মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী
The Human Eye and the colorful world
1. শুদ্ধ উত্তৰ বাছি উলিওৱা :
তলৰ প্ৰতিটো প্ৰশ্নৰ বাবে চাৰিটাকৈ উত্তৰ দিয়া আছে। ইয়াৰে মাত্ৰ এটাহে শুদ্ধ উত্তৰ। শুদ্ধ উত্তৰটো বাছি উলিওৱা।
(i) মানুহৰ চকুৱে বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰাৰ স্থান- HSLC-2020
(a) কৰ্ণিয়া
(b) চকুৰ পতা
(C) চকুৰ মণি
(d) অক্ষিপট।
উত্তৰঃ- (d) অক্ষিপট।
(ii) চকুৰ কি অংগ ক্ৰিয়াৰ বাবে চকুৰ লেন্সৰ ফ’কাছ দৈৰ্ঘ্যৰ পৰিৱৰ্তন হয়? HSLC-2020
(a) চকুৰ মণি
(b) অক্ষিপট
(c) চিলিয়াৰী
(d) চকুৰ পতা।
উত্তৰঃ- (c) চিলিয়াৰী।
(iii) নিয়মীয়া দৃষ্টিৰ সদ্য প্রাপ্তবয়স্কৰ বাবে স্পষ্টকৈ দেখা ন্যূনতম দূৰত্ব হ’ল- HSLC-2019
(a) 25 মিঃ
(b) 25 ছেঃমিঃ
(c) 2.5 ছেঃমিঃ
(d) 2.5 মিঃ
উত্তৰঃ- (b) 25 ছেঃমি
(iv) মানুহৰ চকুৱে চকুৰ লেন্সৰ ফ’কাছ দৈৰ্ঘ্য সালসলনি কৰি বিভিন্ন দূৰত্বত অৱস্থিত বস্তু ফ’কাছ কৰিব পাৰে। ইয়াৰ কাৰণ হ’ল—
(a) প্ৰেছবায়’পিয়া
(b) উপযোজন ক্ষমতা
(c) নিকট দৃষ্টিগ্রস্ততা
(d) দূৰ দৃষ্টিগ্ৰস্ততা।
উত্তৰঃ- (b) উপযোজন ক্ষমতা।
2. চকুৰ কি অংশৰ ক্ৰিয়াৰ বাবে চকুৰ লেনছৰ ফ’কাছ দৈৰ্ঘ্যৰ পৰিৱৰ্তন হয়?
উত্তৰঃ- চিলিয়াৰী পেশীৰ।
3. মানুহৰ চকুৱে বস্তু এটাৰ প্ৰতিবিম্ব ক’ত গঠন কৰে?
উত্তৰঃ- অক্ষিপটত (Retina)
4. দৃষ্টিৰ বিকাৰ কি কি? HSLC-2018
উত্তৰঃ- দৃষ্টিৰ বিকাৰ কেইটা হৈছে – (১) মায়’পিয়া (২) হাইপাৰমেট্ৰ’পিয়া আৰু (৩) প্ৰেছবায় পিয়া।
5. চকুৰ লেন্সৰ উপযোজন ক্ষমতা বুলি ক’লে কি বুজা? HSLC-2019, 2016
উত্তৰঃ- চকুৰ লেন্সৰ বক্ৰতাৰ অৰ্থাৎ ফ’কাছ দৈৰ্ঘ্যৰ পৰিৱৰ্তন কৰিব পৰা ক্ষমতাই হ’ল চকুৰ লেন্সৰ উপযোজন ক্ষমতা।
6. মায়’পিয়াগ্রস্ত চকু থকা মানুহ এজনে 1.2 মিটাৰতকৈ বেছি দূৰৰ বস্তু স্পষ্টকৈ দেখা নাপায়। যথোচিত দৃষ্টি ঘূৰাই আনিবলৈ কেনেধৰণৰ লেন্সৰ ব্যৱহাৰ কৰিব লাগিব?
উত্তৰঃ- মায়’পিয়া প্ৰতিকাৰৰ বাবে উপযুক্ত ক্ষমতাৰ অৱতল লেন্স চচমা হিচাপে ব্যৱহাৰ কৰিব লাগে।
7. এজন মায়’পিয়া ৰোগাগ্রস্থ মানুহৰ দূৰবিন্দু 80 cm । তেওঁ চকুৰ এই দোষ আঁতৰাবৰ বাবে লেন্সৰ ক্ষমতা নিৰ্ণয় কৰা। HSLC-2018, 2016
উত্তৰঃ- অৱতল লেন্সৰ এই দোষ আতৰাব পাৰি
8. দৃষ্টিৰ বাবে আমাক এটাৰ পৰিৱৰ্তে দুটা চকুৰ প্রয়োজন কিয়? HSLC-2018
উত্তৰঃ- এটা চকুৰ বাবে দৃষ্টিক্ষেত্ৰৰ প্ৰসাৰ 150° আনহাতে দুটা চকুৰ বাবে প্ৰসাৰ প্ৰায় 180° । সেয়েহে দুয়োটা চকুৱে দৃষ্টিক্ষেত্ৰ বহল কৰে।
9. (a) স্বাভাৱিক দৃষ্টিৰ মানুহ এজনৰ বাবে দুৰ বিন্দু আৰু নিকট বিন্দু কি ? HSLC-2015
(b) বৰষুণৰ পাছত আমি ৰামধেনু কিয় দেখো ?
(c) এজন মানুহে দৃষ্টিৰ বিকাৰৰ প্ৰতিকাৰ হিচাপে +1.5 D ক্ষমতাৰ লেন্স ব্যৱহাৰ কৰিবলগীয়া হৈছে।
(i) তেওঁ দৃষ্টিৰ কি বিকাৰত ভুগিছে?
(ii) প্ৰতিকাৰী লেন্সখনৰ ফ’কাছ দৈৰ্ঘ্য কিমান?
(iii) প্ৰতিকাৰী লেন্সৰ প্ৰকৃতি কি?
উত্তৰঃ- (a) স্বাভাৱিক দৃষ্টিৰ মানুহ এজনে স্পষ্টকৈ কোনো বস্তু দেখা পোৱাৰ আটাইতকৈ দূৰৰ আৰু ওচৰৰ বিন্দু দুটাই হ’ল ক্ৰমান্বয়ে দূৰবিন্দু আৰু নিকটবিন্দু।
এই বিন্দু দুটা ক্রমান্বয়ে অসীম আৰু চকুৰ পৰা 25 cm দূৰত্বত থাকে।
(b) বৰষুণৰ পিছত বায়ুত পানীৰ ক্ষুদ্ৰ ক্ষুদ্র কণিকা উপঙি থাকে। এই কণিকাবোৰত সূৰ্যৰ পোহৰ প্ৰতিসৰিত হৈ বিচ্ছুৰিত হয় আৰু আভ্যন্তৰীণ পূর্ণ প্রতিফলন ঘটে। এনেদৰে সাতটা ৰঙলৈ ভাঙি যোৱা সূৰ্যৰ পোহৰ বায়ুমণ্ডললৈ প্ৰতিসৰিত হৈ ওলাই অহা বাবে আমি ৰামধেনু দেখো।
(c) (i) মানুহজনে হাইপাৰমেট্ৰ’পিয়া দৃষ্টিবিকাৰত ভূগিছে।
(ii) লেনছখনৰ ফ’কাছ দৈৰ্ঘ্য 0.67 m
iii) প্ৰতিকাৰী লেনছখনৰ প্ৰকৃতি উত্তল যিহেতু ইয়াৰ ক্ষমতা ধনাত্মক।
10. ছাত্ৰ এজন শেষৰ বেঞ্চত বহিলে ব’ৰ্ডখন চোৱাত অসুবিধা পায়। ল’ৰাজনে ভোগা বিকাৰটো কি হ’ব পাৰে? ইয়াৰ সংশোধন কেনেকৈ কৰিব পাৰি?
উত্তৰঃ- ছাত্ৰজনে মায়’পিয়া দৃষ্টি দোষত ভুগিছে। চকুৰ এই দোষ দূৰ কৰাৰ বাবে উপযুক্ত ক্ষমতাৰ অৱতল প্ৰকৃতিৰ লেন্স ব্যৱহাৰ কৰিব লাগে
11. দৃষ্টিৰ বিকাৰ কি কি? এজন মানুহৰ দূৰ দৃষ্টিগ্ৰস্ততা সংশোধনৰ বাবে তেওঁৰ -5.5 ডায়প্টাৰ ক্ষমতাৰ লেন্সৰ আৱশ্যক। তেওঁৰ নিকট দৃষ্টিগ্ৰস্ততাৰ সংশোধনৰ বাবে আৱশ্যকীয় লেন্সৰ ক্ষমতা +1.5 ডায়প্টাৰ হ’লে দূৰ দৃষ্টিগ্ৰস্ততাৰ সংশোধনৰ বাবে আৱশ্যক হোৱা লেন্সৰ ফ’কাচ দৈর্ঘ্য কিমান? HSLC-2018
উত্তৰঃ- দৃষ্টিৰ বিকাৰ তিনিটা হ’ল— (i) মায়’পিয়া। (ii) হাইপাৰমেট্ৰ’পিয়া। (iii) প্ৰেছ’বায়’পিয়া।
দিয়া আছে,
দূৰ দৃষ্টিগ্ৰস্ততা সংশোধনৰ বাবে আৱশ্যক হোৱা লেন্চৰ ক্ষমতা (P)=-5.5 ডায়প্টাৰ। দূৰ দৃষ্টিগ্ৰস্ততাৰ সংশোধনৰ বাবে আৱশ্যক হোলা লেন্চৰ
12. সাধাৰণ চকুৱে এটা 25 ছে.মি.তকৈ ওচৰত ৰখা বস্তু দেখা নাপায় কিয়? HSLC-2018
উত্তৰঃ- ওচৰত ৰখা বস্তু এটা চাবলগীয়া হ’লে ছিলিয়াৰী পেশীবিলাকে উত্তল লেন্সখন বেছি অভিসাৰী কৰি তোলে। যাৰবাবে ওচৰৰ বস্তু এটাৰ প্ৰতিবিম্ব ৰেটিনাত গঠন হয়। ছিলিয়াৰী পেশীসমূহে অক্ষি লেন্সৰ উপযোজন কৰি অতি কম 25 ছে.মি. দূৰত্বত থকা বস্তুৰ প্ৰতিবিম্ব ৰেটিনাত গঠন কৰিব পাৰে। কিন্তু তাতকৈ কম হ’লে এনে কার্য সম্পন্ন নহয়। সেইবাবে 25 ছে.মি.তকৈ ওচৰত থকা বস্তুৰ প্ৰতিবিম্ব ভালদৰে দেখা নাপায়।
13. মানুহ এজনৰ চকুৰ বাবে নিকট বিন্দু 100cm তেওঁৰ চকুৰ স্বাভাৱিক দৃষ্টিৰ বাবে ব্যৱহাৰ কৰিব লগীয়া লেন্সৰ ক্ষমতা আৰু ধৰণ কি হ’ব? ৰশ্মিচিত্র আঁকিবা। HSLC-2016, 2019
উত্তৰঃ- সমাধান :
দিয়া আছে—
নিকট বিন্দু (v) = – 100cm
স্বাভাৱিক দৃষ্টিৰ নিকট বিন্দু (u) = – 25cm
স্বাভাৱিক দৃষ্টিৰ বাবে ব্যৱহাৰ কৰিবলগীয়া লেন্সৰ ফ’কাছ দৈর্ঘ্য (f) = ?
এতিয়া,
14. টিণ্ডেল পৰিঘটনা কি? বগাপোহৰ অতিসূক্ষ্মকণা থকা মাধ্যমৰ মাজেদি পাৰ হৈ গ’লে কোন তৰংগদৈৰ্ঘ্যৰ পোহৰ আটাইতকৈ বেছি বিক্ষিপ্ত হ’ব উল্লেখ কৰা। HSLC-2017
উত্তৰঃ- পৃথিৱীৰ বায়ুমণ্ডলত থকা ধূলি কণা, পানীৰ ক্ষুদ্ৰ টোপাল, ধোঁৱা, বায়ুৰঅণু আদিৰ দ্বাৰা কলয়ড কণাৰ সৃষ্টি হয়। এই কণাবোৰত পোহৰৰ ৰশ্মি আপতিত হ’লে বিক্ষেপিত হয় আৰু পোহৰৰ গতিপথ দৃশ্যমান হয়। ইয়াকে টিণ্ডেল পৰিঘটনা বোলে ।
বগা পোহৰ অতি সূক্ষ্মকণা থকা মাধ্যমৰ মাজেদি পাৰ হৈ গ’লে নীলা তৰংগ দৈৰ্ঘ্যৰ পোহৰ আটাইতকৈ বেছি বিক্ষিপ্ত হ’ব।
15. দূৰদৃষ্টিগ্ৰস্ততাৰ সংশোধন দেখুৱাই ৰশ্মিচিত্ৰ অংকন কৰা। দূৰদৃষ্টিগ্ৰত চকু এটাৰ বাবে নিকট বিন্দু 1 m. এই বিকাৰৰ সংশোধনৰ বাবে প্ৰয়োজন হোৱা লেন্ছৰ ক্ষমতা কিমান? (ধৰি লোৱা স্বাভাৱিক চকুৰ বাবে নিকট বিন্দু 0.25m) HSLC-2019
উত্তৰঃ-
চিত্র : দূৰদৃষ্টিগ্ৰস্ততা চকুৰ সংশোধন
ইয়াত
u=-25 cm
v = -1 m
=-100 cm
লেন্ছখনৰ ক্ষমতা P=?
আমি জানো যে,
Leave a comment