ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ
Chemical Reactions and Equations
দ্বি-অপসৰণ বিক্ৰিয়া এটাৰ উদাহৰণ দিয়া। HSLC-2019
উত্তৰঃ- দ্বি-অপসৰণ বিক্ৰিয়াৰ এটা উদাহৰণ হৈছে— BaCl2(aq)+Na2SO4 (aq) BaSO4 (s) +2NaCl(aq) ৰাসায়নিক বিক্রিয়া কাক কয়? তলৰ ৰাসায়নিক বিক্ৰিয়া দুটাৰ বাবে সন্তুলিত সমীকৰণ লিখা।
(i) হাইড্র’জেন + ক্ল’ৰিণ → হাইড্ৰ’জেন ক্ল’ৰাইড
(ii) ছ’ডিয়াম + পানী → ছ’ডিয়াম হাইড্র’ক্সাইড + হাইড্ৰ’জেন।
উত্তৰঃ- যি প্ৰক্ৰিয়াত এক বা ততোধিক পদাৰ্থ ৰাসায়নিক ভাৱে পৰিৱৰ্তিত হৈ নতুন গুণ বিশিষ্ট নতুন পদাৰ্থৰ উৎপন্ন হয় তাকে ৰাসায়নিক বিক্ৰিয়া (Chemical Reactions) বোলা হয়।
(i) H2 +Cl2 → 2HCl
(ii) 2Na+ 2H2O → 2NaOH+H2
বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল পৰিস্কাৰ কৰি ল’ব লাগে কিয়? HSLC-2019
উত্তৰঃ- মেগনেছিয়াম এবিধ সক্রিয় ধাতু হোৱা বাবে ই বায়ুত থকা অক্সিজেনৰ লগত বিক্ৰিয়া কৰি দাহিত হয়। এনে অবাঞ্ছিত দহন নঘটিবৰ বাবে মেগনেছিয়ামৰ ফিটাডালত মেগনেছিয়াম কার্বনেট (MgCO3) ৰ এটা তৰপ সৃষ্টি হয়। ফলত অক্সিজেন Mg ধাতুৰ সংস্পৰ্শলৈ আহিব নোৱাৰে। সেয়েহে MgCO3 ৰ প্ৰলেপটো আতৰাবলৈ বায়ুত দহন কৰাৰ আগতে মেগনেছিয়ামৰ ফিটাডাল পৰিষ্কাৰ কৰি ল’ব লাগে যাতে অক্সিজেনৰ সম্পূৰ্ণ পৰিৱেশত দহন সংঘটিত হয়।
মেগনেছিয়ামৰ ফিটা চকুৰ পৰা আঁতৰত জ্বলাব লাগে কিয়?
উত্তৰঃ- মেগনেছিয়ামৰ ফিটা জ্বলাওঁতে চকুৰ পৰা আঁতৰত ৰাখি জ্বলোৱাৰ কাৰণ হ’ল- ই জ্বলাৰ সময়ত অতি মাত্ৰা বগা পোহৰ নিৰ্গত কৰে যিটো চকুৰ কাৰণে বৰ অপকাৰী।
জঁকা আৰু সন্তুলিত ৰাসায়নিক সমীকৰণৰ পাৰ্থক্য লিখা।
উত্তৰঃ- জঁকা ৰাসায়নিক সমীকৰণৰ দুয়োফালে থকা বিক্রিয়ক আৰু বিক্রিয়াজাত পদাৰ্থসমূহৰ কোনোটো মৌলৰ পৰমাণু সংখ্যা একে নাথাকে। কিন্তু সন্তুলিত ৰাসায়নিক সমীকৰণত মৌলসমূহৰ পৰমাণুৰ সংখ্যা সমীকৰণৰ দুয়োফালে সমান হয়। জঁকা ৰাসায়নিক সমীকৰণে সন্তুলিত ৰাসায়নিক সমীকৰণৰ দৰে ভৰৰ নিত্যতা সূত্র মানি নচলে।
তলৰ বিক্ৰিয়াবোৰৰ বাবে অৱস্থা চিহ্ন (State Symbols) সহ একোটা সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা।
(i) বেৰিয়াম ক্ল’ৰাইড আৰু ছডিয়াম ছালফেটৰ জলীয় দ্ৰৱৰ মাজত বিক্রিয়া ঘটি অদ্রাব্য বেৰিয়াম ছালফেট আৰু ছ’ডিয়াম ক্ল’ৰাইডৰ দ্ৰৱ প্ৰস্তুত হয়। HSLC-2017, 2019
(ii) ছ’ডিয়াম হাইড্র’ক্সাইডৰ দ্ৰৱ (পানীত) হাইড্ৰ’ক্ল’ৰিক এচিডৰ দ্ৰব (পানীত)ৰ সৈতে বিক্ৰিয়া কৰি ছ’ডিয়াম ক্ল’ৰাইডৰ দ্ৰৱ আৰু পানী উৎপন্ন কৰে। HSLC-2017
উত্তৰঃ- (i) BaCl2 (1)+Na2SO4 (aq) BaSO4 + 2NaCl
(ii) NaOH (aq)+HCI → NaCl+H2O
q. তলৰ সমীকৰণৰ বাবে x,y,z ৰ মান লিখা। xHCI+02→yH2O+zCI2
উত্তৰঃ- x=4, y=2, z-2
q. এটা পদাৰ্থ ‘X’ ৰ দ্রৱক বগা ৰং সানিবলৈ (White Washing) ব্যৱহাৰ কৰা হয়। HSLC-2020
(i) পদাৰ্থ ‘X’ ৰ নাম আৰু সংকেত লিখা।
(ii) পানীৰ সৈতে পদাৰ্থ ‘X’ -এ কৰা বিক্ৰিয়াটো লিখা।
উত্তৰঃ- (i) ‘X’ কেলছিয়াম অক্সাইড সংকেত CaO।
(ii) CaO+H2O → Ca(OH)2 । HSLC-2017
Q. সংজ্ঞা লিখা-
(ii) সংযোজন বিক্রিয়া
(ii) বিযোজন বিক্রিয়া
(iii) প্রতিষ্ঠাপন বিক্রিয়া।
উত্তৰঃ- সংযোজন বিক্রিয়া : যি বিক্ৰিয়াত দুই বা ততোধিক বিক্রিয়ক লগ হৈ মাত্ৰ এটা বিক্রিয়াজাত পদাৰ্থৰ উৎপন্ন হয় তাকে সংযোজন বিক্রিয়া বোলে। যেনে- H2(g)+CI2 (g) – 2HC1 (1)
বিযোজন বিক্রিয়া : যি বিক্ৰিয়াত শক্তিৰ উপস্থিতিত এটা বিক্রিয়ক পদার্থই একাধিক সৰল বিক্রিয়াজাত পদার্থনৈ ৰূপান্তৰিত হয় তাক বিযোজন বিক্রিয়া বোলে।যেনে- CaCO3 (s) → CaO(s)+CO3(g)
প্রতিষ্ঠাপন বিক্রিয়া : যি বিক্ৰিয়াত এটা যৌগৰ পৰা এটা মৌলক আন এটা মৌলই প্ৰতিষ্ঠাপন কৰি নতুন গঠন কৰে তাকে প্ৰতিষ্ঠাপন বিক্রিয়া বোলে। HSLC-2018
উদাহৰণ- CuSO 4(aq)+Zn(s) ZnSO4 + Cu(s)
Q. লোৰ গজাল এটা ডুবাই ৰাখিলে ক’পাৰ ছালফেট দ্রব এটাৰ ৰঙৰ পৰিৱৰ্তন ঘটে কিয়?
উত্তৰঃ- ক’পাৰ ছালফেট দ্ৰৱৰ বৰণ নীলা। এই দ্রৱত এটা লোৰ গজাল ডুবালে নীলা বৰণৰ পৰিৱৰ্তন ঘটে। কাৰণ লো তামতকৈ অধিক সক্ৰিয় হোৱা বাবে ই তামক অপসাৰণ কৰি ফেৰাছ ছালফেট আৰু তাম উৎপন্ন কৰে।
CuSO4 (aq)+Fe (s) → FeSO4 (aq) + Cu(s)
Q. তলৰ বিক্রিয়াকেইটাত জাৰিত আৰু বিজাৰিত হোৱা পদাৰ্থসমূহ বাছি উলিওৱা। HSLC – 2017
(i) 4Na (s) + O2(g) → 2Na2 O(s)
(ii) CuO (s) +H2(g) → Cu(s) +H2O (1)
উত্তৰঃ- (i) ছ’ডিয়াম ধাতু জাৰিত হৈছে আৰু অক্সিজেন বিজাৰিত হৈ Na2O গঠিত হৈছে।
(ii) ক’পাৰ অক্সাইড বিজাৰিত হৈ ক’পাৰ আৰু হাইড্ৰ’জেন জাৰিত পানী (H2O)2 গঠিত হৈছে।
উত্তপ্ত কপাৰ (II) অক্সাইডৰ ওপৰেদি হাইড্ৰ’জেন গেছ পঠোৱাত কপাৰ আৰু জলীয় ভাপ উৎপন্ন হৈছে। ইয়াৰ সন্তুলিত সমীকৰণ লিখা আৰু কি ধৰণৰ বিক্ৰিয়া সংঘটিত হৈছে লিখা।
উত্তৰঃ- CuO(s)+H2(g) → Cu(s)+H2O(g) বিক্ৰিয়াটো হৈছে জাৰণ বিজাৰণ (Radox) বিক্রিয়া।
Q. তাপবৰ্জী আৰু তাপগ্ৰাহী ৰাসায়নিক বিক্ৰিয়াৰ পার্থক্য লিখা। শ্বসন এক তাপবর্জী বিক্রিয়া কিয়? অক্সিজেনত কাৰ্বন দহন এটা তাপবর্জী বিক্রিয়া হয়নে?
উত্তৰঃ- তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়াত তাপৰ উদ্ভৱ হয় কিন্তু তাপগ্ৰাহী ৰাসায়নিক বিক্ৰিয়াত তাপ শোষণ হয়৷
শ্বসন প্ৰক্ৰিয়াত শক্তিৰ উদ্ভৱ হয় বাবে ইয়াক তাপবর্জী বিক্রিয়া বুলি কোৱা হয়।
হয়। এই বিক্ৰিয়াত তাপৰ উদ্ভৱ হয় বাবে তাপবর্জী বিক্ৰিয়া বুলি কোৱা হয়।
Q. সন্তুলিত ৰাসায়নিক সমীকৰণ কি? ৰাসায়নিক সমীকৰণসমূহ কিয় সন্তুলিত কৰিব লাগে?
উত্তৰঃ- যেতিয়া এটা ৰাসায়নিক সমীকৰণৰ বিক্রিয়ক আৰু বিক্রিয়াজাত পদাৰ্থৰ পৰমাণুৰ সংখ্যা সমান কৰা হয় তেতিয়া তাক সন্তুলিত ৰাসায়নিক সমীকৰণ বোলে। এই সমীকৰণে ভৰৰ নিত্যতা সূত্ৰ মানি চলে। সন্তুলিত ৰাসায়নিক সমীকৰণৰ পৰা সমীকৰণটোকে ধৰি বিক্রিয়ক আৰু বিক্রিয়াজাত পদাৰ্থৰ সঠিক তথ্য পাব পাৰি।
q. তলৰ উক্তিসমূহ ৰাসায়নিক সমীকৰণৰ ৰূপত লিখা আৰু সন্তুলন কৰা।
(a) হাইড্ৰ’জেন গেছে নাইট্ৰ’জেনৰে সৈতে লগ হৈ এম’নিয়া প্রস্তুত কৰে। HSLC-2016, 2018
(b) হাইড্ৰ’জেন ছালফাইডে বায়ুত দাহিত হৈ পানী আৰু ছালফাৰ-ডাই-অক্সাইড উৎপন্ন কৰে। HSLC-2015, 2018, 2020
(c) বেৰিয়াম ক্ল’ৰাইডে এলুমিনিয়াম ছালফেটেৰ সৈতে বিক্ৰিয়া কৰি এলুমিনিয়াম ক্ল’ৰাইড আৰু বেৰিয়াম ছালফেট অধঃক্ষেপ উৎপন্ন কৰে। HSLC-2015, 2020
(d) পটেছিয়াম ধাতুৱে পানীৰে সৈতে বিক্ৰিয়া কৰি পটেছিয়াম হাইড্র’ক্সাইড আৰু হাইড্ৰ’জেন গেছ উৎপন্ন কৰে।
উত্তৰঃ- (a) 3H2(g) +N2(g) →2NH3(g)
(b) 2H2S(g)+302(g)→2H2O(l)+2SO2(g)
(c) 3BaCl2(aq)+Al2 (SO4)3 (aq) → 2AICI3 (aq)+3 BaSO4(s)
(d) 2K(s)+2H2O(l) →2KOH(aq) +H2(g)
তলৰ ৰাসায়নিক সমীকৰণসমূহ সন্তুলন কৰা।
(a) HNO3 +Ca(OH)3→ Ca(NO3)2+H2O
(b) NaOH+H2SO4→ Na2SO4 +H20
(c) NaCl+AgNO3 → AgCl+NaNo3
(d) BaCl2 + H2 SO4 → BaSO4 + HCl
উত্তৰঃ-
(a) 2HNO,(aq)+Ca(OH)2(aq) → Ca(NO3)2 (aq)+2H2O (I)
(b) 2NaOH (aq) + H2SO 4 → Na2 SO4 (aq) +2H2O(I)
(c) NaCl(aq)+AgNO3(aq) → AgCl(S) +Na NO3(aq)
(d) BaCl2 (aq) +H2SO (aq) BaSO4 (s) + 2HCl (aq)
q. তলৰ বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণবোৰ লিখা।
(a) কেলছিয়াম হাইড্র’ক্সাইড + কার্বন-ডাই-অক্সাইড → কেলছিয়াম কার্বনেট + পানী
(b) যিংক + ছিলভাৰ নাইট্রেট → যিংক নাইট্রেট + ছিলভাৰ
(c) এলুমিনিয়াম + ক’পাৰ ক্ল’ৰাইড → এলুমিনিয়াম ক’ৰাইড + ক’পাৰ
(d) বেৰিয়াম ক্ল’ৰাইড + পটেছিয়াম ছালফেট → বেৰিয়াম ছালফেট + পটেছিয়াম ক্ল’ৰাইড
উত্তৰঃ- (a) Ca(OH)2(aq)+CO2(g) → CaCO3 (s)+H2O(I)
(b) Zn(s) + 2AgNO3 (aq) → Zn (NO3)2 (aq)+ 2Ag(s)
(c) 2A1(s) + 3CuCI2 (aq) → 2AICI3 (aq) +3 Cu(s)
(d) BaC12(aq)+K2SO4(aq) → BaSO4(s) + 2KCI (aq)
তলত দিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা আৰু প্ৰতিটো কোন প্ৰকাৰৰ বিক্ৰিয়া চিনাক্ত কৰা।
(a) পটেছিয়াম ব্র’মাইড (aq) + বেৰিয়াম আয়’ডাইড (aq) → পটেছিয়াম আয়’ডাইড (aq) + বেৰিয়াম ব্র’মাইড (s)
(b) যিংক কার্বনেট (s) → যিংক অক্সাইড (s) + কার্বন-ডাই-অক্সাইড (g)
HSLC-2016
(c) হাইড্ৰ’জেন (g) + ক্ল’ৰিন (g) → হাইড্ৰ’জেন ক্ল’ৰাইড (g)
(d) মেগনেছিয়াম (s) + হাইড্ৰ’ক্ল’ৰিক এচিড (aq) → মেগনেছিয়াম ক্ল’ৰাইড (aq) + হাইড্ৰ’জেন (g)
উত্তৰঃ- (a) 2KBr(aq)+Bal2(aq) → 2KI(aq)+ BaBr2 (s) দ্বি-অপসাৰণ বিক্রিয়া
(b) ZnCO3(s) → ZnO(s)+CO2(g) বিয়োজন বিক্রিয়া
(c) H2(g)+Cl2 (g) → 2HCl(g) সংযোজন বিক্রিয়া
(d) Mg(s)+2HCl(aq) → MgCl2(aq)+H2(g)
অপসাৰণ বিক্রিয়া
Q. তাপবৰ্জী আৰু তাপগ্রাহী বিক্রিয়া বুলিলে কি বুজা? উদাহৰণ দিয়া।
উত্তৰঃ- যিবোৰ বিক্ৰিয়াত শক্তি শোষিত হয় তেনেবোৰ বিক্ৰিয়াক তাপগ্রাহী বিক্রিয়া বোলে। উদাহৰণস্বৰূপে— 2Ag Br(s) সূৰ্যৰ পোহৰ 2Ag (s)+ Br2(g)
→
যিবোৰ বিক্ৰিয়াত বিক্রিয়াজাত পদার্থ উৎপন্ন হোৱাৰ লগতে তাপৰ উদ্ভৱ হয় সেইবোৰক তাপবর্জী ৰাসায়নিক বিক্ৰিয়া বোলে। উদাহৰণস্বৰূপে-
CH4 (g)+2O2 (g) → CO2 (g)+2H2 O (g)
Q. শ্বসনক এটা তাপবর্জী বিক্রিয়া বুলি কিয় বিবেচনা কৰা হৈছে? ব্যাখ্যা কৰা।
উত্তৰঃ- শ্বাসকার্যত অক্সিজেনৰ উপস্থিতিত খাদ্য জাৰিত হয় আৰু তাত শক্তিৰ উদ্ভৱ হয়।
যিহেতু শ্বাসকার্য চলাৰ সময়তে তাপশক্তি উৎপন্ন হয় সেইবাবে শ্বাসকার্যক তাপবর্জী বিক্রিয়া বোলে।
ইথানলক ইথান’য়িক এচিডলৈ ৰূপান্তৰ কৰাটো কিয় এটা জাৰণ বিক্রিয়া? HSLC-2018
উত্তৰঃ- ইথানলক ক্ষাৰকীয় KMnO4 বা আম্লিক K2, Cr2, O7 ৰ উপস্থিতিত উত্তপ্ত কৰিলে ইথানলে অক্সিজেন গ্রহণ কৰি ইথানয়িক এছিড উৎপন্ন কৰে বাবে ই এটা জাৰণ বিক্রিয়া।
Q. বিয়োজক বিক্ৰিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয় কিয়? এইবোৰ বিক্ৰিয়াৰ সমীকৰণ লিখা। HSLC-2015
উত্তৰঃ- বিয়োজন বিক্ৰিয়াত এটা পদার্থ দুই বা ততোধিক অংশলৈ ভাঙি যায় আনহাতে, সংযোজন বিক্ৰিয়াত দুই বা ততোধিক পদার্থ লগ হৈ এটা মাত্র বিক্রিয়াজাত পদার্থ সৃষ্টি হয়। সেয়েহে বিযোজন বিক্রিয়াক সংযোজন বিক্রিয়াৰ বিপৰীত বোলা হয়।
বিয়োজন বিক্ৰিয়াৰ সমীকৰণ :
Ca CO3 (s) → CaO (s) + CO2 (g)
সংযোজন বিক্ৰিয়াৰ সমীকৰণ :
CaO (s) + H2O → Ca (OH)2 (aq)
Q. তাপ, পোহৰ আৰু বিদ্যুৎ শক্তিৰে সংঘটিত বিযোজন বিক্ৰিয়াৰ একোটাকৈ সমীকৰণ লিখা।
উত্তৰঃ- এটা বিযোজন বিক্ৰিয়াত এটা যৌগ তাপ, সূৰ্য্যৰ ৰশ্মি, বিদ্যুতৰ প্ৰভাৱত দুই বা ততোধিক নতুন যৌগত দ্বিখণ্ডিত হয়।
যেনে-
(i) CaCO3(s) তাপ→ CaO(s)+CO2(g)
(ii) 2AgCl সূৰ্য্যৰ ৰশ্মি→ 2Ag+Cl2(g)
(iii) 2H2O(l) বিদ্যুৎ শক্তি → 2H2 +O2
q. অপসৰণ আৰু দ্বি-অপসৰণ বিক্ৰিয়াৰ মাজত পাৰ্থক্য কি? এই বিক্ৰিয়াবোৰৰ বাবে সমীকৰণ লিখা।
উত্তৰঃ- এটা স্থানান্তৰ বিক্ৰিয়াত (displacement reaction) বেছি সক্রিয় ধাতুৱে কম সক্রিয় ধাতুক দ্ৰৱনৰ পৰা স্থানান্তৰ কৰিব পাৰে। যেনে- CuSO4 + Zn → ZnSO4 + Cu(s)
কিন্তু দ্বি-স্থানান্তৰ বিক্ৰিয়াত দুই বা ততোধিক যৌগ সিহঁতৰ আয়নবোৰৰ বিনিময়ৰ দ্বাৰা নতুন যৌগ গঠন কৰে। যেনে— NaOH+HCI → NaCl+H2O.
q. অধঃক্ষেপণ বিক্রিয়া মানে কি বুজা? ছিলভাৰৰ পৰিশোধনত ছিলভাৰ নাইট্রে’ট দ্ৰৱৰ পৰা ছিলভাৰ আহৰণ কৰোঁতে ক’পাৰ ধাতুৰ দ্বাৰা অপসাৰণ সংঘটিত কৰা হয়। জড়িত বিক্ৰিয়াটো লিখা।
উত্তৰঃ- যি বিক্রিয়াত বিক্রিয়কবোৰে বিক্ৰিয়া কৰি এটা অদ্ৰৱনীয় যৌগ গঠন কৰে আৰু যৌগবোৰ অধঃক্ষিপ্ত হয়, তাক অধঃক্ষেপণ বিক্রিয়া বোলে।
যেনে– AgNO3 (aq)+NaCl (aq) → AgCl
(বগা অধঃক্ষেপণ) (S)+NaNO3(aq)
বিক্ৰিয়াটো হ’ল-
Cu(s)+2AgNO3 → Cu(NO3)2 (aq)+2Ag
q. অক্সিজেন বৃদ্ধি অথবা ক্ষতিৰ সংজ্ঞাৰে তলৰ পদসমূহৰ এটাকৈ উদাহৰণসহ ব্যাখ্যা কৰা :
(i) জাৰণ (ii) বিজাৰণ HSLC-2019
উত্তৰঃ- (a) (i) জাৰণ : যি বিক্ৰিয়াত কোনো পদাৰ্থৰ লগত অক্সিজেন যোগ হয় তাকে জাৰণ বিক্রিয়া বোলে। উদাহৰণস্বৰূপে—
2Mg (s) + O2(g) → 2MgO(s)
(ii) যি বিক্ৰিয়াত কোনো পদাৰ্থৰ পৰা অক্সিজেন অপসাৰিত হয় তাকে বিজাৰণ বিক্রিয়া বোলে। উদাহৰণস্বৰূপে—
ZnO+C → Zn+CO
এই বিক্ৰিয়াত জিংক অক্সাইডৰ পৰা অক্সিজেন অপসাৰিত হৈ জিংক ধাতু উৎপন্ন হৈছে।
Q. তলৰ বিক্ৰিয়া দুটা কি প্ৰকাৰৰ বিক্রিয়া চিনাক্ত কৰা আৰু সন্তুলিত সমীকৰণ লিখা।
(i) বিক্ৰিয়াত মিশ্রণখিনি গৰম হৈছে।
(ii) বিক্ৰিয়াত অদ্রাব্য পদার্থ উৎপন্ন হৈছে।
উত্তৰঃ- (i) তাপবর্জী ৰাসায়নিক বিক্ৰিয়া
CH4 +2O2 → CO2+2H2O+ তাপ।
(ii) অধঃক্ষেপন বিক্রিয়া Na2 SO4 (aq) + BaCl2 (1) → BaSO (s)+ 2NaCl(aq) অধঃক্ষেপন।
এটা উজ্জ্বল মুগা ৰঙৰ মৌল ‘X’ক বায়ুত গৰম কৰাত ক’লা হৈ পৰিল। মৌল ‘X’ আৰু উৎপন্ন হোৱা ক’লা ৰঙৰ যৌগটোৰ নাম লিখা।
উত্তৰঃ- ‘X’ মৌল হ’ল তাম। ই বায়ুত জাৰিত হৈ CuO গঠন কৰে আৰু ইয়াৰ বৰণ ক’লা।
2Cu(S)+O2(g) → 2CuO (S)
Q. লোৰ বস্তুত ৰঙৰ প্ৰলেপ দিয়া হয় কিয়? মামৰ উৎপন্ন হোৱা বিক্ৰিয়াটো লিখা।
উত্তৰঃ- লোৰে নিৰ্মিত বস্তুৰ ওপৰত ৰঙৰ প্ৰলেপ দি মামৰে ধৰাৰ পৰা ৰক্ষা কৰা হয়। যেতিয়া বস্তুবোৰৰ পৃষ্ঠ ৰং কৰা হয়, তেতিয়া বস্তুবোৰৰ পৃষ্ঠ অক্সিজেন আৰু বায়ুৰ পানীৰ সংস্পৰ্শত আহিব নোৱাৰে। ফলস্বৰূপে লোৰ নির্মিত বস্তুত মামৰে নধৰি ক্ষয় প্রাপ্ত নহয়।
মামৰ উৎপন্ন হোৱা বিক্ৰিয়াটো হ’ল—
4Fe+302+H2O → 2Fe202+H20
Q. আইৰণৰ ক্ষয়ভৱনক কি কয়?
উত্তৰঃ- মামৰ।
Q. কিয় লোৰ ক্ষয়ভৱন এটা সমস্যা।
উত্তৰঃ- ক্ষয়ভৱনৰ বাবে লোৰ বস্তু প্ৰায়ে নষ্ট হয়। বেয়া হোৱা লোৰ সলনিৰ নামত বছৰি বৃহৎ অংকৰ ধন ব্যয় হয়।
q. তেল আৰু চৰ্বি থকা খাদ্যবস্তু নাইট্ৰ’জেনৰ পৰিৱেশত পেকেটত ভৰোৱা হয় কিয়? HSLC-2018
উত্তৰঃ- তেল আৰু চৰ্বিযুক্ত খাদ্য সোনকালে জাৰিত হৈ পচি যায় আৰু দুৰ্গন্ধ ওলায়। নাইট্ৰ’জেনৰ পৰিৱেশত খাদ্যবস্তু পেকেট কৰিলে জাৰিত হোৱাত বাধা দিয়ে আৰু খাদ্যবস্তু ভালে থাকে। নাইট্র’জেনে খাদ্যবস্তু বায়ুৰ সংস্পৰ্শলৈ আহিবলৈ নিদিয়ে ফলত চর্বীজাতীয় খাদ্যবস্তু বেয়া নহয়।
q. এটা উদাহৰণৰ সৈতে তলৰ পদসমূহ ব্যাখ্যা কৰা।
(a) ক্ষয়ীভৱন (b) চৰ্বিৰ দুৰ্গন্ধিতা
উত্তৰঃ- (a) ক্ষয়ীভবন (Corrosion) : কিছুমান ধাতু অতি সক্রিয়। এই ধাতুবোৰ বায়ু, পানী বা জলীয় বাষ্পৰ সংস্পৰ্শলৈ আহিলে বায়ুৰ অক্সিজেন বা জলীয় বাষ্পৰ লগত ৰাসায়নিক বিক্ৰিয়া ঘটি ধাতুৰ যৌগলৈ ৰূপান্তৰিত হয়। ইয়াকে ক্ষয়ীভৱন বোলে। খোলা ঠাইত লোৰ টুকুৰা এটা ৰাখি থ’লে, লো টুকুৰাত মামৰে ধৰে। এই মামৰে ধৰা হ’ল একধৰণৰ ক্ষয়ীভৱন। ক্ষয়ীভৱনৰ দ্বাৰা লো অক্সাইডত পৰিণত হয়।
(b) চৰ্বিৰ দুৰ্গন্ধিতা (Rancidity) : অক্সিজেনৰ উপস্থিতিত চর্বিজাতীয় খাদ্য-সামগ্ৰী জাৰিত হৈ পচি যায় আৰু দুৰ্গন্ধ ওলায় তাকে পচি যোৱা বোলে।
উদাহৰণ- মাখন অলপ বহুদিন সাধাৰণ উষ্ণতাত থ’লে গলি যায় আৰু তাৰ পৰা দুৰ্গন্ধ নিৰ্গত হয়।
q. প্রশমন বিক্রিয়া কি? উদাহৰণ দিয়া। HSLC-2019
উত্তৰঃ- এচিড আৰু ক্ষাৰকৰ মাজত বিক্রিয়া ঘটি পৰস্পৰে পৰস্পৰক প্রশমিত কৰে আৰু ইয়াৰ পৰা লৱণ আৰু পানী উৎপন্ন হয়। এই বিক্ৰিয়াক প্রশমন বিক্রিয়া বোলে।
উদাহৰণ— HCl+NaOH → NaCl+H2O
q. কাৰণ দর্শোৱা—
(i) এলুমিনিয়াম আইৰণতকৈ অধিক সক্ৰিয় যদিও ইয়াৰ ক্ষয়ভৱন আইৰণতকৈ কম।
(ii) অধাতুক এছিডৰ পৰা হাইড্ৰ’জেন অপসাৰিত কৰিব নোৱাৰে।
(iii) হাউড্ৰ’জেন এটা অধাতু তথাপিও ইয়াক ধাতুৰ সক্রিয়তা শ্ৰেণীত ৰখা হৈছে।
উত্তৰঃ- (i) এলুমিনিয়ামক এলুমিনিয়াম অক্সাইডৰ যথেষ্ট শক্তিশালী তৰপৰ আৱৰণ দিয়া হয় যি ধাতুটোৰ ক্ষয়ভৱন ৰোধ কৰে। আইৰণত এনেধৰণৰ তৰপ নথকাৰ বাবে ইয়াক সহজে মামৰ ধৰি ক্ষয় হয়।
(ii) অধাতুবোৰ ইলেকট্রন গ্রাহী। ইহঁতে H+ আয়নেৰে হাইড্ৰ’জেন বনাবলৈ ইলেকট্রন এৰিব নোৱাৰে।
(iii) ধাতুৰ দৰে হাইড্ৰ’জেনে H+ আয়ন গঠন কৰিবলৈ ইলেকট্রন এৰিব পাৰে কাৰণে ইয়াক ধাতুৰ সক্ৰিয়তা শ্ৰেণীত ৰখা হৈছে।
চুণপানী কিয় ক্ষাৰৰ্কীয় হয় ?
উত্তৰঃ- পোৰা চূণ [Ca(OH)2] যেতিয়া পানীত দ্রৱীভূত কৰা হয়, তেতিয়া চূণে জলীয় দ্রৱত হাইড্র’ক্সাইড আয়ন, OH আয়নমুক্ত কৰে। সেই বাবে চূণপানী ক্ষাৰকীয় হয়।
চীনা মাটিৰে তৈয়াৰী এখন থালত 1g ক’পাৰ পাউডাৰ লৈ গৰম কৰা হ’লে- HSLC-2016
(a) ক’পাৰ পাউদাৰখিনিৰ বৰণ কেনে হ’ব?
উত্তৰঃ- ক’পাৰ পাউদাৰখিনিৰ বৰণ ক’লা হ’ব।
(b) ওপৰৰ পৰ্য্যবেক্ষণটোৰ এটা সন্তুলিত সমীকৰণ লিখা।
উত্তৰঃ- প্ৰদত্ত পৰ্য্যবেক্ষণৰ ৰাসায়নিক সমীকৰণ হ’ল—
2Cu + O2 তাপ→ 2CuO
ৰেডক্স বিক্ৰিয়া কি? উদাহৰণ দিয়া
উত্তৰঃ- যি বিক্ৰিয়াৰ জাৰণ আৰু বিজাৰণ একেলগে সংঘটিত হয় তাকে ৰেডক্স বিক্রিয়া বোলে। যেনে— MnO2+4HC1 → MaCl2 +Cl+2H2O
তলৰ উক্তিসমূহ ৰাসায়নিক সমীকৰণৰ ৰূপত লিখা আৰু সন্তুলন কৰা।
(1) হাইড্র’জেন গেছে নাইট্ৰ’জেনেৰে লগহৈ এমনিয়া প্ৰস্তুত কৰে।
(2) পটেছিয়াম ধাতুৱে পানীৰ সৈতে বিক্ৰিয়া কৰি পটেছিয়াম হাইড্র’ক্সাইড আৰু হাইড্ৰ’জেন গেছ উৎপন্ন কৰে।
উত্তৰঃ- (1) 3H3(g)+N2 (g) → 2NH3 (g)
(2) 2K(s)+ 2H2O(l) → 2KOH+H2(g)
তলৰ বিক্ৰিয়া কেইটাত জাতি আৰু বিজাৰিত হোৱা পদাৰ্থসমূহ বাছি উলিওৱা।
(1) 4Na(s)+O2 (g) → 2Na2 O(s)
(2) CuO (s) +H2(g) → Cu (s) +H2 O (1) HSLC-2020
উত্তৰঃ- (1) এই বিক্ৰিয়াত Na জাৰিত হৈছে।
(2) এই টো বিক্ৰিয়াত CuO বিজাৰিত আৰু H2 জাৰিত হৈছে।
q. তলৰ বিক্ৰিয়াটোৰ বাবে উক্তিসমূহৰ কোনকেইটা অশুদ্ধ?
2Pb0(s)+C(s) → 2Pb(s)+CO2(g)
(a) লেড বিজাৰিত হৈছে। (b) কার্বন-ডাই-অক্সাইড জাৰিত হৈছে। (c) কাৰ্বন জাৰিত হৈছে। (d) লেড অক্সাইড বিজাৰিত হৈছে।
(i) (a) আৰু (b) (ii) (a) আৰু (c) (ii) (a), (b) আৰু (c) (iv) সকলো
উত্তৰঃ- অশুদ্ধ উক্তিবোৰ হ’ল— (1) (a) আৰু (b)
q. Fe2 O3 + 2A1 → Al2 O3 +2Fe HSLC-2018
ওপৰৰ বিক্ৰিয়াটো এটা উদাহৰণ- HSLC-2016
(a) এটা সংযোজন বিক্ৰিয়াৰ
(b) এটা দ্বি-অপসাৰ বিক্ৰিয়াৰ
(c) এটা বিযোজন বিক্ৰিয়াৰ
(d) এটা অপসাৰণ বিক্ৰিয়াৰ
উত্তৰঃ- (d) এটা অপসাৰণ বিক্রিয়া।
Q. কি ঘটে যেতিয়া লঘু হাইড্ৰ’ক্ল’ৰিক এচিড লোৰ গুড়িত যোগ কৰা হয়? শুদ্ধ উত্তৰটোত টিক চিন দিয়া। HSLC-2017
(a) হাইড্ৰ’জেন গেছ আৰু আইৰণ ক্ল’ৰাইড উৎপন্ন হয়।
(b) ক্ল’ৰিণ গেছ আৰু আইৰণ ক্ল’ৰাইড উৎপন্ন হয়।
(c) বিক্রিয়া নঘটে।
(d) আইৰণ, লৱণ আৰু পানী উৎপন্ন হয়।
উত্তৰঃ- (a) হাইড্ৰ’জেন গেছ আৰু আইৰণ ক্ল’ৰাইড উৎপন্ন হয়।
Q. এখন চীনামাটিৰ থালত 2g ছিলভাৰ ক্ল’ৰাইড লোৱা আৰু ইয়াক সূৰ্য্যৰ পোহৰত ৰাখা। HSLC-2015
(a) কিছু সময় পিছত ছিলভাৰ ক্ল’ৰাইডৰ ৰঙ কি হ’ব?
(b) কি প্ৰকাৰৰ বিক্রিয়া সংঘটিত হ’ব?
(c) ওপৰৰ পৰ্যবেক্ষণৰ ৰাসায়নিক বিক্ৰিয়াটো লিখা।
উত্তৰঃ- (a) কিছু সময় পিছত ছিলভাৰ ক্ল’ৰাইডৰ ৰঙ মটীয়া হ’ব।
(b) ইয়াত বিয়োজন বিক্রিয়া সংঘটিত হ’ব।
(c) 2 AgCl(s) light→ 2Ag (s) + Cl2 (g)
Leave a comment