বংশগতি আৰু ক্ৰমবিকাশ । Heredity and Evolution
1. মেণ্ডেলে তেখেতৰ পৰীক্ষাৰ যোগেদি বংশানুক্রমিকভাৱে প্ৰবাহিত চৰিত্ৰবিলাক স্বতন্ত্রভাৱে প্রবাহিত হয় বুলি কেনেকৈ নিৰ্ণয় কৰিছিল? HSLC-2018
উত্তৰঃ- যেতিয়া মেণ্ডেলে এজোপা বিশুদ্ধ ওখ আৰু এজোপা বিশুদ্ধ চাপৰ মটৰমাহ উদ্ভিদৰ মাজত সংকৰণ ঘটাইছিল, তেতিয়া তেওঁ F1 জনুত অকল ওখ মটৰমাহ উদ্ভিদ পাইছিল। আকৌ, মেণ্ডেলে ওখ মটৰমাহ আৰু চাপৰ মটৰমাহ উদ্ভিদৰ লগত সংৰক্ষণ ঘটোৱাৰ পিছত F2 জনুত ওখ আৰু চাপৰ গছৰ অনুপাত 3:1 পাইছিল। গতিকে এই পৰীক্ষাৰ পৰা দেখা যায় যে বিশেষ লক্ষ্যণ বা বৈশিষ্ট্যবোৰ উত্তৰাধিকাৰ সূত্রে স্বতন্ত্রভাৱে প্রবাহিত হয়।
2. বংশগতি আৰু ক্ৰমবিকাশ বুলিলে কি বুজায় এটা প্ৰজাতিত সৃষ্টি হোৱা বৈসাদৃশ্যতাৰ চৰিত্ৰ বিলাক কেনেকৈ জীৱই বৰ্তাই ৰাখে?
উত্তৰঃ- যি প্ৰক্ৰিয়াত পিতৃ-মাতৃৰ আকৃতি আৰু প্ৰকৃতিৰ গুণা-গুণ বা বৈশিষ্ট্যসমূহ প্রায় অপৰিৱৰ্তিত অৱস্থাৰে সন্তান সন্ততিলৈ সঞ্চালিত হয় তাকে বংশগতি বোলে।
একে প্ৰজাতিৰ বংশধৰৰ মাজতেই পৰিৱেশৰ প্ৰভাৱ বিশেষকৈ ডি. এন. এ.ৰ প্ৰতিলিপিকৰণৰ বিসংগতি আৰু যৌন প্ৰজননৰ ফলত কিছুমান পার্থক্য দেখা যায়। উদাহৰণ হিচাপে একে পিতৃ-মাতৃৰ সকলো সন্তান একে ৰূপৰ নহয়। কিছু পার্থক্য দেখা যায়। এই পাৰ্থক্য ধাৰাবাহিক ৰূপত চলি থাকে। ইয়াকেই ক্রমবিকাশ কোৱা হয়।
প্ৰকৃতিত জীৱবিলাকৰ মাজত সৃষ্টি হোৱা বৈসাদৃশ্যতাসমূহৰ ওপৰত ভিত্তি কৰি জীৱবিলাকে বেলেগ বেলেগ সুবিধা লাভ কৰে। উদাহৰণস্বৰূপে যিবিলাক বেক্টেৰিয়াই অতি উষ্ণতাত জীয়াই থাকিব পাৰে সিহঁতৰ ওপৰেদি গৰম বতাহ প্রবাহিত কৰি থাকিলেও সিহঁতে জীয়াই থাকিব। এনে বৈসাদৃশ্যতা বিশিষ্ট্য জীৱবিলাকক পৰিৱেশৰ কিছুমান কাৰকৰ প্ৰভাৱত প্রকৃতিয়ে নিজে নিজে নিৰ্বাচিত কৰে। এইবোৰৰ আলমতে জীৱবোৰ বৰ্তি থাকে।
3. প্ৰকৃতিত কিয় আমি চাপৰ মটৰমাহৰ গছতকৈ ওখ মটৰমাহৰ গছ বেছিকৈ দেখা পাওঁ?
উত্তৰঃ- প্ৰকৃতিত আমি চাপৰ মটৰমাহৰ গছতকৈ ওখ মটৰমাহৰ গছ বেছিকৈ দেখা পাওঁ কাৰণ মটৰমাহৰ ওখ চৰিত্ৰটো চাপৰ চৰিত্ৰটো সাপেক্ষে প্ৰভাৱী।
4. কোষত থকা বংশগতি তথ্যৰ উৎস কি?
উত্তৰঃ- DNA.
5. DNAৰ সম্পূৰ্ণ নাম লিখা।
উত্তৰঃ- Deoxyribo Nucleic Acid.
6. প্ৰভাৱী চৰিত্ৰ কাক বোলে? HSLC-2019
উত্তৰঃ- নতুন প্ৰজন্মৰ উৎপত্তিত দুটা চৰিত্ৰৰ সংমিশ্ৰণৰ ক্ষেত্ৰত যিটো চৰিত্ৰৰ বৈশিষ্ট্যবোৰ বেছিকৈ প্ৰকাশ পাই তাকে প্ৰভাৱী চৰিত্ৰ বোলে। উদাহৰণস্বৰূপে মেণ্ডেলৰ প্ৰথম সংকৰণ পৰীক্ষাত ওখ গছ প্ৰভাৱী চৰিত্ৰ।
7. জিন বুলিলে কি বুজা? HSLC-2012
উত্তৰঃ- ক্ৰম’জ’মত থকা DNA খণ্ডৰে গঠিত বংশগতিৰ চাৰিত্ৰবাহক কাৰকবোৰক জিন বোলে। জিনক চমুকৈ বংশগতিৰ বাহক বোলে।
8. জিনৰ দুটা বৈশিষ্ট্য লিখা।
উত্তৰঃ- (i) জিন জৈৱিক প্ৰক্ৰিয়াৰ একক
(ii) ই বংশগতিৰ বাহক।
9. সমসংস্থ অংগ আৰু সমবৃত্তি অংগৰ সংজ্ঞা দিয়া। চৰাইৰ পাখি আৰু বাদুলীৰ কাখিক সমসংস্থ অংগৰূপে গণ্য কৰিব পাৰিনে? তোমাৰ উত্তৰটো সাব্যস্ত্য কৰা। HSLC-2018
উত্তৰঃ- যি অংগৰ উৎপত্তি একে কিন্তু কাৰ্য বেলেগ সেইবোৰক সমসংস্থ অংগ আৰু যিবোৰ অংগৰ উৎপত্তি বেলেগ কিন্তু কাৰ্য একে সেইবোৰক সমবৃত্তি অংগ বোলে।
বাদুলীৰ ডেউকা দীঘল আঙুলিক সংযোগ কৰি ৰখা ছালৰ পৰিৱৰ্তন কিন্তু চৰাইৰ ডেউকা পাখিৰে আবৃত্ত। এই ডেউকা কেইখনৰ গঠন আৰু উপাংগসমূহ দেখাত বেলেগ বেলেগ কিন্তু দুয়োবিধ ডেউকাৰ একেধৰণৰ কাৰ্য, উৰণত ব্যৱহাৰ কৰিব লগা হোৱাৰ কাৰণে দেখিবলৈ একে হয় কিন্তু দুয়োৰে উৎপত্তি ভিন্ন। এনেবোৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ বাবে ইয়াক সমসংস্থাৰ পৰিৱৰ্তে সমবৃত্তিক অংগৰূপেহে গণ্য কৰা যায়।
10. মানুহে কেইযোৰ লিংগ ক্ৰম’জ’ম বহন কৰে? মানুহৰ সন্তানৰ ক্ষেত্ৰত লিংগ নিৰ্ধাৰণ কেনেদৰে কৰা হয়, ব্যাখ্যা কৰা। HSLC-2019
উত্তৰঃ- মানুহে এযোৰ লিংগ নিৰ্ণয়ক ক্ৰম’জ’ম বহন কৰে।
মানুহৰ দেহত 23 যোৰ ক্ৰম’জ’ম থাকে। তাৰে 22 যোৰ ক্ৰম’জ’ম পুংলিংগ আৰু স্ত্রীলিংগ উভয়তে থাকে। আন এযোৰ ক্ৰম’জ’ম হৈছে যাক লিংগ নির্ণায়ক ক্ৰম’জ’ম বুলি কোৱা হয়। সেইযোৰ লিংগভেদে বেলেগ বেলেগ হয়।
মহিলাৰ ক্ষেত্ৰত লিংগ নির্ণায়ক ক্ৰম’জ’মযোৰ হৈছে ‘XX’ আৰু ইহঁতে যোৰপাতি থাকে। পুৰুষৰ ক্ষেত্ৰত লিংগ নির্ণায়ক ক্ৰম’জ’মযোৰ হৈছে ‘XY’আৰু ইহঁতে যোৰ পাতি নাথাকে। ইয়াৰে ‘X’ ক্ৰম’জ’মডাল দীঘল আৰু ‘Y’ ক্ৰম’জ’মডাল অলপ ছুটি।
Leave a comment