মন হিৰা দৈ । Mon hira doi – দিপেন বৰুৱা

1. মন হিৰা দৈ চাইকেল নহয় টিলিঙা
মন হিৰা দৈ ডেকা নহয় পিলিঙা
ৰ’ঢ়লা পথাৰত আহিবা ঐ নিজানত
মন হিৰা দৈ তোমাৰনো কুমলীয়া মাত
মন হিৰা দৈ গাভৰু নহয় লহঙা
মেলেঙৰে বজাৰত ঢেকীয়ালৰ কলহত
মন হিৰা দৈ গুৰৰ বজাৰ আঁহতৰ ছাঁত
মন হিৰা দৈ বোৱাৰী নহয় যখিনী
বেমাৰ নহয় গহণী
ভাত নহয় অমাতৰ মাত
মন হিৰা দৈ ছোৱালী নহয় ঢেপেচি।
এচাৰি নহয় লেকেচি
নজৰ পালে এৰাৰ আহ
মন হিৰা দৈ কুলি কেতেকীৰ মিঠা মাতৰ শুৰেৰে
কুলি কেতেকীৰ মিঠা মাতৰ শুৰেৰে
কি কথা মোক কৈছিলা নৈৰে অ’ ঘাটতে
নেপাই নহয় ঠগিব, জীৱন ধ্বংস কৰিব
প্ৰলয় হ’লে পৰিব, বিনা মেঘে বজ্ৰপাত
মন হিৰা দৈ মাত নহয় মুৰুলী
হাঁহি নহয় বিজুলী
দেহা নহয় বিৰিণাৰ পাত।
মন হিৰা দৈ সাত দিনিয়া ব’হাগত
নাচিবা ঐ উলাহত
পীৰিতিৰে লগাবা মাত
মন হিৰা দৈ জাঁজি নৈৰ চনমাত বিহু কৰো আহা
হাততে তকাটি মুখতে হাঁহিটি
জীৱন কিনো মোহনীয়া কিনো মোহনীয়া মাত
কেনেকৈ জানিলে জীৱন জাঁজি নৈ চনমা
ক’লাকৈ কুলিয়ে জীৱন জাঁজি নৈ চনমা
কেনেকৈ জানিলে জীৱন জাঁজি নৈ চনমা
মেলিলে আমৰে পাত
মন হিৰা দৈ…।।

 2. হালে জালে অ’ লাহি বিৰিণা । hale jale o lahi birina

অ’ হালে জালে অ’ লাহি বিৰিণা
উৰণীয়া কৰে গা
জিৰাই অ’ তাতে জিৰাই
গাতে লগাই কৰে বা।
অ’ হালে জালে অ’….।
ৰিণিকি ৰিণিকি জিলিকছহি
দেখা কি নেদেখা হ’।
বাহৰে আগলি কৰে জিল্‌মিল্‌
ৰ’দে আকোৱালী ল’
নৈ চেঙেলীয়া জাঁজি বনৰীয়া
নৈয়ে নৈয়ে উতি যায়।
জিৰাই অ’ তাতে জিৰাই…।
উকিয়াই উকিয়াই দি যাওঁ সকিয়াই
কৈ যাওঁ মনৰে কথা।
শুন কি নুশুন বুকুৰে ৰিঙি মোৰ
শুন কি নুশুন বেথা।
মৰম আকলুৱা ঘুৰু পিছে পিছে
গাৰে লগৰে ছাঁ।
জিৰাই অ’ তাতে জিৰাই
গাতে লগাই কৰে বা।
অ’ হালে জালে অ’…।

Leave a comment

Trending