পোহৰ : প্ৰতিফলন আৰু প্ৰতিসৰণ । Light: Reflection and Refraction 

1. থিয় আৰু বৰ্দ্ধিত প্ৰতিবিম্ব সৃষ্টি কৰা দাপোণখনৰ নাম লিখা।

উত্তৰঃ- অৱতল দাপোণ।


2. শূন্যত পোহৰৰ দ্ৰুতি কিমান?

উত্তৰঃ- 3x108ms1


3. অৱতল দাপোণৰ মুখ্য ফ’কাছৰ সংজ্ঞা দিয়া। 

উত্তৰঃ- অৱতল দাপোণৰ ক্ষেত্ৰত মুখ্য অক্ষৰ সমান্তৰালভাৱে গতি কৰা ৰশ্মিবোৰ প্ৰতিফলনৰ পাছত মুখ্য অক্ষৰ এটা বিন্দুলৈ অভিসাৰী হয়, তাক অৱতল দাপোণৰ মুখ্য ফ’কাছ বোলে। ইয়াক F ৰে সূচোৱা হয়।


4. পোহৰৰ প্ৰতিফলনৰ সূত্ৰসমূহ লিখা। HS-2016

উত্তৰঃ- পোহৰ দুটা স্বচ্ছ মাধ্যমৰ সন্ধিতলত আপতিত হ’লে আপতিত পোহৰৰ কিছু অংশ পূৰ্বৰ মাধ্যমলৈ উভতি যোৱাকে পোহৰৰ প্ৰতিফলন বোলে৷

পোহৰৰ প্ৰতিফলনৰ সূত্ৰসমূহ হৈছে—

(1) প্রতিফলিত ৰশ্মি আপতন সমতলত থাকে অর্থাৎ আপতিত ৰশ্মি, আপতন বিন্দুত টনা অভিলম্ব আৰু প্ৰতিফলিত ৰশ্মি একে সমতলত থাকে।

(2) আপতন কোণ আৰু প্ৰতিফলন কোণ সমান। 


5. প্ৰতিসৰণ সূত্ৰ লিখা। HSLC-2016

উত্তৰঃ- প্ৰতিসৰণ সূত্ৰবোৰ হৈছে—

(i) আপতিত ৰশ্মি, প্রতিসৰিত ৰশ্মি আৰু আপতন বিন্দুত টনা অভিলম্ব সদায় একেখন সমতলত থাকে।

(ii) আপতন কোণৰ ছাইন আৰু প্ৰতিসৰণ কোণৰ ছাইনৰ অনুপাত সদায় ধ্ৰুৱক।


6. অৱতল দাপোণৰ তিনিটা ব্যৱহাৰ লিখা।

উত্তৰঃ- (i) অৱতল দাপোণ দাড়ি কটাৰ সময়ত দাপোণ হিচাপে ব্যৱহাৰ হয়।

(ii) অৱতল দাপোণ টৰ্চ, গাড়ীৰ হেডলাইটৰ প্ৰতিফলক হিচাপে ব্যৱহাৰ হয়।

(iii) অৱতল দাপোণ দাঁতৰ চিকিৎসকে মানুহৰ দাঁতৰ ডাঙৰ প্ৰতিবিম্ব চাবলৈ ব্যৱহাৰ কৰে।


7. উত্তল লেন্‌ছ এখনৰ দুগুণ ফ’কাছ দূৰত্বত এটা লক্ষ্যবস্তু ৰাখি ইয়াৰ ৰেখাচিত্র অংকন কৰা। HSLC-2020

উত্তৰঃ-


8. গোলাকাৰ দাপোণ এখনৰ ভাঁজ ব্যাসার্ধ 20 চেঃ মিঃ। ইয়াৰ ফ’কাছ দৈর্ঘ্য কিমান?

উত্তৰঃ-                                     ইয়াত, ভাঁজ ব্যাসার্ধ (R) = 20 চেঃ মিঃ।

                                        ফ’কাছ দৈর্ঘ্য (f)=10 চেঃ মিঃ।

9. গাড়ীৰ পিছলৈ চোৱা দাপোণ হিচাপে উত্তল দাপোণ কিয় পছন্দ কৰা হয়?

উত্তৰঃ- গাড়ীৰ পিছফালৰ দৃশ্য চাবলৈ উত্তল দাপোণ ব্যৱহাৰ কৰা হয়, কাৰণ ইয়াৰ দ্বাৰা পিছৰ পিনে বহুদূৰলৈকে বিস্তৃত হৈ থকা সকলো বস্তু চাব পাৰি আৰু প্ৰতিবিম্বৰ আকাৰ সৰু আৰু থিয় হয়।


10. অভিধান এখনৰ সৰু আখৰবোৰ পঢ়িবৰ বাবে তোমাক তলৰ লেন্স কেইখন দিয়া হৈছে HSLC-2020

(i) 50cm ফ’কাছ দৈৰ্ঘ্যৰ এখন উত্তল লেন্স 

(ii) 50cm ফ’কাছ দৈৰ্ঘ্যৰ এখন অৱতল লেন্স 

(iii) 5cm ফ’কাছ দৈৰ্ঘ্যৰ এখন উত্তল লেন্স 

(iv) 5cm ফ’কাছ দৈৰ্ঘ্যৰ এখন অৱতল লেন্স 

এই লেন্স কেইখনৰ ভিতৰত কোনখন লেন্স পছন্দ কৰিবা? কাৰণ দশোৱা।

উত্তৰঃ- (iii) 5cm ফ’কাছ দৈৰ্ঘ্যৰ এখন উত্তল লেন্স। 5cm ফ’কাছ দৈৰ্ঘ্যৰ উত্তল লেন্সৰ ক্ষমতা অধিক। ই সৎ আৰু বর্ধিত প্রতিবিম্ব গঠন কৰে।


11. 32 চেঃমিঃ ভাঁজ ব্যাসাৰ্ধৰ উত্তল দাপোণ এখনৰ ফ’কাছ দৈর্ঘ্য নির্ণয় কৰা।

উত্তৰঃ- ইয়াত, ভাঁজ ব্যাসার্ধ (R)=32 চেঃমিঃ।

: R=2f

⇒ f=R/2 = 32/2 =16 চেঃমিঃ।

 নির্ণেয় ফ’কাছ (f)=16 চেঃমিঃ


12. এটা মাধ্যমৰ প্ৰতিসৰণাংক বুলিলে কি বুজা? 

উত্তৰঃ- শূন্য মাধ্যমত পোহৰৰ দ্ৰুতি সাপেক্ষে আন এটা মাধ্যমত হোৱা পোহৰৰ দ্ৰুতিৰ অনুপাতক প্ৰথমটো মাধ্যমৰ সাপেক্ষে দ্বিতীয়টো মাধ্যমৰ প্ৰতিসৰণাংক বোলে। 


13. অৱতল দাপোণ এখনে ইয়াৰ সন্মুখত 10 ছেঃ মিঃ দূৰত্বত ৰখা বস্তু এটাৰ তিনিগুণে বিৱৰ্ধিত সৎ প্ৰতিবিম্ব গঠন কৰে। প্ৰতিবিম্বটোৰ অৱস্থান কি?

উত্তৰঃ- বস্তুৰ দূৰত্ব (u)= – 10 চেঃ মিঃ

বিৱৰ্ধন (m)= – 3

 m=-v/u= v= -mu

⇒v=-(-3)(-10)=-30

প্ৰতিবিম্ব অৱতল দাপোণৰ সন্মুখৰ ফালে 30 চেঃমিঃ দূৰত্বত অৱস্থিত। পোহৰৰ ৰশ্মি এডাল বায়ুৰ পৰা হেলনীয়াকৈ পানীত প্ৰৱেশ কৰিছে। 


14. পোহৰৰ ৰশ্মিডাল উলম্বৰ কাষলৈ নে উলম্বৰ পৰা আঁতৰলৈ বেঁকা হ’ব? 

উত্তৰঃ- পোহৰৰ ৰশ্মি লঘুতৰ মাধ্যমৰ পৰা ঘনতৰ মাধ্যমলৈ গতি কৰিলে অভিলম্বৰ কাষলৈ আহে। ইয়াত বায়ু লঘুতৰ মাধ্যম আৰু পানী ঘনতৰ মাধ্যম। গতিকে পাতল মাধ্যম বায়ুৰ পৰা অহা ৰশ্মি ঘনতৰ মাধ্যম পানীত অভিলম্বৰ কাষ চাপিব। কিয়নো ঘনতৰ মাধ্যমত পোহৰৰ বেগ কমিব।

Leave a comment

Trending