শক্তিৰ উৎসসমূহ
Sources of Energy

1. শুদ্ধ উত্তৰ বাছি উলিওৱা : 

(i) তলত উল্লেখিত কোনটো পৰম্পৰাগত শক্তিৰ উৎস? HS-2023

(ক) বায়ু শক্তি

(খ) নিউক্লীয় শক্তি

(গ) ভূ-তাপীয় শক্তি

(ঘ) তৰংগ শক্তি

উত্তৰঃ-(খ) নিউক্লীয় শক্তি


(ii) তলৰ কোনটো অপৰম্পৰাগত শক্তিৰ উৎস? HS-2022 

(ক) জীৱাশ্মজাত ইন্ধন 

(খ) তাপভিত্তিক শক্তি প্রকল্প 

(গ) জলশক্তি প্রকল্প 

(ঘ) সৌৰশক্তি

উত্তৰঃ-(ঘ) সৌৰশক্তি


(iii) তলৰ কোনটো জীৱ-ভৰ শক্তিৰ উৎসৰ উদাহৰণ নহয? HS-2019

(ক) খৰি

(খ) নিউক্লীয় শক্তি

(গ) গোবৰ গেছ

(ঘ) কয়লা

উত্তৰঃ-(খ) নিউক্লীয় শক্তি


(iv) তাপীয় শক্তি প্ৰকল্পত ব্যৱহাৰ কৰা ইন্ধনটো হ’ল-

(ক) জীৱভৰ

(খ) নিউক্লিয় শক্তি

(গ) জীৱাশ্মজাত ইন্ধন

(ঘ) ইউৰেনিয়াম

উত্তৰঃ-(গ) জীৱাশ্মজাত ইন্ধন


(v) তলৰ কোনটোৰ উপস্থিতিত এল, পি, জিক সংৰক্ষিত কৰা হয়—

(ক) উচ্চ চাপত 

(খ) উচ্চ উষ্ণতাত

(গ) অনুঘটকৰ উপস্থিতিত 

(ঘ) নিম্ন চাপত

উত্তৰঃ-(ক) উচ্চ চাপত


(vi) পানী গৰম কৰিবলৈ সৌৰজল হিটাৰ এটা ব্যবহাৰ কৰিব নোৱাৰা দিনটো হৈছে এটা-

(ক) ৰৌদ্রোজ্জ্বল দিন

(খ) ডাৱৰীয়া দিন

(গ) গৰম দিন

(ঘ) বতাহে কোবোৱা দিন।

উত্তৰঃ-(খ) ডাৱৰীয়া দিন


(vii) তলৰ কোনটো সৌৰশক্তিৰ আধাৰত নহয়-  HS-2018

(ক) ভূ-তাপীয় শক্তি

(খ) বায়ু শক্তি

(গ) নিউক্লীয় শক্তি

(ঘ) জৈৱ উপাদান।

উত্তৰঃ-(গ) নিউক্লীয় শক্তি


(viii) এনথ্রাছাইটত থকা কাৰ্বনৰ পৰিমাণ- 

(ক) 65% 

(খ) 78% 

(গ) 95% 

(ঘ) 99% উত্তৰঃ-(গ) 95%


(ix) তৰলীকৃত পেট্ৰলীয়াম গেছৰ প্ৰধান উপাদান হৈছে—

(ক) এক্টিন 

(খ) বিউটিন 

(গ) বিউটেন 

(ঘ) পেণ্টেন 

উত্তৰঃ-(গ) বিউটেন 


(x) তলৰ কোনটো পৰম্পৰাগত শক্তিৰ উৎস নহয়? 

(ক) জীৱাশ্ম ইন্ধন 

(খ) জীৱভৰ (গ) নিউক্লীয় শক্তি

(ঘ) বায়ু শক্তি

উত্তৰঃ-(গ) নিউক্লীয় শক্তি


(xi) ক’ক উৎপন্ন হয়—

(ক) পেট্ৰলিয়ামৰ পৰা 

(খ) বিটুমিনাচ কয়লাৰ পৰা 

(গ) কাঠ কয়লাৰ পৰা 

(ঘ) আয়ৰণৰ পৰা 

উত্তৰঃ-(খ) বিটুমিনাচ কয়লাৰ পৰা


(xii) বায়ুশক্তি উৎপাদনত ভাৰতৰ স্থান—

(ক) প্রথম 

(খ) তৃতীয়

(গ) পঞ্চম 

(ঘ) সপ্তম

উত্তৰঃ-(গ) পঞ্চম


(xiii) সৌৰ কোষৰ প্ৰস্তুতকৰণত ব্যৱহাৰ হয়-

(ক) এলুমিনিয়াম 

(খ) কেডমিয়াম

(গ) ছিলিকন

(ঘ) ৰূপ

উত্তৰঃ-(গ) ছিলিকন


14. এলবাৰ্ট আইষ্টাইনৰ বিখ্যাত সমীকৰণটো-

(ক) F=ma 

(খ) E=mc2

(গ) V=IR 

(ঘ) P=m

উত্তৰঃ- (খ) E=mc2


1. দৈহিক কাম সম্পাদন কৰিবলৈ পোৱা শক্তিক কি বোলে? 

উত্তৰঃ- পেশীয় শক্তি।


2. আমি শক্তিৰ বিকল্প উৎস বিচাৰো কিয়? HSLC-2018 

উত্তৰঃ- আমি শক্তিৰ বিকল্প উৎস বিচাৰো কাৰণ পৰম্পৰাগত শক্তিৰ উৎস যেনে কয়লা, পেট্ৰ’লিয়াম, প্রাকৃতিক গেছ আদি নবীকৰণ নহয়, এই উৎস সীমিত হোৱা হেতুকে ইয়াৰ ভাণ্ডাৰ শেষ হৈ যাব।


3. যদি তুমি আহাৰ গৰম কৰিবলৈ যিকোনো শক্তিৰ ব্যৱহাৰ কৰিবলৈ সক্ষম, তেন্তে কোনটো?

উত্তৰঃ- ৰন্ধনৰ বাবে আমি এল পি জি ব্যৱহাৰ কৰিম। কিয়নো ইয়াৰ কেল’ৰি মান অতি উচ্চ, প্ৰদূষণ মুক্ত আৰু উপযুক্ত জ্বলন উষ্ণতা আছে।


4. ইন্ধনৰ কেলৰি মানৰ সংজ্ঞা লিখা। এটা ভাল ইন্ধনৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰঃ- এক একক ইন্ধন জ্বলালে উৎপন্ন হোৱা শক্তিৰ পৰিমাণকে সেই ইন্ধনৰ কেলৰি মান বোলে।

এটা ভাল ইন্ধনৰ দুটা বৈশিষ্ট্য— (১) ভাল ইন্ধন এটা উচ্চ কেলৰি মান বিশিষ্ট।

(২) ভাল ইন্ধন এটাৰ এটা উপযোগী জ্বলন বিন্দু থাকে। 


5. দুটা নৱীকৰণযোগ্য শক্তিৰ উৎস নাম লিখা আৰু প্ৰত্যেকৰে এটা সুবিধা উল্লেখ কৰা। HSLC-2012

উত্তৰঃ- দুটা নৱীকৰণযোগ্য শক্তিৰ উৎস হৈছে সৌৰশক্তি আৰু বায়ুশক্তি৷

সৌৰশক্তিক আলোকভল্টীয় কোষৰ জৰিয়তে বিদ্যুৎ শক্তিলৈ ৰূপান্তৰিত কৰিব পাৰি।

বায়ু প্ৰৱাহৰ গতিশক্তি ব্যৱহাৰ কৰি বিদ্যুৎ উৎপাদন কৰিব পাৰি।


6. জল বিদ্যুৎ আৰু জীৱ ভৰ শক্তিৰ মাজত পাৰ্থক্য লিখা।

উত্তৰঃ- (i) জীৱ ভৰত ৰাসায়নিক শক্তি নিহিত থাকে কিন্তু জল বিদ্যুতত গতি শক্তি নিহিত থাকে।

(ii) জীৱভৰ প্ৰদূষণ যুক্ত আনহাতে জল বিদ্যুৎ প্ৰদূষণ মুক্ত শক্তি। 


7. ভাল ইন্ধনৰ বৈশিষ্ট্যবোৰ লিখা।

উত্তৰঃ- কোনো এটা ইন্ধন উত্তম হ’বলৈ হ’লে ইয়াৰ-

(i) ইন্ধনবোৰ সহজলভ্য হ’ব লাগে।

(ii) ইন্ধন হিচাপে ইয়াৰ কেল’ৰি মান অতি উচ্চ হোৱা দৰকাৰী।

(iii) ইন্ধনৰ এটা উপযুক্ত জ্বলন উষ্ণতা থকা দৰকাৰ৷ 

(iv) ইন্ধন এটাৰ দহন বেগ মধ্যমীয়া হ’ব লাগে।

(v) ইন্ধন এটাত অতি কম অনুপাতত অশুদ্ধি বা দহন নোহোৱা পদাৰ্থ থকাটো উচিত যাতে প্ৰদূষণৰ কাৰক নহয়।

(vi) ইয়াৰ সংৰক্ষণ আৰু বহন সহজ হ’ব লাগে। 

(vii) কম খৰচত হ’ব লাগিব।


8. জীৱাশ্মজাত ইন্ধনবিলাক কি? HSLC-2020 এই বিলাক ইন্ধনৰ দহনৰ ফলত হোৱা অসুবিধা এটা উল্লেখ কৰা। HSLC-2017

উত্তৰঃ- নিযুত নিযুত বছৰ ধৰি উদ্ভিদ তথা প্ৰাণীৰ মৃতদেহ ভূগৰ্ভস্থ হৈ চাপ আৰু তাপৰ প্ৰভাৱত ইয়াৰ পৰা উৎপন্ন হোৱা ইন্ধনক জীৱাশ্মজাত ইন্ধন বোলে। যেনে— কয়লা আৰু পেট্ৰ’লিয়াম। এই ইন্ধনসমূহ অনৱীকৰণ হোৱা হেতুকে অতিশয় সুপৰিকল্পিতভাৱে ব্যৱহাৰ কৰা উচিত।

এই বিলাক ইন্ধন দহনৰ ফলত হোৱা এটা অসুবিধা তলত উল্লেখ কৰা হ’ল— এইবিলাক ইন্ধন দহন কৰিলে উৎপন্ন হোৱা কাৰ্বন-ডাই-অক্সাইড (CO2) এবিধ সেউজ-গৃহ গেছ; বায়ুমণ্ডলত যাৰ মাত্ৰাধিক উপস্থিতিয়ে গোলকীয় উত্তাপ বৃদ্ধি কৰে।


9. অৱতল, উত্তল নে সমতল দাপোণ সৌৰকুকাৰত ব্যৱহাৰৰ বাবে উৎকৃষ্ট দাপোণ। আৰু জীৱভৰৰ জলবিদ্যুত শক্তিৰ মাজত পাৰ্থক্য লিখা।

উত্তৰঃ- সৌৰকুকাৰ নিৰ্মাণত অৱতল দাপোণ ব্যৱহাৰ উৎকৃষ্ট। কাৰণ অৱতল দাপোণত উচ্চ তাপমাত্রা সৃষ্টিৰ বাবে সূৰ্যৰ কিৰণক ফ’কাছ কৰাৰ কামত ব্যৱহাৰ কৰা হয়।

(i) জীৱভৰত ৰাসায়নিক শক্তি নিহিত থাকে কিন্তু জল বিদ্যুতত গতি শক্তি নিহিত থাকে।

(ii) জীৱভৰ প্ৰদূষণ যুক্ত আনহাতে জল বিদ্যুৎ প্ৰদূষণ মুক্ত শক্তি।


10. তাপীয় শক্তি কি? নিউক্লীয় শক্তিৰ সুবিধাসমূহ কি কি? 

উত্তৰঃ- ভূ-তাপশক্তি : ভূ-পৃষ্ঠৰ অভ্যন্তৰ ভাগত থকা উষ্ণঅঞ্চলৰ সংস্পৰ্শলৈ অহা জলীয় বাষ্পৰ পৰা পোৱা শক্তিক ভূ-তাপশক্তি বোলে। নিউজিলেণ্ড আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত কিছুসংখ্যক ভূ-তাপশক্তিকেন্দ্রিক বিদ্যুৎ উৎপাদন কেন্দ্র গঢ়ি উঠিছে।

নিউক্লিয় শক্তিৰ সুবিধাসমূহ হ’ল—

(i) অতি সামান্য ইউৰেনিয়াম ব্যৱহাৰ কৰিলে অধিক নিউক্লিয় শক্তি উৎপন্ন হয়।

(ii) বায়ু প্ৰদূষণ নহয়।


11. শক্তিৰ প্ৰত্যক্ষ উৎস হিচাপে জীৱাশ্মজাত ইন্ধন আৰু সৌৰ শক্তিৰ তুলনা কৰা। HSLC-2015

উত্তৰঃ- শক্তিৰ প্ৰত্যক্ষ উৎস হিচাপে জীৱাশ্মজাত ইন্ধন আৰু সৌৰ শক্তিৰ তুলনা কৰা হ’ল—

i) জীৱাশ্মজাত ইন্ধন অনৱীকৰণযোগ্য শক্তিৰ উৎস আনহাতে সৌৰ শক্তি নৱীকৰণযোগ্য শক্তিৰ উৎস। 

ii) জীৱাশ্মজাত ইন্ধনৰ দ্বাৰা পৰিৱেশ প্ৰদূষিত হয় আনহাতে সৌৰ শক্তিৰ দ্বাৰা পৰিৱেশ প্ৰদূষিত নহয়।


12. জীৱাশ্মজাত ইন্ধনৰ অসুবিধাসমূহ কি কি? HSLC-2017

উত্তৰঃ- জীৱাশ্ম ইন্ধন ব্যৱহাৰ কৰা প্ৰধান অসুবিধাসমূহ হ’ল- 

(i) জীৱাশ্ম ইন্ধনবোৰ নবীকৰণ অযোগ্য ইন্ধন। গতিকে লাহে লাহে নোহোৱা হ’ব পাৰে।

(ii) জীৱাশ্ম ইন্ধনৰ দহনত বহু পৰিমাণে CO2 গেছ উৎপন্ন হয় আৰু গোলকীয় উষ্ণতা বৃদ্ধিত অৰিহণা যোগায়। 

(iii) নিম্নমানৰ কয়লা জ্বলালে CO2 গেছ উৎপন্ন হয় আৰু বায়ু প্ৰদূষণ কৰে।


13. এটা আদর্শ শক্তি উৎসৰ গুণসমূহ কি কি? তুমি ক্ষয়িষ্ণু বুলি বিবেচনা কৰা শক্তিৰ দুটা উৎসৰ নাম উল্লেখ কৰা। HSLC-2019

উত্তৰঃ- এটা আদর্শ শক্তিৰ উৎসৰ গুণবোৰ হৈছে— 

(i) ই প্রতি একক আয়তন বা ভৰৰ বিনিময়ত সৰহ পৰিমাণৰ কাৰ্য কৰে। 

(ii) ই সহজেই উপলব্ধ। 

(iii) ই মিতব্যয়ী। 

(iv) ইয়াৰ সঞ্চয় আৰু পৰিবহন সহজসাধ্য। 

(v) ই পৰিৱেশ প্ৰদূষিত নকৰে।

দুটা ক্ষয়িষ্ণু শক্তিৰ উৎস হৈছে— কয়লা আৰু পেট্রলিয়াম। জীৱাশ্ম ইন্ধন হোৱা বাবে ইহঁতৰ উৎপত্তি হ’বলৈ বহু হাজাৰ বছৰৰ প্ৰয়োজন। তাৰোপৰি এবাৰ ব্যৱহাৰৰ পিছত এইবোৰ নিঃশেষ হৈ যায়। 


14. সমুদ্ৰৰ পৰা উৎপন্ন শক্তিৰ উৎসবোৰ কি কি? যিকোনো এটাৰ সীমাবদ্ধতা উল্লেখ কৰা। HSLC-2016, 2020

উত্তৰঃ- সমুদ্রৰ পৰা উৎপন্ন হোৱা শক্তিবোৰ হ’ল-

(i) জোৱাৰ ভাটাৰ শক্তি। 

(ii) তৰংগ শক্তি। 

(iii) মহাসামুদ্রিক তাপীয় শক্তি।

ইয়াৰে যিকোনো এটা শক্তি, জোৱাৰ ভাটাৰ শক্তিৰ সীমাবদ্ধতা হ’ল- এনে শক্তি উৎপন্ন কৰিব পৰা উপযুক্ত ঠাইৰ পৰিমাণ অতি কম। লগতে উৎপন্ন শক্তিৰ পৰিমাণো কম।

Leave a comment

Trending