ও জীবন ৰে । O Jibon re – প্ৰতিমা বৰুৱা পান্ডে
1. ও জীবন ৰে,
জীবন ছাড়িয়া না যাইস মোকে,
আৰে তুই জীবন ছাড়িয়া গেইলে
আদৰ কৰিবে কায়, জীবন ৰে…
আৰে দোনো জনে বুন্ধি কৰিয়া ৰে
আৰে ও জীবন আসিলাম ভবেৰ হাটে
আৰে তুই জীবন ছাড়িয়া যাইসলুং
নিধুৱা পাথাৰে জীবন ৰে..
আৰে কচু পাতাৰ পানি যেমন ৰে,
আৰে ও জীবন টলমল টলমল কৰে
আৰে ঐ মতো মানুষেৰ দেহা
কখন টলিয়া পৰে, জীবন ৰে..
আৰে ভাই বলো ভাতিজা বলো ৰে
আৰে ও জীবন সম্পত্তিৰে ভাগী
আৰে আগে কৰবে ভাগ বাট্ৰা
পিছে কৰবে গতি, জীবন ৰে
আৰে ধান কাটে ধানুৱা ভাই ৰে,
আৰে ও জীবন কাটিয়া ছাড়ে নাৰা
আৰে তুই জীবন ছাড়িয়া গেইলে
মানষে কইবে মড়া জীবন ৰে..
আৰে তুই জীবন ছাড়িয়া গেইলে ৰে
আৰে ও জীবন কান্দিবে বাপো ভাই
শ্মাশান ঘাটে সোণাৰ দেহা
পুৰিয়া কৰিবে ছাই, জীবন ৰে..
আৰে হিন্দুৰ মৰা মৰলে কৰে ৰে,
আৰে ও জীবন নিয়া যায়
গ্ৰামেৰ ভাটি
মুছলমানেৰ মৰা মৰলে
আশে-পাশে মাটি জীবন ৰে..
ও জীবন ৰে,
জীবন ছাড়িয়া না যাইস মোকে,
আৰে তুই জীবন ছাড়িয়া গেইলে
আদৰ কৰিবে কায়, জীবন ৰে…

Leave a comment