সমাজ বিজ্ঞান  (তৃতীয় খণ্ড)

(অৰ্থনৈতিক আৰু ৰাজনীতি বিজ্ঞান)  অধ্যায় ৪

অর্থনৈতিক উন্নয়ন

Economic Development

SEBA Class 10 Social Science – Economics and Political Science Part 3 Chapter 4

1. শুদ্ধ উত্তৰটো বাছি উলিওৱা :

(i) নিটি আয়োগৰ অধ্যক্ষ— hslc-2023, 2020

(ক) ৰাষ্ট্ৰপতি

(খ) প্রধানমন্ত্রী

(গ) উপ ৰাষ্ট্ৰপতি

(ঘ) ৰাজ্যপাল

উত্তৰঃ- (খ) প্রধানমন্ত্রী


(ii) ভাৰতবৰ্ষত এটা বিত্তীয় বৰ্ষই সামৰি লোৱা কালছোৱা হ’ল- hslc-2023

(ক) ১ জানুৱাৰীৰপৰা ৩১ ডিচেম্বৰলৈ

(খ) ১ ফেব্ৰুৱাৰীৰপৰা ৩১ জানুৱাৰীলৈ

(গ) ১ মাৰ্চৰপৰা ২৮/২৯ ফেব্ৰুৱাৰীলৈ

(ঘ) ১ এপ্ৰিলৰ পৰা ৩১ মাৰ্চলৈ

উত্তৰঃ- (ঘ) ১ এপ্ৰিলৰ পৰা ৩১ মাৰ্চলৈ


(iii) নিটি আয়োগ গঠন হৈছিল—  hslc-2017

(ক) ২০১৪ চনত 

(খ) ২০১৫ চনত

(গ) ২০১৭ চনত 

(ঘ) ২০১৮ চনত

উত্তৰঃ- (খ) ২০১৫ চনত


(iv) মানৱ উন্নয়নৰ মধ্যবিন্দু হ’ল-

(ক) কাৰিকৰী সুত্ৰ 

(খ) তথ্যসমূহ

(গ) বেংক

(ঘ) জনসাধাৰণ

উত্তৰঃ-(ঘ) জনসাধাৰণ 


(v) ১৯৫০-৫১ চনৰ পৰা ১৯৯০-৯১ চনৰ সময়ছোৱাত ভাৰতীয় অৰ্থনীতিৰ উন্নয়নৰ গুৰিবঠা ধৰিছিল-

(ক) ব্যক্তিগত খণ্ডই 

(খ) ৰাজহুৱা খণ্ডই

(ঘ) সমবায় খণ্ডই 

(ঘ) বেচৰকাৰী খণ্ডই

উত্তৰঃ- (খ) ৰাজহুৱা খণ্ডই


(vi) ভাৰতত সেউজ বিপ্লৱৰ সূচনা হয়—

(ক) ষাঠী দশকৰ মাজভাগত 

(খ) ষাঠী দশকৰ আৰম্ভণিত

(গ) ষাঠী দশকৰ শেষত

(ঘ) পঞ্চম দশকত

উত্তৰঃ- (ক) ষাঠী দশকৰ মাজভাগত 


(vii) প্ৰথম মানৱ উন্নয়ন প্রতিবেদনখন প্রকাশ হৈছিল—

(ক) ১৯৬১ চনত

(খ) ১৯৫১ চনত

(গ) ১৯৯৯ চনত

(ঘ) ১৯৯০ চনত

উত্তৰঃ- (ঘ) ১৯৯০ চনত


(viii) মানৱ উন্নয়নৰ সূচক হৈছে—

(ক) ১ টা 

(খ) ২ টা 

(গ) ৩ টা 

(ঘ) ৪ টা

উত্তৰঃ- (গ) ৩ টা 


(ix) দেশৰ আৰ্থিক ব্যৱস্থাৰ ওপৰত থকা ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণৰ শিথিলকৰণেই হ’ল-

(গ) ব্যক্তিগতকৰণ 

(খ) গোলকীকৰণ

(গ) উদাৰীকৰণ 

(ঘ) পৰিকল্পনা

উত্তৰঃ- (গ) উদাৰীকৰণ 


(x) ১৯৯১ চনৰ নতুন ঔদ্যোগিক নীতিয়ে ৰাজহুৱা খণ্ডৰ উদ্যোগ ব্যক্তিগত খণ্ডৰ বাবে মুকলি কৰে—

(ক) ৯ টা 

(খ) ১০ টা 

(গ) ৭ টা 

(ঘ) ৮ টা

উত্তৰঃ- (ক) ৯ টা


1. ‘নিটি’ আয়োগৰ প্ৰথমখন বৈঠক্ ক’ত অনুষ্ঠিত হৈছিল?

উত্তৰঃ- নিটি আয়োগৰ প্ৰথমখন বৈঠক দিল্লীত অনুষ্ঠিত হৈছিল।


2. কোন সংস্থাই পৃথিৱীৰ মানৱ উন্নয়ন প্রতিবেদন প্রকাশ কৰে? HSLC-2020 

উত্তৰঃ- UNDP বা United Nations Development Programme নামৰ সংস্থাই।


3. নিটি আয়োগ কেতিয়া গঠন কৰা হয়? নিটি আয়োগৰ অধ্যক্ষ কোন? HSLC-2020, 2017

উত্তৰঃ- নিটি আয়োগ ২০১৫ চনত গঠন কৰা হৈছিল।

নিটি আয়োগৰ অধ্যক্ষ হ’ল দেশৰ প্ৰধানমন্ত্রী।


4. জনমূৰি আয় আৰু জাতীয় আয় কি? 

উত্তৰঃ- এখন দেশৰ জাতীয় আয়ক দেশখনৰ জনসংখ্যাৰে ভাগ কৰি পোৱা মুদ্রাগত মূল্যই হৈছে জনমূৰি আয়।

এখন দেশত এটা বিত্তীয় বর্ষত উৎপাদন হোৱা সৰ্বমুঠ সা-সামগ্ৰীৰ মূল্যই দেশখনৰ জাতীয় আয়। এই মূল্য মুদ্ৰাৰ দ্বাৰা প্ৰকাশ কৰা হয়। 


5. নিটি (NITI) আয়োগৰ সদস্যসকল কোন কোন? HSLC-2018

উত্তৰঃ- নিটি আয়োগৰ সদস্যসকল হ’ল এজন অধ্যক্ষ, এজন উপাধ্যক্ষ, ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকল আৰু কেন্দ্রীয় শাসিত অঞ্চলৰ উপ-ৰাজ্যপালসকল, ৪ গৰাকী কেন্দ্রীয় মন্ত্রী, মুখ্য কাৰ্যবাহী বিষয়া আৰু বিশেষজ্ঞসকল। উল্লেখযাোগ্য যে নিটি আয়োগৰ অধ্যক্ষজন হ’ল প্রধানমন্ত্রী।


6. প্রত্যাশিত আয়ুস কি? উন্নত আৰু অনুন্নত দেশৰ এটা পার্থক্য লিখা। 

উত্তৰঃ- জন্মৰ সময়ত এটা শিশু কিমান বছৰলৈ জীয়াই থাকিব বুলি ধৰা হয় সেইটোৱেই প্রত্যাশিত আয়ুস।

উন্নত দেশৰ জনমূৰি আয় বেছি হয় আনহাতে অনুন্নত দেশত জনমূৰি আয় কম হয়। 


7. জনমূৰি আয় দেশএখনৰ অর্থনৈতিক উন্নয়ন নিৰ্ভৰযাোগ্য সূচক হ’ব পাৰেনে? 

উত্তৰঃ- জনমূৰি আয় দেশ এখনৰ জাতীয় আয়ৰ ওপৰত নিৰ্ভৰশীল। জনমূৰি আয় এখন দেশৰ অর্থনৈতিক উন্নয়নৰ নিৰ্ভৰযাোগ্য সূচক হ’ব নোৱাৰে। 


8. সেউজ বিপ্লৱ কি? ভাৰতত কেতিয়া এই বিপ্লৱৰ সূচনা হয়। 

উত্তৰঃ- আধুনিক প্রযুক্তিবিদ্যা প্রয়োগ কৰি কৃষিখণ্ডৰ উৎপাদন বৃদ্ধি কৰাই হ’ল সেউজ বিপ্লৱ। 

ভাৰতত ষাঠি দশকত এই বিপ্লৱৰ সূচনা হয়। 


9. ৰাষ্ট্ৰসংঘৰ উন্নয়ন কার্যসূচীৰ অন্তৰ্গত প্ৰতিবেদন অনুসৰি মানুহৰ শিক্ষাৰ স্তৰ কেনেকৈ নির্ণয় কৰা হয়। 

উত্তৰঃ- মানৱ উন্নয়নৰ সূচকৰূপে শিক্ষাই প্রাপ্তবয়স্কৰ সাক্ষৰতাকে ধৰি প্রাথমিক, মাধ্যমিক আৰু অন্যান্য স্তৰত সৰ্বমুঠ নামভৰ্তি কৰাৰ অনুপাতৰ ওপৰত ভিত্তি কৰি জনসাধাৰণৰ শিক্ষাৰ স্তৰ নির্ণয় কৰা হয়। 


10. অর্থনৈতিক সংস্কাৰৰ তিনিটা সুফল উল্লেখ কৰা। 

উত্তৰঃ- অর্থনৈতিক সংস্কাৰৰ তিনিটা সুফল হৈছে- 

(১) পাইকাৰী মূল্যসূচী পূর্বৰ তুলনাত হ্রাস হৈছে। 

(২) ভাৰতবৰ্ষৰ ৰিজাৰ্ভ বেংকত জমা হোৱা বৈদেশিক বিনিময়যাোগ্য মুদ্ৰাৰ পৰিমাণ বৃদ্ধি হৈছে। 

(৩) অর্থনৈতিক উন্নয়নৰ হাৰ বৃদ্ধি হৈছে।


11. ভাৰতবৰ্ষৰ পঞ্চবার্ষিক পৰিকল্পনাৰ তিনিটা মূল লক্ষ্য উল্লেখ কৰা। 

উত্তৰঃ- ভাৰতবৰ্ষৰ পঞ্চবার্ষিক পৰিকল্পনাৰ তিনিটা মূল লক্ষ্য হ’ল– 

(১) দেশ অর্থনৈতিক উন্নয়নৰ হাৰ দ্রুত কৰা। 

(২) আধুনিক প্রযুক্তিবিদ্যা প্রয়োগৰ ওপৰত গুৰুত্ব প্রদান কৰা। 

(৩) আত্মনিৰ্ভৰশীলতা অর্জন কৰা। 


12. মানৱ উন্নয়ন বুলিলে কি বুজা? মানৱ উন্নয়ন লক্ষ্য কি? 

উত্তৰঃ- মানৱ উন্নয়নে এখন দেশৰ জনসাধাৰণৰ শিক্ষা, স্বাস্থ্য, জীৱন ধাৰণৰ মানদণ্ড, আর্থসামাজিক, ৰাজনৈতিক পৰিৱেশ আদিৰ উন্নয়নক বুজায়।

মানৱ উন্নয়ন লক্ষ্য হৈছে মানুহৰ সামূহিক, সামাজিক, অর্থনৈতিক, সাংস্কৃতিক আৰু ৰাজনৈতিক বিকাশৰ মাজেদি মানুহৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰা।


13. ২০১০ চনৰ মানৱ উন্নয়ন প্রতিবেদনত স্থান পোৱা মানৱ উন্নয়নৰ নতুন ধাৰণা কেইটা কি কি? 

উত্তৰঃ- নতুন ধাৰণা কেইটা হ’ল-

(১) বৈষম্য সাপেক্ষ মানৱ উন্নয়ন সূচকাংক 

(২) লিংগ বৈষম্য সূচকাংক আৰু 

(৩) বহুমাত্রীয় দৰিদ্ৰ সূচকাংক। 


14. কেন্দ্রীয় চৰকাৰে পৰিকল্পনা আয়োগৰ ঠাইত কি আয়োগ গঠন কৰিছে? NITI আয়োগৰ সদস্যসকল কোন কোন? HS-2018

উত্তৰঃ- কেন্দ্রীয় চৰকাৰে পৰিকল্পনা আয়োগৰ ঠাইত NITI আয়োগ গঠন কৰিছে। NITI আয়োগৰ অধ্যক্ষ হ’ল প্রধানমন্ত্রী। আয়োগৰ অন্যান্য সদস্যসকল হ’ল এজন উপাধ্যক্ষ, ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকল আৰু কেন্দ্রীয় শাসিত অঞ্চলৰ উপ-ৰাজ্যপালসকল, ৪ গৰাকী কেন্দ্রীয় মন্ত্রী, মুখ্য কার্যবাহী বিষয়া আৰু বিশেষজ্ঞসকল। 


15. অর্থনৈতিক পৰিকল্পনা কি? ভাৰতৰ ‘প্রথম পঞ্চবার্ষিক পৰিকল্পনা’ৰ সময়ছোৱা উল্লেখ কৰা। HSLC-2018 

উত্তৰঃ- এটা নির্ধাৰিত সময়ত কিছুমান সুনির্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ বাবে এক কেন্দ্রীয় কতৃপক্ষৰ দ্বাৰা দেশৰ অর্থনীতিৰ নিয়ন্ত্রণ আৰু দিগদর্শনকেই অর্থনৈতিক পৰিকল্পনা বুলি কোৱা হয়।

ভাৰতৰ ‘প্রথম পঞ্চবার্ষিক পৰিকল্পনা’ৰ সময়ছোৱা হ’ল ১৯৫১ চনৰ ১ এপ্রিলৰ পৰা ১৯৫৬ চনৰ ৩১ মার্চলৈ। 


16. অর্থনৈতিক বিকাশ আৰু অর্থনৈতিক উন্নয়নৰ দুটা প্রধান পার্থক্য লিখা। HSLC-2017, 2019 

উত্তৰঃ- অর্থনৈতিক বিকাশ আৰু অর্থনৈতিক উন্নয়নৰ দুটা প্রধান পার্থক্য হ’ল— 

(১) অর্থনৈতিক, বিকাশৰ অৰ্থ সীমিত আৰু অর্থনৈতিক উন্নয়নৰ অৰ্থ বহল।

(২) অর্থনৈতিক বিকাশ হ’লেই অর্থনৈতিক উন্নয়ন হৈছে বুলি ক’ব নোৱাৰি কিন্তু অর্থনৈতিক উন্নয়ন হ’ব লাগিলে অর্থনৈতিক বিকাশ হ’ব লাগিব।


16. ভাৰতবৰ্ষত অর্থনৈতিক সংস্কাৰ প্ৰৱর্তনৰ তিনিটা মুল কাৰণ লিখা।

উত্তৰঃ- অর্থনৈতিক সংস্কাৰ প্রৱর্তনৰ তিনিটা মূল কাৰণ হ’ল-

(১) চৰকাৰী ব্যয় বৃদ্ধিৰ হাৰতকৈ চৰকাৰী আয় বৃদ্ধি কম হোৱা বাবে বৃহৎ বিত্তীয় ঘাটিয়ে দেখা দিছে। 

(২) সীমিত উৎপাদনৰ ফলত সৃষ্টি হোৱা মুদ্রাস্ফীতিয়ে সমাজৰ দুর্বল শ্ৰেণীৰ লোকক জুৰুলা কৰিছে। 

(৩) ভাৰতবৰ্ষৰ বৈদেশিক বাণিজ্যৰ ঘাটিৰ পৰিমাণ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। 


17. অসমৰ দ্বাদশ পঞ্চবার্ষিক পৰিকল্পনাৰ তিনিটা প্রধান লক্ষ্য উল্লেখ কৰা। HSLC-2017

উত্তৰঃ- অসমৰ দ্বাদশ পঞ্চবার্ষিক পৰিকল্পনাৰ তিনিটা প্রধান লক্ষ্য হ’ল— 

(১) দেশৰ উন্নতি উন্নত ৰাজ্যসমূহৰ সম-পর্যায়লৈ। আহিবলৈ অহা দুই-তিনিটা দশকৰ ভিতৰত অসমৰ উন্নয়নৰ হাৰ ১০ শতাংশলৈ বুদ্ধি কৰা। 

(২) দৰিদ্ৰতা আৰু অর্থনৈতিক বৈষম্য হ্রাস কৰাৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰা। 

(৩) কৃষিখণ্ডৰ বার্ষিক উন্নয়নৰ হাৰ ৬-৮ শতাংশলৈ বৃদ্ধি কৰা।


18. মানৱ উন্নয়ন সূচকাংক গণনাত কোনবোৰ সূচক ব্যৱহাৰ কৰা হয়? HSLC-2020 মানৱ উন্নয়নৰ সূচক তিনিটাৰ বিষয়ে চমুকৈ আলোচনা কৰা। HSLC-2018 

উত্তৰঃ- মানৱ উন্নয়নৰ সূচক তিনিটা হ’ল— (ক) প্রত্যাশিত আয়ুস (খ) শিক্ষা (গ) জীৱন-যাত্ৰাৰ মান। 

(ক) প্রত্যাশিত আয়ুস : জন্মৰ সময়ত শিশু এটি কিমান বছৰলৈ জীয়াই থাকিব বুলি যি আশা কৰা যায় সেইটোৱেই হ’ব প্রত্যাশিত আয়ুস। এই আয়ুসৰ গড় হিচাপ উলিওৱা হয়। উন্নত দেশবোৰত এই আয়ুস বেছি আৰু অনুন্নত দেশত কম হ’ব। 

(খ) শিক্ষা : শিক্ষাৰ ক্ষেত্ৰত প্রাপ্তবয়স্কৰ স্বাক্ষৰতা আৰু প্রাথমিক, মাধ্যমিক আৰু অন্যান্য প্রশাখাসমূহৰ সৰ্বমুঠ নাম ভর্তিকৰণৰ অনুপাত নির্ণয় কৰি শিক্ষা বা জ্ঞানৰ স্তৰ নির্ধাৰণ কৰা হয়। অনুন্নত দেশৰ তুলনাত উন্নত দেশত শিক্ষা ব্যৱস্থা অধিক উন্নত।

(গ) জীৱন-যাত্ৰাৰ মান : দৰিদ্ৰতা, অনুন্নত শিক্ষা ব্যৱস্থা আৰু প্রয়োজনীয় স্বাস্থ্য সেৱাৰ অভাৱে জীৱন-যাত্ৰাৰ মান উন্নীত কৰাত বাধাৰ সৃষ্টি কৰিছে।


19. অর্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ ফলত সৃষ্টি হোৱা দুটা অসুবিধা চমুকৈ লিখা। 

উত্তৰঃ- অর্থনৈতিক সংস্কাৰ প্ৰৱর্তনৰ ফলত সৃষ্টি হোৱা দুটা অসুবিধা চমুকৈ ব্যাখ্যা কৰা হ’ল-

(১) অর্থনৈতিক সংস্কাৰ নীতিয়ে প্রতিযাোগিতাৰ প্ৰসাৰ আৰু তীব্রতা দুয়োটা বৃদ্ধি কৰিছে। এই প্রতিযাোগিতা সুস্থ হ’ব লাগিলে জনসধাৰণৰ ক্রয় ক্ষমতাৰ পৰিমাণ বৃদ্ধি হ’ব লাগিব। অৱশ্যে আশাকৰা মতে জনসাধাৰণে ক্রয় ক্ষমতা বৃদ্ধি কৰা নাই। 

(২) পণ্যৰ প্রতি অত্যধিক আসক্রিয়ে ভোগবাদী অর্থনীতিৰ সৃষ্টি হ’লে নৈতিকতাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ ফলত দেশত অপৰাধ প্ৰৱণতা বৃদ্ধি পোৱা দেখা যায়।


20. ভাৰতবৰ্ষত অর্থনৈতিক সংস্কাৰৰ ক্ষেত্ৰত উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু বিশ্বায়নে কিদৰে প্ৰভাৱ পেলাইছে, চমুকৈ লিখা। HSLC-2019

উত্তৰঃ- ভাৰতবৰ্ষত অর্থনৈতিক সংস্কাৰৰ ক্ষেত্ৰত উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু বিশ্বায়নে বিশেষভাৱে প্ৰভাৱ পেলাইছে। তলত ইয়াৰ বিষয়ে চমুকৈ উল্লেখ কৰা হ’ল— 

(১) উদাৰীকৰণ : দেশৰ আর্থিক ব্যৱস্থাৰ ওপৰত থকা ৰাষ্ট্রৰ নিয়ন্ত্ৰণৰ শিথিলকৰণ হ’ল উদাৰীকৰণ। ১৯৯১ চনৰ পূর্বে বিত্তীয়খণ্ড, বৈদেশিক মুদ্রাৰ আহৰণ আৰু ব্যৱহাৰ, বাণিজ্য আৰু বিনিয়োগ খণ্ডত ৰাষ্ট্ৰই এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল। অর্থনৈতিক সংস্কাৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰে পৰা সুৰা, চিগাৰেট, বিপদমুক্ত ৰাসায়নিক দ্রব্য, ঔষধ আদি কেইবিধমান দ্রব্যৰ বাহিৰে বাকীবোৰৰ ক্ষেত্ৰত নিয়ন্ত্রণ তুলি দিয়া হ’ল।

(২) বক্তিগতকৰণ : ১৯৯১ চনৰ নতুন ঔদ্যোগিক নীতিয়ে ৰাজহুৱা খণ্ডৰ ৯টা উদ্যোগ ব্যক্তিগত খণ্ডৰ বারে মুকলি কৰি দিয়াৰ লগে লগেই ব্যক্তিগতকৰণ নীতি প্ৰৱৰ্তন কৰা হ’ল। শিক্ষা, স্বাস্থ্য, উৎপাদিত সামগ্রী, বেংক ব্যৱস্থা আদিৰ ক্ষেত্ৰত ব্যক্তিগতকৰণৰ প্ৰভাৱ লক্ষণীয়। 

(৩) বিশ্বায়নৰ ফলত দেশসমূহৰ মাজত থকা দূৰত্ব হ্রাস হয় আৰু এক সীমান্তহিত বিশ্বৰ দিশে ৰাষ্ট্ৰসমূহ ধাৱমান হয়। প্রযুক্তিবিদ্যাৰ ক্রমবর্ধমান ব্যৱহাৰে গোলকীকৰণৰ প্রক্রিয়া অধিক খৰতকীয়া কৰি তুলিছে। বহিমুখিতাই প্রতিযাোগিতাৰ বাতাবৰণ সৃষ্টি কৰে। এই বাতাবৰণত গ্রাহক আৰু উৎপাদক এই দুয়োটা শ্রেণী লাভৱান হয়।


21. চমুটোকা লিখা :

উত্তৰঃ- (ক) অর্থনৈতিক বিকাশ : এখন দেশৰ জাতীয় আয় আৰু জনমূৰি আয় বৃদ্ধিয়েই হৈছে অর্থনৈতিক বিকাশ। 

(খ) অর্থনৈতিক উন্নয়ন : এখন দেশৰ বৰ্ধিত জনমূৰি আয় যেতিয়া দেশখনৰ প্ৰায় সকলো শ্ৰেণীৰ জনসাধাৰণৰ হাতলৈ যায় তেতিয়া দেশখনত অর্থনৈতিক উন্নয়ন হোৱা বুলি কোৱা হয়।

(গ) মানব উন্নয়ন : মানৱ উন্নয়ন সূচকাংক অর্থনৈতিক উন্নয়নৰ এটা মাপকাঠি। 

(ঘ) গণতান্ত্রিক পৰিকল্পনা : যি পৰিকল্পনা যুগুতোৱা অৱস্থাত বিভিন্ন পর্যায়ৰ জনগণৰ অংশ গ্রহণ সুনিশ্চিত কৰা হয় সেই পৰিকল্পনাক গণতান্ত্রিত পৰিকল্পনা কোৱা হয়। 

(ঙ) উদাৰীকৰণ : দেশৰ অর্থব্যৱস্থাৰ অর্থনৈতিক সংস্কাৰ ৰূপায়ণৰ অৰ্থে কিছুমান ক্ষেত্ৰ যেনে- শিক্ষা, কৃষি উদ্যোগ আদি ৰাষ্ট্ৰৰ নিয়ন্ত্রণ শিথিল কৰাই উদাৰীকৰণ।

(চ) ব্যক্তিগতকৰণ : চৰকাৰী নিয়ন্ত্রণ আৰু ব্যৱস্থাপনাৰ অধীনত থকা প্রতিষ্ঠানসমূহ বেচৰকাৰী খণ্ডলৈ মুকলি কৰি দিয়া নীতিয়েই হ’ল ব্যক্তিগতকৰণ।

(ছ) গোলকীকৰণ বা বিশ্বায়ন : উদাৰীৰণ আৰু ব্যক্তিগতকৰণৰ পৰিণতিত এখন দেশৰ অৰ্থনীতিৰ লগত বিশ্বৰ আন আন দেশৰ অৰ্থনীতিৰ সংযাোগ স্থাপনেই হৈছে গোলকীকৰণ বা বিশ্বায়ন।

Dr. Ratanlal Brahma, M.A., B.Ed., M.Phil., Ph.D.
Post Graduate Teacher (Political Science)
H.N.Seminary Model HS School, Bagribari, Dhubri, Assam
Email : brahmaratan@gmail.com
Whatsapp no. : 7020477396

Leave a comment

Trending