দশম শ্ৰেণীৰ সমাজ বিজ্ঞান -ভূগোল (দ্বিতীয় খণ্ড) অধ্যায় ১

অর্থনৈতিক ভূগোল : বিষয়বস্তু আৰু সম্পদ

Economic Geography: Matter and Resources 

Class X Social Science, Unit-2 Geography Chapter 1



1. শুদ্ধ উত্তৰটো বাছি উলিওৱা : 

(i) তলৰ কোনটো প্ৰাথমিক বৃত্তি নহয়—hslc-2023

(ক) মাছ ধৰা

(খ) বনজ সম্পদ আহৰণ

(গ) শিল্পোৎপাদন প্রক্রিয়া

(ঘ) কৃষিকর্ম

উত্তৰঃ-(গ) শিল্পোৎপাদন প্রক্রিয়া


(ii) তলৰ কোনটো এটা অজীৱীয় সম্পদ? hslc-2022

(ক) বায়ু

(খ) বেক্টেৰিয়া

(গ) ভেঁকুৰ

(ঘ) শস্য

উত্তৰঃ-(ক) বায়ু


(iii) তলৰ সম্পদ সমূহৰ কোনবিধ সম্পদ অজীৱীয়? HS-2017

(ক) বায়ু 

(খ) উদ্ভিদ 

(গ) জন্তুবোৰ 

(ঘ) শস্য 

উত্তৰঃ- (ক) বায়ু। 


(iv) তলৰ কোনটো অ-নবীকৰণযোগ্য সম্পদ? HSLC-2019, 2017

(ক) পানী 

(খ) সূর্য ৰশ্মি 

(গ) গছ-গছনি 

(ঘ) প্রাকৃতিক গেছ 

উত্তৰঃ- (ঘ) প্রাকৃতিক গেছ। 


(v) তলৰ কোনটো মানৱ সৃষ্ট সম্পদ? HSLC-2020, 2018

(ক) অৰণ্য 

(খ) জলসিঞ্চন নলা 

(গ) নদ-নদী 

(ঘ) খনিজ তেল 

উত্তৰঃ- (খ) জলসিঞ্চন নলা।


(vi) IUCN সংস্থাটো কোন আন্তঃৰাষ্ট্রীয় সংস্থাৰ অন্তৰ্গত- 

(ক) UNESCO 

(খ) UNDP 

(গ) WWF 

(ঘ) UNEP 

উত্তৰঃ- (ক) UNESCO.

 

(vii) IUCN প্রতিষ্ঠা হৈছিল—

(i) 1948 চনত 

(ii) 1940 চনত

(iii) 1950 চনত 

(iv) 1952 চনত

উত্তৰঃ-(i) 1948 চনত 


(viii) অসমত বিলুপ্ত হ’বলৈ ধৰা প্রাণীসমুহৰ অন্যতম হ’ল-

(ক) এশিঙীয়া গড় 

(খ) বনৰীয়া ঘোঁৰা

(গ) সোণালী বান্দৰ 

(ঘ) হাতী 

উত্তৰঃ- (গ) সোণালী বান্দৰ।


(ix) তলৰ কোনটো বিলুপ্তপ্রায় প্রাণী? 

(ক) এশিঙিয়া গঁড় 

(খ) নল গাহৰি 

(গ) জিৰাফ 

(ঘ) মিথুন 

উত্তৰঃ- (খ) নল গাহৰি। 


(x) জাতীয় সম্পদৰ উদাহৰণ হ’ল— 

(ক) সোণ 

(খ) মাটি 

(গ) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান 

(ঘ) ভাল চৰিত্ৰ 

উত্তৰঃ- (গ) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।


(xi) মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় বস্তুক বোলা হয়—

(ক) সম্পদ 

(খ) দ্রব্য 

(গ) সম্পত্তি

(ঘ) চাহিদা

উত্তৰঃ-(ক) সম্পদ 


(xii) যিবোৰ সামগ্ৰীৰ বিনিময় মূল্য আছে সেইবোৰক বোলা হয়-

(i) সম্পত্তি 

(ii) সম্পদ 

(iii) মুক্ত বস্তু 

(iv) দ্রব্য 

উত্তৰঃ-(i) সম্পত্তি 


(xiii) কোনবিধ সম্পদ অ-নবীকৰণযোগ্য- 

(ক) জীৱ-জন্তু

(খ) গছ-গছনি

(গ) সূৰ্যৰ পোহৰ 

(ঘ) লো।

উত্তৰঃ-(ঘ) লো।


2. অর্থনৈতিক ভূগোলৰ পিতৃস্বৰূপ কোন? 

উত্তৰঃ- জর্জ ছিজহ’ম। 


3. সম্পদৰ দুটা প্রধান বৈশিষ্ট্য উল্লেখ কৰা। HSLC-2020 

উত্তৰঃ- (১) সম্পদ হ’বলৈ ইয়াৰ কার্যকাৰিতা আৰু উপকাৰিতা গুণ দুটা থাকিব লাগিব।

(২) সম্পদ পৰিৱৰ্তনশীল। 


4. প্রাকৃতিক সম্পদ বুলিলে কি বুজায়? HSLC-2017 উদাহৰণসহ চমুকৈ লিখা। 

উত্তৰঃ- যিবোৰ সম্পদ জীৱীয় বা অজীৱীয়ৰূপে প্রাকৃতিকভাবে সৃষ্টি হৈ প্ৰকৃতিত বিয়পি থাকে তেনেকুৱা সম্পদবোৰক প্রাকৃতিক সম্পদ বোলে। যেনে- বায়ু, পানী, গছ-গছনি এইবোৰ প্রাকৃতিকভাৱে সৃষ্টি হৈ প্ৰকৃতিত বিয়পি থাকে।


5. সম্পদ বুলিলে কি বুজা? ইয়াৰ প্রধান বৈশিষ্ট্যসমূহৰ যি কোনো এটা উল্লেখ কৰা। HSLC-2018

উত্তৰঃ- মানুহৰ জীৱন ধাৰণৰ বাবে প্রয়োজনীয় সকলোবোৰ বস্তুকেই সম্পদ বোলে। যেনে- মাটি, পানী, বায়ু আদি। ইয়াৰ প্রধান বৈশিষ্ট্যসমূহৰ এটা হ’ল– (ক) উপকাৰিতা। 


7. প্রাকৃতিক আৰু মানৱ সম্পদৰ উদাহৰণসহ সংজ্ঞা লিখা। HSLC-2017

উত্তৰঃ- যিবোৰ সম্পদ প্রাকৃতিকভাৱে সৃষ্টি হৈ প্ৰকৃতিত বিয়পি থাকে, তেনে সম্পদবোৰক প্রাকৃতিক সম্পদ বোলে। যেনে— বায়ু, পানী, মাটি।

মানুহ হৈছে মানৱ সম্পদ। কিয়নো মানুহে সম্পদৰ ওপৰত দুই প্রকাৰে ক্রিয়া কৰে। সম্পদৰ উৎপাদক আৰু উপমোক্তা হিচাপে। মানুহ নহ’লে নতুনকৈ সম্পদৰ সৃষ্টি হ’ব নোৱাৰে। সেইবাবে মানুহক মানৱ সম্পদ বুলি কোৱা হয়। যেনে— মানুহ। 


8. অর্থনৈতিক ভূগোল কাক বোলে? HSLC-2020 অর্থনৈতিক ভূগোলৰ তিনিটা প্রধান শাখাৰ নাম উল্লেখ কৰা। HSLC-2017

উত্তৰঃ- ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, বিনিময়, উপভোগ আদিৰ লগত জড়িত মানুহৰ কার্যকলাপ স্থান-কাল সাপেক্ষে অধ্যয়ন কৰা হয়, তাকে অর্থনৈতিক ভূগোল বোলে।

ইয়াৰ প্রধান শাখা হ’ল- (১) সম্পদ ভূগোল (২) কৃষি ভূগোল (৩) উদ্যোগ ভূগোল (৪) বজাৰ ভূগোল আদি।


9. পার্থক্য লিখা : 

(ক) জীৱীয় সম্পদ         অজীৱীয় সম্পদ

(১) জীৱ থকা সম্পদ         (১) জীৱ নাথাকে বা নির্জীৱ সম্পদ। 

(২) উদ্ভিদ, প্রাণী, মৎস্য, (২) বায়ু, পানী, শিল, মাটি, 

শস্য আদি জীৱীয় সম্পদৰ অন্তর্ভুক্ত। কয়লা, খনিজ পদার্থ আদি অজীৱীয় সম্পদ। 


(খ) সম্পদ সম্পত্তি

(১) মানুহৰ জীৱন ধাৰণৰ প্রয়োজনীয় সকলোবোৰ বস্তুৱেই সম্পদ। (১) বজাৰ মূল্য আৰু বাবে বিনিময় মূল্য থকা বস্তুৱেই সম্পত্তি।

(২) সম্পত্তি এজনৰ পৰা সিজনলৈ হস্তান্তৰ নোৱাৰি পাৰি। (২) সম্পদক এজনৰ পৰা আন এজনলৈ মূল্যৰ কৰিব জৰিয়তে হস্তান্তৰ কৰিব পাৰি।


10. সম্পদ ভূগোলক কিয় অর্থনৈতিক ভূগোলৰ এটি গুৰুত্বপূৰ্ণ শাখা বোলা হয়?

উত্তৰঃ- অর্থনৈতিক ভুগোল আৰু ইয়াৰ আটাইবোৰ শাখা-উপশাখাৰ অধ্যয়নেই সম্পদ ভূগোলৰ লগত জড়িত। কাৰণ কোনো এখন দেশৰ অর্থনৈতিক উন্নয়ন দেশখনৰ সম্পদৰ মান আৰু প্ৰাচুৰ্যৰ ওপৰত বহুখিনি নির্ভৰ কৰে। সম্পদে এখন দেশৰ অর্থনৈতিক দিশত ভালেখিনি বৰঙণি আগবঢ়ায়। সেই কাৰণে সম্পদ ভূগোলক অর্থনৈতিক ভূগোলৰ এটি গুৰুত্বপূর্ণ শাখা বোলা হয়। 


11. নবীকৰণযাোগ্য আৰু অনবীকৰণযাোগ্য সম্পদৰ মাজৰ পার্থক্য কি কি? উদাহৰণসহ চমুকৈ আলোচনা কৰা। HSLC-2018

উত্তৰঃ- (১) নবীকৰণযাোগ্য সম্পদবোৰ জীৱীয় মূলৰ। উদাহৰণ— গছ-গছনি, মূলৰ। অনবীকৰণযাোগ্য সম্পদবোৰ অজীৱীয় জীৱ-জন্তু। যেনে- কয়লা, খনিজ তেল।

(২) নবীকৰণযাোগ্য সম্পদবোৰ নিঃশেষ হৈ যায়। উদাহৰণ- সূৰ্যৰ ৰশ্মি। অনবীকৰণযাোগ্য সম্পদবোৰ একেবাৰে নিঃশেষ হৈ নাযায়। যেনে- প্রাকৃতিক গেছ। 


12. মানৱ সৃষ্ট সম্পদ কি? উদাহৰণসহ ইয়াৰ ব্যৱহাৰ সম্পর্কে চমুকৈ লিখা। 

উত্তৰঃ- মানুহৰ প্ৰচেষ্টাত উৎপাদিত সামগ্রীসমূহকে মানৱ সৃষ্ট সম্পদ বোলে। যেনে- বাঁহৰ পৰা কাগজ, কপাহৰ পৰা কাপোৰ, খনিজ তেলৰপৰা ৰং, কীটনাশক দ্রব্য, ৰাসায়নিক সাৰ, চাবোন, প্লাষ্টিক, মম, কৃত্রিম ৰবৰ, আনহাতে গছ-গছনিৰ পূৰা কাঠ, নানা ধৰণৰ ঔষধ আৰু গৃহ নির্মাণৰ সঁজুলি আদি। প্রাকৃতিক আৰু মানৱ সৃষ্ট সম্পদৰ ব্যৱহাৰৰ তাৰতম্য নিৰ্ভৰ কৰে মানুহৰ চাহিদাৰ পৰিবৰ্তন আৰু নতুন প্রযুক্তি উন্নয়নৰ ওপৰত। কীটনাশক দ্ৰব্যৰ ব্যৱহাৰে খেতি-পথাৰত হোৱা বেমাৰ-আজাৰ আৰু অনিষ্টকাৰী কীট-পতংগক নাশ কৰিছে।


13. সম্পদ আৰু মানুহৰ মাজত থকা সম্পৰ্কৰ বিষয়ে চমুকৈ লিখা। 

উত্তৰঃ- মানুহ আৰু সম্পদৰ মাজত গভীৰ আৰু এৰাব নোৱাৰা সম্পর্ক আছে। উল্লেখযাোগ্য যে প্রকৃতি, মানুহ আৰু সমাজ সংস্কৃতি তথা বিজ্ঞান-প্রযুক্তিৰ আন্তক্রিয়াৰ ফলতেই একো একোটা সম্পদৰ সৃষ্টি হয়। সেয়ে মানুহ সম্পদৰ সৈতে দুই ধৰণে জড়িত। যেনে- সম্পদৰ উৎপাদক আৰু উপভোক্তা হিচাপে। মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধিৰ লগে লগে নতুন নতুন সম্পদৰো সৃষ্টি হৈছে আৰু ব্যৱহাৰ হৈছে। উদাহৰণস্বৰূপে- যান-বাহন, কৃষিকাৰ্যৰ সঁজুলি আদি মানুহে নিজে প্রস্তুত কৰে। ইয়াৰোপৰি সম্পদৰ উৎপাদক বা সৃষ্টিকর্তা হিচাপে মানুহকো এক প্রকাৰে মানৱ সম্পদ বুলি ধৰা হয়। মুঠৰ ওপৰত মানৱ জীৱন সম্পদৰ ওপৰত নিৰ্ভৰশীল। 


14. সম্পদ আৰ বিজ্ঞান-প্রযুক্তিৰ মাজত থকা সম্পৰ্ক চমুকৈ লিখা। HSLC-2019

উত্তৰঃ- সম্পদ আৰু বিজ্ঞান-প্রযুক্তিৰ মাজত থকা সম্পর্ক তলত উল্লেখ কৰা হ’ল—

(১) সম্পদৰ আৱিষ্কাৰঃ- মানুহে বিজ্ঞান-প্রযুক্তিৰ সহায়ত নতুন নতুন সম্পদৰ আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে। উদাহৰণস্বৰূপে— কয়লা প্রাকৃতিক গেছ আদি বিজ্ঞান প্রযুক্তিৰ সহায়ত আৱিষ্কাৰ কৰা হৈছে। 

(২) নিষ্ক্রিয় সামগ্রীৰ ৰূপান্তৰঃ- বিজ্ঞান প্রযুক্তিৰ সহায়ত অনেক নিষ্ক্রিয় সামগ্রীক সম্পদলৈ ৰূপান্তৰ কৰা হৈছে। 


15. সম্পদৰ প্ৰয়োজনীয়তা সম্পর্কে উদাহৰণসহ চমুকৈ আলোচনা কৰা। 

উওৰঃ- মানুহৰ জীৱন ধাৰণত প্রয়োজন হোৱা সকলো বস্তুৱেই সম্পদ। ইয়াৰ ভিতৰত কেতবোৰ এনে সম্পদ আছে যিবোৰ নহ’লে মানুহ পৃথিৱীত এক মিনিট সময়ো জীয়াই থাকিব নোৱাৰে। উদাহৰণস্বৰূপে- বায়ু, পানী, মাটি আদি। প্রকৃতিত পোৱা বায়ু, পানী, গছ-গছনি, খনিজ পদার্থ আদি প্রাকৃতিক সম্পদসমূহক মানুহে বিজ্ঞান আৰু প্রযুক্তি-বিদ্যা খটুৱাই নিজৰ বাবে প্রয়োজনীয় বিভিন্ন কামত ব্যৱহাৰ কৰি নিজৰ অভাৱ পূৰণ কৰে। উদাহৰণস্বৰূপে- বাঁহৰ পৰা কাগজ, কপাহৰ পৰা কাপোৰ, খনিজ তেলৰ পৰা নানা ধৰণৰ ৰং আদি উৎপাদন কৰি লয়। মানুহৰ কায্যদক্ষতা, শিক্ষা, প্রযুক্তি আৰু আগ্ৰহৰ ফলত নিতৌ নতুন নতুন সম্পদৰ সৃষ্টি হৈছে আনকি সম্পদৰূপে গণ্য নোহোৱা সামগ্রীও সম্পদৰ অন্তর্ভুক্ত হৈছে। সেয়েহে মানুহ নিজেও এটা সম্পদৰূপে চিহ্নিত হৈছে। মানৱ সম্পদৰ দ্রুত বিকাশৰ ফলত পৃথিৱীত মানৱ উন্নয়ন আৰু পৃথিৱীত অর্থনৈতিক বিকাশ সম্ভৱ হৈছে। দৰাচলতে মানুহেই সম্পদৰ সৃষ্টিকর্তা। গতিকে মানুহৰ বাবে আটাইতকৈ প্রয়োজনীয় বিষয় হৈছে সম্পদ আহৰণ, বিত্ৰণ, সৃষ্টি আৰু ব্যৱহাৰ। 


16. ‘সম্পদ পৰিৱৰ্তনশীল’– ব্যাখ্যা কৰা। 

উত্তৰঃ- সম্পদ পৰিৱৰ্তনশীল বুলি কোৱা হয়। কিয়নো কোনো এটা সামগ্রী মানুহৰ ব্যৱহাৰত নাহিলে বা মানুহৰ বাবে অপকাৰী হ’লেও ভৱিষ্যতে সেই একেটা সামগ্ৰীয়েই মানৱ কল্যাণত ব্যৱহৃত হ’ব পাৰে। এনে সামগ্ৰীসমূহক নিৰপেক্ষ বা নিষ্ক্রিয় সামগ্রী বোলা হয়। উদাহৰণস্বৰূপে মানুহে যেতিয়ালৈকে শক্তি উৎপাদনত কয়লা বা খনিজ তেলৰ ব্যৱহাৰ নাজানিছিল তেতিয়ালৈকে এইবোৰ কেৱল নিৰপেক্ষ সামগ্ৰীহে আছিল। আনহাতে, যিবোৰ সামগ্রী বা পৰিঘটনাই মানুহৰ অপকাৰ সাধন কৰে, সেইবোৰক প্ৰতিৰোধক বোলা হয়। উদাহৰণস্বৰূপে অনূৰ্বৰ মাটি, বানপানী জৰ্জৰিত অঞ্চল আদি, মানুহৰ জ্ঞানৰ প্ৰসাৰ আৰু বিজ্ঞান-প্রযুক্তিৰ উন্নয়নৰ ফলত পৃথিৱীত থকা বহু নিৰপেক্ষ আৰু প্রতিৰোধক সামগ্রী মানুহৰ চেষ্টাত সম্পদলৈ পৰিৱৰ্তিত হৈছে৷ আনহাতে সম্পদৰ এনে পৰিৱর্তনশীল বৈশিষ্ট্যৰ বাবেই আজি উপকাৰী বুলি গণ্য হোৱা এটা সামগ্রী বা পৰিঘটনা সময়ৰ গতিত অপকাৰী বা নিষ্ক্রিয় সামগ্রীলৈ ৰূপান্তৰিত হ’ব পাৰে। অর্থাৎ সামাজিক পৰিৱৰ্তন ঘটাৰ লগে লগে সম্পদৰ ধাৰণা আৰু ইয়াৰ আহৰণ তথা ব্যৱহাৰৰো পৰিৱৰ্তন ঘটে।


17. উদাহৰণসহ সম্পদৰ শ্রেণীবিভাজন সম্পর্কে লিখা। 

উত্তৰঃ- সৃষ্টিৰ প্রক্রিয়া অনুসৰি সম্পদসমূহক উদাহৰণ সহ শ্রেণী বিভাজন কৰি তলত দাঙি ধৰা হ’ল-

প্রাকৃতিক সম্পদ : যেনে- সূৰ্যৰ ৰশ্মি, মাটি, পানী, বায়ু আদি। 

মানৱ সৃষ্ট সম্পদ : যেনে- কাগজ, কাপোৰ, চাবোন, মম ইত্যাদি। 

মানৱ সম্পদ : উৎপাদন আৰু সেৱা কার্যত নিয়োজিত ব্যক্তি।

অজীৱীয় সম্পদ : শিল, মাটি, খনিজ পদার্থ আদি। 

জীৱীয় সম্পদ : উদ্ভিদ, প্রাণী, মাছ আদি। 

নবীকৰণযাোগ্য সম্পদ : বায়ু, মাটি, পানী, জীৱ-জন্তু আদি। অনীকৰণযাোগ্য সম্পদ : কয়লা, খনিজতেল, খনিজ পদার্থ আদি।


18. সম্পদ সংৰক্ষণৰ চাৰিটা পদ্ধতি সম্পর্কে চমুকৈ লিখা।

উওৰঃ- সম্পদ সংৰক্ষণ ফলপ্রসু কৰিবলৈ হ’লে তলত উল্লেখ কৰা পদ্ধতিবোৰ আঁচনিত অন্তর্ভুক্ত কৰাটো অতি প্রয়োজন-

(১) বিকল্প সম্পদৰ সন্ধান : কোনো এটা বহুলভাৱে ব্যৱহৃত সম্পদৰ উৎপাদন চলি থকা অৱস্থাতে ইয়াৰ বিকল্প সম্পদৰ সম্ভাৱনা উদ্‌ঘাটনৰ বাবে প্রয়োজনীয় গৱেষণা আৰু জৰীপ চলাই থাকিব লাগে। 

(২) পুনৰাৱর্তন : সীমিত পৰিমাণত থকা কেঁচা সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ ব্যৱহাৰৰ উপযাোগী বর্জিত দ্রব্য পুনৰাৱর্তন প্রক্রিয়াৰ যোগেদি পুনৰ ব্যৱহাৰ কৰিব পাৰি। 

(৩) অভিযাোজন : অধ্যয়ন আৰু গৱেষণাৰ জৰিয়তে প্ৰকৃতিৰ পৰা আহৰণ কৰা সম্পদ ব্যৱহাৰোপযাোগী অৱস্থালৈ ৰূপান্তৰিত কৰিবলৈ অভিযাোজন বা নৱপ্রচলন প্রক্রিয়াৰ প্রয়োগ কৰিব লাগে। 

(8) বর্জিত দ্ৰব্যৰ পৰিমাণ হ্রাস : কেঁচা সামগ্ৰীৰপৰা প্রয়োজনীয় সম্পদলৈ ৰূপান্তৰ কৰোঁতে বর্জিত দ্রব্যৰ উৎপাদন সীমিত কৰি ৰখাৰ ব্যৱস্থা কৰিলে যথেষ্ট পৰিমাণে সম্পদ সংৰক্ষণ হ’ব পাৰে। 


19. সম্পদ সংৰক্ষণৰ লগত জড়িত সংস্থা আৰু সেইবোৰৰ ভূমিকা চমুকৈ লিখা। HSLC-2018

উত্তৰঃ- সমগ্র বিশ্ব জুৰি দেখা দিয়া দ্রুত জনসংখ্যা বৃদ্ধি আৰু প্রাকৃতিক পৰিৱেশৰ সমস্যা তথা বহু প্রাকৃতিক সম্পদ নিঃশেষ হ’বলৈ ধৰা পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি সমগ্র বিশ্বতে বিভিন্ন পর্যায়ত পৰিৱেশ সুৰক্ষা আৰু প্রাকৃতিক সম্পদ সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে। এনে কার্য সম্পাদনৰ বাবে আন্তঃৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়, আঞ্চলিক তথা, স্থানীয় পর্যায়ত বহু চৰকাৰী-বেচৰকাৰী সংস্থা আৰু সংগঠনৰ জন্ম হৈছে। এইক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ অন্তৰ্গত IUCN বিশেষভাৱে উল্লেখযোগ্য। এই সংস্থাটোৰ মূল উদ্দেশ্য হ’ল, সমগ্র বিশ্বৰ প্রাকৃতিক পৰিৱেশ আৰু প্রাকৃতিক সম্পদৰ সংৰক্ষণ তথা জৈৱ বৈচিত্র্য সম্পর্কে অধ্যয়ন, গৱেষণা আৰু প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰা। IUCNৰ নেতৃত্বতে WWF for nature আৰু বিশ্ব সংৰক্ষণ নিৰীক্ষণ কেন্দ্র স্থাপিত হৈছে। ভাৰত এনে কার্যৰ বাবে চৰকাৰীভাৱে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন নামেৰে এটি মন্ত্রণালয় গঠন কৰা হৈছে। এনে চৰকাৰী সংস্থাই প্রাকৃতিক সম্পদৰ সংৰক্ষণ আৰু পৰিৱেশ সুৰক্ষা সম্পর্কীয় আইনো প্রণয়ন কৰে। এই মন্ত্রণালয়ৰ অন্তৰ্গত স্বতন্ত্রভাৱে ১৯৮৬ চনত ভাৰতীয় বন গৱেষণা আৰু শিক্ষা সংস্থা গঠন কৰা হৈছে। ইয়াৰোপৰি বেচৰকাৰীভাৱে বিজ্ঞান আৰু পৰিৱেশ কেন্দ্র, গ্রীণপিচ ইণ্ডিয়া, ৱাইল্ড লাইফ ট্রাষ্ট অৱ ইণ্ডিয়া আদিৰ দৰে সংগঠনে পৰিৱেশ সুৰক্ষাৰ বাবে কাম কৰি আছে। অসমতো অসম বিজ্ঞান সমিতি, আৰণ্যকৰ দৰে কেইবাটাও বেচৰকাৰী সংগঠনে পৰিৱেশ সুৰক্ষা, জৈৱ বৈচিত্র্য সংৰক্ষণ আদিৰ বাবে কাম-কাজ কৰি আছে।


20. অর্থনৈতিক ভূগোলৰ পৰিসৰ সম্পর্কে চমুকৈ লিখা। 

উত্তৰঃ- অর্থনৈতিক ভূগোলত প্রধানকৈ মানুহৰ অর্থনৈতিক কার্যকলাপৰ বিতৰণ আৰু ইয়াৰ লগত জড়িত কাৰক আৰু প্রক্রিয়াসমূহ অধ্যয়ন কৰা হয়। ইয়াৰ অধ্যয়নৰ পৰিসৰ মূলতঃ-

(১) অর্থনৈতিক কার্যটো ক’ত অৱস্থিত? 

(২) অর্থনৈতিক কার্যটোৰ বৈশিষ্ট্যবোৰ কি কি? 

(৩) অর্থনৈতিক কার্যটো আন কি কি পৰিঘটনাৰ লগত জড়িত? 

(৪) অর্থনৈতিক কার্যটো য’ত আছে তাত কিয় হৈছে?

(৫) অর্থনৈতিক কার্যটো যত আছে তাৰ পৰিৱর্তে আন এঠাইত হ’লে বেছি ভাল হ’লহেঁতেন নেকি? এই প্রশ্নসমূহৰ ওপৰত প্রতিষ্ঠিত।

উক্ত পাঁচটা প্রশ্নৰ প্রথম তিনিটাৰ লগত পৰম্পৰাগত অর্থনৈতিক ভূগোল জড়িত। পাছৰ দুটা প্রশ্ন বিশেষকৈ আধুনিক অর্থনৈতিক ভূগোলৰ অৰ্ন্তগত। 


21. মানুহৰ অর্থনৈতিক বৃত্তি বুলিলে কি বুজা? এনে অর্থনৈতিক বৃত্তিবোৰ কি কি? 

উত্তৰঃ- অর্থনৈতিক কার্যকলাপত মানুহে যি কৰে সিয়েই হৈছে মানুহৰ অর্থনৈতিক বৃত্তি অর্থাৎ উৎপাদনক্ষম বৃত্তি বা কার্যকলাপত মানুহৰ যি যোগদান তাকে মানুহৰ অর্থনৈতিক বৃত্তি বুলি জনা যায়। এই বৃত্তিৰ দ্বাৰা মানুহে জীৱন ধাৰণৰ উপায় অৱলম্বন কৰে।

মানুহৰ অর্থনৈতিক বৃত্তি চাৰি প্ৰকাৰৰ। এই প্রকাৰ কেইটা তলত উল্লেখ কৰা হ’ল—

(১) প্রাথমিক বৃত্তি : যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা সম্পদ আহৰণ কৰে সেয়েই মানুহৰ প্রাথমিক বৃত্তি। যেনে- কৃষি কাৰ্য, মাছ ধৰা কাৰ্য, বনজ সম্পদ আহৰণ, খনিজ সম্পদ আহৰণ ইত্যাদি। 

(২) দ্বিতীয়ক বৃত্তি : যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা আহৰণ কৰা বিভিন্ন দ্রব্য নানান প্রযুক্তিৰ জৰিয়তে মানুহৰ ব্যৱহাৰোপযোগী কৰি লয় তাকে মানুহৰ দ্বিতীয়ক বৃত্তি বোলে। যেনে শিল্পোৎপাদন প্রক্রিয়া, বিভিন্ন নির্মাণ কার্য ইত্যাদি। 

(৩) চতুর্থক বৃত্তি : যি কাৰ্যৰ দ্বাৰা দ্বিতীয়ক আৰু তৃতীয়ক বৃত্তিসমূহ অধিক সুচল তথা ফলপ্রসূ কৰি তোলাত সহায় কৰে তাকে চতুর্থক বৃত্তি বোলে। যেনে- বেংক বা অন্য বিত্তীয় প্রতিষ্ঠান, প্রচাৰ মাধ্যম, প্রশাসন, শিক্ষা-গৱেষণা আদিৰ লগত জড়িত কার্যসমূহ। 

(৪) তৃতীয় বৃত্তি : যি কার্যৰ দ্বাৰা প্রাথমিক আৰু দ্বিতীয়ক বৃত্তিৰ যোগেদি উৎপাদিত সামগ্ৰীসমূহ উপভোক্তাৰ ওচৰ পায় তাকে তৃতীয়ক বৃত্তি বোলে। যেনে- যাতায়াত, পৰিবহণ, বজাৰ, পর্যটন, যোগাযোগ আদিৰ লগত জড়িত অর্থনৈতিক কার্যসমূহ।


22. সম্পদ সংৰক্ষণ বুলিলে কি বুজায়? ইয়াৰ প্রয়োজনীয়তা আলোচনা কৰা। HSLC-2019

উত্তৰঃ- কোনো ধৰণৰ বিনাশ আৰু অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাব্যপূর্ণ ব্যৱহাৰ কৰা কাৰ্য তথা ধাৰণাকে সম্পদ সংৰক্ষা বোলে।

সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ বিষয়ে তলত উল্লেখ কৰা হ’ল- 

(১) আমেৰিকা, কানাডা, জাপান, জার্মানী আদি দেশবোৰ যদিও চীন আৰু ভাৰতবৰ্ষৰ দৰে জনবহুল নহয়, তথাপিও এইবোৰ দেশত প্রাকৃতিক সম্পদৰ ব্যৱহাৰ অত্যধিক। এই দেশবোৰৰ উন্নতিৰ মূলতে হৈছে প্রাকৃতিক সম্পদৰ অত্যধিক ব্যৱহাৰ। উন্নত দেশবোৰত উচ্চ মাত্ৰাত হোৱা প্রাকৃতিক সম্পদৰ ব্যৱহাৰ আৰু উন্নয়নশীল দেশবোৰত জনবিস্ফোৰণৰ ফলত বৃদ্ধি পোৱা প্রাকৃতিক সম্পদৰ ব্যৱহাৰে প্রাকৃতিক সম্পদ নিঃশেষ হৈ যোৱাৰ ইংগিত দিছে। এনে পৰিস্থিতিৰ জোৰা মাৰিবলৈ সম্পদ সংৰক্ষণৰ প্রয়োজনীয়তা আছে।

(২) শক্তিৰ উৎস হিচাপে ব্যৱহৃত খনিজ তেল, কয়লা আদি আৰ কৃষিকার্যত ব্যৱহৃত ৰাসায়নিক সাৰ, কীটনাশক ৰাসায়নিক দ্রব্য আদিৰ ব্যৱহাৰ দ্রুতগতিত বৃদ্ধি পোৱাৰ ফলত এইবোৰ প্ৰাকৃতিক সম্পদৰ ভাণ্ডাৰ ক্রমান্বয়ে নিঃশেষ হৈ যোৱাৰ উপৰিও বায়ু, পানী আৰু মাটিৰ প্ৰদূষণ ঘটি এক ভয়াবহ পাৰিৱেশিক সমস্যাৰ সৃষ্টি হৈছে। সেয়েহে সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তা আছে। 

(৩) যান-বাহন আৰু উদ্যোগ-প্রতিষ্ঠানৰ দ্রুত বৃদ্ধি আৰু মানুহৰ বিলাসী জীৱন-যাপন ব্যৱস্থাৰ প্ৰসাৰৰ ফলত অনৱীকৰণযোগ্য শক্তি সম্পদ কয়লা, পেট্র’লিয়াম, প্রাকৃতিক গেছ আদি নিঃশেষ হ’বলৈ ধৰিছে।


23. অর্থনৈতিক ভূগোলৰ প্ৰধান শাখাসমূহৰ বিষয়বস্তু সম্পর্কে চমুকৈ লিখা। HSLC-2020

উত্তৰঃ- অর্থনৈতিক ভূগোলৰ প্ৰধান শাখাসমূহৰ বিষয়বস্তু সম্পর্কে তলত উল্লেখ কৰা হ’ল-

(১) ঔদ্যোগিক ভূগোল : এই অংশত উদ্যোগ স্থাপনৰ লগত জড়িত অর্থনৈতিক তথা অন্যান্য কাৰকসমূহ, উদ্যোগৰ প্ৰকাৰ আৰু ভৌগোলিক বিতৰণ, ঔদ্যোগিক সামগ্ৰীৰ উৎপাদন, উদ্যোগ অৱস্থানৰ লগত জড়িত সূত্র, ঔদ্যোগিক সামগ্ৰীৰ বজাৰ তথা আমদানি-ৰপ্তানি ইত্যাদি ইয়াত অধ্যয়ন কৰা হয়। 

(২) কৃষি ভূগোল : কৃষি ভূগোলত কৃষি কাৰ্যৰ লগত জড়িত কাৰকসমূহ, কৃষিৰ প্ৰকাৰ, কৃষি কাৰ্যৰ বিতৰণ আৰু পদ্ধতি, শস্যৰ উৎপাদন আৰু ইয়াৰ লগত জড়িত সূত্র, কৃষি সামগ্ৰীৰ বজাৰ তথা আমদানি-ৰপ্তানি ইত্যাদি অধ্যয়ন কৰা হয়। 

(৩) পৰিবহণ ভূগোল : ইয়াত পৰিবহণ ব্যৱস্থাৰ প্ৰকাৰ আৰু ইয়াৰ লগত জড়িত কাৰকসমূহ, সম্পদ বিতৰণত পৰিবহণৰ ভূমিকা, মানুহৰ যাতায়াত তথা অর্থনৈতিক কার্যকলাপত পৰিবহণৰ ভূমিকা, অর্থনৈতিক উন্নয়ন ইত্যাদি অধ্যয়ন কৰা হয়।

(৪) সম্পদ ভূগোল : সম্পদৰ প্ৰকাৰ, আঞ্চলিক বিতৰণ, সম্পদ উদ্‌ঘাটন তথা উৎপাদনৰ লগত জড়িত কাৰকসমূহ, সম্পদ আৰু উন্নয়নৰ সম্পর্ক, সম্পদৰ সংৰক্ষণ আৰু ব্যৱস্থাপনা আদি অধ্যয়ন কৰা হয়। 

(৫) পৰিকল্পনা আৰু উন্নয়ন ভূগোল : ইয়াত অর্থনৈতিক উন্নয়নৰ লগত জড়িত কাৰকসমূহ, পৰিকল্পনা ব্যৱস্থা, বহনক্ষম উন্নয়ন, অঞ্চল তথা উপাদান ভিত্তিক উন্নয়ন প্রক্রিয়া আদি অধ্যয়ন কৰা হয়। 

(৬) পর্যটন ভূগোল : ইয়াত পর্যটন আৰু ইয়াৰ বিকাশৰ লগত জড়িত কাৰকসমূহ, পর্যটনৰ প্ৰকাৰ, পর্যটন ব্যৱস্থাৰ উন্নয়ন প্রক্রিয়া আৰু পৰিকল্পনা আদি অধ্যয়ন কৰা হয়। 

(৭) বজাৰ ভূগোল : ইয়াত বজাৰ স্থাপনৰ প্রয়োজনীয়তা আৰু ইয়াৰ কাৰকসমূহ, বজাৰৰ প্ৰকাৰ আৰু বিতৰণ আৰু ইয়াৰ লগত জড়িত সূত্ৰসমূহ অধ্যয়ন কৰা হয়।


24. চমুটোকা লিখাঃ- 

(ক) সম্পত্তি : সম্পদ আৰু সম্পত্তিক একে বুলি গণ্য কৰা হয় যদিও অর্থনীতি সূত্র অনুসৰি সম্পত্তি আৰু সম্পদ পৃথক যিবোৰ বস্তু বা সামগ্ৰীৰ বিনিময় মূল্য আছে আৰু যিবোৰ বস্তুক এজনৰ পৰা আনজনলৈ বিনিময় মূল্যৰ দ্বাৰা হস্তান্তৰ কৰিব পাৰি তেনেবোৰ সামগ্রীকহে সম্পত্তি বুলি গণ্য কৰা হয়। উদাহৰণস্বৰূপে- ঘৰ-দুৱাৰ, যন্ত্র-পাতি, কোম্পানীৰ অংশ পত্র আদি। সম্পদৰ তুলনাত সম্পত্তিৰ যোগান সীমিত হয় আৰু সকলো সম্পত্তিৰ বজাৰ মূল্য থাকে। 

(খ) নবীকৰণযাোগ্য সম্পদ : পৃথিৱীত পোৱা প্রাকৃতিক সম্পদবোৰৰ ভিতৰত কিছুমান ব্যৱহাৰৰ পিছত একেবাৰে নিঃশেষ হৈ নাযায় আৰু আন কিছুমান ক্রমান্বয়ে নিঃশেষ হৈ যায়। যিবোৰ সম্পদ অনবৰত ব্যৱহাৰ কৰি থকাৰ পিছতো নৱীকৰণ বা পুনঃপূর্ণীকৃত প্রক্রিয়াৰে কেতিয়াও একেবাৰে নিঃশেষ হৈ নোযাোৱাকৈ ৰাখিব পাৰি, তেনে সম্পদবোৰক নবীকৰণযাোগ্য বা পুনঃসৃষ্টিক্ষম সম্পদ বোলা হয়। যেনে- সূৰ্যৰ ৰশ্মি, বায়ু, পানী, গছ-গছনি, জীৱ-জন্তু, মানুহ, শস্য আদি নবীকৰণযাোগ্য সম্পদ। এই সম্পদবোৰ প্ৰকৃতিৰ বুকুত সহজে সৃষ্টি হয়। 

(গ) সম্পদ : মানুহৰ জীৱন ধাৰণৰ বাবে প্রয়োজন হোৱা সকলো বস্তুকেই সম্পদ বোলা হয়। পৃথিৱীত পোৱা যিবোৰ বস্তুৱে মানুহৰ বা সমাজৰ উপকাৰ সাধিত কৰে তেনেবোৰ বস্তুকেই সম্পদ হিচাপে গণ্য কৰা হয়। উদাহৰণস্বৰূপে : বায়ু, পানী, সূৰ্যৰ ৰশ্মি, মাটি আদি। সম্পদ প্রধানকৈ প্রাকৃতিক সম্পদ আৰু মানৱ সৃষ্ট সম্পদ হিচাপে দুভাগত বিভক্ত সম্পদ হিচাপে পৰিগণিত হ’বলৈ হ’লে বস্তু এটাৰ কার্যকাৰিতা আৰু উপকাৰিতা এই দুয়োবিধ গুণ থকা বাঞ্চণীয়। 

(ঘ) মানৱ সম্পদ : (HSLC-2017) সম্পদ প্রধানকৈ প্রাকৃতিক সম্পদ আৰু মানৱ সৃষ্ট সম্পদ হিচাপে দুভাগত বিভক্ত। প্রাকৃতিক সম্পদক মানুহে নিজৰ জ্ঞান বৃদ্ধিৰ দ্বাৰা ব্যৱহাৰৰ উপযাোগী বিভিন্ন সামগ্রী উৎপাদন কৰি লয়। উদাহৰণস্বৰূপে- বাঁহৰ পৰা কাগজৰ উৎপাদন। মানুহৰ ব্যৱহাৰত অহা তথা উপযাোগিতা বহন কৰা সামগ্ৰীসমূহৰ বেছি সংখ্যক বস্তুৱেই মানুহৰ দ্বাৰা সৃষ্টি কৰা। মানুহ আৰু সম্পদৰ মাজত গভীৰ আৰু এৰাব নোৱাৰা সম্পর্ক আছে। উল্লেখযাোগ্য যে প্রকৃতি, মানুহ আৰু সমাজ সংস্কৃতি তথা বিজ্ঞান-প্রযুক্তিৰ আন্তক্রিয়াৰ ফলতেই একো একোটা সম্পদৰ সৃষ্টি হয়। সেয়ে মানুহ সম্পদৰ সৈতে দুই ধৰণে জড়িত। যেনে- সম্পদৰ উৎপাদক আৰু উপভোক্তা হিচাপে। মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধিৰ লগে লগে নতুন নতুন সম্পদৰো সৃষ্টি হৈছে আৰু ব্যৱহাৰ হৈছে। উদাহৰণস্বৰূপে— যান-বাহন, কৃষিকাৰ্যৰ সঁজুলি আদি মানুহে নিজে প্রস্তুত কৰে। ইয়াৰোপৰি সম্পদৰ উৎপাদক সৃষ্টিকর্তা হিচাপে মানুহকো এক প্রকাৰে মানৱ সম্পদ বুলি ধৰা হয়। মুঠৰ ওপৰত মানৱ জীৱন সম্পদৰ ওপৰত নিৰ্ভৰশীল। 

(ঙ) জাতীয় সম্পদ : পৃথিৱীত লাভ কৰা সকলোবোৰ মালিকীস্বত্বৰ ভিত্তিত সম্পদৰ শ্রেণী বিভাগ কৰা হৈছে। এখন দেশৰ তত্ত্বাৱধান বা দখলত থকা সকলোবোৰ সম্পদ যেনে- ৰাস্তা-ঘাট, ভূমি, নদ-নদী, দলং, অভয়াৰণ্য, অৰণ্যত থকা গছ-গছনি আৰু জীৱ-জন্তু, শিক্ষানুষ্ঠান, প্রশাসনিক ব্যৱস্থা, চৰকাৰ আদিক জাতীয় সম্পদ বোলা হয়। উদাহৰণস্বৰূপে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন এটা জাতীয় সম্পদ। 

(চ) ব্যক্তিগত সম্পদ : পৃথিৱীত উপলভ্য সকলোবোৰ সম্পাদক মালিকীস্বত্বৰ ভিত্তিত ব্যক্তিগত, জাতীয় আৰু আন্তর্জাতিক সম্পদ হিচাপে শ্রেণী বিভক্ত কৰিব পাৰি। মানুহৰ নিজ নিজ দখল বা অধিকাৰত থকা ভূমি, সা-সম্পত্তি আৰু নিজা ভাল গুণ যেনে— ভাল চৰিত্র, শিক্ষা, কর্মদক্ষতা আদিক ব্যক্তিগত সম্পদ বোলা হয়। 

(ছ) সম্পদৰ পুনৰাৱর্তন : পুনৰাৱৰ্তন সম্পদ সংৰক্ষণৰ এটা ব্যৱস্থা প্রক্রিয়া। এই ব্যৱস্থাত সীমিত পৰিমাণত থকা কেঁচা সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ ব্যৱহাৰৰ উপযাোগী বর্জিত দ্রব্য পুনৰাৱৰ্তন প্রক্রিয়াৰ যাোগেদি পুনর্ব্যৱহাৰ কৰিব পাৰি। উদাহৰণস্বৰূপে পুৰণি পলিথিন বেগ, প্লাষ্টিক বটল, কাগজ, লোহাৰ সামগ্ৰী আদি পুনৰাৱর্তনৰ জৰিয়তে সংশ্লিষ্ট সম্পদৰ কেঁচা সামগ্রী কিছু পৰিমাণে হ’লেও সংৰক্ষণ কৰিব পাৰি। 

(জ) জীৱীয় সম্পদ : প্রাকৃতিক গঠন অনুসৰি সম্পদসমূহৰ যিবোৰৰ জীৱ থাকে সেইবোৰক জীৱীয় সম্পদ আৰু যিবোৰ নির্জীৱ সেইবোৰক অজীৱীয় সম্পদ বোলে। উদ্ভিদ, প্রাণী, মাছ, শস্য আদি জীৱীয় সম্পদ। 

(ঝ) IUCN : IUCNৰ সম্পূর্ণ নাম হৈছে International Union for Conservation of Nature ই হ’ল এটা পৰিৱেশ সুৰক্ষা আৰু প্রাকৃতিক সম্পদ সংৰক্ষণৰ অর্থে গঠন কৰা আন্তঃৰাষ্ট্রীয় সংগঠন। ১৯৪৮ চনতে UNESCO অর্থাৎ ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থাৰ প্রথম সঞ্চালকপ্রধান জুলিয়ান হাক্সলেৰ (ব্রিটিছ জীৱবিজ্ঞানী) প্রচেষ্টাত ফ্রান্সত IUCN প্রতিষ্ঠিত হৈছিল। এই সংস্থাটোৰ মূল উদ্দেশ্য হৈছে সমগ্র বিশ্বৰ প্রাকৃতিক পৰিৱেশ আৰু প্রাকৃতিক সম্পদৰ সংৰক্ষণ তথা জৈৱ বৈচিত্র্য সম্পর্কে অধ্যয়ন, গৱেষণা আৰু প্রয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা। IUCNTৰ নেতৃত্বতে WWF for Nature (World Wide Fund for Nature) আৰু বিশ্ব সংৰক্ষণ নিৰীক্ষণ কেন্দ্র (World Conservation Monitoring Centre) স্থাপিত হৈছে।

(ঞ) অনবীকৰণযাোগ্য সম্পদ : যিবোৰ সম্পদ অতিমাত্রা ব্যৱহাৰ তথা নানান প্রাকৃতিক নাইবা মানৱজনিত কাৰণত চিৰকালৰ বাবে বিলুপ্ত হৈছে বা বিলুপ্ত হ’ব পাৰে বা যিবোৰ সম্পদ ব্যৱহাৰৰ পিছত নৱীকৰণ বা পুনঃসৃষ্টি কৰিব নোৱাৰি আৰু একেবাৰে নিঃশেষ হৈ যায়, তেনে সম্পদবোৰক অনবীকৰণযাোগ্য বা ক্ষয়শীল বা পুনঃসৃষ্টিহীন সম্পদ বোলে। উদাহৰণ স্বৰূপে, কয়লা, খনিজ তেল, খনিজ পদার্থ (যেনে— তাম, সোণ, চূণশিল, লো, ৰূপ আদি)। 

(ট) সম্পদ সংৰক্ষণ : কোনো ধৰণৰ বিনাশ আৰু অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সাম্ভাব্য পূর্ণ ব্যৱহাৰ কৰা কাৰ্য বা ধাৰণাকে সম্পদ সংৰক্ষণ বোলা হয়। সম্পদ সংৰক্ষণৰ মূল উদ্দেশ্য হ’ল আমি প্ৰকৃতিৰ পৰা আমাৰ প্রয়োজনীয় সম্পদবোৰ এনেদৰে আহৰণ কৰি ব্যৱহাৰ কৰিব লাগে যাতে ইয়াৰ দ্বাৰা আমি সকলোৱে বহু সময় ধৰি উপকৃত হওঁ। উদাহৰণস্বৰূপে- কয়লাৰ অত্যধিক ব্যৱহাৰে ইয়াক লুপ্ত কৰিব পাৰে সেয়েহে বিকল্প উৎসৰ সন্ধান কৰা।

সম্পদ সংৰক্ষণৰ বাবে তলত দিয়া ব্যৱস্থাসমূহ গ্রহণ কৰা হয়। (ক) বিকল্প সম্পদৰ সন্ধান (খ) পুনৰাৱৰ্তন (গ) অভিযাোজন বা নৱপ্রচলন (ঘ) বর্জিত দ্ৰৱ্যৰ পৰিমাণ হ্রাস (ঙ) জ্ঞান আৰু শিক্ষাৰ সম্প্ৰসাৰণ আদি।


Dr. Ratanlal Brahma, M.A., B.Ed., M.Phil., Ph.D.

Post Graduate Teacher (Political Science)

H.N.Seminary Model HS School, Bagribari, Dhubri, Assam

Email : brahmaratan@gmail.com

Whatsapp no. : 7020477396

Leave a comment

Trending