পকা ধানৰ মাজে মাজে । Poka dhanor majhe majhe 

1. পকা ধানৰ মাজে মাজে সৰু সৰু আলি
ঐ সৰু সৰু আলি।
আলিত পৰি গীত জুৰে জাক বালিমাহী।

হীম চেঁচা বতাহ আহি ধান গ’লে চুমি
দাৱনীয়ে হাতত কাঁচি খৰাই ল’লে তুলি
অ’ যাওঁ কি নেযাওঁ খোজেৰে
পাওঁ কি নেপাওঁ ভাবেৰে
সুৰুকীয়া বাট গ’লে বুলি।।

পকা ধানে হালি জালি দাৱনীক কয় আহা বুলি
দাৱনীয়ে সেৱা জনাই ধানৰ গোছত মাৰে মুঠি
সোণগুটিৰ ভৰত হাতৰ ধৰে শিৰামূৰি,
জাক দাৱনীৰ জিৰণি গীতে পথাৰ ধৰে জুৰি।
সৰু সৰু চৰাইবোৰে
লাজত পলাই উৰা মাৰে
ধান ফালি ফালি।

ধানৰ পাতে কাটে
তেজ ডোঙা পাতে।
সোণগুটিৰ ভৰত
জোনবিৰিয়া ভাগে
তেওঁতো আমাৰ দুখ নাই
ধানে হাঁহি হঁহুৱাই
উলাহেৰে গীত গাওঁ
মন-সঁফুৰা খুলি খুলি।।

 

2. অ’ বন্ধু সময় পালে । O bondhu xomoy pale


অ’ বন্ধু সময় পালে আমাৰ ফালে
এবাৰ আহি যাবা
সহজ সৰল গাঁৱৰ জীৱন
খন্তেক ৰৈ চাবা
যান-বাহনৰ সুযোগ নাই
আওহতীয়া আমাৰ ঠাই
বাট বোলোতে হয়তো বন্ধু
অনেক দুখেই পাবা
(আমি) অনাহাৰে দিন কটাওঁ
তাত গধূলি পুৱা
খেৰ-বাঁহৰ অনেক পঁজা
গাঁও ভৰি পাবা
দ্বন্দ্ব খৰিয়াল শুনি শুনি
তাতে অকণ ৰ’বা
নাঙঠ শিশুৰ ধূলিৰ খেলা
ৰৈ ৰৈ তাতে পাবা।
অশিক্ষিত লাজুক সিহঁত
কাষলৈ নামাতিবা
চহৰৰ পৰা কিবা নিলে
দূৰৰ পৰাই দিবা
পিয়াহ লাগি বন্ধু তুমি
নুখুজিবা পানী
খাল বিলৰ ঘোলা পানী
নিদিওঁ তোমাৰ আনি
ফেঁচাৰ চিঞৰ নুশুনিবা
হয়তো বন্ধু ভয় খাবা।
লাহে লাহে চহৰলৈ বাটটি ভিৰাই ল’বা
আমাৰ গাঁৱৰ ছবিখনি
মনত আঁকি নিবা।।

3. কাৰ জানো পৰশত । Kar jano parashot

কাৰ জানো পৰশত
ফুলি উঠে মোৰ
মাধৈ মালতী পাহি
কাৰ জানো পৰশত
ফুলি উঠে মোৰ
মাধৈ মালতী পাহি
পশ্চিম আকাশ খনি
ৰতোৱালে ঢকা আজি
তাৰ মাজে আহে মোৰ
সোণৰ সপোন ভাঁহি ভাঁহি    
তাৰ মাজে আহে মোৰ
সোণৰ সপোন ভাঁহি ভাঁহি
কাৰ জানো পৰশত
ফুলি উঠে মোৰ
মাধৈ মালতী পাহি
কাৰ জানো পৰশত

তৰা বছা আকাশৰ
লাজুকী জোনে
ওলগ জনাই যেন
মিচিকি হাঁহি
তৰা বছা আকাশৰ
লাজুকী জোনে
ওলগ জনাই যেন
মিচিকি হাঁহি
ছালেদি সৰগ দেখা
পঁজাটিত যেন
বাজি উঠে শতসুৰে
মোৰ মন বাঁহী
ছালেদি সৰগ দেখা
পঁজাটিত যেন
বাজি উঠে শতসুৰে
মোৰ মন বাঁহী
কাৰ জানো পৰশত
ফুলি উঠে মোৰ
মাধৈ মালতী পাহি

মোৰ আকাশৰ কলীয়া ডাৱৰ
চমকা চমকে যায় উৰি
মোৰ আকাশৰ কলীয়া ডাৱৰ
চমকা চমকে যায় উৰি
নুমাওঁ নুমাওঁ যেন দ্বীপ গছি মোৰ
জ্বলি উঠে জ্বলি উঠে
অজানাৰ আগমন জানি
নুমাওঁ নুমাওঁ যেন দ্বীপ গছি মোৰ
জ্বলি উঠে জ্বলি উঠে
অজানাৰ আগমন জানি

কাৰ জানো পৰশত
ফুলি উঠে মোৰ
মাধৈ মালতী পাহি
পশ্চিম আকাশ খনি
ৰতোৱালে ঢকা আজি
তাৰ মাজে আহে মোৰ
সোণৰ সপোন ভাঁহি ভাঁহি    
তাৰ মাজে আহে মোৰ
সোণৰ সপোন ভাঁহি ভাঁহি
কাৰ জানো পৰশত
ফুলি উঠে মোৰ
মাধৈ মালতী পাহি
মাধৈ মালতী পাহি

4. তাঁতৰ দোৰে পতি । Taator dore poti


তাঁতৰ দোৰে পতি
চলায় ঘনে পতি
পলকত টোলোঠা ঘূৰে
কোননো সেইগৰাকী
চিলনীৰ ঐ জীয়ৰী
ছেলেঙনো ছ’কঠীয়া জোৰে
অ’ পলকত টোলোঠা ঘূৰে
তাঁতৰ দোৰে পতি
চলায় ঘনে পতি
পলকত টোলোঠা ঘূৰে।

একাঁঠু ঐ বোকাতে
কোনেনো ঐ কঠীয়া
আখিয়ে আখিয়ে থ’লে
ভৰিতনো কোবে পৰি
কাণৰে ঐ থুৰীয়া
ইফালে সিফালে লৰে
অ’ পলকত টোলোঠা ঘূৰে
তাঁতৰ দোৰে পতি
চলায় ঘনে পতি
পলকত টোলোঠা ঘূৰে

কাষত এটি মূৰত এটি
শুৱাই ভৰা কলচি
জাক পাতি পানী আনে
মেনকা নে ঊৰ্বশী
খোজৰ লাচত
কঁকাল হালে-জালে
চিনিছোঁ ঐ চিনিছোঁ
মুখৰ হাঁহিত বুজিছোঁ
অসমীৰে জীয়ৰী
অসমীৰে বোৱাৰী
বাই-ভনী, কুটুমী মোৰে
অ’ পলকত টোলোঠা ঘূৰে
তাঁতৰ দোৰে পতি
চলায় ঘনে পতি
পলকত টোলোঠা ঘূৰে
কোননো সেইগৰাকী
চিলনীৰ ঐ জীয়ৰী
ছেলেঙনো ছ’কঠীয়া জোৰে
অ’ পলকত টোলোঠা ঘূৰে
পলকত টোলোঠা ঘূৰে

Leave a comment

Trending