জীৱন প্রক্রিয়া । Life Processes

দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞান

1. শুদ্ধ উত্তৰটো বাছি উলিওৱা:

(i) তলৰ কোনবিধ ৰোগ থাইৰক্সিন হৰম’ন উপযুক্ত পৰিমাণত ক্ষৰিত নোহোৱাৰ বাবে হয়। HSLC-2020

(a) বেৰিবেৰি 

(b) গৰল ৰোগ 

(c) ডায়েবেটিছ

(d) কটীয়ালগা

উত্তৰঃ- (b) গৰল ৰোগ 


(ii) অবাত শ্বসন সম্পন্ন হয় – HSLC-2016, 2020

(a) মাইট’কন্দ্রিয়াত

(b) ক্ল’ৰ’প্লাষ্টত

(c) কোষকেন্দ্ৰত

(d) চাইট’প্লাজমত

উত্তৰঃ- (d) চাইট’প্লাজমত


(iii) আমাৰ লালটিত থকা উৎসেচক বিধক বোলা হয়- HSLC-2019

(a) এমাইলেজ

(b) লাইপেজ

(c) ট্ৰিপচিন

(d) পেপচিন

উত্তৰঃ- (a) এমাইলেজ


(iv) তেজৰ চেনীৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি থকাত সহায় কৰা অগ্ন্যাশয়ৰ দ্বাৰা উৎপাদিত হৰম’নবিধ হৈছে- HSLC-2018

(a) এড্ৰিনেলিন

(b) থাইৰক্সিন

(c) ইনচুলিন

(d) টেষ্টষ্টেৰন

উত্তৰঃ-(c) ইনচুলিন


(v) শ্বেতসাৰক সৰল চেনিলৈ ৰূপান্তৰ কৰা উৎসেচকটোৰ নাম হ’ল-HSLC-2017

(a) এমাইলেজ

(b) লাইপেজ

(c) পেপচিন

(d) ট্ৰিপচিন

উত্তৰঃ- (a) এমাইলেজ।


(vi) অবাত শ্বসন সম্পন্ন হয়- HSLC-2016

(a) মাইট’কন্দ্রিয়াত 

(b)ক্ল’ৰ’প্লাষ্টত

(c) কোষকেন্দ্ৰত 

(d) চাইট’প্লাজমত

উত্তৰঃ- (d) চাইট’প্লাজমত।


(vii) চৰ্বী অণুৰ ইমালচিফিকেচন সংঘটিত কৰে – HSLC-2015 

(a) টিপচিনে

(b) পেপছিনে 

(c) পিত্ত লৱণে 

(d) এমাইলেজে 

উত্তৰঃ- (c) পিত্ত লবণে।


(viii) শ্বপোষীয় পৰিপুষ্ঠিত প্রয়োজন হয়-

(a) কার্বন-ডাই-অক্সাইড আৰু পানী 

(b) পত্ৰহৰিৎ

(c) সূৰ্যৰ পোহৰ

(d) ওপৰৰ আটাইকেইটা।

উত্তৰঃ- (d) ওপৰৰ আটাইকেইটা।


(ix) বৃক্ক মানুহৰ শৰীৰৰ কোনটো তন্ত্ৰৰ অংশ?

(a) ৰেচন

(b) পৰিবহণ 

(c) পৰিপুষ্টি

(d) শ্বসন

উত্তৰঃ- (a) ৰেচন


(x) পাইৰুভেট অণু ভাঙি কার্বনডাই অক্সাইড, পানী আৰু শক্তি উৎপন্ন হোৱা বিক্রিয়াটো সম্পাদিত হয়-

(a) চাইট’প্লাজমত 

(b) মাইট’কন্ড্রিয়াত

(c) ক্ল’ৰপ্লাষ্টত

(d) কোষকেন্দ্রত

উত্তৰঃ- (b) মাইট’কন্ড্রিয়াত।


(xi) উদ্ভিদৰ ৰক্ষ্যক কণা থকা অংবিধ হ’ল-

(a) মাইট’কন্ড্ৰিয়া

() কোষকেন্দ্ৰ

(c) লাইচ’জম 

(d) হৰিৎকণা।

উত্তৰঃ- (d) হৰিৎকণা।


2. কোষ কি?

উত্তৰঃ- কোষ হৈছে জীৱদেহৰ প্ৰাথমিক একক।


3. পাকস্থলী ৰসত থকা উপাদানকেইটা কি কি?

উত্তৰঃ- পেপচিন, হাইড্ৰক্ল’ৰিক এচিড, ৰেনিন আদি।


4. পুষ্টিদ্রব্যবোৰ কি?

উত্তৰঃ- পুষ্টিদ্রব্যবোৰ ৰাসায়নিক দ্রব্য। এই দ্রব্যসমূহ গ্ৰহণ কৰি জীৱই শক্তি আহৰণ কৰে।


5. পৰজীৱী পৰিপুষ্টি কি?

উত্তৰঃ- যি পৰিপুষ্টিত জীৱই অন্য প্রাণী বা উদ্ভিদ দেহৰ পৰা পুষ্টি আহৰণ কৰে তাকে পৰজীৱী পৰিপুষ্টি বোলে। উদাহৰণ—এণ্টামিয়া হিষ্ট’ লিটিকা।

 

6. পাতত থকা সেউজীয়া বিন্দুবোৰৰ নাম লিখা। এইবোৰে কি কাৰ্য প্ৰদৰ্শন কৰে? HSLC-2020

উত্তৰঃ- পাতত থকা সেউজীয়া বিন্দুবোৰৰ নাম হৰিৎকণা।

এইবোৰে সালোক সংশ্লেষণত সহায় কৰে।


7. ভিলাই কি?

উত্তৰঃ- মানুহৰ অস্ত্ৰৰ আভ্যন্তৰীণ বেৰখন ভাঁজ খাই অতি সূক্ষ্ম কিছুমান আঙুলিসদৃশ প্ৰবৰ্ধৰ সৃষ্টি হয়। এইবোৰকে ভিলাই বোলা হয়।


8. মানুহৰ লালটিগ্ৰন্থিৰ নাম লিখা।

উত্তৰঃ- (ক) ছাবলিংগুৱেল গ্ৰন্থি (খ) পেৰ’টিড গ্রন্থি আৰু (গ) ছাবমেক্সীলেৰী গ্ৰন্থি।


9. পাচন কাক বোলে?

উত্তৰঃ- জীৱই জীয়াই থাকিবলৈ খাদ্য গ্রহণ কৰে। খাদ্যৰ জটিল উপাদানবোৰক যি জৈৱিক প্ৰক্ৰিয়াই সৰল অৱস্থালৈ নিয়ে সেই প্রক্রিয়াকে পাচন বোলে।


10. ATP কি?

উত্তৰঃ- কোষৰ বিভিন্ন প্ৰক্ৰিয়া সংঘটিত কৰা ATP হৈছে কোষীয় মুদ্রা, শ্বসন ক্রিয়াত মুক্ত হোৱা শক্তিক ADP আৰু ফ’ছফেক্টৰ পৰা ATP উৎপন্ন কৰাত ব্যৱহাৰ হয়।


11. প্রাণীদেহত লিপিডৰ প্রয়োজন কি লিখা।

উত্তৰঃ- খাদ্যত অৱস্থিত লিপিড অংশ জীবদেহৰ বিভিন্ন স্থানত শক্তিৰূপে সঞ্চিত হৈ থাকে। লিপিড বা স্নেহে শৰীৰৰ তাপ নিয়ন্ত্ৰণ কৰে আৰু কোষাঙ্গ গঠনত মুখ্য ভূমিকা লয়। 


12. তেল আৰু চৰ্বিৰ পাৰ্থক্য কি? প্রত্যেকৰে এটাকৈ উদাহৰণ দিয়া।

উত্তৰঃ- সাধাৰণ উষ্ণতাত উদ্ভিদজাত স্নেহ বা লিপিড যৌগ অর্থাৎ তেল তৰল অৱস্থাত থাকে। আনহাতে সাধাৰণ উষ্ণতাত প্রাণীজাত লিপিড যৌগ অর্থাৎ চর্বি গোটা অৱস্থাত থাকে। উদাহৰণ – তেল–সৰিয়হৰ তেল। চৰ্বি মাখন।


13. স্বপোষিত পুষ্টিৰ কাৰণে কি কি কাৰকৰ প্রয়োজন? ইয়াৰ উপজাত পদাৰ্থবোৰ কি কি?

উত্তৰঃ- স্বপোষিত পুষ্টিৰ প্ৰয়োজনীয় কাৰকবোৰ হ’ল- পোহৰ, ক্লৰ’ফিল, COআৰু H2O  সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা সেউজীয়া উদ্ভিদে গ্লুক’জ উৎপন্ন কৰে। উপজাত পদার্থসমূহ—স্নেহ পদাৰ্থ, পানী আৰু অক্সিজেন।


14. পৰিপুষ্টি বুলিলে কি বুজা?

উত্তৰঃ- জীৱই নিজৰ দেহ বৃদ্ধি আৰু বিকাশৰ বাবে নানা জৈৱিক বিক্রিয়া সংঘটিত কৰিব লগা হয়। খাদ্যৰ পাচন, শোষণ আদি বিভিন্ন বিক্ৰিয়াৰ মাধ্যমেৰে হয়। এই বিক্ৰিয়াবোৰ সম্পন্ন কৰিবলৈ জীৱক শক্তিৰ প্ৰয়োজন। যি প্ৰক্ৰিয়াৰ দ্বাৰা জীৱই এই শক্তি আহৰণ কৰে তাকে পৰিপুষ্টি বোলে।


15. সালোক সংশ্লেষণত প্রয়োজনীয় প্রতিটো উপাদান উদ্ভিদে ক’ত ক’ত পায়?

উত্তৰঃ- উদ্ভিদ সালোক সংশ্লেষণৰ বাবে প্ৰয়োজনীয় কেঁচা সামগ্রীসমূহ হ’ল- পানী, কার্বন-ডাই-অক্সাইড।

(i) কার্বন-ডাই-অক্সাইড : বায়ুমণ্ডলৰ পৰা উদ্ভিদে পত্ৰৰন্ধ্ৰৰ মাজেৰে CO2গ্ৰহণ কৰে। HSLC-2017

(ii) পানী : উদ্ভিদে মাটিৰ পৰা মূলেৰে শোষণ কৰে। 

(iii) সূৰ্যৰ ৰশ্মি : সূৰ্যৰ পৰা পায়।


16. আমাৰ তেজত থকা শ্বাসকণাবিধৰ নাম লিখা। কণাবিধৰ কাৰ্য উল্লেখ কৰা। HSLC-2019

উত্তৰঃ- আমাৰ তেজত থকা শ্বাসকণাবিধৰ নাম হিম’গ্লবিন। হিম’গ্লবিনে হাওঁফাওঁত প্ৰৱেশ কৰা অক্সিজেন অক্সিহিম’গ্লবিন ৰূপত দেহৰ কলাকোষলৈ পৰিবহন কৰে। আকৌ বিভিন্ন কলা-কোষত উৎপন্ন হোৱা কার্বন-ডাই-অক্সাইড কার্বক্সিহিমগ্লবিন ৰূপত হাওঁফাওঁলৈ কঢ়িয়াই আনি নিশাহ হিচাপে দেহৰ বাহিৰলৈ উলিয়াই দিয়ে।


17. শোষণ হ’ব পৰাকৈ ক্ষুদ্রাস্ত্ৰত খাদ্য কেনেকৈ পাচন হয়?

উত্তৰঃ- ক্ষুদ্রান্ত্র এনেদৰে গঠিত যাতে ই যিমান পাৰে সিমান খাদ্য পাচন ঘটাই তেজলৈ প্ৰেৰণ কৰিব পাৰে। ক্ষুদ্রান্ত্ৰত অসংখ্য আঙুলিসদৃশ প্রৱর্ধক থাকে, ইয়াক ভিলাই কোৱা হয়। ইয়াৰ আভ্যন্তৰীণ অংশ অসংখ্য মৌলিক কণাৰে গঠিত। ভিলাইবোৰ সংকোচন আৰু প্ৰসাৰণক্ষম। ইয়াৰ ফলত আন্ত্রিক নলীত থকা সৰল উপাদানবোৰ ভিলাই আৰু কৈশিক নলিকাৰ বেৰ ভেদ কৰি অতি সহজে তেজৰ সোঁতত প্ৰৱেশ কৰে।


18. পাচনত লালটিৰ ভূমিকা কি?

উত্তৰঃ- লালটিয়ে খাদ্য পাচনত গুৰুত্বৰ ভূমিকা লয়। স্তন্যপায়ী জীৱৰ খোৱা আহাৰ ইয়াৰ মুখত থকা লালটিৰ সৈতে মিহলি হয়। লালটি গ্রন্থিয়ে লালটি এমাইলেজ ক্ষৰণ কৰে। লালটিত থকা টায়েলিন নামৰ উৎসেচক পলিছেকেৰাইডে শ্বেতসাৰক ভাঙি মাল্ট’জ আৰু ডেক্সট্ৰিনলৈ ৰূপান্তৰিত কৰে।

শ্বেতসাৰ → মাল্ট’জ + ডেক্সট্রিন শ্বেতসাৰ 


19. ‘জৈৱ অনুঘটকবোৰ’ কি? এনে দুটা অনুঘটকৰ নাম লিখা। আমাৰ শৰীৰত এইবোৰে গ্ৰহণ কৰা ভূমিকাৰ আলোচনা কৰা। পাকগ্ৰন্থিৰ দ্বাৰা পাকস্থলীত নিঃসৰিত হোৱা হাউড্ৰ’কৰিক এছিডৰ কাৰ্য কি? HSLC-2020

উত্তৰঃ- জৈৱ অনুঘটক : যিবোৰ উৎসেকৰ সহায়ত জটিল আহাৰ সৰলীকৰণ হয় সেইবোৰক জৈৱ অনুঘটক বোলে। যেনে- পেপচিন, শ্লেষ্মা।

পাকস্থলী গ্ৰন্থিৰ পাচক ৰসত হাইড্ৰ’ক্লৰিক এছিড (HCL) আৰু প্ৰ’টিন বিশ্লেষিত উৎসেচক যেনে- পেপচিন, শ্লেষ্মা আদি থাকে। হাইড্ৰ’ক্লৰিক এছিড থকাৰ বাবে পাকস্থলী ৰস আম্লিক ধর্মীয় আৰু ইয়াৰ ফলত পেপচিনৰ কাৰ্য তীব্ৰ হৈ উঠে। শ্লেষ্মাই পাকস্থলী বেৰখনৰ অন্তঃ আৱৰণখনক সাধাৰণ অৱস্থাত এছিডৰ ক্ৰিয়াৰ পৰা সুৰক্ষা দিয়ে।


19. উদ্ভিদৰ দেহত খাদ্যৰ কেনেদৰে সংক্রমণ ঘটে? HSLC-2020 

উত্তৰঃ- উদ্ভিদৰ পাতত প্রস্তুত হোৱা খাদ্যবস্তু দেহৰ বিভিন্ন অংগলৈ ফ্ল’ৱেমৰ দ্বাৰা বিভিন্ন অংগলৈ পৰিবাহিত হয়। ৰৈখিক চিত্ৰৰ সহায়ত ইয়াৰ দিশ দেখুওৱা হৈছে— উদ্ভিদৰ পাতৰ কোষত সঞ্চিত খাদ্য দ্রব্য দ্রবীভূত অৱস্থাত খাদ্য দ্রব্য ফ্ল’ৱেমৰ কলাত প্রবেশ ফ’ৱেম কলাৰ মাজেৰে উদ্ভিদৰ দেহত ঊর্ধমুখী, অধঃমুখী আৰু পার্শ্বীয় দিশেৰে উদ্ভিদৰ সকলো অংগলৈ খাদ্যৰ সংবহন।


20. উদ্ভিদে কি কি উপায়ে বর্জিত পদার্থ ত্যাগ কৰে। 

উত্তৰঃ- উদ্ভিদে ৰেচন পদাৰ্থবোৰ নানা উপায়ে শৰীৰৰ পৰা বাহিৰ কৰি দিয়ে যদিও কিছুমান বর্জ্য পদার্থ ফল, পাত আৰু কাণ্ডত সঞ্চিত কৰি ৰাখে।

(i) গেছীয় পদার্থ : শ্বাসকার্যৰ সময়ত পত্ৰৰন্ধ্ৰৰ মাধ্যমেৰে CO2 গেছ আৰু সালোক সংশ্লেষণৰ সময়ত O2 উলিয়াই পঠিয়ায়।

(ii) তৰল বর্জ্য পদার্থ : প্রস্বেদন প্ৰক্ৰিয়াৰ দ্বাৰা পত্ৰৰন্দ্ৰৰ মাধ্যমেৰে গছে তৰল বর্জ্য পদার্থ ত্যাগ কৰে।

(iii) অন্যান্য বর্জ্য পদার্থ : অন্যান্য বর্জ্য পদার্থ, যেনে- ৰেজিন আৰু গাম আদি গছন পৰ্ব আৰু পৰ্ব-মধ্যৰ মাজেৰে ওলাই আহে।


21. প্ৰচুৰ গেছ বিনিময়ৰ কাৰণে মানুহৰ হাওঁফাওঁ কিদৰে গঠিত হৈছে?

উত্তৰঃ- ক্লোমনলী দুটা শাখাত বিভক্ত। এই শাখা দুটাক ক্লোম শাখা বোলে। হাঁওফাওঁৰ লগতে থকা ক্লোম শাখাৰ প্ৰত্যেকটোৱে ভাগ হৈ শেষত গৈ সৰু সৰু অসংখ্য ঠাল-ঠেঙুলিত পৰিণত হৈছে। ঠেঙুলিবোৰক ক্লোম প্রশাখা বোলে। ঠেঙুলিৰ মূৰবোৰ ফোঁপোলা আৰু বেলুনৰ দৰে। ইয়াত বায়ু থাকে বাবে সিহঁতক বায়ুকোষ বোলে। বায়ু কোষবোৰৰ বেৰ অত্যন্ত পাতল। বেৰত অসংখ্য ৰক্তবাহী কৈশিক নলীয়ে ছাটি থাকে। ইহঁতৰ ভিতৰেদি অক্সিজেন আৰু কার্বন-ডাই-অক্সাইড গেছৰ বিনিময় হয়।


22. সবাত আৰু অবাত শ্বসনৰ মাজত পার্থক্য কি কি? 

উত্তৰঃ- সবাত আৰু অবাত শ্বসনৰ পাৰ্থক্য হ’ল- 

সবাত শ্বসন : (i) অক্সিজেনৰ উপস্থিতিত এই শ্বসন হয়। 

(ii) ইয়াত অধিক শক্তি উৎপাদিত হয়

(iii) ই গ্লাইক’লাইছিছ আৰু ক্রেব চক্ৰত জড়িত। 

(iv) মুক্ত অক্সিজেনৰ প্ৰয়োজন।

অবাত শ্বসন : (i) অক্সিজেন অবিহনেই এই শ্বসন হয়। 

(ii) ইয়াত কম শক্তি উৎপন্ন হয়।

(iii) ই কেৱল গ্লাইক’লাইছিছ দশাতহে জড়িত।

(iv) মুক্ত অক্সিজেনৰ প্ৰয়োজন নহয়।


23. শ্বাস-প্রশ্বাসত অক্সিজেন আহৰণ কৰিবৰ বাবে স্থলচৰ জীৱতকৈ জলচৰ জীৱসমূহৰ সুবিধা কি?

উত্তৰঃ- জলজ প্রাণীয়ে পানীত দ্রবীভূত অক্সিজেন পানীৰ পৰা শোষণ কৰে। পানীত অক্সিজেনৰ পৰিমাণ কম। স্থলচৰ পণীবোৰে শ্বাসকার্যৰ বাবে জলজ প্রাণীতকৈ বেছি পৰিমাণে অক্সিজেন বায়ুমণ্ডলৰ পৰা গ্ৰহণ কৰে। স্থলচৰ প্ৰাণীৰ শ্বসনাংগবোৰ দেহৰ ভিতৰত অৱস্থিত হোৱাৰ বাবে বায়ুৰ পৰা সেৱন কৰা অক্সিজেন ভাগ ভিতৰলৈ ঠেলি পঠিয়াব লগা হয়। ইয়াৰোপৰি এটা নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ দ্বাৰা বাহিৰৰ পৰা অক্সিজেন সেৱন আৰু কাৰ্বন ডাই অক্সাইড বাহিৰলৈ এৰি দিব লগা হয়। স্থলচৰ প্ৰাণীতকৈ জলজ প্রাণীয়ে ঘনাই সহজে উশাহ ল’ব পাৰে।


24. হাঁওফাঁওৰ বায়ুকোষ আৰু বৃক্কৰ নেফ্ৰনৰ গঠন আৰু কার্যৰ মাজত তুলনা কৰা।

উত্তৰঃ- বায়ুকোষ আৰু নেফ্ৰনৰ পাৰ্থক্য :

বায়ুকোষ :

(i) ই হাঁওফাঁওৰ সাংগঠনিক আৰু কাৰ্যকৰী একক

(i) তেজৰ পৰা CO2 বাহিৰ কৰে।

(ii) নায়ুকোষৰ বেৰ অত্যন্ত পাতল। বেৰত অসংখ্য ৰক্তবাহী কৈশিক নলী জালৰ দৰে আগুৰি থাকে।

বায়ুকোষবোৰ দেখাত বেলুনৰ দৰে।

নেফ্রন : (i) ই বৃক্ক গঠনৰ প্ৰাথমিক একক।

(ii) তেজৰ পৰা নাইট্ৰ’জেনজাতীয় বর্জ্য পদার্থ বাহিৰ কৰে। 

(iii) নেফ্রন দেখাত কাপৰ দৰে।


25. মানুহৰ হৃদযন্ত্ৰৰ এটা পৰিষ্কাৰ চিহ্নিত দৈৰ্ঘ্যচ্ছেদৰ চিত্ৰ আঁকা আৰু ইয়াৰ বিভিন্ন কোঠালিৰ মাজেৰে প্ৰৱাহিত হোৱা তেজৰ ধাৰাৰ দিশ কাঁড় চিনৰ দ্বাৰা দেখুওৱা আৰু হৃদযন্ত্ৰটোৰ মাজেৰে হোৱা তেজ সংবহনৰ এটি চমু বিৱৰণ দিয়া। HSLC-2019 

উত্তৰ :- 


26. পক্ষী আৰু স্তন্যপায়ী প্ৰাণীৰ বিশুদ্ধ আৰু অশুদ্ধ তেজ কিয় পৃথক কৰি ৰখাৰ প্ৰয়োজন?

উত্তৰঃ- পক্ষী আৰু স্তন্যপায়ীয়ে দেহৰ উষ্ণতা নিয়ন্ত্ৰণৰ বাবে সদায় নিৰ্দিষ্ট পৰিমাণৰ শক্তিৰ প্ৰয়োজন বাবে প্ৰচুৰ পৰিমাণৰ অক্সিজেনৰ আৱশ্যক। চাৰিটা কোঠালিযুক্ত হৃদযন্ত্রই যথেষ্ট অক্সিজেন যোগান ধৰিব পাৰে। অধিক পৰিমাণে অক্সিজেন পাবলৈ বিশুদ্ধ আৰু অশুদ্ধ তেজ পৃথকহৈ থাকিব লাগে। জীৱন প্ৰক্ৰিয়াৰ বাবে স্তন্যপায়ী প্ৰাণী আৰু পক্ষীবোৰৰ অধিক পৰিমাণে শক্তি প্রয়োজন। এই শক্তি অক্সিজেনৰ পৰা আহে। অক্সিজেনযুক্ত তেজে খাদ্যৰ উপাদানসমূহক ভাঙি শক্তি উৎপন্ন কৰে আৰু এই শক্তি জীৱন প্ৰক্ৰিয়া চলাৰ কাৰণে প্ৰয়োজন।


27. সালোক সংশ্লেষণ কি? এই প্রক্রিয়াত সংঘটিত হোৱা কার্যসমূহ কি কি? উদ্ভিদে কেনেদৰে কাৰ্বন ডাই-অক্সাইড অৱশোষণ কৰে লিখা। HSLC-2017, 2019

উত্তৰঃ- সালোক সংশ্লেষণ এটা প্রক্রিয়া। যি প্ৰক্ৰিয়াৰ দ্বাৰা উদ্ভিদে সূৰ্যৰ পোহৰ, কাৰ্বন-ডাই-অক্সাইড আৰু পানী আদিৰ দ্বাৰা নিজৰ খাদ্য নিজে প্রস্তুত কৰে।

এই প্রক্রিয়া তলত দিয়া ধৰণে সংঘটিত হয়— 

(i) পোহৰ শক্তিক পত্ৰহৰিতৰ দ্বাৰা শোষণ কৰে। 

(ii) পোহৰ শক্তিক ৰাসায়নিক শক্তিলৈ পৰিবৰ্তন আৰু পানীৰ অণুক হাইড্ৰজেন আৰু অক্সিজেনলৈ পৃথকীকৰণ কৰে।

(iii) কার্বন ডাই-অক্সাইড বিজাৰণৰ দ্বাৰা কাৰ্বহাইড্রেট উৎপন্ন হয়।

এই প্ৰক্ৰিয়াত মৰুজ উদ্ভিদে কাৰ্বন ডাই-অক্সাইড ৰাতি গ্ৰহণ কৰি এটা মধ্যৱৰ্তী যৌগ সৃষ্টি কৰে আৰু তাৰ পৰাই দিনৰ ভাগত পত্ৰহৰিতৰ দ্বাৰা শক্তি শোষণ কৰি লয়।


28. জীৱৰ জীৱন বৰ্তি থাকিবলৈ তুমি কোনবিলাক প্রক্রিয়াক অতি প্রয়োজনীয় বুলি গন্য কৰিবা? স্বপোষিত পুষ্টি আৰু পৰপোষিত পুষ্টিৰ মাজৰ পাৰ্থক্য লিখা। 

উত্তৰঃ- জীৱই জীয়াই থাকিবৰ বাবে প্ৰয়োজনীয় বিশেষ প্ৰক্ৰিয়াবোৰ হৈছে-

(১) পৰিপুষ্টি (২) ৰেচন (৩) শ্বসন (৪) পৰিবহণ আদি।

স্বপোষিত পুষ্টি আৰু পৰপোষিত পুষ্টিৰ পাৰ্থক্য- 

স্বপোষিত পুষ্টি : (i) অজৈৱ অণুৰ পৰা নিজৰ খাদ্য নিজে সংশ্লেষণ কৰে। 

(ii) ক্ল’ৰ’ফিল আৰু সূৰ্যৰ ৰশ্মিৰ প্ৰয়োজন। 

(iii) সালোক সংশ্লেষণ ঘটে।

পৰপোষিত পুষ্টি : (i) নিজৰ খাদ্য সংশ্লেষণ কৰিব নোৱাৰে যদিও আন জীৱদেহৰ পৰা খাদ্য সংগ্ৰহ কৰে। 

(ii) ক্ল’ৰ’ফিল আৰু সূৰ্যৰ ৰশ্মিৰ প্ৰয়োজন নহয়।

(iii) সালোক সংশ্লেষণ নঘটে।


29. জীৱন প্রক্রিয়া কি? জীৱিত আৰু মৃত জীৱৰ এটা পার্থক্য লিখা। আমি কিহৰ ওপৰত ভিত্তি কৰি কোনো এটা জীৱ জীৱিত নে মৃত তাক ঠাৱৰ কৰিম? বুজাই লিখা।

উত্তৰঃ- জীৱক জীৱিত অৱস্থাত থকা বুলি কয় যেতিয়া ইয়াৰ দেহ জীয়াই থাকে। জীৱদেহ জীয়াই থাকিবৰ বাবে জীৱদেহত অনবৰত কিছুমান বিশেষ প্রক্রিয়া চলি থাকে। জীৱদেহৰ এনেবোৰ প্ৰক্ৰিয়াক জীৱন প্রক্রিয়া বোলে।

জীৱিত জীৱৰ আণৱিক গতি থাকে আনহাতে মৃত জীৱৰ আণৱিক গতি নাথাকে। 

কোনো এটা জীৱ জীৱিত নে মৃত, তাক জানিবলৈ প্রথমেই চাব লাগিব যে জীৱদেহৰ অংগসমূহৰ গতি ক্ষমতা বা চলন আছে নে নাই। যদি এই অংগসমূহৰ গতি শক্তি নোহোৱা হয় তেতিয়া আমি ধৰি ল’ম যে জীৱটো জাৱিত নহয়। জীৱটোৱে খাদ্য গ্ৰহণ কৰিছে নে চাম। যদি খাদ্য গ্ৰহণ কৰা নাই তেন্তে জীৱটো মৃত। আকৌ ৰেচন ক্ৰিয়া যদিহে নাথাকে তেন্তে জীৱটো মৃত। কিয়নো জীৱিত জীৱৰ এটা প্ৰধান কাম হৈছে ৰেচন ক্ৰিয়া।


30. আমাৰ পাকস্থলিত এচিডৰ ভূমিকা কি? পাচক উৎসেচকৰ কাৰ্য লিখা।

উত্তৰঃ- পাকস্থলীত নিঃসৰণ হোৱা এচিডৰ ভূমিকা :

(i) উৎসেচকবোৰ সক্ৰিয় কৰে।

(ii) খাদ্যত থকা বীজাণু ধ্বংস কৰে।

(iii) চেলিভাৰী এমাইলেজৰ ক্ৰিয়া বন্ধ কৰে।

(iv) উৎসেচকৰ ক্ৰিয়াৰ বাবে পেটত আম্লিক মাধ্যম তৈয়াৰ কৰে।

খাদ্যৰ অদ্রৱণীয় ডাঙৰ অণুবিলাক সৰু সৰু অণুলৈ আৰু প্ৰৱণীয় অৱস্থালৈ নিয়াত পাচক উৎসেচকবোৰে গুৰুত্বপূর্ণ ভূমিকা লয়। পাকস্থলীৰ পৰা অহা অর্ধপাচিত খাদ্য আম্লিক ধৰ্মী হোৱাৰ কাৰণে অগ্নাশয় ৰসৰ উৎসেচকে ইয়াক ক্ষাৰকীয় কৰে। অগ্নাশয় নামৰ পাচক গ্ৰন্থিৰ পৰা নিঃসৰিত হোৱা উৎসেচক কেইবিধ হৈছে- ট্ৰিপছিন, লাইপেজ আৰু এমাইলেজ। এমাইলেজ নামৰ উৎসেচকে খাদ্যৰ শ্বেতসাৰ অংশ সৰল অৱস্থালৈ নিয়ে, ট্রিপছিনে প্ৰ’টিন অংশক ভাঙে আৰু লাইপেজ অর্ধপাচিত স্নেহ পদাৰ্থক সৰল শৰ্কৰা, এমিন’ এচিড আৰু ফেটি এচিডলৈ ৰূপান্তৰিত কৰে। 


31. উচ্চ খাপৰ উদ্ভিদৰ পৰিবহণ তন্ত্ৰৰ অংগসমূহ কি কি? উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণ কেনেদৰে পৰিবহণ হয় বর্ণনা কৰা।

উত্তৰঃ- উচ্চ খাপৰ পৰিবহণ তন্ত্ৰৰ অংগসমূহ হ’ল— জাইলেম আৰু ফ্লৱেম।

(i) জাইলেম : জাইলেম নলিকাই খনিজ পদাৰ্থ আৰু পানী মূলৰ পৰা শোষণ কৰি উদ্ভিদ দেহৰ অন্যান্য অংশলৈ পৰিবহণ কৰে।

(ii) ফ্লৱেম : পাতত প্ৰস্তুত হোৱা আহাৰ ফ্ল’ৱেমৰ জৰিয়তে দেহৰ অন্যান্য অংশলৈ পৰিবহণ হয়।

উদ্ভিদ দেহত খাদ্য পৰিবহণৰ বিষয়ে তলত আলোচনা কৰা হ’ল-

উদ্ভিদদেহত খাদ্যবস্তু উদ্ভিদৰ পাতৰ পৰা ঊর্ধমুখী, অধঃমুখী আৰু পার্শ্বীয়— এই তিনিটা দিশত পৰিবাহিত হয়। ঊর্ধমুখী পৰিবহণ প্ৰক্ৰিয়াত উদ্ভিদৰ পাতৰ অগ্র মুকুল, পুষ্প মুকুল, ফুল আৰু ফললৈ প্রবাহিত হয়। অধঃমুখী পৰিবহণ প্ৰক্ৰিয়াত উদ্ভিদৰ পাতৰ পৰা কাণ্ড আৰু মূললৈ আকৌ পার্শ্বীয় পৰিবহণ প্ৰক্ৰিয়াত ফ্ল’ৱেম কলাৰ পৰা মজ্জা বিস্তৃতিৰ মাজেদি কাণ্ডৰ বহিঃস্তৰলৈ খাদ্যৰ পৰিবহণ হয়।


32. মানুহৰ পৰিবহণ তন্ত্ৰৰ মুখ্য ভাগকেইটা কি? ইয়াৰ কার্যসমূহ কি কি?

উত্তৰঃ- পৰিবহণ তন্ত্ৰৰ মুখ্য ভাগকেইটা হৈছে- হৃদযন্ত্র, তেজ আৰু ৰক্তবাহিকা ৰক্ত পৰিবহণ তন্ত্ৰৰ এই বিভিন্ন অংশসমূহৰ কাৰ্য তলত দিয়া হ’ল–

(1) হৃদযন্ত্র : (i) হৃদযন্ত্র এটা তেজ পাম্প কৰা যন্ত্ৰ। ই গোটেই দেহত ৰক্ত সঞ্চালন কৰে।

(ii) ৰক্ত সঞ্চালনৰ জৰিয়তে ই দেহত অক্সিজেনৰ নিয়মীয়া যোগান ধৰে।

(iii) হৃদযন্ত্ৰত থকা নলীয়ে অক্সিজেনবিহীন আৰু অক্সিজেনযুক্ত তেজ মিহলি হোৱাত বাধা দিয়ে। 

(2) তেজ : (i) ই এবিধ কলা। এই কলাই দেহৰ বিভিন্ন অংশলৈ অক্সিজেন কঢ়িয়াই নিয়ে।

(ii) ই গোটেই দেহত হৰম’নৰ দৰে পদাৰ্থসমূহৰ সঞ্চালন কৰে। 

(iii) দেহৰ উষ্ণতা নিয়ন্ত্ৰণ কৰাত ই সহায় কৰে। 

(3) ৰক্তবাহিকা : (i) ৰক্তবাহিকাই হৃদযন্ত্ৰৰ পৰা দেহৰ বিভিন্ন অংশলৈ তেজ পৰিবহণ কৰে।

(ii) ধমনী আৰু সিৰাত থকা ভালভসমূহে তেজৰ বিপৰীত ফালৰ প্ৰবাহত বাধা দিয়ে।


33. জাইলেম আৰু ফ্ল’ৱেম দ্ৰব্যৰ পৰিবহণৰ পার্থক্যবোৰ কি কি? HSLC-2020

উত্তৰঃ- জাইলেম আৰু ফ্ল’ৱেম কলাত সৰবৰাহ হোৱা পদাৰ্থবোৰৰ পাৰ্থক্য হৈছে—

জাইলেম সৰবৰাহ হোৱা পদার্থ :

(i) পানী আৰু খনিজ লৱণ মাটিৰ পৰা পাতলৈ আৰু আন আন অংশলৈ পৰিবহণ হয়।

(ii) পৰিবহণ সাধাৰণতে অপ্ৰতিৰোধক

(iii) খনিজ পদাৰ্থৰ পৰিবহণ ট্ৰেকাইড আৰু ভেছেলৰ মাধ্যমেৰে ঘটে।

(iv) ইয়াৰ পৰিবহণৰ শক্তি ক্ষয় নহয় আৰু A.T.Pৰ প্রয়োজন নহয়।

ফ্ল’ৱেম : (i) জৈৱ দ্রব পাতৰ পৰা আন আন অংশলৈ পৰিবহণ হয়।

(ii) পৰিবহণ ক্ষিপ্ৰতৰ।

(iii) চালানী নলিকা আৰু সংগী কোষৰ মাধ্যমেৰে জৈৱ আহাৰ পৰিবাহিত হয়।

(iv) ইয়াত যথেষ্ট শক্তিৰ প্ৰয়োজন আৰু এই শক্তি A.T.Pৰ পৰা হয়।


34. মানুহৰ ৰেচন তন্ত্ৰৰ অংশসমূহৰ নাম লিখা। মূত্র উৎপাদন আৰু বৰ্জন প্ৰক্ৰিয়াৰ বিষয়ে লিখা। HSLC-2018

উত্তৰঃ- মানুহৰ ৰেচন তন্ত্ৰৰ অংগসমূহ : (১) এযোৰ বৃক্ক (২) এযোৰ মূত্ৰনলী (৩) এটা মূত্রথলী (৪) এটা মুত্র নিষ্কাষণ নলী। তেজৰ পৰা উপজাত পদার্থ চেকি বাহিৰ কৰোতে মূত্র উৎপাদন হয়। ইউৰিয়া, ইউৰিক এছিড আদি বৃক্কৰ তেজৰ পৰা আঁতৰ কৰা হয়। বৃক্কত থকা অসংখ্য ৰক্ত জালিকাই বৃক্কৰ বেৰত কাপ সদৃশ নলীকা গঠন কৰে। ইহঁতক নেফ্রন বোলে। 

নেফ্রনবোৰে প্ৰাথমিক অৱস্থাত গ্লুক’জ, এমিন এছিড, লৱণ আৰু প্ৰচুৰ পৰিমাণৰ পানী চেকি লোৱাৰ পাছত নলীকা অংশত অধিশোষণ কৰি লয়। দেহত কিছুমান অতিৰিক্ত পানী থাকে আৰু কিমান পৰিমাণৰ দ্রৱীভূত বৰ্জিত পদার্থ তেজত থাকে তাৰ ওপৰত নিৰ্ভৰ কৰি পানীভাগ অধিশোষণ কৰি লয়। প্ৰতিটো বৃক্কত উৎপন্ন হোৱা মূত্ৰ নেফ্ৰনৰ দীঘল নলীকা মূত্ৰনলীলৈ সোমাই আহে। মূত্ৰনলীলৈ বৃক্কদুটা মূত্ৰনলীৰ লগত সংযুক্ত কৰি ৰাখে। মূত্র মূত্রথলীত জমা হৈ থাকে। মূত্রথলীৰ চাপৰ ফলত মূত্ৰনলীৰে মূত্ৰ বাহিৰ ওলাহ আহে।


35. মানুহৰ উশাহ-নিশাহ প্ৰক্ৰিয়া বৰ্ণনা কৰা। জলচৰ প্ৰাণীৰ শ্বাস প্ৰশ্বাসৰ হাৰ স্থলচৰ প্ৰাণীত কৈ কিয় বেছি? HSLC-2017

উত্তৰঃ- মানুহৰ ক্ষেত্ৰত নাসাৰন্ধ্ৰইদি দেহৰ ভিতৰলৈ সেৱন কৰি লোৱা বায়ু টেটু হৈ শ্বাসনলীয়েদি হাওঁফাওঁত প্ৰৱেশ কৰে। হাওঁফাওঁৰ ভিতৰত শ্বাসনলীডাল সৰু সৰু কিছুমান শাখাত বিভক্ত হৈ ক্ষুদ্ৰ ক্ষুদ্ৰ বেলুন সদৃশ অংগৰ সৃষ্টি হয়। এই বেলুন সদৃশ অংগবোৰক বায়ুকূপ বুলি কোৱা হয়। বায়ুকূপবিলাকত অসংখ্য ক্ষুদ্র ক্ষুদ্র ৰক্ত কেশিকাই জালিকা গঠন কৰে। উশাহ লোৱাৰ সময়ত আমাৰ কামিহাড়বোৰ ওপৰলৈ তুলি দিয়াৰ বাবে মধ্যচ্ছেদাখন নিম্নগামী হৈ গতি কৰে আৰু তেতিয়াই বক্ষ গহ্বৰটো ডাঙৰ হৈ পৰে। ইয়াৰ ফলত হাওঁফাওঁৰ ভিতৰলৈ বায়ু প্ৰৱেশ কৰি বায়ুকূপবিলাক বায়ুৰে পৰিপূৰ্ণ হৈ পৰে। দেহৰ বিভিন্ন অংশৰ পৰা তেজে কঢ়িয়াই অনা কার্বন-ডাই-অক্সাইড বায়ু কোষবোৰত এৰি দি ইয়াত থকা অক্সিজেন ৰক্ত জালিকাই শোষণ কৰি লয় আৰু পিছত দেহৰ বিভিন্ন কোষত বিতৰণ কৰি দিয়ে।

স্লচৰ প্ৰাণীয়ে বায়ুমণ্ডলত থকা অক্সিজেন শ্বসনত পোনপটীয়াকৈ গ্ৰহণ কৰিব পাৰে, কিন্তু জলচৰ প্ৰাণীয়ে পানীত দ্ৰৱীভূত অক্সিজেনহে ব্যৱহাৰ কৰিব পাৰে। সেয়ে, জলচৰ প্ৰাণীৰ শ্বাস-প্ৰশ্বাসৰ হাৰ স্থলচৰ প্ৰাণীতকৈ বেছি।


36. উচ্চ মাপৰ উদ্ভিদৰ পৰিবহণ তন্ত্ৰৰ অংগসমূহ কি কি? উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণ কেনেদৰে পৰিবহণ হয়? উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণ পৰিবহণ বাষ্পমোচন প্ৰক্ৰিয়াৰ ভূমিকা কি? HSLC-2018

উত্তৰঃ- উচ্চ মাপৰ উদ্ভিদৰ পৰিবহণ তন্ত্ৰৰ অংগসমূহ হ’ল- জাইলেম আৰু ফ্ৰৱেম।

উদ্ভিদৰ দেহত পানী আৰু খনিজ লবণৰ পৰিবহণ জাইলেম কলাৰ জৰিয়তে সম্পন্ন হয়। জাইলেম কলাৰ নলিকাবিলাকে উদ্ভিদৰ শিপা, কাণ্ড আৰু পাতৰ পৰস্পৰৰ মাজত সংযোগ হৈ গোটেই দেহটোৰ বিভিন্ন অংশলৈ সৰবৰাহ হ’ব পৰাকৈ এটা সংবহন সুতিৰ সৃষ্টি কৰে। শিপাৰ যিবিলাক কোষ মাটিৰ লগত স্পর্শ কৰি থাকে সেইবিলাকে সক্রিয়ভাবে আয়নবিলাক গ্ৰহণ কৰি থাকে। ইয়ে শিপা আৰু মাটিৰ মাজত আয়নৰ গাঢ়তাৰ তাৰতম্যৰ সৃষ্টি কৰে। সেয়েহে এনে তাৰতম্য দূৰ কৰিবলৈ শিপাই মাটিৰ পৰা পানা শোকা কৰে। ইয়াৰ ফলত শিপাৰ জাইলেমলৈ নিয়মীয়াকৈ পানীয় প্রবাহ চলাই পানীৰ স্তম্ভ এটা সৃষ্টি কৰি নিয়মীয়াকৈ ওপৰলৈ ঠেলি থাকে।

উদ্ভিদৰ দেহত বাষ্পমোচনে পানী আৰু তাত দ্রৱীভূত হৈ থকা খনিজ লবণবিলাক শোষণ আৰু শিপাৰ পৰা পাতলৈ উর্ধমুখী গতি লাভ কৰাত সহায় কৰে। লগতে দিনৰ ভাগত যেতিয়া পত্ৰৰন্ধ্ৰৰ ছিদ্ৰ মুকলি হৈ থাকে তেতিয়া বাষ্পমোচনে জাইলেমৰ পানী পৰিবাহিত কৰাত সহায় কৰে। ই তাপমাত্রা নিয়ন্ত্রণ কৰি ৰখাতো সহায় কৰে।


37. জীৱৰ গ্লুক’জৰ পৰা নিৰ্গত শক্তিৰ বিভিন্ন পদ্ধতি বর্ণনা কৰা। HSLC-2015

উত্তৰঃ- জীৱৰ গ্লুক’জৰ পৰা শক্তি নিৰ্গত কৰাৰ প্ৰক্ৰিয়াটোকে শ্বসন বোলে। শ্বসন বিভিন্ন প্ৰকাৰৰ জীৱভেদে বেলেগ বেলেগ হয়।

গ্লুক’জ অণু সকলো জীৱৰ ক্ষেত্ৰত পোন প্রথমে কোষ প্রৰসত পাইৰুভেত অণুলৈ ভাঙি যায়।

গ্লুক’জ -> পাইৰুভেত + শক্তি

(6 -কার্বন) (3-কার্বন)

পাইৰুভেট অণুৰ ইষ্ট কোষত অক্সিজেনৰ অনুপস্থিতিত অবাত শ্বসন ঘটে। এই শ্বসনত ইথানল, CO2 আৰু শক্তি উৎপন্ন হয়। অৱশ্যে এনে শ্বসনত উৎপন্ন হোৱা শক্তিৰ পৰিমাণ কম। এই শ্বসন প্রক্রিয়াক ইষ্ট কোষৰ সুৰা কিম্বণ বোলা হয়। কেতিয়াবা আকৌ মানুহৰ পেশীকোষত O2 ৰ পৰিমাণ কম হ’লে পাইৰুভেত অণুৰ অবাত শ্বসন ঘটি লেকটিক এছিড আৰু শক্তি উৎপন্ন হয়। ইয়াকে লেকটিক এছিড কিম্বণ বোলা হয়।

আকৌ, জীৱদেহে প্ৰধানকৈ শক্তি আহৰণ কৰা সবাত শ্বসন প্রক্রিয়া O2 ৰ উপস্থিতিত মাই ট’কণ্ড্ৰিয়াত সম্পন্ন হয়। এই শ্বসন প্ৰক্ৰিয়াটোত CO2, পানী আৰু প্ৰচুৰ শক্তি উন্মুক্ত হয়।

এনেদৰেই, জীৱদেহত বিভিন্ন প্ৰকাৰে গ্লুক’জ অণুৰ পৰা শক্তি নির্গত হয়।


38. শ্বসন প্রক্রিয়াত আমাৰ দেহত অক্সিজেন আৰু কার্বন-ডাই-অক্সাইডৰ বিনিময় কেনেকৈ হয়? 

উত্তৰঃ- শাসন কার্যত গেছৰ বিনিময় ব্যাপন প্ৰক্ৰিয়াৰে হয়। মানুহৰ হাওঁ-ফাওঁৰ বায়ু কোষ আৰু তেজৰ মাজত হোৱা শ্বসন গেছৰ বিনিময় হয়। গেছৰ শ্বসন বায়ুকোষৰ ফালে থকা অক্সিজেনৰ ঘনত্ব ৰক্ত কেশিকাত তেজত থকা অক্সিজেনৰ ঘনত্বতকৈ বেছি বাবে সংঘটিত হয়।

বায়ুকোষৰ পৰা অক্সিজেন ৰক্ত কেশিকাত প্রৱেশ কৰাৰ পিছত ইয়াক তেজৰ সোঁতে কলা-কোষসমূহলৈ কঢ়িয়াই লৈ যায়। তেজৰ লোহিত ৰক্ত কণিকাত থকা হিমগ্লবিন নামৰ ৰঞ্জক পদাৰ্থৰ লগত অক্সিজেনৰ বিক্ৰিয়া ঘটি অক্সিহিমগ্লবিন নামৰ অস্থায়ী যৌগৰ সৃষ্টি কৰে। অক্সিজেন গেছক তেজে অক্সিহিমগ্লবিন হিচাপে দেহৰ বিভিন্ন কলাকোষসমূহলৈ লৈ যায়। কলা কোষত গৈ অক্সিহিমগ্লবিন ভাঙি পুনৰ অক্সিজেন আৰু হিমগ্লবিনত পৰিণত হয়। কলা কোষৰ কোষাবৰণ অধিক পাতল। সেয়েহে তেজত থকা অক্সিজেন গেছ সহজে ব্যাপনৰ দ্বাৰা কলাকোষত প্ৰৱেশ কৰিব পাৰে আৰু তাত কোষীয় শ্বসন আৰম্ভ হয়।

কোষীয় শ্বসনত উদ্ভৱ হোৱা কাৰ্বন-ডাই-অক্সাইড গেছ কলা কোষৰ পৰা কোষাবৰণেদি ব্যাপন ক্ৰিয়াৰ যোগেদি তেজৰ লগত ওলাই যায়। কার্বন-ডাই-অক্সাইড গেছ বিভিন্ন ধৰণৰ অস্থায়ী যৌগ হিচাপে হাওঁ-ফাওঁলৈ কঢ়িয়াই আনে আৰু অক্সিজেনৰ লগত বিক্ৰিয়া হৈ নিশাহত দেহৰ পৰা বাহিৰ ওলায়। কোষৰ ভিতৰত কাৰ্বন-ডাই-অক্সাইডৰ ঘনত্ব তেজৰ কাৰ্বন-ডাই-অক্সাইডৰ ঘনত্বতকৈ বেছি হোৱাৰ বাবেই ই কোষৰ পৰা তেজলৈ কোষাবৰণেদি নিশাহত বাহিৰলৈ ওলাই যায়।


39. নেফ্ৰনৰ এটা চিহ্নিত চিত্র আঁকা।

উত্তৰঃ-

Leave a comment

Trending