছিল। এই স্থাপত্য নিদর্শনসমূহৰ নিৰ্মাণশৈলীক ঘাইকৈ উত্তৰ ভাৰতীয় ‘নাগৰ’, দক্ষিণ ভাৰতীয় ‘দ্রাবিড়’ আৰু বিন্ধ্য আৰু কৃষ্ণানদীৰ মাজভাগত দেখিবলৈ পোৱা ‘ৱেচৰ’ শৈলী এই তিনিটা ভাগত ভগাব পাৰি।
77. সম্রাট অশোকৰ ধর্মীয় উদাৰতাৰ সাক্ষ্য বহণ কৰা শিলালেখা কোনখন? ইয়াত ধৰ্মীয় উদাৰতাৰ বিষয়ে কি কোৱা হৈছিল?
উত্তৰঃ- সম্রাট অশোকৰ গির্ণাৰত থকা দ্বাদশ মুখ্য শিলালেখখনত থকা কিছু কথা লিপিবদ্ধ কৰা হৈছে। এই লিপিত কোৱা হৈছে যে কোনেও একমাত্র নিজৰ ধর্মটোকে মাত্র প্রশংসা আৰু আনৰ ধৰ্মক হীন বুলিব নালাগে। বৰং সকলো ধৰ্মৰ সাৰ গ্ৰহণ কৰি সমন্বয়ৰ বাট অনুসৰণ কৰিব লাগে। ইয়াৰ পৰাই আমি তেখেতৰ ধর্মীয় উদাৰতাৰ কথা জানিব পাৰে।
78. ঝুম খেতি মানে কি বুজা?
উত্তৰঃ- ঝুমখেতি হৈছে এক প্ৰকাৰৰ ঠাই সলনি কৰি কৰা খেতি। পাহাৰৰ এঢলীয়া ঠাইত হাবি-বন মোকলাই এই খেতি কৰা হয়। এই ব্যৱস্থাত কোনো এটা পাহাৰীয়া অঞ্চলৰ হাবি-বন কাটি জ্বলাই দি সেই অঞ্চলটোৰ মাটি কৃষিৰ বাবে উপযোগীকৈ কাটি উলিওৱা হয়। সেই ঠাইত এবছৰ বা দুবছৰ খেতি কৰাৰ পিছত মাটিৰ উৰ্বৰতা হ্রাস পায়। তেতিয়া আন এডোখৰ ঠাই, নির্বাচন কৰি তাত ঝুমখেতি নতুনকৈ আৰম্ভ কৰে।
79. ভাৰতীয় সংস্কৃতিত বর্ণাঢ্যতা সৃষ্টিৰ ক্ষেত্ৰত ভৌগোলিক পৰিস্থিতিয়ে কি দৰে ভূমিকা গ্রহণ কৰিছে?
উত্তৰঃ- ভাৰতীয় সংস্কৃতিত বর্ণাঢ্যতা সৃষ্টিৰ ক্ষেত্ৰত ভৌগোলিক পৰিস্থিতিয়ে বিশেষ ভূমিকা গ্রহণ কৰি আহিছে। কৃষি উপযোগী সাৰুৱা ভূমি, যাতায়াত-যোগাযোগৰ বাবে সুচলতা আৰু প্রাকৃতিক সম্পদৰ গুণত কোনোবাটো অঞ্চল হয়তো আর্থিকভাৱে অধিকতৰ স্বচ্ছল আৰু অন্য সংস্কৃতিৰ সৈতে সংস্পর্শ সঘনাই হৈছে। আকৌ কোনোবাটো অঞ্চল হয়তো এই সুবিধাবোৰৰ অভাৱত বিচ্ছিন্ন কষ্টসাধ্য জীৱন-যাপন কৰিবলগীয়া হৈছে।
80. ভাৰতীয় চিত্রকলাৰ প্ৰধান ভাগ দুটা কি? উদাহৰণ দিয়া। HSLC-2017
(নাইবা) ভাৰতীয় চিত্রকলাক কি কি ভাগত ভগাব পাৰি?
উত্তৰঃ- ভাৰতীয় চিত্রকলাৰ প্রধান ভাগ দুটা হ’ল— (১) বৃহদাকাৰ দেৱাল চিত্র (২) ক্ষুদ্রাকাৰ চিত্র। বৃহদাকাৰ দেৱাল চিত্ৰৰ উদাহৰণ— অজন্তাৰ দেৱালৰ চিত্রসমূহ।
ক্ষুদ্রাকাৰ চিত্ৰৰ উদাহৰণ- জাহাংগীৰনামা।
81. ভাৰতৰ স্থাপত্য কলাৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ- ভাৰতৰ স্থাপত্য কলাৰ তিনিটা বৈশিষ্ট্য হ’ল—
(১) ভাৰতৰ স্থাপত্য কলাৰ নিৰ্মাণ ৰাজকীয় পৃষ্ঠপোষকতাতহে সম্ভৱ হৈছিল।
(২) উত্তৰ ভাৰতৰ মন্দিৰসমূহৰ ওপৰ অংশ অর্ধবৃত্তাকাৰ আৰু দক্ষিণ ভাৰতীয় মন্দিৰসমূহৰ ওপৰ অংশ আয়তাকাৰেৰে ক্ৰমে ওপৰলৈ সৰু হৈ যোৱা ধৰণৰ।
(৩) ৱেচৰ শৈলীৰ মন্দিৰসমূহত নাগৰ আৰু দ্রাবিড় শৈলীৰ মিশ্রণ ঘটা দেখা যায়।
82. ‘ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য’ পাঠটিত ‘সাংস্কৃতিক একতাৰ জালিকা’ বুলি কি বুজাব বিচৰা হৈছে?
উত্তৰঃ- ভাৰতবৰ্ষৰ বিশাল ভূ-খণ্ডত ভৌগোলিক ধার্মিক ভাষিক আর্থিক আদি ক্ষেত্ৰত যথেষ্ট বিভিন্নতা আছে যদিও ভাৰতীয় সকলক এক ঐক্যবদ্ধ অনুভূতিৰে সাঙোৰ খাই থকা দেখা যায়। ইয়াৰ উপৰিও এটা বিশেষ সাংস্কৃতিক যোগাযোগৰ দ্বাৰা দেশখনৰ প্রতিটো গোট পৰস্পৰ বনন্ধযুক্ত হৈ থকা দেখা যায়। দুটা গোট যদি আঞ্চলিকভাৱে বিচ্ছিন্ন তেওঁলোকে ভাষিকভাৱে বা ধর্মীয়ভাৱে বন্ধনযুক্ত, কোনোবা যদি ভাষিকভাৱে, বিচ্ছিন্ন তেওঁলোক ধর্মীয়ভাৱে বা ভৌগোলিকভাৱে বন্ধনযুক্ত । সেয়েহে ভাৰত তথা পূর্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্যক সাংস্কৃতিক একতাৰ জালিকা বলি কোৱা হয়।
83. ভাৰতৰ যোগবিদ্যাৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ- মানৱ সমাজত অনবদ্য অৱদানস্বৰূপ যোগ বিদ্যা হ’ল ভাৰতৰ এক উল্লেখযোগ্য সাংস্কৃতিক ঐতিহ্য। এই কলাৰ বিকাশ সিন্ধু সভ্যতাৰ সময়ৰ পৰাই হৈছিল বুলি অনুমান কৰিব পাৰি। বৈদিক যুগত এই বিদ্যাৰ বহুল চর্চা হৈছিল। খ্রীষ্টীয় দ্বিতীয় শতিকাত মহর্ষি পতঞ্জলীয়ে তেওঁৰ ‘যোগসূত্র’ নামৰ গ্ৰন্থখনত যোগবিদ্যাক এক সংহত ৰূপ দিছিল। তেওঁ এই বিদ্যাক শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক উৎকর্ষ সাধনৰ সক্রিয় পদ্ধতি হিচাপে এক দৰ্শনৰ ৰূপত গঢ় দিছিল। যোগ বিদ্যাৰ প্রয়োজনীয়তাৰ কথা ভাবি ৰাষ্ট্ৰসংঘই ২০১৫ চনৰ ১১ জুন তাৰিখটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে ঘোষণা কৰিছে।
84. অসমীয়া ভাষাৰ মূল কি? আধুনিক অসমীয়া ভাষাই কেনেকৈ বিকাশ লাভ কৰিছিল?
উত্তৰঃ- অসমীয়া ভাষাৰ মূল সংস্কৃত। খ্রিষ্টীয় চতুর্থ শতিকাৰ মাজভাগত প্রতিষ্ঠা হোৱা বর্মন বংশ আৰু পৰৱর্তী ৰাজবংশসমূহে প্রথমতে সংস্কৃত ভাষা আৰু পিছলৈ সংস্কৃত ভাষাৰপৰা উদ্ভূত অসমীয়া ভাষাকেই চৰকাৰী ভাষা হিচাপে ব্যৱহাৰ কৰিছিল। অৱশ্যে সংস্কৃত ভাষাৰপৰা আধুনিক সময়ৰ অসমীয়া ভাষাৰ ৰূপটো বিভিন্ন পর্যায় অতিক্রম কৰি সুদীর্ঘ সময়ৰ পিছত সৃষ্টি হৈছিল। অসমীয়া ভাষাৰ আধুনিক ৰূপটো ‘অৰুণোদয়’ আলোচনীৰ জৰিয়তে বিকশিত হ’বলৈ লয়। আমেৰিকাৰ ব্যাপ্তিষ্ট মিছনেৰি সকলে ১৮৪৬ খ্রিষ্টাব্দত প্ৰকাশ কৰা অসমৰ প্রথম বার্তালোচনী ‘অৰুণোদয়’ৰ জৰিয়তে অসমীয়া ভাষাৰ আধুনিক ৰূপটোৰ সৃষ্টি হয় আৰু ক্ৰমে ইউৰোপীয় সাহিত্যৰ বিভিন্ন ৰূপ আৰু সাহিত্যিক বৈশিষ্ট্যৰ অসমীয়া সাহিত্যত প্রৱেশ ঘটে।
85. ৰচয়িতাসকলৰ নাম লিখা :
উত্তৰঃ- গ্ৰন্থ ৰচয়িতা
(ক) অর্থশাস্ত্র – কৌটিল্য
(খ) হস্তিবিদ্যার্ণব – সুকুমাৰ বৰকাইথ
(গ) কীর্তন – মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ
(ঘ) নামঘোষা – শ্রীশ্রীমাধৱদেৱ
(ঙ) চোৰধৰা – মাধৱদেৱ
(চ) কালিয়দমন – শংকৰদেৱ
(ছ) ৰামবিজয় – শংকৰদেৱ
(জ) কথাগীতা – ভট্টদেৱ
(ঝ) ৰাজৰঙ্গিনী – কলহন
(ঞ) ভাৰত সম্ভেদ – জৱাহৰলাল নেহৰু
86. উত্তৰ পূৰ্বাঞ্চলৰ অন্য ৰাজ্যকেইখনৰ তুলনাত অসমত সাংস্কৃতিক বিবিধতা, সংমিশ্রণ আৰু বিৱৰ্তন কিয় অধিকতৰ হৈছে? চমুটোকা লিখা।
উত্তৰঃ- উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যকেইখনৰ তুলনাত অসমত সাংস্কৃতিক বিভিন্নতা, সংমিশ্রণ আৰু বিৱৰ্তন অধিকতৰ হৈছে। ব্রহ্মপুত্র উপত্যকাৰ সাৰুৱা কৃষিভূমি আৰু প্রাকৃতিক সম্পদত চহকী এক উন্নত প্রাচীন সভ্যতাৰ অধিকাৰী দেশ চীনলৈ যাব পৰা পথ আকৌ তাৰ পৰা ৰোমান সাম্রাজ্যলৈ যাব পৰা পথ অসম হৈ আগ বাঢ়িছিল।
তদুপৰি অসমৰ প্রাকৃতিক সৌন্দর্য তথা নির্জনতা আদিৰ বাবে সুদূৰ অতীতৰ পৰা বিভিন্ন গোষ্ঠীৰ লোক প্ৰব্ৰজনকাৰী হিচাপে, আন্দোলনকাৰী হিচাপে, ব্যৱসায় বাণিজ্য আদিৰ বাবে, তীর্থ ভ্রমণ আদি কাৰণত অসমলৈ আহি ইয়াত স্থায়ীভাৱে থাকিবলৈ লয়। ভাৰতত ঘটিত হোৱা নৃতাত্বিক তথা সাংস্কৃতিক সংমিশ্রণ প্রক্রিয়াটো অসমতো ঘটিছিল। ফলস্বৰূপে আর্য-অনার্য সকলোৰে সমন্বিত অৱদানেৰে এক সংমিশ্রিত সংস্কৃতি গঢ় লৈ উঠিছিল। বিভিন্ন জনজাতীয় লোকসকলৰ এটা জনগোষ্ঠীৰ ভাষা, বেষশ ভুষা, আচাৰ-ব্যৱহাৰ, লোকাচাৰ আদিৰ ক্ষেত্ৰতো অনৈক্য আৰু পার্থক্য দেখা যায়। অসমীয়া সংস্কৃতিটো জনজাতীয় বহুতো উপাদান পৰিলক্ষিত হয়। সেয়ে অসমীয়া জাতিগত উপাদানত জনজাতীয় সাংস্কৃতিক কোনোপধ্যে উলাই কৰিব পৰা নাযায়। অসমৰ প্রাচীন নাম আছিল প্রাগজ্যোতিষপুৰ আৰু কামৰূপ। খ্রিষ্টীয় ত্রয়োদশ শতিকাৰ পৰা শাসন কৰিবলৈ লোৱা আহোমসকলৰ ‘আ-চাম’ অথবা ‘হা-চোম’ শব্দৰ পৰা অসম নামৰ উৎপত্তি হোৱা বুলি কিছুমান পণ্ডিতে মত পোষণ কৰে। এনেদৰে অসমৰ সাংস্কৃতিক বিবিধতা, সংমিশ্ৰণ আৰু বিৱৰ্তন অধিকতৰ হোৱা দেখা যায়।
87. অসমত উদ্যাপন কৰা বিহু উৎসৱৰ বিষয়ে চমুকৈ লিখা। অসমীয়া সংস্কৃতিত বিহুৰ অৱদান সম্পর্কে লিখা। HSLC-2020
উত্তৰঃ- অসমৰ লোক-সংস্কৃতিৰ বলিষ্ঠ আৰু সমৃদ্ধ ৰূপটো সঞ্চিত হৈ থকা এটা লোক উৎসৱ হৈছে বিহু। বিহু অসমৰ অতি আদৰৰ উৎসৱ। কৃষিক কেন্দ্ৰ কৰিয়েই বিহু উৎসৱ পালন কৰা হয় বুলি বহুতে বিশ্বাস কৰে। এই বিহু উৎসৱ বছৰৰ তিনিটা মাহত পালন কৰা হয়। যেনে- ব’হাগ মাহত ৰঙালী বা ব’হাগ বিহু, কাতি মাহত কঙালী বা কাতি বিহু আৰু মাঘ মাহত ভোগালী বা মাঘ বিহু। ব’হাগৰ বিহুটিয়েই আটাইতকৈ উৎসৱ মুখৰ পৰিৱেশৰ সৃষ্টি কৰে। এই বিহু বসন্ত কালত পালিত হয় বাবে মানুহৰ মন আনন্দৰে উপচি পৰে। ব’হাগ বিহুটিৰ সৈতে বিহু নাচ, বিহুগীত আৰু হুঁচৰিৰ ওতঃপ্রোত সম্পর্ক আছে আৰু সেইবাবে এই বিহুৰ জনপ্রিয়তাও অধিক। ব’হাগ বিহুৰ সাত দিন ক্রমে গৰু বিহু, মানুহ বিহু, গোঁসাই বিহু, কুটুম বিহু, চেনেহী বিহু, মেলা বিহু আৰু চেৰা বিহু হিচাপে উদ্যাপিত হয়। ব’হাগ বিহুৰ আন এক আকর্ষণীয় দিশ হ’ল বিহু নৃত্য। বিহুৰ সময়ত হুচৰি নৃত্য-গীত গাই গৃহস্থক আশীর্বাদ দিয়াটো এক পৰম্পৰা। উজনি অসমৰ মহিলাসকলে নির্জন ঠাইত পুৰুযে নেদেখালৈ জেং বিহু পাতে। ডেকা-গাভৰুৱে প্ৰেম আৰু যৌৱনৰ অনুভূমি প্রকাশক গীত আৰু নৃত্যৰে মুকলি বিহুত ভাগ লয়। বড়ো ৰাভা, কাৰ্বি, তিৱা, মিচিং, দেউৰী আদি জনজাতি লোকসকলে নিজা গীত মাত, সাজ-পোছাক আৰু, পৰম্পৰাৰে বিহু উৎসৱ পালন কৰে। সেয়েহে অসমৰ লোকসংস্কৃতিত বিহু বাপতি সাহোনস্বৰূপ।
88. অসমৰ চিত্ৰকলাৰ ঐতিহ্যৰ বিষয়ে চমুকৈ লিখা। HS-2019
উত্তৰঃ- অসমৰ চিত্ৰকলাৰ ঐতিহ্যৰ বিষয়ে তলত উল্লেখ কৰা হ’ল—
(১) অসমত সপ্তদশ শতিকা মানৰ পৰা উত্তৰ ভাৰতীয় ক্ষুদ্রাকৃতিৰ পুথি-চিত্ৰসমূহৰ অনুৰূপ ৰজাঘৰীয়া পৃষ্ঠপোষকতাত চিত্রকলাৰ এটা পৰম্পৰা আৰম্ভ হয়। এনে কেইখনমান সচিত্র পুথি হ’ল— আনন্দ লহৰী, চিত্ৰ ভাগৱত, কুমাৰ হৰণ, লৱ-কুশৰ যুদ্ধ আদি।
(২) স্থানীয়ভাৱে আহৰণ কৰা সামগ্ৰীৰ পৰা প্ৰাকৃতিক ৰঙেৰে এই চিত্রসমূহ অঁকা হৈছিল। প্রথমতে চিত্ৰৰ পটভূমিত একোটা নির্দিষ্ট ৰং বোলাই লোৱা হয়। তাৰ ওপৰত চিত্রসমূহ অঁকা হৈছিল। চিত্ৰসমূহত ৰজা, ৰাজদৰবাৰ, দেৱী মূর্তি, যুদ্ধৰ চিত্ৰ, জীৱ-জন্তু আদি সংশ্লিষ্ট পুথিৰ বিষয়বস্তুৰ লগত সংগতি ৰাখি অঁকা হৈছিল। খালী ঠাইবোৰত ফুল, লতা আদি আঁকি দিয়া হৈছিল।
(৩) সাধাৰণতে ৰঙা, সেউজীয়া, হালধীয়া আৰু ক’লা ৰঙৰ পয়োভৰ দেখা যায়। সন্মুখাংশ আৰু পাৰ্শ্বাংশ দুয়োধৰণৰ চিত্র অংকন কৰা দেখা যায়। মানুহ আৰু জীৱ-জন্তুৰ ছবিৰবোৰত মুখাৱয়বৰ নিখুত প্রকাশ, শৰীৰ অনুপাত, মনৰ অনুভূতি প্রকাশক সূক্ষ্ম কৌশলৰ প্রয়োগ কৰাৰ দক্ষতা দেখা নাযায়, চিত্ৰবোৰ সহজ-সৰল যদিও দৃষ্টি নন্দন বুলি ক’ব লাগিব।
(৪) সুকুমাৰ বৰকাইথে ৰচনা কৰা হস্তীবিদ্যার্ণৱ পুথিখনত বিভিন্ন আকাৰ আৰু বৰণৰ হাতীৰ ছবি আছে। দিলবৰ আৰু দোচাই নামে দুগৰাকী চিত্রকৰে এই চিত্রসমূহ অংকন কৰিছিল।
88. ‘ভাৰতৰ প্রাচীন যুগত ৰচিত সংস্কৃত সাহিত্যৰাজিত ভাৰতীয় সভ্যতা-সংস্কৃতিৰ আত্মা নিহিত হৈ আছে বুলি ক’লে সম্ভৱতঃ অতিৰঞ্জিত কৰা নহ’ব’— বাক্যশাৰীৰ ভাবার্থ আলোচনা কৰা।
উত্তৰঃ- ভাৰতৰ প্রাচীন যুগত ৰচিত সংস্কৃত সাহিত্য ৰাজিৰ ভাৰতীয় সভ্যতা সংস্কৃতিৰ আত্মা নিহিত হৈ আছে বুলি ক’ব পাৰি। কিয়নো এই সময়ছোৱাত ভাৰতত অমূল্য, সাহিত্যৰাজিৰ সৃষ্টি হৈছিল। বেদৰ সংহিতা, ব্রাহ্মণ, আৰণ্যক আদি উপনিষদসমূহ, মহাকাব্যদ্বয়, গীতা, পুৰাণসমূহ, বেদাংগসমূহ ৰাজনীতি বিষয়ক গ্রন্থ কৌটিল্যৰ অর্থশাস্ত্র, চিকিৎসা বিষয়ক চৰক সংহিতা, সুশ্রুত সংহিতা, কালিদাস, শূদ্রক, ভাস, বাণভট্ট আদি লিখকৰ বিশুদ্ধ সাহিত্যৰাজি ভাৰতীয় সাহিত্যৰ উজ্জ্বল নিদর্শন। কপিল, পতঞ্জলি, গৌতম, বাদৰায়ণ, কণাদ, জৈমিনি, ৰামানুজ আদি দার্শনিকৰ দৰ্শনৰ গ্ৰন্থসমূহ, বুৰঞ্জীমূলক গ্রন্থ কলহনৰ ৰাজতৰংগিনী, আর্যভট্ট, বৰাহ মিহিৰ, ব্রহ্মগুপ্ত, প্রথম আৰু দ্বিতীয় ভাস্কৰাচাৰ্য আৰু মহর্ষি ভৰদ্বাজ আদি বিজ্ঞানীৰ নানা গ্রন্থ, দক্ষিণ ভাৰতৰ সংগম সাহিত্য আদি গ্রন্থৰাজিয়ে ভাৰতীয় লোকৰ সাহিত্য ৰুচি আৰু জ্ঞান পিপসাৰ পৰিচয় দিয়ে। এইসমূহে জীৱন আৰু জগত সম্পর্কে দৃষ্টিভংগী, ধর্মবিশ্বাস, বিজ্ঞান মানসিকতা আৰু কাৰিকৰী জ্ঞান, ৰাজনীতি, চিকিৎসা আদি বিস্তৃত ক্ষেত্ৰত প্রাচীন কালত ভাৰতীয়সকলে আহৰণ কৰা জ্ঞানৰ স্তৰকো প্রতিফলিত কৰে। এই গ্রন্থসমূহ সৃষ্টিকর্তা মনীষী সকলৰ কঠোৰ সাধনাৰ জৰিয়তে আহৰণ কৰা গভীৰ অন্তদৃষ্টি আৰু অক্লান্ত বৌদ্ধিক সাধনাৰ ফচল। এই গ্রন্থসমূহে ভাৰতীয়সকলৰ সমাজব্যৱস্থা, মনস্তত্ব, সাহিত্য, চেতনা, সর্বভাৰতীয় সাংস্কৃতিক ঐক্যবোধ আদি গঢ়ি তোলাৰ ক্ষেত্ৰত গভীৰ প্ৰভাৱ পেলাইছিল। হিন্দুধৰ্মৰ চাৰি বৰ্ণাশ্রম ব্যৱস্থা, পিতৃ-মাতৃ, গুৰু, অতিথি, বিদ্যা আৰু বিদ্বানৰ প্রতি ভাৰতীয় সংস্কৃতিত থকা শ্ৰদ্ধাৰ শিক্ষা এই গ্রন্থ ৰাজিয়ে প্রচাৰ কৰিছিল।
সংস্কৃত ভাষাত ৰচিত এই বৌদ্ধিক সৃষ্টিকর্মসমূহৰ কিছুমান পৰৱৰ্তী সময়ত ভাৰতৰ বিভিন্ন প্রান্তীয় ভাষাত অনুদিত হৈছিল। ইয়াৰে বহুকথা পৰিয়ালসমূহত বংশানুক্রমিকভাৱে, মৌখিকভাৱে, সমূহীয়া নামকীর্তনৰ ৰূপত, সামাজিক ৰীতি-নীতিৰ ৰূপত প্রবাহমান হৈ আছে। এই গ্রন্থৰাজিৰ বহু সাৰমর্ম উত্তৰ পুৰুষসকলে মূল্যবোধ হিচাপে জীৱনত প্ৰয়োগ কৰি আহিছে।
89. ভাৰতৰ ধর্মীয় ঐতিহ্যৰ বিষয়ে লিখা।
উত্তৰঃ- প্রাচীন কালৰে পৰা ভাৰত এখন ধর্মনিৰপেক্ষ দেশ হিচাপে পৰিগণিত হৈছে। প্রাচীন কালৰে পৰা ইয়াত ধর্ম ব্যৱস্থাত উপাস্য দেৱতাৰ বিবিধতা দেখা যায়। বৈদিক ধর্ম ব্যৱস্থাতো বহু দেৱ-দেৱীৰ লগতে একেশ্বৰৰ ধাৰণা বিদ্যমান আছিল। এইদৰে ভাৰতৰ প্রাচীনতম ধর্মীয় পৰম্পৰাই নতুন নতুন বিশ্বাস, ৰীতি-নীতিৰ ক্ষেত্ৰত সহৱর্তিতা, সংযোজন আৰু সংমিশ্ৰণৰ ক্ষেত্ৰত এক দ্বিধাহীন নীতি গ্রহণ কৰিছিল। ইয়াৰ লগতে স্বকীয় নীতিৰ সংস্কাৰ, সংশোধন, নতুন ব্যাখ্যা আৰু বিৰোধৰ প্রতিও শ্রদ্ধাৰ ভাৱ ৰাখিছিল। এনে দৃষ্টিভংগীৰ বাবেই ভাৰতত কেবাটাও তত্বগতভাৱে পৰস্পৰ বিৰোধী দর্শন সবলৰূপত বিকশিত হৈছিল আৰু বেদৰ কেতবোৰ মূল তত্ত্বৰ বিৰোধিতা কৰা সত্ত্বেও খ্রীঃপূঃ ষষ্ঠ শতিকাত আত্মপ্রকাশ কৰা বৌদ্ধ ধর্ম আৰু জৈন ধৰ্মৰ সৈতে বৈদিক হিন্দু ধর্মৰ সংঘর্ষ হোৱা নাছিল। একেটা কাৰণতে হিন্দু ধৰ্মৰ ভিতৰতেই অনেক পন্থাৰ উদ্ভৱ হৈছিল।
পৰৱৰ্তীকালৰ বিভিন্ন ৰাজবংশই ধর্মীয় উদাৰতাৰ নীতিটো অনুসৰণ তথা পৃষ্ঠপোষকতা কৰা দেখা যায়। অশোকৰ গিৰ্ণাৰত থকা লিপিত এই কথা লিপিবদ্ধ হৈ আছে যে- “কোনেও একমাত্র নিজৰ ধর্মটোকে মাত্র প্রশংসা আৰু আনৰ ধর্ম হীন বুলিব নালাগে। সকলো ধৰ্মৰ সাৰ গ্ৰহণ কৰি সমন্বয়ৰ বাট অনুসৰণ কৰিব লাগে”। সম্রাট অশোকৰ এই বাণীয়ে ভাৰতীয় শাসকসকলৰ ধর্মীয় উদাৰতাৰ গুণটোৰ কথাকেই কৈছে।
পৰৱৰ্তী সময়ত বিশ্বৰ অন্যান্য প্রান্তত উদ্ভৱ হোৱা খ্রিষ্টিয়ান, ইছলাম, জোৰষ্ট্ৰাৰ, ইহুদী আদি ধর্মৰো ভাৰতলৈ আগমন ঘটিছিল। শাস্ত্ৰ নিৰ্ভৰ ধর্মবোৰৰ উপৰি ভাৰতৰ চুকে-কোণে বিভিন্ন বিশ্বাস তথা ৰীতি-নীতিৰে অনেক জনজাতীয় ধর্মপন্থা বিদ্যমান।
ধর্মীয় বিবিধতা আৰু সহৱৰ্তিতাৰ লগতে ধর্ম আৰু আধ্যাত্মিকতাই ভাৰতীয় লোকৰ ব্যক্তিগত আৰু সামাজিক জীৱন তথা সভ্যতা সংস্কৃতিৰ সকলো ক্ষেত্রকে গভীৰভাৱে প্ৰভাৱিত কৰিছে। মুঠতে ভাৰতীয়সকল ধার্মিক একতাৰে বান্ধ খাই আছে।
90. ভাৰতৰ সাংস্কৃতিক বহুত্ববাদৰ উৎপত্তি আৰু বিকাশৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ- ভাৰতৰ সাংস্কৃতিক বহুত্ববাদৰ উৎপত্তিৰ বিচাৰ কৰিবলৈ হ’লে আমি প্রথমে ভাৰত ভূমিত বিকশিত হোৱা সিন্ধু সভ্যতাৰ কথা জানিব লাগিব। খ্রীঃ পূর্বৰ চতুর্থ সহস্রাব্দত সিন্ধু উপত্যকাত হৰপ্পা আৰু মহেঞ্জোদাৰো নগৰ দুখনৰ বিকাশ হৈছিল। বহু পণ্ডিতে সিন্ধু সভ্যতাৰ নির্মাতা দ্ৰাবিড়সকল বুলি দাবী কৰে। সিন্ধু সভ্যতাৰ বিভিন্ন ঠাইত আৱিস্কৃত হোৱা বস্তুবোৰৰ পৰা এই সভ্যতাত শিৱ, শক্তি, সূৰ্য, গৰু আদিৰ পূজা হৈছিল বলি অনুমান কৰা হয়।
খ্রীঃপূঃ ১৫০০ চন মানত সিন্ধু সভ্যতা পতন হোৱাৰ পাছত বৈদিক যুগৰ সূচনা হয়। এই সময়তে পৃথিৱীৰ প্রাচীনতম গ্রন্থ ঋকবেদকে আদি কৰি পৰৱৰ্তী বৈদিক যুগত অন্য তিনিখন সংহিতা যজুঃ সাম আৰু অথর্ব বেদ সংহিতা, আৰণ্যক আৰু উপনিষদসমূহ ৰচিত হৈছিল। ইয়াৰ পিছতে মহাকাব্য দুখন ৰচিত হয়। এই সময়তে আর্য সংস্কৃতি সম্প্রসাৰণ ঘটি সমগ্ৰ ভাৰতবৰ্ষতে বিস্তাৰ হৈছিল। ভাৰতৰ সাংস্কৃতিক বহুত্ববাদৰ বিকাশ : এটা জনপ্রিয় তত্বমতে বৈদিক সংস্কৃতিৰ মূল নির্মাতা আছিল আর্যভাষী নর্ডিক গোষ্ঠীৰ অন্তর্ভুক্ত লোকৰ দল এটা। দ্রাবিড়সকল (অথবা = মেডিটেৰেনিয়ান) আৰু এই নর্ডিক আর্যসকল ভাৰতত প্ৰৱেশ কৰাৰ আগতেই নিগ্রো গোষ্ঠী আৰু প্ৰট’ অষ্ট্ৰলয়ড অথবা অষ্ট্ৰিকসকল আৰু তাৰ পিছত ক্ৰমে মংগোলীয় গোষ্ঠী আৰু মধ্য এচিয়াৰ পৰা পশ্চিমৰ প্রশস্ত মস্তিস্কী গোষ্ঠীৰ লোক ভাৰতত বসতি কৰিবলৈ লৈছিল। উল্লেখিত নৃগোষ্ঠীসমূহে কালক্ৰমত সংমিশ্রণৰ জৰিয়তে বহু জাতি উপজাতিৰ সৃষ্টি কৰিছিল। একেদৰে সামাজিক ৰীতি-নীতি, লোক-বিশ্বাস, ধর্মীয় ৰীতি-নীতি আৰু ভাষাগত সংমিশ্রণ ঘটি বহুতো পৃথক পৃথক সাংস্কৃতিক গোটৰ উদ্ভৱ হৈছিল।
আর্য সংস্কৃতিৰ বিস্তাৰ ঘটি থকাৰ সময়ত ভাৰতৰ বিভিন্ন অঞ্চলৰ স্থানীয় ধর্মীয় আৰু সামাজিক ৰীতি-নীতিবোৰ সংমিশ্রণ ঘটিছিল। ইয়াৰ ফলত আর্য কৃষ্টি সংস্কৃতিৰ মূল ৰূপটোৰ পৰিৱৰ্তন হৈছিল। অনুৰূপ ধৰণে পূর্বৰ জনগোষ্ঠীসমূহেও আর্যভাষা সংস্কৃতিৰ পৰা উপাদান গ্রহণ কৰিছিল। সংহিতা, ব্রাহ্মণ, আৰণ্যক, উপনিষদৰাজি, মহাকাব্যদ্বয়, পৰৱৰ্তী সময়ত ৰচিত হোৱা পুৰাণ, স্মৃতি, বেদাংগসমূহত এই ৰূপান্তৰণৰ আভাস পোৱা যায়।
91. উত্তৰ পূৰ্বাঞ্চলৰ এক উমৈহতীয়া সুকীয়া পৰিচয় কেনেকৈ গঢ়ি উঠিছে চমু বর্ণনা দিয়া।
(নাইবা)
উত্তৰ-পূৰ্বাঞ্চলৰ এক উমৈহতীয়া সুকীয়া পৰিচয় কেনেকৈ সৃষ্টি হৈছে?
উত্তৰঃ- উত্তৰ-পূৰ্বাঞ্চলৰ এক উমৈহতীয়া সুকীয়া পৰিচয় সৃষ্টি হোৱাৰ ক্ষেত্ৰত অঞ্চলটোৰ ভৌগোলিক পৰিস্থিতিয়ে বিশেষ ভূমিকা গ্রহণ কৰিছে। অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সাৰুৱা সমতল ভূমিখণ্ডক মাজ ভাগত লৈ উত্তৰ-পূব আৰু দক্ষিণ দিশত অন্য ৰাজ্যকেইখনে আগুৰি আছে। এই ৰাজ্যকেইখন আকৌ ভূটান, চীন, ম্যানমাৰ, বাংলাদেশ এই বিদেশী ৰাষ্ট্ৰকেইখনৰ দ্বাৰা আবৃত। অসমৰ চুবুৰীয়া আটাইকেইখন ৰাজ্যই পাহাৰীয়া বাবে উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যই যাতায়াত যোগাযোগৰ বাবে অসমৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। আহোম ৰাজবংশৰ শাসন কালছোৱাত (১২২৮-১৮২৬ খ্রীঃ) অসম আৰু দাঁতিকাষৰীয়া ৰাজ্যকেইখনৰ মাজত স্থাপিত হোৱা ঘনিষ্ঠ সম্পর্কৰ বিষয়ে এই যুগত ৰচিত হোৱা বুৰঞ্জীসমূহত বহু তথ্য পোৱা যায়। যেনে- ৰাজপৰিয়ালসমূহৰ মাজত বৈবাহিক সম্পর্ক স্থাপন হৈছিল, বিপদৰ সময়ত সামৰিক সাহায্য আদান-প্রদান হৈছিল আৰু দূত প্ৰেৰণ কৰা হৈছিল। পাহাৰ আৰু ভৈয়ামত উৎপন্ন হোৱা সামগ্ৰীৰ আদান-প্রদানো হৈছিল।
ঔপনিৱেশিক শাসন কালছোৱাত উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে পাহাৰীয়া লোকসকলৰ মাজত মিছনেৰিসকলে খ্রীষ্টিয়ান ধৰ্মৰ প্ৰসাৰ ঘটায়। উত্তৰ-পূর্বাঞ্চলৰ ৰাজ্য কেইখনৰ ভিতৰত অসমত আর্যভাষা আৰু হিন্দুধর্মৰ প্ৰসাৰ প্রাচীন কালতেই ঘটিছিল। অনুৰূপ ধৰণে মণিপুৰ আৰু ত্ৰিপুৰাতো অতি প্রাচীন কালতেই হিন্দুধৰ্মৰ প্ৰসাৰ ঘটিছিল। অৱশ্যে মনকৰিলগীয়া যে অৰুণাচলকে ধৰি পাহাৰীয়া জনজাতিসকলৰ মাজত এতিয়াও প্রকৃতি প্রাণবাদী বিশ্বাস তথা ৰীতি-নীতি সমান্তৰালভাৱে চলি থকা দেখা যায়।
মেঘালয়ৰ সমাজ ব্যৱস্থা হ’ল মাতৃতান্ত্রিক। মিজোৰামৰ জন গাঁথনিও বিভিন্ন জনগোষ্ঠীৰে গঠিত। আটাইকে একেলগে মিজো বুলি কোৱা হয়। এওঁলোকৰ গৰিষ্ঠ সংখ্যক খ্রীষ্টিয়ান ধৰ্মাৱলম্বীৰ লগতে কিছু সংখ্যক বৌদ্ধ আৰু হিন্দুধর্মালম্বী লোকো আছে।
উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যতে অনেক গোষ্ঠীগত ফৈদ তথা শাখা প্রশাখাৰে সৈতে বহু সংখ্যক জনগোষ্ঠীৰ লোকে বসবাস কৰে। পৰম্পৰাগত পোছাক, নৃত্য, গীত, বাদ্য, উৎসৱ, দোৱান, লোকবিশ্বাস, ৰীতি-নীতি আদিৰে বর্ণিল সংস্কৃতি প্রতিখন ৰাজ্যতে দেখিবলৈ পোৱা যায়। প্রতিখন ৰাজ্যতে কম বেছি পৰিমাণে ঝুমখেতিৰ প্ৰচলন, পৰম্পৰাগতভাৱে প্ৰস্তুত মদিৰাপান, (মিজোৰাম বর্তমান এখন সুৰাৰহিত ৰাজ্য) আমিষ খাদ্য, পৰম্পৰাগত গ্রাম্য প্রশাসন, খেৰ বাঁহ আদিৰে নির্মিত ছাংঘৰ অথবা পৰম্পৰাগত স্বকীয় শৈলীৰ ঘৰ দেখিবলৈ পোৱা যায়।
92. চমূটোকা লিখা :
(ক) অসমৰ ভাস্কর্য শিল্প : অসমৰ বিভিন্ন ঠাইত মন্দিৰৰ দেৱালত খোদিত কৰি দ্বি-মাত্রিক অথবা পূর্ণাংগ ৰূপত নির্মিত ত্রিমাত্রিক মূর্তি আৱিস্কৃত হৈছে। শিলৰ বাহিৰে হাতী দাঁত, সোণ, ৰূপ, তাম, কাঠ আদিৰেও মূর্তি নির্মাণ কৰা হৈছিল। এই মূর্তিসমূহৰ ভিতৰত দেৱী মূর্তি, শিৱ, বিষ্ণু, গণেশ, সূর্য, মগৰ, হাতী, সিংহ আদি অন্যতম। অসমৰ ভাস্কর্য শিল্পৰ নিদর্শন পোৱা ঠাইসমূহৰ ভিতৰত অন্যতম হ’ল- তেজপুৰৰ দ-পৰ্বতীয়া, বামুণী পাহাৰ, মদন কামদেৱ, আমবাৰী, সূর্য পাহাৰ, বৰগংগা, দেওপানী, শুক্রেশ্বৰ আদি। দ-পৰ্বতীয়া শিলৰ তোৰণৰ নিম্নাংগত থকা গংগা-যমুনাৰ মূর্তি দুটা সৰু যদিও দেহাৱয়ৱৰ আনুপাতিক আৰু নৃত্যৰত ৰূপত নির্মাণ কৰা নিপুণ ভাস্কর্যৰ নিদর্শন মদন কামদেৱ মন্দিৰত দেখিবলৈ পোৱা মৈথুন মূৰ্তিবোৰ কোনো তান্ত্রিক উদ্দেশ্যত নির্মিত হৈছিল বুলি কিছুমান পণ্ডিতে মত পোষণ কৰিছে।
(খ) অসমৰ বুৰঞ্জী সাহিত্য : মধ্যযুগৰ আহোম ৰজা, ডা-ডাঙৰীয়াসকলৰ পৃষ্ঠপোষকতাত ৰচিত বুৰঞ্জী সাহিত্যসমূহো অসমৰ সাহিত্য ভাণ্ডাৰলৈ এক গুৰুত্বপূর্ণ সংযোজন আছিল। দেশৰ প্ৰধান ৰাজনৈতিক ঘটনা, ৰজা আৰু ৰাজপৰিয়ালৰ বৰ্ণনা, দেশ জয় কৰা আৰু ৰাজ্য বিস্তাৰৰ কাহিনী, শাসন ব্যৱস্থাৰ বিৱৰণ আদি আহোমসকলে তেওঁলোকৰ ৰাজত্বকালৰ আৰম্ভণিৰে পৰা লিপিবদ্ধ কৰি আহিছিল বুলি জনা যায়। এনেদৰে লিপিবদ্ধ কৰা ঘটনাপঞ্জীকে তেওঁলোকে বুৰঞ্জী বুলিছিল। প্রথমে বুৰঞ্জীসমূহ টাই-আহোম ভাষাত আৰু ষোড়শ শতিকাৰ। আদিভাগৰ পৰা অসমীয়া ভাষাতো বুৰঞ্জী লিখিবলৈ লোৱা হৈছিল। ব্রিটিছ শাসনকালত এনে বহুত বুৰঞ্জী উদ্ধাৰ, সংৰক্ষণ আৰু ছপা কৰি প্ৰকাশ কৰিবলৈ লোৱা হয়। আহোম ৰাজত্বত ৰচিত কেইখনমান বুৰঞ্জী হ’ল- দেওধাই বুৰঞ্জী, তুংখুঙ্গীয়া বুৰঞ্জী, কছাৰী বুৰঞ্জী, জয়ন্তীয়া বুৰঞ্জী, পদ্য বুৰঞ্জী, পাদশাহ বুৰঞ্জী আদি।
(গ) অসমৰ লোকনৃত্য : লোকগীতৰ দৰে অসমৰ বিভিন্ন ঠাইত বিভিন্নধৰণৰ লোকনৃত্যৰো প্রচলিত আছে। লোক নৃত্যৰ ভিতৰত অন্যতম হ’ল ঢেপাঢুলীয়া, ওজাপালি, বৰটুলীয়া, দেওধনী নৃত্য, ভোৰতাল নৃত্য, থিয়নাম, ঢুলীয়া ভাওনা আদি অতি জনপ্রিয়।
(ঘ) অসমৰ বৈষ্ণৱী সাহিত্য : শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ নেতৃত্বত অসমত বৈষ্ণৱ সাহিত্যৰ বিকাশ হৈছিল। এই ধর্মীয় আন্দোলনৰ প্ৰভাৱত অসমীয়া সাহিত্যত এক জোৱাৰৰ সৃষ্টি হৈ কাব্য, নাট, গীত, চৰিত পুথি, গদ্য সাহিত্য সৃষ্টি হৈছিল। সাহিত্যসমূহৰ মূল বিষয়বস্তু আছিল ৰামায়ণ, মহাভাৰত, পুৰাণ হিন্দুধৰ্মৰ তত্বকথা আদি। শংকৰদেৱৰ ‘কীৰ্ত্তন’ আৰু মাধৱদেৱৰ ‘নামঘোষা’ৰ লগতে দুয়োজনাৰ বৰগীতসমূহ সর্বাধিক জনপ্রিয়। শংকৰদেৱে ৰচনা কৰা কালিয়দমন, পত্নী প্রসাদ, কেলি গোপাল, ৰুক্মিণীহৰণ, পাৰিজাত হৰণ, ৰামবিজয় আৰু মাধৱদেৱৰ চোৰধৰা পিম্পৰা গুচোৱা আদি অংকীয়া নাটে আজিও অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি ৰাখিছে। ভট্টদেৱ, অনন্ত কন্দলি, ৰাম সৰস্বতী আদি সাহিত্যিকে বৈষ্ণৱ সাহিত্যৰ ভঁৰাললৈ অৱদান আগবঢ়াই থৈ গৈছে। ভট্টদেৱে ‘কথাগীতা’, ‘ভাগৱত কথা’ আৰু ‘ৰত্নাৱলী কথা’ আদি ৰচনা কৰি অসমীয়া সাহিত্যত গদ্য সাহিত্য সূচনা কৰিছিল।
(ঙ) অসমৰ ধৰ্মীয় সংহতি : অসমত ঘাইকৈ হিন্দু, মুছলমান, জৈন, খ্রীষ্টীয়ান, বৌদ্ধ, শিখ আৰু জনজাতীয় ধর্মালম্বী লোক আছে। হিন্দু ধৰ্মৰ ভিতৰত ঘাইকৈ শাক্ত, শৈৱ, বৈষ্ণৱ আৰু সৌৰপন্থী লোক দেখা যায়। অসমৰ বিভিন্ন ঠাইত প্ৰৱল প্রভাবী শক্তিপীঠ আছে, এইবোৰৰ ভিতৰত কামাখ্যা মন্দিৰ পৃথিৱী বিখ্যাত। নৱ বৈষ্ণৱ আন্দোলনে অসমৰ বৃহৎ সংখ্যক লোকক বৈষ্ণৱ ভক্তিমার্গত অনুগামী কৰিছিল। খ্রীষ্টীয় ত্রয়োদশ শতিকাৰ প্ৰথমভাগত অসমত ইছলাম ধৰ্মৰ আগমন ঘটাৰ তথ্য পোৱা যায়। হাজোৰ পোৱামক্কা অসমৰ ইছলাম ধর্মালম্বী লোকসকলৰ এখন পৱিত্ৰ তীৰ্থস্থান স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত অসমলৈ অহা চুফী সাধক আজানপীৰ নামে খ্যাত চাহ মিলানে ৰচনা কৰা জিকিৰ আৰু জাৰিসমূহ অসমত প্রচলিত এবিধ জনপ্রিয় ধর্মীয় সংগীত। মানৰ আক্ৰমণৰ সময়ত ৰজা চন্দ্রকান্ত সিংহক সহায় কৰিবলৈ পঞ্জাৱৰ ৰঞ্জিত সিংহৰ নির্দেশ ক্রমে অসমলৈ অহা শিখ সৈন্যদলৰ কিছুমান লোক অসমত নিগাজিকৈ থাকি গৈছিল। তেওঁলোকৰ বংশধৰ সকল এতিয়া শিখ ধর্ম বৰ্তাই ৰাখিও অসমীয়া ভাষা, সংস্কৃতি গ্ৰহণ কৰি জাতীয় জীৱনৰ অংগীভূত হৈ পৰিছে। মধ্যযুগত আহোম স্বৰ্গদেউসকলে উদাৰ ধর্মনীতি গ্রহণ কৰিছিল আৰু বিভিন্ন ধর্মালম্বী লোকক উপাসনা স্থলী আদি নির্মাণ কৰাই দান-দক্ষিণাৰে পৃষ্ঠপোষকতা কৰিছিল। ধর্মক লৈ বিভিন্ন ধৰ্মৰ লোকৰ মাজত লগা সংঘাতৰ ঘটনা অসমত কম। অতীতৰে পৰা উভয়ে উভয়ৰ ধর্ম বিশ্বাসক সহনশীলভাৱে আদৰি লৈছে।
(চ) অসমৰ লোক সংগীত : অসমত ভিন ভিন প্রৰিৱেশ তথা ভিন ভিন প্রয়োজনত গোৱা বিভিন্ন ধৰণৰ লোক পগাতৰ প্রচলন আছে। কেঁচুৱা টোপনি নিওঁৱা নিচুকনি গীত, ধাইনাম, বিয়ানাম, আইনাম, কামৰূপী লোকগীত, গোৱালপৰীয়া লোকগীত, টোকাৰী গীত, দৰঙৰ চিয়াগীত, নাঙেলী নামৰ গৰখীয়া গীত, চেৰা ঢেক আদি অসমৰ প্রচলিত লোকগীতৰ উদাহৰণ। এইবোৰৰ ভিতৰত বিয়ানাম, গোৱালপৰীয়া লোকগীত আৰু কামৰূপী লোকগীতৰ বিশেষ জনপ্রিয়তা আছে। লোকগীতৰ বিভিন্ন শাখাত আগবঢ়োৱা বিশেষ অৱদানৰ বাবে সংগীত নাটক একাডেমীৰ দ্বাৰা বঁটা প্রদানেৰে সন্মানিত হোৱা কেইগৰাকীমান শিল্পী হৈছে খগেন মহন্ত, ৰামেশ্বৰ পাঠক আৰু প্ৰতিমাপাণ্ডে বৰুৱা পদ্মশ্রী উপাধিৰে সন্মানিত হৈছিল।
(ছ) অসমৰ স্থাপত্য শিল্প : বর্তমান অসমত যিবোৰ স্থাপত্যৰাজি দেখিবলৈ পোৱা যায় তাৰ বেছি ভাগেই আহোম আৰু কোচ ৰজাসকলৰ পৃষ্ঠপোষকতাত নির্মাণ হৈছিল। ৰংঘৰ, তলাতল ঘৰ আৰু ভালেমান মন্দিৰ আহোম যুগৰ অট্টালিকাসমূহৰ ভিতৰত অন্যতম। কামাখ্যা মন্দিৰ, হাজোৰ মাধৱ মন্দিৰ আদিয়ে সকলোকে আকর্ষণ কৰে। আন নির্মিত মন্দিৰ যেনে- উমানন্দ মন্দিৰ, নৱগ্রহ মন্দিৰ, বিশ্বনাথৰ জয়দ’ল, নেঘেৰিটিঙৰ শিৱদ’ল, শুক্রেশ্বৰ মন্দিৰ, বিশ্বনাথৰ শিৱমন্দিৰ আদি। সেইসময়ত নামদাং, দৰিকা আৰু দিনজয়ৰ শিলৰ সাঁকো আদি ভালেমান শিলৰ দলং নির্মাণ হৈছিল।
তলাতল ঘৰটো ৰাজেশ্বৰ সিংহ আৰু তেওঁলোকৰ উত্তৰাধিকাৰী সকলে নির্মাণ কার্য সমাপ্ত কৰিছিল। ৰংঘৰটো দুমহলীয়াকৈ সমুখৰ বাকৰিত বিহু উৎসৱ চাবলৈ নিৰ্মাণ কৰা হৈছিল। ৰংঘৰটোৰ ছালখন এখন খেলনাৱৰ আৰ্হিত নির্মাণ কৰা হৈছিল। ইটা আদি গাঠিবলৈ অসমত নিজা পদ্ধতিৰে শ’লমাছ, কণী, বৰা চাউল আদিৰে ‘কৰাল’ তৈয়াৰ কৰা হৈছিল।
(জ) প্রাচীন ভাৰতৰ ভাস্কর্য শিল্প : ভাৰতৰ ভাস্কর্য শিল্পৰ উৎকৰ্ষৰ প্রাচীন যুগতেই সৃষ্টি হৈছিল। সিন্ধু সভ্যতাত ভাৰতৰ ভাস্কর্য শিল্পৰ নিদর্শন বিদ্যমান। পৰৱৰ্তী সময়ত পোৰামাটি, শিল, তাম, ব্রঞ্জ, ৰূপ, সোণ আদিৰে মূর্তি নির্মাণ কৰা শৈলীত ভাৰতীয়সকলে নিজে বিকশিত কৰা স্থানীয় কলা-কৌশলৰ লগতে বিভিন্ন সময়ত বিদেশী বৈশিষ্ট্যৰ সংযোজন ঘটাইছিল। এই মূর্তিসমূহৰ মাজত একেবাৰে সহজ-সৰল, পোন, অসমানুপাতিক মূর্তিৰ পৰা আৰম্ভ কৰি দ্বিভংগ, ত্রিভংগ, চৰ্তুভংগ আৰ্হিৰ সমানুপাতিক, পোছাক-অলংকাৰেৰে, নিখুঁত অলংকৰণেৰে সু-সজ্জিত মূর্তি দেখা যায়। মনৰ সুখ, শান্তি, ক্রোধ আদি অনুভূতি প্রকাশিত কৰিব পৰাকৈ মুখাৱয়বত তথা অংগ প্রত্যংগত সূক্ষ্ম কলা-কৌশল প্রয়োগ আদিৰে নির্মিত অজস্র মূর্তি ভাৰতৰ বিভিন্ন প্রান্তত দেখিবলৈ পোৱা যায়। বিভিন্ন পার্থক্য আৰু বৈশিষ্ট্যৰ ভিত্তিত ভাৰতত গঢ়ি উঠা শিল্পকলাক ক্রমে- (১) গান্ধাৰ শিল্পকলা (২) মথুৰা শিল্পকলা (৩) অমৰাৱতী শিল্পকলাক ভগগাৱা হৈছে।
(ঝ) ভাৰতৰ সংগীত আৰু নৃত্যকলাৰ ঐতিহ্য : ভাৰতৰ সংগীত আৰু নৃত্যকলাৰ এক সমৃদ্ধিশালী ঐতিহ্য আছে। যজ্ঞত আহুতি দিয়াৰ সময়ত উদ্গাতা পুৰোহিতসকলে। সামবেদৰ স্তোত্রসমূহ গীত আকাৰে পাঠ কৰিছিল। ভাৰতৰ ধ্ৰুপদী সংগীতৰ পৰম্পৰা গুৰু শিষ্য অনুক্রমে বর্তমান সময়লৈ সবল ৰূপত বর্তি আছে। সংগীতৰ লগত বিভিন্ন প্রকাৰৰ বাদ্যযন্ত্র যেনে পেঁপা, বাঁহী, চেহনাই, ঢোল, তবলা, মৃদংগ, খোল, নাগাৰা, দোতাৰা আদি উদ্ভাৱন হৈছিল।
সংগীতৰ দৰে নৃত্যৰ ক্ষেত্ৰতো ভাৰতবৰ্ষৰ সমৃদ্ধিশালী পৰম্পৰা আছে। ভাৰতৰ চকে-কোণে থকা চৰকাৰীভাৱে স্বীকত আঠবিধ ধ্রুপদী নৃত্য আছে। সেইবোৰ হ’ল- কথাকলি, মোহিনী আট্টম, ভৰতনাট্যম, কুচিপুড়া, অ’ডিছি, কথক, সত্ৰীয়া (অসম) আৰু মণিপুৰী।
(ঞ) ভাৰতীয় চিত্রকলা : প্রাচীন ভাৰতীয় চিত্ৰকলাৰ ঐতিহ্যক দুটা প্রধান ভাগত ভগাব পাৰি-
(১) বৃহদাকাৰ দেৱাল চিত্ৰ আৰু (২) ক্ষুদ্রাকাৰ চিত্র। ক্ষুদ্রাকাৰ চিত্ৰসমূহ গ্রন্থসমূহ অংলকৃত কৰিবলৈ আৰু সচিত্র বিৱৰণ দিবলৈ অংকন কৰা হৈছিল। দেৱাল চিত্রশৈলী ভাৰতৰ বিভিন্ন স্থানত বৌদ্ধ, জৈন, হিন্দু ধর্ম বিষয় বস্তুক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল। এই চিত্রকলা অজন্তা, বাঘ, চিত্তনাৱাচল আদিৰ গুহাৰ দেৱালসমূহত দেখিবলৈ পোৱা যায়। এই সমূহৰ ভিতৰত অজন্তাৰ দেৱালৰ চিত্ৰসমূহ পৃথিৱী বিখ্যাত।
ক্ষুদ্রাকাৰ চিত্ৰকলা মোগল সম্রাট আকবৰ, জাহাংগীৰ আৰু ছাহজাহানৰ দিনত বহুল চর্চা হৈছিল। মোগল বাদছাহসকলৰ জীৱনী ভিত্তিক গ্রন্থসমূহত এনে চিত্র অংকিত কৰা হৈছিল। ফার্চী ৰীতিৰ এই চিত্রশৈলীৰে ৰামায়ণ-মহাভাৰত আদি হিন্দু ধর্ম গ্রন্থত চিত্র আঁকা হৈছিল।
Dr. Ratanlal Brahma, M.A., B.Ed., M.Phil., Ph.D.
Post Graduate Teacher (Political Science)
H.N.Seminary Model HS School, Bagribari, Dhubri, Assam
Email : brahmaratan@gmail.com
Whatsapp no. : 7020477396
Leave a comment