এচিড, ক্ষাৰক আৰু লৱণ
Acids, Bases and Salts
Q. এটা ধাতৱ যৌগ A লঘু হাইড্ৰ’ক্ল’ৰিক এছিডৰ সৈতে বিক্ৰিয়া কৰি বুৰবুৰণি সৃষ্টি কৰে। উৎপন্ন হোৱা গেছটোৱে এডাল জ্বলি থকা ম’ম নুমুৱায়। HSLC-2019
(a) জ্বলি থকা ম’ম নুমুওৱা গেছটোৰ নাম লিখা। (b) বিক্ৰিয়াটোত উৎপন্ন হোৱা এটা যৌগ কেলছিয়াম ক্ল’ৰাই ড হ’লে বিক্ৰিয়াটোৰ বাবে সন্তুলিত সমীকৰণটো লিখা।
উঃ কার্বন-ডাই-অক্সাইড (CO)
(a) জ্বলি থকা ম’ম নুমুওৱা গেছটোৰ নাম
| হৈছে— CaCO3+2HCl → CaCl+H,O+CO, (b) বিক্ৰিয়াটোৰ বাবে সন্তুলিত সমীকৰণটো
Q. অম্ল আৰু ক্ষাৰক বুলিলে কি বুজা? HSLC-2013
উত্তৰঃ- যিবোৰ পদাৰ্থই জলীয় দ্রৱত আয়নিত হৈ হাইড্ৰ’জেন আয়ন, H+ আয়ন মুক্ত কৰে সেইবোৰকে এছিড বা অম্ল বুলি কোৱা হয়।
যিবোৰ পদাৰ্থই জলীয় দ্রৱত আয়নিত হৈ হাইড্র’ক্সাইড আয়ন, OH আয়ন মুক্ত কৰে সেই পদাৰ্থবোৰকে ক্ষাৰক বোলে।
এছিডৰ তিনিটা ধর্ম লিখা।
উত্তৰঃ- এছিডে নীলা লিটমাছৰ ৰং ৰঙা কৰে।
(১) এছিডৰ সোৱাদ টেঙা।
(ii) এছিডৰ জলীয় দ্রৱই বিদ্যুৎ পৰিবহন কৰিব পাৰে।
Q ক্ষাৰৰ তিনিটা ধর্ম লিখা। HSLC-2013
উত্তৰঃ- (i) ক্ষাৰকৰ সোৱাদ তিতা।
(ii) ক্ষাৰকবোৰ চুলে পিছল লাগে।
(iii) ক্ষাৰকে ৰঙা লিটমাছৰ বৰণ নীলা কৰে।
Q. অম্ল আৰু ক্ষাৰকৰ এটা সাদৃশ্য লিখা।
উত্তৰঃ- দুয়োটা পদার্থ বিদ্যুৎ বিশ্লেষ্য।
Q. ব্রাইন কাক বোলে? এই ব্ৰাইনৰ মাজেৰে বিদ্যুৎ প্রবাহিত কৰিলে কি পদার্থ উৎপন্ন হয়। ওপৰৰ বিক্ৰিয়াটোৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণটো লিখা৷ HSLC-2020
উত্তৰঃ- ছডিয়াম ক্ল’ৰাইডৰ জলীয় দ্রৱক ব্রাইন বোলে।
ইয়াৰ মাজেৰে বিদ্যুৎ পঠালে ছডিয়াম হাইড্র’ক্সাইড উৎপন্ন হয়।
2NaCl +2H2 O → 2NaOH+Cl2+H2
q. তোমাক তিনিটা পৰীক্ষা নল দিয়া হৈছে। সিহঁতৰ এটাত পাতিত পানী আৰু দুটাত ক্ৰমে এটা এচিড দ্ৰৱ আৰু এটা ক্ষাৰকীয় দ্ৰৱ আছে। যদি তোমাক কেৱল ৰঙা লিটমাছ কাগজ দিয়া হয়, তেন্তে প্ৰতিটো পৰীক্ষা নলত থকা দ্রৱসমূহ কিদৰে চিনাক্ত কৰিবা? HSLC-2019
উত্তৰঃ- পৰীক্ষা নল তিনিটাত ক্ৰমে পাতিত পানী, আম্লিক দ্ৰৱ আৰু ক্ষাৰকীয় দ্ৰৱ আছে। এখন ৰঙা লিটমাছ কাগজ ব্যৱহাৰ কৰি দ্ৰৱবোৰ চিনাক্ত কৰিব লাগে। প্ৰথমতে পৰীক্ষা নলবোৰত থকা দ্ৰৱত ৰঙা লিটমাছ কাগজ দিয়া হ’ল। যিটো পৰীক্ষা নলত ৰঙা লিটমাছখন নীলা হয় সেই দ্রৱটো ক্ষাৰকীয় হ’ব। এতিয়া দ্বিতীয় নলত আকৌ এই (ৰঙাৰ পৰা নীলা হোৱা) নীলা লিটমাছখন দিয়াত যদি কাগজখন ৰঙা হয়, তেতিয়া সেই নলৰ দ্রৱটো হ’ব আম্লিক আৰু যদিহে লিটমাছ কাগজৰ বৰণৰ কোনো পৰিৱৰ্তন নহয় তেতিয়া সেই নলত পানী থকা বুজাব। আৰু তৃতীয় নলত যদি নীলা লিটমাছখন ৰঙা হয় তেন্তে তাৰ দ্ৰৱ আম্লিক হ’ব।
Q. তোমাক পতিত পানী, এছিড দ্ৰব আৰু ক্ষাৰকীয় দ্রব থকা ক্রমে A,B,C তিনিটা পৰীক্ষা ন’ল দিয়া হৈছে। যদি তোমাক কেৱল নীলা লিটমাছ কাগজ দিয়া হয় তেন্তে তুমি কেনেকৈ পৰীক্ষা নলত থকা দ্রৱসমূহ চিনাক্ত কৰিবা?
উত্তৰঃ- নীলা লিটমাছ কাগজ তিনিওটা পৰীক্ষা ন’লত দিয়া হ’ল। ইয়াৰ যিটো পৰীক্ষা নলত নীলা লিটমাছখন ৰঙা হ’ল সেই দ্রৱখিনি আম্লিক হয়। এতিয়া সেই ৰঙা লিটমাছ বাকী দুটা পৰীক্ষা নলত ডুবাই দিয়াত যিটো পৰীক্ষা নলত লিটমাছখন পুনৰ নীলা হয় সেই দ্রৱখিনি ক্ষাৰকীয় হ’ব বাকী থকা A পৰীক্ষা নলত পতিত পানী থকা বুলি চিনাক্ত কৰা হ’ব।
q. দৈ আৰু টেঙা খাদ্যবস্তু পিতলৰ আৰু তামৰ পাত্ৰত থোৱা নহয় কিয় ?
উত্তৰঃ- দৈ আৰু টেঙাবস্তুত এচিড থাকে। পিতল আৰু তাম হৈছে ধাতু। এচিডে ধাতুৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু হাইড্ৰ’জেন গেছ তৈয়াৰ কৰে যাৰ বাবে ধাতুৰ ক্ষয় হয়। দৈ বা টেঙাবস্তু ধাতুৰ পাত্ৰত থ’লে ক্ষয় যায় আৰু ইয়াত উৎপাদিত যৌগ বিষাক্ত হয়। সেয়েহে দৈ বা টেঙাবস্তু পিতল বা তামৰ পাত্ৰত থোৱা নহয়।
এছিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে কোনটো গেছ নির্গত হয়? এটা উদাহৰণেৰে সৈতে বুজাই লিখা। এই গেছটোৰ উপস্থিতি কিদৰে পৰীক্ষা কৰিবা?HSLC-2019
উত্তৰঃ- এছিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে হাইড্ৰ’জেন গেছ নির্গত হয়। উদাহৰণস্বৰূপে হাইড্ৰ’ক্লৰিক এছিডে ছডিয়াম ধাতুৰ সৈতে বিক্ৰিয়া কৰি ছডিয়াম ক্ল’ৰাইড লৱণ আৰু হাইড্ৰ’জেন গেছ উৎপন্ন কৰে।
2Na (s) + 2HCl(aq) → 2NaCl(aq)+H2(g)
উৎপন্ন হোৱা গেছটো এটা পৰীক্ষানলত সংগ্ৰহ কৰি জ্বলি থকা ম’মবাতি এডালৰ ওচৰলৈ আনিলে আমি ফট্ ফট্ শব্দ কৰি গেছটো জ্বলি উঠা দেখা পাম। আমি জানো যে হাইড্ৰ’জেন গেছ জুইত ফট্ ফট্ শব্দ কৰি জ্বলে। ইয়ে প্ৰমাণ কৰে যে নিৰ্গত হোৱা গেছটো হাইড্ৰ’জেন।
q. জলীয় দ্রৱত HCI, HNO3 ইত্যাদিয়ে কিয় আম্লিক ধৰ্ম দেখুৱায়, কিন্তু এলক’হল আৰু গ্লুক’জৰ দৰে যৌগৰ দ্রৱই আম্লিক ধর্ম নেদেখুৱায় কিয়?
উত্তৰঃ- HCI, HNO3 আদি এচিডবোৰৰ জলীয় দ্রৱত H+ আয়ন থাকে কিন্তু এলক’হল আৰু গ্লুক’জৰ দ্রৱত কোনো H+ আয়ন নাথাকে। সেই বাবে ইহঁতে আম্লিক ধর্ম নেদেখুৱায়।
q. এচিড এটাৰ জলীয় দ্রৱই কিয় বিদ্যুৎ পৰিবহণ কৰে? এচিডৰ দ্রৱ এটা লঘু কৰোতে হাইড্ৰ’নিয়াম আয়ন (H3O+)ৰ গাঢ়তা কিদৰে পৰিৱৰ্তিত হয়?
উত্তৰঃ- যেতিয়া পানীত এচিড মিহলি কৰা হয়, তেতিয়া দ্রৱটো আয়নিত হয় আৰু আয়ন থকাৰ বাবে দ্রৱনৰ মাজেৰে বিদ্যুৎ প্রবাহিত হ’ব পাৰে।
HCI+H2O → CI+H3O+
এচিড দ্ৰৱত পানী মিহলালে এচিডৰ পৰা H আয়ন বর্জিত হয় আৰু গাঢ়তা পৰিৱৰ্তিত হয়।
q. তীব্ৰ অম্ল আৰু মৃদু অম্লৰ মাজত প্ৰভেদ লিখা।
উত্তৰঃ- তীব্ৰ এছিডসমূহৰ জলীয় দ্রৱ সম্পূৰ্ণ ৰূপে আয়নিত হয় কিন্তু মৃদু এছিডৰ জলীয় দ্রৱ সম্পূৰ্ণৰূপে আয়নিত নহয়।
কাপোৰ ধোৱা ছ’ডাৰ পৰা কেনেকৈ বেকিং ছ’ডা পাব পাৰি?
উত্তৰঃ- বেকিং ছ’ডা উত্তপ্ত কৰি কাপোৰ ধোৱা ছ’ডা পাব পাৰি।
2NaHCO3 → Na2CO3+H2O+CO2
NaCO3+10H3O → Na2CO310H2 O
বেকিং ছ’ডা উত্তপ্ত কৰি ছ’ডিয়াম কার্বনেট পাব পাৰি আকৌ ছ’ডিয়াম কার্বনেট পুনঃস্ফটিকৰণ ঘটালে কাপোৰ ধোৱা ছ’ডা পোৱা যায়।
সূচক কি? উদাহৰণ দিয়া। HSLC-2012
উত্তৰঃ- যিবোৰ পদাৰ্থই অম্ল আৰু ক্ষাৰকৰ উপস্থিতিত নিজৰ বৰণ সলনি কৰিব পাৰে তেনেবোৰ পদাৰ্থক সূচক বোলা হয়। যেনে : হালধি, মিথাইল অ’ৰেঞ্জ।
q. এছিডক কিয় ধাতুৰ পাত্ৰত ৰখা নহয়।
উত্তৰঃ- এছিডৰ ক্ষয়কাৰক গুণ আছে আৰু ই ধাতুৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু হাইড্ৰ’জেন গেছ উৎপন্ন কৰে ফলত পাত্ৰটো ক্ষয় যায়।
q. শুকান HCIএ কিয় শুকান লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তন নঘটায়?
উত্তৰঃ- কেৱল জলীয় মাধ্যমতহে HCI এচিডে আয়ন সৃষ্টি কৰিব পাৰে, কিন্তু শুকান মাধ্যমত নোৱাৰে। সেই বাবে শুকান HClএ আম্লিক ধৰ্ম নেদেখুৱায় বাবে লিটমাছৰ ৰঙ সলনি নহয়।
q. এটা পৰীক্ষানলত 3mL মান ছ’ডিয়াম ছালফেট দ্ৰৱ লোৱা। আন এটা পৰীক্ষানলত 3 mL মান বেৰিয়াম ক্ল’ৰাইড দ্ৰৱ লোৱা। দুয়োটা দ্রৱ মিহলোৱা আৰু তলত দিয়াবোৰৰ উত্তৰ লিখা। HSLC-2019
(a) ওপৰৰ পৰীক্ষাটোৰ পৰ্যবেক্ষণ লিখা।
(b) ওপৰৰ পৰ্যবেক্ষণটোৰ ৰাসায়নিক সমীকৰণ লিখা আৰু বিক্ৰিয়াটোৰ প্ৰকাৰ উল্লেখ কৰা।
উত্তৰঃ- (a) ছ’ডিয়াম ছালফেট আৰু বেৰিয়াম ক্লৰাইডৰ মাজত বিক্রিয়া ঘটি (দ্বিঅপসৰণ) বেৰিয়াম ছালফেটৰ অধঃক্ষেপ আৰু ছ’ডিয়াম ক্লাইড উৎপন্ন হ’ব।
(b) পৰ্যবেক্ষণটোৰ ৰাসায়নিক সমীকৰণটো হৈছে— BaCl2 (aq) +Na2 SO4 (aq) → BaSO4 (s) + 2NaCl(aq) এইটো দ্বিঅপসৰণ বিক্রিয়া।
q. এচিড এটা লঘু কৰোঁতে এচিড পানীত যোগ কৰিবলৈ কোৱা হয়, কিন্তু পানী এচিডত যোগ কৰিবলৈ কোৱা নহয় কিয়?
উত্তৰঃ- এচিড আৰু পানী মিশ্ৰণত হোৱা বিক্রিয়া অধিক গৰম হয় আৰু বিস্ফোৰণ ঘটাৰ ভয় থাকে। সেই বাবে এচিড পানীত লাহে লাহে দিয়া হয় যাতে উৎপন্ন হোৱা তাপ পানীয়ে শোষণ কৰিব পাৰে আৰু দুৰ্ঘটনা হোৱাৰ ভয় নাথাকে।
q. ছ’ডিয়াম হাইড্ৰ’ক্সাইডৰ দ্ৰৱ এটাত অধিক ক্ষাৰক দ্রবীভূত কৰিলে হাইড্র’ক্সাইড আয়ন (OH-) ৰ গাঢ়তা কিদৰে পৰিৱৰ্তিত হ’ব?
উত্তৰঃ- যেতিয়া ক্ষাৰক ছ’ডিয়াম হাইড্ৰ’ক্সাইড দ্ৰৱৰ লগত মিশ্রণ কৰা হয়, তেতিয়া OH- আয়নৰ গাঢ়তা বৃদ্ধি পায়।
q. তোমাক এটা দ্ৰৱ A আৰু B দিয়া হ’ল। দ্রৱ Aৰ pH মান 6 আৰু দ্ৰৱ Bৰ pH ৰ মান 8 কোনটো দ্ৰৱত হাইড্ৰ’জেন আয়নৰ গাঢ়তা বেছি হ’ব? কোনটো দ্ৰৱ আম্লিক আৰু কোনটো ক্ষাৰ্কীয়? HSLC-2020, 2017, 2015
উত্তৰঃ- A দ্ৰৱত হাইড্ৰ’জেন আয়নৰ গাঢ়তা বেছি হ’ব।
A দ্ৰৱটো আম্লিক আৰু B দ্ৰৱটো ক্ষাৰকীয়।
দ্ৰৱ এটাৰ প্ৰকৃতিৰ ওপৰত H+(aq) আয়নৰ গাঢ়তাৰ প্ৰভাৱ কি? ক্ষাৰৰ্কীয় দ্ৰৱত H+ (aq) আয়নৰ থাকেনে? যদি থাকে, তেন্তে ইহঁত কিয় ক্ষাৰ্কীয়?
উত্তৰঃ- যি দ্ৰৱত হাইড্ৰ’জেন আয়ন H+ৰ গাঢ়তা বেছি, সেই দ্রৱটোৰ প্রকৃতি আম্লিক হয়।
থাকে, ক্ষাৰকীয় দ্রৱতো H+ আযন থাকে, কিন্তু OH+ আয়নৰ সংখ্যা ইয়াত বেছি থকাত ক্ষাৰকীয় দ্ৰৱৰ প্রকৃতি ক্ষাৰকীয় হয়।
Q. মাটিত কি অৱস্থাত কৃষক এজনে পোৰা চূণ (কেলছিয়াম অক্সাইড) বা শিথিলিত চূণ (কেলছিয়াম হাইড্র’ক্সাইড) বা চক (কেলছিয়াম কার্বনেট) প্রয়োগ কৰিব বুলি তোমালোকে ভাবা?
উত্তৰঃ- শস্যক্ষেত্ৰত এচিডৰ পৰিমাণ বৃদ্ধি পালে কৃষকে শস্যক্ষেত্ৰত CaO বা CaCO3 বা Ca (OH)2 প্রয়োগ কৰে, যাতে এচিডৰ প্রশমন ঘটে।
q. যৌগ CaOCl2 ৰ সাধাৰণ নামটো কি? HSLC-2018
উত্তৰঃ- যৌগ CaOCl2 ৰ সাধাৰণ নাম ব্লিছিং পাউডাৰ।
q. ক্ল’ৰিণৰ সৈতে বিক্ৰিয়া কৰালে ব্লিচিং পাউডাৰ উৎপন্ন কৰা যৌগটোৰ নাম লিখা।
উত্তৰঃ- কেলছিয়াম হাইড্র’ক্সাইডৰ [Ca(OH)2]
Ca(OH)2 +Cl2 → CaOCl2 + H2O
Q. কঠিন পানী কোমল কৰাৰ কাৰণে ব্যৱহাৰ কৰা ছ’ডিয়াম যৌগটোৰ নাম লিখা। HSLC-2016
উত্তৰঃ- ছ’ডিয়াম কার্বনেট (Na2 CO3)। কাপোৰ ধোৱা চ’ডা।
q. ছ’ডিয়াম হাইড্ৰ’জেন কার্বনেটৰ দ্রৱ এটা উত্তপ্ত কৰিলে কি হয়? বিক্ৰিয়াটোৰ সমীকৰণ দিয়া। HSLC-2016
উত্তৰঃ- ছ’ডিয়াম হাইড্ৰ’কাৰ্বনেট গৰম কৰিলে ছ’ডিয়াম কাৰ্বনেট, পানী আৰু কাৰ্বন-ডাই-অক্সাইড পোৱা যায়।
2NaHCO3 → Na2 CO3+H2 O+CO2
Q. প্লাষ্টাৰ অৱ পেৰিছ আৰু পানীৰ মাজৰ বিক্ৰিয়াটো দেখুৱাবলৈ এটা সমীকৰণ লিখা। HSLC-2017
উত্তৰঃ- ৰাসায়নিক সমীকৰটো হ’ল— CaSOHO4+ 1/2H2O → CaSO4,2H2O
(পাষ্টাৰ অৱ পেৰিছ) পানী (জীপছাম)
q. সংঘটিত বিক্ৰিয়াৰ বাবে শব্দ সমীকৰণ আৰু সন্তুলিত সমীকৰণ লিখা, যেতিয়া—
(a) লঘু ছালফিউৰিক এচিডে জিংকৰ গুড়িৰ সৈতে বিক্ৰিয়া কৰে।
(b) লঘু হাইড্ৰ’ক্ল’ৰিক এচিডে মেগনেছিয়াম ফিটাৰ সৈতে বিক্ৰিয়া কৰে।
(c) লঘু ছালফিউৰিক এচিডে এলুমিনিয়াম পাউডাৰৰ সৈতে বিক্ৰিয়া কৰে।
(d) লঘু হাইড্ৰ’ক্ল’ৰিক এচিডে লোৰ গুড়িৰ সৈতে বিক্ৰিয়া কৰে।
(e) জিংকে কপাৰ ছালফেটৰ লগত বিক্ৰিয়া কৰি জিংক ছালফেট আৰু ধাতৱ কপাৰ উৎপন্ন কৰে৷ HSLC-2015
উত্তৰঃ- (a) জিংকৰ + ছালফিউৰিক এচিড → জিংক ছালফেট + হাইড্ৰ’জেন গেছ
Zn(s)+H2 SO4 (aq) → ZnSO4 (aq)+H2(g)
(b) I মেগনেছিয়াম + হাইড্ৰ’ক্ল’ৰিক এচিড → মেগনেছিয়াম ক্ল’ৰাইড + হাইড্ৰ’জেন গেছ
Mg(s)+2HCl(aq) →MgCl2 (aq)+H2 (g)
(c) I এলুমিনিয়াম + ছালফিউৰিক এচিড (aq) → এলুমিনিয়াম ছালফেট + হাইড্ৰ’জেন গেছ
2Al(s) + 3H2 SO4 (aq) → AI2 (SO4)3 (aq) +3H2(g)
(d) I লো + হাইড্ৰ’ক্ল’ৰিক এচিড (aq) → আইৰণ ক্ল’ৰাইড + হাইড্ৰ’জেন
Fe(s) + 2HCl(aq) → FeCl2 (aq)+H2(g)
(e) Zn+ CuSO4 → ZnSO4 + Cu
হাইড্রেটেড কপাৰ ছালফেট আৰু এন হাইড্ৰেৰাছ কপাৰ ছালফেটৰ ৰাসায়নিক সংকেত লিখা। ইহঁতক এটাৰ পৰা আনটোলৈ পৰিবৰ্তিত কৰিব পৰা এটা কাৰ্য-কলাপ লিখা।
উত্তৰঃ-হাইড্রেটেড (জলযুক্ত) কপাৰ ছালফেট —
CuSO4 5H2O, এন হাইড্ৰাইছ কপাৰ ছালফেট- CuSO4
কপাৰ ছালফেটৰ স্ফটিকবোৰত জল থাকে। ইয়াক তাপ দিলে লৱণটো বৰণহীন হৈ পৰে। আকৌ এই বৰণহীন লৱণখিনি পানীৰে তিয়ালে স্ফটিকবোৰৰ নীলা ৰং পুনৰ দেখা যায়।
q. পানীৰ অনুপস্থিতিত এচিডে এচিড ধর্ম প্রদর্শন নকৰে কিয়?
উত্তৰঃ- পানীত দ্রৱীভূত নকৰিলে এচিডে H+ আয়ন এৰি দিব নোৱাৰে বাবে পানীৰ অনুপস্থিতিত এচিডে নিজৰ ধৰ্ম প্ৰদৰ্শন কৰিব নোৱাৰে।
q. পাঁচটা দ্ৰৱ A,B,C,D আৰু Eক সার্বজনীন সূচকেৰে পৰীক্ষা কৰাত PH ৰ মান ক্ৰমে 4, 1, 11, 7 আৰু 9 দেখাইছিল। কোনটো দ্ৰৱ—
(a) প্রশম (b) তীব্র ক্ষাৰৰ্কীয় (c) তীব্র আম্লিক (d) মৃদু আম্লিক (e) মৃদু ক্ষাৰকীয়
হাইড্ৰ’জেন আয়নৰ গাঢ়তাৰ বৰ্ধিত ক্ৰমতা PH
মানবোৰ সজোৱা।
উত্তৰঃ- (a) D (b) C (c) B (d) A (e) E.
হাইড্ৰ’জেন আয়নৰ গাঢ়তা ক্রমিক বৃদ্ধিৰ ওপৰত ভিত্তি কৰি PHৰ মান হ’ব-
11 <9 <7<4 <1
Q. পাতিত পানীয়ে বিদ্যুৎ সৰবৰাহ নকৰে, কিন্তু বৰষুণৰ পানীয়ে কৰে কিয়?
উত্তৰঃ- পাতিত পানী (Distilled water) হ’ল বিশুদ্ধ পানী। এই পানীয়ে আয়ন গঠন নকৰে। কিন্তু বৰষুণৰ পানীত এচিড আৰু নানা ধৰণৰ অশুদ্ধি থাকে আৰু আয়ন মুক্ত কৰে। আয়ন মুক্ত নকৰাৰ কাৰণে পাতিত পানী বিদ্যুৎ অপৰিবাহী। আয়নমুক্ত কৰে বাবে বৰষুণৰ পানীৰ মাজেৰে বিদ্যুৎ প্ৰৱাহিত হয়।
q. কেঁচা গাখীৰৰ pHৰ মান 6 ই দৈত পৰিণত হ’লে pH সলনি হ’বনে? কিয়? এজন গুৱালে কেঁচা গাখীৰত সামান্য পৰিমাণৰ বেকিং ছ’ডা যোগ কৰিলে।
(a) কিয় তেওঁ কেঁচা গাখীৰৰ pHৰ মান 6ৰ পৰা সামান্য ভাৱে ক্ষাৰকীয় কৰি ল’লে?
(b) এই গাখীৰখিনি দৈত পৰিণত হ’বলৈ বেছি সময় লাগে কিয়?
উত্তৰঃ- যেতিয়া গাখীৰ দৈলৈ ৰূপান্তৰিত হয়, তেতিয়া তাত লেকটিক এচিড সৃষ্টি হয় আৰু pH ৰ মান 6ৰ তললৈ আহে।
(a) এজন গুৱালে গাখীৰত সামান্য পৰিমাণৰ বেকিং ছ’ডা মিলোৱাত ই ক্ষাৰকীয় হয় আৰু গাখীৰ বহু সময়ৰ বাবে ভালে থাকে।
(b) গাখীৰ দৈলৈ পৰিণত হোৱাৰ বাবে বেছি সময় লাগে। কাৰণ ক্ষাৰকীয় কৰাৰ বাবে দিয়া বেকিং ছ’ডা গাখীৰত থকা
লেকটিক এচিডৰ লগত বিক্ৰিয়া কৰে। এই এচিড ক্ষাৰৰ দ্বাৰা প্রশমিত হয়। ইয়াৰ পাছত লাহে লাহে আম্লিক হৈ গাখীৰ দৈত পৰিণত হয়।
Q. প্লাষ্টাৰ অব পেৰিছ আৰু পানীৰ মাজৰ বিক্ৰিয়াটো দেখুৱাবলৈ এটা ৰাসায়নিক সমীকৰণ লিখা। HSLC-2017
উত্তৰঃ- প্লাষ্টাৰ অব পেৰিছ আৰু পানীৰ মাজৰ বিক্ৰিয়াটো দেখুৱাবলৈ এটা ৰাসায়নিক সমীকৰণ হ’ল—
CaSO4 1/2 H2 O+ 1 1/2H2 O → CaSO4 2H2O
Q. প্লাষ্টাৰ অব পেৰিছ কি? ইয়াক কেনেদৰে প্ৰস্তুত কৰা হয়? ইয়াৰ এটা গুৰুত্বপূৰ্ণ ব্যৱহাৰ লিখা। HSLC-2015, 2017
উত্তৰঃ- প্লাষ্টাৰ অৱ পেৰিছ হ’ল এবিধ বগা পাউদাৰজাতীয় পদার্থ। ইয়াৰ ৰাসায়নিক নাম কেলছিয়াম ছালফেট হেমিহাইড্রেট (CaSO4 . 1/2 H2O)
জিপছাম (CaSO4 .2H2O) ক 100° C ত উত্তপ্ত কৰি ইয়াক প্ৰস্তুত কৰা হয়।
ৰোগীৰ ভগা হাড় জোৰা দিয়াত প্লাষ্টাৰ অৱ পেৰিছ ব্যৱহাৰ কৰা হয়।
Q. প্রশমন বিক্রিয়া কি? দুটা উদাহৰণ দিয়া HSLC-2019 কাপোৰ ধোৱা ছ’ডা আৰু বেকিং ছ’ডাৰ দুটাকৈ গুৰুত্বপূৰ্ণ ব্যৱহাৰ লিখা।
উত্তৰঃ- প্রশমন বিক্রিয়া : যি বিক্ৰিয়াত এচিড আৰু ক্ষাৰে পৰস্পৰক প্রশমিত কৰে, তাকে প্রশমন বিক্রিয়া বোলে। উদাহৰণ-
(i) NaOH (aq) + HCl (aq) → NaCl(aq)+H2O(I)
(ii) Ca(OH)2(aq) + H2 SO4 (aq) → CaSO +H,O
Q. মচমচীয়া পকৰী বনাবলৈ ব্যৱহাৰ হোৱা লৱণৰ PH হৈছে 14. লৱণটো চিনাক্ত কৰা আৰু ইয়াৰ ৰাসায়নিক সমীকৰণটো লিখা।
উত্তৰঃ- লৱণটো হৈছে বেকিং ছ’ডা।
Q. বেকিং ছ’ড়া আৰু ৱাছিং ছ’ডাৰ ব্যৱহাৰ উল্লেখ কৰা।
উত্তৰঃ- বেকিং ছ’ডাৰ ব্যৱহাৰ-
(i) অম্লনাশক ৰূপে ব্যৱহাৰ হয়।
(ii) অগ্নিনির্বাপক যন্ত্ৰত ব্যৱহাৰ হয়।
ৱাছিং ছ’ডাৰ ব্যৱহাৰ—
(i) গ্লাছ, চাবোন আৰু কাগজ তৈয়াৰ কৰাত ব্যৱহাৰ হয়।
(ii) কঠিন পানী কোমল কৰাত ব্যৱহাৰ হয়।
q. পাকঘৰত মচমচীয়া পকৰি বনাওঁতে ছডিয়ামৰ এটা যৌগ ‘X’ ব্যৱহাৰ কৰে। এই যৌগটো পেটৰ গেছ আঁতৰাবলৈ অম্লনাশক হিচাপে ব্যৱহাৰ কৰা হয়।
(i) যৌগটো চিনাক্ত কৰা আৰু ইয়াৰ ৰাসায়নিক সংকেত লিখা।
(ii) খাদ্য তৈয়াৰ কৰাৰ সময়ত যৌগটো উত্তাপিত কৰিলে হোৱা ৰাসায়নিক বিক্ৰিয়াটো লিখা।
উত্তৰঃ- (i) যৌগটো হৈছে বেকিং ছ’ডা (NaHCO3)
(ii) 2NaHCO3 → Na2CO3 +H2 OH + CO2
অম্ল আৰু ক্ষাৰকৰ এটাকৈ ধৰ্ম উল্লেখ কৰা।
উত্তৰঃ- অম্লৰ ধৰ্ম : (i) নীলা লিটমাছ কাগজ ৰঙা কৰে আৰু ইয়াৰ সোৱাদ টেঙা।
ক্ষাৰকৰ ধৰ্ম : (i) ক্ষাৰকৰ সোৱাদ তিতা আৰু চুলে চাবোনৰ দৰে লাগে।
q. অম্লনাশক কি? অম্ল আৰু ক্ষাৰকৰ দুটা পার্থক্য লিখা।
উত্তৰঃ- অম্লনাশক হ’ল অতিৰিক্ত অম্লৰ প্ৰভাৱ নাইকিয়া কৰা দ্রব্য। যেনে— মেগনেছিয়াম দুগ্ধ।
অম্ল আৰু ক্ষাৰকৰ দুটা পার্থক্য হ’ল—
ক্ষাৰক
তাল
(i) অম্লৰ সোৱাদ টেঙা। আনহাতে ক্ষাৰকৰ সোৱাদ তিতা।
(ii) অম্লই নীলা লিটমাছ ৰঙা কৰে। ক্ষাৰকে ৰঙা লিটমাছ নীলা কৰে।
লিটমাছ দ্ৰৱৰ উৎসটোৰ নাম কি? এই দ্রৱৰ ব্যৱহাৰ কি? পাতিত পানী আম্লিক, ক্ষাৰকীয় নে প্ৰশম? কেনেকৈ?
উত্তৰঃ- লিটমাছ দ্ৰৱৰ উৎস হ’ল ছত্রাক শৈবাল। কোনো এটা দ্ৰৱ অম্ল, ক্ষাৰক নে লৱণ পৰীক্ষাৰ কাৰণে লিটমাছ দ্রৱসূচক হিচাপে ব্যৱহাৰ কৰা হয়।
পাতিত পানীত ৰঙা আৰু নীলা লিটমাছ কাগজ ডুবালে লিটমাছৰ ৰঙৰ কোনো পৰিৱৰ্তন নহয়। ইয়াৰ পৰা প্রমাণ হয় যে পাতিত পানী প্রশম।
Q. বেকিং ছ’ডাৰ ৰাসায়নিক নাম কি? ইয়াক কেনেদৰে প্ৰস্তুত কৰা হয়? ৰাসায়নিক সমীকৰণ লিখা।
উত্তৰঃ- বেকিং ছ’ডাৰ ৰাসায়নিক নাম- ছডিয়াম হাইড্রজেন কার্বনেট।
ছ’ডিয়াম ক্লৰাইডক এবিধ অন্যতম কেঁচা সামগ্ৰীৰূপে ব্যৱহাৰ কৰি ইয়াক প্ৰস্তুত কৰা হয়।
ৰাসায়নিক সমীকৰণটো-
NaCl+H2O+CO2+NH3 → NH4Cl + NaHCO3
(এম’নিয়াম ক্লাইড) (ছ’ডিয়াম হাইড্রাকার্বনেট)
q. ব্লিচিং পাউদাৰ প্ৰস্তুতিত ঘটা বিক্ৰিয়াৰ সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা। ব্লিচিং পাউদাৰৰ দুটা ব্যৱহাৰ লিখা। HSLC-2016
উত্তৰঃ- সমীকৰণটো হৈছে-
Ca (OH)2 + Cl2 → CaOCI2 + H2O
ব্লিচিং পাউদাৰৰ দুটা ব্যৱহাৰ হৈছে—
(i) অনেক ৰাসায়নিক উদ্যোগত জাৰক পদাৰ্থ হিচাপে
(ii) খোৱা পানী বীজাণুমুক্ত কৰিবলৈ।
Q. pH কি ? HSLC-2015
উত্তৰঃ- pH হ’ল এছিড আৰু ক্ষাৰৰ গাঢ়তা জোখা স্কেল।
Q. এটা প্ৰশম দ্ৰৱৰ pHৰ মান কিমান?
উত্তৰঃ- প্ৰশম দ্ৰৱৰ pH মান 7
Q. নীলা আৰু ৰঙা লিটমাছ কাগজেৰে চাবোন পৰীক্ষা কৰিলে কি দেখিবা?
উত্তৰঃ- চাবোন ক্ষাৰকীয় ধর্ম বিশিষ্ট। সেই কাৰণে ই ৰঙা লিটমাছ দ্রৱক নীলা কৰে। কিন্তু নীলা লিটমাছ কাগজৰ বৰণ সলনি নকৰে।
শুদ্ধ উত্তৰটো বাছি উলিওৱা :
q. এটা দ্ৰৱই গুড়ি কৰি লোৱা কণীৰ খোলাৰে সৈতে বিক্ৰিয়া কৰি এটা গেছ উৎপন্ন কৰে। গেছটোৱে চূণপানী ঘোলা কৰে। দ্রৱটোত থাকে— HSLC-2019, 2015
(a) NaCl
(b) HCl
(c) LiCl
(d) KCl
উত্তৰঃ- (b) HCl
q. অজীৰ্ণতাৰ চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয়?
HSLC-2017
(a) এণ্টিবায়টিক
(b) বেদনানাশক (analgesic)
(c) অম্লনাশক
(d) বীজাণুবাক (antiseptic)
উত্তৰঃ- (c) অম্লনাশক।
Q. NaOH দ্রৱ এটাৰ 10ml এ HCl দ্ৰৱ এটাৰ 8ml সম্পূৰ্ণৰূপে প্রশমিত কৰে। যদি আমি একেটা NaOH দ্ৰৱৰ 20ml লওঁ তেন্তে এই খিনি প্রশমিত কৰিবলৈ লগা একে HCl দ্ৰৱৰ পৰিমাণ হ’ব- HSLC- 2020
(a) 4ml
(b) 18ml
(c) 12ml
(d) 16ml
উত্তৰঃ- (b) 16ml
Q. তোমাক A, B, C, D, চাৰিটা দ্ৰৱ দিয়া হ’ল। দ্ৰৱ চাৰিটাৰ pH যথাক্রমে 5,6 11, 12 কোনকেইটা দ্ৰৱ আম্লিক আৰু কোনকেইটা ক্ষাৰকীয়? কোনটো দ্ৰৱৰ হাইড্ৰ’জেন আয়নৰ গাঢ়তা ৰেছি?
উত্তৰঃ- pH-ৰ মান 7তকৈ কম হ’লে দ্রৱটো আম্লিক। গতিকে pH5 আৰু pH6 দ্ৰৱ দুটা আম্লিক।
pH ৰ মান 7তকৈ বেছি হ’লে দ্রৱটো ক্ষাৰকীয়। গতিকে pH11 আৰু pH12 দ্ৰৱ দুটা ক্ষাৰকীয়। pH5 ৰ হাইড্ৰজেন আয়নৰ গাঢ়তা বেছি।
Leave a comment