1. গোৱিন্দ দীন দয়াল । Gobind din dayal – Madhavdev
ৰাগ : আশোৱাৰী
তাল : পৰি
ধ্ৰুং।।—
গোৱিন্দ দীন দয়াল স্বামী।
তুহুঁ মেৰি চায়েব চাকৰ হামি।
পদ।।—
কাকু কৰিয়া তুৱা চৰণে লাগো।
অৰুণ চৰণে চাকেৰি মাগো।।
তেৰি চৰণে মেৰি পৰণাম।।
চাকেৰি মাগোঁ নাহি আন কাম।।
আপুন কৰমে জনম যাহা হোই।
তাহা তুৱা চৰণে চাকেৰি ৰহু মোই।।
মাধৱ দাস কহয় মতি হীনা।
গতি মেৰি নাহি তুৱা পদ বিনা।।
2. কদম্বতলে সোই শ্যামল । Kodombotole xoy shyamol
ৰাগ : তুৰ-ভাটিয়ালী
তাল : পৰি
ধ্ৰুং।।—
কদম্বতলে সোই শ্যামল সাজে।
বয়ন হেৰি চান্দ সূৰুয লাজে।।
পদ।।—
নীল কুন্তলে বান্ধিছে জুৰা।
চৌভিতি লুৰে ময়ুৰ পুচ্ছেৰ চূড়া।।
মালতী মালা চাৰু শোভিত মাথে।
গেণ্ডুৱা লুম্ফি লুম্ফি ধৰয় হাতে।।
বলাইৰ হাতেৰ খসি গেণ্ডুৱা পৰে।
হাসিৰে খলাখলি অধিকে চৰে।
পাৰীৰে যাইতে সই দেখিলো গিয়া।
কৌতুকে হিন্দোল পাৰে হামাৰ হিয়া।।
আমিয়া জুৰে ধাৰে কানাইৰ ভাৱে।।
কতনা মাধুৰী আছে কলীয়া গাৱে।।
হামাৰ কৰ্মৰ ফলে মিলাইল বিধি।
কহয় মাধৱ হৰি প্ৰেমেৰ নিধি।।
3. গোবিন্দ দুধ পিউ । Gobindo dudh piyu
ৰাগ : শ্যাম
তাল : পৰি
ধ্ৰুং।।—
গোবিন্দ দুধ পিউ দুধ পিউ বোলেৰে যশোৱা।
দুধ নাখায়া হৰি কান্দে ওৱা ওৱা।।
পদ।।—
অৰুণ অধৰ মুৰি কান্দে যদুমণি।
চান্দ মুখেৰ বালাই লওঁ বোলেৰে জননী।।
কান্দিতে নেত্ৰৰ নীৰ ধাৰে বহি পৰে।
কমল পত্ৰৰ যেন শিশিৰ নিগৰে।।
জননীৰ মুখ চায়া কান্দে যদুপতি।
মই যাওঁ তুমি শোৱা বলে যশোমতী।।
পায়ে ধৰোঁ শিৰে ধৰোঁ দুধ পিউ হৰি।
মুখে স্তন লৈয়া কান্দে ফোকাঁৰি ফোকাঁৰি।।
জগতৰ গুৰু ভাৱ লৈয়া মানবীৰ।
কান্দিতে আকুলমতি কৈলা জননীৰ।।
কহয় মাধৱ দাস বৰ অগিয়ান।
ওহি ভাৱ সুমৰি ছুটুক মেৰি প্ৰাণ।।
4. দেখোন নয়ন ভৰি । Dekhon nayan bhori
ৰাগ : ৰেলোৱাৰ
তাল : ৰূপক
ধ্ৰুং।।—
দেখোন নয়ন ভৰি লোই।
পৰম পুৰুষ ৰাম ৰাজা হোই।।
পদ।।—
ৰতন সিহোসনে ৰাজতু ৰাম।
তনু সুকুমাৰ দুৰ্কাদল-শ্যাম।।
ৰতন ভুষিত অঙ্গ উজোৰে।
পূৰ্ণচন্দ্ৰজ্যোতি — উৱৰে।।
পাশ লাস শ্বেত চামৰ দোলে।
মিলিল মহোত্সতৱ জয় ৰাম বোলে।।
চৌদিশে মঙ্গল বাজন বাজে।
কৌতুক ৰঙ্গ কৰত সব ৰাজে।।
সিদ্ধ মুনি শিৰে কুসুম ৰবিয়ে।
চতুৰবয়নে জতি বোলত হৰিয়ে।।
ৰামক চৰণ কলম-মধু আশা।
কহত মুৰুখমতি মাধৱ দাসা।।
5. দেখত ৰে গোপিনী । Dekhot re gopini mela
ৰাগ : বসন্ত
তাল : পৰি
ধ্ৰুং।।—
দেখত ৰে গোপিনী মেলা।
কৰত চোৰ চাতুৰী ৰস খেলা।।
পদ।।—
পৰমানন্দ লীলা পৰকাশী।
বহু ৰসে ৰঙ্গল গোকুলবাসী।।
সৱ ৰস সাগৰ নন্দকু লালা।
কহয় মাধৱ গতি মুকুতি গোপালা।।

Leave a comment