জীৱই কেনেকৈ বংশবিস্তাৰ কৰে । How do Organisms Reproduce?

1. শুদ্ধ উত্তৰ বাছি উলিওৱা :

(i) টেষ্ট’ষ্টাৰণ হৰম’ন নিঃসৰণ কৰা কোষবোৰৰ নাম- 

(ক) ছাৰট’লি কোষ

(খ) জনন কোষ

(গ) শুক্রকোষ

(ঘ) লেইডিগ

উত্তৰঃ-(গ) শুক্রকোষ


(ii) ভিন্ন অংগ বিশিষ্ট বহু জীৱই সিহঁতৰ দেহৰ কোনো অংগৰ পৰাই নতুন এটা প্ৰজন্মৰ জীৱ উৎপত্তি কৰি ল’ব পৰা প্ৰক্ৰিয়াটোক বোলা হয়— HS-2023

(ক) পুনৰ জীৱন

(খ) মুকুলোদ্‌গম

(গ) বিভংগন

(ঘ) দ্বিখণ্ডন বা বিভাজন

উত্তৰঃ-(ক) পুনৰ জীৱন


(iii)  পৰাগধানীত পোৱা হয়-

(ক) ডিম্বক 

(খ) পৰাগৰেণু 

(গ) বেটুপাত 

(ঘ) স্ত্রীকেশৰ 

উত্তৰঃ-(খ) পৰাগৰেণু


(iv) অযৌন প্ৰজননৰ মুকুলোদ্দগম সংঘটিত হয়-

(ক) এমিবাত

(খ) ইষ্ট

(গ) প্লাজম’ডিয়ামত

(ঘ) লেইচ্‌মেনিয়াত

উত্তৰঃ- (খ) ইষ্ট


(v) তলৰ কোনবিধ গছৰ পাতৰ পৰা বংশ বিস্তাৰ হয়—

(ক) কুঁহিয়াৰ 

(খ) দুপৰটেঙা

(গ) পালেংশাক

(ঘ) পিঁয়াজ

উত্তৰঃ-(খ) দুপৰটেঙা


(vi) তলৰ কোনটো মানুহৰ দেহৰ স্ত্ৰীজনন অংগ নহয়-

(ক) ডিম্বাশয়

(খ) জৰায়ু

(গ) শুক্রবাহী নলী 

(ঘ) ফেলোপিয়ান নলী।

উত্তৰঃ-(গ) শুক্রবাহী নলী


(vii) তলৰ কোনটো যৌন সংক্ৰমিত ৰোগ নহয়—

(ক) হেপাটাইটিছ

(খ) HIV-AIDS

(গ) গনৰিয়া

(ঘ) চিফিলিচ

উত্তৰঃ-(ক) হেপাটাইটিছ


(viii) তলত দিয়া কোনটোৱে শুক্রাণু আৰু ডিম্বাণুৰ মিলনক বুজায়?

(ক) বিভাজন

(খ) মুকুলোদ্‌গম

(গ) নিষেচন

(ঘ) ভাঙোন

উত্তৰঃ-(গ) নিষেচন


(ix)  তলৰ কোনটো জীৱই পুনৰজীৱন প্ৰক্ৰিয়াৰে বংশ বৃদ্ধি কৰে-

(ক) লেইচ্‌মেনিয়া

(খ) এমিবা

(গ) প্লেনেৰিয়া

(ঘ) প্লাজমডিয়াম

উত্তৰঃ-(গ) প্লেনেৰিয়া


(x) যোজন কোষত ক্ৰম’জমৰ সংখ্যা-

(ক) 2n 

(খ) n 

(গ) 4n 

(ঘ) 3n

উত্তৰঃ-(ক) 2n 


(xi)  তলৰ কোনটোক প্ৰটিন গঠনৰ উৎস বোলা হয়—

(ক) DNA ক

(খ) চাইট’প্লাজমক

(গ) নিউক্লয়াছক

(ঘ) RNA ক

উত্তৰঃ-(ক) DNA ক


(xii) মানুহৰ কোনটো তন্ত্ৰৰ লগত প্ৰষ্টেট গ্ৰন্থি সংযুক্ত হৈ থাকে?

(ক) স্ত্রীজনন তন্ত্র

(খ) পাচন তন্ত্র

(গ) পুংজনন তন্ত্র

(ঘ) ৰেচন তন্ত্ৰ

উত্তৰঃ-(গ) পুংজনন তন্ত্র


(xiii) ডিম্বাশয়ৰ প্ৰেফিয়ান থলীৰ কোষবোৰৰ পৰা ক্ষৰণ হোৱা হৰম’নবিধ হ’ল—

(ক) প্রলাক্টিন

(খ) ৰিলেক্সিন

(গ) পিটুইটেৰি

(ঘ) ইষ্ট’জেন

উত্তৰঃ-(ঘ) ইষ্ট’জেন


(xiv)  তলৰ কোনটোৱে স্ত্ৰীৰ ক্ষেত্ৰত প্ৰজননাত্মক দশাৰ আৰম্ভণি সূচায়—

(ক) ঋতুচক্ৰৰ আৰম্ভণীয়ে

(খ) চুলিৰ আকৃতিৰ পৰিৱৰ্তনে

(গ) মাতৰ পৰিবৰ্তনে

(ঘ) শৰীৰৰ বৃদ্ধিয়ে

উত্তৰঃ-(ক) ঋতুচক্ৰৰ আৰম্ভণীয়ে


(xv) তলৰ কোনবিধ ভৱিষ্যতৰ শিপা– 

(ক) ভ্রূণপত্ৰ

(খ) ভ্রূহণমূল

(গ) বীজপত্র

(ঘ) জন্মকাণ্ড

উত্তৰঃ-(খ) ভ্রূহণমূল


2. অতি চমু প্রশ্নোত্তৰ : খালী ঠাই পূৰ কৰা :

(ক) বংশবৃদ্ধিৰ মূল কাৰ্য হৈছে _____ৰ প্ৰতিলিপি গঠন।

উত্তৰঃ-DNA

(খ)_____ আৰু _____ হ’ল এপাহ ফুলৰ প্রজনন অংগ য’ত জনন কোষবিলাক থাকে। HS-2023 

উত্তৰঃ-পুংকেশৰ আৰু স্ত্রীকেশৰ

(গ) ডিম্বাশয়যোৰৰ যিকোনো এটা ডিম্বাশয়ত প্ৰতিমাহত ____ টা ডিম্বকোষৰ পূর্ণতা প্রাপ্ত হয়।

উত্তৰঃ-1

(ঘ) পাউৰুটিত সৃষ্টি হোৱা ভেঁকুৰবিধৰ নাম _____।

উত্তৰঃ- ৰাইজ’পাচ

(ঙ) হাইড্রাই ____ প্ৰক্ৰিয়াৰে পুনৰুজ্জীৱিত কৰে।

উত্তৰঃ-মুকুলোদগম

(চ) দুই জনন কোষৰ যোজনৰ ফলত সৃষ্টি হোৱা কোষটোক ____ কোষ বোলে।

উত্তৰঃ-যোজন


3. সত্য নে অসত্য লিখা :

(ক) কিছুমান উদ্ভিদৰ শিপা, কাও আৰু পাতৰ পৰা আংগিক বিস্তাৰণৰ যোগেদি নতুন উদ্ভিদৰ সৃষ্টি হয় HS-2023 

উত্তৰঃ- সত্য।


4. প্ৰজনন কাক কয়? এমিবা আৰু প্লেনেৰিয়াৰ বংশ বিস্তাৰ প্ৰক্ৰিয়া কি কি?

উত্তৰঃ- এটা প্ৰজাতি ভৱিষ্যতলৈ জীয়াই থকাৰ এটা প্ৰক্ৰিয়া হৈছে প্ৰজনন। এই প্ৰক্ৰিয়াৰ দ্বাৰা ব্যক্তিয়ে একে প্ৰজাতিৰ নতুন জীৱৰ জন্ম দিয়ে।

এমিবা— দ্বি বিভাজন প্রক্রিয়া। 2018

প্লেনেৰিয়া— পুনৰ জীৱন প্ৰক্ৰিয়া।


2. প্ৰজনন প্ৰক্ৰিয়াত DNA-ৰ প্ৰতিলিপিকৰণৰ প্রয়োজনীয়তা কি? HSLC-2019

উত্তৰঃ- বংশগতিৰ মূল কাৰ্য হৈছে DNAৰ প্ৰতিলিপিকৰণ। কোষকেন্দ্ৰৰ ভিতৰত থকা ক্ৰম’জমবোৰত DNA অণু বিস্তৃত হৈ থাকে। এই DNA অণুৱে পিতৃ-মাতৃৰ গুণবোৰ পৰৱৰ্তী প্ৰজন্মলৈ বহন কৰে যদিও জিনক বংশগতিৰ মূল বাহক বুলি কোৱা হয় প্ৰকৃততে জিন হৈছে DNA অণুৰ ক্ষুদ্ৰ ক্ষুদ্র অংশ মাত্র। এই জিনেই পিতৃ-মাতৃৰ চৰিত্ৰগত বৈশিষ্ট্যসমূহ অপৰিৱৰ্তিতভাৱে পৰৱৰ্তী প্ৰজন্মলৈ কঢ়িয়াই নিয়ে। গতিকে প্রজনন প্ৰক্ৰিয়াত DNA অণুৰ নকল সৃষ্টি অতি গুৰুত্বপূৰ্ণ।

তাৰোপৰি DNA হৈছে প্ৰ’টিন গঠনৰ উৎস। দেহত ভিন্ন প্ৰটিন সংশ্লেষণ হোৱা বাবে প্ৰতিটো জীৱই সূক্ষ্ম দৃষ্টিকোণৰ পৰা হ’লেও বৈসাদৃশ্যযুক্ত হয়। গতিকে প্রজনন প্রক্রিয়াত DNA-ৰ প্ৰতিলিপিকৰণৰ প্ৰয়োজনীয়তা অত্যাৱশ্যকীয়। 


3. প্ৰজাতিৰ কাৰণে ভিন্নতা প্রয়োজন, কিন্তু ব্যক্তিৰ কাৰণে গুৰুত্বপূৰ্ণ নহয় কিয়?

উত্তৰঃ- এটা প্ৰজাতিয়ে নিজৰ বংশ বৃদ্ধি কৰিলেও পাছৰ বংশত কিছুমান বৈশিষ্ট্যৰ পাৰ্থক্য দেখা যায়। এই পার্থক্য পৰিৱেশ আৰু জনন দ্ৰব্যৰ পৰিৱৰ্তনৰ ফলত হয়। একে জাতৰ জীৱৰ আকাৰ, আকৃতিৰ গঠনৰ পাৰ্থক্যই হ’ল ভিন্নতা বা প্ৰকাৰণ। এই পৰিস্থিতিত সৃষ্টি হোৱা জীৱবোৰ আগৰবোৰতকৈ অলপ বেলেগ হৈ পৰে। ইয়েই হ’ল প্ৰকাৰণ। এনেকুৱা পৰিস্থিতিত কিছুমাণ জীৱই যদি বৰ্তি থাকে পিছলৈ সিহঁতেও জীয়াই থকাৰ বাবে সংগ্ৰাম কৰিব লগা হয়। এই বৰ্তি থকা জীৱসমূহে পৰিস্থিতিৰ লগত সংগতি ৰাখি নতুন জীৱৰ উৎপত্তিত অৰিহণা যোগায়। সেইবাবে কোৱা হয়, প্ৰজাতিৰ বাবে প্ৰকাৰণ কিন্তু ব্যক্তিৰ বাবে নহয়। 


4. কি প্ৰজননত জিনীয় পদাৰ্থৰ বিনিময় ঘটে? HSLC-2018

উত্তৰঃ- যৌন প্ৰজননত।


5. দ্বিখণ্ডন বা দ্বিবিভাজন আৰু বহু বিভাজনৰ মাজৰ প্রভেদ কি কি?

উত্তৰঃ- দ্বিবিভাজন আৰু বহু বিভাজনৰ পাৰ্থক্য—

দ্বিবিভাজন

(i) মাতৃদেহ মাত্র দুটা খণ্ডত বিভক্ত হয়।

(ii) প্রকৃতপক্ষে অংগজ জনন।

(iii) ৰেণু উৎপন্ন নহয়। 

(iv) সাধাৰণতে প্ৰাণীৰ অনুকূল পৰিৱেশত ই ঘটে।

বহুবিভাজন

(i) মাতৃদেহৰ পৰা বহু খণ্ডৰ সৃষ্টি হয়।

(ii) বহুবিভাজন অনুন্নত অযৌন জনন। 

(iii) ৰেণুৰ সৃষ্টি হয়। 

(iv) সাধাৰণতে প্ৰাণীৰ প্রতিকূল পৰিৱেশত সম্পন্ন হয়।


6. যৌন আৰু অযৌন প্ৰজনন প্ৰক্ৰিয়াৰ চাৰিটা পাৰ্থক্য দেখুৱাই তালিকা প্ৰস্তুত কৰা। 

উত্তৰঃ- 

যৌন প্রজনন

(i) জননকোষ অন্তর্ভুক্ত নহয়।

(ii) দুটা জীৱ ব্যক্তিৰ প্ৰয়োজন

(iii) কোষ বিভাজনৰ প্ৰকাৰ মিঅ’ছিছ, মাইটছিছ।

(iv) বিৱৰ্ধনৰ সম্ভাৱনা অধিক।

অযৌন প্রজনন

(i) জননকোষ অন্তর্ভুক্ত

(ii) একক জীৱৰ প্ৰয়োজন।

(iii) কোষ বিভাজনৰ প্ৰকাৰ মাইট’ছিছ।

(iv) বিৱৰ্ধনৰ সম্ভাৱনা কম।


7. যদি কোনো জীৱই ৰেণুৰ দ্বাৰা বংশ বিস্তাৰ কৰে, তেতিয়া ই কেনেদৰে লাভাৱান্বিত হ’ব? HSLC-2020

উত্তৰঃ- ৰেণুধাৰণকাৰী উদ্ভিদক ৰেণুধৰ উদ্ভিদ বোলে। এই উদ্ভিদৰ ৰেণুস্থলীত ৰেণুবোৰ পৰিণত হৈ বিস্তাৰ ঘটে। প্রতিকূল পৰিৱেশত ৰেণুবোৰ বহুদিন সুপ্ত অৱস্থাত থাকিব পাৰে। এইবোৰ উদ্ভিদে অনুকূল পৰিৱেশত ৰেণু অঙ্কুৰিত হৈ নতুন উদ্ভিদৰ সৃষ্টি কৰিব পাৰে। এই দৰেই ৰেণুৰ দ্বাৰা বংশ বিস্তাৰ জীৱৰ বাবে লাভজনক হয়।


8. দুই প্ৰকাৰৰ প্ৰান্তীয় স্নায়ু কি? HSLC-2017

উত্তৰঃ- (১) ক্রেনিয়েল স্নায়ু (২) স্নায়ুৰঞ্জু।


9. আংগিক বিস্তাৰণ কি? দুটা উদাহৰণ দিয়া। আংগিক বিস্তাৰণৰ দুটা সুবিধা উল্লেখ কৰা। 

উত্তৰঃ- যি প্ৰজনন পদ্ধতিৰ দ্বাৰা মাতৃদেহৰ কোনো অংগ বা দেহৰ অংশ বিশেষ বিচ্ছিন্ন হৈ নতুন উদ্ভিদ বা প্ৰাণীৰ সৃষ্টি হয় তাকে আংগিক বিস্তাৰণ বোলে। এই প্রজনন যৌন প্ৰজননৰ সমাৰ্থক।

বিভিন্ন প্ৰকাৰৰ কৃত্রিম পদ্ধতিৰে উদ্ভিদৰ আংগিক প্ৰজনন ঘটোৱা হয়।

(a) হাইড্ৰাৰ মুকুলোদ্‌গম (b) পাতেগজাৰ মুকুল 

(a) এনে ধৰণে বংশ বিস্তাৰ হোৱা পদ্ধতিত বছৰৰ যিকোনো সময়তে নতুন গছৰ সৃষ্টি কৰিব পাৰি। 

(b) এটা জীৱৰ পৰাই প্ৰজনন ঘটাব পাৰি। 


10. হাইদ্ৰাৰ মুকুল’দ্‌গম পদ্ধতি বর্ণনা কৰা। HSLC-2016

উত্তৰঃ- হাইড্রাই মুকুলোদ্‌গম পদ্ধতিৰে বংশবিস্তাৰ কৰে। হাইড্ৰাৰ কোনো এক অংশত একেৰাহে কেবাবাৰো কোষ বিভাজন ঘটাৰ ফলত টেমুনা আকাৰে মুকুল বান্ধি ওলাই আহে। এই মুকুলবোৰৰ বৃদ্ধি বিকাশ ঘটি একোটা পূৰ্ণাংগ হাইড্ৰাৰ সৃষ্টি হয়। বিকাশ সম্পূৰ্ণ হোৱাৰ পিছত হাইড্রাই মাতৃদেহৰ পৰা এৰাই আহি স্বতন্ত্ৰ হাইড্ৰাৰ ৰূপ লয়। 

ইয়েই হ’ল হাইড্ৰাৰ মুকুলোদ্‌গম পদ্ধতি।


11. সপুষ্পক উদ্ভিদত কেনেদৰে ফল সৃষ্টি হয়? HSLC-2015

উত্তৰঃ- উদ্ভিদৰ নিষেচনৰ পিছৰ পৰ্যায়ত, ডিম্বকটোৰ যোজন কোষটো একেলেঠাৰীয়ে কেইবাবাৰো বিভাজন ঘটি ভ্রুণৰ সৃষ্টি হয়। ইয়াৰ লগে লগে ডিম্বকৰ চাৰিওকাষে এখন ডাঠ আৱৰণৰ সৃষ্টি হৈ পৰৱৰ্ত্তী কালত বীজলৈ পৰিবৰ্তিত হয়। সেইদৰে সপুষ্পক উদ্ভিদত সমান্তৰালকৈ গর্ভাশয়টোও খৰতকীয়াকৈ বৃদ্ধি আৰু বিকাশ ঘটি ফললৈ পৰিবৰ্তিত হয়। 


12. স্ব-পৰাগযোগ ইতৰ -পৰাগযোগৰ পৰা কেনেদৰে বিসদৃশ? HSLC-2020

উত্তৰঃ- স্ব-পৰাগযোগত পুংকেশৰ পৰা পৰাগৰেণুবোৰ স্ত্রীকোষৰ গৰ্ভমুণ্ডলৈ হোৱা স্থানান্তৰ প্ৰক্ৰিয়াত একেপাহ ফুলতে সংঘটিত হয়। আনহাতে ইতৰ পৰাগযোগত হোৱা স্থানান্তৰ প্ৰক্ৰিয়াত এপাহ ফুলৰ পৰাগৰেণু গৈ আন এপাহ ফুলৰ স্ত্ৰীকেশৰৰ গৰ্ভমুণ্ডত পৰে।


13. পৰাগযোজন কি? HSLC-2020 সপুষ্পক উদ্ভিদত যৌন প্রজনন প্রক্রিয়া বর্ণনা কৰা।

উত্তৰঃ- সপুষ্পক উদ্ভিদত যৌন প্রজনন প্রক্রিয়া তলত বর্ণনা কৰা হ’ল-

পুংকেশৰৰ পৰাগধানীৰ পৰাগৰেণু স্ত্রীকেশৰৰ গৰ্ভমুণ্ডলৈ স্থানান্তৰ হোৱা প্ৰক্ৰিয়াটোক পৰাগযোগ বোলে। গর্ভাশয়ত ডিম্বকবিলাক থাকে আৰু ইয়াৰ প্ৰত্যেকটোতে একোটাকৈ ডিম্ব থাকে। পুংজনন কোষবিলাক পৰাগৰেণুৰ ভিতৰত উৎপন্ন হয়। পুংজনন কোষ পৰাগৰেণু আৰু স্ত্ৰীজনন কোষ ডিম্বৰ মিলন হোৱা প্ৰক্ৰিয়াটোক নিষেচন বোলে। 

নিষেচন প্রক্রিয়াত দুই জনন কোষৰ মিলনৰ ফলত সৃষ্টি হোৱা কোষটোক যোজনকোষ বা জাইগোট বোলে।

নিষেচনৰ পিছৰ পৰ্যায়ত, ডিম্বকৰ যোজনকোষটো একেলেথাৰিয়ে কেইবাবাৰো বিভাজন ঘটি ভ্ৰূণৰ সৃষ্টি হয়। ইয়াৰ লগে লগে ডিম্বকৰ চাৰিওফালে এখন ডাঠ আৱৰণীৰ সৃষ্টি হৈ পৰৱৰ্তী কালত বীজলৈ ৰূপান্তৰিত হয়। ইয়াৰ সমান্তৰালভাৱে গর্ভাশয়টোও খৰতকীয়া বৃদ্ধি আৰু বিকাশ ঘটি পূৰঠ ফললৈ পৰিৱৰ্তিত হয়। উদ্ভিদৰ বীজৰ ভিতৰত থকা ভ্রূণটোতে ভৱিষ্যতৰ উদ্ভিদজোপা সোমাই থাকে আৰু তাৰ পৰাই উপযুক্ত পৰিৱেশত বীজটো অংকুৰিত হৈ গছপুলিটো গজি উঠে। এইদৰে সপুষ্পক উদ্ভিদ যৌন প্রজনন-প্রক্রিয়াৰে বংশ বিস্তাৰ কৰে।


চিত্র:-


14. কলাজ্বৰ বেমাৰ সৃষ্টিকাৰী জীৱবিধৰ নাম কি? প্রজনন প্রক্রিয়াত DNA প্রতিলিপিৰ আৱশ্যকতা কি? 

উত্তৰঃ- কলাজ্বৰ বেমাৰ সৃষ্টিকাৰী জীৱ লেইচ মেনিয়া।

কোষ বিভাজন প্রক্রিয়া জীৱৰ প্ৰজননৰ লগত জড়িত। কোষবিভাজনৰ সময়ত পিতৃকোষৰ পৰা অপত্যকোষৰ সৃষ্টি হওঁতে পিতৃকোষৰ DNAৰ প্ৰতিলিপি হ’লেহে অপত্যকোষৰ DNA এটা পিতৃকোষৰ সৈতে হুবহু একে হ’ব। 


15. উচ্চখাপৰ জীৱই কিয় পুনৰ জীৱন প্ৰক্ৰিয়াৰে বংশ বৃদ্ধি কৰিব নোৱাৰে?

উত্তৰঃ- পুনৰ জীৱন প্ৰক্ৰিয়াৰে প্ৰজনন কৰা জীৱবিলাকৰ সমগ্ৰ দেহতে কিছুমান বিশেষ কোষ থাকে যিবোৰে এই প্ৰজনন প্ৰক্ৰিয়াটো সমাধা কৰিব পাৰে। কিন্তু উচ্চখাপৰ জীৱদেহৰ প্রতিটো অংগই বিশেষ বিশেষ কামৰ বাবে গঠিত। আকৌ নিম্নশ্রেণীৰ জীৱদেহৰ নিচিনা ইহঁতৰ প্ৰতিটো অংগত প্ৰজনন কোষ নাই। সেয়েহে উচ্চখাপৰ জীৱই প্ৰজনন কৰিব নোৱাৰে। এইবোৰ জীৱৰ প্ৰজনন প্রক্রিয়া জটিল।


16. উদ্ভিদ প্রজননকাৰী সকলে ব্যৱহাৰ কৰা কলা-কৰ্ষণৰ কৌশল লিখা। HSLC-2017

উত্তৰঃ- কলা-কর্ষণ পদ্ধতিত, নতুন উদ্ভিদ সৃষ্টি কৰিবৰ বাবে প্ৰথমতে উদ্ভিদৰ বাঢ়ি অহা অগ্রস্থ কলা বা কোষ এৰুৱা হয়। ইয়াৰ পাছত সেই এৰুৱাই অনা কলা বা কোষখিনি এটা কৃত্রিম মাধ্যমত ৰাখি থৈ এই মাধ্যমটোত কোষ বিলাকৰ খৰতকীয়া কোষ বিভাজন ঘটিবলৈ দিয়াত বহুবোৰ কোষ একলগ হৈ কেলাচ্ গঠন কৰে। পৰৱৰ্তী পৰ্যায়ত এই কেলাচ্-খিনি অন্য এটা মাধ্যম য’ত উদ্ভিদৰ বৃদ্ধি আৰু বিকাশৰ বাবে প্ৰয়োজনীয় সঞ্জীৱনী পদার্থ থাকে, তালৈ স্থানান্তৰ কৰি নতুনকৈ পূৰ্ণাংগ উদ্ভিদৰ সৃষ্টি কৰা যায়। এয়াই হ’ল উদ্ভিদ প্রজননকাৰী সকলে ব্যৱহাৰ কৰা কলা-কৰ্ষণৰ কৌশল।

Leave a comment

Trending