1. হৰিগুণ গাৱত মেৰি । Horigun gaot meri-Madhavdev
ৰাগ : ধনশ্ৰী
তাল : পৰি
ধ্ৰুং।।—
হৰিগুণ গাৱত মেৰি মনাই।
সুখে ভকত-সঙ্গ মিলাই।।
পদ।।—
পতিত-পাৱন হৰিৰ নাম।
তাহে লেহু মুহে অবিৰাম।।
হৰিগুণ অমিয়া-মাধুৰী ঝুৰে।
ভকত-জন মনোৰথ পূৰে।।
সকল নিগম বিচাৰি বিধি।
কহল হৰি বিনে নাহি সিদ্ধি।।
কহয় মাধৱ মূৰুখ দীনা।
গতি নাহি নাহি হৰি বিনা।।
2. যশোৱা পুছয় পথিকজনে । Joshowa puchhoy pothikjone
ৰাগ : শ্ৰী
তাল : একতাল
ধ্ৰুং।।—
যশোৱা পুছয় পথিকজনে আকুলিত মনে।
হামাৰি বালক কেবা দেখিলা নয়নে।।
পদ।।—
ভণ্টা খেলাইতে শ্ৰমজলে শোহে মুখ।
সুন্দৰ বদন নিৰেখিতে মিলে সুখ।।
কুবলয়-দল জিনি শোহে শ্যামতনু।
পথে পথে যশোৱা পুছয় পুনু পুনু।।
বিহানে বজাইল খেড়ি খেলাইবাৰ তৰে।
ভৈ গৈল বিয়াল পুতা এভো নাইল ঘৰে।।
যমুনাৰ তীৰে তীৰে ফিৰে নন্দ-জায়া।
ভৈলা অচেতন সতী পুত্ৰক নাপায়া।।
নয়নে নিগৰে নীৰ কান্দে-যশোমতী।
কাহেঁ গৈলে পাইবো লাগ পুতা যদুপতি।।
ধৰণী লুটিয়া মুৰুচিত ভৈয়ো মাই।
কহয় মাধৱ হৰি বিনে গতি নাই।।
3. ভাই দেখো কমলাপতি দৌলৰ । Bhai dekho komolapoti doulor
ৰাগ : সিন্ধুৰা
তাল : একতাল
ধ্ৰুং।।—
ভাই দেখো কমলাপতি দৌলৰ উপৰে।
বৈকুণ্ঠেৰ পতি দৌল-ৰসে কেলি কৰে।।
পদ।।—
দিব্য সিংহাসনে প্ৰকাশয় দামোদৰে।
নৱনীল মেঘ যেন মেৰুৰ শিখৰে।।
শ্যাম শৰীৰত ঝিকি পৰে অলঙ্কাৰ।
নিৰ্মল গগনে যেন জ্যোতি কৰে তাৰ।।
কিৰীটি-কুণ্ডল-হাৰ-কেয়ুৰ কিঙ্কিণী।
ৰতন নূপুৰ পায় বাজে ৰিণি-ঝিনি।।
সিংহাসন সমে দোলে ত্ৰিজগতপতি।
যেন আকাশত ৰবি-শশী কৰে গতি।।
নন্দেৰ আনন্দ বৰ ৰঙ্গ যশোদাৰ।
জয় হৰি বুলি গোপ-গোপীৰ জোকাৰ।।
গোকুলে মিলিয়া আছে বৈকুণ্ঠ উত্সজৱ।
হৰি পদে গতি মোৰ কহয় মাধৱ।।
4. মথন মথে যশোমতী । Mothon mothe joshomoti
ৰাগ : বৰাড়ী
তাল : পৰি
ধ্ৰুং।।—
মথন মথে যশোমতী মাই।
হৰিগুণ গাৱত বয়নে মিলাই।।
পদ।।—
কঙ্কণ হাৰ-কুণ্ডল গণ্ড-লোলে।
চৰণ মাজে মণি মঞ্জীৰ ৰোলে।।
মনোহৰ ক্ষৌম বসন পৰিধানে।
কম্পয় কুঁচযুগ ৰজ্জূ সন্ধানে।।
উচল খোপা কুসুমে ৰঞ্জিত কেশ।
কজ্জ্বল নয়ন উজ্বল কৰি বেশ।।
আগহি নিজ তনয়ক পেখি।
ৰূপ বিনাৱত নয়নে নিৰেখি।।
মাৱক শ্ৰম দেখিয়ে তুলি হাসি।
মথন দণ্ডে ধৰিল হৰি আসি।।
তেজল মথন যশোমতী মাই।
মাধৱ মূৰখ দীন মতি গায়।
5. শুনলো যশোৱা মাই । Xunlo joshowa may
ৰাগ : বসন্ত
তাল : পৰি
ধ্ৰুং।।—
শুনলো যশোৱা মাই বচন হামাৰি
কি পুণ্য কৰিয়া পাইলা তনয় মুৰাৰি।।
পদ।।—
সুৰাসুৰ মুনি যাৰ চৰণ ধিয়ায়।
সহস্ৰ বয়ন সদা যাৰ গুণ গায়।।
চাৰি বেদে বিচাৰি নপাৱে যাৰ অন্ত।
তোৰ ঘৰে ধেনু ৰাখে হেনে ভগৱন্ত।।
নিত্য নিৰঞ্জন শিৱ পুৰুষ পুৰাণ।
ই তিনি ভুৱনে যাৰ নাহিকে সমান।।
কোটি ব্ৰহ্মাণ্ডৰ পতি নাথ নাৰায়ণ।
সো হৰি বয়নে তুহো কয়লি চুম্বন।।
তিনি গুণ হীন প্ৰভূ যোহি দামোদৰ।
কোটি ব্ৰহ্মাণ্ড বৈঠে যাহেৰ উদৰ।।
যাৰ মায়াপাশে বন্দী ই তিনি ভূৱন।
সো হৰি উড়লে তুমি কয়লি বন্ধন।।
যাৰ নামে লৈলে সুখে চৰে পাপীজন।
সোহি প্ৰভূ তোৰ কোলে চড়ি খাইল তন।।
কহয় মাধৱ দীন শুন হেৰ মাই।
তুহু সম ভাগ্যৱতী আৰ কেহ নাই।

Leave a comment