সমাজ বিজ্ঞান  (তৃতীয় খণ্ড)

(অৰ্থনৈতিক আৰু ৰাজনীতি বিজ্ঞান)  অধ্যায় ৩

মুদ্রা আৰু বেংক ব্যৱস্থা

Money and Banking

SEBA Class 10 Social Science – Economics and Political Science Part 3 Chapter 3

1. শুদ্ধ উত্তৰটো বাছি উলিওৱা :

(i) তলত উল্লেখ কৰা কোনটো বিত্তীয় প্রতিষ্ঠান ভাৰতবৰ্ষত ক্ষুদ্র উদ্যোগখণ্ডৰ আধুনিকীকৰণ সম্প্ৰসাৰণ আৰু উৎপাদিত সামগ্ৰীৰ ৰজাৰ সৃষ্টিৰ অৰ্থে ১৯৯০ চনৰপৰা কাৰ্যকৰী কৰা হৈছিল? hslc-2023

(ক) কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক (NABARD)

(খ) ভাৰতীয় ক্ষুদ্র উদ্যোগ উন্নয়ন বেংক (SIDBI)

(গ) আঞ্চলিক গ্রাম্য বেংক (RRBs)

(ঘ) ভাৰতীয় জীৱন বীমা নিগম (LICI)

উত্তৰঃ- (খ) ভাৰতীয় ক্ষুদ্র উদ্যোগ উন্নয়ন বেংক (SIDBI)


(ii) মুদ্ৰাৰ ক্ৰমবিকাশৰ ধাৰা অনুসৰি পাঁচটা পর্যায় হ’ল-hslc-2023

(ক) কাগজী মুদ্রা→ ধাতু মুদ্রা→ অমুদ্রিত ধাতুমান→ জন্তু মান→ বিনিময় প্রথা

(খ) বিনিময় প্রথা → জন্তু মান → অমুদ্রিত ধাতুমান →ধাতু মুদ্রা→ কাগজী মুদ্রা

(গ) বিনিময় প্রথা → কাগজী মুদ্রা→ অমুদ্রিত ধাতুমান→ জন্তুমান→ ধাতুমুদ্রা

(ঘ) জন্তুমান → অমুদ্রিত ধাতুমান →ধাতুমুদ্রা →বিনিময় প্রথা → কাগজী মুদ্রা

উত্তৰঃ- (খ) বিনিময় প্রথা → জন্তু মান → অমুদ্রিত ধাতুমান →ধাতু মুদ্রা→ কাগজী মুদ্রা


(iii) ১৭৭০ চনত ভাৰতত প্ৰথমে তলত দিয়া কোনটো বেংক স্থাপন কৰা হৈছিল? hslc-2017

(ক) ভাৰতীয় ৰিজাৰ্ভ বেংক

(খ) বেংক অব হিন্দুস্থান

(গ) ভাৰতীয় ঔদ্যোগিক বিকাশ বেংক

(ঘ) ভাৰতীয় ক্ষুদ্র উদ্যোগ বেংক

উত্তৰঃ- (খ) বেংক অব হিন্দুস্থান


(iv) তলৰ কোনটো কেন্দ্ৰীয় বেংক পৃথিৱীৰ সবাতোকৈ পুৰণি কেন্দ্ৰীয় বেংক?  hslc-2018

(ক) বেংক অৱ হিন্দুস্তান

(খ) ৰিস্ক বেংক অৱ ছুইদেন

(গ) ভাৰতীয় ৰিজাৰ্ভ বেংক 

(ঘ) বেংক অৱ ভেনিচ

উত্তৰঃ- (খ) ৰিস্ক বেংক অৱ ছুইদেন


(v) মুদ্ৰাৰ প্ৰথম মুখ্য কাৰ্যটো—

(ক) বিনিময় মাধ্যম 

(খ) স্থগিত দেনা-পাওনাৰ মান

(গ) হিচাপৰ একক 

(ঘ) মূল্যৰ ভাণ্ডাৰ

উত্তৰঃ- (ক) বিনিময় মাধ্যম 


(vi) বেংক অব হিন্দুস্থান স্থাপন হৈছিল— 

(ক) ১৮৭২ চনত 

(খ) ১৮৭৫ চনত

(গ) ১৭৭০ চনত 

(ঘ) ১৮৭০ চনত

উত্তৰঃ- (গ) ১৭৭০ চনত


(vii) মুদ্ৰাৰ সকলোতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যটো—

(ক) পৰিবহণযোগ্যতা

(খ) তাৰল্য

(গ) গ্রহণযোগ্যতা

(ঘ) অনমনীয়তা

উত্তৰঃ- (গ) গ্রহণযোগ্যতা


(viii) ইটালিত ‘বেংক অব ভেনিচ’ স্থাপন হৈছিল—

(ক) মধ্যযুগত 

(খ) প্ৰস্তৰ যুগত

(গ) আধুনিক যুগত 

(ঘ) নৱপ্ৰস্তৰ যুগত

উত্তৰঃ- (ক) মধ্যযুগত 


(ix) চেকমুদ্ৰাক ৰোলা হয়

(ক) ধনাদেশ

(খ) মান মুদ্রা

(গ) বিহিত মুদ্রা

(ঘ) ধাতুমুদ্রা

উত্তৰঃ- (ক) ধনাদেশ


(x) Monte শব্দটোৰ ঠাইত জার্মানসকলে ব্যৱহাৰ কৰা শব্দটো—

(ক) Banko 

(খ) Bank 

(গ) Banke 

(ঘ) Banck

উত্তৰঃ-(ঘ) Banck 


(xi) নাবার্ড (NABARD) স্থাপন হয়

(ক) ১৯৮২ চনত 

(খ) ১৯৮০ চনত 

(গ) ১৯৮৭ চনত 

(ঘ) ১৯৮৫ চনত 

উত্তৰঃ- (ক) ১৯৮২ চনত


(xii) ভাৰতীয় ৰিজাৰ্ভ বেংক এটা-

(ক) বাণিজ্যিক বেংক

(খ) ভাৰতীয় উদ্যোগিক উন্নয়ন বেংক

(গ) আঞ্চলিক গ্রামীণ বেংক 

(ঘ) কেন্দ্রীয় বেংক 

উত্তৰঃ- (ঘ) কেন্দ্রীয় বেংক 


(xiii) SIDBI (ছিদবি)ৰ মুখ্য কাৰ্যালয় অৱস্থিত- 

(ক) অসমত 

(খ) চেন্নাইত

(গ) লক্ষ্ণৌত 

(ঘ) দিল্লীত।

উত্তৰঃ- (গ) লক্ষ্ণৌত 


(xiv) অসমত স্থাপন হোৱা প্ৰথম বেংকটোৰ নাম-

(ক) অসম কো অপাৰেটিভ এপেক্স বেংক

(খ) লখিমী গাঁৱলীয়া বেংক

(গ) গুৱাহাটী বেংক 

(ঘ) বন্ধন বেংক।

উত্তৰঃ- (গ) গুৱাহাটী বেংক 


(xv) মুদ্ৰাৰ গ্ৰহণযোগ্যতা বিধিসম্মত মুদ্ৰাক বোলে-

(ক) সামগ্রী মুদ্রা

(খ) ধাতুগত মুদ্রা

(গ) কাগজী মুদ্রা

(ঘ) বিহিত মুদ্রা

উত্তৰঃ- (ঘ) বিহিত মুদ্রা


(xvi) ভাৰতীয় ৰিজাৰ্ভ বেংক এটা-

(ক) সমবায় বেংক

(খ) কেন্দ্রীয় বেংক

(গ) বাণিজ্যিক বেংক

(ঘ) ক্ষুদ্র উদ্যোগ উন্নয়ন বেংক

উত্তৰঃ- (খ) কেন্দ্রীয় বেংক


(xvii) অসমৰ প্ৰথম বেংক (গুৱাহাটী বেংক) স্থাপন হৈছিল- 

(ক) ১৯২৬ চনত

(খ) ১৯০০ চনত

(গ) ১৮৭২ চনত

(ঘ) ১৯৩০ চনত

উত্তৰঃ- (ক) ১৯২৬ চনত


(xviii) বাণিজ্যিক বেংকসমূহে সৃষ্টি কৰে—

(ক) চেক মুদ্রা

(গ) কাগজী মুদ্রা

(ঘ) ১৯৩০ চনত

(খ) ক’লা মুদ্রা

(ঘ) ঋণমুদ্রা

উত্তৰঃ-(ঘ) ঋণমুদ্রা


2. অবিহিত মুদ্ৰাৰ এটা উদাহৰণ দিয়া। 

উত্তৰঃ- চেক মুদ্রা। 


3. বেংক কি? 

উত্তৰঃ- বেংক হৈছে ঋণৰ ব্যৱসায় কৰা এবিধ বিত্তীয় অনুষ্ঠান। 


4. ভাৰতীয় ৰিজাৰ্ভ বেংক কোন চনত স্থাপিত হয়? 

উত্তৰঃ- ১৯৩৫ চনত।


5. পৃথিৱীৰ সবাতোকৈ পুৰণি এটা বেংকৰ নাম লিখা। 

উত্তৰঃ- ছুইডেনৰ ৰিক্স বেংক। 


6. অসমত স্থাপন হোৱা প্রথম বেংকটোৰ নাম কি? 

উত্তৰঃ- গুৱাহাটী বেংক (১৯২৬ চনত)। 


7. ভাৰতবৰ্ষত বর্তমান কিমানটা আঞ্চলিক গ্রাম্য বেংক কার্যকৰী হৈ আছে? 

উত্তৰঃ- ১৯১৪ চনলৈকে ৫৭টা।


8. বিহিত মুদ্রা কি? 

উত্তৰঃ- যি মুদ্ৰাৰ বিধিৰ দ্বাৰা গ্রহণযাোগ্যতা অনা হৈছে সিয়েই হৈছে বিহিত মুদ্রা।


9. ভাৰতীয় ক্ষুদ্র উদ্যোগ উন্নয়ন বেংক (SIDBI) ৰ মুখ্য কার্যালয় ক’ত অৱস্থিত? 

উত্তৰঃ- ভাৰতীয় ক্ষুদ্র উদ্যোগ উন্নয়ন বেংকৰ মুখ্য কার্যালয় লক্ষ্ণৌত অৱস্থিত।


10. দুটা আদেশী মুদ্ৰাৰ উদাহৰণ দিয়া। 

উত্তৰঃ- (ক) কাগজী মুদ্রা আৰু (খ) ধাতু মুদ্রা।


11. অ-প্রতিনিধিত্বমূলক কাগজী মুদ্রা কি? 

উত্তৰঃ- কাগজী মুদ্ৰাৰ মূল্য যেতিয়া সহজে সোণ বা ৰূপলৈ পৰিৱৰ্তন কৰিব নোৱাৰি তাকে অ-প্রতিনিধিত্বমুলক কাগজী মুদ্রা কোৱা হয়।


12. বেংক আৰু অনা বেংক প্রতিষ্ঠানসমূহৰ এটা সাদৃশ্য লিখা। 

উত্তৰঃ- বেংকৰ দৰে অনা বেংক প্রতিষ্ঠানসমূহেও সঞ্চয়কাৰীৰ পৰা সঞ্চয় গ্রহণ কৰি বিভিন্ন জনলৈ ঋণ আগবঢ়ায়। 


13. গছৰ পাত মুদ্ৰা হ’ব পাৰেনে? যদি পাৰে কেনেকৈ? 

উত্তৰঃ- গছৰ পাতত মুদ্রা হ’ব পাৰে যদিহে দেশবাসীয়ে সেই গছৰ পাতক বিনিময়ৰ মাধ্যম হিচাপে গ্রহণ কৰে।


14. বিনিময় প্রথা কি? 

উত্তৰঃ- কোনো বস্তুৰ সলনি আন এটা বস্তু আদান প্রদান কৰা প্রণালীটোকে বিনিময় বোলে। অর্থাৎ সামগ্ৰীৰ বিপৰীতে সামগ্ৰীৰ প্রত্যক্ষ আদান প্রদানেই হ’ল বিনিময় প্রথা৷ 


15. ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংকৰ দুটা কার্য উল্লেখ কৰা। 

উত্তৰঃ- (১) ঔদ্যোগিক প্রতিষ্ঠানসমূহলৈ বিত্তীয় সাহার্য আগবঢ়োৱা। 

(২) ঔদ্যোগিক উন্নয়নৰ সৈতে জড়িত প্রতিষ্ঠানসমূহৰ প্ৰসাৰতা বৃদ্ধিত অৰিহণা যাোগোৱা।


16. প্রতিনিধিত্বমূলক কাগজী মুদ্রা কি? 

উত্তৰঃ- কাগজী মুদ্রাক প্রতিনিধিত্বমূলক মুদ্রা বুলি কোৱা হয় যেতিয়া কাগজী মুদ্ৰাৰ মূল্য সোণ বা ৰূপলৈ ৰূপান্তৰিত কৰাৰ সুবিধা থাকে। 


17. মুদ্ৰাৰ তাৰল্য গুণ কি? 

উত্তৰঃ- মুদ্ৰাৰ তাৰল্য গুণ হৈছে মুদ্ৰাৰ এনে এটা গুণ যাৰ দ্বাৰা মুদ্ৰাৰ মূল্যক তাৎক্ষণিক আৰু প্ৰত্যক্ষভাৱে সমমূল্যৰ আন এবিধ সামগ্ৰীলৈ পৰিৱৰ্তন কৰিব পৰা যায়।


18. সসীম বিহিত আৰ অসীম বিহিত মুদ্ৰাৰ পার্থক্য কি? 

উত্তৰঃ- সসীম বিহিত মুদ্ৰাৰ দ্বাৰা সীমিত মূল্যৰ লেনদেন কৰিব পাৰি আনহাতে অসীম বিহিত মুদ্ৰাত অসীম অর্থাৎ অধিক মূল্যৰ লেনদেন কৰিব পাৰি।


19. মুদ্ৰাৰ এটা মূখ্য কাৰ্য উল্লেখ কৰা। 

উত্তৰঃ- মুদ্ৰাৰ এটা মূখ্য কাৰ্য হ’ল- মুদ্রা বিনিময়ৰ মাধ্যম। বিনিময় প্রথাত সামগ্ৰীৰ বিপৰীতে সামগ্ৰীৰ প্রত্যক্ষ বিনিময় হৈছিল। মুদ্রা ব্যৱস্থাত সামগ্ৰীৰ পৰিৱর্তে সামগ্ৰীৰ পৰোক্ষ বিনিময় হয়। 


20. চলিত আমানত কি? 

উত্তৰঃ- চলিত আমানত হ’ল বাণিজ্যিক বেংকে সঞ্চয় সংগ্রহ কৰা এটা ব্যৱস্থা। এই ব্যৱস্থাত জমাকাৰীয়ে তেওঁৰ যি সঞ্চয় বেংকত জমা ৰাখে সেই সঞ্চয় জমাকাৰীয়ে যি কোনো সময়ত নিজৰ প্ৰয়োজনত চেকৰ দ্বাৰা ধন উলিয়াই নিয়াৰ ব্যৱস্থা থাকে।


21. নাবার্ড কি? HSLC-2020 কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক (NABARD) কেতিয়া স্থাপন হয়?

উত্তৰঃ- নাবার্ড হৈছে এটা বেংক।

১৯৮২ চনত নাবার্ড (National Bank for Agriculture and Rural Development) স্থাপন হয়।


22. মুদ্ৰাৰ কোনটো বৈশিষ্ট্য সবাতোকৈ গুৰুত্বপূৰ্ণ আৰু কিয়? 

উত্তৰঃ- মুদ্ৰাৰ আঠটা বৈশিষ্ট্যৰ ভিতৰত মুদ্ৰাত থকা সাধাৰণ গ্রহণযাোগ্যতা গুণটো আটাইতকৈ গুৰুত্বপূর্ণ। কিয়নো সাধাৰণ গ্রহণযাোগ্যতাৰ অৰ্থ হৈছে সকলোৱে গ্ৰহণ কৰা মুদ্ৰাৰ গুণ। এই গুণ যদি নাথাকে তেন্তে কোনোৱে মুদ্রা গ্রহণ কৰিবলৈ নিবিচাৰিব পাৰে তেতিয়া বস্তুৰ বিনিময়েই সম্ভৱ নহ’ব।


23. বিনিময় প্রথাৰ অসুবিধাসমূহ কি কি? HSLC-2019

উত্তৰঃ- বিনিময় প্রথাৰ অসুবিধাসমূহ হ’ল— 

(১) সংগতিবিহীন অভাৱ। 

(২) হিচাপ-নিকাচৰ উমৈহতীয়া এককৰ অভাৱ। 

(৩) বিভাজনীয়তাৰ সুবিধা। 

(৪) মূল্যৰ ভাণ্ডাৰৰ অভাৱ।


24. ‘আঞ্চলিক গ্রাম্য বেংকৰ দুটা মূল কার্য লিখা। HSLC-2017

উত্তৰঃ- আঞ্চলিক গ্রাম্য বেংকৰ দুটাৰ মূল কাৰ্য হ’ল—

(১) বেপাৰী আৰু মহাজন শ্ৰেণীৰ লোকসকলক অত্যধিক সুদ দি ঋণ লোৱা গাওঁবাসীলৈ কম সুদৰ হাৰত ঋণ প্রদান কৰি দুখীয়া গাওঁবাসীক সকাহ দিয়া।

(২) গ্রাম্য সঞ্চয় সংগ্রহ কৰি বিভিন্ন উৎপাদনমূলক কার্যত সেই সঞ্চয় ব্যয় কৰা।


25. চেক এখন মুদ্রা নে? HSLC-2020

উত্তৰঃ- চেক এখন মুদ্রা নহয়। কিয়নো চেক এখন গ্ৰহণ কৰা নকৰাটো লওঁতাজনৰ ওপৰতহে নিৰ্ভৰ কৰে। চেক বিহিত মুদ্রা নহয় বৰং ই ধনাদেশ বা নিকট মুদ্রাহে। বেংকসমূহে নিজস্বভাৱে চেক সৃষ্টি কৰে। সেয়েহে চেক সর্বজন গ্রহণযাোগ্য নহ’বও পাৰে। চেক গ্রহণ কৰিবলৈ আইনৰ দ্বাৰা কাকো বাধ্য কৰাব নোৱাৰি।


26. “মুদ্রা সা-সামগ্ৰীৰ মুল্যৰ উমৈহতীয়া মাপকাঠী” — ব্যাখ্যা কৰা। 

উত্তৰঃ- বজাৰত বেচা-কিনা হোৱা সকলো সামগ্ৰীৰ মূল্য থাকে। এই মূল্য মুদ্ৰাৰ ৰূপত নির্ধাৰণ কৰা হয়। অর্থাৎ সকলো আর্থিক বস্তুৰ মূল্য মুদ্ৰাৰ দ্বাৰা নিৰূপণ কৰা হয় আৰু এই মূল্যৰ হিচাপৰ ভিত্তিত সামগ্ৰীৰ বিনিময় হয়। সেই বাবে মুদ্রাক সা-সামগ্ৰীৰ মূল্যৰ উমৈহতীয়া মাপকাঠী বুলি কোৱা হয়। চমু অর্থত সকলো সামগ্ৰীৰ মূল্য নির্ধাৰণত মুদ্রাক একক হিচাবে গ্রহণ কৰা হয়।


27. কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংকে (নাবার্ড) সম্পাদন কৰা দুটা মূল কার্য লিখা।  HSLC-2020, 2018

উত্তৰঃ- কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংকৰ দ্বাৰা সম্পাদিত দুটা মূল কার্য হ’ল— 

(ক) গাঁও অঞ্চলত যিমানবোৰ অনুষ্ঠান বিনিয়োগ আৰু উৎপাদনৰ সৈতে জড়িত হৈ আছে সেই আটাইবোৰৰ শীর্ষ বিত্ত যাোগানকাৰী প্রতিষ্ঠান হ’ল নাবার্ড। 

(খ) ঋণ প্রদান প্রক্রিয়া, আঁচনিৰ পুনৰীক্ষণ আৰু পর্যালোচনা, প্রশিক্ষণ আদিৰ সুদৃঢ়কৰণকল্পে নাবার্ডে ব্যৱস্থা গ্রহণ কৰে।


28. অনা-বেংক প্রতিষ্ঠানসমূহ বেংকতকৈ কি অর্থাত বেলেগ?

উত্তৰঃ- বেংকৰ দৰে অনা বেংক প্রতিষ্ঠানসমূহৰ সঞ্চয়কাৰীয়ে ধন উলিয়াই নিবৰ বাবে চেকৰ ব্যৱস্থা নাথাকে। বেংকৰ ক্ষেত্ৰত জমাকাৰীৰ সঞ্চয় বীমা থকাৰ দৰে অনা বেংক প্রতিষ্ঠানসমূহত এনে বীমাকৰণৰ ব্যৱস্থা নাথাকে। এইবোৰ ক্ষেত্ৰতেই অনা বেংক প্রতিষ্ঠানসমূহ বেংকতকৈ বেলেগ। 


29. মুদ্ৰাৰ লগত সংযাোজিত হৈ থকা দুটা অসুবিধা লিখা। HSLC-2018

উত্তৰঃ- মুদ্ৰাৰ লগত সংযোজিত হৈ থকা দুটা অসুবিধা হ’ল– 

(ক) মুদ্রা অর্থনৈতিক সম্পদ আৰু আয় একত্রীকৰণৰ এবিধ আহিলা হ’ব পাৰে। মুদ্রা সর্বস্ব অর্থনীতিত মুদ্রা অর্থনৈতিক ক্ষমতা আহৰণৰ উপায় হৈ পৰে। ই সামাজিক বৈষম্য সৃষ্টি কৰে। 

(খ) মুদ্ৰাৰ প্ৰতি থকা দুর্বলতাই সামাজিক মূল্যবোধৰ অৱক্ষয়ৰ কাৰণ হ’ব পাৰে। দুর্নীতি, অনিয়ম, অবিচাৰৰ গুৰিতেই মুদ্ৰা বুলি ক’লে অত্যুক্তি কৰা নহ’ব।


30. মূল্যৰ ভাণ্ডাৰ বুলিলে কি বুজা? 

উত্তৰঃ- প্রত্যেক সামগ্ৰীৰ মূল্য থাকে। এবিধ সামগ্রী সংগ্রহ কৰিবলৈ তাৰ মূল্য আন এবিধ সামগ্ৰীৰে পূৰণ কৰা হয়। মূল্য হিচাপে পৰিশোধ কৰা সামগ্ৰীবিধৰ গ্রহণযাোগ্যতা থাকিব লাগে আৰু ভৱিষ্যতে কোনো সামগ্রী সংগ্রহ বা ক্ৰয় কৰাৰ বাবে সকলোৰে গ্রহণযাোগ্যতা থকা সামগ্ৰীবিধ সঞ্চয় কৰি ৰাখিব লাগে। এইদৰে বিনিময়ৰ বাবে মজুত কৰি ৰখা সকলোৰে গ্রহণযাোগ্য সামগ্ৰীয়েই মূল্যৰ ভাণ্ডাৰ কোৱা হয়। আমি মুদ্রাকেই মূল্যৰ ভাণ্ডাৰ বুলি কওঁ।


31. সংগতিবিহীন অভাৱে বিনিময় প্রথাত কিদৰে সংস্যাৰ সৃষ্টি কৰে? 

উত্তৰঃ- দুজন মানুহৰ মাজত বিনিময় তেতিয়াহে সম্ভৱ হয় যেতিয়া লোকদুজনৰ মাজত অভাৱৰ সংগতি থাকে। এজনৰ হাতত থকা বস্তুৱে যদি আনজনৰ অভাৱ পূৰণ নকৰে বা আনজনৰ হাতত থকা বস্তুৰ দ্বাৰা প্ৰথমজনৰ অভাৱ পূৰণ নহয় তেতিয়া বিনিময়ৰ বাবে আগ্রহী আন তৃতীয় বা চতুর্থ ব্যক্তিৰ প্ৰয়োজন হয় বা তেনে ব্যক্তিক বিচাৰিবলগীয়া হয়। এনেদৰে অভাৱৰ সংগতিহীনতাৰ সৃষ্টি হয়। এনে অৱস্থাত সহজ বিনিময় সম্ভৱ নহয়। মানুহৰ মাজত অভাৱৰ সংগতিহীনতাৰ বৃদ্ধিৰ লগে লগে বিনিময় প্রথা ক্রমশঃ বিলুপ্ত হয়। 


32. বিনিময় প্রথাৰ দুটা অসুবিধা লিখা। HSLC-2019, 2017 

উত্তৰঃ- বিনিময় প্রথাৰ দুটা অসুবিধা হ’ল- 

(১) হিচাপ-নিকাচত উমৈহতীয়া এককৰ অভাৱ : বিনিময় যাোগ্য সামগ্ৰীৰ সংখ্যা বহুত আৰু প্ৰতিটো সামগ্ৰীৰ মূল্য অন্য সামগ্রীৰ সহায়ত প্ৰকাশ কৰিব লাগে। বজাৰত হোৱা বিনিময়ৰ হাৰ মনত ৰখাটো সম্ভৱ নহয়। ফলত বিনিময় প্রথা অচল হৈ পৰিব। 

(২) বিভাজনীয়তাৰ অসুবিধা : বিনিময়যাোগ্য কিছুমান সামগ্রী সৰু সৰ অংশলে ৰূপান্তৰ কৰিব নোৱাৰাৰ ফলতো বিনিময়ত সামগ্ৰীৰ আহুকাল সৃষ্টি হয়। এই সমস্যাৰ ফলতো বিনিময় কৰা সম্ভৱ হয়।


33. ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰধান কাৰ্যসমূহ আলোচনা কৰা। HSLC-2019

উত্তৰঃ- ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্রধান কার্যসমূহ তলত আলোচনা কৰা হ’ল— 

(১) কেন্দ্রীয় বেংকে (ভাৰতীয় ৰিজাৰ্ভ বেংক) কাগজী মুদ্রা ছপা কৰে। কেন্দ্রীয় বেংকৰ এইটো একচেটিয়া অধিকাৰ। বাকী কোনো বেংকৰ এই অধিকাৰটো নাই। 

(২) কেন্দ্রীয় বেংকে বেংকসমূহৰ বেংক হিচাপে, কার্য সম্পাদন কৰে। গোটেইবোৰ বেংকৰ হিচাপ-নিকাচ কেন্দ্রীয় বেংকে পৰীক্ষা কৰে। কেন্দ্রীয় বেংক অন্যান্য বেংকৰ বিপদৰ বন্ধু। আর্থিক সংকটৰ সময়ত কেন্দ্রীয় বেংকেই বেংকসমূহৰ বাবে শেষ আশ্রয়স্থল।

(৩) কেন্দ্ৰীয় বেংকৰ অন্যান্য কার্যাৱলীৰ ভিতৰত আছে সময়ে সময়ে দেশৰ আর্থিক পৰিস্থিতিৰ খতিয়ান দাঙি ধৰা, সমবায় বেংক আৰু অন্যান্য বিত্তীয় অনুষ্ঠানসমূহলৈ ঋণৰ যোগান ধৰা, ছাত্র-ছাত্ৰী সকললৈ ঋণৰ যাোগান ধৰা আদি।


34. মুদ্রা কি? মুদ্ৰাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ- মুদ্রা হ’ল- বিনিময়ৰ মাধ্যম আৰু সা-সামগ্ৰীৰ মুল্যৰ ভাণ্ডাৰ। মুদ্ৰাৰ সাধাৰণ গ্রহণযাোগ্যতা থাকিব লাগে।

মুদ্ৰাৰ বৈশিষ্ট্যসমূহৰ ভিতৰত দুটা বৈশিষ্ট্যৰ ব্যাখ্যা তলত উল্লেখ কৰা হ’ল-

(ক) মুদ্ৰাৰ সাধাৰণ গ্রহণযাোগ্যতা : মুদ্রা বিনিময়ৰ মাধ্যম গতিকে বিনিময় সদায় একাধিক মানুহৰ মাজত সংঘটিত হয়। সেয়েহে বিনিময়ত মুদ্রাক গ্ৰহণ কৰিবলৈ হ’লে সকলোৱে মুদ্রা লব’লৈ ইচ্ছা প্রকাশ কৰিব পাৰে। মুদ্রাক সকলোৱে গ্ৰহণ কৰা গুণটোৱেই হৈছে মুদ্ৰাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য।

(খ) মুদ্ৰাৰ সহজ চিনাক্তকৰণ : সুকলো আর্থিক সামগ্রীতকৈ মুদ্রা বেলেগ হ’ব লাগিব যাতে সকলোৱে ইয়াক সহজে চিনিব পাৰে। মুদ্রা সকলোৱে চিনিব পাৰে কাৰণেহে সা-সামগ্রী বেচা-কিনা সহজ হৈছে।


35. বাণিজ্যিক বেংকে সম্পাদন কৰা দুটা প্রধান কার্য ব্যাখ্যা কৰা। 

উত্তৰঃ- বাণিজ্যিক বেংকে সম্পাদন কৰা কাৰ্যাৱলীৰ ভিতৰত দুটা প্রধান কার্য তলত উল্লেখ কৰা হ’ল-

(১) বাণিজ্যিক বেংকৰ সঞ্চয় সংগ্রহ : বাণিজ্যিক বেংকে সাধাৰণতে তিনি প্রকাৰে সঞ্চয় সংগ্রহ কৰে। ইয়াৰে প্ৰথমবিধ হৈছে চলিত আমানত। এই সঞ্চয়ত জমাকাৰীয়ে নিজৰ সঞ্চয় যি কোনো সময়ত চেকৰ দ্বাৰা উলিয়াই আনিব পাৰে। দ্বিতীয় বিধ হৈছে স্থিৰ আমানত। এই সঞ্চয়ত আমানতকাৰীয়ে সঞ্চয়ৰ ধন উলিয়াবলৈ হ’লে বেংকত আগতীয়াকৈ জনাব লাগে। তৃতীয়বিধ সঞ্চয় হৈছে সঞ্চয় আমানত। এই সঞ্চয়ৰ ক্ষেত্ৰত আমানতকাৰীয়ে জমা কৰা সঞ্চয়ৰ এটা নির্দিষ্ট অংশহে ইচ্ছা অনুসৰি উলিয়াই আনিব পাৰে। বাকী অংশ বা অংশ বিশেষ উলিয়াবলৈ হ’লে বেংকৰ পৰা আগতীয়া অনুমতি ল’ব লাগে।

(২) বাণিজ্যিক বেংকৰ ঋণ যাোগান : বাণিজ্যিক বেংকে সমাজৰ বিভিন্ন শ্ৰেণীৰ মানুহলৈ ঋণ আগবঢ়ায়। বাণিজ্যিক বেংকে কৃষক, উদ্যোগপতি ব্যৱসায়িক প্রতিষ্ঠান, ক্ষুদ্র উদ্যোগী, মটৰ গাড়ী, কুটীৰ শিল্প প্রতিষ্ঠানৰ গৰাকী আদিক ঋণ আগবঢ়াই তেওঁলোকৰ ব্যৱসায় বাণিজ্য বৃদ্ধিত সহায় কৰে। ঋণৰ সদ ব্যৱহাৰৰ ফলত সমাজত একাংশ মানুহৰ আর্থিক অৱস্থা কিছু সৱল হয় আৰু সামাজিক বৈষম্য কিছু হ্রাস পায়।


36.  মুদ্রাই সম্পাদন কৰা চাৰিটা কার্য ব্যাখ্যা কৰা। 

উত্তৰঃ- মুদ্রাই সম্পাদন কৰা চাৰিটা কার্য তলত ব্যাখ্যা কৰা হ’ল- 

(ক) মুদ্রা বিনিময়ৰ মাধ্যম : মুদ্রা ব্যৱস্থাত সামগ্ৰীৰ পৰিৱর্তে সামগ্ৰীৰ পৰোক্ষ বিনিময় হয়। উদাহৰণস্বৰূপে চাউল উৎপাদন কৰা ব্যক্তিগৰাকীয়ে বজাৰত চাউল বিক্রী কৰি মুদ্রা অর্জন কৰে আৰু সেই মুদ্ৰাৰ সহায়ত তেওঁ কুঁহিয়াৰ ক্ৰয় কৰিব। বিনিময় প্রথাৰ এটা লেনদেন মুদ্রা ব্যৱস্থাত দুটা লেনদেনলৈ পৰিৱর্তিত হয়। এইদৰে মুদ্ৰা হৈ পৰিল বিনিময়ৰ মাধ্যম। 

(খ) মুদ্রা সা-সামগ্ৰীৰ মূল্যৰ মাপকাঠি হিচাপে কার্য সম্পাদন : বজাৰত বেচা-কিনা হোৱা সকলোবোৰ সামগ্ৰীৰ মূল্য আছে। মুদ্ৰাৰ ৰূপত প্ৰকাশ কৰা সামগ্ৰীৰ বিনিময় মূল্যই হ’ল সামগ্ৰীটোৰ দাম। মুদ্রা সামগ্ৰীৰ মূল্যৰ উমৈহতীয়া মাপকাঠি, কাৰণ সকলো আর্থিক সামগ্ৰীৰ মূল্য মুদ্ৰাৰ ৰূপত প্ৰকাশ কৰা হয়।

(গ) মুদ্রা স্থগিত দেনা-পাওনাৰ মানদণ্ড হিচাপে কার্য সম্পাদন : কিছুমান সামগ্রী বা পৰিসম্পদ বেচা-কিনাৰ সময়ত ইয়াৰ মুল্য লগে লগে পৰিশোধ কৰা নহয়। এনেবোৰ ক্ষেত্ৰত ধন আদায় প্রক্রিয়াটো তৎকালীন নহয়, প্রক্রিয়াটো স্থগিত কৰি ৰখা হয়। সকলোবোৰ স্থগিত দেনা-পাওনাৰ হিচাপ মুদ্ৰাৰ ৰূপত প্ৰকাশ কৰা হয়। 

(ঘ) মুদ্রাই মূল্যৰ ভাণ্ডাৰ হিচাপে কার্য সম্পাদন কৰিব লাগে : সামগ্রী সঞ্চয় কৰি ৰখা অসুবিধা। মুদ্রা ব্যৱস্থাত মুদ্রা সঞ্চয় কৰি ৰাখিব পাৰি আৰু সঞ্চিত মুদ্রা প্রয়োজন অনুসৰি সামগ্রী ক্রয় কৰোতে ব্যৱহাৰ কৰিব পাৰি। এই অর্থত মুদ্রা সামগ্ৰীসমূহৰ মূল্যৰ ভাণ্ডাৰ বুলি কোৱা হয়। 


37. তলত উল্লেখ কৰা প্রতিষ্ঠানসমূহে কি কার্য সম্পাদন কৰে চমুকৈ ব্যাখ্যা কৰা। 

উত্তৰঃ- (ক) আই ডি বি আই (IDBI) : HSLC-2020 ১৯৬৪ চনত এই বেংক স্থাপন কৰা হয়। ইয়াৰ মূল কাৰ্যসমূহ হ’ল— 

(১) ঔদ্যোগিক প্রতিষ্ঠানসমূহলৈ বিত্তীয় সাহায্য প্রদান কৰা। 

(২) ঔদ্যোগিক উন্নয়নৰ সৈতে জড়িত প্রতিষ্টানসমূহৰ প্ৰসাৰতা বৃদ্ধিত সহায় কৰা। এই বেংকটোৱে উদ্যোগ সমূহলৈ ঋণ আদিৰ ৰূপত প্রত্যক্ষ বা পৰোক্ষভাৱে আর্থিক সাহায্য আগবঢ়ায়। এই বেংকটোৱে ৰাজ্যিক বিত্তীয় নিগম, ঔদ্যোগিক উন্নয়ন নিগম, বাণিজ্যিক বেংকসমূহলৈ বিত্তীয় সাহায্য আগবঢ়ায় আৰু এই অনুষ্ঠানসমূহে ৰাজ্যৰ ঔদ্যোগিক খণ্ডলৈ বিত্তীয় সাহায্য আগবঢ়ায়। 

(৩) অর্থনৈতিকভাৱে পিছপৰা অঞ্চলসমূহৰ উদ্যোগলৈ ৰেহাই সুদৰ হাৰত এই বেংকে ঋণ আগবঢ়ায়। 

(৪) বেংকটোৱে প্ৰশিক্ষণৰ জৰিয়তে উদ্যোগবিহীন জিলাসমূহত ঔদ্যোগিক উদ্যম বৃদ্ধিৰ বাবে প্রচেষ্টা হাতত লয়।

(খ) আঞ্চলিক গ্ৰাম্য বেংক (Regional Rural Bank) : ১৯৭৫ চনত গ্রাম্য বেংক স্থাপন কৰা হয়। এই বেংকে সম্পাদন কৰা মূল কাম দুটা হ’ল- 

(১) বেপাৰী, মহাজনসকলৰ পৰা অত্যধিক সুদ দি ঋণ লোৱা গাঁওবাসীলৈ অতি কম সুদৰ হাৰত ঋণ প্রদান কৰি দুখীয়া গাঁওবাসীক সহায় কৰা আৰু

(২) গ্রাম্য সঞ্চয় সংগ্রহ কৰি বিভিন্ন উৎপাদনমূলক কার্যত সেই সঞ্চয় ব্যয় কৰা। 

(গ) ভাৰতীয় ক্ষুদ্র উদ্যোগ উন্নয়ন বেংক (SIDBI) : ভাৰতীয় উদ্যোগ উন্নয়ন বেংকৰ মুখ্য কার্যাৱলী হৈছে- 

(১) ক্ষুদ্র উদ্যোগসমূহৰ বাবে উন্নত প্রযুক্তিবিদ্যা আৰু আধুনিকীকৰণৰ ব্যৱস্থা কৰা। 

(২) ক্ষুদ্র উদ্যোগ খণ্ডত উৎপাদিত সামগ্ৰীৰ বাবে বজাৰৰ ব্যৱস্থা কৰা। 

(৩) অর্ধ-নগৰ এলেকাত ক্ষুদ্র উদ্যোগসমূহত অধিক নিয়োগৰ ব্যৱস্থা কৰি গাঁও আৰু অর্ধ-নগৰ এলেকাৰপৰা চহৰলৈ জনসংখ্যাৰ বহির্গমনৰ বাধা জন্মোৱা। 

(৪) ৰাজ্যিক বিত্ত নিগম, ঔদ্যোগিক নিগম, ব্যৱসায়িক বেংক, সমবায় বেংক আৰু আঞ্চলিক গ্রাম্য বেংকসমূহলৈ অর্থ সাহায্য আগবঢ়াই সেই অনুষ্ঠানসমূহৰ যাোগেদি ক্ষুদ্র উদ্যোগলৈ ঋণ আগবঢ়োৱা। 


Dr. Ratanlal Brahma, M.A., B.Ed., M.Phil., Ph.D.
Post Graduate Teacher (Political Science)
H.N.Seminary Model HS School, Bagribari, Dhubri,Assam
Email : brahmaratan@gmail.com
Whatsapp no. : 7020477396

Leave a comment

Trending