দশম শ্ৰেণীৰ ভূগোল (দ্বিতীয় খণ্ড) অধ্যায় ২ 

পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা
Environment and Environmental Problems

Class X Geography unit-2 Chapter 2

 

1. শুদ্ধ উত্তৰটো বাছি উলিওৱা:

(i) বায়ুমণ্ডলত কার্বন-ডাই-অক্সাইডৰ পৰিমাণ কিমান?  hslc-2023, 2020 

(ক) ০.০০৩৫% 

(খ) ০.০৩৫% 

(গ) ০.৩৫% 

(ঘ) ৩.৩৫% 

উত্তৰঃ-(খ) ০.০৩৫% 


(ii) তলত দিয়া বায়ুমণ্ডলৰ গেছবোৰৰ কোনটোৱে এচিড বৰষুণৰ সৃষ্টি কৰে?  hslc-2023

(ক) আর্গন

(খ) কার্বন মন ক্সাইড

(গ) নাইট্ৰ’জেন 

(ঘ) ছালফাৰ ডাই-অক্সাইড

উত্তৰঃ-(ঘ) ছালফাৰ ডাই-অক্সাইড


(iii) তলৰ গেছবোৰৰ ভিতৰত কোনটো গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে দায়ী নহয়?  hslc-2022

(ক) কার্বন ডাইঅক্সাইড

(খ) অ’ন

(গ) মিথেন

(ঘ) নাইট্ৰাছ অক্সাইড

উত্তৰঃ-(খ) অ’ন


(iv) সেউজ গৃহ গেছবোৰৰ ভিতৰত তলৰ কোনবিধ গেছ গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে দায়ী?  hslc-2019 

(ক) অক্সিজেন 

(খ) কার্বন ডাই-অক্সাইড 

(গ) নাইট্ৰ’জেন 

(ঘ) আর্গন

উত্তৰঃ-(খ) কার্বন ডাই-অক্সাইড 


(v) এছিড বৰষুণ সাধাৰণতে সৃষ্টি হয়— hslc-2018

(ক) মেৰু অঞ্চলত

(খ) অৰণ্য অঞ্চলত

(গ) ঔদ্যোগিক অঞ্চলত

(ঘ) ঘাঁহনি অঞ্চলত

উত্তৰঃ-(গ) ঔদ্যোগিক অঞ্চলত


(vi) পৃথিৱীৰ প্ৰাকৃতিক অৱস্থাৰ বৃহৎ উপাদান বা মণ্ডল হৈছে—

(ক) চাৰিটা 

(খ) তিনিটা 

(গ) আঠটা

(ঘ) সাতটা

উত্তৰঃ-(ক) চাৰিটা


(vii) ফিলিপাইনছৰ মাউন্ট পিনাটু ব’ৰ উদ্‌গিৰণ কেতিয়া হৈছিল—

(ক) ২০০০ চনত

(খ) ১৯২০ চনত

(গ) ১৯২০ চনত 

(ঘ) ১৯৯১ চনত

উত্তৰঃ-(ঘ) ১৯৯১ চনত


(viii) ভূ-পৃষ্ঠত জলমণ্ডলে আগুৰি আছে-

(ক) ৭৫%

(খ) ৭৪% 

(গ) ৭১% 

(ঘ) ৭২%

উত্তৰঃ-(গ) ৭১% 


(ix) মৰুভূমিবোৰে পৃথিৱীৰ স্থলভাগৰ শতাংশ সামৰি আছে-

(ক) ৩০%

(খ) ৪০% 

(গ) ২০%

(ঘ) ৪৫%

উত্তৰঃ-(গ) ২০%


(x) ভৌগোলিক দিশৰপৰা পৰিৱেশৰ সমস্যাবোৰক বিবেচনা কৰিব পাৰি-

(ক) দুইধৰণে

(খ) তিনিধৰণে

(গ) চাৰিধৰণে

(ঘ) পাঁচধৰণে

উত্তৰঃ-(খ) তিনিধৰণে


2. জলমণ্ডলৰ ভিতৰত কি কি পৰে লিখা। 

উত্তৰঃ- সাগৰ-মহাসাগৰ, নদ-নদী, হ্রদ আদি জলাশয়বোৰ জলমণ্ডলৰ ভিতৰত পৰে। 


3. বায়ুমণ্ডল কিহেৰে গঠিত লিখা। 

উত্তৰঃ- অক্সিজেন, নাইট্র’জেন, হাইড্র’জেন, কার্বন-ডাই-অক্সাইড, আর্গন আদি গেছৰ দ্বাৰা বায়ুমণ্ডল গঠিত। 


4. পৰিৱেশৰ আঞ্চলিক সমস্যাৰ দুটা উদাহৰণ দিয়া। 

উত্তৰঃ- পৰিৱেশৰ আঞ্চলিক সমস্যাৰ দুটা উদাহৰণ তলত উল্লেখ কৰা হ’ল– 

(১) অসমৰ ব্ৰহ্মপুত্র বা বৰাক উপত্যকাৰ বানপানী সমস্যা। 

(২) বিশাল ঔদ্যোগিক অঞ্চলৰ পানী প্ৰদূষণৰ সমস্যা। 


5. পৰিৱেশৰ কেইটামান জৈৱ আৰু অজৈৱ উপাদানৰ কথা উল্লেখ কৰা। 

উত্তৰঃ- পৰিৱেশৰ কেইটামান জৈৱ উপাদান হ’ল- বিভিন্ন প্রজাতিৰ উদ্ভিদ, বৃহৎ আকাৰৰ প্রাণী আদি।

পৰিৱেশৰ কেইমান অজৈৱ উপাদান হ’ল— মাটি, পানী আৰু বায়ু আদি।


6. স্থলমণ্ডল বুলিলে কি বুজায় লিখা। 

উত্তৰঃ- শিল, বালি, মাটি, মণিক আদিৰ দ্বাৰা গঠিত পৃথিৱীৰ স্থলভাগকে স্থলমণ্ডল বোলা হয়। ই ভূপৃষ্ঠৰ প্রায় ২৯ শতাংশ আগুৰি আছে। পাহাৰ-পর্বত, সমভূমি, নদী-উপত্যকা, মালভূমি, উপকূল আদি স্থলমণ্ডলৰ ভিতৰত পৰে।


7. মৰুকৰণ কি? HSLC-2017

উত্তৰঃ- মৰুকৰণ হৈছে এনে এটা প্রক্রিয়া যিয়ে ক্রান্তীয় অঞ্চলৰ উৎপাদনক্ষম ভূমিক মৰুভূমিত পৰিণত কৰে। আকৌ ৰাষ্ট্ৰসংঘৰ সন্মিলনে মৰুকৰণৰ সংজ্ঞা দিছিল এইদৰে “মৰুকৰণ হৈছে এনে এটা প্রক্রিয়া যিয়ে ভূমিৰ জৈৱিক সম্ভাৱনা আৰু ক্ষমতা বিনষ্ট কৰি অৱশেষত মৰুসদৃশ অৱস্থাৰ সৃষ্টি কৰে।” 


8. পৰিৱেশ বুলিলে কি বুজায় নিজৰ ভাষাত লিখা। 

উত্তৰঃ- কোনো জীৱ বা জীৱ-সম্প্রদায়ৰ চাৰিওফালৰ অৱস্থাকে পৰিৱেশ বুলি কোৱা হয়। চাৰিওফালৰ অৱস্থাই জীৱ বর্তি থাকিবলৈ প্রয়োজন হোৱা সকলো উপাদানকে পৰিৱেশে সামৰি লয়।  


9. জীৱমণ্ডলৰ বিস্তৃতি সম্বন্ধে লিখা। 

উত্তৰঃ- জীৱমণ্ডলে পৃথিৱীৰ জীৱ, অর্থাৎ উদ্ভিদ আৰু প্রাণী থকা অংশবোৰকে সামৰি লয়। পৃথিৱীৰ জীৱ থকা অংশবোৰ হৈছে- স্থলপৃষ্ঠ, সাগৰ-মহাসাগৰ আৰু বায়ুমণ্ডলৰ চৰাই-চিৰিকটি আৰু কীট-পতংগ উৰি ফুৰা অংশ। 


10. কোনবোৰ সমস্যাক গোলকীয় পৰিৱেশ সমস্যা বুলি কোৱা হয় লিখা। 

উত্তৰঃ- সমগ্র পৃথিৱীৰ পৰিৱেশ সম্পর্কীয় সমস্যাক গোলকীয় সমস্যা বুলি কোৱা হয়। উদাহৰণ গোলকীয় উত্তাপ বৃদ্ধি। এই সমস্যা বায়ুমণ্ডলৰ লগত জড়িত হোৱাৰ কাৰণে বিস্তৃতিৰ ফালৰ পৰা অসীম। ইয়াৰ প্ৰভাৱ বায়ুমণ্ডলৰ লগতে গোটেই পৃথিৱীৰ পৰিৱেশৰ জলভাগ, স্থলভাগ আৰু জীৱজগতৰ ওপৰতো পৰে।


11. সেউজগৃহ গেছ কাক বোলে? 

উত্তৰঃ- বায়ুমণ্ডলত থকা বিশেষ কিছুমান গেছে ভূ-পৃষ্ঠৰ পৰা প্রতিফলিত সৌৰশক্তি শোষণ কৰি ৰাখিব পাৰে। এনে গেছবোৰৰ ভিতৰত কার্বন-ডাই-অক্সাইড, মিথেন, নাইট্রাছ অক্সাইড, জলীয় বাষ্প আদিয়েই প্রধান। এই গেছবোৰে পৃথিৱীৰপৰা প্রতিফলিত শক্তি শোষণ কৰি বায়ুমণ্ডলৰ উত্তাপ নিয়ন্ত্ৰণত সহায় কৰে কাৰণে এই বোৰ গেছক সেউজগৃহ গেছ বোলা হয়। 


12. ভূমিস্খলন সংঘটিত হোৱাৰ দুটা কাৰণ লিখা। 

উত্তৰঃ- (১) পাহাৰত থকা বনাঞ্চল, গছ-গছনি কাটি ধ্বংস কৰাৰ ফলত মাটিৰ বান্ধোন শিথিল হয়। এনে পৰিস্থিতিত নেৰা-নেপেৰা বৰষুণ, ধুমুহা আদি হ’লে ভূমিস্খলন ঘটে।

(২) সাধাৰণতে বাৰিষাকালত অতিবৃষ্টি হোৱাৰ ফলত মাটিভাগ কোমল হৈ পৰে৷ ফলত ভূমিস্খলন হয়।


13. পৃথিৱীৰ পৰিৱেশৰ প্ৰধান মণ্ডল চাৰিটাৰ মাজৰ সম্বন্ধৰ বিষয়ে চমকৈ আলোচনা কৰা। HSLC-2018

উত্তৰঃ- পৃথিৱীৰ পৰিৱেশৰ প্ৰধান মণ্ডল চাৰিটা হ’ল— স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডল। এই মণ্ডলকেইটা পৰম্পৰ নিৰ্ভৰশীল। ইহঁতৰ মাজত চলি থকা আন্তঃক্রিয়াই পথিৱীৰ পৰিৱেশ গঢ়ি তুলিছে। স্থলমণ্ডলৰ গুণাগুণ আৰু পৰিৱৰ্তন জলমণ্ডল, বায়ুমণ্ডলৰ ওপৰত নিৰ্ভৰশীল। সেইদৰে জলমণ্ডলৰ গুণাগুণ আৰু পৰিৱর্তন বাকীকেইটা মণ্ডলৰ ওপৰত নিৰ্ভৰশীল। মণ্ডলকেইটাৰ অন্তৰ্গত অগণন উপাদানে পাৰস্পৰিক ক্রিয়াৰ এক জটিল জালিৰ যাোগেদি পৃথিৱীৰ বৰ্তমানৰ পৰিৱেশ নিৰূপণ কৰিছে।


14. মৰুকৰণৰ প্ৰধান কাৰণসমূহ চমুকৈ লিখা। HSLC-2019

উত্তৰঃ- মৰুকৰণৰ প্ৰধান কাৰণসমূহ হ’ল- 

(১) প্রাকৃতিক কাৰক : প্রাকৃতিক কাৰকবোৰৰ ভিতৰত খৰাং বতৰ আৰু গোলকীয় উত্তাপ বৃদ্ধিয়েই প্রধান। বৃষ্টি পাতৰ অভাৱত মৰুভূমিত প্রায়ে খৰাং অৱস্থাৰ সৃষ্টি হয়। খৰাং অৱস্থাই ভূমিৰ উৎপাদন ক্ষমতা হ্রাস কৰাৰ লগতে উদ্ভিদৰ বৃদ্ধিত নেতিবাচক প্রভাৱ পেলায়।

মৰুকৰণ প্ৰক্ৰিয়াক গোলকীয় উত্তাপ বৃদ্ধিয়ে ভয়ানক ৰূপ দিছে। কাৰণ উত্তাপ বৃদ্ধিয়ে মৰুভূমিবোৰত পৰিৱেশ অধিক শুকান কৰি তোলে।

(২) মানৱ সৃষ্ট কাৰকঃ- মানুহৰ কার্যকলাপৰ ভিতৰত অত্যধিক পশুচাৰণ, কৃষিৰ প্ৰসাৰ আৰু বননি ধ্বংসই প্রধান। 


15. প্ৰদূষণ মানে কি বুজায়? মাটি কিদৰে প্ৰদূষিত হয়, লিখা। HSLC-2019

উত্তৰঃ- অনিষ্টকাৰী দ্রব্যই পৰিৱেশ বিনষ্ট কৰা প্রক্রিয়াকে প্রদূষণ বোলে।

মাটি প্রদুষিত হোৱাৰ কাৰণবোৰ হ’ল— 

(১) সাধাৰণতে মাটিৰ লগত কোনো ৰাসায়নিক পদার্থ, বিষাক্ত ধাতু, ঔদ্যোগিক আৱৰ্জনা, তেজস্ক্রিয় পদার্থ, এচিড বৰষুণ আদি মিহলি হ’লে মাটিৰ স্বাভাৱিক গুণাগুণ নষ্ট হয় আৰু মাটি প্ৰদূষিত হয়। 

(২) ভূ-গর্ভৰ পৰা কয়লা, খাৰুৱা তেল আদি উত্তোলন কৰোঁতেও সেইবোৰৰ কিছু অংশ অসাৱধান বশতঃ ওচৰৰ মাটিত মিহলি হৈ মাটি প্ৰদূষিত হয়।


16. বায়ু কেনেকৈ প্ৰদূষিত হয় লিখা। HSLC-2017 

উত্তৰঃ- প্রাকৃতিক বা মানৱসৃষ্ট কাৰণত বায়ুমণ্ডলত কঠিন, তৰল বা গেছীয় পদার্থৰ সংযাোজন ঘটিলে বায়ুৰ স্বাভাৱিক অৱস্থাৰ সাধাৰণতে পৰিৱৰ্তন ঘটে। এনে পৰিৱর্তনে জীৱ আৰু জড় পদাৰ্থৰ ক্ষতি সাধন কৰিলে বায়ু প্ৰদূষিত হোৱা বুলি কোৱা হয়। যাোৱা কেইটামান দশকত বিশেষকৈ ঔদ্যোগিক ক্ষেত্ৰত আগবঢ়া কিছুমান অঞ্চলত এচিড বৰষুণজনিত সমস্যাৰ সৃষ্টি হোৱা দেখা যায়। পশ্চিম ইউৰোপ, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু পূব কানাডাৰ ঔদ্যোগিক এলেকাবোৰত এই সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। সাধাৰণতে বায়ুমণ্ডলত মাত্রাধিক ছালফাৰ ডাই-অক্সাইড আৰু নাইট্র’জেন ডাই-অক্সাইড সঞ্চিত হ’লে এচিড বৰষুণৰ সৃষ্টি হয়। এনে বৰষুণে বন-বননি ধ্বংস কৰাৰ লগতে বিল-খাল আদিৰ পানীও প্ৰদূষিত কৰে। 


17. পৰিৱেশিক সমস্যা কি? পৰিৱেশিক সমস্যাৰ ভৌগোলিক ভাগবোৰ ব্যাখ্যা কৰা। HSLC-2017

উত্তৰঃ- মানুহৰ অনিয়ন্ত্রিত জনসংখ্যা বৃদ্ধি, বিজ্ঞান-প্রযুক্তিৰ অত্যধিক ব্যৱহাৰে পৰিৱেশৰ ওপৰত হেঁচাৰ সৃষ্টি কৰিছে আৰু ইয়াৰ ফলত এক নতুন সমস্যাৰ সৃষ্টি হৈছে। এই সমস্যাবোৰ মূলত পৰিৱেশৰ লগত সম্পর্কিত কাৰণেই সমস্যাবোৰক পাৰিৱেশিক সমস্যা বোলা হয়। যেনে— অৰণ্য ধবংস, অত্যধিক পশুচাৰণ, গোলকীয় উত্তাপ বৃদ্ধি। ভৌগোলিক সমস্যা বুলি ক’লে আমি তিনিটা ভাগত ভাগ কৰিব পাৰে। সেইকেইটা হ’ল– (১) স্থানীয় সমস্যা। (২) আঞ্চলিক সমস্যা। (৩) গোলকীয় সমস্যা। 

উৎপত্তিৰ ফালৰ পৰা যিবোৰ সমস্যা একেটা এলেকাতে সীমাবদ্ধ হৈ থাকে, সেইবোৰক স্থানীয় সমস্যা বোলে। যিবোৰ একো একোটা ভৌগোলিক অঞ্চল জুৰি বিয়পি থাকে তাক আঞ্চলিক সমস্যা বোলে। আকৌ যিবোৰ গোটেই পথিৱীতে বিয়পি পৰে তাকে গোলকীয় সমস্যা বোলে।


18. গোলকীয় উত্তাপ বৃদ্ধি কি? গোলকীয় উত্তাপ বৃদ্ধি কিদৰে ৰোধ কৰিব পাৰি, লিখা। HSLC-2018

উত্তৰঃ- প্রাকৃতিক তথা মানৱসৃষ্ট কাৰণত নতুন নতুন উপাদান বায়ুমণ্ডলত সংযাোজিত হ’ব ধৰিছে আৰু ই বায়ুমণ্ডলৰ অৱস্থাৰ পৰিমাণ বৃদ্ধি হৈছে আৰু পৃথিৱী পৃষ্ঠৰ পৰা প্রতিফলিত সৌৰশক্তি মহাকাশলৈ ঘূৰি যাোৱাত বাধাপ্রাপ্ত হৈছে। ফলত পৃথিৱীৰ উত্তাপ দিনে দিনে বৃদ্ধি পাইছে। ইয়াকে গোলকীয় উত্তাপ বৃদ্ধি বোলে।

গোলকীয় উত্তাপ ৰোধৰ কেইটামান উপায় হ’ল— 

(ক) বনাঞ্চল ধ্বংস ৰোধ কৰিব লাগিব। 

(খ) ৰেফ্রিজাৰেটৰ, এয়াৰ কুলাৰ আদিত ক্লৰ’ফ্লৰ’কার্বনৰ বিকল্পৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। 

(গ) পোহনীয়া জন্তু, শস্য আদিৰপৰা নিৰ্গত মিথেন গেছৰ পৰিমাণ কম কৰিব লাগিব। 

(ঘ) জীৱষ্ম ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰিব লাগিব।


19. গোলকীয় উত্তাপ বৃদ্ধিৰ তিনিটা ফলাফল লিখা। HSLC-2020 গোলকীয় উত্তাপ বৃদ্ধিয়ে কি কি সমস্যাৰ সৃষ্টি কৰে লিখা।

উত্তৰঃ- বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধিয়ে বহু ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। সেইবোৰ তলত উল্লেখ কৰা হ’ল- 

(১) বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধিৰ ফলত মেৰু অঞ্চলৰ বৰফবোৰ গলি সাগৰপৃষ্ঠ ক্রমে ওপৰলৈ উঠি আহি উপকূলীয় অঞ্চলত বানপানী হ’ব পাৰে। 

(২) উপকূলীয় অঞ্চলত বানপানী হ’লে বহুতো জনবসতিপূর্ণ দ্বীপ, ব-দ্বীপ, প্রৱাল দ্বীপ, উপূলীয় চহৰ পানীত বুৰ যাব পাৰে। 

(৩) কিছুদিন শস্যৰ উৎপাদন ক্রমে হ্রাসহৈ দুর্ভিক্ষৰ সৃষ্টি হ’ব পাৰে। 

(৪) উদ্ভিদ আৰু প্রাণীজগতৰ জন্ম, বৃদ্ধি আৰু ভৌগোলিক বিতৰণৰ পৰিৱৰ্তন ঘটিব পাৰে। 

(৫) গোলকীয় উষ্ণতাৰ প্ৰভাৱ জলবায়ুৰ ওপৰত পৰি গৰম বতাহ, অতিবৃষ্টি, অনাবৃষ্টি আদি সমস্যাৰ সৃষ্টি কৰিব পাৰে। 

(৬) মানুহৰ স্বাস্থ্যৰ ওপৰত বেয়াকৈ ক্ষতি কৰি কিছুমান ৰোগ বৃদ্ধি কৰিব পাৰে। 

(৭) পৃথিৱীৰ নতুন নতুন ভূমি মৰুকৰণ প্ৰক্ৰিয়াৰ কবলত পৰি নতুন নতুন মৰুভূমিৰ সৃষ্টি হ’ব পাৰে।


20. প্ৰদুষণ কি? HSLC-2019, 2017 পানী কেনেকৈ প্ৰদূষিত হয় লিখা। HSLC-2020 

উত্তৰঃ- অনিষ্টকাৰী দ্রব্যই পৰিৱেশ বিনষ্ট কৰা প্রক্রিয়াকে সহজ কথাত প্ৰদূষণ বুলি ক’ব পাৰি। অপদ্রব্যৰ দ্বাৰা পৰিৱেশ বিনষ্ট হোৱাকে প্রদূষণ বোলে। ঘাইকৈ মানুহৰ নানা ধৰণৰ কাম-কাজৰ বাবে কিছুমান অপদ্রব্য বায়ু, পানী আৰু মাটিত প্ৰৱেশ কৰে যাৰ বাবে সিহঁতৰ স্বাভাৱিক গুণাগুণ বিনষ্ট হৈ পৰে। ইয়াৰ ফলত আমাৰ চাৰিওফালৰ মাটি, পানী আৰু বায়ু দূষিত হৈছে।

দূষিত পদার্থ মিহলি হৈ নির্মল পানীক ব্যৱহাৰৰ অনুপযাোগী কৰা কার্যকে পানী প্রদূষণ, বোলা হয়। সাধাৰণতে পানীৰ উৎসত মানুহৰ বসতি, উদ্যোগ, কৃষি কার্য আদি থাকিলে তাৰ পৰা নিৰ্গত অপদ্রব্য পানীত মিহলি হৈ পানী প্ৰদূষিত হয়।

সাধাৰণতে ঔদ্যোগিক আৱৰ্জনা আৰু নগৰৰ পেলনীয়া পদার্থই নগৰ অঞ্চলৰ মাজেদি বা কাষেদি প্রৱাহিত হোৱা নদ-নদীৰ পানী প্ৰদূষিত কৰে। উত্তৰ ভাৰতৰ মাজেদি বৈ যাোৱা গংগা নদীক এই ক্ষেত্ৰত বিশেষ উদাহৰণ হিচাপে বিবেচনা কৰিব পাৰি। এই নদীৰ পাৰত অৱস্থিত ডাঙৰ ডাঙৰ নগৰ-মহানগৰ আৰু উদ্যোগবোৰে সেইবোৰত উৎপন্ন হোৱা আৱৰ্জনা আৰু অপদ্রব্যবোৰ দীর্ঘকাল ধৰি নদীখনত পেলাই অহাৰ ফলত একালৰ পবিত্ৰ গংগাৰ পানী সম্প্রতি বেয়াকৈ প্ৰদূষিত হৈছে। 


21. ভৌগোলিক দিশৰপৰা পৰিৱেশৰ সমস্যাক কি কি ভাগত ভগাব পাৰি লিখা। HSLC-2017 

উত্তৰঃ- ভৌগোলিক দিশৰপৰা পৰিৱেশৰ সমস্যাসমূহক তিনি ধৰণে ভগাব পাৰি— (ক) স্থানীয় সমস্যা। (খ) আঞ্চলিক সমস্যা আৰু (গ) গোলকীয় সমস্যা। স্থানীয় সমস্যা : উৎপত্তি আৰু বিস্তৃতিৰ ফালৰপৰা স্থানীয় সমস্যাসমূহ একো-একোটা সৰু এলেকাত সীমাৱদ্ধ হৈ থাকিব পাৰে। উদাহৰণস্বৰূপে এটা ক্ষুদ্র উদ্যোগে কৰা সীমিত ভূমি প্ৰদুষণ, বিল এখন তৰাং হৈ অহাৰ ফলত খৰালি সৃষ্টি হোৱা পানীৰ নাটনি, কোনো এঠাইত নৈয়ে সৃষ্টি কৰা খহনীয়াৰ সমস্যা ইত্যাদি। 

আঞ্চলিক সমস্যা : কিছুমান সমস্যা একো-একোটা ভৌগোলিক অঞ্চল জুৰি সৃষ্টি হ’ব পাৰে। অসমৰ ব্ৰহ্মপুত্র বা বৰাক উপত্যকাৰ বানপানীৰ সমস্যা, বিশাল ঔদ্যোগিক অঞ্চলৰ পানী প্ৰদূষণৰ সমস্যা, মহানগৰ অঞ্চলৰ ভূ-গর্ভস্থ পানীৰ নাটনিজনিত সমস্যা, নদী-অৱবাহিকাৰ ভূমিক্ষয় সমস্যা, আদি আঞ্চলিক সমস্যাৰ উদাহৰণ। একোটা আঞ্চলিক সমস্যাই কেতিয়াবা একাধিক ৰাজ্যকে সামৰি ল’ব পাৰে। 

গোলকীয় সমস্যা : গোলকীয় উত্তাপ বৃদ্ধিৰ সমস্যা বায়ুমণ্ডলৰ লগত জড়িত হোৱাৰ কাৰণে বিস্তৃতিৰ ফালৰপৰা অসীম। ইয়াৰ প্ৰভাৱ বায়ুমণ্ডলৰ লগতে সমগ্র পৃথিৱীৰ পৰিৱেশৰ জলভাগ, স্থলভাগ আৰু জীৱজগতৰ ওপৰতো পৰে। এনে সমস্যাৰ সমাধানৰ প্রচেষ্টাও আন্তর্জাতিক পৰ্য্যায়ৰ হোৱাটো দৰকাৰ। 


Dr. Ratanlal Brahma, M.A., B.Ed., M.Phil., Ph.D.

Post Graduate Teacher (Political Science)

H.N.Seminary Model HS School, Bagribari, Dhubri, Assam

Email : brahmaratan@gmail.com

Whatsapp no. : 7020477396

Leave a comment

Trending