বিদ্যুৎ
Electricity

1. শুদ্ধ উত্তৰটো বাছি উলিওৱা :

(i) R ৰোধৰ এডাল তাঁৰ পাঁচটা সমান ভাগলৈ বিভক্ত কৰা হ’ল। এই অংশবোৰ সমান্তৰালভাৱে সংযোগ কৰা হ’ল। যদি সজ্জাটোৰ সমতুল্য ৰোধ R’ হয়, তেতিয়া R/R’অনুপাত হ’ব-

(a) 1/25 (b) 1/5 (c) 5 (d) 25

উত্তৰঃ- (d) 25


(ii) তলৰ কোনটো ৰাশিয়ে বৈদ্যুতিক ক্ষমতা নির্দেশ নকৰে? HSLC-2020

(a) I2R, (b) IR2 (c) VI (d) V2/R 

উত্তৰঃ- (b) IR2


(iii) এটা বৈদ্যুতিক বাল্ব 220V আৰু 100W চিহ্নিত কৰা আছে যেতিয়া 110Vত ইয়াক ব্যৱহাৰ কৰা হয়, ই লোৱা ক্ষমতা হ’ব- HSLC-2018

(a) 100W (b) 75W (c) 50W (d) 25W 

উত্তৰঃ- (d) 25W [ p = V2/R] 


(iv) একে পদাৰ্থৰ দুডাল একে দৈৰ্ঘ্যৰ আৰু ব্যাসব পৰিবাহী তাঁৰ প্ৰথমে শ্রেণীবদ্ধ সজ্জাত আৰু পিছত সমান্তৰাল সজ্জাত এটা বৰ্তনীৰ একেটা বিভৱভেদত সংযোগ কৰা হ’ল। শ্রেণীবদ্ধ আৰু সমান্তৰাল সজ্জাত সৃষ্টি হোৱা তাপৰ অনুপাত-

(a) 1:2 (b) 2:1 (c) 1:4 (d) 4:1 

উত্তৰঃ- (c) 1:4


(v) 2 Ω ৰোধৰ তাঁৰ এডাল চাৰিটা সমান অংশত ভাগ কৰা হ’ল। অংশ চাৰিটা সমান্তৰাল সজ্জাত সংযোগ কৰা হ’ল। সমান্তৰাল সজ্জাৰ সমতূল্য ৰোধ R1 ৰে বুজালে 2 Ω : R1 হ’ব। HSLC-2015

(a) 8 (b) 1/8 (c) 1/4 (d) 16

উত্তৰঃ- (d) 16


(vi) R1 আৰু R2 ৰোধ দুটা সমান্তৰাল সজ্জাত সংযোগ কৰিলে পোৱা সমতূল্য ৰোধৰ মান—

উত্তৰঃ- 


(vii) বর্তনীত কোষৰ শ্রেণীবদ্ধ সাজোনৰ শুদ্ধ সজ্জাটো হ’ল-

উত্তৰঃ- (a) A


(viii) এটা পদাৰ্থৰ ৰোধকতাৰ এচ আই একক – HSLC-2015

(a) Ω 

(b) Ωm

(c) Ωm-1

(d) Ωm

উত্তৰঃ- (b) Ωm 


(ix) এক মাইক্ৰ’এম্পিয়াৰ বিদ্যুৎপ্রবাহ বৈ যোৱাৰ বাবে এক ছেকেণ্ডত কিমান সংখ্যক ইলেকট্রন চালিত হ’ব লাগিব? HSLC-2017

(a) 6.25×1015

(b) 6.25×109

(c) 6.25×1012

(d) 6.25×106

উত্তৰঃ- (c) 6.25×1012


(x) বৈদ্যুতিক শক্তিৰ ব্যৱহাৰিক একক 1 kWh মানে— HSLC-2019

(ক) 36×106 J

(খ) 3.6×106 J 

(গ) 3.6×10J

(ঘ) 36×104 J

উত্তৰঃ- (খ) 3.6×106 J.


(xi) বিদ্যুৎ আধানৰ এছ. আই. একক হ’ল- HS-2022 

(ক) কুলম্ব 

(খ) ভল্ট 

(গ) ৱাট 

(ঘ) জুল 

উত্তৰঃ- (ক) কুলম্ব


 (xii) এটা বৈদ্যুতিক বাল্ব 220V আৰু 100W চিহ্নিত কৰা আছে। যেতিয়া ইয়াক 110Vত ব্যৱহাৰ কৰা হয়, তেতিয়া ইয়াৰ ক্ষমতা হ’ব- HS-2018 

(ক) 100W 

(খ) 75W 

(গ) 50W 

(ঘ) 25W 

উত্তৰঃ- (ঘ) 25W 


2. বৈদ্যুতিক শক্তিৰ ব্যৱহাৰিক একক কি? HSLC-2018 

উত্তৰঃ- কিল’ৱাট ঘণ্টা।

 

3. বিদ্যুৎ আধানৰ এছ. আই. একক কি? 

উত্তৰঃ- বিদ্যুৎ আধানৰ এছ. আই. একক কুলম্ব।


4. লো আৰু পাৰাৰ ভিতৰত কোনটো ভাল পৰিবাহী?

উত্তৰঃ- লো।


5. কোনটো পদার্থ আটাইতকৈ ভাল পৰিবাহী?

উত্তৰঃ- ৰূপ।


6. এটা বৈদ্যুতিক বর্তনী বুলিলে কি বুজা?

উত্তৰঃ- বৈদ্যুতিক প্ৰৱাহৰ সোঁত বৰ পৰা বিদ্যুৎ পৰিবাহী তাঁৰেৰে সংযোগ কৰা এটা সঁজুলিক বৈদ্যুতিক বর্তনী বোলে।


7. বিদ্যুৎ বর্তনী কি?

উত্তৰঃ- বিদ্যুৎ বর্তনী হ’ল বিদ্যুৎ পৰিবাহী তাৰৰ দ্বাৰা সংযোগ কৰা বিদ্যুতৰ আহিলা।


8. বিভৱভেদক গাণিতিক ৰূপত প্ৰকাশ কৰা।

উত্তৰঃ- বিভৱভেদ (P) = সম্পাদন কার্য W/আধানৰ পৰিমাণ Q


9. পৰিবাহীত বিভৱভেদ বৰ্তাই ৰখা সঁজুলি এটাৰ নাম লিখা।

উত্তৰঃ- এটা বেটাৰী বা বিদ্যুৎ কোষ৷


10.  এডাল পৰিবাহীত ইলেকট্রনবোৰ Bৰ পৰা Aলৈ গতি কৰিছে। পৰম্পৰাগতভাৱে প্ৰবাহৰ দিশ কি হ’ব? উত্তৰৰ সাপেক্ষে যুক্তি দিয়া।

উত্তৰঃ- প্ৰবাহৰ দিশ হ’ব― Aৰ পৰা Bলৈ। কিয়নো প্ৰবাহৰ দিশ সদায় ইলেকট্ৰনৰ গতিৰ দিশৰ বিপৰীত হয়।


11.  12V বিভৱ ভেদৰ দুটা বিন্দুৰ মাজেৰে 2C আধান চালিত কৰোতে কিমান কাৰ্য্য কৰিব লাগিব? HSLC-2015 

উত্তৰঃ- 12V বিভৱ ভেদৰ দুটা বিন্দুৰ মাজেৰে 2C আধান চালিত কৰোতে 24 J কাৰ্য কৰিব লাগিব ।


12. দুটা বিন্দুৰ মাজৰ বিভৱভেদ IV বুলি ক’লে কি বুজায়?

উত্তৰঃ- দুটা বিন্দুৰ মাজৰ বিভৱভেদ 1 ভল্ট মানে হ’ল এটা বিন্দুৰ পৰা আনটো বিন্দুলৈ এক কুলম্ব আধান স্থানান্তৰ কৰোঁতে 1 জুল পৰিমাণৰ কাৰ্য কৰিব লগা হয়৷ 


13. বিদ্যুৎ প্রবাহ কাক বোলে? ইয়াৰ SI একক কি?

উত্তৰঃ- কোনো পৰিবাহীৰ মাজেৰে আধানৰ সোঁতৰ হাৰক বিদ্যুৎ প্রবাহ বোলে। প্ৰৱাহৰ এচ. আই. একক এম্পিয়াৰ। ইস্কেলাৰ ৰাশি।  এডাল পৰিবাহীৰ মাজেদি 1A প্রবাহ চালিত হৈছে। 


14. পৰিবাহীডালৰ কোনো অংশৰ মাজেৰে চালিত হোৱা ইলেকট্ৰনৰ সংখ্যা গণনা কৰা। (এটা ইলেকট্ৰনৰ আধান = 1.6×10-19 কুলম্ব)। বৈদ্যুতিক হিটাৰৰ তাপ উপাদানডাল দীপ্ত হয়; কিন্তু সংযোগী তাঁৰবোৰ এনে নহয়, কিয়?

উত্তৰঃ- এটা ইলেকট্র’নিক হিটাৰৰ কৰ্ডটো গৰম নহয়, কিন্তু বাকী অংশবোৰ গৰম হয়। ইয়াৰ কাৰণ হ’ল হিটাৰৰ বাকী অংশবোৰ উচ্চ ৰোধ বিশিষ্ট্য হোৱাৰ কাৰণে গৰম হয় কিন্তু সংযোগী তাঁৰবোৰ (Cord) ৰ ৰোধ কম হোৱাৰ বাবে দীপ্ত নহয়। 

Leave a comment

Trending