মানুহৰ দেহাতে । Manuhor dehate
1. মানুহৰ দেহাতে জীৱই কলেমলাই
খাবলৈ খুদকণ নাই
মানুহৰ ভোগতে ভোগ পৰমানত
খুদকণ কমিলেই দায়।
হেৰা ভোগেশ্বৰ ভোগমন ভোগাই
ভোগতে গৈছা বুৰ
শুনা কাণপাতি জীৱৰ চিঞৰ
কলমলনিৰ সুৰ।
পেটৰ অগনিয়ে সৱাকো দংশিব
জীৱৰ সৰু-বৰ নাই,
মানুহে মানুহক মোৰ নুবুলিলো
মানুহে মানুহৰ খায়।
2. তেওঁ মেলানি মাগিলে আজি । Teo melani magile aaji
তেওঁ মেলানি মাগিলে আজি মিলন মেলাত
দুদিনীয়া উছৱৰ বিয়লি বেলাত।
ফুলতী মালতী পাহি মোলান পৰিলে,
অপৰাজিতাৰ মালা জঁয় পৰি গ’ল;
পদুমৰ পৰিমল পৱনে হৰিলে,
শুকাই মৰহি মাথোঁ পাহি পৰি ৰ’ল।
উৰুঙা ৰভাৰ তল নীৰৱে পুলকি,
সমীৰত উকি গ’ল গোলাপৰ বাচ,
দুজনৰ বাহুবান্ধ পৰিলে সুলকি
চুমা পৰশৰ মাথোঁ ৰৈ গ’ল সাঁচ।
দুদিনীয়া উছৱৰ বিয়লি বেলাত।
ফুলতী মালতী পাহি মোলান পৰিলে,
অপৰাজিতাৰ মালা জঁয় পৰি গ’ল;
পদুমৰ পৰিমল পৱনে হৰিলে,
শুকাই মৰহি মাথোঁ পাহি পৰি ৰ’ল।
উৰুঙা ৰভাৰ তল নীৰৱে পুলকি,
সমীৰত উকি গ’ল গোলাপৰ বাচ,
দুজনৰ বাহুবান্ধ পৰিলে সুলকি
চুমা পৰশৰ মাথোঁ ৰৈ গ’ল সাঁচ।
3. তেওঁ মেলানি মাগিলে আজি । Teo melani magile aaji
তেওঁ মেলানি মাগিলে আজি মিলন মেলাত
দুদিনীয়া উছৱৰ বিয়লি বেলাত।
ফুলতী মালতী পাহি মোলান পৰিলে,
অপৰাজিতাৰ মালা জঁয় পৰি গ’ল;
পদুমৰ পৰিমল পৱনে হৰিলে,
শুকাই মৰহি মাথোঁ পাহি পৰি ৰ’ল।
উৰুঙা ৰভাৰ তল নীৰৱে পুলকি,
সমীৰত উকি গ’ল গোলাপৰ বাচ,
দুজনৰ বাহুবান্ধ পৰিলে সুলকি
চুমা পৰশৰ মাথোঁ ৰৈ গ’ল সাঁচ।
দুদিনীয়া উছৱৰ বিয়লি বেলাত।
ফুলতী মালতী পাহি মোলান পৰিলে,
অপৰাজিতাৰ মালা জঁয় পৰি গ’ল;
পদুমৰ পৰিমল পৱনে হৰিলে,
শুকাই মৰহি মাথোঁ পাহি পৰি ৰ’ল।
উৰুঙা ৰভাৰ তল নীৰৱে পুলকি,
সমীৰত উকি গ’ল গোলাপৰ বাচ,
দুজনৰ বাহুবান্ধ পৰিলে সুলকি
চুমা পৰশৰ মাথোঁ ৰৈ গ’ল সাঁচ।
4. আপোন হাতে ঘৰ ভাঙিলি । Apon hate ghar bhangili
আপোনা হাতে ঘৰ ভাঙিলি
অ’ অঘৰী!
আৰুনো তই কিহৰ আশাত
ফুৰিছ ঘূৰি!
নিজৰ ভেঁটি
কাকনো বেচি
কৰিলি ধনী?
হেৰাই হাতৰ সোণ, বিচাৰ
পৰশমণি?
সংসাৰৰ এই জুৱা খেলত
চাই ভেলেকী
ভগা জীৱন আগত লৈ
মাৰ টিলিকি?
অ’ অঘৰী!
আৰুনো তই কিহৰ আশাত
ফুৰিছ ঘূৰি!
নিজৰ ভেঁটি
কাকনো বেচি
কৰিলি ধনী?
হেৰাই হাতৰ সোণ, বিচাৰ
পৰশমণি?
সংসাৰৰ এই জুৱা খেলত
চাই ভেলেকী
ভগা জীৱন আগত লৈ
মাৰ টিলিকি?

Leave a comment