দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞান
নিয়ন্ত্ৰণ আৰু সমন্বয়
Control and Co-ordination
Class X General Science
1. শুদ্ধ উত্তৰটো বাছি উলিওৱা :
(i) দুটা নিউৰণৰ খালী ঠাইক কি বুলি কয়- HS-2023
(ক) ড্রেনড্রাইট
(খ) ছাইনেপছ
(গ) এক্সন
(ঘ) প্ৰেৰণা
উত্তৰঃ-(খ) ছাইনেপছ
(ii) তলত উল্লেখিত কৰা কোনবিধ উদ্ভিদৰ হৰম’ন পদার্থ- HS-2023
(ক) ইনছুলিন
(খ) থাইৰ’ক্সিন
(গ) অ’ৱেষ্ট্ৰজেন
(ঘ) চাইট’কাইনিন
উত্তৰঃ-(ঘ) চাইট’কাইনিন
(iii) তলৰ কোনবিধ ৰোগ থাইৰক্সিন হৰ’মন উপযুক্ত পৰিমাণত ক্ষৰিত নোহোৱাৰ বাবে হয়? HS-2020
(ক) বেৰিবেৰি
(খ) গৰলৰোগ
(গ) ডায়েবেটিছ
(ঘ) কটীয়ালগা
উত্তৰঃ-(খ) গৰলৰোগ
(iv) উদ্ভিদত থকা বৃদ্ধিৰোধক হৰম’ন হ’ল- HS-2022
(ক) অক্সিন
(খ) জিবাৰেলিন
(গ) চাইট’কাইনিন্
(ঘ) এব্চাইচিক এচিড
উত্তৰঃ-(ঘ) এব্চাইচিক এচিড
(v) দুই ধৰণৰ স্নায়ুপ্রবৰ্ধৰ নাম লিখা- HS-2015
(ক) এক্সন আৰু হাইড্রাইট
(খ) এক্সন আৰু ডেনড্রাইট
(গ) এক্সন আৰু থাইমাচ
(ঘ) ওপৰৰ এটাও নহয়
উত্তৰঃ-(খ) এক্সন আৰু ডেনড্রাইট
(vi) হৰম’নৰ পৰিমাণ আৰু নিঃসৃত হোৱাৰ সময় নিয়ন্ত্রিত হোৱা পদ্ধতি- HS-2016
(ক) ফিড্-আপ পদ্ধতিৰ দ্বাৰা
(খ) নন-ফিড্-বেক
(গ) ফিড্-বেক
(ঘ) ওপৰৰ এটাও নহয়
উত্তৰঃ- (গ) ফিড্-বেক
(vii) উদ্ভিদত ডিম্বকৰ দিশে পৰাগ নলীকাৰ গতি কিহৰ উদাহৰণ- HS-2015
(ক) কেম’ট্রপিজিয়াম
(খ) ফটোট্রপিজিয়াম
(গ) হাইড্ৰ’ট্রপিজিয়াম
(ঘ) ওপৰৰ এটাও নহয়
উত্তৰঃ-(ক) কেম’ট্রপিজিয়াম
(viii) ভোক আৰু পিয়াহ লগাৰ অনুভূতিৰ বাবে পৰিচালিত মস্তিষ্কৰ অংশটো হ’ল- HS-2018, 2019
(ক) প্রমস্তিষ্ক
(খ) মধ্যমস্তিষ্ক
(গ) পশ্চাৎ মস্তিষ্ক
(ঘ) হাইপ’থেলামাছ
উত্তৰঃ-(ক) প্রমস্তিষ্ক
(ix) তেজত চেনীৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি থকাত সহায় কৰা অগ্নাশয়ৰ দ্বাৰা উৎপাদিত হৰম’মবিধ হৈছে- HS-2018
(ক) এড্রিনেলিন
(খ) থাইৰক্সিন
(গ) ইনচুলিন
(ঘ) চেষ্টষ্টেৰন
উত্তৰঃ-(গ) ইনচুলিন
(x) কোষ বিভাজনত উদ্দীপনা যোগান ধৰা উদ্ভিদৰ সঞ্জীবনী/হৰমন পদাৰ্থ হ’ল- HS-2015
(ক) অক্সিন
(খ) চাইট’কাইনিন
(গ) এবচাইচিক এচিড
(ঘ) জিবাৰেলিন
উত্তৰঃ-(খ) চাইট’কাইনিন
(xi) মস্তিষ্কৰ যি অংশই দেহৰ সমতা আৰু ভংগিমা নিয়ন্ত্ৰণৰ বাবে দায়ী, সেই অংশ হ’ল- HS-2016, 2019
(ক) চেৰিবেলাম
(খ) মেডুলা
(গ) পন্চ
(ঘ) চেৰিব্ৰাম
উত্তৰঃ- (ক) চেৰিবেলাম
(xii) যি সঞ্জৱনী পদাৰ্থৰ প্ৰভাৱত গছৰ পাত সৰি পৰে- HS-2017
(ক) এবচাইচিক এচিড
(খ) জিবাৰেলিন
(গ) চাইট কাইনিন
(ঘ) অক্সিন
উত্তৰঃ- (ক) এবচাইচিক এচিড
(xiii) কেন্দ্রীয় স্নায়ুতন্ত্র কিহেৰে গঠিত?
(ক) মস্তিষ্ক আৰু স্নায়ুৰজ্জু
(খ) হৃদযন্ত্ৰ আৰু স্নায়ুৰজ্জু
(গ) ৰাজহাড় আৰু স্নায়ুৰজ্জু
(ঘ) হৃদযন্ত্ৰ আৰু স্নায়ুকোষ
উত্তৰঃ-(ক) মস্তিষ্ক আৰু স্নায়ুৰজ্জু
(xiv) অন্তঃস্রাৱী গ্রন্থিয়ে নিঃসৰণ কৰা পদাৰ্থবিধৰ নাম লিখা।
(ক) ৰক্ত
(খ) উৎসেচক
(গ) হৰম’ন
(ঘ) ওপৰৰ এটাও নহয়
উত্তৰঃ-(গ) হৰম’ন
(xv) স্নায়ুতন্ত্ৰ গঠনৰ সূক্ষ্মতম এককবোৰক কি বোলে?
(ক) নিউৰণ
(খ) এক্সন
(গ) ডেনড্রাইট
(ঘ) স্নায়ুতন্ত্র
উত্তৰঃ-(ক) নিউৰণ
(xvi) মগজুৱে কি কাম কৰে-
(ক) ভাব আৰু চিন্তা কৰা
(খ) হৃদপিণ্ডৰ স্পন্দন নিয়ন্ত্রণ
(গ) দেহৰ সমতা ৰক্ষা
(ঘ) ওপৰৰ আটাইকেইটা
উত্তৰঃ-(ক) ভাব আৰু চিন্তা কৰা
2. অতি চমু প্রশ্নোত্তৰ : খালী ঠাই পূৰ কৰা :
(i) ফিড্বেক পদ্ধতিৰ দ্বাৰা ____ ৰ ক্ৰিয়া নিয়ন্ত্রণ হয়। HS-2023
উত্তৰঃ- হৰমন।
(ii) স্নায়ুতন্ত্রৰ সূক্ষ্মতম কাৰ্যকৰী এককক ____ বোলে।
উত্তৰঃ- নিউৰণ।
(iii) হৰম’ন এবিধ ____ বাহক।
উত্তৰঃ- ৰাসায়নিক
(iv) লালটি ক্ষৰণ এটা ____ কার্য।
উত্তৰঃ- প্রতীপ
(v) ____ হৰম’ন থাইৰয়ড গ্ৰন্থিয়ে নিঃসৰণ কৰে।
উত্তৰঃ- থাইৰক্সিন
(vi) ____ আৰু স্নায়ুৰজ্জু, মিলি কেন্দ্রীয় স্নায়ুতন্ত্র গঠন হয়।
উত্তৰঃ- মস্তিষ্ক
(vii) ____ আৰু _____ ৰ দ্বাৰা আমাৰ দেহৰ নিয়ন্ত্ৰণ আৰু সমন্বয় সংঘটিত হয়।
উত্তৰঃ- স্নায়ুতন্ত্ৰ আৰু হৰম’নৰ
(viii) স্নায়ুতন্ত্রই উদ্দীপনা প্ৰেৰণৰ কাৰণে _____ প্ৰেৰণা প্ৰেৰণ কৰে।
উত্তৰঃ- বৈদ্যুতিক
(ix) আমাৰ খাদ্যত _____ ৰ পৰিমাণ হ্রাস হ’লে গৰল ৰোগ হোৱাৰ সম্ভাৱনা হয়।
উত্তৰঃ- আয়ডিন
(x) ____ স্নায়ুৰজ্জুক সুৰক্ষিত কৰি ৰাখে।
উত্তৰঃ- ৰাজহাড়ে
3. সত্যনে অসত্য লিখা :
(ক) মানুহৰ মস্তিষ্কটো এটা জটিল কোমল অংগ।
উত্তৰঃ- সত্য।
(খ) উদ্ভিদৰ বৃদ্ধিত অৰিহণা যোগোৱা সঞ্জীৱনী পদার্থ হ’ল থাইৰক্সিন।
উত্তৰঃ- অসত্য।
(গ) মগজুৱে দেহৰ সমতা ৰক্ষা কৰে।
উত্তৰঃ- সত্য।
1. উদ্ভিদৰ সঞ্জীৱনী পদার্থ বিলাক কি কি? উদ্ভিদৰ বৃদ্ধিত অৰিহণা যোগোৱা এবিধ সঞ্জীৱনী পদার্থ উদাহৰণ দিয়া। HSLC-2019
উত্তৰঃ- উদ্ভিদ দেহত উৎপন্ন হোৱা বৃদ্ধি আৰু বিকাশৰ লগত জড়িত ৰাসায়নিক পদার্থসমূহেই হ’ল উদ্ভিদ হৰম’ন বা সঞ্জীৱনী পদার্থ।
উদাহৰণ- চাইট’কাইনিন, অক্সিন জিবাৰেলিন ইত্যাদি।
অক্সিন (Auxin) নামৰ উদ্ভিদৰ সঞ্জীৱনী পদার্থই উদ্ভিদদেহৰ বৃদ্ধিত অৰিহণা যোগায়।
2. সংগ্রাহী বুলিলে কি বুজা?
উত্তৰঃ- সংগ্ৰাহীবোৰ দেহৰ এনে কিছুমান অংগ যিবোৰ দেহৰ সংবেদনশীল অংগ যেনে- অন্তকর্ণ, নাক, জিভা আদিত থাকে। এই অংগবোৰে পৰিৱেশৰ পৰা জীৱক স্বাদ, গোন্ধ আদিৰ অনুভূতি দিয়ে।
3. পেশীকোষে কেনেদৰে তাৰ আকৃতি সলনি কৰে? HSLC-2020
উত্তৰঃ- পেশীকোষত এবিধ বিশেষ প্র’টিন থাকে। যেতিয়া ইহঁতে বৈদ্যুতিক প্রবাহ গ্ৰহণ কৰে তেতিয়া ইহঁতৰ আকৃতি সলনি হয়। এনে হ’লে পেশীকোষৰ প্ৰ’টিনবোৰৰ নতুন শৃংখলাৰ কাৰণে ই সৰু হৈ যায়।
4. প্রতীপ ক্রিয়া কাক বোলে? HSLC-2017 প্রতীপ ক্ৰিয়া আৰু খোজ কঢ়াৰ মাজত পাৰ্থক্য কি?
উত্তৰঃ- প্রতীপ ক্রিয়া এনে এটা প্রক্রিয়া বা প্রতিক্রিয়া যি তৎক্ষাণিক আৰু অনৈচ্ছিকভাৱে সংঘটিত হয়। ই স্নায়ুতন্ত্ৰৰ এটা অতি সৰল প্ৰতিক্রিয়া। প্রতীপ ক্ৰিয়া আৰু খোজ কঢ়াৰ মাজৰ পাৰ্থক্যবোৰ-
উত্তৰঃ- প্রতীপ ক্রিয়া-
(i) স্নায়ুৰজ্জুৱে ইয়াক নিয়ন্ত্ৰণ কৰে।
(ii) চিন্তা অবিহনেই এই ক্রিয়া সম্পন্ন হয়।
(iii) এটা অনৈচ্ছিক ক্রিয়া।
খোজ কঢ়া-
(i) মগজুৰ চেৰিবেলামে ইয়াক নিয়ন্ত্ৰণ কৰে।
(ii) চিন্তা কৰাৰ পিছতহে এই ক্রিয়া হয়।
(iii) আনহাতে এটা ঐচ্ছিক ক্রিয়া।
5. ছাইনেপছ কি? স্নায়ুপ্রবাহ কেনেকৈ ছাইনেপছৰ মাজেদি পাৰ হয়? HSLC-2015
উত্তৰঃ- ছাইনেপছ হ’ল দুটা নিউৰণৰ মাজত থকা খালী ঠাই।
এটা নিউৰণে স্নায়ু প্ৰেৰণা বৈদ্যুতিক সংকেতৰ মাধ্যমেৰে এক্সনৰ মাজেৰে প্ৰেৰণ কৰে। এই সংকেত ৰাসায়নিক পদার্থ এবিধ (এচিটাইল কলাইন)ৰ ৰূপত ছাইনেপছৰ মাজেৰে চালিত হয়। এই পদার্থবিধে আকৌ পৰৱৰ্তী নিউৰণত অনুৰূপ স্নায়ু প্ৰেৰণা সৃষ্টিৰ বাবে উদ্দীপনা যোগায়। এনেদৰে ছাইনেপছৰ মাজেৰে স্নায়ু প্রবাহ পাৰ হয়।
6. মগজুৰ কোন অংশই দেহ লৰচৰ আৰু সমতা ৰক্ষা কৰাত অংশ লয়?
উত্তৰঃ- মগজুৰ মধ্যভাগে মানুহৰ শৰীৰৰ ভাৰসাম্যতা ৰক্ষা কৰে।
7. আমি ধূপকাঠীৰ গোন্ধ কেনেকৈ লওঁ?
উত্তৰঃ- আমাৰ মস্তিষ্কৰ সন্মুখভাগত ঘ্রাণেন্দ্ৰিয়ত সংগ্ৰাহী অংগ থাকে। এই অংশতে ধূপৰ গোন্ধ মগজুৱে ধৰিব পাৰে আৰু আমি ধূপৰ গোন্ধ ল’ব পাৰোঁ।
8. প্ৰতীপ ক্ৰিয়াত মগজুৰ ভূমিকা কি?
উত্তৰঃ- শৰীৰৰ সকলো অংগৰ পৰা স্নায়ুবোৰ স্নায়ুৰজ্জুত (spinal cord) লগ লাগে আৰু প্ৰতীপ ক্ৰিয়া স্নায়ুৰজ্জুত সংঘটিত হয় যদিও এই খবৰ মগজুলৈকে যায়। মস্তিষ্কৰ পৰা গালৈ আৰু গাৰ পৰা মস্তিষ্কলৈ খবৰ অনা-নিয়া কৰে। এই স্নায়ুৰজ্জু আৰু মগজুৱে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ গঠন কৰিছে। সিহঁতে সমস্ত খবৰ সকলো অংগ-প্ৰত্যংগলৈ প্ৰেৰণ কৰে যদিও প্রতীপ ক্রিয়া সংবাদবোৰ মস্তিষ্কৰ সেই অংশলৈ যায় য’ত ভাৱনাৰ প্ৰতিক্ৰিয়াবোৰ সংঘটিত হয়। গতিকে প্রতীপ ক্ৰিয়াত মগজুৱে বিশেষ ভূমিকা পালন কৰে।
9. মানুহৰ মস্তিষ্কৰ অংশসমূহৰ নাম লিখা। চেৰিবেলামৰ দ্বাৰা নিয়ন্ত্রিত ক্রিয়াকলাপসমূহ ব্যক্ত কৰা। HSLC-2020
উত্তৰঃ- (i) প্রমস্তিষ্ক (ii) মধ্যমস্তিষ্ক (iii) পশ্বাৎ মস্তিষ্ক।
চাইকেল চলোৱা, খোজকঢ়া, পেঞ্চিন ধৰা আদি কাম চেৰিবেলামে নিয়ন্ত্ৰন কৰে।
10. প্ৰাণীদেহৰ ৰাসায়নিক সমন্বয় কেনেকৈ সংঘটিত হয়?
উত্তৰঃ- মেৰুদণ্ডী প্ৰাণীৰ দেহৰ বিভিন্ন অংগ-প্রত্যংগ আৰু এইবোৰ কাৰ্যৰ মাজত ৰাসায়নিক সমন্বয় সাধন কৰে অন্তস্ৰাৱী তন্ত্রই। শৰীৰত ঘটি থকা সামূহিক বিপাক কার্য এই তন্ত্রই নিয়ন্ত্রণ কৰে। বিভিন্ন প্ৰকাৰৰ অন্তঃস্রাৱী গ্রন্থি মিলি অন্তঃস্রাৱী তন্ত্র গঠন হৈছে। গ্রন্থিসমূহে কিছুমান বিশেষ ৰাসায়নিক জৈৱ যৌগ নিঃসৰণ কৰে। এইবোৰক হৰম’ন বোলে। নলীবিহীন গ্রন্থিৰ পৰা ক্ষৰণ হয় কাৰণে এই হৰম’নসমূহ পোনে পোনে ৰক্তস্রোতৰ লগত মিলি নির্দিষ্ট অংগলৈ গতি কৰে আৰু বিভিন্ন অংগসমূহৰ মাজত ৰাসায়নিক সমন্বয় ঘটায়।
11. গৰম পাত্ৰত হাতখন লাগিলে ততালিকে আঁতৰাই অনা হয়। সংবেদী স্নায়ুৱে এই স্নায়ু প্ৰেৰণা কেনেদৰে প্ৰেৰণ কৰে এটা চিহ্নিত চিত্ৰৰ সহায়ত দেখুওৱা।
উত্তৰঃ-
12. উদ্ভিদৰ বৃদ্ধিত সহায় কৰা দুবিধ সঞ্জীৱনী পদার্থৰ নাম লিখা। মানুহৰ আদিম প্ৰজাতিৰ নাম কি?
উত্তৰঃ- উদ্ভিদৰ বৃদ্ধিত সহায় কৰা দুবিধ সঞ্জীৱনী পদাৰ্থৰ নাম অক্সিন, জিবাৰেলিন। মানুহৰ আদিম প্ৰজাতিৰ নাম হ’ল- হ’ম’ চেপিয়েনচ।
13. আমাৰ শৰীৰত আয়ডিনৰ গুৰুত্ব কি? HSLC-2020 আয়ডিনপুষ্ট লৱণ খোৱাটো কিছু আৱশ্যক? HSLC-2016
উত্তৰঃ- আমাৰ দেহত থাইৰ’ড গ্ৰন্থিয়ে থাইৰ’ক্সিন হৰমন নিঃসৰণ কৰে যিয়ে কার্বহাইড্রেট, প্ৰ’টিন আৰু চৰ্বীৰ বিপাকীয় কাৰ্য্যবোৰ নিয়ন্ত্ৰণৰ দ্বাৰা দেহৰ বৃদ্ধি সমতা ৰক্ষা কৰে। কিন্তু এই হৰমন নিঃসৰণৰ বাবে আয়ডিনৰ আৱশ্যক। ইয়াৰোপৰি আয়ডিনে গৰল ৰোগ হোৱাৰ পৰা আমাক ৰক্ষা কৰে। সেইবাবে আমি আহাৰত আয়ডিনযুক্ত নিমখ ব্যৱহাৰ কৰো।
14. কিছুমান ডায়েবেটিছ ৰোগীক ইনছুলিনৰ বেজী দিয়া হয় কিয়?
উত্তৰঃ- ইনছুলিন হৰম’নৰ অভাৱত ডায়েবেটিছ ৰোগ হয়। এই ৰোগ থকা ব্যক্তিৰ তেজত চেনিৰ পৰিমাণ বৃদ্ধি হয়। ইনছুলিন ইনজেকচন প্রয়োগ কৰিলে তেজত থকা অতিৰিক্ত চেনিক গ্লাইক’জেনলৈ পৰিৱৰ্তন কৰে। ডায়েবেটিছ ৰোগীক ইনছুলিন ইনজেকচন দিলে ৰক্তত চেনিৰ মাত্ৰা নিয়ন্ত্রিত হয়।
15. হৰম’নৰ পৰিমাণ আৰু নিঃসৃত হোৱাৰ সময় কেনেদৰে নিয়ন্ত্ৰিত হয়? HSLC-2016
উত্তৰঃ- হৰম’নৰ পৰিমাণ আৰু নিঃসৃত হোৱাৰ সময় ফিডবেক পদ্ধতিৰ দ্বাৰা নিয়ন্ত্রিত হয়।
Leave a comment